অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এগৰাকী ব্যতিক্ৰম সমাজসেৱক

এগৰাকী ব্যতিক্ৰম সমাজসেৱক

চমু বিৱৰণ

পথ অৱৰোধ, ধৰ্ণা, অৱস্থান ধৰ্মঘট, হৰতাল, বিক্ষোপ অথবা বন্ধ কাৰ্যসূচীৰ দৰে প্ৰতিবাদৰ সচৰাচৰ দেখিবলৈ পোৱা কাৰ্যপন্থাৰ বিপৰীতে নীৰৱ বিপ্লৱেৰে সমাজ সেৱাৰ অগতানুগতিক পন্থাৰে বিগত ১৬ টা বছৰে অইলৰ এজন কৰ্মচাৰীয়ে সমাজ সংস্কাৰৰ কামত ব্ৰতী হৈ আহিছে| ৰাজহুৱা তেল উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ ৰসায়ন বিভাগৰ কৰ্মচাৰী দিলীপ ভট্টই নিজা উদ্যোগ গ্ৰহণ কৰি কেইবাটাও উল্লেখযোগ্য সামাজিক দাবী পুৰণেৰে তেলনগৰী দুলীয়াজানৰ সচেতন মহলটোৰ মাজত চৰ্চিত হৈছে| অইল ইণ্ডিয়া লিমিটেডৰ চাকৰিৰ উদ্বেগহীন আৰামদায়ক জীৱনে যেন বিৰক্ত কৰি তুলিছিল দিলীপ ভট্টক|

বিতং তথ্য

যোৰহাটৰ চৰাইবাহী বামুণ গাঁৱৰ মূল বাসিন্দা দিলীপ ভট্টই ১৯৮৩ চনত অইল ইণ্ডিয়া লিমিটেডৰ ৰসায়ন বিভাগত যোগদান কৰে| এইগৰাকী কৰ্মচাৰীয়ে ২০০১ চনৰ পৰা বিগত ১৬ টা বৰ্ষত অগতানুগতিক পথ গ্ৰহণ কৰি সমাজ সেৱাৰ পথত আগবাঢ়িছে| এই সময়ছোৱাত ভট্টই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালাম, প্ৰধানমন্ত্ৰী ড° মনমোহন সিং তথা নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ প্ৰাক্তন মন্ত্ৰী মণি শংকৰ আয়াৰ, বৰ্তমানৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, বৰ্তমানৰ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰ তদানীন্তন স্বতন্ত্ৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰ, অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক, আৱাসিক মুখ্য বিষয়া, ৰসায়ন বিভাগৰ নিৰাপত্তা বিষয়া, জনসম্পৰ্কৰক্ষী বিষয়া, অইল চিকিৎসালয় খনৰ মহাপ্ৰবন্ধকে ধৰি কেইবাগৰাকীও বিষয়ালৈ নিজা দৃষ্টিত ধৰা পৰা প্ৰত্যেকটো আসোঁৱাহ, কৰণীয় তথা অনিয়মক আঙুলিয়াই পত্ৰ প্ৰেৰণ কৰিছে| আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পৰিৱেশটোৰ দ্বাৰা বিতুষ্ট হৈ কেৱল বন্ধুবৰ্গৰ আগত সমালোচনা-আলোচনা কৰি থকাৰ মধ্যবিত্তীয় বিলাসিতাক বৰ্জন কৰি এইগৰাকী অক্লান্ত সমাজকৰ্মীয়ে পৰিৱেশ প্ৰদূষণ ৰোধ, ভূমিকম্পৰ পৰা তেলনগৰী দুলীয়াজানক ৰক্ষা কৰাৰ অৰ্থে বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ, অইলৰ দুৰ্যোগ প্ৰশমনৰ বাবে কাৰ্যকৰী কাৰ্যপন্থা গ্ৰহণ, দুলীয়াজানৰ কেইবাঠাইতো মন্দিৰ স্থাপন, অইল চিকিৎসালয় তথা অইলৰ ক্ষেত্ৰসমুহৰ পৰিস্কাৰ-পৰিচ্ছন্নতাক বৰ্তাই কৰ্মময় পৰিৱেশ সৃষ্টি কৰাকে ধৰি কেইবাটাও বিষয়ত সংশ্লিষ্ট কতৃপক্ষক অবগত কৰি এই সমস্যা সমূহৰ স্থায়ী সমাধানৰ আহ্বানেৰে পত্ৰ প্ৰেৰণ কৰি আহিছে| ২০০১ বৰ্ষৰ পৰা আৰম্ভ কৰা দিলীপ ভট্টৰ এই নীৰৱ বিপ্লৱে তদানীন্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামৰো দৃষ্টি আকৰ্ষণ কৰিছিল| ২০০৩ বৰ্ষৰ ১১ আগষ্টৰ দিনা ভাৰতবৰ্ষৰ সবাতোকৈ জনপ্ৰিয় ৰাষ্ট্ৰনেতা ড° এ পি জে আব্দুল কালামে দিলীপ ভট্টই সমাজলৈ আগবঢ়োৱা অপৰিসীম অৱদানক কৃতজ্ঞতা জ্ঞাপন কৰি এখন ব্যক্তিগত পত্ৰও জ্ঞাপন কৰিছিল| উল্লেখযোগ্য যে দিলীপ ভট্টই কেৱল ‘আহ্বান পত্ৰ’ প্ৰেৰণতে নিজস্ব কৰণীয়াক সমাপণ কৰা নাই| দুলীয়াজানৰ অন্যতম আৰ্থ-সামাজিক অনুষ্ঠান দুলীয়াজান ৰটাৰী ক্লাব, লায়ন্স ক্লাব অব দুলীয়াজান, লেডিছ ক্লাব অব দুলীয়াজানৰ নাইটিংগেল প্ৰকল্প, আৰ্মী চেণ্ট্ৰেল ৱেলফেয়াৰ কেন্সাৰ ডিটেকচন অৰ্গেনাইজেচন আদি সংস্থাৰ লগত জড়িত থাকি দিলীপ ভট্টই সমাজ সেৱাৰ বিভিন্ন কাৰ্যসূচীৰ বাবে হৈ পৰিছে তেলনগৰী খনৰ এটা চিনাকি নাম| ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু দুলীয়াজানৰ অইল চিকিৎসালয়ত কেইবাবাৰো ৰক্তদান কৰি অহা এইগৰাকী সমাজকৰ্মীৰ কৰ্মই কেইবাটাও সামাজিক সাফল্যৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে| দুলীয়াজানৰ ঔদ্যোগিক তথা বাণিজ্যিক সদা ব্যস্তময় পৰিৱেশৰ পৰা সাধাৰণ পথচাৰীক পৰিত্ৰাণ দিয়াৰ উদ্দেশ্যে তৈলনগৰী খনৰ বিভিন্ন ঠাইত পদ-পথ নিৰ্মাণ, দুলীয়াজানৰ অইল চিকিৎসালয়ৰ মাজত আধ্যাত্মিক পৰিৱেশ বিৰাজমান কৰিবলৈ মন্দিৰ নিৰ্মাণৰ আৰ্জি, অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানৰ ঔদ্যোগিক এলেকাটোৰ সমীপস্থ ৫ নং অইল কালেকটিং ষ্টেচনৰ ভিতৰৰ কদৰ্যময় পৰিৱেশৰ দূৰীকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সামাজিক দাবীক সফল কৰি তুলিবলৈ সক্ষম হৈছে এইগৰাকী অইল কৰ্মীয়ে| তদুপৰি দুলীয়াজানৰ অইল চিকিৎসালয় খনত এখন পূৰ্ণাংগ পৰ্যায়ৰ অত্যাধুনিক সা-সুবিধাযুক্ত আন্ত:ৰাষ্ট্ৰীয় মানৰ আদৰ্শ চিকিৎসালয়লৈ ৰুপান্তৰিত কৰা, দুলীয়াজানক প্লাষ্টিকমুক্ত নগৰীলৈ উত্তৰণ ঘটোৱা, অইল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন পৰিত্যক্ত প্ৰকল্পক ছাত্ৰ-ছাত্ৰীৰ দৰ্শনৰ উদ্দেশ্যে পৰ্যটন প্ৰকল্পৰুপে গঢ় দিয়া, অইল আৱাসিক অঞ্চলত পানী আৰু ৰন্ধন গেছৰ অপব্যয় ৰোধ কৰিবলৈ অইল আৱাসিক কল’নীৰ ঘৰে প্ৰতি মিটাৰ স্থাপন কৰাকে ধৰি কেইবাটাও গুৰুত্বপুৰ্ণ দাবীক লৈ এতিয়াও সংশ্লিষ্ট কতৃপক্ষক এখনৰ পিছত এখন পত্ৰ প্ৰেৰণ কৰি আছে দিলীপ ভট্টই| অইল ইণ্ডিয়া লিমিটেডৰ স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক সংগঠন অইল এণ্ড গেছ এম্‌প্লইজ ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতিৰুপে এটা সময়ত দায়িত্ব পালন কৰা দিলীপ ভট্টৰ আন এক উল্লেখযোগ্য কৃতিত্ব হ’ল তেলনগৰীস্থিত বিহুতলী প্ৰাংগনৰ সমীপৰ কদৰ্যময় পৰিৱেশৰ মাজত এটা শিৱ মন্দিৰ স্থাপন কৰি পৰিৱেশ সমতুল ৰক্ষা কৰাৰ পদক্ষেপ| দিলীপ ভট্টৰ তত্বাবধানত ক্ৰমে ঠন কৰি উঠা এই শিৱ মন্দিৰটো দুলীয়াজানৰ মধ্যভাগত স্থিত এটা অন্যতম আধ্যাত্মিক কেন্দ্ৰৰুপে পৰিচিত| অইলৰ দৃষ্টি আকৰ্ষণ কৰি কেইবাখনো তৈলক্ষেত্ৰত দুৰ্যোগ প্ৰশমণৰ বাবে দিলীপ ভট্টই জনোৱা আহ্বানক অইল ইণ্ডিয়া কতৃপক্ষয়ো গুৰুত্ব সহকাৰে লৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে|

দিলীপ ভট্টৰ এই নীৰৱ বিপ্লৱৰ যেন শেষ নাই| ৫৬ বৰ্ষীয় তেল কৰ্মীজনে অসম চৰকাৰৰ অধীনস্থ ডিব্ৰুগড় জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ অপৰিস্কাৰ পৰিৱেশ, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণৰ আহ্বানকে ধৰি সংশ্লিষ্ট কতৃপক্ষক বিভিন্ন পত্ৰ প্ৰদান কৰি এক শেষ নোহোৱা যাত্ৰাত যেন ধাৱমান হৈছে এইগৰাকী পথিক| কেইদিনমান আগতে এইগৰাকী সমাজকৰ্মীয়ে জানিব দিছিল সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ৪৫ গৰাকী মেধাবি গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীক ইংৰাজী-অসমীয়াত আগবঢ়োৱাৰ কথা| প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ২০১৪ বৰ্ষৰ ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৱৰ্তন মন্ত্ৰণালয়ৰ তদানীন্তন স্বতন্ত্ৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰলৈ দিলীপ ভট্টই আহ্বান জনাইছিল যে ভাৰতবৰ্ষৰ প্ৰত্যেকটো ৰাজহুৱা খণ্ডৰ উদ্যোগলৈ ‘খনিজ তেল আৰু প্ৰাকৃতিক গেছ সংৰক্ষণ কৰক’, ‘শিশু সকলক ৰক্ষা কৰক’, এজোপা বৃক্ষৰ ৰোপণ এগৰাকী শিশুৰ ৰক্ষণাবেক্ষণৰ সমতুল্য’-এইকেইটা শ্ল’গানক ভাৰতবৰ্ষৰ প্ৰত্যেকটো আঞ্চলিক ভাষাতেই অনুবাদ কৰি জনপ্ৰিয় কৰাৰ কাৰ্যপন্থা গ্ৰহণৰ অনুৰোধেৰে ‘পৰিৱেশ ৰক্ষা’ আন্দোলনত জনমত গঠন কৰাত সহায়ক হোৱাৰ অভিমত আগবঢ়াইছিল| এই পত্ৰ লাভ কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে ২০১৪ বৰ্ষৰেই ১১ জুনত ধন্যবাদজ্ঞাপক পত্ৰ প্ৰেৰণ কৰিছিল দিলীপ ভট্টলৈ| কিছুমান মানুহৰ অৱদান সমাজৰ অলক্ষিতে ৰৈ যায়| অলিখিত হৈ ৰয় তেওঁলোকৰ কৰণীয়| কিন্তু, সমাজ উত্তৰণৰ যাত্ৰাত অপৰিহাৰ্যস্বৰুপ হৈ ৰয় তেওঁলোকৰ কৰণীয়| মিছাইলমেন খ্যাত ড° এ পি জে আব্দুল কালামে ব্যক্তিগত পত্ৰ প্ৰেৰণ কৰি কৃতজ্ঞতা জনোৱা দিলীপ ভট্টৰ কাৰ্য সম্পাদনো যেন এনে এক সমাজ উত্তৰণৰ প্ৰচেষ্টা-য’ত সামাজিক আন্দোলন সমূহত সচৰাচৰ পৰিলক্ষিত উগ্ৰতা নাই কিন্তু সমাজ ৰুপান্তৰৰ তীব্ৰতা আছে|

লেখক:- বিক্ৰমাদিত্য দত্ত কাকতি

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate