অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুৰাপান আৰু ধূমপান মৃত্যুৰ অন্য নাম

সুৰাপান এক সামাজিক ব্যাধি। সুৰা বা মদ খাই হিতাহিত জ্ঞান হেৰুওৱাজনকে সমাজে মদাহী আখ্যা দিয়ে। মদাহীজনে যুক্তি দিয়ে, মনৰ দুখ কমাবৰ বাবেহে তেওঁ মদৰ ভক্ত হৈছে। কিন্তু তেওঁ পাহৰি যায় যে মদ খোৱাৰ ফলত তেওঁ ঘৰুৱা অশান্তি চপাই লৈছে, ধনৰ শৰাধ কৰিছে আৰু লাহে লাহে নিজকে সমাজৰ ঘৃণনীয় ব্যক্তিলৈ ৰূপান্তৰিত কৰিছে। বহুতৰ ধাৰণা যে সস্তীয়া মদেহে শৰীৰৰ অনিষ্ট সাধন কৰে, দামী মদে নকৰে। কিন্তু এয়া এটা ভ্ৰান্ত ধাৰণা। মদৰ অপকাৰিতা মদত থকা এলকলহৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে।এলকলহৰ মাত্ৰা যিমানেই বেছি হ’ব সিমানেই ই শৰীৰৰ বিঘিনি ঘটাব। এলক’হল দুবিধ–

  • ইথাইল এলক’হল,
  • মিথাইল এলক’হল।

মিথাইঅল এলক’হল অতি মাৰাত্মক। ৰং, বাৰ্নিচ আদিত এইবিধ এলক’হল ব্যৱহাৰ কৰা হয়। এইবিধ এলক’হল সেৱন কৰিলে মানুহ অন্ধ হ’ব পাৰে আৰু বেছি মাত্ৰাত সেৱন কৰিলে মৃত্যু পৰ্যন্ত হ’ব পাৰে। মানুহে খোৱা মদ আদিত ইথাইল এলক’হলহে থাকে। এলক’হলৰ মাত্ৰা অনুযায়ী ইথাইল এলক’হল তিনি প্ৰকাৰৰ। যেনে–

  • বিয়েৰ,
  • ৱাইন,
  • ডিষ্টিলড্‌ স্পিৰিট।

বিয়েৰ

ইয়াত এলক’হলৰ মাত্ৰা ৩-৬ শতাংশ থাকে। চাউল, গুড়, ইষ্ট আদিৰ পৰা বিয়েৰ তৈয়াৰ কৰা হয়।

ৱাইন

ইয়াত এলক’হলৰ মাত্ৰা ১৪ শতাংশ থাকে। ইয়াক আঙুৰ, বগৰী জাতীয় ফলৰ ৰসৰ পৰা তৈয়াৰ কৰে। ইয়াত এণ্টিঅক্সিডেণ্ট থাকে যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাটো সঠিককৈ ৰখাত সহায় কৰে। কিন্তু অতি মাত্ৰাত মদ সেৱনে শৰীৰৰ অনিষ্ট কৰিব পাৰে।

ডিষ্টিলড্‌ স্পিৰিট

ইয়াত এলক’হলৰ মাত্ৰা ১৪%ৰ ওপৰত থাকে। এই জাতীয় সুৰাৰ ভিতৰত আছে ভদকা, ৰাম, ব্ৰেণ্ডি, স্কটচ ইত্যাদি।

সুৰাই আমাৰ শৰীৰত কি প্ৰতিক্ৰিয়া কৰে?

সুৰাই শৰীৰত দুইধৰণৰ প্ৰতিক্ৰিয়া কৰিব পাৰে –

  • ক্ষন্তেকীয়া প্ৰতিক্ৰিয়া,
  • দীৰ্ঘম্যাদী প্ৰতিক্ৰিয়া।

ক্ষন্তেকীয়া প্ৰতিক্ৰিয়া

  • মগজুৱে ভাল-বেয়া বিচাৰ কৰাৰ ক্ষমতা হেৰুৱায়।
  • কথাৰ লাগ-বান্ধ নাইকিয়া কৰে।
  • খোজ-কাটল থৰক-বৰক হয়, কাৰণ এলক’হলে শৰীৰৰ ভাৰসাম্য ৰক্ষা ব্যৱস্থাটোত আঘাত হানে।
  • চকুৱে ধোঁৱা-কোঁৱা দেখে, ফলত দুৰ্ঘটনাৰ সন্মুখীন হয়।
  • যদি সুৰাৰ মাত্ৰা বেছি হয় তেনেহ’লে মানুহজনে বমি কৰি অজ্ঞান হৈ মৃত্যুমুখতো পৰিব পাৰে।
  • সবাতোকৈ দুখলগা কথাটো হ’ল সুৰাৰ বাবে ৰাজহুৱা গ্লানি, পুলিচৰ চৰ-গোৰ, ঘৰুৱা অশান্তি আৰু ধনৰ অপব্যয়ৰ দ্বাৰা নিজে ধ্বংসৰ মুখলৈ গতি কৰে।
  • উপৰোক্ত কথাখিনি সদায় দেখি থকা এজন মদাহীৰ ৰূপ। নিচা ‘ফটা’ৰ পাছত মানুহজনৰ সকলো কাম-কাজ স্বাভাৱিক হ’বগৈ পাৰে। কিন্তু সেইবুলি তেওঁ পাছত সকলোপ্ৰকাৰে সুস্থ হৈ থাকিব বুলি ক’ব নোৱাৰি। ভিতৰি ভিতৰি সুৰাই শৰীৰৰ বিভিন্ন অংগত প্ৰতিক্ৰিয়া কৰে।

সুৰাৰ দীৰ্ঘম্যাদী প্ৰতিক্ৰিয়া

(১) মগজুত

  • মগজুৰ আয়তন লাহে লাহে কমিবলৈ ধৰে।
  • স্নায়ু দুৰ্বল হৈ পৰে।
  • মৃগী ৰোগৰ লক্ষণে দেখা দিব পাৰে।

(২) পাকস্থলীত

  • পাকস্থলীত ঘা হ’ব পাৰে।
  • তেনেধৰণৰ ঘাৰ পৰা আভ্যন্তৰীণ ৰক্তক্ষৰণ হৈ শৰীৰৰ অৱস্থা জটিল কৰিব পাৰে।

(৩) কলিজা

  • কলিজাৰ গতি হ্ৰাস কৰি কলিজা বিকল কৰিব পাৰে।

(৪) যকৃত

  • যকৃতৰ কাৰ্যক্ষমতা নিম্নগামী হৈ ‘চিৰোচিছ অৱ লিভাৰ’ নামৰ ভয়ানক ৰোগবিধ হ’ব পাৰে। শেষত গৈ ‘লিভাৰ ফেইলৰ’ হৈ মৃত্যুমুখত পৰে।

(৫) অগ্নাশয়

  • ইয়াৰ কাৰ্যক্ষমতা কমায়। ‘Acute pancreatitis’ নামৰ জটিল ৰোগ হ’বগৈ পাৰে।

(৬) যৌন ক্ষমতা

  • যৌন সক্ষমতা লোপ পায়। সন্তান জন্ম দিয়াৰ ক্ষমতাও লোপ পাব পাৰে।

তিৰোতা মানুহ সুৰাৰ ভক্ত হ’লে

  • স্তনৰ কৰ্কট ৰোগ হ’ব পাৰে।
  • নৱজাত শিশুটি বিকলাংগ হৈ জন্মিব পাৰে।
  • বিভিন্ন চৰ্মৰোগ হ’ব পাৰে।

মানসিক অৱস্থা

মানসিক অৱস্থা নিম্নগামী হ’ব পাৰে। টোপনি কম হৈ উজাগৰী নিশা পাৰ কৰিবলগীয়া হ’বগৈ পাৰে। আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে।

মদ্যপানৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি?

মদ্যপানৰ অভ্যাস হঠাতে ত্যাগ কৰাটো বৰ সহজ নহয়। মানসিকভাৱে প্ৰস্তুত হৈ মনটো দৃঢ় কৰি লাহে লাহে এৰিবলৈ যত্ন কৰিব লাগে।

তলৰ নিয়মসমূহ মানি চলক

  • মনটো বান্ধি ৰাখক আৰু দৃঢ় কৰক।
  • কম এলক’হলযুক্ত পানীয় কম পৰিমাণে খাওক।
  • মদ্যপান কৰি আনন্দ লাভ হয় বুলি যদি ভাবিছে তেনেহ’লে আনন্দ লাভৰ আন উপায় লওক।
  • ঈশ্বৰৰ শৰণাপন্ন হওক। সঘনাই মন্দিৰ আদি দৰ্শন কৰক।
  • ফল নধৰিলে ডাক্তৰৰ কাষ চাপক।

মদ্যপায়ীসকলৰ প্ৰতি সমাজৰ কৰ্তব্য

মদাহীজনক ভাল পথলৈ আনিবলৈ পৰিয়াল তথা সমাজ যত্নৱান হ’ব লাগিব। তেওঁক সজ চিন্তা, সজ কৰ্মৰ লগত প্ৰথমে পাৰিলে বুজাই-বঢ়াই হ’লেও জড়িত কৰাই, তেনে কামত ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিব লাগে। সজ কাম কৰিব পাৰিলে তেওঁক প্ৰশংসা কৰি উৎসাহিত কৰক।

মনত ৰাখিব– দেখা গৈছে পৃথিৱীৰ প্ৰায় ২.৭ নিযুত মানুহৰ মৃত্যুৰ কাৰণ হ’ল মদ্যপান।

ধূমপান

মানৱ সভ্যতাৰ বাবে এক ভয়াবহ অভিশাপ হ’ল ধূমপান। ধূমপানৰ পৰা হ’ব পৰা ক্ষতিৰ কথা জানিও নিতৌ ন ন প্ৰজন্মই এই দৈত্যৰ আলিংগনত সোমাই পৰিছে। বৰ্তমান ধূমপানৰ অপকাৰিতাৰ বিষয়ে মানুহ সজাগ যদিও ধূমপান একেবাৰে নি:শেষ হৈ যোৱা নাই।

চিগাৰেট বা বিড়িত থাকে

  • নিক’টিন
  • কাৰ্বন-মন’ক্সাইড
  • টাৰ (আলকাতৰা সদৃশ দ্ৰব্য)
  • হিট অৰ্থাৎ উত্তাপ
  • অন্যান্য বিষাক্ত পদাৰ্থ।

এইবিলাক পদাৰ্থই শৰীৰত সৃষ্টি কৰা বিকৃতিসমূহ হ’ল

(১) মগজুত

  • মূৰ ঘূৰণি।
  • মগজুৰ ৰক্তবাহী নলী ঠেক হৈ ৰক্ত সঞ্চালনত বাধা জন্মায়। ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বঢ়ায়।

(২) চকুত

  • Toxic ambrigopia হৈ অন্ধ হোৱাৰ সম্ভাৱনা বঢ়ায়।

(৩) মুখমণ্ডলত

  • দাঁতৰ ৰং হালধীয়া হৈ দন্তক্ষয় হ’ব পাৰে।
  • দাঁতৰ আলুৰ ৰোগ হ’ব পাৰে।
  • ভয়লগা কথা হ’ল মুখৰ কৰ্কট ৰোগ হ’ব পাৰে।

(৪) হাওঁফাওঁ

  • ব্ৰংকাইটিচ হৈ উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে।
  • কৰ্কট ৰোগ।
  • কাহৰ উপদ্ৰৱ বৃদ্ধি পায়। টোপনি কম হয় অৰ্থাৎ নিদ্ৰাহীনতা ৰোগত ভোগে।

(৫) হৃৎপিণ্ড

  • হৃৎপিণ্ডৰ গতি বঢ়ায়।
  • ৰক্তচাপ বৃদ্ধি পায়।
  • কাৰ্বন মন’ক্সাইডে (Co) ৰক্তত থকা অক্সিজেনখিনি নষ্ট কৰি হৃদযন্ত্ৰ বিকল কৰিব পাৰে।

(৬) পাকস্থলী

  • পাকস্থলীত অম্লৰ মাত্ৰা বঢ়াই ঘাৰ সৃষ্টি কৰিব পাৰে।

(৭) খাদ্যনলী

  • হাগনি ৰোগ হ’ব পাৰে।

(৮) মূত্ৰাশয়

চিগাৰেটত থকা টাব বা আলকাতৰাসমূহ মূত্ৰাশয়ত স্থিতি লৈ কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে।

(৯) আসক্তি

নিকটিন এক নিচাযুক্ত পদাৰ্থ, যাক নিয়মিত সেৱন কৰিলে পাছলৈ এৰিব নোৱাৰা হয়গৈ।

(১০) পৰোক্ষ ধূমপান

ধূমপানৰ পৰা প্ৰত্যক্ষভাৱে ধূম্ৰপায়ীজনতো বিভিন্ন জটিলতাত ভোগেই, পৰোক্ষভাৱে ইয়াৰ ধোঁৱাই কাষত থকাজনৰো একেই অনিষ্ট কৰিব পাৰে।

কি যে বিপদ

  • আমাৰ দৰে উন্নয়নশীল দেশত বছৰি শতকৰা ২০ জন মানুহৰ মৃত্যু হয় ধূমপানৰ ফলত হোৱা বিভিন্ন ৰোগত।
  • এটা চিগাৰেটে ধূমপায়ীসকলৰ গড় আয়ুস কমায় প্ৰায় পাঁচ মিনিটকৈ।
  • প্ৰতি বছৰে প্ৰায় ২৬ লাখ জন নতুন ধূম্ৰপায়ীৰ সৃষ্টি হয়।
  • ২০ বছৰ ধৰি প্ৰতিদিনে দহটাকৈ চিগাৰেট খালে কেন্সাৰ ৰোগ হোৱাৰ আশংকা প্ৰায় ৯০% নিশ্চিত।
  • চিগাৰেট কোম্পানীসমূহে প্ৰতি বছৰে ২৫০ কোতি টকা চিগাৰেটৰ বিজ্ঞাপনত খৰচ কৰে।

ধূমপান কেনেকৈ এৰিব?

  • ধূমপান নকৰো বুলি মন দৃঢ় কৰক।
  • ধূম্ৰপায়ীজনৰ লগত লাগি থকাৰ বাবে পৰোক্ষভাৱে ধূমপান কৰিবলগীয়া জনে বাধা দিব লাগিব, নহ’লে তেওঁৰো বিপদ আসন্ন।
  • মন দৃঢ় কৰি চিগাৰেটৰ সলনি চুইংগাম চোবাই থাকক।
  • ধূমপান এৰিব খোজাজনক কল খাবলৈ উৎসাহিত কৰক। কলত থকা খাদ্যপ্ৰাণ গ, ঘ, পটেচিয়াম আৰু মেগনেচিয়ামে শৰীৰক নিকটিনৰ প্ৰতি গঢ়ি উঠা আসক্তিৰ পৰা মুক্ত কৰিব পাৰে।

লিখক: ডা° ছাহজাহান বৰবৰা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate