অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰী সবলীকৰণৰ প্ৰাসংগিকতা

নাৰী সবলীকৰণৰ প্ৰাসংগিকতা

সাম্প্ৰতিক আমাৰ দেশত নাৰীসকল কিমান সুৰক্ষিত সেই বিষয়টোত প্ৰশ্নবোধক চিন আহি পৰিছে। দৈনিক বাতৰিকাকত তথা বৈদ্যুতিন মাধ্যমত একাধিক নাৰী সম্পৰ্কীয় অপৰাধজনিত বাতৰি পৰিৱেশিত হোৱাটোৱে নাৰী সমাজৰ অসুৰক্ষিত অৱস্থাটোৰ প্ৰতিফলন ঘটায়। আমাৰ দেশৰ সংবিধানে নাৰীক সুৰক্ষা প্ৰদান কৰিছে। সমঅধিকাৰ, সমমৰ্যাদা সংবিধানত প্ৰদান কৰিছে আৰু কৰ্মক্ষেত্ৰতো দৰমহা অথবা পাৰিশ্ৰমিকৰ ক্ষেত্ৰত বৈষম্যৰ কথা সংবিধানে কোৱা নাই। তৎস্বত্ত্বেও নাৰীসকলে সমমৰ্যাদা, সমঅধিকাৰ সকলোতে পাইছেনে? পাৰিশ্ৰমিকৰ ক্ষেত্ৰতো বৈষম্যৰ বলি নহয়নে?

পৰিয়ালৰ ভিতৰতে নাৰীগৰাকী অনেক সময়ত পুৰুষৰ সমমৰ্যাদাৰ পৰা বঞ্চিত হয় আৰু সমঅধিকাৰ প্ৰাপ্যতো বাধা প্ৰদান কৰা হয়। স্বামীৰ মৃত্যুৰ পাছত অনেক সময়ত নাৰীগৰাকীক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাৰো উদাহৰণ দেখা যায়। আনহাতে, নাৰীগৰাকী যদি অশিক্ষিত বা অৰ্ধশিক্ষিত হয় আৰু নিজৰ কোনো সংস্থাপন নাথাকে তেনেক্ষেত্ৰত তেওঁ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ মানসিকভাৱে বিপৰ্যস্ত হৈ পৰে। এনেধৰণৰ নিৰ্যাতন অনেক সময়ত সমাজৰ চকুত নপৰাকৈয়ে সংঘটিত হৈ থাকে। ভাৰতবৰ্ষৰ কেতবোৰ অঞ্চলত এনে প্ৰথাও প্ৰচলিত হৈ আছে য’ত ঘৰৰ মাটি-সম্পত্তি ভাগ-বাটোৱাৰা নহ’বলৈ বিধৱা নাৰীগৰাকীক পৰিয়ালৰ অবিবাহিত পুৰুষজন (স্বামীৰ ভাতৃ)ৰ সৈতে কোনো আনুষ্ঠানিকতাও নকৰি যুগ্মজীৱন পালিবলৈ বাধ্য কৰোৱা হয়। আকৌ কিছুমান পৰিয়ালত মৃত স্বামীৰ চৰকাৰী সম্পত্তি পোৱা পত্নীগৰাকীক পৰিয়ালৰ ভিতৰতে পুনৰ্বিবাহ কৰিবলৈ বাধ্য কৰে। এইবোৰ নাৰী নিৰ্যাতনৰে একো একোটা উদাহৰণ নহয় জানো? কেতিয়াবা আকৌ পুত্ৰকে সমস্ত সম্পত্তিৰ অধিকাৰ কৰাৰ ফলত আৰ্থিকভাৱে পৰনিৰ্ভৰশীল নাৰীগৰাকী পুত্ৰৰ ওপৰতে আৰ্থিকভাৱে নিৰ্ভৰশীল হ’বলগীয়া হয়। যাৰ ফলত বৃদ্ধ অৱস্থাত অনেকে দুৰ্ভোগ ভোগ কৰিবলগীয়া হয়। সাধাৰণতে আৰ্থিকভাৱে পৰনিৰ্ভৰশীল নাৰীগৰাকীকে যৌতুকৰ বাবে অত্যাচাৰ কৰা পৰিলক্ষিত হয়। যৌতুকৰ বাবে বোৱাৰী নিৰ্যাতনৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ১৯৮৩ চনত ভাৰতবৰ্ষত ৪২৭ টা বোৱাৰী জ্বলাই দিয়াৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ১৯৯৮ চনত এনে ঘটনা ৬,৯১৭ টালৈ বৃদ্ধি পাইছিল। ২০০৫ চনৰ পৰা ২০১০ চনৰ ভিতৰত অসমত যৌতুকৰ বাবে ৬০০ ৰো অধিক নাৰীয়ে প্ৰাণ হেৰুৱাইছিল বুলি সমীক্ষাত প্ৰকাশ।

 

নাৰী অপহৰণৰ ঘটনা আমাৰ ৰাজ্যখনতে দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০০৯ চনত অসমত নাৰী অপহৰণৰ ১,৯০৬ টা ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০১০ চনত ২,৪৮৬ টা ঘটনা সংঘটিত হৈছিল। ২০১১ আৰু ২০১২ চন দুটাত যথাক্ৰমে ২৯৯৮ গৰাকী আৰু ৩৩৬০ গৰাকী নাৰী অপহৃত হৈছিল। সাধাৰণতে ৰাজ্ঠখনৰ বাহিৰলৈ অপহৰণ কৰি নিয়া নাৰীসকলক ঘৰুৱা কাম-বনত নিযুক্তি দিয়াৰ লগতে কোনো কোনোক কম দৰমহাত উদ্যোগ প্ৰতিষ্ঠানত খটোৱা হয়। চাকৰি দিয়াৰ প্ৰলোভনেৰে দেহ ব্যৱসায়ত জড়িত কৰোৱাৰো তথ্য পোহৰলৈ আহিছে।

২০০১ চনৰ লোকপিয়ল অনুসৰি আমাৰ দেশৰ মুঠ জনসংখ্যাৰ ৪৮% মহিলা। তৎসত্ত্বেও তেওঁলোকে পৰিয়াল, সমাজ, ৰাজনৈতিক ক্ষেত্ৰ, কৰ্মস্থান আদিত বৈষম্যৰ বলি হৈ আহিছে। অনেক সময়ত তেওঁলোকৰ মতামতক পৰিয়ালৰ ভিতৰতে গ্ৰাহ্য কৰা নহয়। কন্যা সন্তানৰ ভ্ৰূণ হত্যা কৰাটোত মাতৃগৰাকীৰ আপত্তি অনেক সময়ত নৰজে। সেই সিদ্ধান্তও পৰিয়ালৰ আনসকলেহে লয়। সবলীকৰণে অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক এই সকলো দিশ সামৰি লয় বাবে নাৰী সমাজৰ ওপৰত হোৱা বিভিন্ন নিৰ্যাতন বা বৈষম্যমূলক আচৰণ আঁতৰ কৰাত ই সহায়ক হয় বুলি নিঃসন্দেহে ক’ব পৰা যায়।

নাৰীৰ সবলীকৰণ বিষয়টো সম্প্ৰতি বহুলভাৱে চৰ্চিত এক বিষয়ৰূপে পৰিগণিত হৈছে।

নাৰী সবলীকৰণৰ দিশত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা এখন আঁচনি হ’ল স্বৰ্ণজয়ন্তী গ্ৰাম স্বৰোজগাৰ আঁচনি। ১৯৯৯ চনত আৰম্ভ কৰা এই আঁচনিয়ে নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাত কেনেদৰে সহায় কৰিছে তাৰে এটা উদাহৰণ দাঙি ধৰিব বিচাৰিছোঁ। দাৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ নাৰীৰ স্বৰোজগাৰৰ বাট মুকলি কৰা এই আঁচনিৰ অন্যতম উদ্দেশ্য। মহাৰাষ্ট্ৰৰ গ্ৰাম্য উন্নয়ন বিভাগৰ সচিব চন্দ্ৰা আয়েংগাৰ নামৰ মহিলাগৰাকীয়ে আন পাঁচগৰাকী প্ৰশাসনিক বিষয়া (কেউগৰাকী মহিলা)ৰ সহযোগত মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত বৃহৎ সংখ্যক আত্মসহায়ক গোট গঠন কৰি মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত সহায় কৰিছে। পাপৰ, বৰ, দুগ্ধজাত সামগ্ৰী, হস্তশিল্পৰ সামগ্ৰী, হালধিৰ গুড়ি, জলকীয়াৰ গুড়ি আদি প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি অৰ্থনৈতিক দিশত আত্মসহায়ক গোটৰ মহিলাসকল লাভৱান হৈছে আৰু অৰ্থনৈতিক স্বাৱলম্বিতাই তেওঁলোকক আত্মবিশ্বাসী কৰি তুলিছে। আত্মনিৰ্ভৰশীল হৈ পৰিয়াল তথা সমাজত এক সন্মানীয় জীৱন-যাপন কৰিবলৈ সক্ষম হৈছে। নাৰী সবলীকৰণৰ এয়া এক উদাহৰণ। ৱিজি নিবাসন নামৰ মহিলাগৰাকীয়ে একক প্ৰচেষ্টাৰে ‘অদিতি’ নামৰ স্বেচ্ছাসেৱী সংগঠন এটা প্ৰতিষ্ঠা কৰি বিহাৰ আৰু ঝাৰখণ্ডৰ গ্ৰামাঞ্চলৰ অৱদমিত নাৰী সমাজৰ উন্নতি কল্পে কাম কৰিছে। ২০০৫ চনলৈকে তেওঁ ৫৬৮ টা আত্মসহায়ক গোট স্থাপন কৰিছিল আৰু এই আত্মসহায়ক গোটে ৩৪,০০০ মহিলাক কৰ্মসংস্থাপন দিছিল। এই আত্মসহায়ক গোটসমূহে কৃষি, খাদ্য সামগ্ৰী প্ৰস্তুত কৰা আৰু স্থানীয় সামগ্ৰী আদি উৎপাদনত মনোনিৱেশ কৰি আহিছে। ‘অদিতি’ৰ আত্মসহায়ক গোটৰ সহযোগত কিশোৰী কন্যাক এম্ব্ৰইদাৰী, স্ক্ৰীন প্ৰিণ্টিং, ঊল গোঁঠা আদিৰ প্ৰশিক্ষণ দিয়া হয় আৰু তেওঁলোকে প্ৰস্তুত কৰা বস্তু বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰি অৰ্থ উপাৰ্জনৰ পথো প্ৰশস্ত কৰা হৈছে। মহিলা সবলীকৰণৰ দিশত ‘অদিতি’ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰচেষ্টা প্ৰশংসনীয়।

 

আমাৰ অসমতো স্বৰ্ণজয়ন্তী গ্ৰাম স্বৰোজগাৰ আঁচনিৰ অন্তৰ্গত গাঁৱে-ভূঞে বহুতো আত্মসহায়ক গোট স্থাপন হৈছে। এইসমূহৰ সদস্যসকলে পিঠা-পনা, জাম-জেলি, হস্তশিল্পজাত সামগ্ৰী, হাতে বোৱা বস্ত্ৰ আদি প্ৰস্তুত কৰি উপাৰ্জনৰ পথ উলিয়াই লৈছে। সামান্য মূলধন বিনিয়োগ কৰি তেওঁলোকে উপাৰ্জনৰ এই সুযোগ লাভ কৰি উপকৃত হৈছে।

শিক্ষাই নাৰীক সবলীকৰণৰ দিশত আগবঢ়াই নিয়াত সহায় কৰে। গতিকে, শিক্ষাক অগ্ৰাধিকাৰ দিবই লাগিব। নাৰীসকলে তেওঁলোকৰ জীৱনক প্ৰভাৱান্বিত কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰা, এইসমূহক নিয়ন্ত্ৰণ কৰা অথবা এইসমূহত প্ৰভূত্ব বিস্তাৰ কৰিব পৰা ক্ষমতা অৰ্জন কৰাটো নাৰীৰ সবলীকৰণে নিশ্চিত কৰে। অৰ্থনৈতিক স্বাৱলম্বিতাই মনলৈ আত্মবিশ্বাসৰ ভাৱ অনাৰ ফলত প্ৰতিকূল পৰিস্থিতিৰ সৈতে অথবা অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহস যোগায়। সামাজিক, ৰাজনৈতিক আদি ক্ষেত্ৰতো নাৰী সবলীকৰণে বৈষম্যৰ আৱৰ্তত থাকি, নিৰ্যাতন ভোগা নাৰী সমাজক এক সুখময় জীৱন-যাপন কৰাত অৰিহণা যোগায়।

লেখিকা: ° ভাৰতী দত্ত

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate