অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপুনি কৰমুক্ত হ’ব খোজে নেকি?

মাৰ্চমাহৰ অহাৰ লগে লগে চৰকাৰী, বে-চৰকাৰী খণ্ডৰ চাকৰিয়ালসকল আৰু আন আন ব্যক্তিগত খণ্ডৰ অধিকাৰীসকলে কৰৰ পৰা ৰেহাই পাবলৈ বা কৰ কৰ্তনৰ পৰা হাত সাৰিবলৈ নানা উপায় বিচাৰিব ধৰে। কিন্তু সঠিক সময়ত সঠিক ঠাইত ধন বিনিয়োগ কৰিব নজনা হেতুকে এনে সময়ত অধিক কৰৰ বোজা বহন কৰিব লগা হয়। কিন্তু কিছুমান আঁচনিৰ যোগেদি কৰৰ বোজাৰ পৰা কিছু ৰেহাই পাব পাৰি। এনে ধৰণৰ কিছুমান আঁচনি হ’ল:

নেশ্যচেল চেভিং স্কীম

এই আঁচনিৰ অন্তৰ্গত যিকোনো অথৰাইজড পোষ্ট অফিচত একাউন্ট খুলিব পৰা যায়। বছৰি ৪০,০০০ টকালৈ ধন জমা থব পাৰি। বিনিয়োগ কৰা ধনৰ ওপৰত পোৱা সুদৰ ওপৰত কৰ লগোৱা নহয়। আনহাতে জমা থকা মূলধনখিনিও সম্পত্তি হিচাপে কৰ মাফ কৰি দিয়া হয়। একাউন্ট বন্ধ কৰিব খুজিলে তিনিবছৰৰ পিছত বন্ধ কৰিব পাৰে।

পাব্লিক প্ৰভিডেন্ট ফাণ্ড স্কীমছ্‌

ভাৰতবৰ্ষত এই আঁচনি আটাইতকৈ লোভণীয়। এই আঁচনিৰ অন্তৰ্গত একাউন্ট খুলিবলৈ হ’লে যিকোনো ৰাষ্ট্ৰীয়কৃত বেংক আৰু ষ্টেট বেংকৰ বিশেষ শাখাত খুলিব পাৰি। এনে ধৰণে খোলা একাউন্টত বছৰি কমেও এশ টকা বা অধিক হ’লে ৬০,০০০ টকালৈ জমা ৰাখিব পাৰে। Section 88 of the Income Tax Act (আইন) অনুসৰি আৰু জমা ধনৰ ওপৰত পোৱা সুদৰ ওপৰতো কৰ আৰোপ কৰা নহয়।

পাব্লিক প্ৰভিডেন্ট ফাণ্ড স্কীমৰ ম্যাদ পোন্ধৰ বছৰৰ হয়। আগতীয়াকৈ ধন উলিয়াব খুজিলে তিনি বছৰ হৈ যোৱাৰ পিছত ঋণ হিচাপেহে ল’ব পাৰে। বাকী ধন আঁচনিৰ ম্যাদ সম্পূৰ্ণ হ’লেহে ল’ব পাৰে। এনে সময়ত ঋণৰ ধনখিনি কাটি বাকী ধন দিয়া হয়। ইয়াৰ পিচতো যদি ধন জমা ৰাখিব খোজে তেনেহ’লে প্ৰতি পাঁচ বছৰৰ বাবে ৰাখিব পাৰে অৰ্থাৎ একেবাৰে পোন্ধৰ বছৰৰ বাবেই যে ৰাখিব লাগিব এনে নহয়।

ইকুইটি লিংকড্‌ চেভিং

এই আঁচনি মতে বছৰত দহ হাজাৰ টকালৈ ধন বিনিয়োগ কৰিলে বিশ শতাংশ কৰ ৰেহাই পোৱা যায়। কিন্তু বজাৰত এই অংশৰ দাম বঢ়াৰ সময়ত যেতিয়া বিক্ৰী কৰা হয় তেতিয়া ইয়াৰ পৰা পোৱা লাভাংশৰ ওপৰত কৰ দিব লগা হয়।

নেশ্যনেল চেভিংছ্‌ চাৰ্টিফিকেটছ্‌

কৰ ৰেহাই পোৱা আঁচনিসমূহৰ ভিতৰত NSC আটাইতকৈ জনপ্ৰিয়। এই আঁচনিৰ অন্তৰ্গত চাৰ্টিফিকেটসমূহ এশ টকাৰ পৰা ৫০০, ১০০০, ৫০০০ আৰু ১০,০০০ টকালৈকে পোৱা যায়। আঁচনিত দিয়া নিৰ্দিষ্ট সময় সীমাতকৈ আগতে ধন উলিয়াব নোৱাৰে। বছৰেকীয়া ১২,০০০ টকালৈ সুদ পোৱাৰ অধিকাৰীসকলে কৰৰ পৰা ৰেহাই পায়।

পোষ্ট অফিচ টাইম ডিপ’জিট

এই আঁচনিত পঞ্চাশ টকাৰ পৰা আৰম্ভ কৰি ধন জমা হোৱাত কোনো বাধ্য-বাধকতা নাই। ইয়াত কমেও দুমাহ ধন জমা হোৱা প্ৰয়োজন। 80L of the Income Tax Act অনুসৰি এটা নিৰ্দিষ্ট স্তৰলৈ কৰ ৰেহাই পায়।

জীৱন বীমা আঁচনি

লাইফ ইঞ্চিওৰেঞ্চ পলিচি, চিলড্ৰেনছ দি’ফ্ৰিড এনদ’মেন্ট পলিচি, নন কমিউটেবল দিফ্ৰিড এনোমিটি, মানিবেক্‌ পলিচি আদিৰ দৰে কিছুমান আঁচনিত কৰ লগোৱা নহয়।

আনহাতে ইঞ্চিওৰেঞ্চ পলিচিত প্ৰিমিয়ামৰ ধনৰ ওপৰতো কৰ ৰেহাই পায়। এনে ইঞ্চিওৰেঞ্চ পলিচিৰ দ্বাৰা কৰ বচাব পাৰে আৰু ভৱিষ্যতলৈ ধন সঞ্চয় কৰিব পাৰে। পলিচি কৰাজনৰ আকস্মিক মৃত্যু হ’লে পৰিয়ালৰ বাকী সদস্যই ধনখিনি আদায় কৰিব পাৰে।

প্ৰকৃততে কৰৰ পৰা ৰেহাই পাবলৈ কেনে ধৰণৰ আঁচনিত কেনে ধৰণেৰে ধন বিনিয়োগ কৰিব লাগে সেই বিষয়ে চাৰ্টাৰ্ড একাউন্টটেনৰ পৰামৰ্শ লোৱাটো আৱশ্যক। অধিক কৰৰ বোজাৰ পৰা ৰেহাই পাবলৈ বছৰৰ আৰম্ভণিৰে পৰাই অকণমান পৰিকল্পনাৰে প্ৰয়োজনীয় পদক্ষেপ ল’লে কৰৰ বোজা বহন কৰিবলগীয়া নহয়। কিন্তু সৰহসংখ্যক ব্যক্তিয়েই কৰৰ পৰা ৰেহাই পাবলৈ কোনো ধৰণৰ পৰিকল্পনা নকৰে।

উৎস: চেভি।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate