অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আৰু সমাজৰ দায়ৱদ্ধতা

নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আৰু সমাজৰ দায়ৱদ্ধতা

নাৰী আৰু পুৰুষ দুটা ভিন্ন শব্দ যদিও একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। এটাৰ অবিহনে আনটো অসম্পূর্ণ। নাৰী পুৰুষৰ প্ৰতিদ্বন্দী নহয়, পৰিপূৰকহে। নাৰী আৰু পুৰুষ উভয়ৰ অৱদানতহে সমাজ এখনৰ উন্নয়ন নির্ভৰ কৰে। কিন্তু পৰিতাপৰ বিষয় এয়ে যে আমাৰ সমাজত এতিয়াও অর্ধ শতাধিক নাৰী অন্ধকাৰত ডুব গৈ আছে। নিতৌ হাজাৰ হাজাৰ মহিলা কুসংস্কাৰ, অন্ধবিশ্বাসৰ বলি হৈ মৃত্যুমুখত পৰিব লগা হৈছে। এতিয়াও মহিলাসকলে সমাজ তথা দেশৰ উন্নয়নত সম্পূর্ণৰূপে আগবাঢ়ি আহিব পৰা নাই। তাৰ কাৰণ হিচাপে যদি আমি চাবলৈ যাও তেতিয়াহ’লে আমি দেখা পাম নিৰক্ষৰতা বা অনগ্ৰসৰতাই হৈছে তাৰ একমাত্ৰ কাৰণ।

কিয়নো দেশ এখনৰ উন্নয়ন নির্ভৰ কৰে সেই দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত। যি দেশৰ শিক্ষা ব্যৱস্থা উন্নত আৰু প্ৰায়বোৰ লোক শিক্ষিত সেই দেশৰ উন্নতিও উর্ধগামী। পৃথিবীৰ উন্নত দেশবোৰৰ লগত তুলনা কৰিলে দেখা পাও সেই দেশবোৰৰ লোকসকল আমাৰ দেশতকৈ বহুত ওপৰত। শিক্ষা ব্যৱস্থা বহুত উন্নত। উন্নয়নৰ প্ৰথম চর্তই হ’ল শিক্ষা।দেশৰ উন্নয়নৰ লগত শিক্ষাৰ ওতঃপ্ৰোত সম্পর্ক আছে। শিক্ষাই মানুহক জ্ঞানৰ পথ দেখুৱাই, পৰিচালনা কৰে, ভৱিষ্যত নিয়ন্ত্ৰণ কৰে। দেশৰ ভৱিষ্যত প্ৰজন্ম নির্ভৰ কৰে মহিলাসকলৰ ওপৰত। মহিলাসকল শিক্ষিত হ’লেহে আমাৰ দেশৰ ভৱিষ্যত প্ৰজন্ম শিক্ষিত হ’ব। ভৱিষ্যত প্ৰজন্ম শিক্ষিত হ’লেহে দেশখন শিক্ষিত হৈ উন্নয়নত আগবাঢ়িব পাৰিব।

দেশৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল- ‍‘এজন পুৰুষক শিক্ষা দিয়া মানে এজন ব্যক্তিক শিক্ষা দিয়া, এগৰাকী নাৰীক শিক্ষা দিয়া মানে দহগৰাকী ব্যক্তিক শিক্ষা দিয়া, এটা পৰিয়ালক শিক্ষিত কৰা, এখন সমাজক শিক্ষত কৰা’। যেতিয়ালৈ দেশত নাৰীসকল শিক্ষিত হৈ সু মাতৃ হ’ব নোৱাৰে তেতিয়ালৈ আমাৰ শিক্ষা ফলপ্ৰসু হ’ব নোৱাৰে। মহিলাসকলৰ শিক্ষাৰ ওপৰতে দেশ এথনক আভ্যন্তৰিণ বিকাশ নির্ভৰ কৰে। তেওঁলোকৰ মাধ্যমেৰেই এখন সমাজৰ পৰা আন এখন সমাজলৈ শিক্ষা বিস্তাৰিত হয়। সেয়ে দেশৰ ভৱিষ্যতৰ লগত নাৰী শিক্ষাৰ ওতঃপ্ৰোত সম্পর্ক আছে। আনহাতে এজন শিশুৰ প্ৰথম শিক্ষা আৰম্ভ হয় ঘৰখনৰ পৰা তথা মাতৃগৰাকীৰ পৰা। জন্মৰ পাছতে এটি শিশুৱে প্ৰথম লগ পাই মাতৃগৰাকীক। মাত ফুটাৰ পৰা আৰম্ভ কৰি জীৱনৰ আদিপাঠ ক খ গ ঘ সকলোবোৰ শিকে মাতৃগৰাকীৰ পৰা। সেয়ে মাতৃগৰাকীক শিশু শিক্ষাৰ প্ৰথম শিক্ষয়িত্ৰী বুলি কোৱা হয়। দেশৰ ভৱিষ্যত এই শিশুসকলক সু শিক্ষা দিবলৈ মহিলাসকল শিক্ষিত হোৱাটো বাঞ্চনীয়। শিশুসকল শিক্ষিত হ’লেহে দেশত নিৰক্ষৰতাৰ দৰে মহাব্যাধি ৰোগটো ভৱিষ্যতে নিৰাময় হ’ব।

তাৰোপৰি এগৰাকী শিক্ষিতা মহিলাৰ চিন্তাধাৰা, ভাবভংগী যিকোনো দিশতে এগৰাকী অশিক্ষিতা মহিলাতকৈ বহুগুণে ওপৰত। এগৰাকী শিক্ষিতা মহিলাৰ আত্মবিশ্বাস আৰু আত্মনির্ভৰশীলতা বহু বেছি। যিকোনো বিষয় তেওঁলোকে সমালোচনাৰ দৃষ্টিভংগীৰে ফঁহিয়াই চাই নিজে সিদ্ধান্ত ল’ব পাৰে। এগৰাকী শিক্ষিতা নাৰীয়েহে দৈনন্দিন জীৱনৰ ঠেক পৰিসৰ ভাঙি চুৰমাৰ কৰি দিব পাৰে। শিক্ষাই ঘৰৰ চাৰি বেৰৰ দেৱালৰ মাজত আৱদ্ধ এগৰাকী নাৰীৰ বাবেই সুন্দৰ বর্হিজগতত প্ৰৱেশ কৰা এক উন্মুক্ত দ্বাৰ। এগৰাকী শিক্ষিত নাৰীয়ে দেশৰ আইন কানুনবোৰ ভালদেৰ বুজিব বাৰে। নাৰী জাগৰণ তথা নাৰী সবলীকৰণো শিক্ষিতা মহিলাইহে আনিব পাৰে। দৰিদ্ৰতা দূৰীকৰণ, স্বাস্থ্য, সমতা, সুস্থিৰ অর্থনীতি, পুষ্টিহীনতা, মহিলা সবলীকৰণ আদি বিভিন্ন দিশত শিক্ষাই এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

কিন্তু দুখৰ বিষয় এয়ে যে আমাৰ দেশত মহিলা সাক্ষৰতাৰ হাৰ পুৰুষৰ তুলনাত এতিয়াও বহুত পিছপৰি আছে। পৃথিৱীৰ উন্নত দেশৰবোৰৰ লগত যদি আমাৰ দেশখন তুলনা কৰি চাও তেতিয়াহ’লে আমি নিশ্চয়কৈ দেখা পাম যে সিবিলাক দেশৰ মহিলা সাক্ষৰতাৰ হাৰ আমাৰ দেশৰ মহিলা সাক্ষৰতাৰ হাৰতকৈ যথেষ্ট উর্দ্ধত আছে। ২০১১ চনৰ জৰীপমতে অসমৰ সাক্ষৰতাৰ হাৰ ৭৩.১৮ শতাংশ আৰু ভাৰত ৭৪.০৪ শতাংশ। ইয়াৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ অসমৰ ৬৭.২৭ শতাংশ আৰু ভাৰতৰ ৬৫ শতাংশহে মাথোম। এতিয়াও অসমৰ ৩৩ শতাংশ মহিলাই লিখিব পঢ়িব নাজানে। গ্ৰাম্যঞ্চলৰ অৱস্থা আৰু দুখ লগা। অসমত পুৰুষ মহিলাৰ সাক্ষৰতাৰ ব্যৱধান ১২ শতাংশ। ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ পূব ভাৰতৰ সাক্ষৰতাৰ হাৰ এনেধৰণৰঃ

ৰাজ্য            মুঠ        পু্‌ৰুষ          মহিলা      পার্থক্য

১.   অৰুণাচল প্ৰদেশ     ৬৬.৯৫        ৭৩.৬৯        ৫৯.৫৭     ১৪.১২

২.   অসম           ৭৩.১৮         ৭৮.৮১       ৬৭.২৭     ১১.৫৪

৩.   মণিপুৰ          ৭৯.৮৫        ৮৬.৪৯       ৭৩.১৭     ১৩.৩২

৪.   মিজোৰাম         ৯১.৫৮        ৯৩.৭২       ৮৯.৪০     ৪.৩২

৫.   মেঘালয়          ৭৫.৪৮         ৭৭.১৭      ৭৩.৭৮     ৩.৩৯

৬.   নগালেণ্ড          ৮০.১১        ৮৩.২৯      ৭৬.৬৯    ৬.৬০

৭.   ছিকিম            ৮২.২         ৮৭.২৯      ৭৬.৪৩    ১০.৮৬

৮    ত্ৰিপুৰা           ৮৭.৭৫        ৯২.১৮      ৮৩.১৫    ৯.০৩

ভাৰত           ৭৪.০৪         ৮২.১৪     ৬৫.০৪     ১৬.৬৮

 

ওপৰৰ তালিকাখনৰ পৰা এইটো স্পষ্ট যে অসমৰ মহিলা সাক্ষৰতাৰ হাৰ ভাৰত আন আন ৰাজ্যৰ বাদেও অসমৰ চুবুৰীয়া ৰাজ্য্‌ৰ তুলনাতো বহুত কম। মণিপুৰ(৭৩.১৭) মিজোৰাম(৮৯.৪০) নগালেণ্ড (৭৬.৬৯) ছিকিম (৭৬.৪৩) ত্ৰিপুৰা (৮৩.১৫) শতাংশ। অকল অৰুণাচলতহে (৫৯.৫৭) মহিলা সাক্ষৰতাৰ হাৰ অসমতৈক কম। সর্বভাৰতীয় স্তৰত অসমৰ সাক্ষৰতাৰ স্থান হৈছে ২৬ তম।

মহিলাসকলৰ এনে নিৰক্ষৰতা তথা ভয়ৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে তদানিন্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে এখন সুন্দৰ সমাজ গঢ়াৰ স্বার্থত আমাৰ দেশৰ সকলো মহিলা সাক্ষৰ হ’ব লাগে বুলি কৈছিল। তেখেত ২০০৯ চনৰ ৪ জুনৰ সংসদৰ যুটীয়া অধিবেশনত তেখেতৰ ভাষণ প্ৰসংগত এই কথা ঘোষণা কৰিছিল। তেনে এক মহান উদ্দেশ্য আগত ৰাখিয়েই ভাৰতবর্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে ২০০৯ চনৰ ৮ ছেপ্টেম্বৰত ‍‘সাক্ষৰ ভাৰত মিছন ২০১২’ কায‍র্সূচী ঘোষণা কৰিছিল। বর্তমানে এই কার্য্যসূচীখন অসমৰ ১২ খন জিলাত চলি আছে। পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ১০ শতাংশলৈ হ্ৰাস কৰা, মহিলাসকলক আত্মনির্ভৰশীল কৰি তোলা এই কার্য্যসূচীখনৰ উদ্দেশ্য। তাৰোপৰি ভৱিষ্যতে যাতে আমাৰ দেশখন শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে তাৰ বাবে চৰকাৰে বিভিন্ন পন্থা হাতত লৈছে। বর্তমান সময়ত শিশুৰ শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে ৬-১৪ বছৰ বয়সৰ ল’ৰা-ছোৱালী শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে সাক্ষৰ ভাৰত মিচনৰ অধীনত ১৫ বছৰৰ ওপৰৰ সকলো নিৰক্ষৰ পুৰুষ মহিলাকে সাক্ষৰ কৰাৰ প্ৰয়াস কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।

মন কৰিবলগীয়া কথা এয়ে যে শিশুৰ অধিকাৰ আইন, সাক্ষৰ ভাৰত মিছন বা অন্য কোনো শিক্ষা বিষয়ক আঁচনিয়ে হওক বিভিন্ন কাৰণ বশত এতিয়াও সম্পূর্ণৰূপে সফল হ’ব পৰা নাই। আজি শিশুৰ অধিকাৰ আইনে শিশুৰ শিক্ষা বাধ্যতামূলক কৰিছে যদিও এতিয়াও সকলো শিশুকে সামৰি ল’ব পৰা নাই। ঠিক তেনেদৰে সাক্ষৰ ভাৰত মিছনেও এতিয়াও বহুত ভিতৰুৱা ঠাইৰ মহিলাসকলক চুবগৈ পৰা নাই। তাৰ বাবে অকল চৰকাৰ বা সমাজখনক দোষাৰোপ কৰি থাকিলে সমস্যাৰ সমাধান নহয়। চৰকাৰী কার্যসূচী বা আইন প্ৰণয়নৰ ওপৰত ভৰষা কৰি বহি থাকিলে নাৰী শিক্ষা সম্ভৱ নহয়। তাৰ বাবে আমি সমাজৰ প্ৰত্যেকজন নাগৰিকে সচেতন হ’ব লাগিব। সমাজৰ প্ৰতিগৰাকী লোকে স্ত্ৰী শিক্ষাৰ বিস্তাৰৰ বাবে হাতে কামে লাগিব লাগিব। তেতিয়াহে নাৰীশিক্ষাৰ সুফল পোৱা যাব। নাৰী শিক্ষাৰ বাবে অন্তৰায় হৈ পৰা সমস্যাসমূহ সমাধানৰ বাবে বিজ্ঞানসন্মত পদ্ধিত আমি হাতত ল’ব লাগিব। আমি বিভিন্ন নাৰী সংগঠনে ঠায়ে ঠায়ে কর্মশালা, সজাগতা শিবিৰ, বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি নাৰীসকলক অনুপ্ৰাণিত কৰাব পাৰিলে নিশ্চয় মহিলাসকল আগবাঢ়ি আহিব। বিভিন্ন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ যোগেদি নাৰীসকলক বৃত্তিমূলক প্ৰশিক্ষণ দি আত্মনির্ভৰশীল কৰাব পাৰিলে কিছু সুফল পোৱা যাব। নহ’লে অদূৰ ভৱিষ্যতে এই নিৰক্ষৰ লোকসকল সমাজৰ বোজা হৈ পৰিব। দেশৰ প্ৰগতিত হেঙাৰ হৈ পৰিব। নাৰী জাতি শিক্ষিত হ’লেহে দেশৰ উ্ন্নয়নত হাত আগবঢ়াব পাৰিব।

লেখিকা: ৰাণু ডেকা।

শেহতীয়া উন্নীতকৰণ: : 7/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate