অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আজৰি সময়ৰ উপাৰ্জন

আজৰি সময়ৰ উপাৰ্জন

আজৰি সময় বুলি তেনেকুৱা কোনো নিৰ্ধাৰিত সময় নাই। ঘৰখনৰ যাৱতীয় সকলো কাম-কাজ কৰি অকণ বিশ্ৰাম ল’বলৈ সকলোৰে মন যায়। এই সময়কণ ব্যক্তি বিশেষে সুকীয়া।

প্ৰত্যেকগৰাকী মহিলাৰেই একোখন ঘৰ আছে, সংসাৰ আছে। প্ৰত্যেক মহিলাই ঘৰখনক লৈ ব্যস্ত। তেনে ক্ষেত্ৰত ঘৰখনৰ সকলো কাম সুচাৰুৰূপে সমাপন কৰি যিকণ সময় পোৱা যায় সেই সময়কণকেই আজৰি সময় বুলি ধৰা হয়। এই সময়কণ যাতে সৎ কামত ব্যৱহৃত হয়, তাৰ বাবে প্রত্যেক গৰাকী সু-গৃহিণীয়ে লক্ষ্য কৰা উচিত। এখন সুস্থ আৰু ঐতিহ্যপূর্ণ ঘৰ, সুস্থ সমাজ আৰু এটা জাতিৰ চানেকি। ঘৰখন সুপৰিকল্পিতভাৱে চলাবলৈ হ’লে গৃহিণী গৰাকী হ’ব লাগিব চিন্তাশীল, সেৱা পৰায়ণ, সকলো কামৰ প্রতি আগ্ৰহী, মিতব্যয়ী, সুৰুচিপূৰ্ণ আৰু মৰমিয়াল।

গৃহিণীসকলে সদায় চিন্ত কৰিব লাগিব যে, এখন ঘৰৰ শ্ৰীবৃদ্ধি নির্ভৰ কৰে বিশেষকৈ অৰ্থৰ ওপৰত। গতিকে আমাৰ সাধাৰণ গৃহিণীসকলে ঘৰৰ শ্ৰীবৃদ্ধিৰ কথা চিন্তা কৰোতে সাংসাৰিক যাৱতীয় কাম-কাজবোৰত আউল নলগাকৈ সমাধা কৰি আহৰি সময় উলিয়াবলৈ হ’লে কামৰ তালিকা প্রস্তুত কৰি লোৱা উচিত। ঘৰৰ শ্ৰীবৃদ্ধি কৰিবলৈ হ’লে গৃহিণী গৰাকীয়ে স্বাৱলম্বীতাৰ কথা, সহজ-সৰল জীৱন যাপন, মহৎ চিন্তা-সাধনা, কঠোৰ শ্ৰমৰ মৰ্যাদাৰ বিষয়ে ঘৰৰ ল’ৰা-ছোৱালী আৰু অন্যান্য ব্যক্তিক বুজিবলৈ দিব লাগিব।

আজিকালি অর্থ সংকটৰ সময়ত সাধাৰণ ঘৰ এখন নিয়াৰিকৈ চলাবলৈ হ’লে গৃহিণী গৰাকীয়ে অর্থ উপার্জন আৰু সেইমতে ব্যয়ৰ তালিকা প্রস্তুত কৰিহে অৰ্থ ব্যয় কৰিব লাগিব। সাধাৰণতে আমাৰ প্ৰায়ভাগ মহিলাই স্বামীৰ অৰ্থেপাৰ্জনৰ ওপৰত নির্ভৰ কৰি চলে। এনে ক্ষেত্ৰত ঘৰখন চলাবৰ বাবে স্বামীয়ে যি ধন হাতত দিয়ে তাৰেই নিতৌ চান কাঢ়ি হলেও সঞ্চয় কৰা উচিত। কিয়নো সাংসাৰিক জীৱনত আমি কোন মুহূর্তত কি বিপদৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে কোনেও ক’ব নোৱাৰে। গতিকে এনে বিশেষ মুহুর্তবোৰৰ সন্মুখীন হ’ব লাগে বুলিয়েই দুপইচা উলিয়াই দিয়াৰ সামর্থতাখিনি থাকিবলৈ হ’লে ঘৰৰ গৃহিণী গৰাকীয়ে ঘৰ চলোৱা পইচাৰ পৰাই হ’লেও সঞ্চয় কৰা দৰকাৰ আৰু এই ক্ষেত্ৰত ডাকঘৰ নাইবা বেঙ্কত জমা আচনিৰ জৰিয়তে আমাৰ গৃহিণীসকলে সঞ্চয় কৰি নিজে উপকৃত হোৱাৰ লগতে ৰাষ্ট্ৰৰ অৰ্থনীতিত সামান্যভাৱে হলেও সহায় কৰিব পাৰে।

অসমীয়া নাৰী জীৱন শিপিনী। অসমীয়া মহিলাই তাঁতৰ পাতত সপোন ৰচনা কৰে। এনেহেন শিল্পী মহিলাই তাত শিল্পৰ ওপৰত গুৰুত্ব দি ঘৰতে তাঁতশালত কাপোৰ বৈ অর্থোপার্জন কৰিব পাৰে। নিজৰ তাঁতশালখনত ঘৰত ব্যৱহৃত কাপোৰখিনি যেনেবিছনা চাদৰ, পর্দা, চাদৰ-মেখেলা, আঠুৱা, ফুলাম গমোছা আদি বৈ নিজৰ ঘৰখনক আর্থিক দিশত সহায় কৰাৰ উপৰিও ঘৰত তৈয়াৰ কৰা কাপোৰ কানি বিক্ৰী কৰি অর্থে পার্জন কৰিব পাৰে। আনহতে গৰু, ছাগলী, হাঁহ, পাৰ, কুকুৰা আদি পালন কৰিও গৃহিণীসকলে অর্থে পার্জন কৰিব পাৰে। ইয়াৰোপৰি আজৰি সময়খিনিত শিল্পীসুলভ মহিলাই পেলনীয়া বস্তুৰে নানা ধৰণৰ বস্তু তৈয়াৰ কৰা, পুতলা বনোৱা, ঘৰ সজোৱাৰ উপযোগী কৰি নানা ধৰণৰ মাটিৰ বস্তু তৈয়াৰ কৰা, পেইণ্টিং কৰা, এক্সইডাৰি কৰা, উণ গোঠী আদি কামবোৰ কৰি ঘৰখনত পাৰিপাশ্বিকতা ৰক্ষা কৰাৰ উপৰিও এইবোৰ বস্তু বিক্ৰী কৰি বহুতো ধন উপার্জন কৰিব পাৰে। বহুক্ষেত্ৰত দেখা যায় আমাৰ মহিলাসকলে এইবোৰ কাম ব্যৱসায় ভিত্তিত লবলৈ টান পায়। আমাৰ এইবোৰ সুন্দৰ শিল্পকলাক যদি ব্যৱসায় হিচাবে লোৱা হয় ঘৰখনৰ আৰ্থিক দিশত কিমান সহায়কাৰক হব?  আজিৰ নিচিনা অর্থ সংকটৰ দিনত এইবোৰ অমূলক চিন্তাধাৰাক প্রশ্রয় নিদি এনে শিল্প প্রতিভাক সমাজৰ আগত দাঙি ধৰি সমাজৰ মাজত নিজক প্রতিষ্ঠা কৰাটো প্রত্যেক গৰাকী সমাজ সচেতন মহিলাৰেই কর্তব্য আৰু আর্থিক দিশত ঘৰখনৰ শ্ৰীবৃদ্ধি বঢ়োৱাটো প্রত্যেক গৰাকী মহিলাৰেই দায়িত্ব।

বিভিন্ন প্রক্রিয়াৰে অর্থ উপার্জন কৰিব পাৰি। লাগে মাথো ঐকান্তিক আগ্রহ আৰু স্থিৰতা। নিজৰ বাৰীখনত নানা ধৰণৰ শাক-পাচলি, ফল-মূলৰ খেতি কৰিও ঘৰখনৰ শ্ৰীবৃদ্ধি ৰক্ষা কৰিব পাৰি। বজাৰৰ লেৰেলি যোৱা শাক-পাচলি, গেলাপচা ফল-মূল উচ্চ দৰত ক্রয় কৰি আনি খোৱাতকৈ নিজৰ বাৰীখনত উৎপাদন হোৱা শৰীৰৰ পুষ্টি সাধনত যথেষ্ট সহায় কৰে। লগতে বজাৰৰ পৰা ক্রয় কৰিবলগীয়া অর্থৰ ৰাহি হয়। এইখিনি কাম আজৰি সময়কণতেই কৰিব পৰা যায়। আজিকালি বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি তাকৰীয়া মাটিত সৰহ শস্য উৎপাদন কৰিবলৈ নানা ধৰণৰ ব্যৱস্থা আছে। নিজৰ বাৰীখনতো তেনে ব্যৱস্থা হাতত ল’ব পাৰিলে যথেষ্ট শস্য উৎপাদন হয় আৰু উৎপাদিত বস্তু বজাৰত বিক্ৰী কৰি অর্থোপার্জন কৰিব পাৰি।

তাৰোপৰি ফল-মূলৰ পৰা নান ধৰণৰ জাম, জেলি, স্কোৱাচ, আচাৰ তৈয়াৰ কৰি ওচৰৰ বজাৰত বা দোকানত উপযুক্ত মূল্যত কেনেকৈ বিক্ৰী কৰিব পাৰি। তাৰ প্রতি লক্ষ্য ৰাখি গৃহিণীসকলে ইয়াৰ প্রশিক্ষণৰ বাবে কি কৰা উচিত চিন্ত কৰিব পাৰে আৰু নিজকে প্রশিক্ষণপ্রাপ্ত কৰি ল’বলৈ বর্তমানত গঢ়ি উঠা বিভিন্ন সামাজিক সংগঠন, মহিলা সমিতি আদিৰ লগত নিজকে অন্তর্ভুক্ত কৰি ল’ব পাৰে। খাদ্যদ্রব্য, খাদ্যশস্য কেনেকৈ সংৰক্ষণ কৰিব পাৰি, সেইবিষয়ে অধ্যয়ণ কৰাতে আমাৰ গৃহিণীসকলৰ বিশেষ কর্তব্য। আজৰি সময়কণ যদি প্রত্যেক গৰাকী মহিলাই ওপৰোক্ত চিন্তাধাৰা আৰু সময়কণৰ সদ ব্যৱহাৰ কৰিবলৈ শিকে আৰু আনকো কৰিবলৈ উৎসাহ-উদ্দীপনা যোগায় তেতিয়াই নিজৰ অজানিতে ঘৰখনৰ তথা সমাজখনৰ উন্নতি সাধন হয়।

সময় আহে মানুহৰ জীৱনলৈ এটি মধুৰ সপোন হৈ যদিহে ইয়াক সৎকর্ম, সৎ আচৰণ, সৎ চিন্তাৰ দ্বাৰা অতিবাহিত কৰিব পৰা যায়। তেনেকৈ সময় আহে এক বিভৎস ৰূপ লৈ মানুহৰ জীৱনলৈ যদিহে কু-চিন্তা, বদ স্বভাৱ অসৎ আচৰণৰ দ্বাৰা ইয়াক পৰিচালিত কৰা হয়। সময়ৰ সৎ পৰিচালনা মানুহৰ জীৱনৰ এটি তুলনাহীন আৰু বর্ণনাহীন সম্পদ।

যি ব্যক্তিৰ প্ৰাণত কর্ম কৰি খোৱাৰ আকাঙ্খা নাই, তেওঁলোক দেশৰ ৰঘুমলা সদৃশ। নিজৰ দেশখনক উন্নতিৰ পথত আগবঢ়াই নিয়াতো প্রত্যেক নাগৰিকৰেই প্রধান কর্তব্য। গতিকে প্রত্যেকেই নিজৰ ঘৰখন যাতে সু-বাতাবৰণৰ সৃষ্টি হয় তাৰ প্রতি নজৰ দিয়া উচিত। নিজৰ ঘৰখনৰ উন্নতি, সমাজখনৰ উন্নতি আৰু সমাজৰ উন্নতিয়েই দেশখনৰ উন্নতি। গতিকে আজৰি সময়খিনিৰ সদ ব্যৱহাৰৰ প্রতি প্রত্যেক ব্যক্তিয়েই নজৰ দিয়া উচিত।

সময় গতিশীল। ইয়াক বান্ধি ৰাখিব নোৱাৰি। কিন্তু কৰ্মৰ দ্বাৰাই ইয়াক পৰিচালনা কৰিব পাৰি। সময় তালিকা প্রস্তুত কৰি যেতিয়া আপুনি নিজক কৰ্মৰ মাজত বিলাই দিব তেতিয়া দেখিব আপোনাৰ ঘৰত কোনো অভাৱ-অনাটন নাই। মুঠতে অমূল্য সম্পদ সময়বোৰৰ যাতে সদ ব্যৱহাৰ হয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। আজৰি সময় বুলি কোনো ধৰাবন্ধা সময় নাই, ইয়াক কৰ্মৰদ্বাৰা পৰিচালনা কৰি ঘৰখনৰ আৰ্থিক দিশত সহায় কৰাটো প্ৰত্যেক নাৰী-পুৰুষৰ কৰ্তব্য। লগতে উঠি অহা দেশৰ ধৰণী স্বৰূপ যুৱক-যুৱতী তথা শিশুসকলক এই বিষয়ে সজাগতা অৱলম্বন কৰা আৰু আদৰ্শ দেখুৱাতো প্ৰত্যেক পিতৃ-মাতৃৰেই কৰ্তব্য।

সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate