অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চৰকাৰী ঋণপত্ৰ

চৰকাৰী ঋণপত্ৰ

চৰকাৰী ঋণপত্ৰ এতিয়া লাভজনক

এসময়ত শ্ৰীমান লস্কৰে কামপুৰৰ পৰা মোক সুধছিল-

: ছাৰ চাৰি লাখমান টকা গোটাব পাৰিম । কি কৰা ভাল হয়? তেওঁ সুধিলে।

: তুমিনো কি কৰিব খুজিছা ? ইছাহক আলীয়ে সুধিলে।

: মোৰ আগত দুটা পথ আছে। এখন গাড়ী কিনো আৰু টেক্সি হিচাপে চলাওঁ। সকলো খৰচ-পাতি বাদ দি যি টকা পাওঁ ছিপ পদ্ধতিত মিউচুৱেল ফাণ্ডৰ ইকুইটি কিনিম, লস্কৰে উত্তৰ দিলে।

: দ্বিতীয় পথটো কোনটো ? আলী চাহাবে সুধিলে।

: দ্বিতীয় পথটো হ’ল টকাখিনি ছিপ পদ্ধতিত ইকুইটি মিউচুৱেল ফাণ্ডৰ ইউনিট কিনাৰ ব্যৱস্থা কৰা। আপুনি কোনটো পছন্দ কৰিব?

: টকাখিনি কিমান দিনৰ বাবে খটুৱাব পাৰিবা ? এই ধৰি লওক পাঁচ বছৰৰ বাবে।

: তেনেহ’লে প্ৰথম প্ৰস্তাৱটো বাতিল কৰা হ’ল। কাৰণ তুমি শিক্ষক। টেক্সি চলোৱা কাম কৰিলে সম্পূৰ্ণ সময় খটাব লাগিব। তোমাৰ ইমান সময় নাই। দ্বিতিয়তে, অতি বিশ্বাসযোগ্য চালক নহ’লে লাভতকৈ লোকচানহে বেছি হ’ব।। তদুপৰি গাড়ীৰ দাম দিনে দিনে কমে। নাবাঢ়ে। গতিকে তুমি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাই বিধেয়। ইছাহক আলীয়ে ক’লে।

: কোনবিধ মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা ভাল হ’ব ?

: তুমি যিহেতু তিনি-চাৰি বছৰৰ বাবেহে বিনিয়োগ কৰিব খুজিছা সেয়েহে বৰ্তমান সময়ত ‘ইকুইটি নিৰ্ভৰ’ ফাণ্ডত বিনিয়োগ নকৰি ‘ডেবট’ অৰ্থাত্ ‘ঋণপত্ৰ’ নিৰ্ভৰ ফাণ্ডত বিনিয়োগ কৰিলে লাভজনক হ’ব।

: কাৰণটো কি ছাৰ ? সোধা বাবে বেয়া যাতে নাপায়। শ্ৰীমান লস্কৰৰ কথা শুনি আলী চাহাবে অলপ সময় অপেক্ষা কৰিলে। তেওঁৰ চকুলৈ চাই ক’লে- তোমাৰ প্ৰশ্ন শুনি মই বেছ সুখী। টকা তোমাৰ। সকলো কথা খৰচি মাৰি জানিহে বিনিয়োগ কৰাটো  জ্ঞানীৰ লক্ষণ। আলী চাহাবে কৈ গ’ল আৰু শ্ৰীমান লস্কৰে শুনি গ’ল।

মূলধনৰ নিৰাপত্তা আৰু ভাল ৰিটাৰ্ন অতি দুৰ্লভ পৰিস্থিতি। বিত্তীয় পৰিকল্পনাত, বিশেষকৈ লগ্নিৰ ক্ষেত্ৰত সাধাৰণতে এই দুয়োটা গুণ সতকাই দেখা নাযায়। প্ৰত্যেকজন লগ্নিকাৰীয়ে এই দুটা গুণেই বিচাৰি থাকে। প্ৰথম, তেওঁৰ মূলধন যাতে নিৰাপদে থাকে। দ্বিতীয়তে, এই মূলধনৰ পৰা যাতে ভাল ৰিটাৰ্ন পোৱা যায়।

অলপতে এই মিউচুৱেল ফাণ্ডৰ পৃথিৱীত এই দুৰ্লভ পৰিস্থিতি দেখাৰ আশা হৈছে। তোমালোকৰ মনত প্ৰশ্ন হ’ব- কেনেকৈ এইটো সম্ভৱ হ’ল ? এৰা, এনে কথা সম্ভৱ হৈছে- ‘গিল্ট ফাণ্ড’ৰ জৰিয়তে। গিল্ট ফাণ্ড- চৰকাৰী ঋণপত্ৰ নিৰ্ভৰ ফাণ্ড। এই ফাণ্ডৰ ‘নেভ’ৰ বেছ বৃদ্ধি হোৱা দেখা গৈছে। এই ফাণ্ডৰ ৰিটাৰ্ন দিয়াৰ ক্ষমতা বেছ বাঢ়িছে। আশা কৰা যায়, ভৱিষ্যতত এই ফাণ্ডৰ নেভ বেছ বাঢ়িব। মনত ৰাখিব ডেবট ফাণ্ড কিনাৰ উপযুক্ত সময় এতিয়া। সদায় ডেবট ফাণ্ডৰ ৰিটাৰ্ন ভাল নহয়। দীৰ্ঘম্যাদত ডেবট ফাণ্ডত ধন খটুৱাব।

আজি ৩০ মাহ পূৰ্বে শৰ্মিলা ভৰালীয়ে ঠিক ৪ লাখ টকা এটা ‘ফ্ৰেংকলিন ইণ্ডিয়া কৰ্প’ৰেট বণ্ড ফাণ্ড’ত বিনিয়োগ কৰিছিল। তেওঁৰ ৩০ মাহ মাৰ্চৰ ১ তাৰিখে হওঁতে দেখিলে সেই টকা আঢ়ৈ বছৰত হ’লহি ৫ লাখ ৭৫ হেজাৰ টকা অৰ্থাত্ ৰিটাৰ্ন ১১.৬০ শতকৰা। তেওঁ বৰ আনন্দিত হ’ল। ভাবিলে বেংকত থ’লে ৮.৫০% শতকৰা ৰিটাৰ্ন পালেহেঁতেন। ঋণ নিৰ্ভৰ ফাণ্ড নিৰাপদ, কিন্তু দীৰ্ঘ ম্যাদত ৰিটাৰ্ন কম হয়।

এনে ৰিটাৰ্ন আৰু বাঢ়িব। গিল্ট ফাণ্ডৰ ৰিটাৰ্ন ইয়াতকৈ বেছি বাঢ়িবৰ আশা আছে। সদায় কিন্তু এই ঋণপত্ৰ নিৰ্ভৰ ফাণ্ড বাঢ়ি নাথাকে। এতিয়া কিয় বাঢ়িব ? মূলধন অতি সুৰক্ষিত হ’লেও ৰিটাৰ্ন প্ৰায় কম হয়। এতিয়া ৰিটাৰ্ন ভাল হোৱাৰ কাৰণ কি ?

প্ৰথম কাৰণ ৰিজাৰ্ভ বেংকৰ সুদ কমোৱা নীতিৰ বাবে বেংকে লাহে লাহে সুদৰ হাৰ কমাব। বেংকৰ যিমানেই সুদ কমিব ঋণপত্ৰ নিৰ্ভৰ ফাণ্ডৰ ৰিটাৰ্ন সিমানে বাঢ়িব। মুদ্ৰাস্ফীতি কমিবলৈ ধৰাত ৰিজাৰ্ভ বেংকে ওচৰা-ওচৰিকৈ দুবাৰ সুদৰ হাৰ কমাই দিলে। ব্যৱসায় বাণিজ্যৰ সুবিধা হ’ল। ফলত ঋণপত্ৰ নিৰ্ভৰ ফাণ্ডৰ ৰিটাৰ্ন বাঢ়ি গ’ল। এতিয়া ৰিজাৰ্ভ বেংকে ‘ৰেপোৰেট’ কিঞ্চিতহে কমাইছে। দিনে দিনে ‘মুদ্ৰা ৰাক্ষস’ৰ চোক কমি গ’লে ‘ৰেপোৰেট’ আৰু কমিব- ফলত ৰিটাৰ্ন হ’ব বৃদ্ধি। এই বৃদ্ধিৰ আশাত ডেবট ফাণ্ডৰ, গিল্ট ফাণ্ডৰ, বণ্ড ফাণ্ডৰ ৰিটাৰ্ন বাঢ়িবলৈ ধৰিছে। মুদ্ৰাস্ফীতি বাঢ়ি গ’লে গিল্ট ফাণ্ডৰ ৰিটাৰ্ন কমিবও পাৰে। কিন্তু আশা কৰে বাণিজ্য শাস্ত্ৰীসকলে যে এই বছৰত মুদ্ৰাস্ফীতি কমিব পাৰে। ফলত গিল্ট ফাণ্ডৰ ৰিটাৰ্ন হ’ব ভাল। ফলত দ্বিতীয় কাৰণ- গিল্ট ফাণ্ডত খটুওৱা টকা নিৰাপদ। কেন্দ্ৰীয় চৰকাৰে ঋণপত্ৰৰ যোগেৰে বজাৰৰ পৰা টকা তোলে। যিহেতু চৰকাৰে ঋণ লৈছে- এই ঋণ সম্পূৰ্ণ নিৰাপদ। মানুহে চৰকাৰক বিশ্বাস কৰে। জানুৱাৰীলৈকে গিল্ট ফাণ্ডে ১০% ৰিটাৰ্ন দিছে। এই পৰিস্থিতি সদায় নহয়। গতিকে কম সময়ত ৰিটাৰ্ন ভাল পাব পাৰে ডেবট ফাণ্ডত এতিয়া।

উৎস: অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate