মূল পৃষ্ঠা / সমাজ কল্যাণ / সামাজিক সজাগতা / ডাইনী হত্যা: এক সামাজিক ব্যাধি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডাইনী হত্যা: এক সামাজিক ব্যাধি

ডাইনী আমাৰ সমাজত এক শংকা তথা ঘৃণা ভৰা শব্দ যাৰ অৰ্থ যাদুকৰী বা মায়াবী শক্তিৰ অধিকাৰী কোনো এক ব্যক্তি৷ ডাইনী হত্যা,

বিৱৰণ

ডাইনী আমাৰ সমাজত এক শংকা তথা ঘৃণা ভৰা শব্দ যাৰ অৰ্থ যাদুকৰী বা মায়াবী শক্তিৰ অধিকাৰী কোনো এক ব্যক্তি৷ ডাইনী হত্যা, অজস্ৰ প্ৰচলিত অন্ধবিশ্বাসৰ মাজত এক ভয়ংকৰ অন্ধবিশ্বাস যি ব্যক্তি এজনৰ জীয়াই থকাৰ অধিকাৰ কোনো কাৰণ নোহোৱাকৈ খৰ্ব কৰে৷ পশ্চিমীয়া দেশত ১৭ শতিকাতে পৰা ডাইনী হত্যাৰ প্ৰচলন প্ৰায় বন্ধ হোৱাৰ বিপৰীতে আমাৰ দেশত ই এতিয়াও এক সামাজিক ব্যাধি হৈ আছে৷ আচৰিত হ’লেও সত্য যে মধ্য যুগত শাসন-শোষণ চলাই নিবলৈ ইউৰোপৰ শাসক/ৰাজ পৰিয়ালৰ প্ৰত্যক্ষ প্ৰৰোচনাত ডাইনীৰ বিচাৰ আৰু হত্যা চলিছিল৷ প্ৰায় প্ৰতিজন ধাৰ্মিক ব্যক্তিৰে মনত মায়াবী বা যাদুকৰী শক্তিৰ উৎস হিচাপে চয়তান (বাক, যখিনী ইত্যাদি)ক বিশ্বাস কৰে, কাৰণ ধাৰ্মিক লোকৰ মতে দেৱ-দেৱী/ঈশ্বৰ ব্যতিৰেকে কেৱল চয়তানৰহে এনে অলৌকিক, অপাৰ্থিৱ শক্তি আছে৷ আৰু এই বিশ্বাসে ডাইনী তন্ত্ৰক ধৰ্মৰ বিপৰীতে বিধৰ্ম বুলি বিশ্বাস কৰিবলৈ লৈছিল৷ ডাইনী এজনে নিজৰ যাদুকৰী মায়াবী শক্তিৰে মানুহৰ বেমাৰ সৃষ্টি কৰা, পথাৰৰ শস্য ধ্বংস কৰা, পোহনীয়া জীৱ-জন্তু হত্যা কৰা বুলি বহু ধৰ্ম বিশ্বাসী মানুহে অন্ধভাৱে বিশ্বাস কৰে৷

প্ৰতিবছৰে বিশ্বত অসংখ্য মানুহক ডাইনী আখ্যা দি হত্যা কৰা হয়৷ ভাৰতবৰ্ষতো ডাইনী হত্যাৰ নামত অজস্ৰ মানুহক শাৰীৰিক নিৰ্যাতন তথা হত্যা কৰা হয় আৰু এনে অপৰাধৰ অধিকাংশ নথিভুক্ত নহয়৷ অসমতে যোৱা পাঁচ বছৰত ৪০০টা মান ডাইনীৰ নামত নিৰ্যাতন বা হত্যাৰ গোচৰ নথিভুক্ত হৈছে৷ ডাইনী হত্যা ইমানেই ভয়ংকৰ ব্যাধি যে অসমকে ধৰি উড়িষ্যা, ঝাৰখণ্ড, বিহাৰ, ছত্তিশগড়ত ডাইনী হত্যা/নিৰ্যাতন ৰোধ কৰিবলৈ চৰকাৰ আইন প্ৰণয়ন কৰিব বাধ্য হৈছে৷ পিছে কেৱল আইন প্ৰণয়ন কৰি এই সামাজিক ব্যাধি নিৰাময় কৰিব নোৱাৰি৷

ডাইনী তন্ত্ৰত বিশ্বাস আৰু ডাইনী হত্যাৰ সামাজিক কাৰক আৰু ইয়াক নিৰাময়ৰ পথ বিচাৰি বিশ্বজোৰা বিশাল পৰিসৰত অধ্যয়ন কৰা হৈছে৷ ডাইনী হত্যাৰ ইতিহাস আৰু সংশ্লিষ্ট তথ্যপাতি বিশ্লেষণৰ দ্বাৰা বিশ্বজোৰা ডাইনী তন্ত্ৰৰ কাৰণ ৰূপে কেইটামান প্ৰধান কাৰক চিহ্নিত কৰিছে৷ ইয়াৰে কিছুমান কাৰক আজিৰ দিনত বিশ্বাস কৰিবলৈ টান হ’লেও মধ্যযুগত শিক্ষা আৰু স্বাস্থ্য সেৱাৰ অভাৱত তেনে কাৰকেই বৃহৎ ৰূপে প্ৰভাৱিত কৰিছিল৷

ডাইনিৰ উৎভাৱন তথা বিভিন্ন তথ্য

কেতিয়াবা এটা অঞ্চলৰ লোকৰ মাজত কিছুমান অচিন বেমাৰৰ প্ৰাদুৰ্ভাৱ, হঠাৎ একেলগে কেইবাজনো খেতিয়ক বা কাৰখানাৰ কৰ্মী বা একে কৰ্মত নিয়োজিত মানুহ অজান কাৰণত, কৰ্ম সংক্ৰান্তীয় মানসিক চাপৰ ফলত অসুস্থ হৈ পৰা, চিকাৰলৈ গৈ অজ্ঞাত কাৰণত আতংকিত হোৱা, মনোবৈজ্ঞানিক অসুস্থতা ইত্যাদি ধৰণৰ অচিন অসুস্থতা আৰু কেতিয়াবা মহামাৰীৰ ৰূপ লোৱা জ্ঞাত বেমাৰ যেনে প্লেগ, হাইজা ইত্যাদিৰ কাৰণ হিচাপে কোনোবা অধৰ্মী যাদুকৰী মায়াবী শক্তিৰ অধিকাৰী  ব্যক্তিক ডাইনী বুলি চিহ্নিত কৰা হয়৷

কোনো এটা ভৌগলিক অঞ্চলত আগৰে পাৰ স্বচ্ছন্দে বাস কৰা কোনো এক জনগোষ্ঠী হঠাতে আন এক জনগোষ্ঠীৰ লগত জীৱিকাৰ প্ৰতিযোগিতাত নামিব লগা হ’লে বা আৰ্থিক বা খাদ্য সামগ্ৰীৰ অভাৱত পৰিলে, স্বচ্ছন্দ জীৱন-যাপনত বাধাগ্ৰস্ত হৈ মূল কাৰকবোৰ বিচাৰি উলিয়াব নোৱাৰি সেইবোৰ কোনোবা যাদুকৰী শক্তিৰ দ্বাৰা কোনোবা বিধৰ্মী লোকে কৰা বুলি ভবা আৰু কোনো এক বা একাধিক ব্যক্তি ডাইনী বুলি চিহ্নিত কৰা হ’ব পাৰে৷ কেতিয়াবা কিছুমান প্ৰতিপত্তিশীল লোকে কোনোবা দুৰ্বল নিৰীহ মানুহৰ, বিশেষকৈ বিধৱা তিৰোতা বা অকলশৰীয়া পুৰুষৰ সম্পত্তিৰ দখল বা বাজেয়াপ্ত কৰাৰ লোভত চক্ৰান্ত কৰি তেনে মানুহক ডাইনী আখ্যা দি নিৰ্যাতন কৰি অঞ্চলৰ পৰা খেদি পঠায় বা হত্যা কৰে৷ একেদৰে কোনো এক ভৌগলিক অঞ্চলত হোৱা দুৰ্ভিক্ষ, যুদ্ধ-বিগ্ৰহ, প্ৰলয়ংকৰ ধুমুহা, বান ইত্যাদিৰ কাৰণেও দোষ জাপি দিবলৈ, অৰ্থাৎ বলিৰ পঠা সজাবলৈ, কাৰোবাক অপশক্তিৰ অধিকাৰী ডাইনী আখ্যা দিয়া হ’ব পাৰে৷

ধৰ্মীয় সমাজ এখনত ধৰ্মৰ আৰু নিজৰ প্ৰতিপত্তি অটুট ৰাখিবলৈ সমাজৰ বৰমূৰীয়াসকলে বা ধৰ্মৰ ওপৰত জীৱিকা নিৰ্ভৰ লোকে কোনো কাৰণতে সমাজত ধৰ্মৰ পথৰ বিপৰীতে যোৱা মানুহ বৰ্তি থকা কামনা নকৰে৷ কোনোবা ব্যক্তি যদি ধৰ্মৰ বিৰোধ কৰিব লয় বা যুক্তিৰে ধৰ্মক, ধৰ্মৰ কথাবোৰক যুক্তিৰে বিশ্লেষণ কৰিব ধৰে, তেতিয়া ধৰ্মৰ ওপৰত জীৱিকা নিৰ্ভৰ ব্যক্তি, যেনে যাজক, পুৰোহিত ইত্যাদি শংকিত হৈ পৰে৷ তেতিয়া ধৰ্মৰ বিৰোধ কৰা বা ধৰ্মৰ কথাবোৰ বিশ্লেষণ কৰা ব্যক্তিজনক ভয় খুৱাবলৈ বা সমাজৰ পৰা আঁতৰ কৰিবলৈ চক্ৰান্ত কৰা হয়, ব্যক্তিজনক চয়তান বা পৈশাচিক শক্তিৰ অধিকাৰী বুলি প্ৰচাৰ চলোৱা হয়৷ ডাইনী বুলি কৈ নিৰ্যাতিত কৰা হয় বা হত্যা কৰা হয়৷ আন ধৰ্মত বিশ্বাসী বা একে ধৰ্মৰে ভিন্ন মতবাদত বিশ্বাসী লোককো কেতিয়াবা একেদৰে চয়তান বা পৈশাচিক ধৰ্মৰ বুলি অপবাদ দি নিৰ্যাতন বা হত্যা কৰা হয়৷ এই ধৰ্মৰ অধিকাৰীসকলেও নিজে জানে যে তেওঁলোকে ধৰ্মৰ নামত নিজক ৰক্ষা কৰিবলৈহে এইদৰে চক্ৰান্ত কৰি ডাইনী সজাই কিছুমান নিৰীহ মানুহক নিৰ্যাতন আৰু হত্যা কৰিছে, কিন্তু এই কথা সাধাৰণ জনতাক কেতিয়াও বুজিব নিদিয়ে৷ আৰু এই কথাবোৰ গোপনে ৰাখিবলৈকে কেতিয়াবা অধিক লোকক চক্ৰান্ত কৰি ডাইনী সজাই নিৰ্যাতন বা হত্যা কৰিব লগা হয়৷ একেদৰেই ৰজা বা শাসক শ্ৰেণীয়ে নিজৰ শোষণ-শাসন বৰ্তাই ৰাখিবলৈও শাসক গোষ্ঠীয়েও একেদৰে শত্ৰু জ্ঞান কৰা লোকক সমাজৰ পৰা আঁতৰাই পঠাবলৈ বিভিন্ন চক্ৰান্ত কৰিছিল, ডাইনী বুলি মিছা অপবাদ দি হত্যাও কৰিছিল৷ ইয়ে জনসাধাৰণৰ মনত শাসক গোষ্ঠীৰ প্ৰতি অনুগত হৈ থাকিবলৈ বাধ্য কৰিছিল৷ একেদৰে শাসন যন্ত্ৰক চলাবলৈ, সাংস্কৃতিক বা পৰম্পৰাগত প্ৰথা তথা ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি আনুগত্য বৰ্তাই ৰাখিবলৈ জনতাৰ মনত ডাইনীৰ ভয় সুমুৱাই দিছিল আৰু এইবোৰত শাসনকৰ্তাৰ সন্মতি আছিল৷

কিছুমান নাৰীবাদী লেখকৰ মতে মহিলাক বঞ্চিত ৰাখিবলৈও ডাইনী প্ৰথাৰ প্ৰচলন কৰি ৰখা হৈছিল৷ তেওঁলোকৰ মতে কোনো মহিলাই পুৰুষতান্ত্ৰিক সমাজৰ নাৰীৰ প্ৰতি থকা দমন-নিপীড়নৰ বিৰোধ কৰা বা তেনে মনোভাৱ প্ৰকাশ কৰা সমাজৰ বৰমূৰীয়াসকলে সহ্য নকৰি সেই মহিলাগৰাকীক ডাইনী আখ্যা দি নিৰ্যাতন বা হত্যা কৰি পুৰুষতান্ত্ৰিক দম্ভ অটুট ৰখাৰ চক্ৰান্ত কৰিছিল৷

এসময়ত ভয়ংকৰ ৰূপ লোৱা ডাইনী হত্যা-হিংসাৰ পৰা ইউৰোপীয় সমাজ বৰ্তমানে সেই ব্যাধিৰ পৰা মুক্ত হ’লেও উন্নয়নশীল বা অনুন্নত দেশবোৰ এতিয়াও ডাইনী প্ৰথাৰ দৰে অন্ধবিশ্বাসৰ, কুসংস্কাৰৰ পৰা মুক্ত হ’ব পৰা নাই৷ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো এতিয়াও ডাইনীৰ নামত হত্যা-হিংসা তথা নিৰ্যাতনৰ ঘটনা প্ৰায়ে ঘটি থাকে৷

অসমৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰ লগত অতীতৰ পৰাই ডাইনী তন্ত্ৰৰ সম্বন্ধ আছে৷ সভ্যতাৰ বিকাশৰ সময়ৰ পৰাই সকলো প্ৰকাৰৰ ৰোগ, মানসিক ব্যাধি বা অন্য দুৰ্যোগ যেনে অনাবৃষ্টি, ধুমুহা, বান ইত্যাদিৰ কাৰক হিচাপে যাদু, ক’লা যাদু, মায়াবী শক্তিক দোষ দিয়াৰ পৰম্পৰা প্ৰচলিত আছিল৷ মায়ং এনে যাদু বা মায়াবী শক্তিৰ পীঠস্থান হিচাপে পৰিচিত য’ত মায়া বা ব্যাধি গ্ৰহৰ পূজা-পাতল চলিছিল বুলি জনবিশ্বাস প্ৰচলিত আছিল৷ এই মায়া বা ব্যাধিৰ পূজাৰীসকল ক’লা যাদু বা মায়াবী শক্তিৰ অধিকাৰী বুলিও বহুতে বিশ্বাস কৰিছিল৷ লোক-সংস্কৃতিতো জ্যোতিষ চৰ্চাৰ লগতো ডাইনী তন্ত্ৰৰ সম্বন্ধ থকা বুলি পোৱা যায়৷ পৰম্পৰাগত ঔষধেৰে চিকিৎসা কৰা বেজ বা ওজাও এনে ক’লা যাদুত পাৰ্গত বুলি জনবিশ্বাস আছে৷ সময়ে সময়ে পৃথিৱীত অলৌকিক শক্তিৰ চৰিত্ৰৰ আবিৰ্ভাৱ হোৱা, অলৌকিক ঘটনা ঘটা, ভৌতিক ঘটনা ঘটা, কলা যাদুৰে অকল্পনীয় কাৰ্য কৰা বুলি বিভিন্ন লোকে দাবী কৰিলেও এইসমূহ বিশ্বাসৰ সমৰ্থনত কোনো বিজ্ঞানসন্মত প্ৰমাণ বা ঐতিহাসিক প্ৰমাণ কোনেও দিব পৰা নাই৷

ডাইনী হত্যা বা নিৰ্যাতনৰ ঘটনাৰ মুখ্য কাৰক

ওপৰত উল্লিখিত কাৰণবোৰে ডাইনী হত্যাৰ প্ৰায়বোৰ ঘটনা বিশ্লেষণ কৰিব পাৰে যদিও অসমত সংঘটিত ডাইনী হত্যা বা নিৰ্যাতনৰ ঘটনাৰ মুখ্য কাৰক হিচাপে চিহ্নিত হৈছে:

১) বহুল ভাৱে প্ৰচলিত অন্ধবিশ্বাস জড়িত প্ৰথা/পৰম্পৰা

২) উপযুক্ত শিক্ষাৰ অভাৱ

৩) আধুনিক স্বাস্থ্য সেৱাৰ অভাৱ

৪) দৰিদ্ৰতা আৰু

৫) চক্ৰান্ত

অসমৰ বেছিভাগ ডাইনী কাণ্ডত কাৰোবাক ডাইনী বুলি চিহ্নিতকৰণত তৃতীয় পক্ষ জড়িত থাকে৷ এনে ঘটনাৰ অধিকাংশ সম্পত্তিৰ লোভ, হিংসা, বিবাহ বহিৰ্ভূত শাৰীৰিক সম্পৰ্ক, পৰিয়ালকেন্দ্ৰিক অৰিয়াঅৰি, ধৰ্মক জীৱিকা কৰা কিছুমান ব্যক্তিৰ জীৱিকাৰ প্ৰতিযোগিতা ইত্যাদি কাৰণত সংঘটিত হৈ আছে৷ শিক্ষাৰ অভাৱেই এটা দ-লৈকে শিপাই থকা কাৰক যি অন্ধবিশ্বাসৰ সৃষ্টি আৰু বহন কৰে৷ অশিক্ষিত সমাজ এখন খুব সহজেই এই অন্ধবিশ্বাসৰ বলি হয়, ধৰ্মৰ নামত কু-সংস্কাৰ পালন কৰে, যি কোনো কাৰ্য কৰিবলৈ দ্বিধাবোধ নকৰে আৰু বিবেকৰহিত গৰ্হিত কাৰ্যও সম্পাদন কৰে৷ আধুনিক শিক্ষাৰ অভাৱত ধৰ্মীয় শিক্ষা গ্ৰহণ কৰা সমাজ এখনতো অন্ধবিশ্বাস সহজে খোপনি পুতি বহে৷ এই অজ্ঞানতা, অন্ধবিশ্বাস আৰু কু-সংস্কাৰে আৱৰি থকা সমাজ এখনত কোনো অচিন বিপদ, ৰোগ-ব্যাধি ডাইনীৰ দ্বাৰা সংঘটিত বুলি ন্যস্ত স্বাৰ্থ জড়িত মহলে বা কোনো তৃতীয় পক্ষই প্ৰচাৰ কৰিলে সহজেই সেয়া সাধাৰণ জনতাই বিশ্বাস কৰিব লয়৷ ডাইনী বুলি চিনাক্ত কৰা ব্যক্তিজনৰ ওপৰত নানা নিৰ্যাতন কৰিবলৈ বা জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰিবলৈ এই কু-সংস্কাৰ যুক্ত অন্ধবিশ্বাসী লোকসকলে ইতস্ততঃ নকৰে৷ একমাত্ৰ আধুনিক শিক্ষা তথা বিজ্ঞানমনস্ক চিন্তাৰ প্ৰসাৰেৰে হে সমাজৰ পৰা এই অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰা সম্ভৱ৷

স্বাধীনতাৰ ৭০ বছৰ পাছতো প্ৰান্তীয় ৰাজ্যখনৰ গ্ৰামাঞ্চলত তথা মফস্বল চহৰত সুলভ হোৱা নাই আধুনিক স্বাস্থ্য সেৱা৷ প্ৰতিবছৰে মেলেৰীয়া, ডায়েৰিয়া, এনকেফেলাইটিচ, জণ্ডিছ, উচ্চ ৰক্তচাপ, টিবি, কেঞ্চাৰ, ইত্যাদি ৰোগত কোনো চিকিৎসা অবিহনে অজস্ৰ মানুহৰ মৃত্যু হয়৷ আধুনিক শিক্ষাৰ পৰা বঞ্চিত হোজা মানুহ সু-স্বাস্থ্য ৰক্ষা কৰা স্বাস্থ্যবিধি নজনা কাৰণে এনে ৰোগৰ কাৰণ সম্পৰ্কে সম্পূৰ্ণ অজ্ঞাত৷ ইয়াৰ ফলত এনে মানুহে কিছুমান অযুক্তিক চিকিৎসা পদ্ধতি গ্ৰহণ কৰে যি শেষত ডাইনী তন্ত্ৰ আৰু ডাইনী হত্যালৈ ঢাল খায়৷

চৰম বতৰ যেনে অনাবৃষ্টি বা অতিবৃষ্টিৰ ফলত খৰাং বা বানপানী হৈ, অচিন পোকৰ আক্ৰমণ বা শস্যৰ সংক্ৰামক ৰোগ হৈ বা পোহনীয়া জীৱ-জন্তুৰ কোনো অচিন ৰোগত মৃত্যু হৈ উপাৰ্জনৰ পথ বন্ধ বা বাধাপ্ৰাপ্ত হোৱা এইবোৰৰ প্ৰকৃত কাৰণ সাধাৰণ হোজা আৰু অশিক্ষিত লোকে চিনাক্ত কৰিব নোৱাৰি ধৰ্ম-কৰ্মৰ আশ্ৰয় লয়৷ আনকি নৈৰ গৰাখহনীয়াৰ দৰে প্ৰাকৃতিক ঘটনাৰ দ্বাৰা আক্ৰান্ত হ’লেও ধৰ্মৰ পথত নিবাৰণ বিচাৰে ধৰ্মপ্ৰাণ ৰাইজ৷ এনে পৰিস্থিতিত ন্যস্ত স্বাৰ্থ জড়িত তৃতীয় পক্ষৰ উচটনিত খুব সহজে কাৰোবাক ডাইনী বুলি অপবাদ দি এনে সব অপায়-অমঙ্গলৰ কাৰণে দোষী সাব্যস্ত কৰি নিৰ্যাতন বা হত্যা কৰা দেখা যায়৷

আৰ্থিকভাৱে অনগ্ৰসৰ আৰু প্ৰধানতঃ কৃষি নিৰ্ভৰ অসমৰ দৰে ৰাজ্য এখনত, য’ত সাধাৰণ ৰাইজৰ মাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, পৰম্পৰাৰ লগত সংযুক্ত হৈ আছে এশ-এবুৰি অন্ধবিশ্বাস আৰু কু-সংস্কাৰ, কেৱল আইন প্ৰণয়ন কৰিয়ে ডাইনী বিদ্যাৰ দৰে এক গভীৰ অন্ধবিশ্বাস দূৰ কৰা সম্ভৱ নহয়৷ অন্ধবিশ্বাস, কু-সংস্কাৰ তথা ডাইনী হত্যাৰ দৰে ব্যাধি সমাজৰ পৰা দূৰ কৰিবলৈ হ’লে চৰকাৰে কিছুমান পদক্ষেপ লোৱাৰ প্ৰয়োজন|

প্ৰধান পদক্ষেপ কেইটামান হ’লঃ

১) আধুনিক বিজ্ঞানসন্মত শিক্ষাৰ বহুল প্ৰসাৰ কৰা,

২) প্ৰতিজন নাগৰিকৰ কাৰণে আধুনিক চিকিৎসা উপলব্ধ নিশ্চিত কৰা,

৩) সকলো বতৰতে ব্যৱহাৰ কৰিব পৰা যাতায়াত ব্যৱস্থা কৰা,

৪) অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰণালীৱদ্ধ প্ৰচাৰৰ ব্যৱস্থা কৰা,

৫) আধুনিক জলসিঞ্চন ব্যৱস্থা কৰা আৰু

৬) আৰ্থিক উন্নয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ৷

উপৰোক্ত পদক্ষেপবোৰ আন্তৰিকতাৰে লোৱাৰ উপৰি অসম চৰকাৰে “Assam Witch Hunting (Prohibition, Prevention and Protection) Act, 2015” আইনখন কঠোৰ ভাৱে প্ৰয়োগ কৰিব লাগে৷ কিন্তু কেৱল চৰকাৰেই সকলো কৰিব বুলি আশা কৰি আধুনিক শিক্ষাৰ পোহৰ দেখা মানুহবোৰে হাত সাবটি বহি থাকিলে নহ’ব৷ সামাজিক অনুষ্ঠান, বেচৰকাৰী প্ৰতিষ্ঠান, ছপা আৰু ইলেক্ট্ৰনিক মাধ্যম, বিজ্ঞানী, সমাজবিজ্ঞানী তথা বুদ্ধিজীৱিয়ে সম্ভৱ সকলো উপায়ৰে ৰাইজক প্ৰচলিত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে অৱগত কৰিব লাগে, সচেতন কৰিব লাগে আৰু অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিব লাগে৷ শিক্ষানুষ্ঠানবোৰে ছাত্ৰ-ছাত্ৰীৰ মাজত বিশুদ্ধ বিজ্ঞানমনস্ক চিন্তা অংকুৰিত কৰি ধৰ্মীয় অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিষয়ে শিক্ষিত কৰি তুলিব লাগে৷ ধৰ্মই যে পৰম্পৰাৰ নামত লালন-পালন কৰা নীতি-নিয়মৰ মাজেদি অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ জন্ম হয়, সেয়া সাধাৰণ জনতাই যিমানে সোনকালে বুজি উঠে, সিমানেই মংগল৷ চৰকাৰেও কৰ দাতাৰ ধনেৰে পতা সকলো ধৰণৰ ৰাজহুৱা অনুষ্ঠান তথা সভা-সমিতিক ধৰ্ম তথা পৰম্পৰাৰ নামত প্ৰচলিত আচৰণ/নিয়মৰ পৰা মুক্ত ৰাখিব লাগে৷ মুঠতে ডাইনী হত্যা এক বৃহত্তৰ সমাজিক ব্যাধি আৰু ইয়াক নিৰ্মূল কৰিব লাগিলে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিষবৃক্ষ গুৰিৰ পৰা উভালিব লাগিব৷

লেখক:- আবু ফাৰহাদ হুছেইন

উৎস:- সাহিত্য ডট অৰ্গ

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top