অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যুৱাবস্থাৰ উন্মাদনা আৰূ মুল্যবোধৰ শিক্ষা

যুৱাবস্থাৰ উন্মাদনা আৰূ মুল্যবোধৰ শিক্ষা

আজিৰ যুৱচামৰ একাংশই বিভিন্ন প্ৰকাৰে প্ৰদৰ্শন কৰা উশৃংখল  আচৰনে অভিভাৱক সকলৰ লগতে সচেতন সকলক ব্যতিব্যস্ত কৰাৰ লগতে তেওঁলোকৰ ভবিষ্যত সম্পৰ্কে ভবাই তুলিছে । যুবচামৰ এই উশৃংখলতাৰ বাবে কেৱল যুবক-যুবতী সকলক দায়ী কৰা হয় যদিও এইটো সৰ্বস্বীকাৰ্য যে তেওঁলোকৰ প্ৰতিজনেই প্ৰৱল সম্ভাৱনাপুৰ্ন আৰু কোনো নহয় কোনো বিষয়ত সুপ্ত প্ৰতিভা তেওঁলোকৰ অন্তৰ্জগতত বিদ্যমান । গতিকে এই ক্ষেত্ৰত কেৱল যুৱচামক দোষাৰোপ কৰি নথাকি তেওঁলোকৰ দিক্‌-নিৰ্দেশনাৰ দায়িত্ব আবিভাৱক তথা সমাজেও কান্ধ পাতি লোৱাতো বাঞ্চনীয় । সচেতন মহলে যুৱচামৰ মাজত মূল্যবোধৰ শিক্ষা বিস্তাৰৰ বাবে দায়বদ্ধ হব লাগিব । মূল্যবোধৰ শিক্ষা এনে শিক্ষা যি যুৱচামক শাৰিৰীক, মানসিক,আৱেগিক আৰু বৌদ্ধিক ক্ষেত্ৰত সামঞ্জস্যপূৰ্ন উত্তৰণৰ বাবে উদ্বুদ্ধ কৰি তেওঁলোকক সমাজপ্ৰেমিক, বিনয়ী, বুদ্ধিদীপ্ত, দায়িত্বৱান নাগৰিক হিচাপে গঢ়ি তুলিব । যুৱচামৰ মাজত মুল্যবোধৰ শিক্ষা বিস্তাৰৰ বাবে সমাজে নিম্নলিখিত ব্যৱস্থাৱলী গ্ৰহন কৰিব পাৰে ।

১)  শিশু অৱস্থাতে খেলাধূলা, গীত-মাত, সাধুকথা আদিৰ জৰিয়তে তেওঁলোকক সংস্কাৰ ময় মনোভাৱাপন্ন কৰি তুলিবলৈ সপ্তাহত কমেওঁ এদিন বালক সংস্কাৰবৰ্গ অনুস্থিত কৰা-

২)  কিশোৰ আৰু যুৱক সকলৰ মাজত কোনো সংস্কাৰ মূখী চিন্তা উদ্ৰেক কাৰী বিষয়ৰ ওপৰত অথৱা মহান ব্যক্তি সকলৰ জীৱন আৰূ কৰ্মভিত্তীক বিষয়ৰ ওপৰত সপ্তাহত কমেও এবাৰ স্বাধ্যায় অনুস্থান অনুস্থিত কৰ –

৩) কিশোৰ আৰূ যুৱক- যুৱতীৰ মাজত যোগাসন, প্ৰানায়াম, ধ্যান আদি জনপ্ৰিয়কৰনৰ ব্যৱস্থা কৰি তাক নিয়মিয়া অনুশীলনৰ ব্যৱস্থা কৰা ।

৪) কিশোৰ আৰূ যুৱক-যুৱতী সকলে শৰীৰ সঞ্চালনকাৰী বিভিন্ন ক্ৰীড়া যেনে ফুট বল, বেডমিন্টন, দৌৰ, কাবাডী, আদি অনুশীলনৰ বাবে সু-ব্যৱস্থা কৰা –

৫) ৰাজহূৱা উৎসৱ-পাৰ্ৱন আদিত যুৱচামক আগ ভাগ দি সৰু সুৰা দায়িত্ব অৰ্পন কৰা ।

৬)  যুৱ-দিৱস, ৰাভা দিৱস, শিল্পী দিৱস, শিক্ষক দিৱস আদিৰ সাৰ মৰ্ম বুজি তাক আন্তৰিকতাৰে উদ্‌যাপনৰ বাবে যুৱক- যুৱতী সকলক উৎসাহিত কৰাৰ লগতে এনে দিৱসবোৰত সমাজিক শ্ৰমদানৰ কাৰ্যসূচী লবলৈও উৎসাহিত কৰিব পাৰে ।

এনেবোৰ মুল্যবোধ মিশ্ৰিত শিক্ষাই উঠিঅহা যুৱচামক নিশ্চিত ভাবে সক্ষম, শ্ৰদ্ধাশীল আৰূ দায়বদ্ধ হোৱাত সহায় কৰাৰ লগতে তেওলোকৰ উশৃংখলতাক বহূপৰিমানে নিয়ন্ত্ৰিত কৰিবলৈ সক্ষম হ”ব।

লিখকৰ নাম: প্ৰকাশ ঠাকুৰ

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate