সমাজত সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি থকা মানুহচামে ভাবে যে ‘আইন’ কেৱল ক’ৰ্ট-কাছাৰী, উকীল, পুলিচ আদিৰ মাজতে সীমাবদ্ধ আৰু তেওঁলোকৰ আইনৰ লগত কোনো সম্পৰ্ক নাই। সেয়েহে তেওঁলোকে আইনৰ মেৰপেঁচত নোসোমোৱাকৈ থাকিব বিচাৰে। কিন্তু আচলতে কথাটো তেনে নহয়। প্ৰতিজন মানুহেই জন্মলগ্নৰ পৰাই আইনৰ মেৰপেঁচত ক’ব নোৱাৰাকৈয়ে সোমাই পৰে। কিন্তু সাধাৰণ শিক্ষাৰে শিক্ষিত বা অশিক্ষিত লোকে এই কথা বুজি নাপায় কাৰণে আইন কেৱল ক’ৰ্ট-কাছাৰী বা ডাঙৰ কিতাপ-কাগজৰ মাজতে আবদ্ধ সামগ্ৰী বুলি ভূল কৰে।
এটি শিশুৰ যদি চিকিৎসালয়ত জন্ম হয়, তেন্তে সেই চিকিৎসালয়ৰ নিৰ্দিষ্ট নিয়মৰ মাজেদি শিশুটিৰ জন্মৰ পৰৱৰ্তী কাম-কাজ, যেনে- জন্মৰ পঞ্জীয়ন, প্ৰমাণ-পত্ৰ আদি কাম সম্পন্ন হয়। যি নিৰ্দিষ্ট নিয়মৰ মাজেদি সেই কাম সম্পন্ন হয়, সেয়াই আইন। আইন কেৱল ডাঙৰ কিতাপ বা ক’ৰ্ট-কাছাৰীৰ সামগ্ৰী নহয়, ই হ’ল জীৱনৰ প্ৰতি খোজতে মানি চলিবলগীয়া সাধাৰণ নিয়ম বা নিয়মাৱলীৰ সমষ্টি যিবোৰ সাধাৰণ মানুহে প্ৰতিখোজতে মানি চলে, কিন্তু তেওঁলোকে এই কথা হয়তো নাজানে যে যিবোৰ নিয়ম পালন কৰিছে সেইবোৰৰ সমষ্টিয়েই আইন।
ধৰা হ’ল, এজন সাধাৰণ ড্ৰাইভাৰে গাড়ী এখন চলাই গৈ আছে। সেই মুহূৰ্তত তেওঁ একে সময়তে কেইবাখনো আইনৰ নিয়ম মানি চলি আছে। কিন্তু সাধাৰণভাৱে গাড়ীখন চলাই যোৱা ড্ৰাইভাৰজনে সেই কথা উপলব্ধি কৰিব পৰা নাই। একেদৰে দোকান এখনৰ পৰা সামগ্ৰী এবিধ ক্ৰয় কৰোতে বা ৰেস্তোৰাঁ এখনত খাবলৈ সোমালেও আমি বহু ধৰণৰ আইনৰ মাজেদি পৰিচালিত হৈ লথাকো। এনেধৰণে আমাৰ অজানিতে প্ৰতিটো খোজতে আমাক আইনে মেৰাই ৰাখিছে।
আইন সম্পৰ্কীয় সজাগতাৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ গ্ৰামাঞ্চল বা পিছপৰা অঞ্চলসমূহত আইন সম্পৰ্কীয় সৰু সৰু কথাবোৰৰ বিষয়ে সজাগতা সৃষ্টিৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। চৰকাৰী যোগান বিভাগৰ দ্বাৰা দোকান এখন কেনেদৰে পৰিচালিত হ’ব লাগে বা ইন্দিৰা আবাস যোজনাৰ ঘৰ এটা লাভ কৰাৰ প্ৰক্ৰিয়া কেনেকৈ সম্পন্ন হ’ব লাগে বা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতি আইন(MGNREGA)ৰ সুবিধা কিদৰে ল’ব পাৰি, বিভিন্ন সৰু সৰু বিষয়ত সজাগতা সৃষ্টিৰ প্ৰয়োজন। কাৰণ এনে দুষ্ট বুদ্ধিৰ মানুহে সহজ-সৰল কিছুমান মানুহক ঠগ-প্ৰব্ৰঞ্চনাৰ প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে। চৰকাৰী কাম এটাত কিবা দুৰ্নীতি হোৱাৰ খবৰ পালে বা সন্দেহ উপজিলে কেনেকৈ তথ্যৰ বা সন্দেহ উপজিলে কেনেকৈ তথ্যৰ অধিকাৰ আইন(Right to Information Act)ৰ জৰিয়তে তথ্য বিচাৰিব পাৰি বা বিভাগে তথ্য যোগান নিদিলে কি ব্যৱসথা ল’ব পাৰি এনেবোৰ কথা জানিবলৈ হ’লে আইনী সজাগতাৰ প্ৰয়োজন আছে। দুখীয়া মানুহ এগৰাকীয়েও কেতিয়াবা কিবা কাৰণত যদি ক’ৰ্ট-কাছাৰীৰ দ্বাৰস্থ হ’ব লগা হয়, তেওঁলোকৰ বাবে বিনামূলীয়া আইন সেৱাৰ সুবিধা আছে। কিন্তু এই কথা সাধাৰণ লোকে নেজানে কাৰণে তেওঁলোক সহজে হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হয়।
এইবোৰ প্ৰসংগত আৰু এনেবোৰ সৰু সৰু বিষয় সম্পৰ্কে গ্ৰামাঞ্চলৰ সহজ-সৰল মানুহজনক জনাবলৈ বিভিন্ন বেচৰকাৰী সংস্থা আদিয়ে আইন বিশেষজ্ঞৰ সহযোগত সময়ে সময়ে আইন সজাগতা সভাৰ আয়োজন কৰিব পাৰে। চৰকাৰী প্ৰচেষ্টাতো এনেধৰণৰ আইন সজাগতা সভা অনুষ্ঠিত কৰাৰ অৱকাশ আছে। আজিকালি বিভিন্ন আইন শিক্ষাৰ প্ৰতিষ্ঠানত ছাত্ৰসকলৰ মাজৰ পৰা আইনী সজাগতা বা বিনামূলীয়া আইনী সাহায্যৰ ব্যৱস্থাও আছে। এনেধৰণৰ শিক্ষানুষ্ঠানৰ লগত যোগাযোগ কৰি এনে সজাগতা বা সাহায্যৰ ব্যৱস্থা কৰিব পৰা যায়। মুঠতে অশিক্ষিত, হোজা গাঁৱলীয়া মানুহজনক সহজ ভাষাৰে আইনৰ অন্যতম প্ৰয়োজনীয় কামখিনি মাজে-সময়ে দি থাকিব পাৰিলে ইয়ে তেওঁলোকৰ বাবে এক ডাঙৰ উপকাৰ হয়।
লেখক: দুব্যজ্যোতি শৰ্মা(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 1/24/2024