অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰ্মৰত অসহায় নাৰী আৰু আইন-

কৰ্মৰত অসহায় নাৰী আৰু আইন-

কৰ্মৰত অসহায় নাৰী আৰু আইন ব্যৱস্থা-

 

নাৰী হৈছে প্ৰকৃতিৰ প্ৰতিৰূপ। বিশ্বজনীন শক্তিৰ আধাৰ এই নাৰীক দেৱীৰূপে, মাতৃৰূপে জ্ঞান কৰা হয়। সেয়েহে সু-সাহিত্যিক লক্ষ্যধৰ চৌধুৰীয়ে বিধানসভাত এবাৰ কৈছিল-মানুহে জীৱনত দুটা বস্তুক ভয় কৰিব লাগে। এটা হ’ল ভগৱান আৰু আনটো হ’ল নিজৰ পত্নীক। ভগৱানক ভয় কৰিলে মানুহ সমাজচ্যুত নহয় আৰু পত্নীক ভয় নকৰিলে চৰিত্ৰচ্যুত নহয়। মোৰ ঘৰখনেই হ’ল এটা মন্দিৰ। এই কথাষাৰে প্ৰমাণ কৰে এগৰাকী নাৰী কিমান শক্তিশালী হ’ব পাৰে। যদিও ইতিহাসে ঢুকি পোৱা দিনৰে পৰা আমাৰ দেশত নাৰীক ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ কৰি ৰখা হৈছিল, বৈদিক যুগত নাৰীসকলে নিজস্ব প্ৰতিভাৰ বিকাশ আৰু সাধনাৰ বাবে অলপ সুবিধা পাইছিল। উৰ্বশী, লোপামুদ্ৰা, মৈত্ৰেয়ী, গাৰ্গী আদি নাৰীসকলে সেই তেতিয়াৰ দিনতেই নাৰী সমাজক প্ৰতিনিধিত্ব কৰি নিজৰ নাম ৰাখি থৈ যাবলৈ সক্ষম হৈছিল। বৈদিক যুগৰ পাছতে বৌদ্ধ যুগৰ আৰম্ভ হয়। এই যুগৰ আৰম্ভণিয়ে বৈদিক যুগত নাৰীসকলক যি অকণমান সুবিধা দিয়া হৈছিল সেইকণৰো মুদা মাৰিলে। সেই সময়ৰ সমাজ আছিল পুৰুষপ্ৰধান সমাজ। ইয়াৰ লগে লগে আহি পৰিল বাল্যবিবাহ আদিৰ দৰে নাৰী প্ৰগতিৰ অনিষ্টকাৰী নিয়মসমূহ। এনেদৰে নাৰীশক্তিৰ বিকাশত যুগে যুগে নানা ধৰণৰ বাধা-বিপত্তি আহিছে যদিও নাৰীয়েও যুঁজি যুঁজি হাৰ নামানি এই বাধাবোৰ হেলাৰঙে ওফৰাই নিজ পথত ধাৱমান হৈছে। আজিও আধুনিকতাৰ মুখা পিন্ধা এচাম ভণ্ড মানুহৰ বিৰুদ্ধে নিজৰ শালীনতা ৰক্ষা কৰিবলৈ নাৰীয়ে যুঁজ দি আছে। যদিও প্ৰাচীন কালৰ বৰ্বৰ অৱস্থাৰ পৰা মানুহ সভ্য হ’ল, প্ৰকৃততে এই সভ্যতা আধুনিক হৈছে জানো? খবৰ কাগজৰ পাত লুটিয়ালে পাওঁ বোৱাৰী নিৰ্যাতন, শিক্ষকৰ বলাৎকাৰ, নাৰীৰ আত্মহত্যা, ধৰ্ষণ, নাৰীৰ ওপৰত মানসিক আৰু শাৰীৰিক আক্ৰমণৰ বীভৎস বাতৰি। পুৰুষৰ কামনা চৰিতাৰ্থ কৰাৰ বাবে নাৰীৰ ওপৰত চলা এই বৰ্বৰ হিংস্ৰ আক্ৰমণ ভোগবাদী আধুনিক পৃথিৱীৰ ব্যাধি নে প্ৰাচীন বৰ্বৰ চৰিত্ৰৰ পৰম্পৰা? যদি এনে ঘটনাবোৰ অতীতৰ কাৰ্যাৱলীৰ ধাৰাবাহিকতাই হয়, তেন্তে আজিৰ মানৱ প্ৰকৃততে আধুনিকনে? যুগ পৰিৱৰ্তনৰ লগে লগে সমাজ ব্যৱস্থাও যথেষ্ট পৰিৱৰ্তন হৈছে। তাহানিৰ বৰ্বৰ সমাজ ব্যৱস্থাৰ পৰা নাৰীয়ে নিজকে বচাই ৰাখি নিজৰ অধিকাৰ সম্পৰ্কে সচেতন হ’বলৈ শিকিছে। নিজৰ অস্তিত্ব বজাই ৰখাৰ সংগ্ৰামত ব্ৰতী হৈ নাৰীয়ে প্ৰথমে ভোটাধিকাৰ আদায় কৰিলে, পায়-নাপায়ৰ কঠোৰ নিয়ম ভাঙি পুৰুষৰ সমানে থিয় হোৱাৰ স্বাধীনতা আদায় কৰিলে, ৰাজনীতিত ৩৩ শতাংশ আসন সুৰক্ষিত কৰিলে, পাকঘৰৰ মুৰব্বী পদৰ পৰা দেশৰ মুৰব্বী পদ পৰ্যন্ত আজুৰি আনিবলৈ সক্ষম হৈছে। কিন্তু এই সকলোবোৰ সম্ভৱ হৈছে যদিও বিজ্ঞান-প্ৰযুক্তিৰ সফলতা, বিশেষকৈ দ্ৰুতগতিৰ বিশ্বায়ন, শিক্ষিত-অৰ্ধশিক্ষিত বা নিৰক্ষৰ ভাৰতীয় মহিলাসকলৰ জীৱনৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলাইছে তাক বিশ্লেষণ কৰাৰ আজি সময় আহি পৰিছে। অধিকাংশ ভাৰতীয় নাৰীয়ে অসুৰক্ষিত, শোষিত, নিষ্পেষিত, সামাজিক লাঞ্ছনা-বঞ্চনাৰ মাজেৰেহে দিন অতিবাহিত কৰিব লগা হৈছে। তাৰ প্ৰমাণ আমি প্ৰতিদিনেই পাওঁ।

পুৰুষৰ লোলুপ দৃষ্টি কেৱল পিছপৰা অৱলা নাৰীসকলৰ মাজতে সীমাবদ্ধ নাথাকি চৰকাৰী চাকৰিয়াল তথা শিক্ষিত মহিলাসকলৰ ওপৰতো পৰা দেখা যায়। আজিও আমাৰ দেশত এনেকুৱা বহুতো চৰকাৰী, অৰ্ধচৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠান আছে-য’ত মহিলা কৰ্মচাৰীসকলে পুৰুষ কৰ্মচাৰী অথবা বিষয়াৰ পৰা অশালীন ব্যৱহাৰ পাব লগা হয়। আনকি এই অসৎ ব্যক্তিসকলে নিজৰ মাতৃ-ভগ্নীসম একো একোগৰাকী নাৰীক নিজৰ সতীত্ব বিসৰ্জন দিবলৈ বাধ্য কৰোৱাও দেখা যায়। বিভিন্ন আইন-কানুন প্ৰণয়ন হৈছে যদিও এনে কৰ্মৰ জৰিয়তে এই ব্যক্তিবোৰে আইনকো নিজৰ হাতত তুলি ল’বলৈ কুন্ঠাবোধ নকৰে। ভাৰতীয় দণ্ডবিধি (IPC) 1860 ত এনেধৰণৰ অপৰাধৰ বাবে বিশদ বৰ্ণনাৰ উল্লেখ আছে। এই আইনত এনে অপৰাধৰ উপযুক্ত ব্যৱস্থা কৰা হৈছে। ভাৰতীয় দণ্ডবিধিৰ ধাৰাত উল্লেখ আছে যে চৰকাৰী চাকৰিয়ালে তেওঁৰ কাৰ্যালয়ৰ কোনো মহিলাৰ ওপৰত যদি শাৰীৰিকভাৱে অসৎ যৌনকাৰ্য চৰিতাৰ্থ কৰে তেওঁক ৫ বছৰতকৈ অধিক কাল সশ্ৰম কাৰাদণ্ড আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে। 376 (C) ধাৰাত উল্লেখ আছে যে যদি কোনো জে’ল, হাজোত, অন্য কোনো আশ্ৰয়স্থান বা কোনো শিশু বা মহিলা সংগঠনত মহিলা অথবা শিশুক যদি তাৰ ছুপাৰিনটেণ্ডেন্ট অথবা মেনেজাৰে যৌনকাৰ্য চৰিতাৰ্থ কৰে, তেন্তে তেওঁক ৫ বছৰ বা অধিক কাল কাৰাদণ্ড আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে।

ভাৰতীয় দণ্ডবিধি (IPC) ৰ ধাৰা 376 (D) অনুসৰি কোনো হাস্পতাল Staff বা management ৰ কোনো মহিলাক যদি যৌনকাৰ্যৰ বাবে তাৰ মেনেজাৰ বা কোনো ব্যক্তিয়ে বল প্ৰয়োগ কৰে, তেন্তে সেই ব্যক্তিক ৫ বছৰ বা তাতকৈ অধিক কাল কাৰাদণ্ড আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে।

ভাৰতীয় দণ্ডবিধিত এনেধৰণৰ অপৰাধসমূহৰ ক্ষেত্ৰত বিশেষ শাস্তি প্ৰদানৰ ব্যৱস্থা আছে যদিও আমাৰ দেশত ধৰ্ষণ, অশালীন ব্যৱহাৰ আদি কাৰ্যবোৰ কমা নাই। মহিলাক সাংবিধানিক অধিকাৰ প্ৰদান কৰা হৈছে যদিও আজিও মহিলাসকল বাৰে বাৰে বিভিন্ন ক্ষেত্ৰত থমকি ৰ’ব লগা হয়। প্ৰত্যেক দিনাই বিশ্বৰ ১০ শতাংশ মহিলাৰ ওপৰতে শাৰীৰিক উৎপীড়ন চলা দেখা যায়। বৰ্তমান আমাৰ দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা অপৰাধ, ধৰ্ষণ, নিৰুদ্দেশ আদি ঘটনাৰ ব্যাপক হাৰলৈ চাই নাৰী অধিক শক্তিশালী হোৱাটো নিতান্তই প্ৰয়োজন হৈ পৰিছে। কেৱল মানসিকভাৱে পুৰুষৰ লগত খোজ মিলাই চলিলেই নহ’ব, বিপদ কালত উপযুক্ত কাৰিকৰী কলা-কৌশল প্ৰয়োগ কৰি মহিলাই শাৰিৰীক সক্ষমতাৰ উচিত পৰিচয় দিয়াৰো সময় আহি পৰিছে।

লেখিকা: জুলী বৰুৱা, গণ অধিকাৰ।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate