নাৰীৰ স্বাধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। সমাজ এখন সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ হ’লে নাৰী-পুৰুষ নিৰ্বিশেষে সকলো ব্যক্তি সমানে আগবাঢ়ি যোৱাটো অপৰিহাৰ্য যদিও মানৱ সভ্যতাৰ বিকাশৰ ইতিহাসত এই ধাৰাবাহিকতা ৰক্ষা কৰা দেখা নাযায়। নাৰীৰ অনগ্ৰসৰতাই সমাজক পশ্চাদমুখী কৰাটো ইতিহাসে প্ৰতীয়মান কৰিছে। কৃষিভিত্তিক সমাজ ব্যৱস্থাৰ পৰা মধ্যযুগৰ সাম্ৰাজ্যবাদৰ উত্থান, সামন্ত প্ৰথাৰ প্ৰসাৰ, শিল্প উদ্যোগৰ মাজেদি আজিৰ একবিংশ শতিকাৰ তথ্য-প্ৰযুক্তিৰ বিস্ফোৰণৰ যুগলৈকে সমাজত নাৰী-পুৰুষৰ লিংগভিত্তিক বিভাজনে নাৰীৰ মৰ্যাদাৰ ক্ষেত্ৰত যথেষ্ট উত্থান-পতন আৰু পৰিৱৰ্তন আনিছে। নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ সুদীৰ্ঘ সংগ্ৰামৰ বুৰঞ্জীত যুগান্তকাৰী স্মাৰক হিচাপে ৮ মাৰ্চ তাৰিখটো এটা উল্লেখযোগ্য দিন। সমগ্ৰ পৃথিৱীত যোৱা এক শতিকাৰ ওপৰকাল এই দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হৈ আহিছে। ১৯১০ চনত আৰম্ভ হোৱা আন্তৰ্জাতিক নাৰী দিৱস ৮ মাৰ্চৰ তাৎপৰ্য জানিবলৈ আমি উভতি যাব নাগিব নাৰী আন্দোলনৰ এই সুদীৰ্ঘ পৰিক্ৰমালৈ।
নাৰীৰ বাবে স্বাধীনতা, সমতা, সমান কামৰ বাবে সমান মজুৰি আৰু ৰাজনৈতিকভাৱে ভোটাধিকাৰৰ দাবীত তাৰ বহু আগৰেপৰাই নাৰীয়ে সংগ্ৰাম কৰি আহিছিল। অৱশ্যে ভাৰতবৰ্ষৰ দৰে দেশত জন্ম লাভ কৰাৰ বাবে আমি ভোটাধিকাৰৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱা নাছিল। ভাৰতীয় সংবিধানে বৰ্তমান ১৮ বছৰৰ সকলো পুৰুষ-মহিলাকে ভোটদানৰ অধিকাৰ দিছে। কিন্তু পৃথিৱীৰ আন বহুতো দেশত আমাৰ লগৰ বহুত বাই-ভনীয়ে নিজৰ ভোটাধিকাৰৰ বাবে দীঘলীয়া সংগ্ৰাম কৰাৰ উদাহৰণ আছে। ঠিক তেনেদৰে নাৰীৰ ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি সমাজৰ অন্যান্য বহুতো বিষয়ত নাৰীৰ কোনো স্বাধীনতা নাছিল। মধ্যযুগত নাৰীক এবিধ পণ্য হিচাপে গণ্য কৰা হৈছিল। মনু সংহিতাতো কোৱা হৈছিল নাৰীৰ বিবাহপূৰ্ব অৱস্থাত পিতৃৰ, বিবাহৰ পাছত স্বামীৰ আৰু বৃদ্ধাৱস্থাত পুত্ৰৰ অধীন। পুত্ৰাৰ্থে ক্ৰিয়তে ভাৰ্যা বুলি নাৰীক এটা যৌন সত্তা বুলি স্বীকৃতি দিয়া হৈছিল। শিল্প বিপ্লৱৰ পাছত একাংশ নাৰী উৎপাদনৰ সৈতে সামান্যভাৱে জড়িত হ’লেও নাৰীক পুৰুষৰ সৈতে সমান কামৰ বাবে সমান মজুৰি দিয়া হোৱা নাছিল। শিক্ষ-দীক্ষাৰ অভাৱত নাৰীয়ে বিশেষ কৰ্ম-কুশলতা লাভ কৰিব পৰা নাছিল। ফলত নাৰীয়ে অদক্ষ বনুৱা হিচাপে অসংগঠিত খণ্ডত সাধাৰণ বনুৱা হিচাপে কাম কৰিছিল। ফলত নাৰীক অৰ্থনৈতিকভাৱেও শোষণ কৰা হৈছিল।
ছেগা-চোৰোকাকৈ পৃথিৱীৰ বিভিন্ন দেশত নাৰী আন্দোলন আৰম্ভ হৈছিল ওঠৰ শতিকাতে। ফ্ৰান্সত শ্ৰমজীৱী নাৰীসকলে ওঠৰ শতিকাতে নাৰীৰ বাবে জীৱিকা অৰ্জনৰ সুবিধা আৰু সমঅধিকাৰৰ দাবী তুলিছিল। ১৯০৫ চনৰ পৰা ১৯০৭ চনত ৰাছিয়াৰ স্বেচ্ছাচাৰী জাৰ নিক’লাছৰ নিষ্ঠুৰ শাসনৰ পৰা মুক্তি বিচাৰি নাৰীসকলে বিদ্ৰোহত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ৰাছিয়াত ১৯১৭ চনৰ ৭ মাৰ্চত প্ৰথম বিশ্বযুদ্ধৰ মৃত্যুবৰণ কৰা হাজাৰ হাজাৰ সৈনিকৰ পৰিয়ালৰ মাতৃ, পত্নী, ভগ্নীসকল দলে দলে ওলাই আহি পেট্ৰগ্ৰাদ (বৰ্তমান লেনিনগ্ৰাদত) শোভাযাত্ৰাত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰাছিয়াৰ বস্ত্ৰশিল্পৰ লগত জড়িত মহিলা শ্ৰমিকসকলে নিষেধাজ্ঞা অমান্য কৰি এই প্ৰতিবাদ কাৰ্যসূচীত অংশ লৈছিল। অৱশেষত জাৰৰ পতনৰ চাৰিদিনৰ পাছত নাৰীক ভোটাধিকাৰ দিয়া হৈছিল। এই বিপ্লৱ জুলিয়ান কেলেণ্ডাৰৰ মতে ২৩ ফেব্ৰুৱাৰীত হৈছিল যদিও সেই দিনটো গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ মতে ৮ মাৰ্চ আছিল। আমেৰিকাতো নাৰীশক্তি জাগ্ৰত হৈছিল ১৮৫৭ চনত নিউযৰ্কৰ বস্ত্ৰশিল্পৰ অস্বাস্থ্যকৰ পৰিৱেশৰ বিৰুদ্ধে আৰু দৈনিক ১৬ ঘণ্টাৰ ঠাইত ১০ ঘণ্টা শ্ৰমৰ দাবী জনাই নাৰীশক্তিয়ে বিদ্ৰোহ কৰিছিল। ১৯০৮ চনত ভোটাধিকাৰ আৰু ৮ ঘণ্টা শ্ৰমৰ দাবীয়ে নাৰী শক্তিৰ ন্যায্য দাবীৰ সমৰ্থনত হাজাৰ হাজাৰ নাৰী ওলাই আহিছিল। এইদৰে পৃথিৱীৰ বহুতো দেশত নাৰীৰ প্ৰাপ্য মৰ্যাদাৰ দাবীত আন্দোলন চলাই থকা হৈছিল। ভাৰতবৰ্ষতো স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ শ-শ নাৰী ওলাই আহিছিল। পোনতে সকলোৱে একেটা তাৰিখতে নাৰী দিৱস পালন কৰা নাছিল। ইউৰোপ, অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ বিভিন্ন ঠাইত নাৰীসকল সংগঠিত হৈ মাৰ্চ-এপ্ৰিলৰ কোনোবা এটা তাৰিখত নাৰী দিৱস পালন কৰা হৈছিল। কিন্তু সকলোৰে উদ্দেশ্য আছিল নাৰীৰ ওপৰত চলি অহা বৈষম্য নিৰ্যাতন, শোষণৰ অন্ত পেলাই নাৰীক সন্তান উৎপাদনৰ আহিলা হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে মানৱ সত্তা ৰূপে পূৰ্ণ মানৱৰ স্বীকৃতি দিয়া। ১৯১০ চনত কোপেনহেগেনৰ সন্মিলনত ক্লাৰা জেটকিনে আগবঢ়োৱা প্ৰস্তাৱ বাস্তৱায়িত কৰি অৱশেষত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ চনদত নাৰীৰ অধিকাৰ সুৰক্ষিত কৰি নাৰীক মানৱ সত্তা হিচাপে স্বীকৃতি দিয়া হ’ব। নাৰী আন্দোলনৰ এই সুদীৰ্ঘ সংগ্ৰামৰ স্বীকৃতি হিচাপে অৱশেষত ৰাষ্ট্ৰসংঘই ১৯৭৫ চনত ৮ মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ঘোষণা কৰিলে। কেৱল সেয়ে নহয় ১৯৭৫-১৯৮৫ চনলৈ সমগ্ৰ দশকটো নাৰী দশক হিচাপে ঘোষণা কৰিলে। এই দীঘলীয়া সংগ্ৰামত বিশেষ অৰিহণা যোগোৱা ক্লাৰা জেটকিনৰ দৰে ৰাছিয়াৰ আলেকজেন্দ্ৰা কল’নটাই, নাৰীবাদৰ প্ৰবক্তা মেৰী ওৱেলষ্টোন ক্ৰাফট, লুক্ৰেচিয়া ম’টে, মেচী ষ্ট্ৰীট, জুলিয়েট মিটচেল আদিৰ নামো সমানে উল্লেখযোগ্য। এইসকল নেত্ৰী আৰু হাজাৰ হাজাৰ সংগ্ৰামী নাৰীৰ আত্মবলিদানৰ বিনিময়ত নাৰীৰ বাবে স্বাধীনতা আৰু সমতাৰ প্ৰশ্নটোৰ প্ৰতি বৰ্তমান সমগ্ৰ বিশ্বৰে চকু মুকলি হৈছে।
ৰাষ্ট্ৰসংঘই নাৰী-বিৰোধী বৈষম্যবোৰ আঁতৰ কৰি নাৰীৰ অধিকাৰসমূহ সুৰক্ষিত কৰিবলৈ কিছুমান বিশেষ চুক্তিৰ ধাৰা সন্নিবিষ্ট কৰিছে। নাৰীৰ অধিকাৰসমূহৰ বিকাশ সাধনৰ বাবে ৰাষ্ট্ৰসংঘই কেইবাখনো বিশ্ব সন্মিলন আয়োজন কৰিছিল। ১৯৭৫ চনৰ ১৯ জুনৰ পৰা ২ জুলাইলৈ মেক্সিকোত প্ৰথমখন সন্মিলন, ১৯৮০ চনৰ ২৪-৩০ জুলাইলৈ ডেনমাৰ্কৰ কোপেনহেগেনত দ্বিতীয়খন বিশ্ব নাৰী সন্মিলন, ১৯৮৫ চনৰ ১৫-২৬ জুলাইলৈ কেনিয়াৰ নাইৰোবিত তৃতীয়খন বিশ্ব সন্মিলন আৰু ১৯৯৫ চনৰ ৪-১৫ ছেপ্টেম্বৰত চীনৰ বেইজিঙত চতুৰ্থখন আন্তঃৰাষ্ট্ৰীয় নাৰী সন্মিলন অনুষ্ঠিত কৰে। প্ৰতিখন সন্মিলনত নাৰী মৰ্যাদাৰ সুৰক্ষা আৰু অধিকাৰ সুনিশ্চিত কৰা ভালেমান কাৰ্যসূচী চিনাক্ত আৰু ৰূপায়িত কৰাত গুৰুত্ব দিছে। চতুৰ্থ সন্মিলনৰ মূল বিষয় উন্নয়ন প্ৰক্ৰিয়াত নাৰীৰ পূৰ্ণ সহযোগিতা, শিক্ষাৰ অধিক সুৰক্ষা আৰু মৰ্যাদাৰ উন্নয়ন লক্ষ্য হিচাপে লোৱা হৈছিল। পাছত প্ৰতি বছৰে নাৰী উন্নয়নৰ বাবে একোটা মূল উদ্দেশ্য থিৰাং কৰা হয়।
১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ চনদত সকলোৰে বাবে মানৱ অধিকাৰৰ ঘোষণা (Universal Declaration of Human Rights) কৰাৰ পাছত নাৰীৰ অধিকাৰ মানৱ অধিকাৰৰ অন্তৰ্গত এক মৌলিক অধিকাৰ বুলি স্বীকৃতি দিয়া হৈছে। নাৰীৰ অধিকাৰৰ সুৰক্ষাৰ বাবে অন্যান্য ভালেমান কাৰ্যসূচীও ঘোষণা কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাৰীৰ মৰ্যাদা আৰু সুৰক্ষাৰ বাবে বিভিন্ন কাৰ্যসূচী লোৱাৰ উপৰি আমাৰ দেশতো নাৰীৰ সুৰক্ষা, অধিকাৰ আৰু সমতা স্থাপনৰ হকে প্ৰচেষ্টা অব্যাহত আছে। কিন্তু স্বাধীনতাৰ তিনি কুৰি আঠ বছৰৰ পাছতো আমাৰ দেষত প্ৰকৃত অৰ্থত নাৰীয়ে প্ৰাপ্য মৰ্যাদা লাভ কৰিছে বুলি ক’ব নোৱাৰি। প্ৰকৃত অৰ্থত শিক্ষা আৰু সজাগতাৰ অভাৱত এতিয়াও নগৰে-চহৰে, গাঁৱে-ভূঁয়ে নাৰা নিৰ্যাতনৰ অলেখ ঘটনা ঘটি আছে। কন্যা ভ্ৰূণ হত্যা, যৌতুকজনিত হিংসা, নাৰী দেহৰ ব্যৱসায়, নাৰী চালান কৰা দুষ্টচক্ৰৰ সক্ৰিয়তা, বলাৎকাৰৰ দৰে নাৰীৰ শ্লীলতা হানিৰ ঘটনা, ডাইনীৰ সন্দেহত নাৰী হত্যা আৰু অজস্ৰ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ কাৰণে এতিয়াও প্ৰতিদিনে শ-শ নাৰীয়ে মৃ্ত্যুক সাৱটি ল’ব লগা হৈছে। পূৰ্ণ স্বাধীনতা আৰু ৰাজনৈতিক অংশগ্ৰহণ এতিয়াও সুদূৰপৰাহত। লোক সভা আৰু ৰাজ্যসভাত এতিয়াও নাৰীৰ অংশগ্ৰহণ সীমিত। নীতি নিৰ্ধাৰণত নাৰীৰ অৱস্থান প্ৰায় শূন্য। যেতিয়ালৈকে সমাজত প্ৰতিগৰাকী নাৰীয়ে নিজস্ব প্ৰতিভা চিনি পাই তাৰ বিকাশ সাধন কৰিব নোৱাৰে, যেতিয়ালৈকে নাৰী পুৰুষৰ হাতৰ পুতলা হৈ থাকিব তেতিয়ালৈকে নাৰীৰ প্ৰকৃত মৰ্যাদা নাৰীয়ে আহৰণ কৰিব নোৱাৰে। প্ৰতিগৰাকী নাৰীক প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি আত্মমৰ্যাদাসম্পন্ন সম্পূৰ্ণ মানৱ সত্তাৰূপে প্ৰতিষ্ঠা কৰিবলৈ সবলীকৰণ আৰু সজাগতা সৃষ্টিৰ বাবে নাৰীৰ স্বাধিকাৰ, আৰু মৰ্যাদা ৰক্ষাৰ অবিৰত সংগ্ৰাম নাৰীয়েই চলাই নিব লাগিব। প্ৰকৃতাৰ্থত নাৰীৰ সবলীকৰণৰ মাজেদিহে মানৱ জাতিৰ সম্পূৰ্ণ সবলীকৰণ সম্ভৱ হ’ব বুলি ৰাষ্ট্ৰসংঘই সঠিকভাৱেই চিহ্নিত কৰিছে।
লেখিকা: বিনীতা দত্ত
শেহতীয়া উন্নীতকৰণ: : 3/7/2020