অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিনিয়গকাৰীৰ অভিযোগ (শ্বেয়াৰ বজাৰ)

বিনিয়োগকাৰীৰ ওজৰ আপত্তি

বি এছ ইয়ে বিনিয়োগকাৰীসকলৰ ওজৰ আপত্তি নিস্পত্তিৰ বাবে এটা বিনিয়োগকাৰীৰ সেৱা বিভাগ(ডি আই এছ) স্থাপন কৰিছে। ১৯৮৬ চনতে প্ৰতিষ্ঠা কৰা এই ডিআইএছ বিভাগটোৱে প্ৰতিষ্ঠাকালৰে পৰাই বিনিয়োগকাৰীয়ে তালিকাভূক্ত কোম্পানী অথবা বিএছইৰ ব্যৱসায়িক সদস্যৰ বিৰুদ্ধে দাখিল কৰা ওজৰ আপত্তি নিস্পত্তি কৰি বিনিয়োগকাৰীসকলৰ বিশ্বাস আৰু প্ৰত্যয় বৃদ্ধি কৰি এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। ডিআইএছে আগবঢ়োৱা সেৱাসমূহ-

(ক)তালিকাভূক্ত কোম্পানীৰ বিৰুদ্ধে বিনিয়োগকাৰীৰ অভিযোগ

তালিকাভূক্ত কোম্পানীৰ বিৰুদ্ধে বিনিয়োগকাৰীৰ ওজৰ আপত্তিসমূহ বিএছইয়ে সংশ্লিষ্ট কোম্পানীলৈ প্ৰেৰণ কৰি প্ৰতিলিপি গুছৰীয়াপক্ষলৈও প্ৰেৰণ কৰে। ওজৰ আপত্তি যদি ৩০ দিনৰ ভিতৰত মীমাংসা কৰা নহয়, তেনেহ’লে বিনিয়োগকাৰীসকলক বিএছইৰে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হ’ল। যদি কোনো এটা কোম্পানী ৩০ দিনৰ ভিতৰত ওজৰ আপত্তি সমাধানত ব্যৰ্থ হয়, তেতিয়া বিএছইয়ে সংশ্লিষ্ট কো্ম্পানীলৈ ৰিমাইণ্ডাৰ প্ৰেৰণ কৰে। বিএছইয়ে সকলো কোম্পানী অথবা তেওঁলোকৰ পঞ্জীয়ক আৰু/অথবা ট্ৰেণ্সফাৰ এজেণ্টৰে যোগাযোগ ৰাখি ওজৰ আপত্তি নিস্পত্তিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখে। যদি কোনো এটা কোম্পানীৰ বিৰুদ্ধে ২৫টাতকৈ অধিক ওজৰ আপত্তি থকাৰ পিছত সমাধান নকৰাকৈ ৪৫ দিন অতিক্ৰম কৰে, তেতিয়া বিএছইয়ে ব্যৱস্থা গ্ৰহণ কৰি সমস্যা সমাধান নকৰা পৰ্যন্ত সুৰক্ষা বা নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৱসায় বাতিল কৰিব পাৰে । বিএছইয়ে তেনে কোম্পানীৰ অংশীদাৰী কাগজ ‘‘জেদ’’ গ্ৰুপলৈ বদলি কৰিব পাৰে।

এটা ‘‘জেদ’’ গ্ৰুপৰ কোম্পানীয়ে তালিকাভূক্ত চুক্তিপত্ৰ উলংঘা কৰাটো সূচোৱাৰ লগতে বিনিয়োগকাৰীৰ ওজৰ আপত্তি সমাধানত ব্যৰ্থ হোৱাটো বুজায়। বিএছইয়ে ‘‘জেদ’’ গ্ৰুপ সৃষ্টিৰ জৰিয়তে তেনে কোম্পানীত বিনিয়োগ কৰাৰ পূৰ্বে যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলৈ বিনিয়োগকাৰীসকলক সতৰ্ক কৰি দিছে।

আবেদনকাৰীৰ ঠিকনাৰ ভৌগোলি্ক অৱস্থিতি অনুসৰি বিএছইৰ সংশ্লিষ্ট আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰত দাখিল কৰিব পাৰিব । অভিযোগ বা ওজৰ আপত্তি সংশ্লিষ্ট আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰত দাখিল কৰিলে তাৎক্ষণিকভাৱে ওজৰ আপত্তি নিস্পত্তি কৰাত সুবিধা হয়।

পঞ্জীয়কৰ পৰ্যবেক্ষণ আৰু বিএছইৰ ট্ৰেণ্সফাৰ এজেণ্ট

বিএছইয়ে নিয়মিতভাৱে পঞ্জীভূক্ত কাৰ্যালয়ত পঞ্জীয়ক আৰু ট্ৰাণ্সফাৰ এজেণ্টসকলৰ(আৰটিএ)পৰ্যবেক্ষণৰ কাৰ্যসূচীৰ আয়োজন কৰে যাতে ব্যৱসায়িক সদস্য আৰু বিনিয়োগকাৰীসকলে প্ৰত্যক্ষভাৱে বিএছইৰ তালিকাত থকা কোম্পানীৰ বিৰুদ্ধে উত্থাপিত ওজৰ আপত্তি সন্দৰ্ভত আলোচনাত মিলিত হ’ব পাৰে।

(খ) বিএছইৰ ব্যৱসায়িক সদস্যৰ বিৰুদ্ধে বিনিয়োগকাৰীৰ ওজৰ আপত্তি

২০০৯ চনৰ ৩১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ বিনিয়োগকাৰীসকলে নিৰ্ধাৰিত অভিযোগ পত্ৰত ওজৰ আপত্তিসমূহ দৰ্শাব পাৰিব।

এক্সেঞ্জৰ ব্যৱসায়িক সদস্যৰ বিৰুদ্ধে ওজৰ আপত্তি অথবা মধ্যস্থ নিৰ্ণয়ৰ আবেদন থাকিলে সংশ্লিষ্ট আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰত তলৰ প্ৰথম স্তম্ভত উল্লেখ থকা ধৰণে আঞ্চলিক মধ্যস্থ নিৰ্ণয় কাৰ্যালয় অথবা দ্বিতীয় স্তম্ভত তলত উল্লেখ থকা ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ অভিযোগকাৰীৰ শেহতীয়া ঠিকনা অথবা আবেদনকাৰীৰ পঞ্জীকৃত কাৰ্যালয়ৰ ঠিকনাসহিতে বিধিগতভাৱে লিখিতৰূপত ব্যৱসায়িক সদস্যক আবেদন দাখিল কৰিব পাৰিব। আবেদনকাৰীৰ ঠিকনা অথবা পঞ্জীভূত কাৰ্যালয়ৰ ঠিকনাৰ ক্ষেত্ৰত ব্যৱসায়িক সদস্যজনৰ কৰ্প’ৰেট অথবা ননকৰ্প’ৰেট সদস্যতাৰ ওপৰত নিৰ্ভৰ কৰি এজন প্ৰবাসী ভাৰতীয় সদস্যৰ ক্ষেত্ৰত দ্বিতীয় স্তম্ভত উল্লেখ থকা ধৰণে ৰাজ্য বা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত পৰা ঠিকনাৰ ভিত্তিত আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰতে ওজৰ আপত্তি নিস্পত্তিৰ দিহা কৰা হ’ব। মধ্যস্থতাৰ বাবে আবেদন কৰা আবেদনৰ ভিত্তিত সংশ্লিষ্ট আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰত শুনানীৰ আয়োজন কৰা হ’ব।

প্ৰথম স্তম্ভ
দ্বিতীয় স্তম্ভ
আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰ
আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰৰ অধীনস্থ ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চল
বম্বে ষ্টক এক্সেঞ্জ লিমিটেড
আঞ্চলিক কাৰ্যালয় – নৰ্থ,
সাত নম্বৰ মহলা, মাৰ্চেণ্টাইল হাউছ
কে জি মাৰ্গ
নতুন দিল্লী - 110 001.
টেলিফোন নম্বৰ:011-41510481
টেলিফেক্স নম্বৰ :011-41510480
ই-মেইল: iscdelhi@bseindia.com ; ritesh.kumar@bseindia.com
দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উত্তৰাঞ্চল, হিমাচল প্ৰদেশ, পাঞ্জাৱ, জম্মু-কাশ্মীৰ, চণ্ডীগড়, ৰাজস্থান
বম্বে ষ্টক এক্সেঞ্জ লিমিটেড
আঞ্চলিক কাৰ্যালয় – ইষ্ট,
প্ৰথম মহলা, কিশোৰ ভৱন
১৭, আৰ এন মুখাৰ্জী ৰোড
কলকাতা –700 001
টেলিফোন নম্বৰ:033-22133184,
টেলিফেক্স নম্বৰ:033-22130530
ই-মেইল:  isc.kolkata@bseindia.com; anirban.guha@bseindia.com
পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, চিকিম, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, ছট্টিশগড়
বম্বে ষ্টক এক্সেঞ্জ লিমিটেড
আঞ্চলিক কাৰ্যালয় – ছাউথ,
চতুৰ্থ মহলা, এক্সেঞ্জ বিল্ডিং
নম্বৰ-১১ , ছেকেণ্ড লাইন বীচ্চ
চেন্নাই – 600 001
টেলিফোন নম্বৰ:044-42163999
টেলিফেক্স নম্বৰ :044-42164999
ই-মেইল: iscchennai@bseindia.com;
s.periyasamy@bseindia.com
অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, কেৰেলা, তামিলনাডু, আন্দামান নিকোবৰ, লাক্ষাদ্বীপ, পণ্ডিচেৰী
বম্বে ষ্টক এক্সেঞ্জ লিমিটেড
আঞ্চলিক কাৰ্যালয় – ৱেষ্ট,
বিনিয়োগ সেৱা বিভাগ,
পি জে টাৱাৰ, প্ৰথম মহলা, দালাল ষ্ট্ৰীট,
ফোৰ্ট, মুম্বাই – 400001.
টেলিফোন নম্বৰ: 022-22721233/34
ফেক্স নম্বৰ: 022-22723677
ই-মেইল : crasto@bseindia.com;
মহাৰাষ্ট্ৰ, গুজৰাট, গোৱা, দমন আৰু ডিউ, দাদৰ আৰু নগৰ হাফেলী, মধ্য প্ৰদেশ

ন্যায়ালয়ৰ একতিয়াৰ

সকলো মামলা-মোকৰ্দমা কেৱল মুম্বাইৰ আদালতৰ একতিয়াৰৰ ভিতৰত নিস্পত্তিৰ দিহা কৰা হ’ব য’ত এক্সেঞ্জ এটা পক্ষ। আদালতৰ সীমাৰ বাহিৰৰ আন সকলো মামলা-মোকৰ্দমাৰ বাবে স্থাপিত আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰই আইনী প্ৰক্ৰিয়াত অংশ ল’ব।

আইন অনুসৰি বিনিয়োগকাৰীয়ে তেওঁলোকৰ অভিযোগ আৰু/অথবা মধ্যস্থ নিৰ্ণয়ৰ প্ৰসংগ সংশ্লিষ্ট আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰৰ ওচৰত দাখিল কৰিব লাগিব। য’ত ভৌগোলিক পৰিসীমাৰ ভিত্তিত ওপৰত উল্লিখিত ধৰণেৰে প্ৰযোজ্য হ’ব।
এক্সেঞ্জে বিনিয়োগৰাকীৰ ওজৰ আপত্তি মধ্যস্থ নিৰ্ণয় আৰু আইজিআৰচি পদ্ধতিৰে নিস্পত্তিৰ দিয়া কৰিব, যিটো দেখাত ন্যায়িক ব্যৱস্থাৰ দৰে। ওজৰ আপত্তি নিস্পত্তিৰ সময়সীমা আইজিআৰচি পদ্ধতিত ওজৰ আপত্তি আৰু/বা মধ্যস্থতা নিৰ্ণয়ৰ আবেদন সংশ্লিষ্ট আঞ্চলিৰ মধ্যস্থ নিৰ্ণয় কেন্দ্ৰত দাখিল কৰা সময়ক বিবেচনা কৰা নহ’ব।
২০০৯ চনৰ ৩১জানুৱাৰী বা তাৰ পিছত দাখিল কৰা মধ্যস্থ নিৰ্ণয়ৰ প্ৰসংগ আৰু ওজৰ আপত্তিহে ওপৰত উল্লেখ কৰা সুবিধা গ্ৰহণ কৰিব পৰিব।
অধিক তথ্য ২৩ মাৰ্চ, ২০০৯ৰ এক্সেঞ্জ জাননী নম্বৰ ২০০৯০৩২৩-২৭ত উপলব্ধ। বিএছইৰ ব্যৱসায়িক সদস্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কৈফিয়তৰ বাবে ৭ দিনৰ ভিতৰত সংশ্লিষ্ট ব্যৱসায়িক সদস্যলৈ প্ৰেৰণ কৰা হ’ব। ব্যৱসায়িক সদস্যই কাৰণ দৰ্শোৱাৰ পৰা বিৰত থাকিলে অথবা অভিযোগ নাকচ কৰাত ব্যৰ্থ হ’লে এই অভিযোগ বিনিয়োগকাৰীৰ ওজৰ আপত্তি নিস্পত্তি কমিটি(আইজিআৰচি)ৰ ওচৰত উত্থাপন কৰা হ’ব।
বিএছইয়ে আইজিআৰচিৰ সুবিধা প্ৰদান কৰে, যিয়ে সুমীমাংসাৰ বাবে বিবাদমান পক্ষৰ মধ্যস্থতা কৰে আৰু পৰামৰ্শ প্ৰদান কৰে। ইয়াৰ বাবে এক্সেঞ্জে উল্লিখিত আইজিআৰচিৰ সমুখত উপস্থিত থাকিবলৈ দুয়ো পক্ষলৈ জাননী জাৰী কৰে। কোনো ক্ষেত্ৰত সুমীমাংসা পোৱা নগ’লে আইজিআৰচিয়ে দুয়ো পক্ষক মধ্যস্থ নিৰ্ণয়ৰ বাবে পৰামৰ্শ প্ৰদান কৰে যদিহে তেওঁলোকে বিচাৰে। শেষ সিদ্ধান্ত সংক্ষিপ্ত আকাৰে অনুপস্থিত দলৰ হাতত অৰ্পণ কৰা হয় অথবা প্ৰেৰণ কৰা হয়।

কোনো ক্ষেত্ৰত ব্যাৱসায়িক সদস্যই আইজিআৰচিৰ সিদ্ধান্তৰ কোনো অংশ পালনত ব্যৰ্থ হ’লে তাৰ বিৰুদ্ধে বিএছইয়ে বিহিত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে।

আইজিআৰচি এখন দুজনীয়া কমিটি, বৰ্তমান য’ত এজন সদস্য উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু আনজন এজন ব্যৱসায়িক সদস্য। নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ ভিতৰৰ ওজৰ আপত্তি মীমাংসা কৰাৰ বাবে প্ৰতিটো মধ্যস্থ নিৰ্ণয় কেন্দ্ৰৰ বাবে এক্সেঞ্জে সুকীয়া আইজিআৰচি গঠন কৰি দিছে। যদিও আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰত ওজৰ আপত্তি দাখিল কৰাৰ সুবিধা বিনিয়োগকাৰীৰ স্বাৰ্থতে কৰা হৈছে, তথাপিও আইজিআৰচিত ওজৰ আপত্তি নিস্পত্তিৰ ক্ষেত্ৰত প্ৰয়োজনীয় সময় আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰত দাখিল কৰা ওজৰ আপত্তিৰ তাৰিখক সময়সীমা হিচাপে গণ্য কৰা নহ’ব, যদি বিচৰা মতে সংশ্লিষ্ট আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰত আপত্তি দৰ্শোৱা হয়।

বিনিয়োগকাৰী সুৰক্ষা পুঁজি

ভাৰত চৰকাৰৰ বাণিজ্যিক মন্ত্ৰণালয়ৰ নিৰ্দেশনাৰ আৰ্হিত বিএছইয়ে ১৯৮৬ চনৰ ১০ জুলাইত বিনিয়োগকাৰী সুৰক্ষা পুঁজি (আইপিএফ) স্থাপন কৰি ঋণগ্ৰস্ত সদস্যৰ বিৰুদ্ধে বিনিয়োগকাৰীৰ আপত্তি নিস্পত্তিৰ সুবিধা কৰিছিল ।

বিএছইয়ে নিয়োগ কৰা ট্ৰাষ্টীয়ে আইপিএফ পৰিচালনা কৰে।

এই পুঁজি গঠন প্ৰক্ৰিয়া নিম্নোল্লিখিত ধৰণৰ-

প্ৰতি ১ লাখ টকাৰ সমুদায় আয়ৰ বিপৰীতে সদস্যসকলে ০.০১টকাকৈ কনট্ৰিবিউট আগবঢায়, যি ধন তেওঁলোকৰ জেনেৰেল একাউণ্টচৰ খৰচ হিচাপে ধৰা হয়।

বিএছইয়ে সংগ্ৰহ কৰা তালিকাকৰণ মাছুল প্ৰতি তিনিমাহৰ ব্যৱধানত ১ শতাংশ হাৰত আগবঢাব । ১ শতাংশ ছিকিউৰিটি ডিপ’জিটৰ পৰা বিএছইয়ে সংগ্ৰহ কৰা সমুদায় সুতৰ ১ শতাংশ কোম্পানীসমূহে আগবঢ়োৱা জনসাধাৰণ/অধিকাৰ বিষয়ত পুঁজিৰ পৰা ওলাই যাব।

ছেবিৰ নিৰ্দেশনা অনুসৰি, কোনো নিৰ্দিষ্ট গোচৰত মেনিপুলেচন আৰু ৰিগিঙৰ সন্দেহত বাজেয়াপ্ত কৰা নীলাম প্ৰক্ৰিয়াৰ ধন পুঁজিলৈ হস্তান্তৰ কৰা হ’ব।

দেনা ধন দিয়াৰ পাছত বিএছইত অৱশিষ্ট ধনৰাশিৰ পৰা পুঁজিলৈ ৫ শতাংশ হস্তান্তৰ কৰি ডিফল্টাৰৰ একাউণ্টত থকা অৱশিষ্ট ধনৰাশি তেওঁলোকলৈ মোকলাই দিয়া হ’ব।

২০০৮ চনৰ জুনৰ শেষত (৩০/০৬/২০০৮), আইপিএফৰ মুঠ পুঁজি আছিল ৩৭০ কোটি টকা।

ক্ষতিপূৰণ নীতি

কোনো ট্ৰেডিং মেম্বাৰৰ ডিফল্টৰ বিপৰীতে এই পুঁজিৰ পৰা বৰ্তমান এজন বিনিয়োগকাৰীক দিবলগীয়া ক্ষতিপূৰণৰ সৰ্বোচ্চ পৰিমাণ ১০.০০ লাখ টকা। (১৯৮৮ চনত বিএছইয়ে ১০,০০০ টকাৰ পৰা ক্ৰমে ক্ৰমে এই পৰিমাণলৈ বৃদ্ধি কৰিছে।)

ডিফল্টাৰৰ বিৰুদ্ধে মধ্যস্থ নিৰ্ণয়ৰ দ্বাৰা প্ৰদান কৰা হুকুম বিএছইয়ে গঠন কৰি দিয়া ডিফল্টাৰ্ছ কমিটিয়ে পুনৰীক্ষণ কৰে, বিএছইয়ে গঠন কৰি দিয়া স্থায়ী কমিটিৰ অনুমোদনত পুঁজিৰ ট্ৰাষ্টীলৈ কমিটিয়ে নিৰ্ধাৰণ কৰি দিয়া ধনৰাশি অথবা ১০ লাখ টকা মোকলাই দিব পাৰে, যিটোৱে কম নয়। জিম্মাদাৰৰ অনুমোদন সাপেক্ষে ধনৰাশি বিনিয়োগকাৰীৰ মাজত ভগাই দিব পাৰে।

মধ্যস্থ নিৰ্ণয়

অব্যৱসায়িক সদস্য, ব্যৱসায়িক সদস্য আৰু ব্যৱসায়িক সদস্য (ইণ্টাৰ এছই)ৰ মাজৰ ওজৰ আপত্তি, বৈষম্য আৰু ক্লেইমছৰ খৰতকীয়া সমাধানৰ বাবে বিএছইয়ে মধ্যস্থ নিৰ্ণয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই প্ৰক্ৰিয়া বিএছইৰ আইন, উপবিধি আৰু নীতিৰ ওপৰত প্ৰতিষ্ঠিত আৰু ভাৰত চৰকাৰ দ্বাৰা/ছেবিৰ ছিকিউৰিটিজ কনট্ৰেক্টছ (নিয়ামক) আইন, ১৯৫৬ৰ অধীনত অনুমোদিত।

২০০৯ চনৰ ৩১ জানুৱাৰীৰ পৰা প্ৰযোজ্য হোৱাকৈ, এক্সেঞ্জৰ ব্যৱসায়িক সদস্যৰ বিৰুদ্ধে মধ্যস্থ নিৰ্ণয়ৰ আবেদন থাকিলে সংশ্লিষ্ট আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰত তলৰ প্ৰথম স্তম্ভত উল্লেখ থকাধৰণে আঞ্চলিক মধ্যস্থ নিৰ্ণয় কাৰ্যালয় অথবা দ্বিতীয় স্তম্ভত তলত উল্লেখ থকা ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ অভিযোগকাৰীৰ শেহতীয়া ঠিকনা অথবা আবেদনকাৰীৰ পঞ্জীকৃত কাৰ্যালয়ৰ ঠিকনাসহিতে বিধিগতভাৱে লিখিতৰূপত ব্যৱসায়িক সদস্যক আবেদন দাখিল কৰিব পাৰিব আবেদনকাৰীৰ ঠিকনা অথবা পঞ্জীভূত কাৰ্যালয়ৰ ঠিকনাৰ ক্ষেত্ৰত ব্যৱসায়িক সদস্যজনৰ কৰ্প’ৰেট অথবা ননকৰ্প’ৰেট সদস্যতাৰ ওপৰত নিৰ্ভৰ কৰি এজন প্ৰবাসী ভাৰতীয় সদস্যৰ ক্ষেত্ৰত দ্বিতীয় স্তম্ভত উল্লেখ থকা ধৰণে ৰাজ্য বা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত পৰা ঠিকনাৰ ভিত্তিত আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰতে ওজৰ আপত্তি নিস্পত্তিৰ দিহা কৰা হ’ব। মধ্যস্থতাৰ বাবে আবেদন কৰা আবেদনৰ ভিত্তিত সংশ্লিষ্ট আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰত শুনানীৰ আয়োজন কৰা হ’ব ।
স্তম্ভ ১
স্তম্ভ ২
আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰ
আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰৰ অধীনস্থ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল
বোম্বে ষ্টক এক্সেঞ্জ লিমিটেড
আঞ্চলিক কাৰ্যালয়—উত্তৰ
সপ্তম মহলা, মাৰ্চেণ্টাইল হাউছ
কে জি মাৰ্গ
নতুন দিল্লী - 110 001.
টেলিফন নম্বৰ:011-41510481
টেলিফেক্স নম্বৰ :011-41510480
ই-মেইল: iscdelhi@bseindia.com ;  ritesh.kumar@bseindia.com
দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উত্তৰাঞ্চল, হিমাচল প্ৰদেশ, পঞ্জাব, জম্মু আৰু কাশ্মীৰ, চণ্ডিগড়, ৰাজস্থান
বোম্বে ষ্টক এক্সেঞ্জ লিমিটেড
আঞ্চলিক কাৰ্যালয়—পূব
প্ৰথম মহলা, কিশোৰ ভৱন
১৭, আৰ এন মুখাৰ্জী পথ
কলকাতা –700 001
টেলিফোন নম্বৰ :033-22133184,
টেলিফেক্স নম্বৰ:033-22130530
ই-মেইল : isc.kolkata@bseindia.com; anirban.guha@bseindia.com
পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, ছিকিম, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, চত্তিশগড়
বোম্বে ষ্টক এক্সেঞ্জ লিমিটেড
আঞ্চলিক কাৰ্যালয়—দক্ষিণ
চতুৰ্থ মহলা, এক্সেঞ্জ বিল্ডিং
নং ১১, ছেকেণ্ড লাইন বিচ্ছ
চেন্নাই – 600 001
টেলিফোন নম্বৰ:044-42163999
টেলিফেক্স নম্বৰ :044-42164999
ই-মেইল: iscchennai@bseindia.com;
s.periyasamy@bseindia.com
অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু, আন্দামান আৰু নিকোবৰ, লাক্ষাদ্বীপ, পণ্ডিচেৰী
বোম্বে ষ্টক এক্সেঞ্জ লিমিটেড
আঞ্চলিক কাৰ্যালয়—পশ্চিম,
বিনিয়োগকাৰী সেৱা বিভাগ
পি জে টাৱাৰ, প্ৰথম মহলা, দালাল ষ্ট্ৰীট
ফোৰ্ট, মুম্বাই – 400001.
টেলিফোন নম্বৰ : 022-22721233/34
ফেক্স নম্বৰ : 022-22723677
ই-মেইল: crasto@bseindia.com
মহাৰাষ্ট্ৰ, গুজৰাট, গোৱা, ডমন আৰু ডিউ, দাদৰা আৰু নগৰ হাভেলি, মধ্য প্ৰদেশ

ন্যায়ালয়ৰ একতিয়াৰ

সকলো মামলা-মোকৰ্দমা কেৱল মুম্বাইৰ আদালতৰ একতিয়াৰৰ ভিতৰত নিস্পত্তিৰ দিহা কৰা হ’ব য’ত এক্সেঞ্জ এটা পক্ষ। আদালতৰ সীমাৰ বাহিৰৰ আন সকলো মামলা-মোকৰ্দমাৰ বাবে স্থাপিত আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰই আইনী প্ৰক্ৰিয়াত অংশ ল’ব।

আইন অনুসৰি বিনিয়োগকাৰীয়ে তেওঁলোকৰ অভিযোগ আৰু/অথবা মধ্যস্থ নিৰ্ণয়ৰ প্ৰসংগ সংশ্লিষ্ট আঞ্চলিক মধ্যস্থ নিৰ্ণয় কেন্দ্ৰৰ ওচৰত দাখিল কৰিব লাগিব। য’ত ভৌগোলিক পৰিসীমাৰ ভিত্তিত ওপৰত উল্লিখিত ধৰণেৰে প্ৰযোজ্য হ’ব।

এক্সেঞ্জে বিনিয়োগৰাকীৰ ওজৰ আপত্তি মধ্যস্থ নিৰ্ণয় আৰু আইজিআৰচি পদ্ধতিৰে নিস্পত্তিৰ দিয়া কৰিব, যিটো দেখাত ন্যায়িক ব্যৱস্থাৰ দৰে। ওজৰ আপত্তি নিস্পত্তিৰ সময়সীমা আইজিআৰচি পদ্ধতিত ওজৰ আপত্তি আৰু/বা মধ্যস্থতা নিৰ্ণয়ৰ আবেদন সংশ্লিষ্ট আঞ্চলিৰ মধ্যস্থ নিৰ্ণয় কেন্দ্ৰত দাখিল কৰা সময় বিবেচনা কৰা নহ’ব।

২০০৯ চনৰ ৩১জানুৱাৰী বা তাৰ পিছত দাখিল কৰা মধ্যস্থ নিৰ্ণয়ৰ প্ৰসংগ আৰু ওজৰ আপত্তিহে ওপৰত উল্লেখ কৰা সুবিধাৰ আওতাত পৰিব।

অধিক তথ্য ২৩ মাৰ্চ, ২০০৯ৰ এক্সেঞ্জ জাননী নম্বৰ ২০০৯০৩২৩-২৭ত উপলব্ধ।

নিম্লোল্লিথিত বিষয়ত সিদ্ধান্ত লোৱাৰ বাবে আভ্যন্তৰীণ মধ্যস্থ নিৰ্ণয় পদ্ধতি প্ৰতিষ্ঠিত
  • ইণ্টাৰ (এছই) ব্যৱসায়িক সদস্যৰ মাজত মধ্যস্থ নিৰ্ণয়, আৰু
  • ব্যৱসায়িক সদস্য আৰু অব্যৱসায়িক সদস্যৰ মাজত মধ্যস্থ নিৰ্ণয়

বিএছইৰ ব্যৱসায়িক মঞ্চত পঞ্জীভূক্ত সকলো ক্ৰয় আৰু বিক্ৰয়মুম্বাইৰ আদালতৰ একতিয়াৰৰ ভিতৰত নিস্পত্তিৰ দিহা কৰা হ’ব।অন্যথা বিএছইৰ নিৰ্দিষ্ট নিয়মাৱলী, উপবিধি আৰু নিয়ামকৰ আওটাতযিকোনো চুক্তিৰ বিপক্ষে উত্থাপিত অভিযোগবিএছইৰ নিৰ্দিষ্ট নিয়মাৱলী, উপবিধি আৰু নিয়ামক অনুসৰি মধ্যস্থ নিৰ্ণয়েৰে সিদ্ধান্ত লোৱাৰ বাবে প্ৰেৰণ কৰা হব।

সকলো বিবাদমান পক্ষই, যেনে-ব্যৱসায়িক সদস্য আৰু অব্যৱসায়িক সদস্যই মধ্যস্থ নিৰ্ণয় প্ৰপত্ৰত উল্লেখ কৰা ধৰণে চুক্তিপত্ৰ, বিল, একাউণ্ট ষ্টেটমেণ্ট আৰু অন্যান্য সকলো তথ্য যথাযথভাৱে পূৰণ কৰিব লাগিব।

ওজৰ আপত্তি নিস্পত্তিৰ বাবে মধ্যস্থ নিৰ্ণয় কমিটিৰ পৰা মধ্যস্থ নিৰ্ণয় ট্ৰিবিউনেল নিয়োগ কৰা হয়। এই কমিটীখন উচ্চ ন্যয়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, অভিজ্ঞ ছলিচিটৰ, অধিবক্তা, চাৰ্টাৰ্ড একাউণ্টেণ্ট, কোম্পানীৰ সচিব আৰু ব্যৱসায়িক সদস্যৰ দ্বাৰা গঠিত। অব্যৱসায়িক সদস্যৰ বাদে মধ্যস্থ নিৰ্ণায়ক (সকল)ৰ দ্বাৰা ব্যৱসায়িক সদস্য আৰু অব্যৱসায়িক সদস্যৰ ওজৰ আপত্তি সম্পৰ্কে সিদ্ধান্ত লবলৈ মধ্যস্থ ন্যায়াধীকৰণ গঠন কৰা হয়।

  1. ব্যৱসায়িক সদস্যৰ মাজত মধ্যস্থ নিৰ্ণয়
মধ্যস্থ নিৰ্ণয় কমিটি
বিএছইৰ নিয়ামক আৰু নীতিৰ উপবিধি ২৮২ আৰু ৩১৫অনুসৰি ব্যৱসায়িক সদস্যৰ মাজত মধ্যস্থতা নিৰ্ণয়ৰ বাবে মধ্যস্থতা নিৰ্ণয়ৰ কমিটিৰ সুবিধা আছে
ব্যৱসায়িক সদস্যৰ মাজত মধ্যস্থতা নিৰ্ণয়ৰ বাবে এক তিনিখলপীয়া মধ্যস্থ নিৰ্ণয় পদ্ধতি বিএছইয়ে প্ৰদান কৰিছে । ব্যৱসায়িক সদস্যৰ যিকোনো দাবী, অভিযোগ, মতবিৰোধ অথবা মতপাৰ্থক্য অথবা যিকোনো চুক্তি, দৰদাম, লেনদেন অথবা ঠিকা-ঠুকুলি সকলোবোৰ মধ্যস্থ নিৰ্ণয় কমিটিৰ আওতাত মধ্যস্থতা কৰিব পৰা বিধৰ । প্ৰতি বছৰে বিএছইৰ সঞ্চালক মণ্ডলীয়ে মধ্যস্থ নিৰ্ণয় কমিটি নিয়োগ কৰে ।

নিম্ন মধ্যস্থ নিৰ্ণয় ন্যায়াধীকৰণ

দাবীৰ পৰিমাণ ২৫,০০০ টকাতকৈ বেছি হলে মধ্যস্থ নিৰ্ণয় কমিটিৰ তিনিজন মধ্যস্থ নিৰ্ণায়কক লৈ এখন কমিটি গঠন কৰা হয়, আনহাতে আপত্তি ২৫,০০০ টকাতকৈ কম ধনৰ বাবে হ’লে কেৱল এজন মধ্যস্থ নিৰ্ণায়কে শুনানি গ্ৰহণ কৰে। ব্যৱসায়ীক সদস্যই তেওঁৰ মধ্যস্থ নিৰ্ণয় প্ৰসংগ দাখিল কৰিলে মধ্যস্থ নিৰ্ণয় আবেদনৰ সৈতে ১০০.০০ টকাৰ ৰচিদ গাঠি দিব লাগিব। আবেদনকাৰী আৰু প্ৰতিবাদকাৰী, উভয়ে অথবা তেওঁলোকৰ অনুমোদিত প্ৰতিনিধি মধ্যস্থ নিৰ্ণয় বৈঠকত উপস্থিত থাকিব লাগিব। উভয় পক্ষৰ শুনানি লোৱাৰ পাছত মধ্যস্থ নিৰ্ণায়কে ৰায়দান কৰিব।

কোনো ব্যৱসায়িক সদস্যই নিম্ন মধ্যস্থ নিৰ্ণয় ন্যায়াধীকৰণৰ ৰায়ত সন্তুষ্ট নহ’লে ৰায়দানৰ ৭ দিনৰ ভিতৰত পূৰ্ণ মধ্যস্থ নিৰ্ণয় কমিটিৰ ওচৰত আপীল কৰিব পাৰে, যদিহে দাবী কৰা মূল ধনৰাশিত নিম্ন মধ্যস্থ নিৰ্ণয় ন্যায়াধীকৰণে অনুমোদন নিদিয়ে আৰু এই পৰিমাণ ১,০০,০০০ টকাতকৈ বেছি হয় অথবা যদিহে ১,০০,০০০ টকাতকৈ অধিক ধন নিম্ন মধ্যস্থ নিৰ্ণয় ন্যায়াধীকৰণে অনুমোদনকাৰীৰ বিপক্ষে অনুমোদন কৰে (ৰায়দানৰ দিনৰ পৰা একাউণ্টচৰ বিপৰীতে সূত নধৰাকৈ)।যদি কোনো ব্যৱসায়িক সদস্যই পূৰ্ণ মধ্যস্থ নিৰ্ণয় ন্যায়াধীকৰণ কমিটিৰ ওচৰত আপীল কৰিব বিচাৰে তেতিয়াহলে তেওঁ ৰায়দান কৰা ধনৰাশি অথবা নিম্ন মধ্যস্থ নিৰ্ণয় ন্যায়াধীকৰণে ৰায় দিয়া বিএছইৰ অংশ ৫০০ টকা মাছুলসহ জমা দিব লাগিব।পূৰ্ণ মধ্যস্থ নিৰ্ণয় ন্যায়াধীকৰণে গোচৰ সম্পৰ্কে সিদ্ধান্ত নোলোৱা পৰ্যন্ত জমা দিয়া ধনৰাশি/অংশ বিএছইয়ে প্ৰতিধাৰণ কৰিব। পূৰ্ণ মধ্যস্থ নিৰ্ণয়ৰ বৈঠকত ন্যায়াধীকৰণ কমিটিৰ সদস্যসকলে নিম্ন মধ্যস্থ নিৰ্ণয় ন্যায়াধীকৰণৰ ৰায়ৰ বিপক্ষে দাখিল কৰা আবেদন সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰে।

সঞ্চালক মণ্ডলীৰ ওচৰত আপীল

কোনো ব্যৱসায়িক সদস্য পূৰ্ণ মধ্যস্থ নিৰ্ণয় ন্যায়াধীকৰণ কমিটিৰ ৰায়ত সন্তুষ্ট নহলে সঞ্চালক মণ্ডলীৰ ওচৰত আপীল কৰিব পাৰিব। যদিহে দাবী কৰা মূল ধনৰাশিত পূৰ্ণ মধ্যস্থ নিৰ্ণয় ন্যায়াধীকৰণে অনুমোদন নিদিয়ে আৰু এই পৰিমাণ ৫,০০,০০০ টকাতকৈ বেছি হয় অথবা যদিহে ৫,০০,০০০ টকাতকৈ অধিক ধন নিম্ন মধ্যস্থ নিৰ্ণয় ন্যায়াধীকৰণে অনুমোদনকাৰীৰ বিপক্ষে অনুমোদন কৰে (ৰায়দানৰ দিনৰ পৰা সূত নধৰাকৈ)।পূৰ্ণ মধ্যস্থ নিৰ্ণয় ন্যায়াধীকৰণে ৰায়দান কৰাৰ ৭ দিনৰ ভিতৰত ৭৫০টকা মাছুল আৰু ৰায়দান কৰা ধনৰাশি/ ৰায়ত উল্লিখিত ষ্টক এক্সেঞ্জৰ অংশজমা দিব লাগিব। সঞ্চালক মণ্ডলী ব্যৱসায়িক সদস্যৰ মাজৰ মধ্যস্থ নিৰ্ণয়ৰ চূড়ান্ত আপীল বিচাৰক।এই পৰ্যায়ৰ পাছত সাধাৰণতে আপীলৰ সুবিধা নাথাকে, কিন্তু পৰিস্থিতি সাপেক্ষে সঞ্চালক মণ্ডলীয়ে ব্যৱসায়ী সদস্যক আইন আদালতত আপীল কৰিবলৈ অনুমতি প্ৰদান কৰিব পাৰে।

পাটাৱট মধ্যস্থ নিৰ্ণয়

ওপৰত উল্লেখ কৰা তিনিখলপীয়া মধ্যস্থ নিৰ্ণয় পদ্ধতিৰ উপৰিও আছে পাটাৱট মধ্যস্থ নিৰ্ণয়। সেইটো হ’ল- প্ৰতিটো নিস্পত্তি(পাটাৱট)ৰ পিছত ছিকিউৰিটিৰ ভৌতিক বিতৰণক লৈ সৃষ্টি হোৱা বিবাদ। এনে মধ্যস্থ নিৰ্ণয়ৰ ক্ষেত্ৰত মধ্যস্থ নিৰ্ণয় কমিটিৰ প্ৰতিজন সদস্যই অংশ লয় আৰু ‘‘চুকাডাছ’’(ৰায়) আপত্তি দৰ্শোৱা নথিপত্ৰ ‘‘আদেশ ক্ৰমে’’ বা ‘‘আদেশ অবিহনে’’ দিয়া হৈছে সেইটোলৈ গুৰুত্ব আৰোপ কৰি। ব্যৱসায়িক সদস্যসকল বা তেওঁলোকৰ প্ৰতিনিধিয়ে পাটাৱট মধ্যস্থ নিৰ্ণয় কালত ‘‘চুকাদাস’’ গ্ৰহণ কৰে । আপত্তি মেম’ত ব্যৱসায়িক সদস্যসকলে ৫০.০০ টকাৰ এখন কুপন গাঠি দি ‘‘ভাল/বেয়াৰ সমানুপাতিক মানদণ্ড’’ৰ ওপৰত ভিত্তি কৰি আপত্তি দৰ্শাব লাগে । ৰায়দানৰ ধন গ্ৰহণৰ ক্ষেত্ৰত এছইবিআইৰ গাইড লাইনো মানি চলিব লাগে ।
  1. অব্যৱসায়ীক সদস্য আৰু ব্যৱসায়ীক সদস্যৰ মাজত মধ্যস্থ নিৰ্ণয়

    নিয়মাৱলীৰ ২৪৮ৰ পৰা ২৮১ উপবিধিলৈ, উপবিধি আৰু বিএছইৰ নিয়ামকৰ আওতাত বিএছইৰ ব্যৱসায়ী সদস্য আৰু অব্যৱসায়ী সদস্যৰ মধ্যস্থ নিৰ্ণয় কৰা হয়।

    ১০ লাখ টকা পৰ্যন্ত বিবাদৰ বাবে এজন মধ্যস্থ নিৰ্ণায়কক নিযুক্ত কৰি এখন মধ্যস্থ নিৰ্ণয় ন্যায়াধীকৰণ গঠন কৰা হয়, আনহাতে ১০ লাখ টকাৰ বেছি পৰিমাণৰ ধনৰ বিবাদৰ ক্ষেত্ৰত তিনিজন মধ্যস্থ নিৰ্ণায়কক নিযুক্ত কৰি মধ্যস্থ নিৰ্ণয় ন্যায়াধীকৰণ গঠন কৰা হয়। কেৱলমাত্ৰ অব্যৱসায়ীক সদস্যৰ নিযুক্তিৰে মধ্যস্থ নিৰ্ণয় প্ৰসংগৰ সিদ্ধান্তৰ বাবে মধ্যস্থ নিৰ্ণয় ন্যায়াধীকৰণ গঠন কৰা হয়। এই নিয়মাৱলী, উপবিধি আৰু নিয়ামকৰ আধাৰত ৰায়দানৰ বিপৰীতে বিএছইতকোনো ক্ষুন্ন পক্ষই আপীল কৰিব পাৰে অথবা মধ্যস্থ নিৰ্ণয় আৰু কনচিলিয়েচন আইন (টিএচিএ), ১৯৯৬ৰ অধীনত আদালতত আবেদন দাখিল কৰিব পাৰে।

মধ্যস্থ নিৰ্ণয়ৰ পদ্ধতি

অব্যৱয়ীক সদস্যই ব্যৱসায়ীক সদস্যৰ বিপক্ষে অথবা ব্যৱসায়ীক সদস্যই অব্যৱসায়ীক সদস্যৰ বিৰুদ্ধে আবেদন দাখিল কৰিব পাৰিব। বিএছইত মধ্যস্থ নিৰ্ণয় আবেদন দাখিল কৰাৰ সময়ত বিবাদমান উভয় পক্ষকে পৰিসীমা সম্বন্ধে বিএছইৰ ২৫২উপবিধি মানিবলৈ নিৰ্দেশ দিয়া হয়।

মধ্যস্থ নিৰ্ণয়ৰ বাবে আবেদনৰ প্ৰ-পত্ৰ (প্ৰ-পত্ৰ ১, ২, ১ক, ২ক; প্ৰযোজ্য সাপেক্ষে) লগতে প্ৰ-পত্ৰ ২০, দাবী পত্ৰ, পৰীক্ষা তালিকা, নিৰ্দেশনা আৰু মধ্যস্থ নিৰ্ণায়কত তালিকা বিএছইৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰি অথবা বিএছইৰ মধ্যস্থ নিৰ্ণয় কেন্দ্ৰৰ পৰাও বিনামূল্যে সংগ্ৰহ কৰিব পাৰি।

দাখিল কৰিবলগীয়া নথিপত্ৰ

মধ্যস্থ নিৰ্ণয়ৰ বাবে দাখিল কৰা আবেদনৰ লগত দিবলগীয়া নথিপত্ৰসমূহ-

  1. আবেদনকাৰীৰ সৈতে প্ৰতিপক্ষৰ সম্পৰ্কৰ চমু বুৰঞ্জীৰ বাখ্যা, বিবাদ আৰু লেন দেনৰ প্ৰকৃতি বাস্তৱসন্মত ডেলিভাৰী একাউণ্টত দাবী কৰা ধনৰ পৰিমাণ আৰু দাবী কৰা ধনৰ আধাৰত লেন দেনৰ সঠিক বিৱৰণ।.
  2. লেন-দেন সম্বন্ধীয় বিবাদৰ অনুবন্ধ টোকা
  3. আবেদনকাৰীৰ নামত উলিওৱা বা আবেদনকাৰীয়ে পোৱা বিপৰীতে বিলসমূহ
  4. ব্যৱসায়িক সদস্যই দিয়া একাউণ্টচ ষ্টেটমেণ্টৰ প্ৰতিলিপি
  5. ৰচিদ সম্বন্ধীয় তথ্য/শ্বেয়াৰৰ ডেলিভাৰী
  6. দাবীৰ সমৰ্থনত যিকোনো নথিপত্ৰ
  7. দাখিল কৰা নথিপত্ৰৰ এখন সঠিক তালিকাও দাখিল কৰিব লাগিব
  8. আবেদনকাৰীৰ পান অথবা জিআইআৰ নম্বৰ
  9. দেওনা দেখুওৱা আবেদকৰ বেলেঞ্চ ছিটৰ প্ৰমাণিত প্ৰতিলিপি
  10. আয়কৰ ৰিটাৰ্ণৰ শেহতীয়া প্ৰতিলিপি

অভিযোগ কৰা ধন ১০লাখ পর্যন্ত বা ১০ লাখৰ বেছি এইটো বিবেচনা কৰি তৃতীয় পক্ষৰদ্বাৰা বিবাদ মীমাংসাৰ বহুতো প্রক্রিয়া আছে I

আবেদনকাৰীয়ে দাবী কৰা ধনৰ পৰিমাণ ১০ লাখ টকা বা ১০ লাখ টকাৰ ওপৰত হ’লে ধনৰ পৰিমাণ অনুসৰি মধ্যস্থতা নিৰ্ণয়ৰ ভালেমান আবেদন আছে । যদি দাবী কৰা ধনৰ পৰিমাণ ১০ লাখ টকা পৰ্যন্ত হয়, আবেদনকাৰীয়ে তিনিগৰাকী মধ্যস্থতাকাৰীৰ নাম এইক্ষেত্ৰত প্ৰস্তাৱ কৰিব পাৰে আৰু প্ৰতিবাদকাৰীয়ে যদি যিকোনো এজনক সন্মতি প্ৰদান কৰে, প্ৰতিবাদকাৰীৰ সন্মতি সাপেক্ষে সেই ব্যক্তিজনেই মধ্যস্থতাকাৰী হৈ পৰে । যদি কোনো ক্ষেত্ৰত প্ৰতিবাদকাৰীয়ে প্ৰস্তাৱিত যিকোনো মধ্যস্থতাকাৰীক সন্মতি দিবলৈ অস্বীকাৰ কৰে বা সন্মতি নিদিয়ে, বিএছইৰ নিয়ম অনুসৰি, আইন সংগতভাৱে, বিএছইৰ সকলো বিধি মানি বিএছইৰ পৰিচালন সঞ্চালক অথবা মুখ্য কাৰ্যবাহী বিষয়াই এই ক্ষেত্ৰত মধ্যস্থতাকাৰী নিয়োগ কৰিব পাৰে । তেনে ঘটনাৰ ক্ষেত্ৰত আবেদনকাৰীৰ পৰা ৩,৯৭০.৮০ টকা (সংস্থাৰ মাচুল ১০০০.০০টকা, মধ্যস্থতা নিৰ্ণয়ৰ মাচুল ২,২৫০.০০ টকা, ২৫০ টকাৰ ক্লাৰ্কেজ, ১০০.০০টকাৰ ষ্টাম্প পেপাৰ আৰু ১০.৩০ শতাংশ চাৰ্ভিছ টেক্স) আৰু প্ৰতিবাদকাৰীৰ পৰা ২,৭৫৭.৫০ টকা (মধ্যস্থতা নিৰ্ণয়ৰ মাছুল ২,২৫০.০০ টকা, ক্লাৰ্কেজ ২৫০.০০ টকা আৰু চাৰ্ভিছ টেক্স ১০.৩০ শতাংশ) মধ্যস্থতা নিৰ্ণয়ৰ মাছুল লোৱা হয়।

যদি দাবী কৰা ধনৰ পৰিমাণ ১০ লাখ টকাৰ ওপৰত হয়, আবেদনকাৰীয়ে প্ৰস্তাৱ কৰা এজন, প্ৰতিবাদকাৰীয়ে এজন আৰু পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী সদস্যই বিএছইৰ বিধি অনুসৰি, আইন সংগতভাৱে দিয়া তিনিজন মধ্যস্থতাকাৰীৰ সৈতে এখন মধ্যস্থ নিৰ্ণয় ট্ৰিবিউনেল গঠন কৰা হয় ।যদি পক্ষবোৰ অথবা কোনো এটা পক্ষই তেওঁ, তাই বা তেওঁলোকৰ হৈ মধ্যস্থতাকাৰী নিয়োগৰ বাবে বিএছইক কৰ্তৃত্ব প্ৰদান কৰে বা কোনো এটা পক্ষ যদি মধ্যস্থতাকাৰীসকলক নিয়োগ কৰাত ব্যৰ্থ হয়, তেতিয়া বিএছইৰ পৰিচালন সঞ্চালক অথবা মুখ্য কাৰ্যবাহী বিষয়াই তেওঁলোকৰ হৈ মধ্যস্থতাকাৰী নিয়োগৰ ব্যৱস্থা কৰে । তেনে বিষয়ৰ ক্ষেত্ৰত আবেদনকাৰীৰ বাবে ৮,৯৩৪.৩০ টকা (সংস্থাৰ মাছুল ১০০০.০০টকা, মধ্যস্থতা নিৰ্ণয়ৰ মাছুল ৬,৭৫০.০০ টকা, ক্লাৰ্কেজৰ বাবে ২৫০.০০ টকা, ষ্টাম্প পেপাৰৰ বাবদ ১০০.০০ টকা আৰু ১০.৩০ শতাংশ ছাৰ্ভিছ টেক্স) মাছুল আৰু প্ৰতিবাদকাৰীয়ে ৭,৭২১.০০ টকা (মধ্যস্থতা নিৰ্ণয়ৰ মাছুল ৬,৭৫০ টকা, ক্লাৰ্কেজৰ বাবে ২৫০.০০ টকা আৰু ১০.৩০ শতাংশ হাৰত ছাৰ্ভিচ টেক্স) মধ্যস্থতা নিৰ্ণয়ৰ মাছুল দিবলগীয়া হয়।

আবেদনকাৰীয়ে দাখিল কৰা নথি পত্ৰসমূহৰ এটা প্ৰতিলিপি, ফৰ্ম ৩, ৪ আৰু ৫/৩এ, ৪এ আৰু ৫এ(যদি প্ৰযোজ্য) বিএছইয়ে প্ৰতিপক্ষলৈ প্ৰেৰণ কৰি প্ৰতি অভিযোগৰ বাবে কোনো তথ্যপাতি থাকিলে দাখিল কৰিবলৈ পৰামৰ্শ দিয়ে, যদিহে থাকে, প্ৰস্তাৱিত মধ্যস্থতাকাৰীৰ বাবে সন্মতি অথবা মধ্যস্থতাকাৰী নিয়োগ(যদি প্ৰযোজ্য)ৰ লগতে মধ্যস্থতাকাৰীৰ মাছুলত সন্মতিও বিচৰা হয় (যদি প্ৰযোজ্য)। মধ্যস্থতাকাৰী নিয়োগৰ ক্ষেত্ৰত উভয় পক্ষৰ সৈতে বিএছইয়ে যোগাযোগ ৰক্ষা কৰি চলে ।

বিএছইৰ নিৰ্ধাৰিত বিধি, নীতি নিয়ম অনুসৰি, ২৫৪ নম্বৰ আইন অনুসৰি মধ্যস্থ নিৰ্ণয় ট্ৰিবিউনেলে প্ৰবেশৰ তিনিমাহৰ ভিতৰত অথবা এটা নিদিষ্ট বৰ্ধিত তাৰিখৰ ভিতৰত যদিহে বিএছইৰ পৰিচালন সঞ্চালক অথবা মুখ্য কাৰ্যবাহী বিষয়াই অনুমতি দিয়ে, তেনেহ’লে তিনিমাহৰ ভিতৰতে বিষয়টো নিস্পত্তি কৰিব পাৰে । এই নিস্পত্তি মৌখিক নিস্পত্তি । পূৰ্বৰ পক্ষৰ ক্ষেত্ৰতো নিস্পত্তিৰ দিহা আছে । এই চূড়ান্ত নিস্পত্তিৰ বিষয়টোত ১০০.০০ টকাৰ ষ্টাম্প পেপাৰত মধ্যস্থতাকাৰীসকলৰ স্বাক্ষৰ লোৱা হয়। এই নিস্পত্তিৰ তথ্য আবেদনকাৰী আৰু প্ৰতিপক্ষলৈ প্ৰেৰণ কৰা হয়।

এনে মধ্যস্থ নিৰ্ণয়ৰ ক্ষেত্ৰত কোনো এটা পক্ষৰ আপত্তি থাকিলে, নিস্পত্তি পত্ৰ লাভৰ ১৫ দিনৰ ভিতৰত মধ্যস্থ নিৰ্ণয় ট্ৰিবিউনেলক যিকোনো কম্পিউটাৰৰ ভুল, গাণিতীয় ভুল, গণণিকৰ ভুল, টাইপিঙৰ ভুল বা অন্য কোনো ভুলৰ সংশোধনী বিচাৰি, অথবা কোনো এটা বিষয় বা নিস্পত্তিৰ কোনো এটা অংশৰ বাখ্যা বা অতিৰিক্ত ধন বিচাৰি আবেদন কৰিব পাৰে, যদিও মধ্যস্থ নিৰ্ণয় প্ৰক্ৰিয়াত খৰচ হোৱা ধন ৰাশি নিস্পত্তিৰ ধনৰ পৰাই কাটি দিয়া হয়।

উপবিধিত থকা আপীল প্ৰক্ৰিয়া অনুসৰি ব্যৱসায়িক সদস্য আৰু অনা-ব্যৱসায়িক সদস্যৰ মাজত মধ্যস্থতা নিৰ্ণয়

সময় সীমাঃ : বিবাদ নিস্পত্তিৰ ১৫ দিনৰ ভিতৰত মধ্যস্থতাকাৰীয়ে নিৰ্ণয় কৰি দিয়া নিস্পত্তিৰ বিৰুদ্ধে আবেদন কৰাৰ দিহা আছে। যিয়েই নহওক কিয়, যদি কোনো এটা পক্ষই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আপত্তি দৰ্শোৱাত ব্যৰ্থ হয়, আপীল খণ্ডপীঠক সন্মত কৰিব পৰাকৈ নিৰ্ধাৰিত সময়ত বিলম্ব হোৱাৰ উপযুক্ত কাৰণ শপতনামাসহ দাখিল কৰিব পাৰে । বিলম্ব হোৱাৰ যথোপযুক্ত কাৰণ বিচাৰি পালে আপীল খণ্ডপীঠে বিষয়টো বিবেচনা কৰিব পাৰে ।

জমাঃ জমাঃ কোনো এটা নিস্পত্তিৰ প্ৰসংগত যদি কোনো এটা পক্ষই আবেদন কৰিব বিচাৰে, তেনেহ’লে এক্সেঞ্জত ধনৰ পৰিমাণ বা ছিকিউৰিটিৰ ধন (অথবা তাৰ মূল্য) নিস্পত্তিৰ অধীনত দিবলগীয়া ধনৰ পৰিমাণ জমা কৰিব লাগিব । জমা দিয়া এই ধন যিটো পক্ষৰ স্বাৰ্থত আদালতে ৰায় দিব, সেই পক্ষলৈ মোকলাই দিয়া হ’ব, যদিহে এই বিষয়টো সম্পৰ্কত টিএচিএৰ অধীনত আদালতত আপত্তি দৰ্শোৱা নহয়।

আবেদনৰ মাছুলঃ কোনো এটা পক্ষই যদি এটা নিস্পত্তিৰ বিৰুদ্ধে আবেদন কৰিব খোজে, তেনেহ’লে প্ৰয়োজনীয় আবেদন মাছুল জমা দিব লাগিব । এই আবেদন মাছুল বৰ্তমা ১৮,৩০৯.৮০ টকা, ইয়াৰ ভিতৰত ১৫,০০০.০০ টকাৰ মধ্যস্থতা নিৰ্ণয়ৰ মাছুল, সংস্থাৰমাছুল ১০০০.০০ টকা, ক্লাৰ্কেজ ৫০০.০০ টকা, ষ্টাম্প পেপাৰৰ খৰচ ১০০.০০ টকা আৰু ছাৰ্ভিছ টেক্স ১০.৩০ শতাংশ হাৰত।

আপীল মেম’ : যদি কোনো এটা পক্ষই মধ্যস্থতাকাৰীয়ে দিয়া নিস্পত্তিৰ বিৰুদ্ধে আপীল কৰিব খোজে, তেনেহ’লে নিস্পত্তিত থকা সকলো আপত্তিৰ প্ৰয়োজনীয় নথি পত্ৰ সহিতে সাতখন আপীল মেম’ৰেণ্ডাম(ফৰ্ম১২)ৰ সৈতে দাখিল কৰিব লাগিব ।

আপীল খণ্ড : কোনো এটা নিস্পত্তিৰ বিৰুদ্ধে এটা পক্ষই যদি আবেদন কৰে এই বিষয়টো বিএছইৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াই গঠন কৰি দিয়া পাঁচজনীয়া মধ্যস্থতাকাৰীৰ দ্বাৰা গঠিত আপীল বেঞ্চে শুনানী লৈ সিদ্ধান্ত গ্ৰহণ কৰিব । আবেদন দাখিলৰ এমাহৰ ভিতৰতে যিমান সোনকালে সম্ভৱ শীঘ্ৰেই আপীল বিচাৰপীঠ বিষয়টোৰ ক্ষেত্ৰত নিস্পত্তিলৈ আহিব

ৰায়ৰ নিস্পত্তি

যদি বিএছইৰ কোনো এজন ব্যৱসায়িক সদস্যৰ বিৰুদ্ধে ৰায় দিয়াৰ পিছত ব্যৱসায়িক সদস্যজন এই ৰায় কাৰ্যকৰী কৰাত ব্যৰ্খ হয়, তেনেঙ’লে বিএছইয়ে ব্যৱসায়িক সদস্যজনলৈ এখন কাৰণ দৰ্শোৱা জাননী জাৰী কৰিব । তথাপিও যদি বিষয়টো সমাধানলৈ নাহে এই বিষয়টো অনুশাসন গ্ৰহণ কমিটি(ডিএচি)লৈ প্ৰেৰণ কৰিব আৰু বিএছইৰ সঞ্চালকমণ্ডলীয়ে বিষয়টোত হস্তক্ষেপ কৰিব পাৰে, লগতে ব্যৱসায়িক সদস্যজনক ডিফল্টাৰ ৰূপে ঘোষণা কৰিব পাৰে ।

যদিহে অন্য কোনো এটা পক্ষই আপত্তি নদৰ্শায়, মধ্যস্থতাকাৰীয়ে দিয়া ৰায় প্ৰতিপক্ষই পোৱাৰ তিনিমাহৰ ভিতৰতে ৰাজআজ্ঞাৰূপে বিবেচিত হ’ব আৰু ইয়াক ন্যায়ালয়ৰ জৰিয়তে অধিকাৰ হিচাপে সাব্যস্ত কৰিব পৰা যাব ।

ডিফল্টাৰ সম্বন্ধীয় তথ্য

ডিফল্টাৰ ব্যৱসায়িক সদস্যৰ বিৰুদ্ধে দিয়া এটা ৰায় ডিফল্টাৰ কমিটি (ডিচি)ৰ ওচৰত দাখিল কৰা হয়। ৰায়ত উল্লেখিত ধনৰ পৰিমাণ অথবা ডিচিয়ে নিৰ্ধাৰণ কৰি দিয়া ধনৰ পৰিমাণ অথবা ১০,০০,০০০, যিটোৱে কম হয়, সেই ধন ৰাশি বিএছইৰ ইনভেষ্টৰ প্ৰটেকশ্বন ফাণ্ডৰ পৰা দিয়া হয়।

ব্যৱসায়িক সদস্য এজনৰ সম্পত্তিৰ পৰিমাণ তলত দিয়া ধৰণৰ-

  1. বিবাদ নিস্পত্তিৰ বাবে ব্যৱসায়িক সদস্যৰ দ্বাৰা পোৱা ছিকিউৰিটি

  2. সদস্যভূক্তিৰ বাবে জমা দিয়া ধন(নগদ ধন, ফিক্সড ডিপ’জিটৰ ৰচিদ, বিঅ’আই লিমিটেডৰ সৈতে থকা আমানতৰ ধন)

  3. বিএছইৰ গৃহ নিৰ্মাণৰ বাবে ব্যৱসায়িক সদস্যৰ পৰা পোৱা ফিক্সড ডিপ’জিটৰ ধন

  4. কাৰ পাৰ্কিঙৰ জমাধন

  5. বেয়া বিতৰণ সন্দৰ্ভত ব্যৱসায়িক সদস্যৰ দাবী (যি সাধাৰণতে ডিফল্টাৰ হৈয়ে থাকে), যেতিয়া সংশ্লিষ্ট ব্যৱসায়িক সদস্যই শুধৰণি কৰে। যেতিয়া এজন ব্যৱসায়িক সদস্যক ডিফল্টাৰ ঘোষণা কৰা হয়, তলত উল্লেখ কৰা ধৰণে ডিচি ক্লাবে সকলো প্ৰকাৰৰ সম্পত্তি গুৰুত্ব অনুযায়ী বিতৰণৰ দিহা কৰে

ডিছবাৰ্ছৰ অগ্ৰাধিকাৰ

যেতিয়া এজন ব্যৱসায়িক সদস্যক ডিফল্টাৰ ঘোষণা কৰা হয়, তলত দিয়া ক্ৰম অনুসৰি তেওঁৰ দেনাপাওনা নিস্পত্তি কৰা হয়-

  1. ট্ৰেড গ্যাৰাণ্টি ফাণ্ডৰ মাছুল

  2. ডিচি নিৰ্ধাৰণ কৰি দিয়া ধৰণে এছইবিআই, বিএছই আৰু ঘৰ খালী কৰা মাছুল

  3. বেয়া বিতৰণ ব্যৱস্থাৰ অজুহাতত কোনো ব্যৱসায়িক সদস্যই যদি ডিফল্টাৰ সদস্যৰ বিপৰীতে মধ্যস্থতাকাৰীৰ ধন লাভ কৰে
  4. অনা ব্যৱসায়িক সদস্যইও যদি ডিফল্টাৰৰ বিৰুদ্ধে মধ্যস্থতাকাৰীৰ ধন লাভ কৰে

  5. ইনভেষ্টৰচ প্ৰটেকশ্বন ফাণ্ড(আইপিএফ)ত দিব লগীয়া মাছুল
ওপৰত উল্লেখ কৰা তালিকাৰ প্ৰথম পচন্দৰ বিষয়টো সমাধা হোৱাৰ পিছত কমিটিয়ে তালিকাত থকা দ্বিতীয় পচন্দৰ বিষয়টোলৈ অগ্ৰসৰ হয়, আৰু সেইদৰে পৰৱৰ্তী পচন্দলৈ অগ্ৰসৰ হয়। যদি প্ৰথম পচন্দৰ বিষয়টোত সম্পূৰ্ণৰূপে সমাধান হোৱাৰ পিছত দ্বিতীয় পচন্দৰ বিষয়টো যদি সমাধা কৰিব পৰাকৈ বাকী থকা সম্পত্তি পৰ্যাপ্ত নহয়, তেতিয়া দ্বিতীয় পচন্দৰ ক্ষেত্ৰত সমানুপাতিক হাৰত সন্তুষ্টিৰ দিহা কৰা হয় আৰু সেইদৰে পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰসৰ হয়। এই ক্ষেত্ৰত আইনী আদালতে ব্যতিক্ৰমী বাণীৰে দেউলীয়া ঘোষণা কৰি সকলোৰে ওপৰত সমমূল্য আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে

এন এচ ইৰ ওচৰত অভিযোগ দাখিল

1. ব্যৱসায়ী-সদস্য/পঞ্জীয়নভুক্ত উপ দালালৰ বিৰুদ্ধে যদি কিবা অভিযোগ থাকে তেন্তে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ কাৰ ওচৰত দাখিল কৰিব লাগিব ?

আপুনি এনে অভিযোগ গ্ৰহণ কৰা আৰু এই সম্পৰ্কীয় দিশসমূহৰ বিচাৰ কৰা এন এচ ইৰ মুম্বাই- কাৰ্যালয় অথবা আঞ্চলিক কাৰ্যালয়ত দাখিল কৰিব পাৰে। এইবোৰৰ বিষয়ে তলত উল্লেখ কৰা হল

ব্যৱসায়ী সদস্যৰ লেন-দেনৰ কাৰ্যালয় থকা ৰাজ্য।

অভিযোগ কোন ঠিকনাত দাখিল কৰিব

মহাৰাষ্ট্ৰ, গুজৰাট, গোৱা, দমন, দিউ, দাদ্ৰা আৰু নগৰ হাভেলি, মধ্য প্ৰদেশ

মুম্বাই:
ভাৰতীয় ৰাষ্ট্ৰীয় ষ্টক এক্সেঞ্জ লি.
‘‘এক্সেঞ্জ প্লাজা’, ’, চি-১, ব্লক জি,
বান্দ্ৰ কুৰলা কম্প্লেক্স, বান্দ্ৰা (পূৱ)
মুম্বাই – 400 051
ফোন নং: (022) 2659 8190
ফেক্স : (022) 2659 8191

দিল্লী, হাৰিয়ানা, উত্তৰপ্ৰদেশ, হিমাচলপ্ৰদেশ, পাঞ্জাৱ.জম্মু আৰু কাশ্মীৰ, চণ্ডীগড়, ৰাজস্থান চণ্ডীগড় , ৰাজষ্ঠান

দিল্লী :
ভাৰতীয় ৰাষ্ট্ৰীয় ষ্টক এক্সেঞ্জ লি.
৪ৰ্থ ফ্লোৰ, জীৱন বিহাৰ বিল্ডিং ,
সংসদ পথ
নতুন দিল্লী-110 001
ফোন : (011) 2334 4313
ফেক্স: (011) 2336 6658

পশ্চিম বঙ্গ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, অসম, অৰুণাচল প্ৰদেশ, চিকিম মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, চত্তিছগড়

কলকাতা :
ভাৰতীয় ৰাষ্ট্ৰীয় ষ্টক এক্সেঞ্জ লি.
১ম ফ্লোৰ, পাৰ্ক ভিউ এপাৰ্টমেণ্টচ
৯৯, ৰাজেশ বিহাৰি এভিনিউ ,
কোলকাতা – 700 029.
ফোন : (033) 24631802 1805
24631809 1812
ফেক্স : (033) 24631791 / 1806

অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰেলা, তামিলনাডু, আন্দামান আৰু, নিকোবৰ

চেন্নাই :
ভাৰতীয় ৰাষ্ট্ৰীয় ষ্টক এক্সেঞ্জ লি.
২য় ফ্লোৰ, ইস্পাহানি কেন্দ্ৰ,
দুৱাৰ নং-১২৩-১২৪,
নুঙামবাক্কাম হাই ৰোড,
চেন্নাই - 600 034
ফোন : (044) 2833 2500
ফেক্স .: (044) 2833 2510 / 2521


এন এচ ইয়ে অ’ন লাইন অভিযোগৰ সুবিধাও দিয়ে। অধিক জানিবৰ বাবে এন এচ ইৰ ৱেবচাইট www.nseindia.com ‘বিনিয়োগকাৰী’ সংযোগত চাওক।

2. যদি এন এচ ইত ব্যৱসায় কৰা কোনো কোম্পানীৰ বিৰুদ্ধে অভিযোগ থাকে তেতিয়া কাৰ সৈতে যোগাযোগ কৰিব লাগিব ?

কোম্পানীৰ বিৰুদ্ধে থকা সকলোবোৰ অভিযোগ তলৰ ঠিকনালৈ পঠিয়াব লাগিব-

বিনিয়োগকাৰী সেৱা কোষ (বি সে কো) 
ভাৰতীয় ৰাষ্ট্ৰীয় ষ্টক এক্সেঞ্জ লি. 
‘এক্সেঞ্জ প্লাজা’, চি-১, ব্লক জি,  
বান্দ্ৰা কুৰ্লা কম্প্লেক্স, বান্দ্ৰা (পূৱ) 
মুম্বাই – 400 051

ফোন নং: (022) 2659 8190
ফেক্স: (022) 2659 8191
ই-মেইল: ignse@nse.co.in

3. নিস্পত্তিৰ বাবে আই এচ চিয়ে কেনেকুৱা ধৰণৰ অবিযোগ গ্ৰহণ কৰে?


এক্সঞ্জৰ বিনিয়োগকাৰী সেৱা কোষে এক্সেইজঞ্জৰ ট্ৰেডিং সদস্যা বা তালিকাভূক্ত কোম্পানীৰ বিৰুদ্ধে বিনিয়োগকাৰীয়ে দাখিল কৰা অভিযোগ গ্ৰহণ কৰে। সহায়ক তথ্যৰ সৈতে অভিযোগকাৰীয়ে এক্সেঞ্জে নিৰ্ধাৰিত কৰি দিয়া আৰ্হিৰ প্ৰপত্ৰত অভিযোগ আমাৰ ৱেবচাইটৰ যোগেদি অথবা ওচৰত থকা বিনিয়োগকাৰী সেৱা কোষত দাখিল কৰিব লাগিব।

সাধাৰণতে তলত দিয়া বিষয়বোৰৰ ওপৰত অভিযোগ গ্ৰহণ কৰা হয়-

এক্সেঞ্জৰ সদস্যৰ বিৰুদ্ধে অভিযোগ

বজাৰ পুঁজি/পৰৱৰ্তী আৰু বিকল্প ব্যৱস্থা:

  1. ব্যৱসায়ৰ সদস্যই প্ৰয়োজনীয় তথ্যপাতি নিদিলে
  2. ধন বা আমানত ধন গ্ৰহণ নকৰিলে
  3. ব্যৱসায়ৰ সদস্যসকলে লাভ বা আমানত ধন জমা নকৰিলে
  4. ক’ৰ্পোৰেট লাভ (ডিভিডেণ্ট/সুদ/বোনাচ আদি)গ্ৰহণ নকৰিলে
  5. প্ৰয়োগ মূল্য/অন্তিম মূল্য গ্ৰহণ কৰা বা দিয়া
  6. সন্মতিবিহীন ভাবে ব্যৱসায় পৰিচালনা কৰিলে
  7. ব্যৱসায়ী সদস্য / উপ-দালাল আদিয়ে অতিৰিক্ত ভাবে ফিজ আদায় ললে
  8. একাউণ্টত দেখুওৱা অনুসৰি জমা ধন নাপালে
  9. লাভ হিচাপে পাবলগা ধন আৰু আমানত ধন নাপালে
  10. বিকল্প কিস্তিৰ বাহিৰে অন্য দালাল-ফিজ ললে

তালিকাভূক্ত কোম্পানীৰ বিৰুদ্ধে অভিযোগ:

  1. ৰাজহুৱা/পৰৱৰ্তী সুবিধা: তলত দিয়াবোৰ নাপালে অভিযোগ কৰিব পাৰে...
    1. প্ৰাপ্য বিষয়ৰ পৰামৰ্শ, আমানত প্ৰাপ্য, ঘুৰাই পাবলগা ধনৰ তথ্য
    2. ঘুৰাই পাবলগীয়া ধন আৰু সুদ পোৱাত পলম হ’লে
    3. অংশকালীন বিক্ৰীৰ পাবলগীয়া অংশ খিনি নাপালে
    4. প্ৰকৃত অ’ফাৰ ৰ সংযুক্ত আবেদন প্ৰপত্ৰ নাপালে
    5. উপযুক্ত বিষয়াৰ জৰিয়তে আমানত ক্ৰয়
    6. পুণৰ ক্ৰয় অ’ফাৰৰ পত্ৰ
  2. কৰ্পোৰেট ব্যৱস্থা:ঘুৰাই নোপোৱা তথ্যবিষয়ক...
    1. লভ্যংশ-
    2. অংশীদাৰী স্বত্ত্ব,ব’ণ্ড আৰু অন্যান্য ঋণৰ সুদ
    3. বোনাচ / সংযুক্ত অংশ/ অসংযুক্ত অংশ/ বিভাজিত ষ্টকৰ ওপৰত আমানত ধন
    4. আমানত ধন
  3. চেকিউৰিটী স্থানান্তৰকৰণ: এইবোৰ ঘুৰাই নোপোৱাৰ বাবে দিয়া অভিযোগ...
    1. অমুৰ্তকৰণৰ পাছত দিয়া আমানত ধন
    2. স্থানান্তৰকৰণ / হস্তান্তৰকৰণৰ পাছৰ আমানতৰ ধন
    3. আমানত ধন সম্পৰ্কীয় বিকল্প প্ৰমানপত্ৰ
  4. সানমিহলি: বাৰ্ষিক তথ্য নোপোৱাৰ বাবে দিয়া অভিযোগ
4. আই এচ চি দ্বাৰা নিদিয়া, পুণৰ প্ৰেৰণ কৰা বিষয়ক কেনে ধৰণৰ অভিযোগ গ্ৰহণ কৰা হ’ব?

এই ধৰণৰ কোনো অভিযোগৰ বিনিয়োগকাৰী সেৱা কোষৰ দ্বাৰা ব্যৱস্থা গ্ৰহণ কৰা নহ’ব।তলত বিনিয়োগকাৰী সেৱা কোষৰ দ্বাৰা ব্যৱস্থাগ্ৰহণ নকৰা অভিযোগবোৰৰ এখন তালিকা দিয়া হ’ল  

এক্সেঞ্জ সদস্যৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ
  1. ইতিমধ্যে মধ্যস্থ কাৰ্যক্ৰমনিকাৰ অন্তৰ্ভূক্ত হোৱা লেন-দেন সম্পৰ্কীয় অভিযোগ
  2. ব্যাৱসায়ী সদস্যৰ বাহিৰে নিধিৰ ধন আদায় আৰু স্থানান্তৰকৰণ সম্পৰ্কীয় অভিয়োগ
  3. মানসিক হেচা/ অসুবিধা আৰু আই এচ চিয়ে গ্ৰহণ কৰা ব্যবস্থাৰ বাবে হোৱা খৰচৰ বাবে কৰা দাবী
  4. নশ্যনেল লোকচান, সুবিধা হেৰুওৱা, বিবাদমান সময় বা ব্যৱসায় সম্পৰ্কীয় বিষয়ত কৰা দাবী
  5. এক্সেঞ্জৰ ব্যৱসায় সংক্ৰান্তীয় বিষয়ৰ বাহিৰৰ ব্যৱসায়ীক বিষয়ৰ ওপৰত কৰা অভিযোগ
  6. ব্যৱসায়ীক সদস্যৰ সৈতে কৰা ব্যক্তিগত লেন-দেন সম্পৰ্কীয় বিষয়ৰ ওপৰত কৰা অভিযোগ
  7. এক্সেঞ্জে নিৰ্ধাৰিত নকৰা ঋণ অথবা ধনৰ লেন-দেন সম্পৰ্কীয় বিষয়ৰ ওপৰত কৰা অভিযোগ
  8. এক্সেঞ্জৰ বাহিৰৰ ষিকোনো বিষয়ৰ ওপৰত কৰা অভিযোগ

কোম্পানীৰ বিপক্ষে:

  1. এক্সেঞ্জত তানিকাভূক্ত নোহোৱা আমানত ধন সম্পৰ্কীয় অভিযোগ
  2. পোষ্টেলৰ খৰচ, টেলিফোন খৰচ আৰু অন্যান্য খচৰ বাবে কৰা অভিযোগ
  3. মানসিক হেচা আৰু নিগ্ৰহৰ ক্ষতিপুৰণ
  4. স্তানান্তৰকৰণৰ কাৰণে শ্বেয়াৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত পলম হোৱাৰ বাবে বা আই পি অ’ ৰ পাছত নশ্যনেল লোকচান ভৰিব লাগিলে
  5. অনুমোদিত চুক্তিৰ বাহিৰৰ আৰু এক্সেঞ্জৰ বাহিৰৰ অভিযোগ
  6. শ্বেয়াৰৰ বন্ধক আৰু সম্পত্তি হস্তান্তৰ
  7. আমানত ধনৰ মালিকীস্বত্ব প্ৰমান কৰিব নোৱাৰিলে.
5. অভিযোগ উত্থাপনৰ কিবা নিৰ্দিষ্ট প্ৰপত্ৰ আছে নেকি ?  

বিনিয়োগকাৰীসকলক তলৰ প্ৰপত্ৰসমূহ ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰা হ’ল 
  • বিনিয়োগকাৰী অভিযোগ প্ৰপত্ৰ- ব্যৱসায়ী সদস্য/পঞ্জীয়নভূক্ত উপ-দালালৰ বিৰুদ্ধে দিয়া অভিযোগৰ টি এম
  • বিনিয়োগকাৰী অভিযোগ প্ৰপত্ৰ- কোম্পানীয়ে এন এচ ইত ব্যৱসায় কৰা চি অ’ ৰ বাবে কৰা অভিযোগ

এই প্ৰপত্ৰবোৰ ‘বিনিয়োগকাৰী’ সংযোগৰ ভিতৰত থকা এন এচ ই ৰ ৱেবচাইট www.nseindia.com ত পোৱা যাব।

বিনিয়োগকাৰী সুৰক্ষা নিধি

1. বিনিয়োগকাৰী সুৰক্ষা নিধি কি আৰু ইয়াক কেতিয়া ব্যৱহাৰ কৰা হয় ?

বিনিয়োগকাৰীৰ উপযুক্ত দাবী বিচাৰৰ বাবে আই পি এফ গঠন কৰা হৈছে।ব্যৱসায়ী সদস্যৰ ভুল পদক্ষেপ আৰু তেওঁলোকৰ অযোগ্য বা বহিস্কাৰকৰণৰ বাবে এক্সেঞ্জসমূহত ইয়াক স্থাপন কৰা হৈছে। তেনে ধৰণৰ বিনিয়োগকাৰীৰ দাবীৰ ওপৰত ভিত্তি কৰি এক্সেঞ্জে ব্যৱসায়ী সদস্যক অযোগ্য বা বহিস্কৃত কৰিবলৈ আই ই এফ ব্যৱহাৰ কৰা হয়। আই পি এফৰ ভিতৰত অনাদায় হৈ থকা নিধি, গাফিলতি কৰা ব্যৱসায়ীৰ পৰা পাবলগীয়া ধন অথবা ব্যৱসায়ী সদস্যৰ যোগেদি ক্ৰয় কৰা আমানত ধন বা নিধি, যিটো বিনিয়োগকাৰীৰ পৰা ব্যৱসায়ী সদস্যসমূহৰ লভ্যাংশ হিচাপে ধৰা হয়, তাৰ ওপৰত নিৰ্ধাৰিত কৰা হয়।

বিনিয়োগকাৰীসকলে দাবী কৰিব পৰা ধনৰ সৰ্বোচ্চ পৰিমান ১১ লাখ (য’ত টি এমৰ জৰিয়তে বিনিয়োগকৰীয়ে অযোগ্য বুলি দাবী কৰে

মধ্যস্থতা

1. মধ্যস্থতা কি ?

উত্তৰ: মধ্যস্থতা হ’ল এক প্ৰকাৰ অৰ্দ্ধ-আইনী প্ৰক্ৰিয়া। ইয়াত ব্যৱসায়ী সদস্য বিনিয়োগকাৰী, দেনা সদস্য উপ-দালাল আদিৰ সম্পৰ্ক থাকে। ভুক্তভোগীসকলে যাতে সোনকালে আইনী সুবিধা লাভ কৰিব পাৰে তাৰ বাবে এই মধ্যস্থতাৰ ব্যৱস্থা কৰা হৈছে। যদি কোনো গোটে অনুভৱ কৰে যে কোম্পানীৰ পৰা অথবা অন্য কোনো গোটৰ পৰা বা এক্সেঞ্জৰ কাৰ্যপদ্ধতিৰ দ্বাৰা তেওঁলোকে সন্তোসজনক বিচাৰ পোৱা নাই সেই গোটে মধ্যস্ততাকাৰী বিচাৰিব পাৰে।

2. মধ্যস্ততাকাৰীৰ বাবে কোনে আবেদন কৰিব পাৰে ? উত্তৰ:

গোটসমূহৰ কোনোবাই যদি আইনী সমাধন বিচাৰে তেন্তে তেওঁ মধ্যস্ততাকাৰীৰ বাবে আবেদন কৰিব পাৰে।আনহাতে ব্যৱসায়ী সদস্য, উপ দালাল আদিয়েও মধ্যস্ততাকাৰীৰ বাবে আবোদন কৰিব পাৰে।

3. মধ্যস্ততাকৰীৰ বাবে আবেদন কৰিবলৈ কি ধৰণৰ আবেদনপত্ৰ/প্ৰয়োজন হয়? উত্তৰ: ইয়াৰ বাবে প্ৰয়োজনীয় তথ্যৰ এখন তালিকা তলত দিয়া হ’ল- 

প্ৰপত্ৰ/তথ্য

বাধ্যতামূলক

অতিৰিক্ত তথ্য

 

1. প্ৰপত্ৰ নং ১

মধ্যস্ততাৰ বাবে আবেদন

2. প্ৰপত্ৰ নং ২

ক্ৰম অনুসৰি মধ্যস্ততাকাৰী প্ৰদান

3. ঘটনাৰ বিবৰণ

মধ্যস্ততাকাৰীৰ জৰিয়তে পাবলগা ধনৰ বাবে আবেদ আৰু তাৰিখ অনুসৰি ঘটনাৰ বিবৰণ

4. চেক/পে অৰ্ডাৰ/দিমাণ্ড দ্ৰাফ্ট

মধ্যস্ততাকাৰীৰ খৰচ.

অতিৰিক্ত তথ্য *

 

5. একাউণ্টৰ বিৱৰণ

নিধি আৰু আমানতৰ অপব্যৱহাৰ

6. দৰকাৰী টোকাৰ প্ৰতিলিপি আৰু বিল &

মধ্যস্ততাকাৰীয়ে বিচৰা তথ্য


* যদি কোনো বিনিয়োগকাৰীৰ হাতত আবেদন কৰাৰ সময়ত অতিৰিক্ত তথ্য নাথাকে তেতিয়া তেওঁ মধ্যস্ততা কাৰ্য চলি থকা সময়ত সেইবোৰ জমা দিব পাৰিব।
4. যদি মই মধ্যস্ততাকাৰীৰ বাবে আবেদন কৰিব বিচাৰো তেতিয়া আবেদনপত্ৰ কেনেদৰে পোৱা যাব ? উত্তৰ:

এই প্ৰপত্ৰ এক্সেঞ্জৰ ৱেবচাইট http://www.nseindia.com/content/assist/asst_arb_forms.zip ত পোৱা যাব। আবেদনকাৰীয়ে ডাউনলোদ কৰি ইয়াক ব্যৱহাৰ কৰিব পাৰিব।অন্যথা আবেদনকাৰীয়ে নিজৰ সম্পূৰ্ণ ডাক ঠিকনা দি ignse@nse.co মেইল ঠিকনালৈ আবেদন পত্ৰ বিচাৰি মেইল কৰিব পাৰিব।

5. ব্যৱসায়ী সদস্যৰ বিৰুদ্ধে বিনিয়োগকাৰীয়ে ক’ত আবেদন কৰিব পাৰিব ? উত্তৰ:

আঞ্চলিক মধ্যস্ততাকাৰী কেন্দ্ৰত এই আবেদনপত্ৰ জমা দিব পাৰিব, যেনে- মুম্বাই, কোলকাতা বা চেন্নাই আদি ঠাইত এই কেন্দ্ৰ অৱস্থিত

মধ্যস্থতাকৰণৰ স্থান- আঞ্চলিক মধ্যস্ততাকাৰী কেন্দ্ৰ

আঞ্চলিক মধ্যস্ততাকাৰী কেন্দ্ৰই সামৰি লোৱা স্থান

 

দিল্লী

দিল্লী দিল্লী হাৰিয়ানা, উত্তৰ প্ৰদেশ, উত্তৰাঞ্চল,হিমাচল প্ৰদেশ, পাঞ্জাৱ, জম্মু আৰু কাশ্মীৰ, চণ্ডিগড়, ৰাজস্থান

কলকাতা

পশ্চম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, চিকিম, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, চত্তিচগড়

চেন্নাই

অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰেলা, তামিলনাডু,

আন্দামান আৰু নিকোবৰ, লাক্ষাদ্বীপ, পণ্ডিচেৰী

মুম্বাই

মহাৰাষ্ট্ৰ, গুজৰাট, গোৱা, দমন, ডিউ আৰু &

নগৰ হাভেলি, মধ্য প্ৰদেশ

6. মধ্যস্ততাকাৰী কেনেধৰণে নিয়োগ কৰা হয় ?

উত্তৰ: যদি আবেদনকাৰীয়ে মূল্য দাবী কৰে আৰু অন্য গোটে তাৰ বিৰুদ্ধে ২৫ লাখ বা তাতকৈ কম ধন, দাবী কৰে তেতিয়া এজন মধ্যস্ততাকাৰী নিয়োগ কৰা হয়। যদি ২৫ লাখতকৈ অধিক হয়,
তেতিয়া তিনিজন মধ্যস্ততাকাৰী নিয়োগ কৰা হয়।

7. বিনিয়োগকাৰী সপক্ষে মধ্যস্ততাকাৰী হিচাপে কোনে প্ৰতিনিধিত্ব কৰিব পাৰে? উত্তৰ:

মধ্যস্ততা কাৰ্যৰ সময়ত বিনিয়োগকাৰী নিজে উপস্থিত থাকিব পাৰে আৰু তেওঁৰ সপক্ষে মতদান কৰিব পাৰে বা কোনো এজন লোকক মধ্যস্ততাকাৰী হিচাপে প্ৰক্ষেপ কৰিব পাৰে। তেওঁ এগৰাকী উকীলকো এই ক্ষেত্ৰত নিয়োগ কৰিব পাৰে।

8. শুনানী কি? শুনানীৰ সময়ত সকলোবোৰ বিষয়ৰ প্ৰয়োজন হয়নে? উত্তৰ:

শুনানী হল এনে এটা পদ্ধকি য’ত বিনিয়োগকাৰী আৰু ব্যবসায়ী সদস্য, তেওঁলোকৰ ঘটনা উপস্থাপনৰ বাবে এক্সেঞ্জত মধ্যস্ততাকাৰীৰ সন্মূখত উপস্থিত হয়।

যদি ২৫ লাখৰ তলত হয় তেতিয়া মধ্যস্ততাকাৰীয়ে দুয়ো পক্ষৰে তথ্যৰ ভিত্তিত শুনানী গ্ৰহণ কৰিব পাৰে।

যদি দাবী ২৫ লাখৰ ওপৰত হয়, তেন্তে মধ্যস্ততাকাৰী এক্সেঞ্জৰ অনুমতি সাপেক্ষে শুনানী গ্ৰহণ কৰিব পাৰে।

9. মধ্যস্ততাৰ কাৰ্যক্ৰমণিকাত অভিযোগৰ বাবে কিমান সময়ৰ প্ৰয়োজন হয়? উত্তৰ: মধ্যস্ততাকৰাৰী মধ্যস্তকৰণৰ প্ৰক্ৰিয়া অন্তিম শুনানী আৰু ৰায়ৰ পৰা তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰা প্ৰয়োজন।অৱশ্যে এই প্ৰক্ৰিয়াৰ সময় তিনি মাহলৈ বৃদ্ধি কৰা হ’ব পাৰে

10. ৰায় কি?

উত্তৰ: ৰায় হ’ল মধ্যস্ততাকাৰীয়ে সকলোবোৰ দিশ চালি-জাৰি চোৱাৰ পাছত প্ৰদান কৰা সিদ্ধান্ত যিটো পক্ষসমূহে মানি ল’বলৈ বাধ্য।

11. কোনে ৰায় কাৰ্যকৰী কৰিব ?

উত্তৰ: ৰায় বিনিয়োগকাৰী অথবা ব্যৱসায়ী সদস্য, দুয়ো পক্ষৰ যিকোনো এটা পক্ষৰ সপক্ষে যাব পাৰে।এক্সেঞ্জে ইয়াৰ কাৰ্যকৰীকৰণ সম্পৰ্কে বিবেচনা কৰিব।

ব্যৱসায়ী সদস্যই এই ৰায় নিষ্পত্তি কৰিব পাৰিব আৰু এক্সেঞ্জক নিশ্চত ভাবে জনাব।যদি ব্যৱসায়ী সদস্যই ইয়াক নিষ্পত্তি কৰিব নোৱাৰে, ৰায়ৰ পৰিমান বেলেগে ৰখা হ’ব।ৰায় গ্ৰহণৰ তিনি মাহৰ পাছত ৰায়ৰ পৰিমান বিনিয়োগকাৰীৰ বাবে মুকলি কৰি দিয়া হ’ব, যদিহে সদস্যজনে আদালতৰ দ্বাৰস্থ নহয়।

যদি ব্যৱসায়ী সদস্যজনে আদালতৰ ওচৰত প্ৰত্যহ্বান জনায়, আদালতৰ আদেশ অনুসৰি ৰায়ৰ পৰিমান বেলেগে ৰখা হ’ব।

12. যদি ৰায়দানত কিবা আসোৱাহ থাকে? ইয়াৰ কিবা শুধৰণি আছেনে?

উত্তৰ: বিনিয়োগকৰীয়ে এই ক্ষেত্ৰত মধ্যস্ততা অধিনিয়মৰ দফা ৩৩ অধীনত আবেদন কৰিব পাৰে আৰু কনচিলেশ্যন অধিনীয়ম, ১৯৯৬ ৰ অধিনত এক্সেঞ্জৰ সৈতে মিলি মধ্যস্ততা ৰায় গ্ৰহণৰ ত্ৰিশ দিনৰ ভিতৰত ইয়াৰ শুধৰণি কৰা হব।

13. যদি বিনিয়োগকাৰীয়ে ৰায়ৰ কোনো এটা বিশেষ অংশৰ ব্যাখ্যা বিচাৰে তেতিয়া কি কৰিব?

উত্তৰ: বিনিয়োগকৰীয়ে এই ক্ষেত্ৰত মধ্যস্ততা অধিনিয়মৰ দফা ৩৩ অধিনত আবেদন কৰিব পাৰে আৰু কনচিলেশ্যন অধিনীয়ম, ১৯৯৬ ৰ অধীনত ত্ৰিশ দিনৰ ভিতৰত বিনিময় কেন্দ্ৰৰ পৰা ব্যাখ্যা বিচাৰি পাৰে।বিনিময় কেন্দ্ৰই এই পত্ৰ মধ্যস্ততাকৰীলৈ নিৰ্দিষ্ট অংশৰ ব্যাখ্য বিচাৰি প্ৰেৰণ কৰিব

14. যদি বিনিয়োগকৰীয়ে পূৰ্বতে দিয়া দাবীৰ ৰায়ৰ উপৰিও অতিৰিক্ত ৰায় বিচাৰে কিন্তু যটো প্ৰদান কৰা ৰায়ত নাথাকে তেতিয়া কি কৰিব?

উত্তৰ: বিনিয়োগকৰীয়ে এই ক্ষেত্ৰত মধ্যস্ততা অধিনিয়মৰ দফা ৩৩ অধীনত আবেদন কৰিব পাৰে আৰু কনচিলেশ্যন অধিনীয়ম, ১৯৯৬ ৰ অধিনত ৰায় গ্ৰহণ কৰাৰ ত্ৰিশ দিনৰ ভিতৰত বিনিময় কেন্দ্ৰলৈ অতিৰিক্ত ৰায় বিচাৰি আবেদন কৰিব পাৰে, কিন্তু সেইটো পূৰ্বৱৰ্তী ৰায়ত নাথাকিব লাগিব। বিনিময় কেন্দ্ৰই এই আবেদন অতিৰিক্ত ৰায়ৰ বাবে মধ্যস্ততাকাৰীলৈ প্ৰেৰণ কৰিব।

15. যদি মধ্যস্ততাকাৰীৰ ৰায় কোনো এটা পক্ষৰ বাবে গ্ৰহণযোগ্য নহয়, তেতিয়া কি কৰিব?

উত্তৰ: যদি কোনো এটা পক্ষই মধ্যস্ততাকাৰীৰ ৰায়ত সন্তুষ্ট নহয় তেন্তে পক্ষটোৱে উপযুক্ত আদালতত দফা ৩৪ ৰ মধ্যস্ততাকাৰী বুজাবুজি আইন ১৯৯৬ৰ অধীনত ৰায় পোৱাৰ তিনিমাহৰ ভিতৰত আবেদন কৰিব লাগিব।

16. মধ্যস্ততাকাৰীৰ খৰচৰ বাবদ কিমান ধন জমা কৰিব লাগে? এই জমা এবাৰতে কৰিব লাগে নে অতিৰিক্ত ভাবে আকৌ দিবলগীয়া হয়?

উত্তৰ: পক্ষসমূহে তেওঁলোকৰ দাবীৰ বাবে মধ্যস্ততাকাৰীৰ নামত তলত দিয়া ধৰণে ধন জমা দিবলগীয়া হয়-

ক্ৰ.নং.

দাবীৰ ধনৰ পৰিমান/ প্ৰতিপক্ষৰ দাবী (উচ্চ পৰিমানৰ ধন বিবেচনা কৰা হ’ব)

জমা ধনৰ পৰিমান

1

১০ লাখলৈ

১০,০০০/- টকা (জমা কেৱল ব্যৱসায়ী সদস্যৰ পৰাহে গ্ৰহণ কৰা হ’ব)

2

১০ লাখ টকাতকৈ অধিক কিন্ত ২৫ লাখতকৈ কম।

১২,০০০/-

3

২৫ লাখতকৈ অধিক

১৮,০০০/-



শুনানীৰ ওপৰত মধ্যস্ততাকাৰীৰ খৰচৰ বাবদ পক্ষৰ পৰা অতিৰিক্ত ধন বিচৰা হ’ব পাৰে।

যদি বিনিয়োগকাৰীয়ে প্ৰদান কৰ্তাৰ (তালিকাভুক্ত কোম্পানী) ৰ বিপক্ষে মধ্যস্ততাকাৰী বিচাৰে , আৰু যদিও দাবীৰ পৰিমান ১০ লাখতকৈ কম হয়, তেতিয়া তেওঁ এই খৰচৰ বাবে ধন জমা কৰিব লাগিব।

17. যদি মধ্যস্ততাকাৰী ব্যৱসায়ী সদস্যৰ বিপক্ষে দাখিল কৰা হয় এই ক্ষেত্ৰত বিনিয়োগকাৰী সেৱা কোষৰ স্থিতি কি ?

উত্তৰ: যদি এবাৰ ব্যৱসায়ী সদস্যৰ বিপক্ষে মধ্যস্ততাকাৰী চলে তেতিয়া বিনিয়োগকাৰী সেৱা কোষ বন্ধ হোৱা বুলি বিবেচনা কৰা হ’ব।

18. যদি মধ্যস্ততাকাৰী আবেদন দাবী, ব্যতিক্ৰম আৰু অন্যায়ৰ ছয় মাহৰ ভিতৰত দাখিল কৰা নহয়, তেতিয়া কি হ’ব?

উত্তৰ: যদি এই আবেদন দাবী, ব্যতিক্ৰম আৰু অন্যায়ৰ ছয় মাহৰ ভিতৰত দাখিল কৰা নহয়, বিষয়টোয়ে সীমাবদ্ধ ৰূপ পাব। অৱশ্যে ৰায়ৰ সম্পৰ্ক এই সীমাবদ্ধতা পক্ষসমূহে মধ্যস্ততাকাৰীলৈ দিয়া অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি মধ্যস্ততাকাৰীয়েহে নিৰ্ধাৰণ কৰিব
19. মধ্যস্ততাকাৰীৰ খৰচ কোনে বহন কৰে? খুচুৰা বিনিয়োগকাৰীৰ বাবে কিবা বিকল্প পথ আছে নেকি?

উত্তৰ: এই খৰচ কোনে বহন কৰিব সেইটো মধ্যস্ততাকাৰীয়ে নিৰ্ধাৰণ কৰিব। মধ্যস্ততা বিষয়ৰ ক্ষেত্ৰত, য’ত দাবীৰ পৰিমান ১০ লাখতকৈ কম।

বিনিয়োগকাৰীয়ে মধ্যস্ততাৰ বাবে কোনো ধৰণৰ খৰচ বহন কৰিব নালাগে, বিনিময় কেন্দ্ৰই বিনিয়োগকাৰীৰ হকে এই খৰচ বহন কৰিব (বিনিয়োগকাৰী আবেদনকাৰী অথবা গ্ৰহণকাৰী হ’ব পাৰে)

উৎস: বিনিয়োগকাৰীৰ শিক্ষা আৰু সুৰক্ষা নিধি, ভাৰত চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate