অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জীৱনত বীমাৰ প্ৰয়োজন কিমান?

জীৱনত বীমাৰ প্ৰয়োজন কিমান?

‘এজন মানুহে যদি অতি শৃংখলাবদ্ধভাৱে জীৱন-যাপন কৰে আৰু তেওঁ নিয়মিতভাৱে শৰীৰ চৰ্চা কৰে তেওঁ জীৱন বীমা কৰিব লাগে নে নালাগে’,- বুধীন শৰ্মাই তেওঁৰ বন্ধু মহিম তালুকদাৰক সুধিলে। তালুকদাৰ বীমা বিশেষজ্ঞ। বহুত বছৰ ধৰি ভাৰতীয় জীৱন বীমা নিগমৰ-ডিভিজনেল মেনেজাৰ আছিল।

: শৃংখলাবদ্ধ জীৱনৰ লগত শৰীৰ চৰ্চা কৰিলেও জীৱনত হঠাৎ অসুস্থতা আহিব পাৰে। একমাত্ৰ সেই কাৰণেই জীৱন বীমা কৰিব লাগিব নেকি? বুধীন শৰ্মাই প্ৰশ্ন কৰিলে।

: অসুস্থতাৰ বাবে জীৱন বীমা নহয় স্বাস্থ্য বীমাৰহে প্ৰয়োজন। জীৱন বীমাৰ নহয়।

: জীৱন বীমা কিয় কৰিব লাগে? ৰিটাৰ্ন তেনেই কম দেখোন, শৰ্মাই ক’লে।

মহিম তালুকদাৰে ধৈৰ্য্য ধৰি বুধীন শৰ্মাৰ প্ৰতিটো প্ৰশ্ন শুনিলে। তাৰ পিছত শৰ্মাক বুজাই ক’লে যে জীৱন বীমা বিনিয়োগ নহয়। ই এক সুৰক্ষা বেহুহে। জীৱন বীমা মানুহে কৰিব লাগে নিজৰ বাবে নহয়-পৰিয়ালৰ সুৰক্ষাৰ বাবে। তাৰ পিছত তালুকদাৰে এটা গল্প নহয় সঁচা কাহিনী ক’লে-তেওঁৰ বন্ধু-ৰজনীকান্ত দেৱ অধিকাৰীৰ বিষয়ে-

বন্ধু অধিকাৰীক তালুকদাৰে বহুতবাৰ এটা জীৱন বীমা কৰিবলৈ ক’লে- অধিকাৰীয়ে কোনোদিন জীৱন বীমা নকৰিলে। তেওঁ ক’লে-‘জীৱন বীমা’ কিয় কৰিব লাগে? এই ল’ৰা দুটাক কিয় পঢ়াই-শুনাই ইমান ডাঙৰ কৰিলো। ইহঁতেই মোৰ বীমা। অৱসৰৰ সময়ত ইহঁতেই মোৰ জীৱন বীমাৰ কাম কৰিব। তালুকদাৰে বুজালে- জীৱন বীমা আপোনাৰ সুৰক্ষাৰ বাবে নহয়। পৰিয়ালৰ সুৰক্ষাৰ বাবেহে কৰিব লাগে। হঠাৎ আপোনাৰ কিবা এটা হ’লে- ইহঁতক কোনে চাব? কোনে পঢ়ুৱাব। গৃহিণীৰ কথাও ভাবক। জীৱন বীমা কৰিব লাগে আনৰ বাবে। নিজৰ বাবে নহয়। অধিকাৰীয়ে বুজিও নুবুজিলে। এদিন অৱসৰ ল’লে। ল’ৰাক ভালকৈ পঢ়ুৱালে। দুয়ো ভাল কাম লৈ বাংগালুৰু আৰু হায়দৰাবাদত থাকে। খুউব ধুমধামেৰে বিয়া পাতিলে বহুতো খৰছ কৰি। জীৱন, নদীৰ পানীৰ দৰে পাৰ হৈ যাবলৈ ধৰিলে। অধিকাৰীৰ লগত বহুত দিনৰ মূৰত তালুকদাৰৰ দেখা হওঁতে ক’লে- ‘আজিহে বুজিছো, আপোনাৰ কথা শুনিব লাগিছিল-জীৱন বীমা কৰিব লাগিছিল।’

তালুকদাৰে সুধিলে-‘এই বয়সত জীৱন বীমাৰ কথা কিয় ভাবিছে?’ এনে বয়সতে জীৱন বীমা কৰাৰ মানে নাই?’

: জীৱন বীমা নকৰাৰ বাবেহে দুখ কৰিছো এতিয়া।

: কিয় দুখ কৰিছে….?

: এদিন, মোৰ ল’ৰা দুটাক দেখুৱাই কৈছিলো- ইহঁত দুটাই মোৰ বীমা। এতিয়া সিহঁতৰ সকলো চাহিদা মই পূৰণ কৰিম। বৃদ্ধ বয়সতে সিঁহতে মোৰ সকলো চাহিদা পূৰণ কৰিব। কিন্তু কথাটো সঁচা নহ’ল। সৰু ছোৱালীজনীৰ বিয়া পাতিছোঁ- দুয়োটা ল’ৰাক কথাটো ক’লো। সিহঁতে উত্তৰ দিলে-এটাই গৃহ নিৰ্মাণ কৰিছে আৰু আনটো ইউৰোপলৈ ফুৰিবলৈ যাব। হাতত উপৰুৱা টকা নাই। বিয়াৰ খৰচ চম্ভালিব নোৱাৰে। এতিয়াহে বুজিলো আপুনি সঁচায়ে, কিমান প্ৰয়োজনীয় উপদেশ দিছিল।

: অধিকাৰী ডাঙৰীয়া, আপুনি নুবুজিলে-জীৱন বীমা সুৰক্ষা বেষ্টনীহে পৰিয়ালৰ। আপোনাৰ অৱসৰ জীৱনৰ সুৰক্ষা জীৱন বীমাই দিব নোৱাৰে। আপোনাৰ অৱসৰ জীৱনৰ সুৰক্ষা দিব পেন্সনেহে।

: তেনেহ’লে জীৱন বীমা কিয় কৰিবলৈ কৈছিল?

: হঠাৎ আপুনি নোহোৱা হ’লে-এই ল’ৰা দুটাৰ পঢ়া-শুনাৰ ক্ষতি নহ’বলৈ আৰু আপোনাৰ গৃহিণীৰ জীৱন যাত্ৰা সুকলমে চলি যাবলৈ।

অধিকাৰীয়ে ক’লে যে তেওঁ নমৰিল। ল’ৰা দুটাৰ পঢ়া-শুনাৰ সকলো খৰচ দিলে। কিন্তু মাক আৰু তেওঁ আজি বৰ দুখী। ল’ৰা দুটাক ধুমধামেৰে বিয়া পাতি দিলে- এতিয়া ছোৱালী বিয়া দিবলৈ ঋণ ল’ব লগাত পৰিছে নিজৰ বন্ধু-বান্ধৱৰ পৰা। সেয়েহে এতিয়া সকলোকে কওঁ যে নিজৰ ভৱিষ্যতৰ বাবে নিজেই টকা সঞ্চয় কৰা উচিত।

দেৱ অধিকাৰীয়ে সুধিলে-আজি কালি বয়সত কি বীমা কৰা উচিত? তালুকদাৰে উত্তৰ দিলে-অৱসৰ কালত স্বাস্থ্য বীমা কৰক আৰু দুৰ্ঘটনা বীমা কৰক। এই বয়সত হাত ভৰি ভাগিলে ডাক্তৰখানালৈ যাব লগাত প্ৰিব। খৰচ হ’ব বহুত। গতিকে স্বাস্থ্য বীমা থাকিলে আৰু দুৰ্ঘটনা বীমা থাকিলে যথেষ্ট সুবিধা পাব। এটা কথা মনত ৰাখিব লাগিব-আজিকালি ব্যক্তিগত হাস্পতাল কোম্পানীবোৰে-কেন্দ্ৰীয় বীমা সংস্থাবোৰৰ পলিচীবোৰত ‘টকা নোহোৱা সুবিধা’ নিদিয়ে। গতিকে ঘৰত কিছু ‘কেঁচা টকাৰ’ ব্যৱস্থা সদায় ৰখা উচিত। যাতে হাস্পতালত টকা দিলেও পিছত বীমা কোম্পানী ওচৰত ‘ক্লেইম’ কৰিব পাৰে।

মহিম তালুকদাৰে-দেৱ অধিকাৰক বুজাই কৈছিল- ডেকাকালত জীৱন বীমা কৰা উচিত। অৱসৰৰ ওচৰ পালে দুৰ্ঘটনা বীমা, স্বাস্থ্য বীমা কৰা উচিত। গৃহ নিৰ্মাণৰ পিচত সম্পূৰ্ণ ঘৰটো ‘জ্বলি গ’লে টকা পোৱাৰ’ বীমা যাক Fire insurance ৰ লগতে ভূমিকম্প আৰু বানপানীৰ বীমা কৰা উচিত। তালুকদাৰে বুজালে- আজিকালি অসমত মানুহে ডেকাকালতে গৃহ নিৰ্মাণ কৰে বেংকৰ পৰা ঋণ লৈ। যদি ভূমিকম্প, বানপানী আৰু জুইত পুৰি ঘৰটো ধ্বংস হয়- সেই ঘৰটো পুনৰ নিৰ্মাণ কৰিব পাৰিব যদিহে- ‘Fire & Earthquake’ বীমা লোৱা থাকে। ঘৰৰ মালিকৰ সদায় জীৱন বীমা থকা উচিত।

তালুকদাৰে শেষত ক’লে, ‘মনত ৰাখিব শৰ্মা তিনিটা কথা:

১) জীৱন বীমা- বিনিয়োগ নহয়।

২) ই সুৰক্ষা বেষ্টনীহে পৰিয়ালৰ।

৩) অৱসৰৰ আগতে স্বাস্থ্য বীমা আৰু দুৰ্ঘটনা বীমা কৰা উচিত।

‘ইউলিপ’ আগতে ভাল আঁচনি নাছিল। আজিকালি ইউলিপ নতুনকৈ সজালে। ইয়াক সঞ্চয়ৰ অংগ বুলিব পাৰি। এতিয়া মানুহে কিনিব পাৰে।

জীৱন বীমাৰ হাতপুথি

লিখক: গৌতম প্ৰসাদ বৰুৱা।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate