অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতীয় সংবিধানত থকা নিৰ্দেশক নীতিবোৰ

আগতে কোৱা হৈছে যে আলোচনাৰ সুবিধাৰ্থে নিৰ্দেশক নীতিবোৰক চাৰিটা ভাগত ভগাব পাৰি| এই ভাগকেইটা হ’ল- ১) অৰ্থনৈতিক নীতি, ২) সামাজিক নীতি, ৩) আইন আৰু শাসন ব্যৱস্থাৰ সংস্কাৰ সম্পৰ্কীয় নীতি আৰু ৪) আন্তৰ্জাতিক নীতিসমুহ| তলত নিৰ্দেশক নীতিবোৰ উল্লেখ কৰা হ’ল-

অৰ্থনৈতিক নীতি

অৰ্থনৈতিক ক্ষেত্ৰত সমতা প্ৰতিষ্ঠা কৰি গণতন্ত্ৰক সাফল্যমণ্ডিত কৰাৰ কাৰণে ৰাষ্ট্ৰই কিছুমান কৰ্তব্য পালন কৰা উচিত| এই কৰ্তব্য সমুহ হ’ল-

১) ৰাষ্ট্ৰই অৰ্থনৈতিক ক্ষেত্ৰত বৈষম্য দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিব;

২) দেশৰ প্ৰাকৃতিক সম্পদৰ মালিকত্ব আৰু নিয়ন্ত্ৰণ এনেদৰে কৰা হ’ব যাতে সৰ্বসাধাৰণৰ কল্যাণ সাধন হয়;

৩) ৰাষ্ট্ৰই ইয়াৰ আৰ্থিক সামৰ্থ্য আৰু উন্নতিৰ সীমাৰ ভিতৰত সকলো নাগৰিকৰ বাবে কাম আৰু শিক্ষাৰ ব্যৱস্থা কৰিব;

৪) নিৱনুৱা অৱস্থাত, বাৰ্ধক্যত, অসুস্থতা আৰু অক্ষমতাৰ বাবে ৰাষ্ট্ৰই নাগৰিকসকলক সহায় কৰিব;

৫) ৰাষ্ট্ৰই উপযুক্ত আইন প্ৰণয়ন অথবা অৰ্থনৈতিক ব্যৱস্থাৰ সংগঠন, অথবা আন কোনো উপায়ে এনে ব্যৱস্থা গ্ৰহণ কৰিব যাতে কৃষি, শিল্প আৰু অন্যান্য শ্ৰমিক সকলে বাচি থাকিবৰ বাবে উপযুক্ত মজুৰী পায়;

৬) ৰাষ্ট্ৰই এনে কৰ্ম পৰিৱেশৰ সৃষ্টি কৰিব যাৰ ফলত শ্ৰমিকসকলে জীৱন-যাত্ৰাৰ মানোন্নয়ন, বিশ্ৰামভোগ, সামাজিক আৰু কৃষ্টিগত সা-সুবিধাবোৰ ভোগ কৰিব পাৰে;

৭) গাওঁ অঞ্চলত কুটীৰ শিল্প আৰু সমবায়ৰ সম্প্ৰসাৰণ কৰিবলৈ ৰাষ্ট্ৰ সচেতন থাকিব লাগিব;

৮) স্ত্ৰী-পুৰুষ উভয়েই যাতে সমান কামৰ বাবে সমান দৰমহা পায় তাৰ প্ৰতি ৰাষ্ট্ৰই লক্ষ্য ৰাখিব লাগিব;

৯) স্ত্ৰী-পুৰুষ নিৰ্বিশেষে প্ৰতিজন শ্ৰমিকৰ স্বাস্থ্য আৰু কৰ্মশক্তি আৰু শিশু সকলৰ সুকুমাৰ বয়সৰ যাতে অপব্যৱহাৰ নহয় তাৰ প্ৰতি ৰাষ্ট্ৰই সতৰ্ক দৃষ্টি ৰাখিব লাগিব;

১০) দুখীয়া মানুহে যাতে বিনা খৰচত আইনৰ সহায় পায় ৰাষ্ট্ৰই তাৰ ব্যৱস্থা কৰিব লাগে;

১১) ৰাষ্ট্ৰই শিল্প পৰিচালনাৰ ক্ষেত্ৰত শ্ৰমিকৰ অংশগ্ৰহণৰ ব্যৱস্থা কৰিব লাগে;

১২) শিশুসকলে যাতে এটি স্বাস্থ্যকৰ, মৰ্যাদাসম্পন্ন আৰু স্বাধীন পৰিবেশত ডাঙৰ দীঘল হবলৈ সুযোগ পায় আৰু শৈশৱ আৰু যৌৱনত যাতে শোষণ আৰু পাৰ্থিৱ দুখ-দুৰ্দশাৰ পৰা হাত সাৰিব পাৰে তাৰ কাৰণে ৰাষ্ট্ৰই নীতি নিৰ্ধাৰণ কৰিব লাগে; আৰু

১৩) সাম্যৰ ভিত্তিত ন্যায় প্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰীয় আইন-কানুন পৰিচালিত হ’ব লাগে|

সামাজিক নীতি

ৰাষ্ট্ৰই অৰ্থনৈতিক আৰু সামাজিক ন্যায়ৰ ভিত্তিত এনে এখন সমাজ প্ৰতিষ্ঠা কৰিব য’ত সমাজৰ প্ৰতিজন ব্যক্তিৰ উন্নতি সাধন কৰা হ’ব| এই সামাজিক আদৰ্শ ৰুপায়ণৰ বাবে ৰাষ্ট্ৰক কিছুমান কৰ্তব্য সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে| সেইবোৰ হ’ল-

১) ৰাষ্ট্ৰই কামৰ ক্ষেত্ৰত ন্যায়সংগত আৰু সহানুভুতিশীল পৰিৱেশৰ সৃষ্টি কৰিব আৰু গৰ্ভৱতী মহিলাৰ স্বাচ্ছন্দ্য সুনিশ্চিত কৰিবৰ বাবে ব্যৱস্থাৰ গ্ৰহণ কৰিব;

২) সংবিধান বলবৎ হোৱাৰ ১০ বছৰৰ ভিতৰতে অনধিক ১৪ বছৰৰ ল’ৰা-ছোৱালীৰ বাবে বিনামুলীয়া আৰু বাধ্যতামুলক শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব;

৩) ৰাষ্ট্ৰই দুৰ্বল আৰু পিছপৰা সম্প্ৰদায় বিলাকৰ, বিশেষকৈ অনুসূচীত জাতি আৰু জনজাতিৰ শিক্ষা আৰু অৰ্থনৈতিক স্বাৰ্থৰ উন্নতি সাধন কৰিব আৰু তেওঁলোকক সামাজিক অবিচাৰ আৰু সকলো প্ৰকাৰৰ শোষণৰ হাতৰ পৰা ৰক্ষা কৰিব;

৪) ৰাষ্ট্ৰই জনসাধাৰণৰ খাদ্যৰ পুষ্টিৰ পৰিমাণ আৰু জীৱন-ধাৰণৰ মানদণ্ডৰ আৰু জনস্বাস্থ্যৰ উন্নতিৰ বিধান কৰিব;

৫) একমাত্ৰ ঔষধজ হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে অন্য সকলো ক্ষেত্ৰত স্বাস্থ্য হানিকৰ উত্তেজক পানীয় আৰু মাদক দ্ৰব্যৰ ব্যৱহাৰ নিষিদ্ধ কৰিব; আৰু

৬) শৈশৱ আৰু যৌৱনত যাতে শোষণ আৰু অত্যাচাৰৰ পৰা ৰক্ষা পায় তাৰ কাৰণে ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰিব|

আইন আৰু শাসন সংক্ৰান্ত নীতিবোৰ

আইন আৰু শাসনব্যৱস্থাৰ সংস্কাৰমুলক নিৰ্দেশক নীতিবোৰ হ’ল-

১) আইনৰ দৃষ্টিত সমতাৰ নীতিক বাস্তৱত ৰুপদান কৰিবৰ বাবে গোটেই ভাৰতবৰ্ষত একে ধৰণৰ দেৱানী আইন প্ৰৱৰ্তনৰ বাবে ৰাষ্ট্ৰই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব;

২) ৰাষ্ট্ৰই ক্ষমতা পৃথকীকৰণ নীতিৰ ভিত্তিত দেশৰ শাসনকাৰ্য পৰিচালনা কৰিব| ইয়াৰ বাবে শাসন বিভাগৰ পৰা বিচাৰ বিভাগক স্বতন্ত্ৰকৈ ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব;

৩) ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ গাওঁ অঞ্চলত পঞ্চায়ত গঠন কৰিব আৰু এইবোৰৰ হাতত এনেকুৱা ক্ষমতা আৰু অধিকাৰ অৰ্পণ কৰিব যাতে এই পঞ্চায়তসমুহে স্বায়ত্ব শাসনৰ কেন্দ্ৰ হিচাপে কৰ্তব্য পালন কৰিব পাৰে;

৪) সংসদৰ দ্বাৰা ঘোষিত জাতীয় গুৰুত্বপুৰ্ণ ঐতিহাসিক আৰু সুৰুচিসম্পন্ন নিদৰ্শন, স্থান আৰু সামগ্ৰী সমুহ ৰক্ষা কৰা ৰাষ্ট্ৰৰ কৰ্তব্য বুলি বিবেচিত হ’ব;

৫) বিজ্ঞানসন্মত উপায়ে কৃষিপ্ৰণালী আৰু পশুপালন সংগঠন কৰা আৰু ঘৰচীয়া জন্তু বধ ৰহিত কৰা ৰাষ্ট্ৰৰ গুৰুত্বপুৰ্ণ কৰ্তব্যসমুহৰ অন্যতম;

৬) প্ৰাকৃতিক পৰিৱেশৰ ৰক্ষণা-বেক্ষণ আৰু উন্নতিৰ বাবে ৰাষ্ট্ৰ সচেতন থাকিব; আৰু

৭) হাবি আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে ৰাষ্ট্ৰই সকলো ব্যৱস্থা গ্ৰহণ কৰিব|

গাঁও অঞ্চলত গাঁও পঞ্চায়তৰ ব্যৱস্থা কৰা, অনুসূচীত জাতি, জনজাতি আৰু সমাজৰ আন আন পিছপৰা শ্ৰেণীৰ শিক্ষাৰ ব্যৱস্থা কৰা আৰু তেওঁলোকৰ অৰ্থনৈতিক স্বাধীনতা ৰক্ষা কৰা, কুটীৰ শিল্পৰ প্ৰসাৰণ ঘটোৱা, কৃষিৰ উন্নতি সাধন কৰা, জীৱ-জন্তুৰ প্ৰতি দয়াপৰবশ হোৱা আদি গান্ধীজীৰ মতবাদৰ অংশবিশেষ আছিল| নিৰ্দেশক নীতিৰ অধ্যায়ত এই নীতিবোৰ সন্নিবিষ্ট কৰি এইবোৰ কাৰ্যকৰী কৰিবৰ বাবে ৰাষ্ট্ৰক নিৰ্দেশ দিছে|

আন্তৰ্জাতিক নীতিবোৰ

ভাৰতবৰ্ষৰ আন্তৰ্জাতিক সম্পৰ্কৰ আদৰ্শ কি হোৱা উচিত সেই সম্পৰ্কেও নিৰ্দেশক নীতিবোৰত কিছুমান ইংগিত পোৱা যায়| শিক্ষাৰ প্ৰচাৰ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি আদি বিভিন্ন কাৰণত বৰ্তমান যুগৰ ৰাষ্ট্ৰ সমুহৰ মাজত আন্তৰ্জাতীয় নিৰ্ভৰশীলতা ক্ৰমশ: বাঢ়ি আহিছে| সেয়েহে ভাৰতীয় সংবিধান প্ৰণেতাসকলে এই সম্পৰ্কে ৰাষ্ট্ৰক কিছুমান নিৰ্দেশ দিছে| এই নিৰ্দেশ সমুহ সংবিধানৰ ৫১ নং অনুচ্ছেদত সন্নিবিষ্ট কৰা হৈছে| এই নীতিবোৰ হ’ল-

১) আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা;

২) জাতিসমুহৰ মাজত ন্যায়সংগত আৰু সন্মানজনক সম্পৰ্ক স্থাপন;

৩) আন্তৰ্জাতিক আইন, সন্ধি আদিৰ প্ৰতি সন্মান প্ৰদৰ্শন; আৰু

৪) মধ্যস্থতাৰ জৰিয়তে আন্তৰ্জাতিক বিবাদ নিষ্পত্তি কৰাৰ উৎসাহ দিয়া|

অন্যান্য নিৰ্দেশক মুলক নীতি

ভাৰতীয় সংবিধানৰ চতুৰ্থ অংশত সন্নিবিষ্ট নিৰ্দেশক নীতিবোৰৰ বাহিৰেও সংবিধানৰ অন্যান্য অংশত কিছুমান নিৰ্দেশক নীতি ঘোষণা কৰা হৈছে| এই নীতিবোৰ হ’ল-

১) সংবিধানৰ ৩৩৫ নং অনুচ্ছেদ অনুসৰি দক্ষতাৰ সৈতে সামঞ্জস্য ৰাখি কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ অধীনস্থ চাকৰিৰ নিয়োগৰ ক্ষেত্ৰত অনুসূচীত জাতি আৰু জনজাতিৰ লোকসকলৰ দাবী বিবেচনা কৰিব লাগিব;

২) সংবিধানৰ ৩৫০ নং অনুচ্ছেদত কোৱা হৈছে যে ভাষাভিত্তিক সংখ্যালঘু সম্প্ৰদায়ৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক স্তৰত মাতৃভাষাৰ মাধ্যমত শিক্ষাদানৰ ব্যৱস্থা কৰাৰ বাবে ৰাজ্য চৰকাৰ বা ৰাজ্য চৰকাৰৰ অধীনস্থ স্থানীয় শাসন ব্যৱস্থাই যথাসাধ্য চেষ্টা কৰিব লাগিব; আৰু

৩) সংবিধানৰ ৩৫১ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে, হিন্দী ভাষাৰ প্ৰসাৰ সাধনত আৰু ভাৰতৰ ‘মিশ্ৰ-সংস্কৃতিৰ’ প্ৰকাশৰ মাধ্যম হিচাপে এই ভাষাক উন্নত কৰাৰ চেষ্টা কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্তব্য বুলি বিবেচিত হ’ব| সংবিধানৰ চতুৰ্থ অংশত বৰ্ণিত নীতিবোৰৰ দৰেই এই নীতিবোৰকো আদালতৰ দ্বাৰা বলবৎ কৰিব নোৱাৰি|

নিৰ্দেশক নীতিবোৰৰ বৈশিষ্ট্যসমুহ

ভাৰতবৰ্ষৰ সংবিধানৰ চতুৰ্থ অংশত উল্লেখিত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিবোৰৰ কিছুমান বৈশিষ্ট্য মনকৰিবলগীয়া| সেই বৈশিষ্ট্য সমুহ তলত উল্লেখ কৰা হ’ল-

১) নিৰ্দেশক নীতিবোৰ বাধ্যতামুলক নহয়| এই নীতিবোৰ ৰাষ্ট্ৰই বলবৎ কৰিবও পাৰে বা নকৰিবও পাৰে| এই নীতিবোৰ বলবৎ কৰিবলৈ ৰাষ্ট্ৰ বাধ্য নহয় বা ৰাষ্ট্ৰক বাধ্য কৰাব নোৱাৰি|

২) নিৰ্দেশক নীতিবোৰ আদালতৰ দ্বাৰা বলৱৎ কৰিব নোৱাৰি| ৰাষ্ট্ৰই নিৰ্দেশক নীতিক বলবৎ নকৰিলে ইয়াৰ প্ৰতিকাৰৰ বাবে আদালতৰ ওচৰ চাপিব নোৱাৰি| অৰ্থাৎ আদালতৰ এই নীতিবোৰ বলবৎ কৰাবৰ ক্ষমতা নাই|

৩) নিৰ্দেশক নীতিবোৰ সকাৰাত্মক| অৰ্থাৎ এই নীতিবোৰে ৰাষ্ট্ৰক কিছুমান কাৰ্য সম্পাদন কৰিবলৈ নিৰ্দেশ দিছে| এই নীতিবোৰৰ জৰিয়তে ৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্য বৃদ্ধি কৰা হৈছে| ৰাষ্ট্ৰই ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এই নীতিবোৰ পালন কৰিব লাগিব|

৪) নিৰ্দেশক নীতি এনেই বলৱৎ কৰিব নোৱাৰি| এই নীতিবোৰ বলবৎ কৰিবৰ কাৰণে সংসদে আইন প্ৰণয়ন কৰিব লাগিব| গতিকে এই নীতিবোৰ কাৰ্যকৰী কৰাত সংসদেহে আগভাগ ল’ব লাগিব|

৫) নিৰ্দেশক নীতিবোৰ সামাজিক আৰু অৰ্থনৈতিক আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত| এই নীতিবোৰৰ সৈতে কোনো ধৰণৰ ৰাজনীতি জড়িত নহয়|

৬) নিৰ্দেশক নীতিৰ আন এটা বৈশিষ্ট হ’ল যে এইবোৰে সমুহীয়া উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে| এই নীতিবোৰ কাৰ্যকৰী কৰিব পাৰিলে ভাৰতবৰ্ষ সচাঁকৈয়ে এখন কল্যাণকামী ৰাষ্ট্ৰলৈ ৰুপান্তৰিত হ’ব|

৭) নিৰ্দেশক নীতিবোৰ অবাধ| ইয়াৰ ওপৰত সংবিধানে কোনো ধৰণৰণ্বাধা-নিষেধ আৰোপ কৰা নাই| অৱশ্যে এইবোৰৰ সাৰ্থকতা চৰকাৰৰ অৰ্থনৈতিক সামৰ্থ্য আৰু ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে|

নিৰ্দেশক নীতিবোৰৰ ৰুপায়ণ

ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিবোৰ অকল তত্ব হিচাপে সংবিধানত লিপিবদ্ধ কৰা নাই| এই নীতিবোৰক কাৰ্যকৰী কৰিবৰ বাবেও চৰকাৰে চেষ্টা কৰে| ৰাজনৈতিক গণতন্ত্ৰৰ লগতে অৰ্থনৈতিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা এই নীতিবোৰৰ উদ্দেশ্যে| ভাৰতবৰ্ষৰ আৰ্থিক সমস্যা সন্তোষজনক নোহোৱা সত্বেও নিৰ্দেশক নীতিসমুহ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা হৈছে| তলত তাৰে কিছুমান উদাহৰণ দিয়া হ’ল-

১) দেশৰ সম্পদৰ নিয়ন্ত্ৰণ আৰু বিতৰণৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে| ইতিমধ্যে জমিদাৰী প্ৰথাৰ বিলোপসাধন, ভুমি সংস্কাৰ আইন প্ৰণয়ন, মাটিৰ ঊৰ্ধতম সীমা নিৰ্ধাৰণ ইত্যাদি ব্যৱস্থা গৃহীত হৈছে| ইয়াৰোপৰি বেংক আৰু বীমাৰ জাতীয়কৰণ কৰা হৈছে| ৰাজন্য বানচৰ বিলোপ সাধন কৰি সমাজবাদৰ বাট মুকলি কৰা হৈছে| বিভিন্ন অৰ্থনৈতিক পৰিকল্পনাৰ জৰিয়তে সমতা প্ৰতিষ্ঠাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে| সেউজ-বিপ্লৱৰ কৰ্মসূচী, বিছ দফা কৰ্মসুচী, গৰিবী হটাও আদি কৰ্মসুচী গ্ৰহণ কৰি শ্ৰমিক আৰু কৃষকৰ দুখ-দুৰ্গতি মোচন কৰিবলৈ চেষ্টা কৰা হৈছে| এই প্ৰসংগত ৰাজীৱ গান্ধীৰ ‘বিছ-দফা কৰ্মসুচী’ উল্লেখযোগ্য| গাৱলীয়া মানুহৰ দৰিদ্ৰতা মোচন, ব্যাপকভাৱে ফচল উৎপাদন, ভুমি সংস্কাৰ আইন-প্ৰণয়ন, বিশুদ্ধ পানী যোগান, সকলোৰে স্বাস্থ্যৰক্ষাৰ ব্যৱস্থা, শিক্ষাৰ সম্প্ৰসাৰণ, দুখীয়াৰ বাবে বাসস্থানৰ ব্যৱস্থা, গাঁও উন্নয়ন, পৰিৱেশ সংৰক্ষণ ইত্যাদি এই নতুন কৰ্মসুচীৰ অন্তৰ্গত|

২) শ্ৰমিক আৰু অন্যান্য কৰ্মচাৰী সকলৰ কল্যাণৰ কাৰণে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে| এওঁলোকৰ মংগলৰ কাৰণে চৰকাৰে “চৰকাৰী বীমা আঁচনি”, “প্ৰভিডেণ্ট ফাণ্ড আঁচনি” আদি আৰম্ভ কৰিছে| ইয়াৰ দ্বাৰা কৰ্মচাৰী সকল উপকৃত হব| তাৰোপৰি শ্ৰম বিৰোধ আইন, বানচ্‌ আইন, ফেক্টৰী আইন, সামাজিক নিৰাপত্তা আইন আদি পাছ কৰি শ্ৰমীক শ্ৰেণীৰ কল্যাণ সাধনৰ ব্যৱস্থা কৰা হৈছে| শ্ৰমিক সকলৰ বাবে নিন্মতম দৰমহাৰ হাৰ নিৰ্ধাৰণ কৰা হৈছে আৰু দৰমহাসংক্ৰান্ত বিবাদ মীমাংসাৰ বাবে “মজুৰী ব’ৰ্ড” গঠন কৰা হৈছে|

৩) ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে অবৈতনিক প্ৰাথমিক শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে| কোনো কোনো ৰাজ্যৰ সপ্তম শ্ৰেণী বা তাৰ ওপৰতো বিনামুলীয়া শিক্ষালাভৰ সুযোগ দিয়া হৈছে| বয়স্ক সকলৰ নিৰক্ষৰতা দূৰ কৰিবৰ বাবে চৰকাৰে প্ৰাপ্তবয়স্ক সকলৰ শিক্ষাদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে|

৪) ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে পঞ্চায়ত ব্যৱস্থা আৰম্ভ কৰা হৈছে| ৰাজ্যচৰকাৰসমুহে এই সম্পৰ্কত প্ৰয়োজনীয় আইন পাছ কৰিছে| স্থানীয় স্বায়ত্বশাসিত অনুষ্ঠান সমুহৰ হাতত যথেষ্ট ক্ষমতা অৰ্পণ কৰা হৈছে| ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে|

৫) কৃষি আৰু পশুপালনৰ উন্নতিৰ কাৰণে চৰকাৰে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে| জলসিঞ্চন ব্যৱস্থাৰ সম্প্ৰসাৰণ, কৃষক সকলক উন্নত ধৰণৰ বীজ যোগান, সাৰৰ প্ৰয়োগ, ট্ৰেক্টৰৰ প্ৰচলন আদিয়ে কৃষি ব্যৱস্থাৰ যথেষ্ট উন্নতি সাধন কৰিছে| চৰকাৰে বেংকৰ জৰিয়তে কৃষিঋণ দিয়াৰ ব্যৱস্থা কৰিছে| পশুপালনৰ ক্ষেত্ৰতো ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে| জনসাধাৰণক উন্নত পশুপালন পদ্ধতিৰ শিক্ষাদান, ব্যাপক হাৰত পশুচিকিৎসা কেন্দ্ৰ স্থাপন আৰু বৈজ্ঞানিকভাৱে পশু প্ৰজনন পদ্ধতিৰ প্ৰয়োগ এই প্ৰসংগত বিশেষ উল্লেখযোগ্য| এই কামবোৰ সমাজ উন্নয়ন আঁচনিৰ অধীনত সম্পাদন কৰা হয়|

৬) জনস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে| খাদ্যত পুষ্টিৰ অভাৱ দূৰ কৰিবৰ বাবে গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে| মেলেৰিয়া, কলেৰা, বসন্ত আদি ব্যাধিক নিৰ্মুল কৰিবৰ বাবে লোৱা ব্যৱস্থাৰ ফলত এইবোৰ বেমাৰৰ প্ৰ্কোপ কম হৈছে| ভাৰতৰ গাঁৱে গাঁৱে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰা হৈছে| জনসাধাৰণক স্বাস্থ্য সম্পৰ্কে সচেতন কৰিবৰ বাবে নানা ধৰণৰ শিক্ষা প্ৰদান কৰা হয়|

৭) কুটীৰ শিল্পৰ সম্প্ৰসাৰনৰ বাবে খাদী আৰু গ্ৰামীণ শিল্প ব’ৰ্ড, সৰ্বভাৰতীয় তাঁত বোৰ্ড, হস্তশিল্প ব’ৰ্ড, চিল্ক ব’ৰ্ড আদি গঠন কৰা হৈছে| এই সংস্থাসমুহে কুটীৰ শিল্পৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই আহিছে| কিছুমান ৰাজ্যত ভালদৰে কুটীৰ শিল্পৰ সম্প্ৰসাৰণ হৈছে আৰু সেইবোৰৰ জনপ্ৰিয়তা বাঢ়িছে|

৮) কেন্দ্ৰৰ দৰে ভাৰতবৰ্ষৰ ৰাজ্যসমুহতো শাসন বিভাগ আৰু বিচাৰ বিভাগৰ ক্ষেত্ৰত ক্ষমতা-পৃথকীকৰণ নীতি প্ৰয়োগ কৰা হৈছে| শাসন বিভাগৰ পৰা বিচাৰৰ ক্ষমতা ন্যায় বিভাগলৈ অনা হৈছে| ইয়াৰ ফলস্বৰুপে জনসাধাৰণৰ স্বাধীনতা ভালদৰে সুৰক্ষিত হ’ব|

৯) গোটেই ভাৰতবৰ্ষত একে ধৰণৰ দেৱানী আইন প্ৰৱৰ্তন কৰা হৈছে| এই প্ৰসংগত হিন্দু বিবাহ আইন আৰু হিন্দু উত্তৰাধিকাৰী আইনৰ কথা উল্লেখ কৰিব পাৰি| দেৱানী আইনৰ ক্ষেত্ৰত এতিয়াও কিছুমান বিষয়ত বিভিন্ন ৰাজ্যত পাৰ্থক্য থকা দেখা যায়|

১০) চৰকাৰে জাতীয় ঐতিহ্যমণ্ডিত স্থান আৰু সামগ্ৰীসমুহ সংৰক্ষণৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে| শিল্প, কলা, সাহিত্য আদিৰ বিকাশৰ বাবে বিভিন্ন সংস্থা গঠন কৰা হৈছে| সংস্কৃতিৰ দিশত যাতে দেশ আগুৱাই যায় তাৰ বাবেও চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে|

১১) ভাৰতে বিশ্বশান্তি ৰক্ষাৰ ক্ষেত্ৰত দেশ স্বাধীন হোৱাৰ পিছৰ পৰাই আপ্ৰাণ চেষ্টা কৰি আছে| ৰাষ্ট্ৰসংঘ আৰু কমনওৱেলথৰ সদস্য হিচাপে ভাৰতে বিশ্বশান্তি ৰক্ষাৰ ক্ষেত্ৰত বহুতো প্ৰস্তাৱ আগবঢ়াইছে| ভাৰতৰ বৈদেশিক নীতিৰ মূল ভেঁটি হ’ল সংবিধানৰ ৫১ নং অনুচ্ছেদ| এই অনুচ্ছেদত থকা নীতিবোৰ ভাৰতে অক্ষৰে অক্ষৰে পালন কৰি আছে| ভাৰতবৰ্ষই গোষ্ঠীনিৰপেক্ষ আৰু সাম্ৰাজ্যবাদ বিৰোধ নীতি অনুসৰণৰ জৰিয়তে বিশ্বশান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰি আহিছে|

নিৰ্দেশক নীতি ৰুপায়নৰ বাধাসমুহ:- নিৰ্দেশক নীতিবোৰৰ ৰুপায়ণৰ ওপৰতে ভাৰতীয় গণতন্ত্ৰ আৰু ইয়াৰ জনগণৰ ভৱিষ্যত নিৰ্ভৰ কৰে| কিন্তু ই নীতিবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছুমান বাধা থকা দেখা যায়| এই বাধাসমুহ আঁতৰ কৰিব পাৰিলে নিৰ্দেশক নীতিবোৰ কাৰ্যকৰী হ’ব আৰু ভাৰতবৰ্ষই এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে দাবী কৰিব পাৰিব| নিৰ্দেশাত্মক নীতিৰ ৰুপায়ণৰ ক্ষেত্ৰত দেখা দিয়া বাধাসমুহ তলত উল্লেখ কৰা হ’ল-

১) ভাৰতবৰ্ষ এখন সমস্যাবহুল দেশ| এই সমস্যা সমাধানৰ বাবে চৰকাৰৰ আৰ্থিক সামৰ্থ্য নাই| নিৰ্দেশক নীতিৰ বাস্তৱ ৰুপায়ণ ৰাষ্ট্ৰৰ আৰ্থিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে| ভাৰতবৰ্ষ এখন দুখীয়া দেশ; সেয়েহে সকলো নিৰ্দেশক নীতিক ভালদৰে কাৰ্যকৰী কৰা চৰকাৰৰ পক্ষে সম্ভৱ হোৱা নাই|

২) নিৰ্দেশক নীতিবোৰ অকল চৰকাৰী প্ৰচেষ্টাত কৃতকাৰ্য কৰিব নোৱাৰি| ইয়াৰ বাবে সমুহ জনসাধাৰণৰ সহযোগিতাৰ প্ৰয়োজন| জনসাধাৰণৰ সহযোগিতাৰ অভাৱত এই নীতিবোৰ ভালদৰে কৃতকাৰ্য হোৱা নাই| আত্মকেন্দ্ৰিক জনসাধাৰণক লৈ কল্যাণকামী ৰাষ্ট্ৰ গঠন কৰা বৰ কষ্টকৰ|

৩) ভাৰতবৰ্ষত শক্তিশালী আৰু সুস্থ জনমতৰ অভাৱ| নিৰ্দেশক নীতিবোৰ ভালদৰে বলবৎ কৰিব নোৱাৰাৰ ইও এটা কাৰণ| যিহেতু নিৰ্দেশক নীতিবোৰ কাৰ্যকৰী কৰা চৰকাৰৰ বাবে বাধ্যতামুলক নহয়, সেয়ে জনমত গঠনৰ দ্বাৰাই নীতিবোৰ প্ৰয়োগ কৰিবলৈ বাধ্য কৰাব পাৰি|

৪) আমাৰ দেশৰ বৰ্দ্ধিত হাৰৰ জনসংখ্যাও নিৰ্দেশক নীতিবোৰ কাৰ্যকৰী কৰাৰ বাটত আন এটা বাধাস্বৰুপ| ভাৰতবৰ্ষৰ জনসংখ্যা ইমান বেছিকৈ বাঢ়ি আছে যে নিৰ্দেশক নীতিবোৰ প্ৰয়োগ কৰাত বহুতো অসুবিধাই দেখা দিছে|

৫) নিৰ্দেশক নীতিবোৰ ভালদৰে কাৰ্যকৰী নোহোৱাৰ আন এটা উল্লেখযোগ্য কাৰণ হ’ল- দুৰ্নীতি| ভাৰতীয় সমাজব্যৱস্থাৰ সকলো স্তৰতে দুৰ্নীতি দেখা যায়| ইয়াৰ ফলত চৰকাৰে নিৰ্দেশক নীতি বলৱৎ কৰিবৰ বাবে যি অৰ্থ ব্যয় কৰে সেইয়া ভাল কামত খৰচ কৰা নহয়| এই অৰ্থ বিভিন্ন উপায়ে কিছুমান ব্যক্তিৰ হাতলৈ গুচি যায়|

নিৰ্দেশক নীতিৰ দোষ

নিৰ্দেশক নীতিবোৰৰ বহুতো দোষ আছে| সেই দোষবোৰ মনকৰিবলগীয়া|

১) নিৰ্দেশক নীতিবোৰ আদালতে বলৱৎ কৰিব নোৱাৰে| সেইকাৰণে এইবোৰৰ ওপৰত চৰকাৰে ভালদৰে গুৰুত্ব নিদিয়ে|

২) এই নীতিবোৰ মানি চলিবলৈ চৰকাৰ বাধ্য নহয়| সেয়েহে চৰকাৰে নিজৰ ইচ্ছামতে এই নীতিবোৰ কাৰ্যকৰী কৰে|

৩) কিছুমান সমালোচকে মত প্ৰকাশ কৰিছে যে সংবিধান প্ৰণেতা সকলে নিৰ্দেশক নীতিৰ ওপৰত সিমান গুৰুত্ব দিয়া নাই, সেইকাৰণেহে এইবোৰক সংবিধানৰ চতুৰ্থ অংশত সন্নিবিষ্ট কৰা হৈছে|

৪) ৰাষ্ট্ৰই অৰ্থনৈতিক নীতিবোৰ প্ৰয়োগ কৰাত সিমান কৃতকাৰ্যতা লাভ কৰিব পৰা নাই| কাৰণ, ভাৰতবৰ্ষত ধনী-দুখীয়াৰ মাজৰ ব্যৱধান বাঢ়িয়েই আছে|

৫) ভাৰতবৰ্ষৰ প্ৰশাসন ব্যৱস্থা নিৰ্দেশক নীতিবোৰ কাৰ্যকৰী কৰিবৰ বাবে উপযোগী নহয়| এই নীতিবোৰ কাৰ্যকৰী কৰিবৰ বাবে বেলেগ ধৰণৰ প্ৰশাসন যন্ত্ৰৰ প্ৰয়োজন|

৬) ভাৰতবৰ্ষৰ ৰাজনৈতিক দলসমুহেও নিৰ্দেশক নীতিৰ ওপৰত সিমান গুৰুত্ব দিয়া নাই| সেয়েহে এতিয়ালৈকে ভাৰতবৰ্ষ প্ৰকৃতাৰ্থত এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব পৰা নাই|

নিৰ্দেশক নীতিবোৰৰ তাৎপৰ্য

নিৰ্দেশক নীতিবোৰ আদালতৰ দ্বাৰা বলবৎযোগ্য নোহোৱাৰ বাবে বহুতে এইবোৰক সংবিধান প্ৰণেতাসকলৰ ‘সদিচ্ছাৰ প্ৰকাশ’, ‘নৈতিক উপদেশ’, ‘ৰাজনৈতিক ইস্তাহাৰ’ ইত্যাদি বুলি অভিহিত কৰিছে| কিন্তু আন বহুতে নিৰ্দেশক নীতিবোৰক একেবাৰে মূল্যহীন বুলি নাভাৱে| এওঁলোকৰ মতে এই নীতিবোৰ আদালতৰ দ্বাৰা বলৱৎযোগ্য নহ’লেও এইবোৰৰ গুৰুত্বক অস্বীকাৰ কৰিব নোৱাৰি| নিৰ্দেশক নীতিবোৰৰ যথেষ্ট গুৰুত্ব আছে| সেইবোৰ তলত আলোচনা কৰা হ’ল-

১) নিৰ্দেশক নীতিবোৰ আদালতৰ জৰিয়তে সাব্যস্ত কৰিব নোৱাৰি যদিও এই নীতিবোৰ তাৎপৰ্যহীন নহয়| সংবিধানৰ ৩৭ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে এই নীতিবোৰক মৌলিক নীতি বুলি বিবেচনা কৰিব লাগে আৰু বিধি ৰচনা কৰাৰ ক্ষেত্ৰত এই নীতি কাৰ্যকৰী কৰিবলৈ চৰকাৰে চেষ্টা কৰিব লাগে|

২) আইনৰ দৃষ্টিৰে পৰীক্ষা কৰিলে এই নীতিবোৰ তাৎপৰ্যহীন যেন লাগিলেও ইয়াৰ ৰাজনৈতিক তাৎপৰ্য আছে| এই নীতিসমুহৰ মাধ্যমেৰে জনসাধাৰণে চৰকাৰৰ যোগ্যতা বিচাৰ কৰে| ক্ষমতাত অধিষ্ঠিত দলে এই নীতিবোৰ কাৰ্যকৰী কৰাত ব্যৰ্থ হ’লে এই দলে জনসাধাৰণৰ সমৰ্থন হেৰুৱাব পাৰে| গতিকে দীৰ্ঘদিন ক্ষমতাত থাকিবলৈ ইচ্ছা কৰা চৰকাৰে এই নীতিবোৰ কাৰ্যকৰী কৰিব লাগিবই|

৩) নিৰ্দেশক নীতিবোৰে ভাৰতবৰ্ষত এক স্থায়ী নীতি প্ৰচলন কৰাত সহায় কৰিছে| গণতন্ত্ৰত যিকোনো ৰাজনৈতিক দলে দেশ শাসন কৰিবলৈ সুযোগ পাব পাৰে| কিন্তু কোনো দলেই এই নীতিবোৰক উপেক্ষা কৰিব নোৱাৰে| কাৰণ, এই নীতিবোৰ সংবিধানে নিৰ্দ্ধাৰণ কৰা নীতি, কোনো ৰাজনৈতিক দলৰ দ্বাৰা নিৰ্দ্ধাৰিত নীতি নহয়| গতিকে এই নীতিবোৰ প্ৰয়োগ কৰাত সকলো ৰাজনৈতিক দল আগ্ৰহী হ’ব লাগিব, নহ’লে এইবোৰৰ পক্ষে জনতাৰ সমৰ্থন লাভ কৰা সম্ভৱ নহয়|

৪) নিৰ্দেশক নীতিবোৰ বাতিল কৰিব পৰা নাযায়| কোনো এখন চৰকাৰে এইবোৰ কাৰ্যকৰী নকৰিব পাৰে, কিন্তু এই নীতিবোৰক কোনেও বাতিল কৰিব নোৱাৰে| ড° আম্বেদকাৰৰ মতে কাৰ্যপালিকা আৰু বিধানমণ্ডলে এই নীতিবোৰ কাৰ্যকৰী কৰিব বুলি সংবিধান প্ৰণেতা সকলে আশা ৰাখিছে| নিৰ্দেশক নীতিসমুহ প্ৰকৃতাৰ্থত কাৰ্যকৰী কৰিব পাৰিলে ভাৰতবৰ্ষত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা হ’ব বুলি আশা কৰিব পাৰি| এই প্ৰসংগত অধ্যাপক পাইলিয়ে কৈছে যে নিৰ্দেশক নীতিসমুহে একনায়কত্ববাদৰ পৰা জনসাধাৰণৰ স্বতন্ত্ৰতা ৰক্ষা কৰিব পাৰে আৰু পুঁজিবাদী স্বতন্ত্ৰতাৰ পৰা জনসাধাৰণক অৰ্থনৈতিক নিৰাপত্তা দিব পাৰে|

৫) নিৰ্দেশক নীতিৰ আটাইতকৈ বেছি গুৰুত্ব এই যে নীতিবোৰৰ লক্ষ্য হ’ল সাংবিধানিক উপায়ে সমাজ-বিপ্লৱৰ কাম সম্পন্ন কৰা| নিৰ্দেশক নীতিবোৰে সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত সমতা প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট পৰিমাণে সহায় কৰিবলৈ সক্ষম|

৬) নিৰ্দেশক নীতিবোৰে চৰকাৰক ইয়াক দায়িত্ব সচেতন কৰি দিয়ে| নিৰ্দেশক নীতিবোৰ বলৱৎ কৰা চৰকাৰৰ নৈতিক কৰ্তব্য| কোনো দলীয় চৰকাৰে এই নীতিবোৰক অৱহেলা কৰিব নোৱাৰে| জনসাধাৰণৰ প্ৰতি যে চৰকাৰৰ দায়িত্ব আছে সেইটোক এই নীতিবোৰে সোঁৱৰাই দিয়ে|

৭) এফালৰ পৰা চাবলৈ গ’লে নিৰ্দেশক নীতিবোৰৰ আইনগত গুৰুত্বও আছে| এই নীতিবোৰক আদালতৰ জৰিয়তে সাব্যস্ত কৰিব নোৱাৰি সঁচা, কিন্তু উচ্চতম ন্যায়ালয়ে নিৰ্দেশক নীতিৰ ভিত্তিত বহুতো সময়ত আইনৰ বৈধতা বিচাৰ কৰে| বিভিন্ন গোচৰৰ ৰায়দানৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে নিৰ্দেশক নীতিৰ সহায় লোৱাৰ বাবে এই নীতিবোৰৰ আইনগত গুৰুত্ব কিছু পৰিমাণে আছে বুলি ক’ব পাৰি|

৮) অধ্যাপক হোৱেৰৰ মতে নিৰ্দেশক নীতিবোৰৰ শিক্ষাগত মুল্য আছে| এইবোৰে জনসাধাৰণক তেওঁলোকৰ অধিকাৰ আৰু কৰ্তব্য সম্পৰ্কে সজাগ কৰি দিয়ে| সেইকাৰণে এই নীতিবোৰৰ শিক্ষাগত মুল্যক কোনোমতেই অস্বীকাৰ কৰিব নোৱাৰি|

মুল্যায়ন

পৰিশেষত কব পাৰি যে সংবিধানত নিৰ্দেশক নীতিবোৰ সন্নিবিষ্ট হোৱাৰ ফলত এফালে যেনেকৈ জনসাধাৰণৰ মনত নতুনকৈ আশা-আকাংক্ষা জাগি উঠিছে, আনহাতে তেনেকৈ তেওঁলোক নিজৰ অধিকাৰ আৰু কৰ্তব্য সম্পৰ্কে সচেতন হৈ উঠিছে| অধ্যাপক পাইলিৰ মতে নিৰ্দেশক নীতিবোৰ হ’ল ভাৰতীয় জনসাধাৰণৰ ন্যূনতম আশা-আকাংক্ষাৰ প্ৰতীক| এই নীতিবোৰক বাস্তৱত ৰুপায়িত কৰিব পাৰিলে ভাৰতবৰ্ষ এখন আদৰ্শ যুক্তৰাষ্ট্ৰত পৰিণত হ’ব| এই নীতিবোৰৰ গুৰুত্ব বৰ্ননা কৰিবলৈ যাওঁতে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে মন্তব্য কৰিছিল-“কিছুমান লক্ষ্যত উপনীত হ’বৰ বাবে নিৰ্দেশক নীতিবোৰে গতিশীল পদক্ষেপ হিচাপে কাম কৰে|” ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিবোৰত ভাৰতীয় জনসাধাৰণৰ লক্ষ্য নিৰ্দ্ধাৰিত হৈছে| এই নীতিবোৰৰ কাৰ্যকাৰীতাৰ ওপৰতে ভাৰতীয় গণতন্ত্ৰ আৰু ইয়াৰ জনসাধাৰণৰ ভৱিষ্যত নিৰ্ভৰ কৰে| নিৰ্দেশক নীতিবোৰৰ সু-প্ৰয়োগৰ দ্বাৰাহে ভাৰতীয় সংবিধান কৃতকাৰ্য হৈছে বুলি প্ৰমাণ কৰিব পাৰি|

উৎস: ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা

শেহতীয়া উন্নীতকৰণ: : 7/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate