‘মাতৃদেৱো ভৱ’ সামাজিক সংস্কাৰেৰে স্ৰজিত ভাৰতবৰ্ষত বৈদিক যুগৰে পৰা মহিলাৰ লেখত ল’বলগীয়া সামাজিক মৰ্য্যাদা আছিল। বৈদিক যুগৰ পুৰুষ আৰু মহিলাৰ সম অধিকাৰৰ কথা ঋকবেদ, উপনিষদ আদিত উল্লেখ পোৱা যায় আৰু মহিলা উপাসক গাৰ্গী, মৈত্ৰেয়ী আদিৰ কাৰ্য্যলিপিয়েই ইয়াৰ উদাহৰণস্বৰূপ। তদুপৰি সমসাময়িক পতঞ্জলি আৰু কাত্যায়নীৰ ব্যাখ্যায়ে প্ৰমাণ কৰে যে সেই কালৰ মহিলাসকল শিক্ষাৰ দিশতো পিছপৰা নাছিল।
মুখ্য ধৰ্মা: স্মৃতিষু বিহিত
ভ্ৰাত্ৰ সুস্ৰুচ নামহি
এইবোৰ শ্লোকৰ পৰাও জ্ঞাত হয় যে সেই সময়ৰ মহিলাসকলে গিৰীয়েকৰ কৰ্মত সম্পূৰ্ণৰূপে সহযোগ কৰিছিল। কিন্তু খ্ৰীষ্টপূৰ্ব ৫০০ ৰ পৰা ভাৰতবৰ্ষত মহিলাৰ সামাজিক মৰ্য্যাদা ক্ৰমশ: হ্ৰাস পাবলৈ ধৰিছিল। সম্ৰাট বাবৰৰ আক্ৰমণে আৰু খ্ৰীষ্টান ধৰ্মাবলম্বনে মহিলাৰ স্বাধীনতা আৰু সামাজিক মৰ্য্যাদা হানি কৰিছিল। পৰ্দাপ্ৰথা, বাল্যবিবাহ, সতীপ্ৰথা, বিধবাৰ পুন: বিবাহ ৰোধ, বহুগামিতা, মহিলাৰ শিক্ষা সীমিতকৰণ, মহিলাক কোনো উত্সৱত ভাগ ল’বলৈ নিদিয়া, বিবাহৰ বাবে ছোৱালী বিক্ৰী আদিৰ দৰে কাৰ্য্যই মহিলাৰ সামাজিক অৱস্থিতিক অতিকে নিকৃষ্ট কৰি তুলিছিল। কালক্ৰমে বৃটিছ শাসনকালত মহিলাৰ সামাজিক মৰ্য্যাদাৰ যথেষ্ট উন্নতি সাধন হয়। তদুপৰি স্বাধীনোত্তৰ কালত মহিলাৰ সুৰক্ষা তথা অধিকাৰৰ বাবে বহুসংখ্যক আইনৰো সৃষ্টি হয়। মহিলাৰ সামাজিক তথা আইনগত অধিকাৰৰ ওপৰত দৃষ্টি ৰাখি ৰাষ্ট্ৰসংঘই আৰু বিশ্ব মানৱাধিকাৰ ঘোষণাৰ দ্বাৰা মহিলাৰ বাবে তলত উল্লেখ কৰা অধিকাৰবোৰৰ স্বীকৃতি দিয়ে।
১. ভোটাধিকাৰ আৰু চৰকাৰী সকলো পৰ্য্যায়ৰ কাৰ্য্যালয়তে কৰ্মৰ সম অধিকাৰ।
২. আন্ত:ৰাষ্ট্ৰীয় স্তৰত সকলোবোৰ সংগঠনতে অংশগ্ৰহণৰ অধিকাৰ।
৩. জাতীয়তা(Nationality) গ্ৰহণ অথবা পৰিৱৰ্তনৰ অধিকাৰ।
৪. শিক্ষাৰ সম অধিকাৰ।
৫. নিযুক্তিৰ সম অধিকাৰ, বৃত্তি নিৰ্বাচন, দৰমহা তথা সামাজিক সুৰক্ষাৰ অধিকাৰ।
৬. আইনৰ দৃষ্টিত সম অধিকাৰ।
৭. বাসগৃহ নিৰ্ধাৰণ তথা চলাচলৰ স্বাধীনতাৰ অধিকাৰ।
৮. বিবাহ আৰু ঘৰুৱা সম্বন্ধৰ ক্ষেত্ৰত পুৰুষৰ সৈতে সমান অধিকাৰ।
৯. শিশু অধিগ্ৰহণ(Adoption) আৰু অভিভাৱকতাৰ (Gurdianship)ৰ ক্ষেত্ৰত সমান অধিকাৰ।
১০. সম্পত্তিৰ অধিকাৰৰ সমানতা ইত্যাদি।
ভাৰতীয় সংবিধানৰ বিভিন্ন অনুচ্ছেদত যদিও বহু ধৰণৰ পুৰুষ-মহিলাৰ সমাধিকাৰৰ বিষয়ে পোৱা যায়, তথাপি অপৰাধমূলক কাৰ্য্যকলাপৰ বাবে এই সমানতাৰ ব্যৱহাৰিক সাৰ্থকতা কমকৈ দেখা যায়। অপৰাধমূলক কাৰ্য্যকলাপৰ প্ৰতি সজাগতাই মহিলাৰ সুৰক্ষা আৰু সামাজিক মৰ্য্যাদাৰ উন্নতি সাধিব পাৰে। আইনৰ পৰিসৰত এই অপৰাধমূলক কাৰ্য্যকলাপৰ বাবে বিহিত ব্যৱস্থাৰ বিষয়ে জানিবলৈ তলত উল্লেখ কৰা বিষয়বোৰ জনাৰ দৰ্কাৰ।
১৯৮৩ চনৰ অপৰাধ আইনৰ সংশোধনৰ দ্বাৰা ধাৰা ৪৯৩ (ক) ভাৰতীয় দণ্ডবিধি আইনৰ অন্তৰ্ভুক্ত কৰা হৈছিল। এই ধাৰামতে মহিলাৰ ওপৰত গিৰীয়েক বা গিৰীয়েকৰ সম্পৰ্কীয় মানুহে যদি নিষ্ঠুৰ ব্যৱহাৰ কৰে তেন্তে তিনি বছৰ পৰ্য্যন্ত কাৰাদণ্ডৰ বিধান আছে। আইনমতে নিষ্ঠুৰতা মানে হ’ল কোনো মহিলাৰ ওপৰত কৰা আচৰণ যিয়ে মহিলাগৰাকীক আত্মহত্যা কৰিবলৈ বাধ্য কৰায়, শাৰীৰিক আঘাত, জীৱনৰ প্ৰতি ভাবুকি অথবা শাৰীৰিক বা মানসিক স্বাস্থ্যৰ ক্ষতি ইত্যাদি। তদুপৰি গিৰীয়েকৰ পৰিয়ালৰ কোনো সদস্যই যৌতুক বিচাৰিলে, নিদিয়াৰ বাবে মহিলাৰ ওপৰত কৰা নিৰ্য্যাতনকো এই ধাৰাৰ অন্তৰ্ভুক্ত কৰা হৈছে।
যৌন নিৰ্য্যাতনক ন্যায়ালয়ে মৌলিক অধিকাৰৰ খণ্ডন বুলি আখ্যা দিছে। যৌন নিৰ্য্যাতন মানে হ’ল অনিচ্ছাসত্বেও শাৰীৰিক সম্পৰ্ক, যৌনতাৰ আগ্ৰহ দেখুওৱা, যৌনতাৰ আভাস থকা মতামত, পৰ্ণগ্ৰাফি দেখুওৱা আৰু যৌনতা থকা মৌখিক বা অমৌখিক আচৰণ আদি। উচ্চতম ন্যায়ালয়ে কোনো কাৰ্য্যালয়ৰ মুৰব্বী অথবা চাকৰিয়ালৰ নিযুক্তিদাতাৰ ওপৰত কাৰ্য্যস্থলীৰ যৌন নিৰ্য্যাতনৰ প্ৰতিৰোধ তথা এই বিষয়ৰ সকলোবোৰ কাৰ্য্যৰ বাবে উত্তৰদায়ী কৰি থৈছে।
২০০৩ চনত ভাৰতীয় খ্ৰীষ্টিয়ান সমাজকল্যাণ আৰু অন্যান্য বনাম মহাৰাষ্ট্ৰ ৰাজ্যৰ মোকৰ্দমাত উচ্চতম ন্যায়ালয়ে অনুমোদন দিছিল যে পুলিচে মহিলা অপৰাধীক কোনো মহিলা পুলিচৰ সহায় অবিহনে ৰাতি বা দিনৰ যিকোনো সময়তে কৰায়ত্ত কৰিব পাৰে । কিন্তু পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি পুলিচৰ দুৰ্ব্যৱহাৰৰ পৰা ৰক্ষা কৰিবলৈ মহিলা পুলিচ এগৰাকী উপস্থিত থকাটো উচিত। যদি ই সম্ভৱ নহয় আৰু গ্ৰেপ্তাৰ অতি প্ৰয়োজনীয় তেন্তে পুৰুষ পুলিচে গ্ৰেপ্তাৰ কৰাৰ আগতে অথবা তাত্ক্ষণিকভাৱে ইয়াৰ কাৰণ লিখিত ৰূপত লিপিবদ্ধ কৰিব লাগে।
নাৰীৰ সম অধিকাৰৰ উপৰিও আইনৰ এই ধৰণৰ বিশেষ সুবিধাবোৰ অপ-প্ৰয়োগ নকৰি যদি সত্ উপায়েৰে সকলোৱে অনুকৰণ কৰে তেন্তে নিশ্চয়কৈ মহিলাৰ সামাজিক মৰ্য্যাদা বৃদ্ধি পাব। যদিও বিভিন্ন প্ৰকাৰৰ আইনগত বিধি-বিধানৰ ব্যৱস্থা ভাৰতীয় সংবিধান, অপৰাধ আইন, লেবাৰ আইন, সামাজিক উন্নয়নৰ নিয়মবিলাক মহিলাৰ সম অধিকাৰৰ বাবে আছে তথাপি কিছুমান আইনৰ আসোঁৱাহে মহিলাৰ ভাবমূৰ্তি বা সামাজিক মৰ্য্যাদা বিনষ্ট কৰে। উদাহৰণস্বৰূপে, জম্মু-কাশ্মীৰ বিল, ভাৰতীয় খ্ৰীষ্টান সমাজকল্যাণ কেছৰ আদেশ আৰু ঘৰুৱা হিংসা বিলৰ দৰে আইনৰ আসোঁৱাহবোৰ দূৰ কৰিলেহে মহিলাৰ অধিকাৰ আৰু সামাজিক মৰ্য্যাদা ইত্যাদি সুৰক্ষিত হ’ব বুলি আশা কৰিব পৰা যায়।
লেখক: মুনিন হুজুৰী, প্ৰিয় সখী
শেহতীয়া উন্নীতকৰণ: : 7/1/2020
তথ্যৰ অধিকাৰ আৰু সক্ৰিয় প্ৰকাশ
সুখী হ’বলৈ আমাক কাৰণৰ প্রয়োজন হয় নেকি?
অধিকাৰ আৰু ন্যায়ালয়ৰ নিৰ্দেশনা
বিনিয়োগকাৰীৰ অধিকাৰ আৰু দায়বদ্ধতা