অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিয় বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত:

 

অসমৰ বিভিন্ন প্ৰান্তত এতিয়া হাতী-মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে-

নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাইছে। ক’ৰবাত যদি ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে। খেতিপথাৰত কপালৰ ঘাম মাটিত পেলাই শস্য উৎপাদন কৰিলেও ভঁৰালত সুমুৱাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে একমাত্ৰ বন্যহস্তীৰ বাবে। বানপানীৰ সমানেই বন্যহস্তীয়েও ভাঙি চূৰমাৰ কৰিছে কৃষকৰ সপোন। আনকি ভঁৰালত ৰখা ধানো হাতীৰ বাবে হেৰুৱাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে। ইয়াৰ বিপৰীতে বহু বন্যস্তীৰো মৃত্যু ঘটিছে। হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ বা খেতি পথাৰৰ চাৰিওফালে বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি থোৱাৰ ফলত বহু হাতীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। তদুপৰি কিছুমানে জংঘলৰ ঘাঁহনিত বিহ দি থোৱাৰ ফলতো হাতীৰ মৃত্যু হোৱাৰ বাতৰি পঢ়িবলৈ পোৱা যায়। হাতীৰ দেহ কাটি অংগ-প্ৰত্যংগ চুৰি কৰি নিয়া লোকৰো অভাৱ নাই। মানুহৰ নৃশংসতা দেখি প্ৰকৃতিয়েও চকুলো টোকাৰ উদাহৰণ আছে। সাধাৰণতে মানুহে হাতীৰ আক্ৰমণৰ বিষয়ে ব্যাখ্যা বা প্ৰচাৰ চলালেও মানুহে হাতীৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ কথা ভূলতো উল্লেখ নকৰে।

অসমৰ পাহাৰীয়া জিলাৰ উপৰি নাগালেণ্ড সীমান্ত, অসম-অৰুণাচল, অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহত হাতীৰ উপদ্ৰৱৰ বাবে সাধাৰণ ৰাইজে বিনিন্দ্ৰ ৰজনী কটাবলগীয়া হৈছে। যোৰহাট, গোলাঘাট, নগাঁও, কাৰ্বি আংলং, চিৰাং, বঙাইগাঁও, বাগসা, লখিমপুৰ, শোণিতপুৰ, দৰং আদি জিলাত সাধাৰণতে হাতীৰ উপদ্ৰৱ বেছি। দৰঙৰ ভাৰত-ভূটান সীমান্তৰ লগতে যোৰহাটৰ মৰিয়নি, কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমামূৰীয়া স্থান, বাগসাৰ ভাৰত-ভূটান সীমান্তত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে বনৰীয়া হাতীৰ আক্ৰমণ।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলি সততে ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া। কেতিয়াবা বনকৰ্মী ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নোহোৱাও নহয়। আনকি উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীবৰ্ষণ কৰিবলগীয়াও হৈছে। কেতিয়াবা আকৌ চোৰাং চিকাৰীৰ আক্ৰমণত বনকৰ্মীৰ মৃত্যুও হৈছে। আক্ৰমণত চিৰদিনৰ বাবে ঘুণীয়াও হৈছে। দৰাচলতে এনেধৰণৰ পৰিস্থিতিৰ কিয় সৃষ্টি হৈছে সেয়া ভাবি চোৱাৰ সময় আহি পৰিছে। কাৰণ যদিহে এনে ধৰণৰ ঘটনা ভৱিষ্যতে সংঘটিত হৈয়ে থাকে, তেতিয়াহ’লে ইয়াক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ’ব।

বিগত পাঁচ বছৰত হাতীৰ আক্ৰমণত কমেও শতাধিক লোকে প্ৰাণ হেৰুৱাইছে-

ইয়াৰ বিপৰীতে বন্যহস্তীৰ মৃতদেহো উদ্ধাৰ হৈছে শতাধিক। বিদ্যুৎস্পৃষ্ট হোৱাৰ উপৰি চোৰাং চিকাৰীৰ গুলী অথবা আন কাৰণতো মৃত্যুমুখত পৰিছে। সম্প্ৰতি হাতীয়ে সা-সম্পত্তি আৰু মানুহৰ প্ৰাণ লোৱাৰ বাতৰিক লৈ ৰাইজৰ লগতে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ উপৰি বিশেষ চৰ্চা হৈছে। দুৰ্ভাগ্যজনকভাৱে এনে চৰ্চা চলাৰ মাজত কিন্তু মানুহৰ নিৰ্মম আক্ৰমণত হাতীৰ মৃত্যু হোৱা বিষয়টোৱে আলোচনাত বিশেষ স্থান লাভ কৰা নাই। হাতী-মানুহৰ সংঘাত বুলিলে সাধাৰণতে হাতীৰ ওপৰতে দোষখিনি জাপি দিয়া হয়। এবাৰলৈও ভাবি চোৱা নহয় এই কথাবোৰ। মানুহৰ স্বাৰ্থত আঘাত হ’লেই হিংস্ৰ জীৱ-জন্তুৰ বিৰুদ্ধেও প্ৰত্যাঘাত কৰিব্লৈ সুযোগ বিচাৰি থাকে।

হাতী-মানুহৰ সংঘাতৰ বাবে কোন দায়ী সেয়া ভাবি চোৱাৰ সময় সমাগত। যিমানেই বনাঞ্চল ধ্বংস হ’বলৈ ধৰিছে, বেদখলৰ বাবেই হওক বা আগলৈকে হাতীৰ ক’ন ৰিড’ৰ হিচাপে চিহ্নিত বনাঞ্চলৰ কিছুমান বিশেষ অঞ্চলত বেদখল বা উদ্যোগ স্থাপন অথবা চোৰাং কাঠ বেপাৰীয়ে ধ্বংস যজ্ঞ চলোৱাৰ ফলত বন্যহস্তীৰ বিচৰণভূমিৰ অভাৱ ঘটিল। সমান্তৰালভাৱে খাদ্য সামগ্ৰীৰো অভাৱ হ’বলৈ ধৰিলে। ফলত বন্যহস্তীয়ে বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিলে। বিভিন্ন অঞ্চলত বিশেষকৈ বনাঞ্চলৰ সমীপত থকা অঞ্চলসমূহত হাতীৰ ইমানেই উপদ্ৰব বৃদ্ধি পাইছে যে ইয়াৰ ৰাইজে আনকি ধাননি পথাৰত পৰা পকা ধানখিনিও ভঁৰাললৈ আনিব নোৱাৰা হৈছে। জংঘলত খৰি লুৰিবলৈ যোৱা লোকসকল প্ৰায়ে হাতীৰ স’তে মুখামুখি হয়। কিছুমান হাতীৰ আক্ৰমণত আহত আৰু আন কিছুমান নিহত হোৱাৰ বাতৰি কপ্ৰায়ে পঢ়িবলৈ পোৱা যায়।

ভুক্ত্ভোগী ৰাইজে প্ৰায়ে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি বন কাৰ্যালয় ঘেৰাও, পথ অৱৰোধ, বনকৰ্মীক আবদ্ধ কৰাৰ লগতে প্ৰহাৰ কৰাৰ ঘটনাও সংঘটিত হৈ আহিছে। ৰাইজে হাতী খেদিবলৈ জুই, টিন বজোৱা আদিৰ বাহিৰে অন্য উপায় নাথাকে। এনে কৰিবলৈ যাওঁতে কেতিয়াবা হাতীৰ জাকে উভতি ধৰি আক্ৰমণ চলায় বা উপদ্ৰৱ কৰে। বনকৰ্মীৰ হাততো নাই অত্যাধুনিক যান-বাহন। সেইবাবে হাতী-মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।

লেখক: গোপাল জালান(ৰাইজৰ বাতৰি)

শেহতীয়া উন্নীতকৰণ: : 4/12/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate