অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতীয় সংবিধানত থকা মৌলিক কৰ্তব্যসমূহ

ভাৰতীয় সংবিধানত থকা মৌলিক কৰ্তব্যসমূহ

ভাৰতবৰ্ষৰ মূল সংবিধানে মৌলিক কৰ্তব্যবোৰ সন্নিবিষ্ট কৰা নাছিল| সংবিধান নিৰ্মাতাসকলে সংবিধানত কোনো কৰ্তব্যৰ উল্লেখ কৰাটো প্ৰয়োজন বুলি ভবা নাছিল| কাৰণ, ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আৰু এখন গণতান্ত্ৰিক দেশৰ নাগৰিক সকল কৰ্তব্যৰ বিষয়ে সজাগ থাকিব লাগিব| তেওঁলোকক সংবিধানে কিছুমান অধিকাৰ প্ৰদান কৰিছে আৰু এই অধিকাৰে কৰ্তব্যক সূচায়| সেয়েহে সংবিধানৰ নিৰ্মাতা সকলে ভাবিছিল যে ভাৰতীয় নাগৰিকৰ অধিকাৰৰ মাজতে তেওঁলোকৰ কৰ্তব্য লুকাই আছে| কিন্তু অৱশেষত দেখা গ’ল যে ভাৰতবৰ্ষৰ মানুহ নিজৰ কৰ্তব্য সম্পৰ্কে সজাগ নহয়| তেওঁলোকে নিজৰ স্বাৰ্থৰ বিষয়ে ভালদৰে জানে, কিন্তু ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতি তেওঁলোকৰ কি দায়িত্ব বা কৰ্তব্য আছে সেই সম্পৰ্কে তেওঁলোক একেবাৰে উদাসীন| নাগৰিকৰ এনে মনোভাৱে যিকোনো গণতান্ত্ৰিক ৰাষ্ট্ৰক বিপদৰ পথলৈ লৈ যাব পাৰে|

ভাৰতবৰ্ষৰ সংবিধানত মৌলিক কৰ্তব্য সন্নিবিষ্ট কৰাৰ কথা চৰকাৰে গভীৰ ভাৱে চিন্তা কৰিছিল আৰু এই বিষয়ে পৰামৰ্শ দানৰ বাবে স্বৰণ সিঙৰ নেতৃত্বত এখন সমিতি গঠন কৰিছিল| এই সমিতিৰ পৰামৰ্শ মতে ভাৰতবৰ্ষৰ সংবিধানত মৌলিক কৰ্তব্য সমুহ লিপিবদ্ধ কৰা হয়| সংবিধানৰ ৪২ তম সংশোধনী আইনৰ দ্বাৰা এই মৌলিক কৰ্তব্য সমুহ ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত কৰা হয়| সংবিধানৰ চতুৰ্থ অংশৰ ৫১ এ নং অনুচ্ছেদত এই মৌলিক কৰ্তব্য সমুহ স্থান দিয়া হৈছে| মৌলিক কৰ্তব্য সমুহে সাংবিধানিক আইন হিচাপে ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে মৰ্যাদা লাভ কৰে| গতিকে এতিয়া প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতি কিছুমান মহান কৰ্তব্য আছে| সেই কৰ্তব্য সমুহ তলত উল্লেখ কৰা হ’ল-

১) সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা;

২) স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা, মহান আদৰ্শ সমুহ পোষণ আৰু অনুসৰণ কৰা;

৩) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা;

৪) দেশখন ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই দেশৰ প্ৰতি সেৱা আগবঢ়োৱা;

৫) ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম আৰু ভাষা-ভাষী মানুহৰ মাজত ভ্ৰাতৃভাৱৰ সৃষ্টি কৰা আৰু মহিলা সকলৰ প্ৰতি মৰ্যাদা হানিকৰ আচৰণ ত্যাগ কৰা;

৬) ভাৰতৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু তাক সংৰক্ষণ কৰা;

৭) বনানি, হ্ৰ্দ, নদ-নদী, বন্য জন্তু আদিকে ধৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়াপৰৱশ হোৱা;

৮) বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা, মানৱতাবোধ ভাৱৰ সৃষ্টি কৰা আৰু অনুসন্ধিৎসু তথা সংস্কাৰ মনোভাৱৰ বিকাশ সাধন কৰা;

৯) ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনোভাৱ পৰিত্যাগ কৰা; আৰু

১০) ব্যক্তিগত আৰু সামূহিক সকলো কাম-কাজৰ ক্ষেত্ৰ্ত উৎকৰ্ষ সাধনৰ চেষ্টা কৰা আৰু ৰাষ্ট্ৰই যাতে প্ৰগতিৰ পথত আগুৱাই যাব পাৰে তাৰ ব্যৱস্থা কৰা;

১১) ২০০২ চনৰ ৮৬ তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰ্তব্যটো হ’ল “ছয়ৰ পৰা চৈধ্য বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব|” এইটো হ’ল পিতৃ-মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য|

মৌলিক কৰ্তব্যৰ প্ৰকৃতি

মৌলিক কৰ্তব্য সমুহ সংবিধানৰ IVA অংশত লিপিবদ্ধ কৰা হৈছে| এই কৰ্তব্য সমুহ পালন কৰাটো নাগৰিকৰ বাবে আইনমতে বাধ্যতামুলক নহয়| এই কৰ্তব্য সমুহ ন্যায়ালয়ৰ জৰিয়তে বলৱৎ কৰিব নোৱাৰি| তাৰোপৰি নাগৰিকে এই কৰ্তব্যসমুহ পালন নকৰিলে সংবিধানে কোনো শাস্তিৰো বিধান কৰা নাই| কিন্তু মৌলিক কৰ্তব্য সমুহ ভাৰতীয় সংবিধানৰ অংশ| মৌলিক কৰ্তব্য সমুহৰ কোনো বিধিগত শক্তি নাই| অৱশ্যে, এই কৰ্তব্য সমুহৰ নৈতিক প্ৰ্ভাৱ থাকিব পাৰে| সংবিধানত মৌলিক কৰ্তব্য সমুহক সাধাৰণভাৱে বৰ্ণনা কৰা হৈছে| ইয়াত কোনো বিশেষ কৰ্তব্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই|

মৌলিক কৰ্তব্য সমুহৰ গুণ

মৌলিক কৰ্তব্য সমুহৰ যথেষ্ট গুৰুত্ব আছে| এইবোৰ মুল্যহীন নহয়|

১) মৌলিক কৰ্তব্য সমুহে নাগৰিক সকলক তেওঁলোকৰ কৰ্তব্যসমুহ সম্পৰ্কে সজাগ কৰিব পাৰে|

২) শৈক্ষিক দিশৰ পৰাও মৌলিক কৰ্তব্য বিলাক বৰ গুৰুত্বপুৰ্ণ| ইয়াৰ দ্বাৰা জনসাধাৰণক তেওঁলোকৰ কৰ্তব্য সম্পৰ্কে শিক্ষিত কৰিব পাৰি|

৩) মৌলিক কৰ্তব্য সমুহৰ নৈতিক মূল্যও আছে| কৰ্তব্য পালন কৰাটো যে নাগৰিকৰ নৈতিক কৰ্তব্য সেইটো তেওঁলোকে এই মৌলিক কৰ্তব্য সমুহ অধ্যয়ন কৰি উপলব্ধি কৰিব পাৰিব|

৪) ভাৰতবৰ্ষৰ অধিকাংশ লোক ৰাজনৈতিক বিষয়ত সচেতন নহয়| সংবিধানত মৌলিক কৰ্তব্যৰ অন্তৰ্ভুক্তিয়ে তেওঁলোকক সচেতন নাগৰিক হিচাপে গঢ়াত সহায় কৰিব|

৫) নাগৰিক সকলে অধিকাৰৰ লগতে যে ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতি তেওঁলোকৰ কিছুমান দায়িত্ব আৰু কৰ্তব্য আছে সেইটো ভালদৰে বুজিব পাৰিব|

মৌলিক কৰ্তব্য সমুহৰ দোষ

মৌলিক কৰ্তব্য সমুহৰ বহুতো দোষ আছে| সেই দোষ সমুহ হ’ল-

১) এই কৰ্তব্য সমুহৰ প্ৰধান দোষ হ’ল এয়েই যে এইবোৰ জনসাধাৰণৰ ওপৰত বাধ্যতামুলক নহয়| জনসাধাৰণে এই কৰ্তব্য সমুহ পালন কৰিবও পাৰে বা নকৰিবও পাৰে| ভাৰতবৰ্ষৰ জনসাধাৰণে এই কৰ্তব্য সমুহ পালন নকৰাৰ সম্ভাৱনাই বেছি|

২) মৌলিক কৰ্তব্যৰ তালিকা সম্পুৰ্ণ নহয়| ইয়াৰ কিছুমান বোধগম্য নহয়|

৩) সংবিধানে জনসাধাৰণৰ কিছুমান বিশেষ কৰ্তব্যৰ উল্লেখ কৰিব লাগিছিল, যিবোৰ ৰাষ্ট্ৰৰ আৰু সামাজিক স্বাৰ্থৰক্ষাৰ কাৰণে বৰ গুৰুত্বপুৰ্ণ| কিন্তু এই সম্পৰ্কে সংবিধান নিমাত| গতিকে জনসাধাৰণৰ ওপৰত ইয়াৰ বেছি প্ৰভাৱ পৰা নাই|

৪) ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰা মৌলিক কৰ্তব্য সমূহৰ বিধিগত শক্তি নাই| আইনৰ জৰিয়তে এইবোৰক বলৱৎ কৰিব নোৱাৰি|

৫) মৌলিক কৰ্তব্য সমুহক বলৱৎ কৰিবৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই|

৬) মৌলিক কৰ্তব্য সমুহক ন্যায়ালয়ৰ জৰিয়তে বলৱৎ কৰিব নোৱাৰি|

৭) কোনোবাই মৌলিক কৰ্তব্য পালন নকৰিলে ইয়াৰ শাস্তিৰো কোনো বিধান নাই|

৮) মৌলিক কৰ্তব্য সমুহক সংবিধানৰ চতুৰ্থ অংশৰ অন্তৰ্ভুক্ত কৰি এইবোৰৰ গুৰুত্ব কমাই দিয়া হৈছে|

৯) পাল্কিওৱালাৰমতে ভাৰতীয় নাগৰিক সকলৰ মৌলিক কৰ্তব্য সমুহ যুক্তিসংগত নহয়| তেওঁৰ মতে এই দেশৰ প্ৰায় দুই-তৃতীয়াংশ লোক শিক্ষিত নহয়| গতিকে এওঁলোকৰ পক্ষে বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰাটোক সম্ভৱপৰ নহয়|

মৌলিক কৰ্তব্যৰ গুৰুত্ব

মৌলিক কৰ্তব্য সমুহৰ গুৰুত্ব ভাৰতবৰ্ষৰ জনসাধাৰণৰ বিবেক-বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে| আশা কৰিব পাৰি যে বিবেকৰ নিৰ্দেশত নাগৰিক সকলে এই কৰ্তব্যসমুহ পালন কৰিব| মৌলিক কৰ্তব্যৰ আইনগত বাধ্যবাধকতা নাথাকিলেও এইবোৰক মূল্যহীন বুলি ক’ব নোৱাৰি|

এখন স্বাধীন দেশৰ নাগৰিকে নিজৰ স্বাৰ্থৰক্ষাৰ কাৰণে এই কৰ্তব্য সমুহ পালন কৰিব লাগিব, নহ’লে নিজে নিজৰ ভৰিত কুঠাৰেৰে আঘাত কৰাৰ দৰে হ’ব| গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিকসকলে নিজ নিজ কৰ্তব্য পালন নকৰিলে গণতন্ত্ৰ কেতিয়াও কৃতকাৰ্য হ’ব নোৱাৰে| ভাৰতীয় গনতন্ত্ৰৰ ভৱিষ্যত এই দেশৰ নাগৰিক সকলৰ কৰ্তব্য পালনৰ ওপৰত নিৰ্ভৰ কৰে| সংবিধানত এই কৰ্তব্য সমুহ সংযোজিত হোৱাৰ পিচত নাগৰিকসকল কৰ্তব্য পালনৰ ওপৰত নিৰ্ভৰ কৰে| সংবিধানত এই কৰ্তব্য সমুহ সংযোজিত হোৱাৰ পিচত নাগৰিক সকল এই বিষয়ত অধিক সচেতন আৰু কৰ্তব্যপৰায়ণ হোৱা উচিত|

মৌলিক কৰ্তব্য সমুহক বাধ্যতামুলক নহ’লেও জনমতৰ জৰিয়তে এইবোৰ কাৰ্যকৰী কৰিব পাৰি| সুস্থ জনমত গঠনৰ দ্বাৰা নাগৰিক সকলক এই কৰ্তব্য সমুহ পালন কৰিবলৈ বাধ্য কৰিব পাৰি| আইন বা ন্যায়ালয়ৰ জৰিয়তে সকলো কাৰ্য সমাধান কৰা সম্ভৱপৰ নহয়| ইয়াৰ বাবে প্ৰয়োজন ভাৰতবৰ্ষৰ সমূহ জনসাধাৰণৰ সহযোগিতা| গণতান্ত্ৰিক ৰাষ্ট্ৰত সুস্থ জনমতৰ বাহিৰে আন কোনো শক্তি নাই| এই শক্তিক ভালদৰে প্ৰয়োগ কৰিলেহে মৌলিক কৰ্তব্য সমূহৰ উদ্দেশ্যে সাৰ্থক হ’ব|

মৌলিক কৰ্তব্য পালনে যে আমাৰ দেশত গণতন্ত্ৰৰ ভেঁটি অধিক শক্তিশালী কৰিব সেই বিষয়ত কোনো সন্দেহ নাই| দেশৰ সকলো জনসাধাৰণক এই কৰ্তব্য সম্পৰ্কে সজাগ কৰা উচিত| এই কাৰ্যত সকলোৱে অংশগ্ৰহণ কৰিব লাগিব| এইখিনিতে এই কথাটো মনকৰিবলগীয়া যে জনগণৰ কৰ্তব্য পালনৰ অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰগতিৰ পথত আগুৱাই যাব নোৱাৰে| সেয়েহে সকলোৰে মহান দায়িত্ব হ’ল ওপৰত কৈ অহা কৰ্তব্য সমুহ আখৰে আখৰে পালন কৰা|

উৎস: ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা

শেহতীয়া উন্নীতকৰণ: : 7/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate