অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰাহকৰ সুৰক্ষা

গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰাহক সুৰক্ষা আইন, ১৯৮৬ ৰ প্ৰণয়ন আছিল এটা মাইলৰ খুঁটি। এই আইনৰ অধীনত দেশৰ ৬২৯খন জিলা, ৩৫ খন ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰাহকৰ অভাৱ- অভিযোগ নিষ্পত্তিৰ বাবে এজেন্সী আছে- যাৰ জৰিয়তে ক্ৰটিযুক্ত সামগ্ৰী, সেৱা আৰু নীতি বহিৰ্ভূত বাণিজ্যিক কৌশলৰ ক্ষেত্ৰত গ্ৰাহকৰভিযোগৰ সহজ, মিতব্যয়ী আৰু দ্ৰুত ন্যায় প্ৰদান কৰিব পাৰি। কিন্তু গ্ৰাহকৰ অভাৱ-অভিযোগবোৰ অধিক সুষম কৰাৰ বাবে এই আইনখনৰ সংশোধনৰ বাবে চিন্তা-চৰ্চা চলি আছে।

 

গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষা কৰাৰ বাবে ১৯৮৬ চনত প্ৰণয়ন কৰা আইনখনৰ জৰিয়তে গ্ৰাহক বিবাদ নিষ্পত্তিকৰণাৰ্থে গ্ৰাহক পৰিষদ আৰু অন্যান্য কৰ্তৃপক্ষ গঠনৰ ব্যৱস্থা কৰা হৈছে।

গ্ৰাহকৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই আইনখনৰ আধাৰত ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত গ্ৰাহক সুৰক্ষা পৰিষদ গঠন কৰা হৈছে। কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা পৰিষদখন গঠন কৰা হয় কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতাত, য’ত অধ্যক্ষ হিচাপে থাকে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী।

উৎপাদন প্ৰক্ৰিয়াৰ উদ্দেশ্যে আৰু মূল উৎসাহ প্ৰদানকাৰী শক্তি হৈছে গ্ৰাহক, কিন্তু একে সময়তে গোটেই ব্যৱস্থাটোত কেতবোৰ ক্ষেত্ৰত গ্ৰাহকসকল সমানেই ক্ষতিৰ সন্মুখীন হোৱাৰো আশংকা থাকে। ১৯৮৬ চন পৰ্যন্ত গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছিল যদিও ১৯৮৬ চনত পূৰ্বৰ তুলনাত অধিক পৰিসৰত গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰখাৰ বাবে গ্ৰাহক সুৰক্ষা আইনখন প্ৰণয়ন কৰা হয়।

এই আইনখন সকলো সামগ্ৰী আৰু সেৱাৰ বাবে প্ৰযোজ্য। অৱশ্যে পুনৰ বিক্ৰী বা ব্যৱসায়িক উদ্দেশ্যৰ সামগ্ৰী আৰু বিনামূলীয়াকৈ আগবঢ়োৱা সেৱা তথা ব্যক্তিগত সেৱাৰ বাবে চুক্তিৰ অধীনত সেৱাৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য নহয়। এই আইনখনৰ ধাৰাসমূহ হৈছে- ক্ষতিপূৰণ প্ৰদানৰ প্ৰকৃতিৰ। ই ব্যক্তিগত, ৰাজহুৱা, যুটীয়া আৰু সমবায় খণ্ডক সামৰি লয়।

গ্ৰাহক সুৰক্ষা আইনে গ্ৰাহকক বহু ধৰণৰ অধিকাৰ প্ৰদান কৰিছে

যেনে-

  • সুৰক্ষাৰ অধিকাৰ
  • জ্ঞাত হোৱাৰ অধিকাৰ
  • আপত্তি দাখিল কৰাৰ অধিকাৰ
  • নিৰ্বাচন কৰাৰ অধিকাৰ
  • আপত্তি নিষ্পতিৰ অধিকাৰ আৰু
  • গ্ৰাহক শিক্ষাৰ অধিকাৰ

গ্ৰাহকনো কোন

যিকোনো সামগ্ৰী এটা বিবেচনাৰ আধাৰত ক্ৰয় কৰা ব্যক্তি বা ক্ৰেতাৰ সন্মতি সাপেক্ষে এনে সামগ্ৰী ব্যৱহাৰ কৰা ব্যক্তি হৈছে গ্ৰাহক। তেনেদৰে কোনো এটা সেৱা বিবেচনাৰ আধাৰত গ্ৰহণ কৰা ব্যক্তি আৰু এনেদৰে গ্ৰহণ কৰা ব্যক্তিৰ অনুমোদন সাপেক্ষে এই সেৱাৰ সুবিধা লাভ কৰা ব্যক্তি হৈছে গ্ৰাহক।

 

সামগ্ৰী

সামগ্ৰীৰ অৰ্থ হৈছে যিকোনো অস্থাৱৰ সম্পত্তি আৰু লগতে অংশ। কিন্তু কোনো নিলামযোগ্য দাবী ইয়াৰ অন্তৰ্ভুক্ত নহয়।

সেৱা

সেৱাৰ ভিতৰত পৰে বেংকিং, বীমা, পৰিবহন, সংসাধন, আৱাসন, বিদ্যুত শক্তিৰ যোগান, বিনোদন, থকা আৰু খোৱা।

অভিযোগৰ প্ৰস্তুতি

  • যিকোনো অসৎ ব্যৱসায়িক বা সীমাবদ্ধ ব্যৱসায়িক কাম-কাজ।
  • ক্ৰটিযুক্ত সামগ্ৰী।
  • সেৱাৰ ক্ষেত্ৰত ঘাটি।
  • অত্যাধিক মূল্য আদায়।
  • বেআইনী সামগ্ৰীৰ বিক্ৰী, যিবোৰৰ ব্যৱহাৰ জীৱনৰ বাবে বিপদজনক।

গ্ৰাহক আদালত

গ্ৰাহক সুৰক্ষা আইনৰ অধীনত থকা আদালতৰ ব্যৱস্থাটো তিনিতৰপীয়া।

  • ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগ- এই আয়োগে ১ কোটি টকাৰ ওপৰৰ বিষয়বোৰ বিবেচনা কৰে।
  • গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগ বা ৰাজ্যিক আয়োগ। এই আয়োগে ১ কোটি টকা পৰ্যন্ত বিষয়বোৰ বিবেচনা কৰে।
  • গ্ৰাহক বিবাদ নিষ্পত্তি মঞ্চ বা জিলা মঞ্চঃ বছৰি লাখ টকা পৰ্যন্ত বিষয়বোৰ এই মঞ্চই বিবেচনা কৰে।

উকা কাগজত হাতে লিখি অভিযোগ দাখিল কৰিব। ইয়াত কোনো ষ্টাম্প আদিৰ প্ৰয়োজন নহয়। এজন গ্ৰাহকে, এটা পঞ্জীকৃত গ্ৰাহক সংগঠনে, কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰে আৰু একে স্বাৰ্থ একে হ’লে একাধিক গ্ৰাহকে অভিযোগ দাখিল কৰিব পাৰে। অভিযোগ দাখিল কৰাৰ সময়ত অভিযোগৰ প্ৰকৃতি স্পষ্টভাৱে লিখি দিয়াৰ লগতে কি ধৰণৰ সকাহ বিচৰা হৈছে সেয়া লিখি দিব লাগে।

 

প্ৰদান কৰিব পৰা সকাহ

  • ক্ৰ্টিযুক্ত সামগ্ৰীৰ মেৰামতি।
  • ক্ৰ্টিযুক্ত সামগ্ৰী সলাই দিয়া।
  • ক্ৰ্টিযুক্ত সামগ্ৰী বা সেৱাৰ বাবে আদায় দিয়া ধন ঘূৰাই দিয়া।
  • সেৱাৰ ক্ষেত্ৰত থকা ঘাটি অপসাৰণ কৰা।
  • আদায় কৰা অতিৰিক্ত ধন ঘূৰাই দিয়া।
  • জীৱন আৰু সুৰক্ষাৰ প্ৰতি বিপজ্জনক সামগ্ৰী প্ৰত্যাহাৰ কৰা।
  • আনটো পক্ষৰ অৱহেলাৰ বাবে হোৱা গ্ৰাহকৰ ক্ষতি বা লোকচানৰ বাবে ক্ষতিপূৰণ আদায় দিয়া।
  • অভিযোগৰ দাখিল আৰু তাক আগবঢ়াই নিব লগা হোৱাৰ বাবে উপযুক্ত ধৰণে খৰচ আদায় দিয়া।

সাধাৰণতে আনটো পক্ষলৈ জাননী জাৰি কৰাৰ পৰা ৯০ দিনৰ ভিতৰত অভিযোগ নিষ্পত্তি কৰিব লাগে। যিবোৰ ক্ষেত্ৰত কোনো সামগ্ৰীৰ নমুনা পৰীক্ষা কৰিবলগীয়া হয়, তেনেক্ষেত্ৰত ১৫০ দিনৰ ভিতৰত অভিযোগ নিষ্পত্তি হ’ব লাগে। অৱশ্যে ব্যৱহাৰিক কাৰণত অধিক সময়ৰ প্ৰয়োজন হ’ব পাৰে।

সকলো ৰাজ্য আৰু কেন্দ্ৰত গ্ৰাহক সুৰক্ষা পৰিষদ গঠন কৰা হৈছে। গ্ৰাহক স্বাৰ্থক সুৰক্ষা দিয়া তথা গ্ৰাহকৰ স্বাৰ্থৰ হকে কাম কৰাটো হৈছে ইয়াৰ দায়িত্ব। এই পৰিষদবোৰ হৈছে উপদেষ্টা প্ৰকৃতিৰ আৰু ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক গ্ৰাহকৰ স্বাৰ্থৰ হকে নীতি যুগুত কৰাৰ অনুমোদন প্ৰদানৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। উল্লেখ্য যে গ্ৰাহক সুৰক্ষা আইন, ১৯৮৬ জন্মু আৰু কাশ্মীৰত প্ৰযোজ্য নহয়।

গ্ৰাহক সুৰক্ষা আইনে সাধাৰণ গ্ৰাহকক তেওঁলোকৰ আপত্তি সংক্ৰান্তত কম খৰচী আৰু দ্ৰুত নিষ্পত্তিৰ সুবিধা প্ৰদান কৰে। আইনখনে গ্ৰাহকৰ মাজত সজাগতা অনাৰ বাবে আইনখনে কেন্দ্ৰ, প্ৰতিখন ৰাজ্য আৰু প্ৰতিখন জিলাত গ্ৰাহক সুৰক্ষা পৰিষদ গঠনত অনুমোদন জনাইছে। কেন্দ্ৰীয় পৰিষদখনৰ নেতৃত্বত কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰীজন থকাৰ বিপৰীতে ৰাজ্যিক পৰিষদৰ নেতৃত্বত থাকে সংশ্লিষ্ট ৰাজ্যৰ গ্ৰাহক পৰিক্ৰমা মন্ত্ৰীজন।

গ্ৰাহক বিবাদৰ দ্ৰুত, কম খৰচী নিষ্পত্তিৰ বাবে প্ৰতিখন জিলা, ৰাজ্য আৰু কেন্দ্ৰত অৰ্দ্ধ-ন্যায়িক প্ৰতিষ্ঠান গঠন কৰা হৈছে। এইবোৰক কোৱা হয় ক্ৰমে জিলা মঞ্চ, ৰাজ্যিক গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ আয়োগ আৰু ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ আয়োগ। প্ৰতিখন জিলা মঞ্চৰ মুৰব্বীজন হৈছে একোজন জিলা বিচাৰক বা জিলা বিচাৰক হিচাপে নিযুক্তি পাবৰ যোগ্য ব্যক্তি। প্ৰতিখন ৰাজ্যিক আয়োগৰ মুৰব্বীজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পৰ্যায়ৰ ব্যক্তি।

 

ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ আয়োগ গঠন কৰা হৈছিল ১৯৮৮ চনত। উচ্চতম ন্যায়ালয়ত কৰ্মৰত বা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এজনে ইয়াক নেতৃত্ব দিয়ে। বৰ্তমান ইয়াৰ নেতৃত্বত আছে উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ ডি কে জৈন। ন্যায়াধীশ জৈন ইয়াৰ অধ্যক্ষ আৰু ইয়াৰ সদস্যৰ সংখ্যা হৈছে দহ।

আইনখনৰ ধাৰাই সামগ্ৰীৰ লগতে সেৱাকো সামৰি লয়। সামগ্ৰী হৈছে সেইবোৰ- যিবোৰ উৎপাদন কৰা হয় বা নিৰ্মাণ কৰা হয় আৰু পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীৰ জৰিয়তে গ্ৰাহকৰ ওচৰত বিক্ৰী কৰা হয়। আনহাতে, সেৱাৰ ভিতৰত পৰে পৰিবহন, বিদ্যুত, আৱাসন, বেংককিং, বীমা, চিকিৎসা সেৱা ইত্যাদি।

যদি গ্ৰাহক এজন জিলা গ্ৰাহক মঞ্চৰ সিদ্ধান্তত সন্তষ্ট নহয়, তেওঁ ৰাজ্যিক আয়োগৰ ওচৰত আবেদন জনাব পাৰে। তেনেদৰে ৰাজ্যিক আয়োগৰ সিদ্ধান্তত সন্তুষ্ট ন’হয়, তেওঁ ৰাজ্যিক আয়োগৰ ওচৰত আবেদন জনাব পাৰে। তেনেদৰে ৰাজ্যিক আয়োগৰ সিদ্ধান্তত সন্তষ্ট নহ’লে ৰাষ্ট্ৰীয় আয়োগৰ ওচৰ চাপিব পাৰি।

গ্ৰাহক সুৰক্ষা আইনৰ উদ্দেশ্য ফলৱতী হোৱাৰ বাবে ৰাষ্ট্ৰীয় আয়োগৰ ওচৰত সকলো ৰাজ্যিক আয়োগৰ ওচৰত সকলো ৰাজ্যিক আয়োগৰ ওপৰত প্ৰশাসনীয় নিয়ন্ত্ৰণ অৰ্পন কৰা হৈছে। সেই অনুসৰি ৰাষ্ট্ৰীয় আয়োগে ৰাজ্যিক আয়োগসমূহক নিৰ্দেশনা প্ৰদান কৰিব পাৰে।

সংশোধনৰ প্ৰস্তাৱ

গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে গ্ৰাহক সুৰক্ষা আইন ১৯৮৬ত কেতবোৰ সংশোধন ঘটোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। আইনখনক অধিক শক্তিশালী কৰাই হৈছে ইয়াৰ উদ্দেশ্য। সেই অনুসৰি গ্ৰাহক স্বাৰ্থ সুৰক্ষা কৰ্তৃপক্ষ গঠনৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ শাস্তি বিহাৰ কৰ্তৃত্ব থাকিব। এই কৰ্তৃপক্ষই নিজাববীয়াকৈ প্ৰক্ৰিয়া আৰম্ভ কৰিব। বৰ্তমানৰ ব্যৱস্থাত তিনিতৰপীয়া গ্ৰাহক আদালতৰ ব্যৱস্থা আছে- জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ। এই আদালতসমূহে গ্ৰাহকৰ স্বাৰ্থৰ দিশটো চায়। কিন্তু ইয়াত গোটেই প্ৰক্ৰিয়াটো যথেষ্ট বিলম্ব হয়। এতিয়া এই প্ৰক্ৰিয়া সবল আৰু দ্ৰুত কৰিব বিচৰা হৈছে। তদুপৰি ৰাষ্ট্ৰীয় উমৈহতীয়া বজাৰ ব্যৱস্থাৰো পৰিকল্পনা কৰা হৈছে আৰু ই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ সমন্বিত মূল্য নিৰ্দ্ধাৰণ কৰিব।

তদুপৰি মজুতকৰণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰো পৰিকল্পনা কৰা হৈছে। সেই অনুসৰি এনে অপৰাধৰ শাস্তি এবছৰ পৰ্যন্ত কাৰাবাস কৰিবলৈ পৰিকল্পনা কৰা হৈছে। সেই অনুসৰি এনে অপৰাধৰ শাস্তি এবছৰ পৰ্যন্ত কাৰাবাস কৰিবলৈ পৰিকল্পনা কৰা হৈছে। তেনেদৰে এনে অপৰাধ জামিন অযোগ্য অপৰাধ হিচাপে গণ্য কৰাৰো চিন্তা-চৰ্চা চলিছে। ভুল উচ্চাৰণৰ বিজ্ঞাপণ আৰু ই-বাণিজ্য’ও সংশোধিত আইনখনৰ আওতালৈ আহিব। তেনেদৰে গ্ৰাহক মঞ্চবোৰ অধিক সবল কৰাৰো পৰিকল্পনা কৰা হৈছে যাতে অভিযোগকাৰী গ্ৰাহকে অধিবক্তাৰ সহায় ল’ব লগা নহয়।

উৎসঃ দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate