অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সামাজিক বাধা নেওচি চেলুনৰ ব্যৱসায়েৰে স্বাৱলম্বী টিহুৰ যুৱক

সামাজিক বাধা নেওচি চেলুনৰ ব্যৱসায়েৰে স্বাৱলম্বী টিহুৰ যুৱক

যি সময়ত ৰাজ্যত ভয়াবহ নিবনুৱা সমস্যাই গা কৰি উঠিছে এনে সময়তে চৰকাৰী চাকৰিৰ আশা বাদ দি নলবাৰী জিলাৰ লগতে বৃহত্তৰ টিহু অঞ্চলৰ বহু যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে ৰাজ্যখনৰ বাহিৰলৈ ঢাপলি মেলিছে। ইয়াৰ বিপৰীতে এচাম উদ্যমী শিক্ষিত লোকে ঐকান্তিক প্ৰচেষ্টাৰে স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা চলাইছে। চৰকাৰী চাকৰিৰ এনে হতাশাজনক দিনত এনে পৰিশ্ৰমী যুৱক-যুৱতীসকলে পথভ্ৰষ্ট নহৈ আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। এইসকলৰ ভিতৰত এজন দূৰদৰ্শী শিক্ষিত নিবনুৱা যুৱকে হাতত তুলি লৈছে কেঁচী আৰু ক্ষুৰ। প্ৰসংগক্ৰমে ক’ব পাৰি যে পূৰ্বতে অসমীয়া সমাজত এই নাপিত বৃত্তিটো নীচ বুলি গণ্য কৰা হৈছিল। সেয়েহে, সমাজত ৰোষত পৰাৰ ভয়ত কোনো অসমীয়া ব্যক্তিয়ে ইয়াৰ লগত জড়িত নহৈছিল। কিন্তু বৰ্তমান সময় আৰু সমাজ সলনি হৈছে। আগতে বিহাৰ, উত্তৰ প্ৰদেশৰ মানুহে এই বৃত্তিটো চলাই আছিল। কিন্তু জিলাখনৰ বৃহত্তৰ টিহু অঞ্চলৰ বহু যুৱকে এই সন্মানজনক বৃত্তিটো গ্ৰহণ কৰা দেখা গৈছে। ঘোপা, মাখিবাহা, হাৰিভাংগা, গোবৰাদল, শিয়ালমাৰী, টিহু বিভিন্ন অঞ্চলৰ অসমীয়া যুৱক এই বৃত্তিটোত জড়িত হৈ পৰিছে। তাৰেই উৎকৃষ্ট নিদৰ্শন নিপন হালৈ। পৰিয়ালৰ তাড়নাত কলেজীয়া শিক্ষা আধাতে সামৰি চেলুনৰ ব্যৱসায়ৰ প্ৰশিক্ষণ ল’বলৈ গুৱাহাটীলৈ যায়। তাৰ পৰৱৰ্তী সময়ত প্ৰশিক্ষণ সমাপ্ত কৰি টিহু নগৰৰ ভাৰতীয় ষ্টেট বেংকৰ কাষত সম্পূৰ্ণ অত্যাধুনিক এ চি বিউটি পাৰ্লাৰ ‘বিউটি জোন’ স্থাপন কৰিছে।

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate