অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মজুত বিক্ৰী

বিনিয়োগকাৰীৰ বাবে সুৰক্ষাকবচ

আমানত বজাৰত বাণিজ্য কৰাৰ আগতে বিনিয়োগকাৰীয়ে কিছুমান সুৰক্ষাকবচ মনত ৰখা উচিত I

১)এজন ব্রকাৰ/ চাব-ব্রকাৰৰ নির্বাচন

  • নির্ধাৰিত অধ্যৱসায়ৰ অন্তত এচ ই বি আই পঞ্জীকৃত ব্রকাৰ/চাব-ব্রকাৰৰ লগত আলোচনা কৰক Iবি এচ ই ব্রকাৰ সকলৰ বিষয়ে বিতং তথ্য বি এচ ই-ৰ দ্বাৰা প্রকাশিত সদস্য তালিকা আৰু ৱেভচাইটত পাব পাৰিব I

২)এখন চুক্তিপত্রত প্রৱেশ

  • ব্রকাৰ/চাব ব্রকাৰৰ সৈতে উপভোক্তা পঞ্জীয়ন ফর্ম পূৰণ কৰক
  • ব্রকাৰ/চাব-ব্রকাৰ উপভোক্তা চুক্তিত প্রৱেশ কৰক Iএজন বি এচ ই-ৰ বাণিজ্য সদস্য হিচাপে পঞ্জীয়নৰ বাবে এই চুক্তিখন বাধ্যতামুলক I
  • আৱশ্যকীয় মূল্য বাহাল থকা ষ্টাম্প কাগজত উপলব্ধ স্বত্বাৱলী কামটো কৰাৰ আগতে ভালদৰে পঢ়ক আৰু বুজি লওক I
  • সকলো পৃষ্ঠাতে উপভোক্তা আৰু চুক্তিখনৰ স্বাক্ষৰ কৰাৰ কতৃত্বপ্রাপ্ত প্রতিনিধিক স্বাক্ষৰ কৰিবলৈ দিয়া হয় Iচুক্তিখনত সাক্ষীসকলেও তেওঁলোকৰ নাম আৰু ঠিকনা দি স্বাক্ষৰ কৰিব Iঅনুগ্রহ কৰি মন কৰিব যে নিয়ম মানি চলা কতৃপক্ষই ব্রকাৰ/উপ-ব্রকাৰ/উপভোক্তা চুক্তিৰ বাহিৰে আন কোনো তথ্য-পাতিৰ বিবেচনাত গুৰুত্ব নিদিয়ে I
৩) ট্রান্ যেক্টী
  • ব্রকাৰ/উপ-ব্রকাৰক সুনির্দিষ্ট কৰক, বিনিময়টো যাৰ দ্বাৰা আপোনাৰ বাণিজ্য চলি আছে আৰু প্রত্যেকটো বিনিময়ৰ বাবে পৃথককৈ একেউন্ট ৰাখক I
  • বাণিজ্য কার্য সম্পাদন কৰাৰ ২৪ ঘন্টাৰ ভিতৰতে ব্রকাৰ/চাব-ব্রকাৰৰ পৰা বাহাল থকা চুক্তিপত্র (কনট্রেক নোট) লাভ কৰক I

চুক্তিপত্র এটা নির্দিষ্ট দিনত কৰা বাণিজ্যৰ নিশ্চয়তা আৰু উপভোক্তাৰ কাৰণে বি এচ ই-য়ে চাই-চিতি আগবঢ়োৱা এটা গাঁঠনি, ই বাণিজ্য কৰা সদস্য আৰু তেওঁৰ উপভোক্তা সকলৰ মাজত শক্তিশালী আইনী সম্পর্ক স্থাপন কৰে, চুক্তিপত্রত ঘোষণা কৰাৰ দৰে বি এচ ই-ত সম্পন্ন কৰা বাণিজ্যৰ বিবাদ মীমাংসা কৰে I

চুক্তিপত্রৰ প্রতিলিপি বনোৱা হয় আৰু বাণিজ্য কার্য সদস্য আৰু উপভোক্তা দুয়োৱে এটাকৈ কপি ৰখে Iউপভোক্তাই প্রকৃত কপি চাই প্রতিলিপিত স্বাক্ষৰ কৰাটো বিচৰা হয় I

ক)চুক্তিপত্র –ফর্ম এ -চুক্তিপত্র ইচু কৰা হয় যত সদস্যজনে ব্রকাৰ/এজেন্ট-ৰ অংশীদাৰ হিচাপে কাম কৰে I খ)

চুক্তিপত্র-ফর্ম বি- চুক্তিপত্র প্রিন্সিপাল অংশীদাৰ হিচাপে সম্পর্কীত সদস্যৰ দ্বাৰা ইচু কৰা হয় I

  • যোগাযোগ টোকাই সামৰি লোৱাটো নিশ্চিত কৰক-

বাণিজ্য সদস্য/চাব-ব্রকাৰৰ এচ ই বি আই পঞ্জীয়ন নম্বৰ থকাটো

অর্ডাৰ নম্বৰ, বাণিজ্য নম্বৰ, বাণিজ্যৰ সময়,পৰিমাণ,মূল্য,ব্রকাৰেজ,নিস্পত্তি নম্বৰ, অন্যান্য ‘লিভাইচ’ৰ বিস্তৃত তথ্য আদিৰ বাণিজ্যৰ বিতং তথ্য I

বাণিজ্য মূল্য ব্রকাৰেজ চার্জৰ পৰা পৃথককৈ দেখুৱাব লাগিব I

এচ ই বি আই-য়ে স্বত্ব দিয়াৰ যোগাযোগ মূল্যত সর্বোচ্চ ২.৫% ব্রকাৰেজ চার্জ কৰিব পাৰিব Iএই সর্বোচ্চ ব্রকাৰেজত চাব-ব্রকাৰ সকলৰ চার্জও অন্তভুক্ত I(চাব-ব্রকাৰেজ চুক্তি মূল্যৰ ১.৫%তকৈ বেছি হব নোৱাৰে) বাণিজ্য সদস্যই কৰিব পৰা অতিৰিক্ত চার্জ সমূহ হৈছে- ব্রকাৰেজ সেৱা কৰ, উপভোক্তাৰ বাবে উদ্ভৱ হোৱা যিকোনো ‘পেলানটি’ আৰু আহ্বান লেনদেন কৰা I

ব্রকাৰেজ, সেৱা কৰ আৰু আমানত লেনেদেন কৰ চুক্তিপত্রত পৃথক পৃথককৈ দেখুওৱা হব I

স্বীকৃত প্রতিনিধিৰ স্বাক্ষৰ

আৰবিট্রেচন ক্লজত উল্লেখ থকা মতে চুক্তিপত্রৰ প্রাৰম্ভণিতে বাণিজ্য মুম্বাই প্রশাসনৰ বিচাৰৰ গণ্ডীত থাকিব I

৪)মীমাংসা

  • বিক্রি/যোগান ধৰাৰ বাবে দিয়া চুক্তিপত্র লাভ কৰাৰ লগে লগে প্রকাৰ সকলক আমানত/পাপ্র্য ধন আদায় দিয়াঠো নিশ্চিত কৰক, কিম্তু যেনেকৈয়ে নহওক চূড়ান্ত পাপ্য আদায় দিয়াৰ আগত I
  • সদস্যসকলে বিনিয়োগকাৰীক সেই ধন বা আমানত, চুক্তি অনুযায়ী ধন বিতৰণ দিনৰ ২৪ ঘন্টাৰ ভিতৰত দিব লাগিব I
  • এটা ডেমাট একাউন্ট খোলক I
  • ডেমাট ফর্মৰ শ্বেয়াৰ বেচা-কিনা কৰাটো বাচি লওক I
  • ডেমাট একাউন্টৰ পৰা শ্বেয়াৰ যোগানৰ বাবে, জমাকর্তা অংশগ্রহন কাৰীক(ডি পি) ব্রকাৰৰ বেনিফিচিয়েল একাউন্টৰ পৰা পুল একাউন্টলৈ সালসলনিৰ বাবে ‘ডেলিভাৰী আউট’ৰ নীতি-নিদ্দেশনা দিয়ক যাৰ যোগেদি শ্বেয়াৰ আৰু আমানত বিক্রি কৰা হয় I
  • তলত দিয়াসমুহ ডি পি ক দিয়া হয়: ব্রকাৰৰ শ্বেয়াৰৰ স্থানসলনি ঘটোৱা পুল এ/চি ৰ সবিশেষ, কোম্পানীৰ অংশীদাৰত্বৰ প্রমান পত্র, পৰিমাণ ইত্যাদি I জমাকর্তাৰ ‘ডেলিভাৰী আউট’ৰ প্রয়োজনুসাৰে আমানত ধন আদায় দিয়াৰ উকলি যোৱা সময়ৰ অতি কমেও ৪৮ ঘন্টাৰ আগতে নীতি-নিদ্বেশনা দিয়া উচিত I
  • আপোনাৰ ডেমাট একাউন্টত শ্বেয়াৰ লাভৰ বাবে যিজন ব্রকাৰৰ যোগেদি শ্বেয়াৰৰ যোগান ধৰা হয় তেনে ব্রকাৰৰ পুল একাউন্টৰ পৰা বেনিফিচিয়েল একাউন্টলৈ শ্বেয়াৰ গ্রহন কৰা জমাকর্তা অংশগ্রহনকাৰীৰ ‘ডেলিভাৰী ইন’-ৰ নির্দেশনা দিয়ক I
  • যদি বস্তুগত বিতৰণে চেক লাভ কৰে, তেন্তে বিতৰণকাৰীয়ে এচ ই বি আই-য়ে ইচু কৰা ভাল/বেয়া বিতৰণ গাইডলাইন মতে লাভ কৰিব I
  • বি এচ ই- প্রক্রিয়াৰ বেয়া যোগানবোৰ তত্ক্ষনাত নাইকীয়া কৰা উচিত I
  • মালিকীস্বত্বৰ বাবে স্থানসলনিৰ যোগেদি সকলো ধৰণৰ বস্তুগত শ্বেয়াৰ সম্পন্ন কৰাটো বাহাল ৰখা, সম্পূর্ণ আৰু ষ্ট্রম্প স্থানচ্যুত চুক্তিনামা মতে হোৱাটো নিশ্চিত কৰক I

বিনিয়োগকাৰীৰ অধিকাৰ

  • কোম্পানীৰ দ্বাৰা বিনিয়োগকাৰীৰ বাবে ঘোষিত সকলো লাভা-লাভ/বস্তুগত তথ্য লাভ কৰাটো Iস্থান সলনি কৰা,উপ-শাখা আৰু কোম্পানীক ঐক্যবদ্ধ কৰি ৰখা আদি ক্ষেত্রত কোম্পানীটোৰ পৰা দ্রুত সেৱা লাভ কৰা I
  • এজন ইকুইটী গ্রহনকাৰী হিচাপে কোম্পানীটোৰ অধিক মূলধন ইচুত তেওঁ দস্তক্ষত কৰাৰ অধিকাৰ আছে I
  • ব্রকাৰেজ চুক্তিমূল্যৰ ২.৫%তকৈ বেছি হব নোৱাৰে I
  • চুক্তিমূল্য, ব্রকাৰেজ, সেৱা কৰ আৰু এচ টি টি পৃথকৈ দেখুৱাই নির্দিষ্ট ফৰমেটত ব্রকাৰৰ পৰা চুক্তি পত্র লাভ কৰাI
  • ক্রয় কৰা শ্বেয়াৰৰ বিতৰণৰ বাহিৰে/ শ্বেয়াৰৰ মূল্য চুক্তিমতে ক্রয়ৰ ২৪ ঘণ্টাৰ ভিতৰত বিক্রিৰ আশা কৰা I
  • ভৌগলিক ন্যায়পালিকাক নিশ্চিত কৰি বি এচ ই-ৰ আঞ্চলিক আৰবিট্রেচন কেন্দ্রত সম্পর্ক স্থাপনৰ বাবে কাষ চপাI
  • এক্সচেইঞ্জটোৰ বাণিজ্য সদস্য সকলৰ বিৰুদ্ধে অভিযোগ বা আৰবিট্রেচনৰ বাবে আৱেদন, ১নং বর্গত ৰাজ্যিক বা ভাৰতৰ স্বায়ত্ব শাসিত অঞ্চলকে সামৰি সম্পর্কীত আঞ্চলিক আৱিট্রেচন কেন্দ্র দিয়া হৈছে Iদ্বিতীয় বর্গত সম্পর্কীত ব্যৱসায়িক প্রতিষ্ঠানটোৰ অতি শেহতীয়া ঠিকনা/পঞ্জীকৃত ঠিকনা দিয়া হৈছে Iআইনমতে বাণিজ্যিক সদস্য সকলক লিখিত ভাৱেও যোগাযোগ কৰিব পৰা যায় I স্থায়ী ভাৱে বাশ নকৰা ভাৰতীয় অংশীদাৰৰ বাবে, আৰবিট্রেচনৰ স্থান আঞ্চলিক আৰবিট্রেচন কেন্দ্র দ্বিতীয় বর্গত দিয়া হৈছে Iই ৰাজ্য সমূহ আৰু স্বায়ত্ব শাসিত অঞ্চল সমূহ সামৰে ,ইয়াত ঠিকনা বা পঞ্জীকৃত কার্যালয়ৰ ঠিকনা, যদি ঘটে বণিজ্য কৰা সদস্য সকল,ঔদ্যোগিক বা অনা ঔদ্যোগিক সদস্য বিবেচনা কৰা সামৰি লোৱা হয় Iশুনানি সেই বিষয়ত জড়িত আৰবিট্রেচন কেন্দ্রত হব যত আৱেদনকাৰীয়ে আৰবিট্রেচনৰ বাবে যথোচিত ভাৱে আৱেদন কৰিব I
প্রথম বর্গ দ্বিতীয় বর্গ
আঞ্চলিক আৰবিট্রেচন কেন্দ্র আঞ্চলিক আৰবিট্রেচন কেন্দ্রই সামৰি লোৱা ৰাজ্যিক আৰু স্বায়ত্ব শাসিত এলেকা
বম্বে ষ্টক একচেঞ্জ লিমিটেড 
আঞ্চলিক কার্যালয়-নর্থ সপ্তম ফ্লৰ th মাৰকেন্টাইল হাউচ
কে জি মার্গ
নতুন দিল্লী - 110 001. 
ফোন নম্বৰ:011-41510481
টেলিফেক্স নম্বৰ:011-41510480 
ই-মেইল: iscdelhi@bseindia.com; ritesh.kumar@bseindia.com
দিল্লী,হাৰিয়ানা, উত্তৰ প্রদেশ,উত্তৰাঞ্চল, হিমাচল প্রদেশ, পঞ্জাৱ, জন্মু আৰু কাশ্মীৰ,চণ্ডীগড়.ৰাজস্থান
বম্বে ষ্টক একচেঞ্জ লিমিটেড 
-উত্তৰ প্রথম ফ্লৰ
কিশোৰ ভৱন ১৭, আৰ.এনমূর্খাজী ৰোড 
কলকাতা –700 001 
ফোন নম্বৰ:033-22133184, 
টেলিফেক্স নম্বৰ:033-22130530 
ই-মেইল:  isc.kolkata@bseindia.com; anirban.guha@bseindia.com
পশ্চিম বংগ, বিহাৰ, ঝাৰখাণ্ড,উৰিশ্যা, অসম, অৰুণাচল প্রদেশ, মিজোৰাম,মণিপুৰ, চিকিম, মেঘালয়, নগালেণ্ড.ত্রিপুৰা,চত্তিসগড়
বম্বে ষ্টক একচেঞ্জ লিমিটেড 
আঞ্চলিক কার্যালয়-দক্ষিণ, চতুর্থ মহল 
এক্সচেইঞ্জ বুইল্ডিং নং-১১, 
চেকেণ্ড লাইন ব্রীচ 
চেন্নাই – 600 001 
ফোন নম্বৰ:044-42163999 
টেলিফেক্স নম্বৰ:044-42164999 
ই-মেইল: iscchennai@bseindia.com; s.periyasamy@bseindia.com
অন্ধপ্রদেশ, কর্ণাটক, কেৰেলা, তামিলনাডু আন্দামান আৰু নিকোবৰ,লাক্ষাদ্বীপ,পণ্ডীচেৰী
বম্বে ষ্টক একচেঞ্জ লিমিটেড 
আঞ্চলিক কার্যালয়-পশ্চিম 
বিনিয়োগকাৰী সেৱা বিভাগ, 
পি জে টাৱাৰ, প্রথম মহল, দালাল পথ, দূর্গ 
মুম্বাই – 400001. 
ফোন নম্বৰ: 022-22721233/34 
টেলিফেক্স নম্বৰ: 022-22723677 
ই-মেইল: crasto@bseindia.com
মহাৰাষ্ট্র, গুজৰাট,গোৱা,দমন আৰু ডিউ, দাদৰা আৰু নগৰ হাৱেলি, মহাৰাষ্ট্র

ক’টৰ এক্তিয়াৰ

যিটো এক্সচেইঞ্জ এটা পার্টী, তেনে ক্ষেত্রত প্রতিটো কর্যক্রমত মুম্বাই ক’টৰ ব্যাপক এক্তিয়াৰ থাকিব আৰু অন্য সকলো কার্যক্রমৰ ক্ষেত্রত তেনে আঞ্চলিক আৰবিট্রেচন থকা আঞ্চলটোত এক্তিয়াৰ থাকিব I

বিনিয়োগকাৰীৰ সাধাৰণ কৰিব লগা আৰু নকৰিব লগাসমূহ

অধিকৰ পৰা অধিক বিনিয়োগকাৰীয়ে পুর্বৰ তুলনাত ষ্টক বজাৰত বিনিয়োগ/বাণিজ্য কৰিছে Iসেইবাবে বিনিয়োগকাৰীৰ বাবে ষ্টক বজাৰত জড়িত হলে কিছু কৰিব লগা আৰু নকৰিব লগা বিধান মানি চলা প্রয়োজন I

তলত সাধাৰণতে কৰিব লগা আৰু কৰিব নলগিয়া এনে কিছু বিধান দিযা হৈছে I

কৰণীয়-

  • সদাই এচ ই বি আই পঞ্জীকৃত বজাৰ মধ্যস্থতাকাৰী/ষ্টক এক্সচেইজৰ লগত জড়িত হব I
  • উপভোক্তা হিচাপে পঞ্জীয়নৰ বাবে দাখিল কৰা সকলো তথ্য-পাতিৰ প্রতিলিপি সংগ্রহ কৰক, ইচ্ছাপত্র কার্যকৰীকৰণ কৰাৰ লগে লগেই I
  • উপভোক্তা হিচাপে পঞ্জীয়নৰ বাবে তথ্য-পাতিৰ বা ফর্মৰ সকলো তথ্য পূৰোৱাটো নিশ্চিত কৰক I
  • স্পষ্ট আৰু দ্বৈধ্যতা নথকা নীতি নিদ্দের্শনা আপোনাৰ ব্রকাৰ/এজেন্ট/জমা কর্তা অংশগ্রহনকৰীক দিয়াটো নিশ্চিত কৰক I আপোনাৰ ব্রকাৰৰ পৰা সদাই চুক্তিপত্র সজোৰে বিচাৰক I টেনজেকচনত সন্দেশ হলে ভি এচ ই-ৰ ৱেভচাইটত প্রকৃত তথ্য সজোৰে বিচাৰক I
  • সদাই দিব বা পাব লগা ধন বজাৰ মধ্যস্থতাকাৰীৰ যোগেদি সাধাৰণ বেংক চেনেলৰ দ্বাৰা সম্পূর্ণ কৰক I
  • বজাৰ মধ্যস্থতাকাৰীক এটা অর্ডাৰ দিয়াৰ আগতে কোম্পানীৰ প্রত্যয় পত্র,ইয়াৰ পৰিচালনা, মৌলিকতা, আৰু ইয়াৰ শেহতীয়া ঘোষনা পৰীক্ষা কৰক আৰু বিভিন্ন আইনত প্রকাশ পোৱা বিভিন্ন তথ্-পাতিবোৰ চাওক Iএক্সচাইজ আৰু কোম্পানীৰ ৱেভচাইট, ডাটা বিক্রেটাৰ ডাটাবেচ,ব্যৱসায় আলোচনী আদি তথ্যৰ উত্স I
  • বাণিজ্য/ বিনিয়োগ পৰিকল্পনা আপোনাৰ ৰিক্স গ্রহন কৰিব পৰা সামর্থৰ ওপৰত ভিত্তি কৰিহে গ্রহন কৰিব কিয়নো সকলো বিনিয়োগতে কিছু ৰিক্স থাকে Iইয়াৰ পৰিমাণ গ্রহন কৰা বিভিন্ন বিনিয়োগ পৰিকল্পনাত পৃথক পৃথক I
  • কোনো মধ্যস্থতাকাৰীৰ সৈতে উপভোক্তা হিচাপে পঞ্জীয়ন কৰাৰ আগতেই কার্য সম্পন্ন কৰক Iসাৱধানতাৰে ৰিক্স প্রকাশক ডকমেন্টত দিয়া কথাখিনি পঢ়ক আৰু বুজি লওক, যিটো ব্রকাৰৰ যোগেদি বিনিয়োগকাৰী পঞ্জীয়নৰ বাবে অতি গুৰুত্বপূর্ণ I
  • ষ্টকৰ বিষয়ে জানিবলৈ ইচ্ছুক হওক, বিশেষকৈ হর্ঠাত্ মূল্য আকর্ষণৰ কেন্দ্র হৈ পৰা বা বাণিজ্যিক কাম কাজত কম মূল্যৰ ষ্টকৰ বিষয়ে জানক I
  • ষ্টক মার্কেটত ধন ঘুৰি অহাৰ কোনো গেৰান্টি নাথাকে I
  • সদাই বিনিয়োগৰ সকলো নথি পত্র লগত ৰাখক(যেনে আৱেদন পত্র,বিজ্ঞপ্তি শ্লিপ,চুক্তি পত্র ইত্যাদি)
  • আপুনি কোম্পানী/বাণিজ্য কৰা সদস্য, পঞ্জীয়ক, স্থান সলনি কৰা এজেন্ট আদিলৈ প্রেৰণ কৰা তথ্য-পাতি সদাই লগত ৰাখক I
  • গুৰুত্বপূর্ণ তথ্য-পাতি বিশ্বাসযোগ্য (ৰেজিষ্টাৰ পোষ্ট আগ্রাধিকাৰ যোগ্য) মাধ্যমেৰে পথিয়াওক যাতে উপযুক্ত স্থানত গৈ পোৱাটো নিশ্চিত হয় I
  • আপুনি কিনাৰ আগতে আপোনাৰ টকা থকাটো নিশ্চিত হৈ লওক I
  • আপুনি বেচাৰ আগতে আপুনি আমানত ধৰি ৰখাটো নিশ্চিত কৰক I
  • আপুনি যুক্তিসংগত সময়ত যদি আপোনাৰ প্রয়োজনীয় তথ্য-পাতি পোৱা নাই, তত্ক্ষনাত সেই বিষয়ত জড়িত নির্দিষ্ট ব্যক্তিৰ(যেনে-বাণিজ্য কৰা সদস্য,কোম্পানী আদি) লগত যোগাযোগ কৰক I
  • আপুনি ফিজিকেল মুদ নে ডেমাট মুদত ব্যৱসায় কৰিব খোজে সেয়া স্পষ্টকা উল্লেখ কৰক I
  • ভৌগলিক ন্যায়পালিকা নিশ্চিত কৰি আপুনি আপোনাৰ অভিযোগ বা বাণিজ্য সদস্যজনৰ বিৰুদ্ধে আৰবিট্রেচন আৱেদন সেই বিষয়ত জড়িত আঞ্চলিক আৰবিট্রেচন কেন্দ্রত দাখিল কৰক Iআইনৰ বাবে কৰণীয় ব্যৱস্থাসমূহ মানি অনুগ্রহ কৰি কাৰণটো,আপোনাৰ ঠিকনা, ট্রেডিং সদস্যজনৰ সৈতে আপোনাৰ ঘনিষ্ঠতা জনাওক I চুক্তিপত্র প্রত্যেক আঞ্চলিক আৰবিটেচন কেন্দ্রৰ ভৌগলিক ন্যায়পালিকা চুক্তিপত্রটো উপলব্ধ I
  • আই জি আৰ চি সেৱাৰ দ্বাৰা অভিযোগটো প্রতিবিধানৰ বাবে প্রয়োজনীয় সময় আৰু আৰবিট্রেচন আৱেদনখন/বোৰ সম্পর্কীত আঞ্চলিক আৰবিট্রেচন কেন্দ্রত ফাইলবদ্ধ কৰাত গণনাৰ সময়ৰ সীমাবদ্ধতা বিবেচনা কৰা নহব I
  • ভৌগলিক ন্যায়পালিকা নিশ্চিত কৰি বি এচ ই-ত তালিকাভূক্ত কোম্পানীৰ বিৰুদ্ধে আপোনাৰ অভিযোগ দাখিল কৰক Iঅনুগ্রহ কৰি ভৌগলিক ন্যায়পালিকা বিবেচনা কৰোতে আপোনাৰ ঠিকনা ব্যৱহাৰ কৰক Iই আপোনাৰ অভিযোগৰ খৰটকীয়া নিষ্পত্তিত সহায় কৰিব I

কৰিব নলগীয়া সমূহ

  • অস্বীকৃত ব্রকাৰ/চাব-ব্রকাৰ,অন্য অস্বীকৃত মধ্যস্থতাকৰীৰ লগত ব্যৱসায় নকৰিব I
  • স্বত্তাৱলী সম্পূর্ণ বুজি নোপোৱাকৈ মধ্যস্থতাকাৰীৰ লগত কোনো ধৰণৰ তথ্য-পাতিৰ কাম নকৰিব Iকোনো ভৌগলিক ন্যায়পালিকা নথকা আঞ্চলিক আৰবিট্রেচন কেন্দ্রত কোনো ধৰণৰ অভাৱ অভিয়োগ,আৰবিট্রেচন আৱেদন নিদিব Iআইনৰ এই ব্যৱস্থাত অনুগ্রহ কৰি আপোনাৰ নাম, বিষয় যেনে বাণিজ্য সদস্য জনৰ লগত আপোনাৰ ঘনিষ্ঠতা বা বেয়া সম্পর্ক আদি লিখিব I
  • এক্সচেইঞ্জ-এ বিনিয়োগকাৰী অভিযোগ সমূহ আৰবিট্রচন আৰু আই জি আৰ চি কার্যব্যৱস্থাৰে সম্পন্ন কৰ্ যিবোৰ সাধাৰণতে সম্পূর্ণ আইনী নহয় I আই জি আই চি-ৰ যোগেদি অভিযোগটোৰ প্রতিবিধানৰ বাবে প্রয়োজনীয় সময়ত সেই বিষয়ত জড়িত আঞ্চলিক আৰবিট্রেচন কেন্দ্রত আৰবিট্রেচন আৱেদন ফাইলবদ্ধ কৰোতে গণনা কৰা সময়ৰ‘সীমাবদ্ধতা’ বিবেচনা কৰা নহয় I
  • কোনো ভৌগলিক ন্যায়পালিকা নথকা বি এচ ই তালিকাভুক্ত আঞ্চলিক আৰবিট্রেচন কেন্দ্রত কোনো ধৰণৰ অভাৱ অভিয়োগ,মীমাংসাৰ বাবে নিদিব I অনুগ্রহ কৰি আপোনাৰ নাম ভৌগলিক ন্যায়পালিকাৰ বিবেচনাৰ বাবে লিখিব I
  • উৰাবাতৰি বা ‘টিপচ’ৰ ওপৰত ভিত্তি নকৰিব I
  • গেৰান্টি ৰিটানৰ প্রতিশ্রুতিৰ চিকাৰ নহব Iকোম্পানীয়ে চৰকাৰী এজেঞ্চীৰ পৰা অনুমোদিত/পঞ্জীয়নকৃত বুলি দেখুওৱা কার্যৰ দ্বাৰা প্রতিয়ন নাযাব কিয়নো অনুমোদনৰ অন্য ব্যৱস্থা থাকিব পাৰে আৰু আপুনি কিনা আমানত নহবও পাৰে I
  • কোনো মধ্যস্থতাকাৰীৰ হাতত আপোনাৰ ডেমাট ট্রানজেকচন শ্লিপ বুকৰ দায়িত্ব নেৰিব I
  • মুদ্রিত প্রচাৰ মাধ্যম আৰু ইলেকট্রনীক প্রচাৰ মাধ্যমত কোম্পানীৰ বিত্তীয় আৱস্থাৰ বিজ্ঞাপনত প্রলোভিত নহব I
  • ঔদ্যোগিক উন্নয়ণৰ বিষয়ে প্রচাৰ মাধ্যমে দিয়া ৰিপর্ট অন্ধভাৱে অনুকৰণ নকৰিব কিয়নো তাৰ কিছুমান বিপথে পৰিচালক হব পাৰে I
  • আনৰ উন্নতি হোৱা বিনিয়োগক আন্ধ ভাৱে অনুকৰণ নকৰিব I
  • ট্রানজেকচনৰ সকলো তথ্য-পাতি লবলৈ নাপাহৰিব ,আনকি আপুনি বিশ্বাস কৰা বা ভালকৈ জনা ব্যক্তিৰ পৰাও I
  • বিনিয়োগৰ লগত জড়িত ৰিক্সৰ টোকা লবলৈ নাপাহৰিব I
  • পৰৱর্তী দিনৰ চেকৰ যোগেদি আপোনাৰ বিনিয়োগৰ ৰি-পেমেন্ট গাৰেন্টীৰ দ্বাৰা বিপথে পৰিচালিত নহব I
  • নির্দিষ্ট বিষয়ৰ লগত জড়িত ব্যক্তি বা প্রকৃত কতৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ ইতস্তুত নকৰিব I
  • উচ্চ হাৰত ধন ঘুৰাই প্রাপ্ত বুলি দিয়া প্রতিশ্রুতিত বিশ্বাস নকৰিব I

বি এচ ই-য়ে এটা বিনামূলীয়া ফোন কৰিব পৰা নম্বৰ আগবঢ়াইছে যিটোত বিনিয়োগকাৰীয়ে কোনো সুনির্দিষ্ট লীডৰ বিষয়ে বিশেষকৈ আকাঙ্খিত বাণিজ্যৰ অনুশীলন যি কোনো স্কেপ বা বজাৰৰ বিসংগতি জানিবলৈ ফোন কৰিব পাৰে I বিনিয়োগকাৰীসকলক তেওঁলোকৰ বার্তা ইংৰাজী বা হিন্দীত কৰিবলৈ অনুৰোধ জনোৱা হয় Iবিনিয়োগকাৰীৰ ঠিকনা গোপনে ৰখা হব I

উৎস: বিনিয়োগকাৰীৰ শিক্ষা আৰু সুৰক্ষা নিধি, ভাৰত চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate