মূল পৃষ্ঠা / সমাজ কল্যাণ / বিত্তীয় অন্তৰ্ভূক্তি / সঞ্চয় আঁচনিৰ কেইটিমান খবৰ ৰাখক আৰু সঞ্চয় কৰক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সঞ্চয় আঁচনিৰ কেইটিমান খবৰ ৰাখক আৰু সঞ্চয় কৰক

সঞ্চয় আঁচনিৰ কেইটিমান খবৰ ৰাখক আৰু সঞ্চয় কৰক

গৃহিণী গৰাকী হ’ল সংসাৰখনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। গৃহিণী গৰাকীৰ ওপৰতেই ঘৰখনৰ স্বাস্থ্য, পৰিষ্কাৰ-পৰিচ্ছন্নতা, সাজ-পাৰ, খাদ্য আদি সকলো নিৰ্ভৰ কৰে। এই সকলো দিশৰ প্ৰতি গৃহিণী গৰাকী সচেতন নহ’লে যি কোনো দিশতে আৰু যিকোনো সময়তে, যিকোনো সমস্যাৰ সন্মূখীন হ’ব পাৰে যদি হাতত সঞ্চিত ধন নাথাকে। সেইবাবে প্ৰত্যেক গৰাকী গৃহিণীয়েই সঞ্চয়ৰ প্ৰতি আকৃষ্ট হওক। অত্যাধিক খৰচৰ মাত্ৰা কমাই যিখিনি পাৰে সঞ্চয় কৰক। সঞ্চয় কৰিব পৰা কিছুমান আঁচনিৰ উল্লেখ কৰা হ’ল।

১) পাবলিক প্ৰভিডেন্ট ফাণ্ড: ষ্টেটবেংকৰ যিকোনো শাখাত, এলাহাবাদ বেংকত, ইউনাইটেড বেংকত, ইউনাইটেড কমাৰ্চিয়েল বেংক আৰু হেড পোষ্ট অফিচত ৫ টকা দি এই ফাণ্ড খুলিব পাৰি।

২) যিকোনো ৰাষ্ট্ৰীয় বেংকৰ কেচ চাৰ্টিফিকেট স্কীমত ১০০ টকাৰ আৰম্ভ কৰি সাধ্য অনুসাৰে ৫০,০০০ টকালৈ চাৰ্টিফিকেট কিনি থ’ব পৰা যায়।

৩) তেনে ভিন ভিন আঁচনিৰ মাজত ৰি-ইনভেষ্টমেন্ট প্লেনতো টকা জমা ৰাখিলে সুদৰ বাহিৰেও তিনিমাহৰ মূৰত যৌগিক সুদ বাঢ়ি ১০ বছৰৰ মূৰত বৃদ্ধি তিনিগুণ হ’ব।

৪) আপোনাৰ শিশুটি জন্মৰ লগে লগে আপোনাৰ ষ্টেট বেংকৰ চুপাৰ চেভিংছ পেকেজত মাহে মাহে টকা সঞ্চয় কৰিব পাৰে।

৫) যিকোনো ৰাষ্ট্ৰীয় বেংকত ‘ৰেকাৰিং ডিপোজিত’ খুলিব লাগে। ১২০ মাহ ধৰি নিয়মিতভাৱে টকা জমা দিলে সুদৰ উপৰিও তিনি মাহৰ মূৰত চক্ৰবৃদ্ধি হাৰত আপোনাৰ সঞ্চয়ৰ সুদ পাব।

৬) ষ্টেট বেংকত শিক্ষা যোজনাৰ আৰু এখন সঞ্চয় আঁচনি আছে এই আঁচনিখন বৰ সন্তোষজনক। আপোনাৰ শিশুটিৰ ৩ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সলৈ মাহে ১০০ টকাকৈ বেংকত জমা ৰাখক। ল’ৰাটোৰ উচ্চ মাধ্যমিক পৰীক্ষা দিবৰ্ সময়ত তেওঁ ভৱিষ্যৎ শিক্ষাৰ বাবে ৫, ১৮৮,৭২ টকা পাব। এনে সুবিধাজনক সঞ্চয়ৰ সুবিধা গ্ৰহণ নকৰাকৈ নাথাকিব।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰিতু গগৈ।

2.77272727273
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top