গাঁওৰ এজন উদ্যোগী যুৱক বসন্তৰ বয়স ৪০ বছৰ। চাকৰি বিচাৰি থকাতকৈ ব্যৱসায় কৰাই ভাল বুলি ভাবি ব্যৱসায় কৰি সুন্দৰকৈ সংসাৰ চলাই আছে। গৃহিণী পত্নী, দুই সন্তান আৰু মাক-দেউতাকাৰ সৈতে এখন সুখৰ সংসাৰ। বসন্তৰ সপোন দুই সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি ডাঙৰ মানুহ কৰাৰ। তাৰবাবে তেওঁ বেংকৰ মাহেকীয়া যোজনাত এতিয়াৰ পৰাই টকা জমা কৰি গৈছে। বাকী মাক-দেউতাকৰ চিকিৎসাৰ বাবেও অলপ টকা আছুতীয়াকৈ ৰাখিছে। মিতব্যয়ী বসন্তই যেনেকৈ পাৰি টকা ৰাহি কৰি ভবিষ্যতলৈ সঁচাৰ ব্যৱস্থা কৰিছে যাতে ব্যৱসায় মন্দা হ’লেও দুবছৰমান চলিব পৰা যায়। এইখিনিলৈকে বসন্তৰ পৰিকল্পনা মতে সকলো ঠিকেই আছিল। কিন্তু তলৰ ঘটনাটো ঘটিলে কি হ’ব পাৰে এবাৰ ভাবি চাওঁকচোন।
এনকেফেলাইটিছত আক্ৰান্ত হৈ বসন্ত হঠাতে মৃত্যুমুখত পৰিল। এতিয়া পৰিয়ালটিৰ কি হ’ব? পৰিয়ালৰ দায়িত্ব, সন্তানৰ উচ্চশিক্ষা ইত্যাদিৰ যত্ন কোনে ল’ব। তেওঁৰ অবৰ্তমানত পৰিয়ালৰ দায়িত্ব চম্ভালিবলৈ কি বিকল্প ব্যৱস্থা আছে? আমি দুৰ্ভাগ্যজনক বুলি কোৱা এই উদাহৰণটোৰে কাকো ভীতি-সন্ত্ৰস্ত কৰা আমাৰ উদ্দেশ্য নহয়। ইয়াৰ দ্বাৰা ক’ব বিচৰা হৈছে যে বীমাৰ প্ৰয়োজনীয়তা অনুধাৱনৰ জৰিয়তে এই সমস্যাৰ সমাধান সম্ভৱ। এতিয়া প্ৰশ্ন হ’ব কেনেকৈ? বসন্তই কৰা ব্যৱসায়ৰ দায়িত্ব, পৰিয়ালৰ দায়িত্ব বীমাই কেনেকৈ চম্ভালিব?
উত্তৰত ক’ব পাৰি যে বসন্তৰ মৃত্যুত পৰিয়ালৰ যি ক্ষতি হ’ল সেই ক্ষতি কোনেও পূৰণ কৰিব নোৱাৰে। কিন্তু পৰিয়ালৰ একমাত্ৰ আয়ৰ উৎস মানুহজনৰ মৃত্যুত পৰিয়ালটিৰ যি আৰ্থিক ক্ষতি হ’ল সেই ক্ষতিৰ পৰাহে জীৱন বীমাই পৰিয়ালটিক সুৰক্ষা দিব পাৰে। পৰিয়ালটিৰ জীৱন ধাৰণৰ ব্যয়, সন্তানৰ উচ্চশিক্ষাৰ খৰচ ইত্যাদি জীৱন বীমাৰ বীমাৰাশিৰ টকাৰে পূৰ কৰাটো সম্ভৱ।
এইখিনিতে আকৌ প্ৰশ্ন হ’ব কিমান কিমান পৰিমাণৰ টকাৰ বীমাৰাশি পৰিয়ালটোৱে পাব পাৰে? উত্তৰ হ’ব পৰিয়ালৰ একমাত্ৰ আয় কৰোতা মানুহজন হিচাপে বসন্তৰ ক্ষতিশংকাৰ (Risk) মাপৰ উপৰত আৰু কিমান পৰিমাণৰ আৰ্থিক ক্ষতি বীমাৰ জৰিয়তে সুৰক্ষিত কৰি ৰাখিব বিচাৰে তাৰ ওপৰত বীমাৰাশিৰ পৰিমাণ নিৰ্ভৰ কৰিব।
কোনোবাই হয়তো প্ৰশ্ন কৰিব এই বীমানো কি বস্তু? বীমাৰ সংজ্ঞা কি? সহজ অৰ্থত বীমা হ’ল কোনো বীমা প্ৰদাতা (কোম্পানী) আৰু বীমা ধাৰকৰ (পলিচীহল্ডাৰ) মাজত এক চুক্তি। বীমা ধাৰকে দিয়া কিস্তিৰ (প্ৰিমিয়াম) বিনিময়ত বীমা ধাৰকক বীমা প্ৰদাতাই চুক্তিৰ আধাৰত কোনো নিৰ্দিষ্ট ঘটনা ঘটিলে নিৰ্দিষ্ট ৰাশিৰ ধন দিবলৈ অঙ্গীকাৰবদ্ধ থাকে।
ওপৰৰ উদাহৰণটোত বসন্তই যদি বছেৰেকীয়া আয়ৰ অন্তত: দহ গুণ মূল্যৰ বীমা কৰাই ৰাখিলেহেঁতেন তেন্তে তেওঁৰ অবৰ্তমানত পৰিয়ালটোৱে টকা পইচাৰ বাবে কোনো বিশেষ চিন্তা কৰিবলগীয়া নহ’লহেঁতেন, অন্তত: বেছ কিছু বছৰলৈ।
এতিয়া কথা হ’ল বীমাই কেনে ধৰণেনো কাম কৰে? বীমা হ’ল এক ক্ষতিশংকা (ৰিস্ক) হস্তান্তৰ প্ৰক্ৰিয়া। ওপৰৰ উদাহৰণত বসন্তৰ অকালমৃত্যু এক ক্ষতিশংকা। মৃত্যুৰ দৰে চিকিৎসা ব্যয়ো এক ক্ষতিশংকা। এই ক্ষতিশংকাৰ মোকাবিলা কৰাৰ একমাত্ৰ উপায় হ’ল ক্ষতিশংকাৰ হস্তান্তৰ। ক্ষতিশংকা নিজৰ হাতত ৰাখি থোৱাতো কোনো বুদ্ধিমানৰ কাম নিশ্চয় নহয়। বীমাধাৰী গ্ৰাহকে (পলিচীহল্ডাৰ) বীমা প্ৰদাতাৰ ওচৰত ক্ষতিশংকা হস্তান্তৰ কৰে আৰ্থিক মূল্যৰ বিনিময়ত যাক আমি প্ৰিমিয়াম বুলি কওঁ আৰু যেতিয়াই কোনো দুৰ্ঘটনা বা নিৰ্দিষ্ট কাৰণত সেই ক্ষতিশংকা বাস্তৱত ঘটে তেতিয়া বীমা প্ৰদাতাই (কোম্পানীয়ে) বীমা ধাৰকক বা বীমা ধাৰকৰ দ্বাৰা মনোনীত আত্মীয়ক (নমিনীক) আৰ্থিক ক্ষতিপূৰণ দিবলৈ অঙ্গীকাৰবদ্ধ থাকে।
বীমা প্ৰদাতাই একেধৰণৰ ক্ষতিশংকা থকা লোকসকলৰ পৰা বীমাৰ কিস্তি সংগ্ৰহ কৰি এক ক্ষতিশংকা নিধি ( ৰিস্ক ফাণ্ড) গঢ়ি তোলে। যিহেতু একে সময়তে সকলোৰে দুৰ্ঘটনা নহয় গতিকে একে সময়তে সকলোৰে পৰা দাবী নিষ্পত্তিৰ (ক্লেইম) আবেদন নাহে, যি সকলৰ পৰা আহে তেওঁলোকক ক্ষতিশংকা নিধিৰ পৰা নিৰ্দিষ্ট চুক্তিমৰ্মে পূৰ্বনিৰ্ধাৰিত আৰ্থিক ক্ষতিপূৰণ দিয়া হয়। সহজ অৰ্থত কোনো বিপৰ্য্যয় ফলত হ’ব পৰা আৰ্থিক লোকচানৰ পৰা বীমাই মানুহক ৰক্ষা কৰে, নিৰাপত্তা দিয়ে।
বীমা যোজনাসমূহ দীৰ্ঘ-ম্যাদী বিনিয়োগৰ উত্তম মাধ্যম ৰূপেও ব্যৱহাৰ কৰিব পাৰি যাতে ম্যাদপূৰ্তিত বিনিয়োগৰ পৰা কিছু লাভাংশও পোৱা যায়। অৱশ্যে এই লাভ বীমাকাৰীৰক্ষতিশংকাৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ লগতে আয়কৰ আইনৰ 80-C আৰু 80-D ধাৰা অনুসৰি জীৱন বীমা কিস্তিৰ বাবদ ১,১৫০০০ (১০০০০০ 80C ত আৰু ১৫০০০ 80Dত) টকালৈকে আয়কৰ ৰেহাই পোৱা যায়।
আমাৰ দেশৰ বীমাশিল্পৰ ইতিহাস চাবলৈ গলে যথেষ্ট পুৰণি। ১৮১৮ চনতে কলিকতাৰ অৰিয়েণ্টেল লাইফ ইন্সুৰেঞ্চকোম্পানীয়ে ভাৰতবৰ্ষত প্ৰথম জীৱন বীমাৰ ব্যৱসায় আৰম্ভ কৰিছিল। ১৮৩৮ চনত কোম্পানীতো বন্ধ হয়। ইয়াৰ লগতে মাদ্ৰাজ ইকুইটেবল কোম্পানী, বম্বে মিউচুৱেল, এম্পায়াৰ ইণ্ডিয়া আদি বহুত কোম্পানীয়ে দেশত বীমা ব্যৱসায়ৰ লগত জড়িত হৈ পৰে। ১৯৩৮ চনত গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিতকৰাৰ বাবে বীমা আইন ১৯৩৮ প্ৰণয়ন কৰা হয়। এই আইনৰ সহায়ত ভাৰত চৰকাৰে কোম্পানীসমূহৰ কাম-কাজৰ ওপৰত কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ ক্ষমতা গ্ৰহণ কৰে যদিও কোম্পানীসমূহৰ মাজত চলা প্ৰতিযোগিতা তথা বিভিন্ন জালিয়াতিৰে গ্ৰাহকক প্ৰতাৰণা কৰাৰ অভিযোগৰ বাবে বাবে ১৯৫০ চনত চৰকাৰে বীমা ব্যৱসায় ৰাষ্ট্ৰীয়কৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সিদ্ধান্তৰ ভিত্তিতে ১৯৫৬ চনৰ এক ছেপ্তেম্বৰত২৪৫ টা বীমা কোম্পানী একত্ৰিকৰণ কৰি ভাৰতীয় জীৱন বীমা নিগমৰ গঠন কৰে। ১৯৫৬ চনৰ পৰা ১৯৯৯ চনলৈ দেশৰ জীৱন বীমা উদ্যোগত কেৱল ভাৰতীয় জীৱন বীমা নিগমে জীৱন বীমাৰ ব্যৱসায় কৰি আহিছিল। ১৯৯৯চনত বীমা উদ্যোগৰ নিয়ন্ত্ৰণ তথা উন্নয়নৰ বাবে IRDA (Insurance Regulatory and Development Authority) গঠন হোৱাৰ লগে লগে দেশৰ বীমা খণ্ড বেচৰকাৰী কোম্পানীৰ বাবে মুকলি হৈ পৰিল আৰু বৰ্তমান ২৩ টা বেচৰকাৰী কোম্পানীয়ে ভাৰতীয় জীৱন বীমা নিগমৰ লগতে বৰ্তমান দেশত জীৱন বীমাৰ ব্যৱসায় চলাই আছে।
মিন্টু বৰগোঁহাই
শেহতীয়া উন্নীতকৰণ: : 3/17/2020
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...
অসমীয়া জাতীয় জীৱনত মহাপুৰুষ দুজনাৰ অৱদান
অসমীয়া লোকগীতত শ্ৰীকৃষ্ণ
আপোনাক কিমান সময়ৰ টোপনিৰ প্ৰয়োজন হয় সেই বিষয়ে কিছু...