নেত্ৰদান এক মহান দান। অন্ধত্ব দূৰীকৰণত ইয়াৰ বহুল প্ৰভাৱ আছে। বহুতেই ভাবে যে এই ব্যৱস্থাত চিকিৎসকে দান কৰা চকুটো উঠাই আনি দৃষ্টিহীন এজনৰ বেয়া চকুটো আঁতৰাই তাৰ ঠাইত ভাল। চকুটো স্থাপন কৰিব। দৰাচলতে ই সত্য নহয়। এই ব্যৱস্থাত দান কৰা চকুটোৰ কৰ্ণিয়াখন উঠাই আনি তাক পৰীক্ষা কৰা হয়। যদিহে কৰ্ণিয়াখন ব্যৱহাৰৰ উপযুক্ত হয়, তেন্তে কৰ্ণিয়াৰ বেমাৰৰ বাবে অন্ধ হোৱা ব্যক্তিৰ কৰ্ণিয়াখন আঁতৰাই তাত নতুন কৰ্ণিয়াখন স্থাপন কৰা হয়। কৰ্ণিয়া হ’ল মানুহৰ চকুৰ ওপৰত থকা এখন জলজলীয়া ছাল। সাধাৰণতে ই ক’লা বা তাম বৰণীয়া হয়। ভিটামিন ‘এ’ ৰ অভাৱত হোৱা কৰ্ণিয়াৰ ঘা, চকুত আঘাত পোৱা, কৰ্ণিয়াৰ সংক্ৰমণ আৰু ঘাঁ, কৰ্ণিয়াৰ দুৰৱস্থা, দৰিদ্ৰতা আৰু অজ্ঞনতা আদি কৰ্ণিয়াৰ অন্ধতাৰ মুখ্য কাৰণ।
১৯০৩ চনত চেকোশ্লোভিয়া গণৰাজ্যৰ জিৰম্ নামৰ চিকিৎসকজনে পোনপ্ৰথমবাৰৰ বাবে ক্ষাৰে পুৰি অন্ধ কৰা এজন ব্যক্তিৰ চকুত কৰ্ণিয়া সংৰোপণ কৰিছিল। মানুহজনে ইয়াৰ পিছত দৃষ্টি শক্তি ঘূৰাই পাইছিল। ইয়াৰ পিছৰে পৰাই ই বহুল চৰ্চা লাভ কৰে। দান কৰা চকুৰ কৰ্ণিয়া সংগ্ৰহ কৰা, সংৰক্ষণ কৰা আদি কামৰ বাবে ১৯৪৪ চনত নিউয়ৰ্ক চহৰত প্ৰথম নেত্ৰ বেংক স্থাপন হৈছিল। ভাৰতবৰ্ষত পোন প্ৰথমে নেত্ৰবেংক স্থাপন হয় ১৯৪৫ চনত। তেতিয়াৰ মাদ্ৰাজ আৰু আজিৰ চেন্নাই চহৰত। অসমৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ত নেত্ৰবেংক আছে।
আমাৰ দেশত বছৰি প্ৰায় ১৩,০০০-১৪,০০০ কৰ্ণিয়া নেত্ৰদানৰ দ্বাৰা সংগ্ৰহ হয়। কিন্তু প্ৰতি বছৰে আমাক প্ৰায় ৭৫,০০০-১,০০,০০০ কৰ্ণিয়াৰ আৱশ্যক। যিহেতু সংগৃহীত সকলো কৰ্ণিয়া ব্যৱহাৰৰ যোগ্য নহয়, সেয়েহে বছৰি প্ৰায় ২,৫০,০০০ কৰ্ণিয়াৰ প্ৰয়োজন। কৰ্ণিয়াৰ অন্ধতা প্ৰতি বছৰে ভাৰতবৰ্ষত বাঢ়িহে আছে। কিন্তু সেই অনুপাতে নেত্ৰদান বঢ়া নাই। আইনী মেৰপাক, কাৰিকৰী আৰু অৰ্থনৈতিক দুৰ্বলতা, যাতায়তৰ দুৰৱস্থা আৰু অজ্ঞতা আদি ইয়াৰ মূল কাৰণ। এইবোৰ দূৰীকৰণৰ বাবে চৰকাৰ, বেচৰকাৰী অনুষ্ঠান আৰু নেত্ৰবেংকৰ কৰিবলগীয়া বহুত আছে। নেত্ৰবেংকসমূহে বেচৰকাৰী অনুষ্ঠানসমূহৰ সহযোগত, জনসাধাৰণৰ স’তে সু-সম্পৰ্কে স্থাপন কৰি তলৰ কামবোৰ কৰিব লাগিব।
মানুহক নেত্ৰদানৰ বিষয়ে শিক্ষিত, সজাগ আৰু উৎসাহিত কৰা, নেত্ৰদান পঞ্জীয়ন কৰি ইচ্ছাপত্ৰ কৰা, যথোপযুক্ত সংৰক্ষণ কৰা আৰু চকু বিশেষজ্ঞক সংৰোপণৰ বাবে যোগান ধৰা।
নেত্ৰদান ইচ্ছাপত্ৰ হ’ল এখন চুক্তিপত্ৰ, য’ত ব্যক্তি এজনে জীৱিত কালত তেওঁৰ নেত্ৰদানৰ প্ৰতি থকা ইচ্ছা লিখিতভাৱে দিয়ে। তেওঁৰ মৃত্যুৰ পিছত চকুযুৰি সংগ্ৰহৰ আৰু সংৰোপণৰ পূৰ্ণ কৰ্তৃত্ব নেত্ৰবেংকক দিয়ে। নেত্ৰদান কৰি এক মহান কাৰ্য কৰাৰ উপৰি নিজৰ চকুযুৰিক মৃত্যুক পিছতো জীয়াই ৰাখিব পাৰি।
নেত্ৰদান ইচ্ছাপত্ৰ কৰা ব্যক্তিৰ মৃত্যু হ’লে, তেওঁৰ আত্মীয়ই ওচৰৰ নেত্ৰবেংকক খবৰ দিয়ে। নেত্ৰবেংকৰ বিষয়া, মৃত ব্যক্তিজনৰ ওচৰলৈ গৈ ব্যক্তিজনৰ মৃত্যুৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰি আত্মীয়ৰ পৰা আইন অনুযায়ী সন্মতি লয়। যদিহে নেত্ৰ সংগ্ৰহ কৰিব নোৱাৰাৰ কোনো কাৰণ নাথাকে, তেন্তে শীতকালত মৃত্যুৰ ছঘন্টাৰ ভিতৰত আৰু গ্ৰীষ্মকালত মৃত্যুৰ চাৰি ঘন্টাৰ ভিতৰত চকু সংগ্ৰহ কৰিব লাগে। দাতাৰ বয়স, লিংগ, মৃত্যুৰ কাৰণ, মৃত্যুৰ তাৰিখ আৰু সময় লিপিবদ্ধ কৰি বিজ্ঞানসন্মতভাৱে চকু দুটা সংগ্ৰহ কৰা হয়। দাতাজনৰ সম্পূৰ্ণ চকুটো অথবা কেৱল কৰ্ণিয়াখন সংগ্ৰহ কৰি বাকীখিনি চকুৰ কোটৰত এৰি, সুন্দৰভাৱে চিলাই কৰি দিয়া হয়। সাধাৰণতে বহল মুখৰ পাত্ৰত সংগ্ৰহ কৰি তাক নেত্ৰবেংকত সংৰক্ষিত কৰা হয়। Moist Chamber পদ্ধতিত ৩৬ ঘন্টা, Sulphate পদ্ধতিত ১৪ দিন আৰু Cryopreservative দি বহুদিন চকু নষ্ট নোহোৱাকৈ, ব্যৱহাৰৰ উপযোগীকৈ নেত্ৰবেংকত ৰাখিব পাৰি।
ক) কোনো নিৰ্দিষ্টকৈ ক’ব নোৱাৰা কাৰণত মৃত ব্যক্তি।
খ) জলাতংক ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি,
গ) ৰক্ত কেঞ্চাৰত মৃত ব্যক্তি,
ঘ) এইচ আই ভি অথবা এইডছ আক্ৰান্ত ব্যক্তি,
ঙ) হেপাটাইটিছ বি অথবা হেপাটাইটিছ ‘চি’ ত আক্ৰান্ত ব্যক্তি
চ) ডায়েবেটিছ ছিফিলিছ, কেঞ্চাৰ, গ্লুকোমা থকা ব্যক্তি।
লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/17/2020