অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সন্তানৰ স্বাৱলম্বিতা

সন্তানৰ স্বাৱলম্বিতা

আধুনিক সমাজ ব্যৱস্থাত আটাইতকৈ দুর্লভ বস্তুবিধ হ’ল এগৰাকী প্রকৃত অভিভাৱক । “অভিভাৱক” এই শব্দটো অতি তাৎপর্যপূর্ণ আৰু স্পর্শকাতৰ। যদি পিতৃমাতৃ সচেতন হ’লহেঁতেন, আজি অসমৰ এই দুৰৱস্থা নহ’লহেঁতেন! সন্তানৰ ভাল-বেয়া, উচিত-অনুচিত, শুদ্ধ-অশুদ্ধ আচৰণৰ ওপৰতে পিতৃ-মাতৃৰ মান-সন্মান নিৰ্ভৰ কৰে। গতিকে পিতৃ-মাতৃ সচেতন হ’লেহে সন্তান সুপথে পৰিচালিত হ’ব। ভাল সন্তান, ভাল পৰিয়াল দেশ আৰু জাতিৰ সম্পদ। যোগ্য পিতৃ-মাতৃ সেইসকল যিসকল নৈতিকভাৱে দায়বদ্ধ। যিসকলে জানে যে তেওঁলোকৰ গুণতে সন্তানৰ ভৱিষ্যৎ।

অভিভাৱক শক্তিশালী ঔষধৰ দৰে। কাৰণ অসুস্থ সন্তানসকল মানসিকভাৱে সেই ঔষধৰ বলত বলৱান হৈ উঠে। আমাৰ পিতৃ-মাতৃসকলে পৃথিৱীৰ সমস্ত সুখ আনি সন্তানৰ হাতত গুজি দিব খোজে। সিহঁতক পৰিশ্রমী, আত্মবিশ্বাসী হ’বলৈ প্রায়ে নিশিকায়। পুথিগত শিক্ষা লৈ ডিগ্ৰীৰ পাছত ডিগ্রী লৈ সিহঁত চৰকাৰী চাকৰিৰ আশাত বহি থাকে। আন উপায়েও যে স্বাৱলম্বী হ’ব পাৰি সেই কথা পিতৃ-মাতৃয়ে সময় থাকোতে সন্তানক নিশিকায়। যাৰ বাবে হয়তো সন্তানসকলে কৃষি কর্মত নিয়োজিত হ’ব নোখোজে। কুটিৰ শিল্প ধোঁৱাচাঙত উঠিছে।

এনে হোপাৰ কাৰণো আছে। কোনো কাৰিকৰী শিক্ষাৰ উমান নথকা আমাৰ শিক্ষা কেৱল কিতাপৰ পাততে আবদ্ধ। কিতাপৰ শিক্ষাৰে মাথোন শিক্ষিত হোৱাৰ প্ৰমাণ-পত্ৰ এখন লৈ চাকৰিৰ বাবে হামৰাও কাঢ়িব লাগে। কুটিৰ শিল্প নতুবা আন কিবা উপায়েৰে যে স্বাৱলম্বী হ’ব পাৰি সেই কথা অভিভাৱকে বুজাবলৈ চেষ্টা নকৰে। আত্মবিশ্বাসেই হ’ল মানৱ জীৱনৰ সফলতাৰ মূলমন্ত্র। অভিভাৱকৰ যত্ন আৰু পৰিচালনাতে সন্তানৰ ভৱিষ্যৎ আৰু বর্তমান গঢ়ি উঠিব। মাক-দেউতাক নথকা সন্তান অঘৰী ‘‘বেদুইন” জাতিৰ দৰে।

সচেতন পিতৃ-মাতৃসকল সমাজৰ সু-চিকিৎসকৰ দৰে। তেওঁলোক সচেতন হ’লে সন্তানৰ আচল বেমাৰ ক’ত সহজে উলিয়াব পাৰে। আমাৰ সমাজত যিবোৰ উচ্ছৃংখল, কু-চৰিত্ৰৰ সন্তান দেখিছো, সেইবোৰ অযোগ্য অভিভাৱকৰ ফচল। জন্মতে কোনেও নষ্ট চৰিত্ৰৰ হৈ নজন্মে। পিতৃ-মাতৃৰ ভুলৰ কাৰণেই সিহঁতৰ এই দুৰৱস্থা।

অসফল আভিভাৱকসকল, সন্তানসকল দেশ আৰু জাতিৰ অভিশাপস্বৰূপ। আধুনিক যুগৰ এচাম অভিভাৱকৰ ভুল সিদ্ধান্তই বহু সন্তানৰ ভৱিষ্যৎ ধবংস কৰি আছে। আভিজাত্যৰ ঢৌত উটি গৈ এচাম অভিভাৱকে সন্তানৰ হাতত মুঠি মুঠি টকা দিয়ে। দামী ম’বাইল দিয়ে। আন এচামে মেট্ৰিকৰ দেওনা পাৰ নৌহওঁতেই সন্তানক বাইক দিয়ে। সেই অভিভাৱকসকল সচেতন নহয় বাবেই সেই সন্তানে বিপথে পৰিচালিত হয়। সন্তানক শাসন কৰাৰ ক্ষেত্ৰত অভিভাৱকসকল অতি কঠোৰ হ’লে সেই সন্তান পাছলৈ গৈ অতি জেদী আৰু খিয়ালী হয়।

সন্তানৰ ভুল পৰিচালনাৰ অর্থ হ’ল এটা জ্বলন্ত আগ্নেয়গিৰিৰ উৎপত্তি কৰা। এটা উদগীৰিত আগ্নেয়গিৰিয়ে এটা অঞ্চলক শেষ কৰে। এটা অনুপযুক্ত বা ভুল পৰিচালিত সন্তানে এখন ৰাষ্ট্রক শেষ কৰে। গতিকে পিতৃ-মাতৃসকলে এই ক্ষেত্ৰত অতি সচেতন হৈ সন্তানৰ ভৱিষ্যৎ সুখময় কৰক আৰু ঘৰ, সমাজ, দেশত সুস্থ পৰিৱেশ গঢ়ি তোলাত সহায় কৰক।

লেখিকা: ৰমিছা বেগম, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 1/30/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate