শিক্ষাই মানুহক জ্ঞানৰ পোহৰ দিয়ে, প্ৰগতিৰ পথ দেখুৱায়। শিক্ষাই মানুহৰ জীৱন নিয়ন্ত্ৰন কৰে, পৰিচালনা কৰে আৰু ভৱিষ্যতৰ গতি নিৰ্ধাৰন কৰে।এখন দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে দেশখনৰ শিক্ষা ব্যৱস্থাৰ ওপৰত। সেই শিক্ষা ব্যৱস্থাৰ লগতে বিশেষভাবে গুৰুত্বপূৰ্ণ হৈছে মহিলাসকলৰ শিক্ষা। মহিলাসকলৰ শিক্ষাৰ ওপৰত দেশখনৰ আভ্যন্তৰীন বিকাশ নিৰ্ভৰ কৰে। মহিলাসকল শিক্ষিত হৈ নুঠিলে দেশখন শিক্ষিত হ’ব নোৱাৰে। মহিলাসকল শিক্ষিত হ’লেহে তেঁওলোকৰ মাধ্যমেৰে সমাজৰ আন এটা গোষ্ঠীলৈ শিক্ষা সম্প্ৰসাৰিত হব। মাতৃ হ’ল শিশুসকলৰ প্ৰথম শিক্ষয়িত্ৰী। জন্মৰ পৰা বিদ্যালয়লৈ যোৱা সময়খিনিলৈ শিশুৰ বিকাশৰ ক্ষেত্ৰত মাকৰ ভূমিকা গুৰুত্বপূৰ্ণ। সেয়েহে মাতৃসকলৰ শিক্ষা শিশুৰ বাবে বেছি প্ৰয়োজনীয়। মাতৃয়ে আদৰ্শৰ প্ৰতীক ৰূপে শিশুৰ মনত ধৰা দিয়ে। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল, “শিশু শিক্ষাৰ সমস্যা সমাধান কৰিবলৈ হ’লে নাৰী শিক্ষাৰ সমস্যা দূৰ কৰিব লাগিব। যেতিয়ালৈকে আমাৰ দেশত প্ৰকৃত মাতৃ শিক্ষয়িত্ৰী সৃষ্টি নহয় তেতিয়ালৈকে আমি যিমানেই স্কুলত শিক্ষা নিদিও লাগিলে, শিক্ষা ফলপ্ৰসু হব নোৱাৰে বুলি কবলৈ মই কুন্ঠাবোধ নকৰো।” মহিলাসকল সমাজৰ এক অবিচ্ছেদ্য অংগ। পুৰুষে যেনেকৈ সমাজৰ বিকাশত সহায় কৰে তেনেকৈ মহিলাসকলেও সমাজৰ বিকাশত অৰিহনা যোগায়। মহিলাসকল শিক্ষিত হ’লেহে শিশুসকল শিক্ষিত হব আৰু শিশুসকল শিক্ষিত হ’লেহে দেশৰ পৰা নিৰক্ষৰতাৰ দৰে সামাজিক ব্যাধি আঁতৰ হব।পণ্ডিত জৱাহৰলাল নেহেৰুৰ মতে, “এজন পুৰুষক শিক্ষা দিয়া মানে এজন ব্যক্তিক শিক্ষা দিয়া আৰু এগৰাকী নাৰীক শিক্ষা দিয়া মানে এটা পৰিয়ালক শিক্ষা দিয়া।” পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰাত এগৰাকী নাৰীৰ ভূমিকা অপৰিসীম। কিন্তু আমাৰ সমাজত নাৰী শিক্ষাৰ গুৰুত্ব কিমান! একাংশ মাক-দেউউতাকৰ মন্তব্য, “ছোৱালী পঢ়ি-শুনি কি কৰিব, দুদিন পিছত বিয়া দিব লাগিব।” এনেকুৱা পৰিস্থিতিত কিমানজনী ছোৱালীয়ে নিজৰ শিক্ষা সমাপ্ত কৰিব পাৰিব! বছৰ বছৰ ধৰি শিক্ষাৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত নাৰী অবহেলিত হৈ আহিছে। বৰ্তমান সময়ত শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে ৫-১৪ বছৰৰ সকলো শিশুৰে শিক্ষাদান বাধ্যতামুলক কৰা হৈছে যদিও এই আচনিয়ে বিভিন্ন কাৰনবশত বহুসংখ্যক শিশুকে ঢুকি পোৱা নাই, বিশেষকৈ ছোৱালীবোৰক। ২০১১ চনত অসমত শিক্ষিতৰ হাৰ আছিল ৭৩.১৮%। পুৰুষৰ হাৰ হ’ল ৭৮.৮১% আৰু মহিলাৰ হাৰ ৬৭.২৭%। শিক্ষিতৰ হাৰ পুৰুষৰ তুলনাত মহিলাৰ নিম্নগামী। নাৰী শিক্ষা বিকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা আজিও আমাৰ সমাজত বিদ্যমান। যদিও মহিলা আৰু পুৰুষৰ সম-অধিকাৰৰ কথা কোৱা হয়, কাৰ্যক্ষেত্ৰত কিন্তু স্ত্ৰী-পুৰুষৰ মাজৰ বৈষম্য আজিও আঁতৰ হোৱা নাই। পিতৃ-মাতৃয়ে কন্যা সন্তানক শিক্ষানুষ্ঠানলৈ পঠোৱাত হেলা কৰা দেখা যায়। মহিলা সকলৰ বাবে সুকীয়া শিক্ষানুষ্ঠানৰ অভাৱেও নাৰী শিক্ষাৰ বিকাশত সমস্যাৰ সৃষ্টি কৰিছে। যিসকল অভিভাৱক আৰ্থিক ভাৱে দুৰ্বল তেঁওলোকে ল’ৰা সন্তানটোকহে কোনোমতে পঢ়াৰ সুবিধা দিয়ে,ছোৱালীৰ ক্ষেত্ৰত মনোযোগ নিদিয়ে। কিছুমান অঞ্চলত কুসংস্কাৰ আৰু ৰক্ষণশীল মনোভাবৰ বাবে নাৰীয়ে পৰ-পুৰুষক মুখ দেখুৱাব নোৱাৰে বুলি শিক্ষানুষ্ঠানত যোৱাৰ পৰা বিৰত থাকে। কিছুমান অভিভাৱকৰ অজ্ঞতা আৰু নিৰক্ষৰতাৰ বাবে নাৰী শিক্ষাৰ সমস্যাৰ সৃষ্টি হয়। আন একাংশ অভিভাৱকে তেঁওলোকৰ কন্যা সন্তানজনীক পঢ়া-শুণাতকৈ বিয়া দিয়াতহে বেছি আগ্ৰহী হোৱা দেখা যায়। নাৰীশিক্ষাৰ বিকাশৰ ক্ষেত্ৰত নানা ধৰণৰ অন্তৰায় পৰিলক্ষিত হয়।এই অন্তৰায়সমুহ আঁতৰাবৰ বাবে নাৰী শিক্ষাত উদ্ভৱ হোৱা সমস্যাৰাজিৰ সমাধানৰ বাবে বিজ্ঞানসন্মত দৃষ্টিভংগী হাতত ল’ব লাগিব। দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত গুৰুত্ব দি অৰ্থনৈতিক দিশত সমাজখনক আগুৱাই নিয়াৰ চেষ্টা কৰিব লাগিব। নাৰী-পুৰুষৰ মাজত থকা ভেদভাৱ আৰু সমাজৰ পৰা কুসংস্কাৰ আৰু ৰক্ষণশীল মনোভাব আঁতৰ কৰি এক সুস্থ পৰিবেশ সৃষ্টি কৰিব লাগিব। নাৰীশিক্ষাৰ প্ৰসাৰৰ বাবে নাৰীশিক্ষাৰ বিকাশৰ ক্ষেত্ৰত থকা সমস্যা সমুহ দূৰ কৰি নাৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিব পাৰিলে এই সমস্যা সমুহ সমাধান হব। এইক্ষেত্ৰত পিতৃ-মাতৃ, অভিভাৱক সকলৰ লগতে সামাজিক সহযোগিতা নিত্যান্ত প্ৰয়োজন। তেতিয়াহে নাৰী জাতিৰ শিক্ষাৰ আকাশৰ কলীৱা ডাৱৰ আঁতৰ হব আৰু নাৰীয়ে সমাজৰ উন্নতিত হাত আগবঢ়াব পাৰিব।
ডলী হিয়া কলিতা