"Someone is standing in the shade today, because someone planted a tree years ago."
--- Warren Buffett
ৱাৰেন বাফেটৰ বিষয়ে যিসকল লোক অবগত তেওঁলোকে এইটো কথাও জানিব যে তেওঁৰ কথাৰ উদ্ধৃতি দি পৰম্পৰাগত বিকাশৰ কথা আলোচনা কৰাটো কিমান স্ববিৰোধী হ'ব পাৰে। কিন্ত উদ্ধৃতিটোৰ সাৰমৰ্ম ইমান বিশ্বজনীন যে ইয়াক উলাই কৰা মুঠেই সম্ভৱ নহয়। যিদৰে সম্ভৱ নহয় পৰম্পৰাগত বিকাশ বা গ্ৰাম্য উন্নয়নৰ বিশ্লেষণ অত্যাধুনিক বিজ্ঞান- প্ৰযুক্তিবিদ্যাৰ আলোচনা অবিহনে ।
বহু মানুহে এনে এক ধাৰণা পোষণ কৰে যে বিজ্ঞান- প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱৰ পৰা মুক্ত অতীজৰ পৃথিৱীত বিশেষকৈ গ্ৰাম্য সমাজত বিৰাজ কৰিছিল এক স্বনিৰ্ভৰশীল অৰ্থনৈতিক ব্যৱস্থা ; ধন ধানেৰে ঐশ্বৰ্য্যশালী এনে গাওঁৰ প্ৰতিজন বাসিন্দা আছিল স্বনিৰ্ভৰশীল। ইয়াৰ সমান্তৰালভাৱে চহৰ সমূহত গঢ় লৈ উঠিছিল হৰপ্পা, মহেঞ্জোদাৰো, মেচোপটেমিয়া, ইন্কা ইত্যাদি গৌৰৱময় সভ্যতাসমূহে। আন বহুতে আকৌ ভাৰতকে প্ৰাচীনতম সভ্যতাৰ কেন্দ্ৰবিন্দু বুলি দাবি কাৰি সন্তুস্টি লভে।ভাৰতীয় ঋষিসকলৰ আৱিষ্কাৰ আয়ুৰ্বেদ বিশ্বৰ আটাইতকৈ পুৰণি চিকিৎসা বিধি বুলি বহুতেই দাবী কৰে। প্ৰাগৈতিহাসিক যুগতে আয়ুৰ্বেদৰ জনক সকলে অসাধ্য আৰু অকল্পনীয় নিদান দিছিল বুলি প্ৰবাদ আছে। আন বহুতেই কয় মহাভাৰতৰ যোদ্ধাসকলে ব্যৱহাৰ কৰা ক্ষেপণাস্ত্ৰসমূহ বৰ্তমানৰ মিচাইলৰ পূৰ্বজ ধাৰণা। বিদূৰৰ দিব্যদৃষ্টি দূৰদৰ্শন প্ৰযুক্তিৰ পূৰ্বসূৰী সম্পৰীক্ষা ৰূপে ৰচনাত উল্লেখ কৰা মোৰ নিজৰেই মনত আছে। এনেকুৱা অলেখ আপাত:ভাৱে উল্লেখনীয় সাদৃশ্য যিয়ে আমাৰ আত্মগৌৰৱ বঢ়াই তুলিব পাৰে।
কিন্তু প্ৰশ্নটো হ'ল আয়ুৰ্বেদ শাস্ত্ৰৰ উপযোগিতা কোনোবাই প্ৰায়োগিকভাৱে বিবেচনা কৰিছেনে? "কোনো পাৰ্শ্বক্ৰিয়া নাই", "এশ শতাংশই নিৰাপদ" আদি বিশেষণৰ বাহিৰে আয়ুৰ্বেদিক ঔষধৰ গ্ৰহণযোগ্যতা ক'ত? আয়ুৰ্বেদিক ঔষধৰ কাৰ্যকৰীতা গৱেষণাগাৰত বা জীৱদেহত নিৰিক্ষিত হৈছেনে? জীৱনদায়ীনী আয়ুৰ্বেদিক ঔষধ কিমানটা উদ্ভাৱন হৈছে? হাজাৰ বছৰ পূৰ্বেই যদি আয়ুৰ্বেদ ইমান কাৰ্যকৰী আছিল, তেন্তে বৰ্তমান সময়ত সেই পদ্ধতিয়ে উদ্ভাৱন আৱিষ্কাৰৰ চৰমসীমা ষ্পৰ্শ কৰিব লাগিছিল। ইউনিচেফে দিয়া তথ্য অনুসৰি অকল মৌখিক পুন:জলীকৰণ দ্ৰৱে (Oral Rehydration Solution)সমগ্ৰ বিশ্বজুৰি যিমান লোকক কলেৰা মহামাৰীৰ পৰা ৰক্ষা কৰিছে কোনো ঔষধেই (আয়ুৰ্বেদিক, এল'প্যাথিক আদিকে ধৰি)তাৰ অৰ্ধেক লোকৰো প্ৰাণ ৰক্ষা কৰিব পৰা নাই।
যোৱা শতিকাৰ মাজভাগৰ পৰা পশ্চিমৰ দেশসমূহত অৰ্থনৈতিক আৰু আন্ত:গাঠনিৰ দ্ৰুত বিকাশৰ জৰিয়তে উন্নয়নৰ এক আৰ্হি প্ৰক্ষেপিত হৈছে। বাকী বহুদেশে এই আৰ্হি অনুকৰণ কৰি তাৎক্ষণিকভাৱে সফল হৈছে। কিন্তু এই প্ৰক্ৰিয়াত কিছুমান অপৰিৱৰ্তনীয় ধ্বংসকাৰ্য্য আৰম্ভ হ'ল যাৰ কুফল মানৱজাতিয়ে ইতিমধ্যে ভুগিছে। ইয়াৰ ভিতৰত প্ৰাকৃতিক, খনিজ আৰু বনজ সম্পদৰ অবাধ নিষ্কাশণ, কৃষিভূমিৰ সংকোচন, পৰিৱেশ প্ৰদূষণ ইত্যাদি। আৰু লগে লগে ক্ষুদ্ৰ উদ্যোগসমূহ বিপদাপন্ন হোৱা পৰিলক্ষিত হৈছে। গতিকে উন্নয়নৰ এই ধাৰণা সৰ্বগ্ৰাহ্য বুলিব নোৱৰি।
তদুপৰি বিজ্ঞান- প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ পশ্চিমৰ দেশসমূহত সফল হোৱাৰ অন্য এক কাৰণ হ'ল- আৱিষ্কাৰক/ উদ্ভাৱক সকলে তেওঁলোকৰ উৎপাদনসমূহ এক ঔদ্যোগিক আৰ্হিৰ মাজেৰে সমাজত প্ৰক্ষেপ কৰিছিল- প্ৰ্তিযোগিতা হৈছিল কোনে কম দামত অধিক কাৰ্য্যক্ষম সজুঁলি উদ্ভাৱন কৰিব পাৰে। এই সজুঁলিসমূহ পেটেন্ট হৈছিল, বিজ্ঞানীসকলে এক মন'পলীৰ জৰিয়তে প্ৰচুৰ ধন অৰ্জন কৰিছিল- যিটো ধনতান্ত্ৰিক পশ্চিমীয়া অৰ্থনীতিয়ে আকোৱালি লৈছিল। থমাচ আলভা এডিচন, ফ্ৰেঙ্কলিন আদি বিজ্ঞানী এই শাৰীৰ অন্তৰ্ভুক্ত। সেইবাবেই হয়তো ৱাৰেন বাফেট কেপিটেলিষ্ট ব্যৱস্থাৰ সৃষ্টি হৈও পশ্চিমীয়া সমাজতন্ত্ৰত আজিও ইমান প্ৰাসঙ্গিক।
শেহতীয়া উন্নীতকৰণ: : 6/5/2020