অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এক মনোবৈজ্ঞানিক বিশ্লেষনঃ মিডেয়া কমপ্লেক্স: সন্তান হত্যাকাৰী মাতৃ

“মিডেয়া কমপ্লেক্স” জটীল সাথৰ স্বৰূপ এক মনোবৈজ্ঞানিক চিন্তাধাৰা; গ্ৰহন কৰিবলৈ কঠিন যেন লাগিলেও বিৰল মানসিক সত্য -মাতৃয়ে নিজ সন্তানক হত্যা কৰাৰ প্ৰচেস্টা, স্ৱামীয়ে কৰা অবহেলাৰ প্ৰতিশোধ লবৰ বাবে নিজ সন্তানক নিৰ্য্যাতন,নিষ্ঠুৰ ব্যবহাৰ,ককৰ্থনা কৰা আৰু পৰিশেষত  হত্যা, ইংৰাজীত কোৱা হয় ‘filicideবা সন্তানহত্যা’।

“মিডেয়া কমপ্লেক্স” শব্দটোৰ  আৰম্ভনি

মনোবিজ্ঞানত ‘মিডেয়া’ শব্দতো পঞ্চম শতিকাৰ গ্ৰীক সকলৰ পৌৰানিক আখ্যানৰ পৰা ব্যবহাৰ কৰা হৈছে:আখ্যান মতে গ্ৰীচৰ কলচীচ ৰাজ্যৰ ৰজা এইটীচ্ৰ দুহিতা আৰু সূৰ্য্যদেবতা হেলিোচৰ নাতিনীয়েক মিডেয়া এগৰাকী বাজীকৰনী ৰাজকন্যা আছিল। দেউতাকৰ ‘গল্ডেন ফ্লীচ’ অধিকাৰ কৰিবলৈ আহি সুন্দৰ,সুঠাম যুবক জেচ্যনে মিডেয়াৰ সহায় ললে আৰু মেডেয়াক তেওঁৰ পত্নী বা লগৰী  হিচাবেই মহলত স্হান দিয়া সময়চোৱাত তেওঁলোকৰ দুটা সন্তানৰ জন্ম হয়; মৰমেৰে তেওঁলোকৰ নামাকৰন হৈছিল মেৰমিৰচ আৰু ফিৰচ্। জেচ্যনে মিডেয়া  আৰু সন্তানৰ দায়িত্ব লোৱাৰ পৰিবৰ্ত্তে মিডেয়াক এৰি ক্ৰৰিন ৰাজ দুহিতা ক্ৰিয়অনক বিয়া কৰাবলৈ প্ৰস্তুত হয়।কিন্তু অন্য তিৰোতাৰ সৈতে সমন্ধ স্হাপন হোৱাৰ আশংকাত মিডেয়াৰ মনত তেওঁৰ প্ৰতি তীব্ৰ শত্ৰুতাৰ সৃষ্টি হয়।কোনেও গম নোপোৱাকৈ  ৰাজকন্যা আৰু তেওঁৰ দেউতাকৰ লগতে নিজ সন্তানক হত্যা কৰিবৰ বাবে মিডেয়াই প্ৰস্তুতি চলালে। বিয়াৰ অন্তত মিডেয়াই নকন্যাক  এডাল মালাৰে আদৰোতো লগেলগে তেওঁৰ দেহা জ্বলি উঠে।একেধৰনেৰ  ক্ৰৰিন ৰাজৰো মৃত্যু ঘটে।   মিডেয়াক প্ৰত্যাখ্যান কৰি সন্তানক এৰি যাবলৈ কুন্ঠাবোধ নকৰাত মিডেয়াই চৰম প্ৰতিশোধৰ ৰূপদান দিয়ে দুয়োটা সন্তানক নিৰ্মম ভাবে তৰোৱালৰে হত্যা কৰি!মাথো তাতেই ক্ষ্যান্ত নেথাকি তেওঁ দেউতাক জেচ্যনক অন্তোষ্টিক্ৰিয়াৰ সময়তো মৃত সন্তানৰ ওচৰ চাপিবলৈ নিদিলে!

সৃষ্টিশীলতা আৰু নাটকত ইয়াৰ স্হান

খীস্ট জন্মৰ ৪০০বছৰৰ আগৰ কাহিনীক আধাৰ কৰি  ইয়ৰোপিডিচে (Euripidis) গ্ৰীক নাটক খনৰ ৰূপ দিছিল। এই গ্ৰীক আখ্যানে বিশ্বৰ সাহিত্যত আকৰ্ষনীয় স্হান লভিছে।ইয়াৰ দ্বাৰা অনুপ্ৰানিত হৈ মধ্যম শতিকাৰে পৰা এতিয়ালৈকে কেবাখনো নাটকত(তাৰে এখন Rachel Florence Robertsৰ) মিডেয়াই স্হান পোৱাৰ ওপৰিও ইউৰূপৰ কলাজগতত স্হান পাইছে।   মনোবিজ্ঞান, চিকিত্সা বিজ্ঞানতো ইয়াৰ ব্যবহাৰ মন কৰিবলগীয়া।বিশেষকৈ মাক-দেউতাকে শিশুক নিৰ্য্যাতন, তিৰস্কাৰ বা  অপব্যবহাৰ (CHILD ABUSE) কৰা দিশক কেন্দ্ৰ কৰি বহু মনোবৈজ্ঞানিক তথ্যৰ আলোচনাত মিডেয়া কমপ্লেক্স বা পেৰেন্টাল চিনদ্ৰম আদিত বিভিন্ন দৃষ্টিভঙ্গীৰে কৰা গবেষনাপুষ্ট তথ্যভিত্তক আলোচনা উল্লেখনীয়।উদাহৰন স্বৰূপে “দ্য মিডেয়া কমপ্লেক্স আৰু পেৰেন্টাল এলিয়েনেশ্যন চিনদ্ৰম, জীয়েকে কোনো লৰাক ভালপাব নোৱৰাৰ কাৰনে মাকে উপৰ্যোপৰি কৰা অমানুষিক প্ৰচেষ্টাৰে জোৱালীজনীৰ প্ৰেমৰ যোগ্যতা নিঃষেশ কৰা (”PARENTAL ALIEANATION SYNDROME:WHEN MOTHERS DAMAGE THEIR DAUGHTER’S ABILITY TO LOVE A MAN”)।

এহাতে মাক আৰু জীয়েকৰ মাজত স্বাভাবিক সৌহাৰ্দ্যপূৰ্ন সমন্ধ  যাৰ বাবে মাকে নিজ দুহিতাক আদৰি লয় “প্ৰাত: তুমি ষোডসী বৰ্ষত”,ঠিক তেনেদৰে নোৱাঁই-তুলনী বিয়া সমজুৱাকৈ পাতি ছোৱালীজনীক ঘৰ-সমাজৰ অভিন্ন অংগ হিচাবে স্বীকৃতি দিয়ে।অন্যহাতে মানসিক বিকাৰগ্ৰস্ত মাকৰ বাবে গিৰিয়েকক চৰম শিকনি দিবৰ কাৰনে  ছোৱালীজনী অলাগতিয়াল,ঘৃনা-বিদ্বেষ,ইৰ্ষা-ককৰ্থনাৰ বাবেহে উপযুক্ত পাত্ৰী হয়গৈ।সন্তানতো শিশু নিৰ্য্যাতনৰ(Child Abuse) ভুক্তভোগী হোৱাৰ অৱস্হা দীৰ্ঘম্যাদী হোৱাতো এক সচৰাচৰ জীৱনধাৰাৰ অংগ হৈ উঠে আৰু শোকলগা  পৰিনতি হিচাবে মিডেয়া কমপ্লেক্সৰ দৰে মানসিক প্ৰতিশোধ পৰায়নতাৰ দ্বাৰা কু প্ৰভাবিত হৈ জঘন্য পৰিস্হিতিৰ ৰূপায়নৰে সন্তানক মৃত্যুৰ কবলত ঠেলি দি জঘন্য আনন্দ লাভ কৰে। দৰাচলেত কুপ্ৰবৃত্তিৰ তাড়নাত নেতিবাচক আৰু ধ্বংসাত্মক পথ নিৰ্নয় কৰি  মৰম-চেনেহৰে আপদাল কৰা সন্তানকো মাতৃৰ মৰমৰ পৰা বঞ্চিত কৰাই নহয়, হত্যা কৰাৰ পৰিকল্পনাকো সফল ৰুপদান দিব পাৰে, ইয়াৰ মুলতে উশৃঙ্খলতাক আঙুলিয়াইছে।বিসৃংখল জীৱন যাপনে কেতিয়াবা চৰম পৰ্য্যায়ৰ বিকৃত চিন্তাধাৰাৰ জন্ম দিব পাৰে,যি চিন্তাধাৰাই নিকৃষ্ট কাম কৰিবলৈ মানসিকভাবে প্ৰৰোচিত কৰে,জঘন্য কামটো সুকল্পিত ভাবে কৰিবৰ কাৰনে সাবধানতাও ক্ৰিয়াকৰী হয়।

সেয়েহে মনোবিদ্যাত মিডেয়া কমপ্লেক্স বুলিলে সাধাৰনতে মাকৰ নেতিবাচক মনোবৃত্তিৰ বাবে  মাক আৰু লৰাছোৱালীৰ মাজত গড় লৈ উঠা দুৰ্ভাগ্যপূৰ্ণ ত্যক্ত বিৰক্ত সমন্ধ বুজা যায়,যত চৰম পৰিনতি স্ৱৰূপে মাতৃয়ে নিজ সন্তানক অমানুষিক ভাবে হত্যাও কৰিবলৈ পাছ নুহুকে।। অবশ্যে এনে সমন্ধৰ বাবে ঘৰখনত উদ্ভব হোৱা পৰিস্হিতিও জগৰীয়া; যেতিয়া মাতৃ গৰাকীৰ মনত পৰিত্যক্ততা,এঘৰীয়া হোৱা আদি দিশৰ পৰা সৃষ্টি হোৱা নিৰাপত্তাহীনতাৰ  চিন্তাধাৰাই বিচলিত কৰে,তেনে বাতাবৰনে  মনত চৰম প্ৰতিশোধ প্ৰবনতাৰ দৰে নেতিমূলক মনোবৃত্তিক প্ৰচন্ডভাবে আকৃষ্ট কৰি তোলে, মূল জগৰীয়াজনক হানি কৰিবৰ বাবে নিজ সন্তানক বাচনি কৰি প্ৰতিশোধক চুডান্ত ৰূপ দিওতে হত্যা কৰিবলৈকো কুন্ঠাবোধ নকৰে ।মনৰ আদিম গহ্বৰত নেতিবাচক আবেগ বা চিন্তাধাৰাত আক্ৰান্ত হৈ আবেগ,খং,ঘৃনা,হিংসা,আশংকা,সন্দেহ,সংশয়,আদি ভ্ৰান্তিমূলক বিশ্বাসৰ দ্ৱাৰা পৰিচালিত হৈ অবচেতন মনৰ মাজত জীপাল কৰি ৰখা অহেতুক,অযৌতিক নেতিবাচক চিন্তাই ভূল  দৃস্টিভংগীক প্ৰাধান্য দিয়াৰ ফলস্ৱৰূপে প্ৰতিসিংহাৰ অগ্নি প্ৰজ্বলিত কৰি ভয়াবহ পৰিনতিৰ ক্ৰিয়াক ৰূপদান দিব পাৰে,অথছ এই ঘৃননীয় ক্ৰিয়াৰ কাৰ্য্যকৰী ৰূপ দিয়া সময় চোৱাত নিজকে  এটা কৃত্ৰিম আবৰনীৰ মাজত ৰাখি সমাজৰ চকুত ধুলি চতিয়াবলৈও কুন্ঠা নকৰে। বিখ্যাত মনোবৈজ্ঞানিক কাৰ্ল গুস্তাভ য়ুংৰ উল্লেখ কৰি ক’ব পাৰি যে এওলোক অত্যন্ত  ‘ভয়ংকৰ মাতা’(Terrible mother)।অবশ্যে এই দিশত মাতৃকূল বা পিতৃকূলো সময় সাপেক্ষে জডিত হৈ পৰাতোও বিৰল নহয় ।

পিতৃ-মাতৃৰ পেৰেণ্টেল এলিনেচন চিনড্ৰ্ম(Parental Alienation Syndrome)

কেতিয়াবা পৰিলক্ষিত হয় যে মাকৰ মনত কন্যাসন্তানে অন্য লৰাক ভালপোৱাৰ ক্ষেত্ৰত তীব্ৰ বিৰোধিতাৰ মনোবৃত্তিৰ সৃস্টি হয়, নানান পন্থাৰে তাইক নিজস্ব পছন্দৰ লৰাটোৰ পৰা আতৰাই ৰাখিবৰ ব্যৱস্হা লোৱাৰ ওপৰিও ছোৱালীজনীক অভাবনীয় ভাবে অপকাৰ কৰিবলৈও কুন্ঠাবোধ নকৰে,প্ৰতিশোধ বা নিৰাপত্তাহীনতাৰ  চৰম পৰ্য্যায়ত হত্যাও কৰে। বহু মনোবিজ্ঞানীয়ে এনে আচৰনক পিতৃ-মাতৃৰ Parental Alienation Syndrome বুলিও আখ্যা দিছে।(বহু সময়ত দৰিদ্ৰতাৰ তাডনাত মাকে সন্তানক হত্যা কৰাৰ বাতৰি বিৰল নহয়;এনে কৰুন পন্থা লোৱাৰ অন্তত নিজেও আত্মহত্যাৰ সহায় লয়।)আৰ.এম গৰ্ডন,গাৰ্ডেনৰ(১৯৮৭)চনত তেওঁৰ লেখনিত উনুকিয়াইছে য এলিয়েনেশ্যন বা ব্ৰেইন ৱাশ্বিংৰ ক্ষেত্ৰত দেউতাকতৈ মাকৰ ভূমিকা বেছি।সৰ্বসাধাৰনতে মাক সন্তানৰ প্ৰতি অতি সংবেদনশীল হোৱাতো পৰিলক্ষিত হয়-মনোবজ্ঞানীসকলে এই কথাখাৰ বহুসময়ত সদৰীকৈ ব্যক্তও কৰিছে।মাকৰ মাতৃসুলভতাই সাধাৰনতে লৰাছোৱীলীক নিৰাপত্তা দিয়া দিশটোহে সাধাৰনতে প্ৰকাশ হয়।কাচিত্হে মাকে দানবীয় মূৰ্ত্তিলৈ ৰুপান্তৰিত হোৱাতো পৰিলক্ষিত হয়।যিবিলাক পিতৃমাতৃয়ে নিজ সন্তানক অপব্যৱহাৰ কৰে,সাধাৰনতে মাকে ছোৱালীক শাৰীৰিকভাবে আৰু দেউতাকে যৌনদিশত অত্যাচাৰ কৰে বুলি মনোবিজ্ঞানী চেলমা ক্ৰমৰে (১৯৯৫চনত)স্তীলীৰ ১৯৭০ চনৰ গৱেষনা ভিত্তিক তথ্যৰ ভেটিত  উল্লেখ কৰিছিল।

অবচেতন মনঃবেদনাৰ নিৰ্মম প্ৰকাশ

মনোবিদ্যাত লৰাছোৱালীৰ মাক-দেউতাকৰ প্ৰতি থকা আকৰ্ষনক কেন্দ্ৰ কৰি গ্ৰীক আখ্যানক সমল হিচাবে লৈ অডিপাচ কমপ্লেক্স(Oedipus complex) বা ইলেকট্ৰা(Electra) কমপ্লেক্স নামেৰ দুটা তথ্যও ব্যৱহাৰ হৈছে যদিও মিডেয়াৰ মাৰাত্মক আচৰনে মানুহৰ মনক বিচলিত কৰি তোলা লেখনিয়ে আধুনিক যুগত নানা তৰহৰ বিতৰ্কৰো সমল হৈছে।অৱশ্যে তিৰুতা এগৰাকীয়ে এনে চৰম পন্থা বাচনি কৰাৰ মুলতে তেওঁলোকৰ অবচেতন মনত পুহিৰখা বহু দুখ-বেদনাও থাকিব পাৰে। ফ্ৰেদ পাইনে(১৯৯৫চন) মিডেয়াক এজনী বিৰল মাইকীমানুহ হিচাবে উদাহৰন দিছিল যাৰ মাজত প্ৰকাশিত চুডান্ত ঘৃনা বা প্ৰতিশোধ পৰায়নতা হয়তো তেওঁৰ মাজত শৈশব কালতে জীপাল হৈ থকা কোনো বেদনাৰ নিষ্ঠুৰ ৰূপায়ন! “THE MEDEA COMPLEX: ‘RADICAL EVIL’ AND MODERN MOTHERHOOD “ত মিডেয়াৰ ভাষ্যত উল্লেখ কৰা হৈছে--

I understand too well the dreadful act­

I'm going to commit, but my judgment­

can't check my anger, and that incites­

the greatest evils human beings do.

লেখক: ড.উৎপলা কোঁৱৰ

অৱসৰ প্ৰাপ্ত প্ৰফেছৰ,এন.চি.ই.আৰ.টি,নতুন দিল্লী

##মিডেয়া কমপ্লেক্সৰ সমন্ধে লেখোতে মনোবিজ্ঞানৰ বিশাল জগতখনৰ অপৰিসীম দিশবিলাকৰ কেইটামান তথ্য গ্ৰহন কৰা হৈছে যত ফ্ৰয়েড,য়ুং,গাৰ্ডনাৰ,গৰ্দনআৰু বহুতো মনোবিদ,গবেষকৰ সহায় লোৱা হৈছে।##

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate