নাৰীৰ জীৱনটো সৰ্বগুণেৰে অলংকৃত কৰি আগুৱাই নিবলৈ আমাৰ সমাজ আৰু অভিভাৱকসকলৰ দায়িত্ব অনস্বীকাৰ্য। নাৰী মমতাময়ী, নাৰী কৰুণাময়ী, আদৰ্শ, দয়া, মমতা, সহনশীলতা, ধৈৰ্য, ত্যাগ আদি বিভিন্ন গুণৰ অধিকাৰী। নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয়। নাৰী আৰু পুৰুষ পৃথিৱীৰ দুটা অবিচ্ছেদ্য অংগ। নাৰী অবিহনে পৃথিৱীত এখন সফল সমাজ গঢ় দিব নোৱাৰি। আজিৰ নাৰী উচ্চ পদবীধাৰী আৰু উচ্চ শিক্ষিত হৈ আত্ম-নিৰ্ভৰশীল হৈ পৰিছে। কন্যা সন্তানক বিদ্যা-শিক্ষা দিয়াত অভিভাৱকসকলে আগভাগ ল’ব লাগে। কাৰণ আমাৰ সমাজখন জ্ঞানী, বুদ্ধিমান, শিক্ষিত নাৰীৰ বাবে চিৰদিন প্ৰজ্বলিত হৈ থাকে। গুৰুত্বপূৰ্ণ কথা এগৰাকী ছোৱালীক শিক্ষা দিয়া। কাৰণ এগৰাকী ছোৱালীয়ে ভৱিষ্যতলৈ মাতৃৰূপে তেওঁৰ সন্তানক শিক্ষা দিব। এটি শিশুৰ আদি শিক্ষাগুৰু হ’ল তেওঁৰ মাতৃ। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল যে দেশৰ মংগলৰ অৰ্থে আৰু সমাজৰ কল্যাণৰ অৰ্থে নাৰীসকলে প্ৰধান ভূমিকা ল’ব পাৰে। নাৰীৰ ব্যক্তিত্ব বিকাশ, স্বাৱলম্বনৰ বাবে গৃহিনীসকলৰ অসম্পূৰ্ণ শিক্ষা সম্পূৰ্ণ কৰাত সমাজে গুৰুত্ব দিব লাগে। নাৰীসকলৰ মাজত লুপ্ত হৈ থকা প্ৰতিভাক প্ৰকাশ কৰি সমাজ আৰু পৰিয়ালৰ প্ৰতি বৰঙণি আগবঢ়োৱাত সকলোৰে দায়িত্ব আছে। দ্বিতীয় মহাসমৰৰ সময়ত নাৰীক কৰ্মোদ্যমী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হৈছিল। পুৰুষ কৰ্মীসকলক যুদ্ধৰ কামত নিয়োগ কৰিব লগা হোৱাত আমেৰিকা আৰু ইউৰোপৰ উদ্যোগবোৰ বন্ধ হৈ গৈছিল। উদ্যোগবোৰ কাৰ্যক্ষম কৰিবলৈ বিকল্প ব্যৱস্থা ল’ব লগাত পৰিছিল। যুদ্ধত প্ৰয়োজনীয় সা-সৰঞ্জাম নিৰ্মাণ কৰিবলৈ দা ৱাৰ মেন কমিছন গঠন কৰিছিল। এই ৱাৰ মেন কমিছনে যুদ্ধত লাগতিয়াল সঁজুলি নিৰ্মাণ কৰিবলৈ উদ্যোগবোৰত নাৰীক শ্ৰমিক হিচাপে নিয়োগ কৰিছিল। বৰ্তমান ইউৰোপ আৰু আমেৰিকাৰ উদ্যোগবোৰত নাৰীক পুৰুষতকৈ অধিক পৰিশ্ৰমী আৰু কাৰ্যক্ষম হিচাপে গণ্য কৰিছে। প্ৰতিটো পৰিয়াল মাতৃগৰাকীক কেন্দ্ৰ কৰিয়েই পৰিচালিত হৈ থাকে। নাৰী গৰাকীয়ে যদি পৰিয়ালৰ সকলোকে নৈতিক গুণেৰে সমৃদ্ধ কৰাৰ বলিষ্ঠ পদক্ষেপ লয়, তেনেহ’লে নৈতিক স্খলন আৰু দুৰ্নীতিৰ কবলৰ পৰা দেশ মুক্ত হ’ব পাৰিব। বৰ্তমান ৰাষ্ট্ৰসংঘয়ো সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক প্ৰক্ৰিয়াত আগভাগ ল’বলৈ নাৰীসকলৰ অধিকাৰক স্বীকৃতি দিছে। বৰ্তমান সমাজত সঘনাই ঘটি থকা অপৰাধবোৰৰ ভিতৰত নাৰীজনিত অপৰাধৰ সংখ্যাই হ’ল অতিকৈ বেছি। নাৰী স্বাধীনতা আৰু নাৰীৰ সুৰক্ষাৰ বাবে বিভিন্ন ঠাইত সভা-সমিতি, প্ৰতিবাদ কাৰ্যসূচী, ধৰ্মঘট পালন কৰি আহিছে যদিও ফলপ্ৰসূ হোৱা নাই। বৰং অপৰাধৰ সংখ্যা দিনকদিনে বাঢ়িহে গৈছে। নাৰীৰ ক্ষেত্ৰত আমাৰ সমাজখন সহনশীল হ’ব পাৰিব লাগিব। কিছুমান নাৰীয়ে আমাৰ সমাজত সমতা বিচৰা আৰু পুৰুষৰ আতিশয্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো নাৰীসুলভ স্বভাৱ নহয় বুলি ভাবে। নাৰীৰ এনেকুৱা মানসিকতাৰ পৰিৱৰ্তন হোৱাৰ প্ৰয়োজন। স্বাধীনতা লাভ কৰাৰ পিছতো, আমাৰ দেশত এনেক আইনী অধিকাৰ আৰু সাংবিধানিক অধিকাৰ থকা স্বত্বেও নাৰীসকল পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ বলি হয়। নাৰীসকলৰ অৱদানক সমাজে স্বীকৃতি দিয়া উচিত। এখন সুস্থ সমাজ তেতিয়াহে সম্ভৱ যেতিয়া নাৰীসকলৰ স্বাভিমানক গুৰুত্ব দিয়া হয়। বৰ্তমান আমাৰ আধুনিক সমাজত নাৰীয়ে সাহিত্য, খেলা-ধূলা, শিক্ষা-দীক্ষা, শিল্পকলা, সংস্কৃতি, বিজ্ঞান, ৰাজনীতি আদিত যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছে। আমাৰ সমাজত নাৰীৰ প্ৰতি মনোবৃত্তি এতিয়াও সংকীৰ্ণ হৈয়ে আছে। ভাৰতীয় পুৰুষ প্ৰধান সংস্কৃতিত এতিয়াও পুৰুষৰ সম অধিকাৰ পোৱাৰ সমৰ্থ হোৱা নাই, যদিও সম অধিকাৰ থকা বুলি কোৱা হয়। নাৰী আৰু পুৰুষক ভিন্ন কৰি বিভিন্ন কাৰ্যৰপৰা আমাৰ সমাজে এতিয়াও নাৰীক বঞ্চিত কৰে। নাৰীয়ে প্ৰকৃত মৰ্যাদা নাপালে সমাজৰ কেতিয়াও উন্নতি নহ’ব।
লিখক: পাৰ্থপ্ৰতিম দাস, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/8/2020
খাদ্য সামগ্ৰীৰ ভেজালকৰণ
অসমীয়া সমাজ ব্যৱস্থাত জাপি
কার্বি সমাজ জীৱনৰ এখিলা পাত ‘চ’মাংকান’
কাৰবি সমাজত পশুপালন অতীত আৰু বৰ্তমান