অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৰবৰাহ

সৰবৰাহ বনাম বেশ্যালয় বৃত্তি

সৰবৰাহে বেশ্যালয়ক নুবুজায়। এটা আনটোৰ প্ৰতিশব্দ নহয়। সৰবৰাহ কি তাক বুজিবলৈ হ’লে বেশ্যালয়ৰ পৰা বিচ্ছিন্ন কৰিব লাগিব। দেশৰ চলিত অনৈতিক সৰবৰাহ (প্ৰতিৰোধ) আইন ১৯৫৬ (ITPA) মতে যেতিয়া কোনো ব্যৱসায়িক স্বাৰ্থত শোষণ কৰা হয়, তেতিয়া বেশ্যালয় হৈ পৰে অপৰাধ। কোনো মহিলা বা শিশুৰ ওপৰত যৌন শোষণ চলাই তাৰ পৰা কোনো লোকে মুনাফা লাভ কৰাই হৈছে ব্যৱসায়িক যৌন শোষণ (CSE)। ই আইন মতে দণ্ডনীয় অপৰাধ আৰু আটাইবোৰ শোষণকাৰী এই অপৰাধত অপৰাধী। সৰবৰাহ হৈছে ব্যৱসায়িক যৌন শোষণৰ বাবে কোনো লোকক নিয়োগ, যোগাযোগ, যোগান বা ভাড়া কৰাৰ প্ৰক্ৰিয়া। গতিকে সৰবৰাহ হৈছে এক প্ৰক্ৰিয়া আৰু ইয়াৰ ফলাফল হৈছে ব্যৱসায়িক যৌন শোষণ। ব্যৱসায়িক যৌন শোষণৰ চাহিদাই সৰবৰাহৰ সৃষ্টি কৰে, বঢ়াই তোলে আৰু সংঘটিত কৰে। ই এক ভয়ংকৰ চক্ৰ। সৰবৰাহ হৈ পৰে অন্যান্য অবৈধ কাৰ্য-কলাপ: যেনে যৌন বিষয়ক কিতাপ-ছবি প্ৰস্তুত, যৌন পৰ্যটন, মালিচ পাৰ্লাৰ আদিৰ উপায় অথবা শ্ৰম শোষণ, য’ত যৌন নিৰ্যাতন থাকিবও পাৰে অথবা নাথাকিবও পাৰে।

অনৈতিক সৰবৰাহ (প্ৰতিৰোধ) আইনখনে কেৱল ব্যৱসায়িক যৌন শোষণৰ বাবে সৰবৰাহক সাঁমৰি লৈছে। ব্যৱসায়িক যৌন কাণ্ড যে বেশ্যালয়তে হব লাগিব তেনে নহয়, ই কাৰোবাৰ ঘৰত বা মটৰগাড়ী আদিতো হ’ব পাৰে। গতিকে ব্যৱসায়িক যৌন শোষণ চোৱা-চিতা কৰা, পুলিচ বিষয়াক এনে ধৰণৰ সকলো পৰিস্থিতিত পদক্ষেপ লোৱাৰ অধিকাৰ দিয়া হয়। য’ত সৰবৰাহে মালিচ পাৰ্লাৰ, বাৰ পৰিচৰ্যা, পৰ্যটন, সাহাৰ্য, বন্ধুত্ব ক্লাৱ আদি যি ৰূপতেই নহওঁক কিয় যদি সৰবৰাহে ব্যৱসায়িক যৌন শোষণৰ দিশত গতি কৰে অথবা গতি কৰাৰ সম্ভৱনা থাকে।

সৰবৰাহৰ সংজ্ঞা

ITPA আইনখনত সৰবৰাহৰ সংজ্ঞা দিয়া হৈছে। আইনখনৰ ৫ম অনুচ্ছেদত বেশ্যালয়ৰ বাবে যৌন কৰ্মী যোগান ধৰা আৰু এই কাৰ্যত কোনো লোকক কামত লগোৱাৰ বিষয়ে উল্লেখ কৰিছে। এই অনুচ্ছেদ মতে বেশ্যাবৃত্তি চলোৱাৰ বাবে কোনো লোকক যোগান ধৰাৰ বাবে কৰা চেষ্টাকে সৰবৰাহ হিচাবে গণ্য কৰা হয়। গতিকে বহুল পৰিসৰত ‘সৰবৰাহ’ শব্দটো ব্যৱহাৰ কৰা হৈছে।

গোৱা শিশু আইন ২০০৩ ত সৰবৰাহৰ বিতং সংজ্ঞা দিয়া হৈছে। আইনখনত শিশুৰ সৰবৰাহৰ বিষয়ে কোৱা হৈছে যদিও ই সৰ্বাত্মক দিশ সাঁমৰি লৈছে। অনুচ্ছেদ ২ (জেদ) (Section 2(2)) মতে ‘শিশুৰ সৰবৰাহ’ মানে “আইনীভাৱেই হওঁক বা বে-আইনীভাৱেই হওঁক, দেশৰ ভিতৰতেই হওঁক বা বাহিৰতেই হওঁক, কোনো লোকক যোগান ধৰা, নিযুক্তি দিয়া, পৰিবহন কৰা, বদলি কৰা, মানুহ চালান দিয়া বা সংগ্ৰহ কৰাক বুজায়। ভীতি প্ৰদৰ্শন বা বল প্ৰয়োগেৰে বাধ্য কৰোৱা, অপহৰণ ঠগ-প্ৰবঞ্চনা, ক্ষমতাৰ অপব্যৱহাৰ, দূৰ্বলতাৰ সুযোগ লোৱা বা অন্য লোকৰ ওপৰত নিয়ন্ৰণ থকা ব্যক্তিৰ সন্মতি লাভৰ অৰ্থে ধনৰ লেন-দেন আদি ৰূপত আৰ্থিক লাভালাভ বা তেনে স্বাৰ্থত এই কাম কৰা হয়।

 

সৰবৰাহ অপৰাধৰ কেইটামান গুৰুত্বপূৰ্ণ দিশ

  • এটা সম্প্ৰদায় বা গোটৰ পৰা আনটোলৈ মানুহ স্থানান্তৰ : এটা ঘৰৰ পৰা আনটো ঘৰলৈ, এখন গাঁৱৰ পৰা আনখনলৈ, এখন জিলাৰ পৰা আনখনলৈ, এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ, আনকি এখন দেশৰ পৰা আনখন দেশলৈ স্থানান্তৰ হ’ব পাৰে। একেটা ঘৰতে স্থানান্তৰকৰণ হ’ব পাৰে। স্পষ্ট কৰাৰ বাবে এটা উদাহৰণ লোৱা যাওঁক। ধৰা হওঁক, চুবুৰীয়া বহু গাভৰুৰ লগত বেশ্যালয়ৰ লোকৰ ঘনিষ্ঠতা আছে আৰু এগৰাকী মহিলাৰ ষোড়শী গাভৰু জীয়ৰী আছে। যদি বেশ্যালয়ৰ লোকে মাকক টকা-পইচা বা আন প্ৰলোভন দি জীয়েকক ব্যৱসায়িকভাৱে যৌন কাৰ্যত লগোৱাৰ বাবে সন্মত কৰাব পাৰে, তেনেহ’লে সেই ষোড়শী ছোৱালীজনী “মাকৰ গোট”ৰ পৰা “বেশ্যালয়ৰ গোট” লৈ গুচি যায়। এই স্থানান্তৰকৰণেই হ’ল সৰবৰাহ।
  • সৰবৰাহকৃত লোকৰ ওপৰত শোষণ: ITPA আৰু এই সম্পৰ্কীয় আইনসমূহে সৰবৰাহকৃত লোকৰ ওপৰত চলা যৌন শোষণৰ ছবি দাঙি ধৰিছে। যৌন শোষণ বেশ্যালয়ত হ’ব পাৰে বা কিছুমান মালিচ পাৰ্লাৰ, ডেন্স বাৰ আদিত অন্যান্য বৈধ ব্যৱসায়ৰ আঁৰ-বেৰৰ মাজত সংঘটিত হ’ব পাৰে।
  • শোষণৰ ব্যৱসায়ীকৰণ আৰু ভুক্তভোগী সকলৰ পণ্যকৰণ: সৰবৰাহকৃত নাৰীক পণ্য হিচাবে শোষণ কৰা হয়। শোষণকাৰীয়ে ইয়াৰ বিনিময়ত ধন সংগ্ৰহ কৰে। তেওঁলোকে ভুক্তভোগী নাৰীৰ পৰাও ধনৰ ভাগ ল’ব পাৰে। সংগ্ৰহ হোৱা ধনৰ ভাগ পোৱা ভুক্তভোগীসকলক অপৰাধী হিচাবে ‘চাব মৰা’ আৰু গ্ৰেপ্তাৰ কৰা/ অভিযোগনামা দাখিল আৰু আনকি দোষী সাব্যস্ত কৰা হয়। সৰবৰাহকৃত ভুক্তভোগীসকল, যাৰ কোনো স্বাধীনতা নাই, শোষণকাৰীৰ নিৰ্দেশ মতেই সকলো কৰিব লগা হয়- তেওঁলোকক কেতিয়াও দোষী হিচাবে গণ্য কৰিব নোৱাৰি। ব্যৱসায়িক যৌন কাৰ্যৰ বাবে সৰবৰাহকৃত নাৰীয়ে ‘উপাৰ্জন’ৰ অংশ পালেও তেওঁৰ ভুক্তভোগী চৰিত্ৰ নোহোৱা হৈ নাযায়।

সৰবৰাহৰ সংগঠিত অপৰাধ

মানৱ সৰবৰাহ ডাঙৰ অপৰাধ। ই বহু অপৰাধৰ ভাণ্ডাৰ। ইয়াৰ ভিতৰত থাকে পলুৱাই নিয়া, অপহৰণ, বে-আইনীভাৱে বন্দী কৰি ৰখা, বে-আইনীভাৱে আবদ্ধ কৰি ৰখা, অপৰাধমূলক কাৰ্যৰে সন্ত্ৰাসিত কৰা, আঘাট কৰা, গুৰুতৰভাৱে আঘাট কৰা, যৌন নিৰ্যাতন, নিষ্ঠুৰ ব্যৱহাৰ, ধৰ্ষণ, অস্বাভাৱিক অপৰাধ, মানুহ কিনা-বেচা, দাসত্ব, অপৰাধমূলক ষড়যন্ত্ৰ, কু-কাৰ্য কৰাৰ বাবে উদগনি দিয়া ইত্যাদি। গতিকে বিভিন্ন সময় আৰু ঠাইত নিৰ্যাতনৰ ঘটনা আৰু নিৰ্যাতনকাৰীক একেলগে সংগঠিত সৰবৰাহ হিচাবে গণ্য কৰা হয়। শোষণৰ অন্য দিশ হৈছে ব্যক্তিগত জীৱনৰ স্বতন্ত্ৰতা নোহোৱা কৰা, ন্যায় অস্বীকাৰ কৰা, ন্যায় বিচাৰি যোৱা পথ ৰোধ কৰা, বুনিয়াদী অধিকাৰ আৰু মৰ্যাদাৰ পৰা বঞ্চিত কৰা ইত্যাদি। গতিকে সৰবৰাহ যে সংঘটিত অপৰাধ তাত সন্দেহৰ কোনো অৱকাশ নাই।

সৰবৰাহকৃত ব্যক্তি

ITPA (বিশেষকৈ আইনখনৰ ৫ অনুচ্ছেদৰ) আৰু আনুসাংগিক আইনসমূহৰ মতে সৰবৰাহকৃত ব্যক্তি বেশ্যালয় বা তেনে যিকোনো ঠাইত ব্যৱসায়িক যৌন শোষণৰ বাবে সৰবৰাহ কৰা যিকোনো বয়সৰ মহিলা বা পুৰুষ হ’ব পাৰে। ITPA আইনখনে আনকি সৰবৰাহৰ চেষ্টা চলোৱা লোকৰ ওপৰতো শাস্তিৰ বিধান দিছে। গতিকে যিকোনো ব্যক্তিক সৰবৰাহ কৰাৰ আগতেই এই আইন কাৰ্যকৰী হয়।

শিশু

শিশু হৈছে সেইসকল লোক যাৰ বয়স ১৮ বছৰ হোৱা নাই। সহজে সৰবৰাহ কৰিব পৰা যিকোনো শিশুক কিশোৰৰ ন্যায় (শিশুৰ তত্ত্বাৱধান আৰু সুৰক্ষা) আইন ২০০০’ (জে জে আইন)ৰ অধীনত “তত্ত্বাৱধান আৰু সুৰক্ষা প্ৰয়োজন হোৱা ব্যক্তি” হিচাবে গণ্য কৰা হয়। আইন ৰূপায়ণকাৰী অনুষ্ঠানসমূহৰ দায়িত্ব হৈছে, তেনে শিশুক উদ্ধাৰ কৰা, শিশু কল্যাণ সমিতিৰ আগত হাজিৰ কৰা, সৰ্বতো প্ৰকাৰে যত্ন লোৱা আৰু মনোযোগ দিয়া।

সৰবৰাহকৃতপ্ৰাপ্তবয়স্ক লোক

প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত সংশ্লিষ্ট লোকগৰাকীৰ সন্মতি থাকিলেও সৰবৰাহৰ সম্ভৱনা নুই কৰিব নোৱাৰি। যদি সেই সন্মতি ভীতি প্ৰদৰ্শন, বল প্ৰয়োগ, জোৰ-জবৰদস্তি বা যিকোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰি আদায় কৰা হয়। এনে সন্মতি অৰ্থহীন আৰু ইয়াক সৰবৰাহ হিচাবে গণ্য কৰা হয়। আনকি বেশ্যাবৃত্তিত লিপ্ত থকাৰ অভিযোগত কোনো প্ৰাপ্তবয়স্ক মহিলাক বেশ্যালয়ৰ পৰা ধৰি আনিলেও তেওঁৰ উদ্দেশ্য সম্পৰ্কত তদন্ত নকৰাকৈ মহিলাগৰাকীক দোষী বুলি ধৰি ল’ব নোৱাৰি। ব্যৱসায়িক যৌন কাৰ্য্যৰ বাবে সৰবৰাহকৃত মহিলাক দোষী নহয়, ব্যৱসায়িক যৌন শোষণৰ বলি হিচাবে গণ্য কৰা হয়।

সৰবৰাহকাৰী আৰু অন্যান্য শোষণকাৰী

  • সৰবৰাহ হৈছে সংগঠিত ৰূপৰ অপৰাধ। ইয়াত বিভিন্ন স্থানত বহুত লোক যুক্ত হৈ থাকে, যেনেকৈ, (ক) নিযুক্তকৰণৰ স্থান, (খ) প্ৰেৰণৰ স্থান, (গ) নিৰ্যাতনৰ স্থান। গতিকে যৌন-শোষণ নিৰ্যাতনৰ তালিকাত থকা সকল হৈছে-
  • বেশ্যালয় পৰিচালক আৰু বেশ্যালয়ৰ শোষণকাৰী-নিষ্পেষণকাৰীসকল। এই নিষ্পেষণ অন্য ঠাইতো হ’ব পাৰে যেনেকৈ-
  • বেশ্যালয়ৰ- ‘মেডাম’ বা ডেন্সবাৰ, মালিচ পাৰ্লাৰ বা যৌন কাৰ্য চলা ঠাইৰ ভাৰপ্ৰাপ্তসকল।
  • সেইবোৰ ঠাইৰ ‘মেনেজাৰসকল’ আৰু অন্যান্য সাংগু পাংগুসকল।
  • যৌন কাৰ্য সম্পাদন হোৱা হোটেলৰ মালিক বা ভাৰপ্ৰাপ্তসকল ইত্যাদি। বেশ্যালয় হিচাবে ব্যৱহাৰ কৰা ঠাই, ঘৰ বা গাড়ীৰ ৰখীয়াসকল (ITPA-ৰ অনুচ্ছেদ ৩.১), কোনো চৌহদক বেশ্যালয় হিচাবে ব্যৱহাৰ কৰাৰ অনুমতি দিয়া লোক (ITPA-ৰ অনুচ্ছেদ ৩.২), বেশ্যালয় বা যৌন শোষণৰ অন্যান্য ঠাইৰ নিৰ্যাতিতাক আৱদ্ধ কৰি ৰখা লোক, (ITPA-ৰ অনুচ্ছেদ ৬) আৰু ৰাজহুৱা ঠাইক বেশ্যালয় হিচাবে ব্যৱহাৰ কৰাৰ অনুমতি দিয়া লোকসকল (ITPA-ৰ অনুচ্ছেদ ৭.২) ইয়াৰ ভিতৰত পৰে। সৰবৰাহকৃত মহিলাৰ ওপৰত নিষ্পেষণ চলোৱা ‘গ্ৰাহক’ বা ‘মোক্কেল’ বিলাক নিঃসন্দেহে নিষ্পেষণকাৰী বা শোষনকাৰী। তেঁওলোকেই ‘চাহিদা’ আৰু যৌন ব্যৱসায় টিকাই ৰাখে; গতিকে ITPA আৰু অন্যান্য আইনৰ দ্বাৰা তেঁওলোকৰ বিচাৰ চলোৱা হয়। সৰবৰাহৰ বিভিন্ন প্ৰক্ৰিয়াত ধন বিনিয়োগকাৰীসকল হৈছে এই দুষ্ট চক্ৰটোৰ-অংশীদাৰ। নিযুক্তকৰণ, প্ৰেৰণ, থকা-মেলা, খোৱা-বোৱা আদিত ধন বিনিয়োগকাৰীসকল, আনকি বেশ্যালয়লৈ ঋণ দিয়া লোকসকলো ইয়াৰ অন্তৰ্ভূক্ত। যিসকলে যৌন শোষণ বা সৰবৰাহৰ যিকোনো প্ৰক্ৰিয়াত উচতনি যোগায় বা সমৰ্থন কৰে, তেঁওলোকে ITPA অধীনত বিচৰাধীন হ’ব (অপৰাধমূলক কামত উচতনি সম্পৰ্কত ভাৰতীয় দণ্ডবিধি আইনৰ অধ্যায় ৫-ৰ সৈতে ITPA ৰ ৩,৪,৫,৬,৭,৯ অনুচ্ছেদ)।
  • যৌন ব্যৱসায়ৰ জৰিয়তে জীৱিকা উপাৰ্জনকাৰী: যিসকলে জানি-বুজি বেশ্যালয়ৰ পৰা আংশিক উপাৰ্জন বা সম্পূৰ্ণ জীৱিকা নিৰ্বাহ কৰে। তেঁওলোক দোষী (ITPA-ৰ অনুচ্ছেদ ৪)। তেঁওলোকৰ ভিতৰত আছে যৌন ব্যৱসায়ৰ পৰা উপাৰ্জন কৰা, বে-আইনী মুনাফাৰ ভাগ পোৱাসকল। যিসকল বিনিয়োগকাৰীয়ে বেশ্যালয়লৈ ঋণ দিয়ে বা বেশ্যালয়ৰ পৰা ধন সংগ্ৰহ কৰে আৰু এনে লেন-দেনৰ মাজেৰে ব্যৱসায় কৰে তেঁওলোকে এই অনুচ্ছেদ মতে দোষী। ছোৱালীৰ ওপৰত শোষণ চলাই মুনাফা উপাৰ্জন কৰা হোটেল মালিক নিঃসন্দেহে ITPA-ৰ ৪ অনুচ্ছেদ মতে অভিযুক্ত হয়।
  • নিৰীক্ষক, নিযুক্তকাৰী, বিক্ৰেতা, ক্ৰেতা, ঠিকাদাৰ, এজেন্ট বা তেঁওলোকৰ হৈ কাম কৰা যিকোনো লোক।
  • পৰিবহণকাৰী, আশ্ৰয়দাতা আৰু হাৰ্বাৰসকল এই অপৰাধৰ অংশিদাৰ।
  • ষড়যন্ত্ৰকাৰীসকল: সৰবৰাহৰ প্ৰায় সকলোবোৰ ক্ষেত্ৰতে নিৰ্যাতন প্ৰক্ৰিয়াৰ বিভিন্ন স্তৰত বহু লোকে ষড়যন্ত্ৰমূলক কাম-কাজ চলাই ষড়যন্ত্ৰ ৰচনা কৰে। যদি একাংশ লোকৰ মাজত মনৰ মিল হয় আৰু তাৰ পিছত মুকলিভাৱে বুজাই তোলা হয়। তেনেহ’লে ষড়যন্ত্ৰৰ আইন (IPC ৰ অনুচ্ছেদ ১২০ ম) মনোহৰ হৈ পৰে। ITPA-ৰ মতে যদি কোনো চৌহদক বেশ্যালয় হিচাবে (অনুচ্ছেদ)ত ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰা হয়। অথবা যিসকলে যৌন ব্যৱসায়ৰ ধনেৰে জীৱন নিৰ্বাহ কৰে, আনকি আংশিকভাৱে হ’লেও (অনুচ্ছেদ ৪) বা বেশ্যালয়ৰ বাবে মহিলা সংগ্ৰহ কৰে বা প্ৰভাৱিত কৰে বা লৈ আনে (অনুচ্ছেদ ৫) তেনে লোকসকলক ষড়যন্ত্ৰকাৰী হিচাবে গণ্য কৰা হয়।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate