অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰাকৃতিক দুৰ্যোগ আৰু সম্পত্তিৰ ৰক্ষণাবেক্ষণ

প্ৰাকৃতিক দুৰ্যোগ আৰু সম্পত্তিৰ ৰক্ষণাবেক্ষণ

২০১৫ চনৰ ২৫ এপ্ৰিলত নেপালত হোৱা ভূমিকম্পই সৰ্বসাধাৰণৰ মাজত সৃষ্টি কৰিছে ভয় আৰু শংকাৰ। নেপালত অঘৰী হৈছে বহু হেজাৰ লোক। প্ৰায় ডেৰ মাহ উকলি যোৱাৰ পাচতো এতিয়াও আশ্ৰয় লৈ আছে বহু লোকে। চকুৰ সন্মুখতে ধ্বংসস্তূপত পৰিণত হৈছে নিজৰ অলেখ সপোনেৰে সজা ঘৰটো। ভাৰতৰ ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে প্ৰকাশ কৰা তথ্যমতে ভাৰতৰ সৰ্বমুঠ মাটিকালি ৫৭ শতাংশ মাটিকালি আৰু ইয়াৰ ওপৰত নিৰ্মিত ঘৰ-দুৱাৰ ভূমিকম্পৰ বাবে বিপদ সংকুল অৱস্থাত আছে আৰ্থাৎ কেৱল ৪৩ শতাংশ মাটিকালি আৰু ঘৰ-দোৱাৰ ভূমিকম্পৰ বিপদ সংকুল বাহিৰত। আকৌ ১২ শতাংশ মাটিকালি সঘনাই জৰ্জৰিত কৰে বানপানীয়ে আৰু ৭,৫১৬ কিলোমিটাৰ সাগৰীয় উপকূলত উপকূলীয় ঢৌৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা যথেষ্টই প্ৰকট। প্ৰশ্ন হৈছে এনে পৰিস্থিতিত ভাৰতৰ এই বিপদ সংকুল অঞ্চলত বসবাস কৰা লোকে কেনেকৈ নিজৰ লগতে সম্পত্তিৰ সুৰক্ষিত কৰিব। নিজৰ লগতে সম্পত্তিৰ বীমাকৰণে সহায় কৰিব এনে বিপদাপন্ন সময়ত। এনে পৰিস্থিতি নতুনকৈ ঘৰ নিৰ্মাণৰ দৰকাৰ নহয় কেৱল প্ৰাকৃতিক সুৰ্যোগ, যেনে ভূমিকম্প বা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সম্পত্তিৰ পুননিৰ্মাণৰ বাবেহে আপুনি বীমা কৰিব লাগে। যদি ঘৰৰ লগতে মূল্যবান অলংকাৰ, গাড়ী, চাইকেল, ব্যক্তিগত দুৰ্ঘটনাৰ খৰচ, ঘৰৰ যাৱতীয় সামগ্ৰী যেনে পাকঘৰৰ সামগ্ৰী, বিছনা, আলমিৰা, ছোফা আদিৰ বীমা কৰিব খোজে তেনেহ’লে দৈনিক ১২ ৰ পৰা ১৬ টকা প্ৰিমিয়াম বিনিয়োগৰ জৰিয়তে সুৰক্ষিত কৰিব পাৰে নিজৰ সকলো প্ৰয়োজনীয় সম্পত্তিৰ। ১,৫০০ বৰ্গফুটৰ এটা ফ্লেট বা ঘৰৰ ৫০ লাখ টকাৰ বীমা কৰিলে এজন বীমা কাৰীয়ে বছৰত প্ৰিমিয়াম দিব লাগিব কেৱল ১,৬০০ ৰ পৰা ১,৮০০ টকা।

ছুইছৰে নামৰ এটা গৱেষনা মূলহ সংস্থাই প্ৰকাশ কৰা তথ্য মতে ২০১৪ চনত এছিয়াৰ ৰাষ্ট্ৰ সমূহে প্ৰাকৃতিক দুৰ্যোগৰ বাবে হেৰুৱাইছে ৫,২০০ কোটি টকা আৰু ইয়াৰে কেৱল ১০ শতাংশ অৰ্থাৎ ৫২০ কোটি টকাহে বীমাৰ পৰা লাভ কৰিছে বীমাকৃত হোৱা বাবে। ঘূৰ্ণি বতাহৰ ফলত ভাৰতৰ সাগৰীয় উপকূলীয় অঞ্চলৰ ২০১৪ চনত সম্পত্তি নষ্ট হৈছে প্ৰায় ৭০০ কোটি টকাৰ আৰু ইয়াৰ ৬০ কোটি টকাহে লাভ কৰিছে বীমা সংস্থাই আগবঢ়োৱা নাই। উক্ত সংস্থাই প্ৰকাশ কৰা তথ্যমতে ২০১৪ চনত ভাৰতত বানপানীৰ ববে ক্ষতিগ্ৰস্ত সম্প্ত্তিৰ পৰিমাণ হৈছে প্ৰায় ১৪ কোটি টকা আৰু ইয়াৰে এক শতাংশও বীমাৰ দ্বাৰা আবৃত নহয়। এতিয়াও জ্ঞাত নহয় যে বানপানীৰ ফলত হোৱা ক্ষতিগ্ৰস্তও যে বীমাৰ জৰিয়তে লাভ কৰিব পাৰি। আনকি যোৱা মাহত নেপালত হোৱা ভূমিকম্পত ৮০ বছৰ পুৰণি বিখ্যাত কাষ্ঠমনভাপ মন্দিৰৰ লগতে আন আন মন্দিৰৰ ধ্বংস আৰু ক্ষয় ক্ষতিৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। ভাৰততো যদি এনেধৰণৰ বিধ্বংসী ভূমিকম্প হয়, তেনেহ’লে ধৰ্মীয় অনুষ্ঠানবোৰৰ পুননিৰ্মাণৰ দায়িত্ব কোনে ল’ব? ক্ক্তৰ দান-বৰঙণিৰে পুননিৰ্মাণ কৰাতকৈ ভাৰতৰ বহু বীমা সংস্থাই ধৰ্মীয় অনুষ্ঠান বিলাকৰ বাবে বীমা সেৱা আগবঢ়াইছে। বীমাকাৰীয়ে বীমা সেৱা লোৱাৰ আগতে জনাটো দৰকাৰ তেওঁ লোৱা বীমাৰ জৰিয়তে কেনেকৈ উপকৃত হ’ব? কিছুমান বীমা সংস্থাই প্ৰাকৃতিক দুৰ্যোগ যেনে- ভূমিকম্প বা বানপানী, য’ত মানুহৰ হাত নাই তাক ‘এক্ট অব্‌ গড’ৰ অধীনত বুলি বিবেচনা কৰে আৰু বীমাকাৰীয়ে কৰা বীমাৰ পৰিমাণতকৈ পাঁচ শতাংশ কমকৈ আগবঢ়ায়। উদাহৰণ স্বৰুপে যদি আপুনি ৫০ লাখ টকাৰ ঘৰ বীমা কৰে আৰু প্ৰাকৃতিকদুৰ্যোগৰ বাবে ২০ লাখ টকাৰ সম্পত্তি নষ্ট হয়, তেনেহ’লে ৫ শতাংশ অৰ্থাৎ এক লাখ টকা আপুনি দিব লাগিব আৰু ১৯ লাখ টকা বীমা সংস্থাই দিব। ঘৰ বীমাকৃত কৰিবলৈ হ’লে ঘৰটোৰ মাটিডোখৰ চৰকাৰী অফিচত পঞ্জীয়নভূক্ত হ’ব লাগিব আৰু পৌৰ পালিকাৰ পৰা বনোৱাৰ অনুমতি পত্ৰ থাকিব লাগিব, নহ’লে ঘৰ বীমাকৃত কৰিব নোৱাৰে।

বীমা হৈছে আগ্ৰহৰ বিষয়বস্তু। দুৰ্ঘটনা হোৱাৰ পিচত ভাৰাক্ৰান্ত হোৱাতকৈ প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিজৰ লগতে নিজৰ কষ্টোপাৰ্জিত ধনেৰে সজোৱা ঘৰ বা আন আন সম্পত্তি বীমাৰ জৰিয়তে সুৰক্ষা কৰাটোহে এজন সচেতন নাগৰিকৰ পৰিচয় বুলি ক’ব পাৰি।

লেখক: ড° দেৱজিৎ মহন্ত, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate