অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সূচক-নিধি

পৰিচয়

সূচাংক কি?

বিত্তীয় বজাৰ অথবা কোনো পদ্ধতিৰ তথ্য দিয়াৰ বাবে সুচ্যাংক ব্যৱহাৰ কৰা হয়। ষ্টক, বণ্ড অথবা অন্যান্য বিনিয়োগ মূল্যৰ হিচাপ প্ৰদৰ্শন কৰিবলৈ বিত্তীয় সূচ্যাংক ব্যৱহাৰ কৰা হয়। ষ্টক মাৰ্কেটৰ সূচ্যাংকৰ দ্বাৰা ইকুইটি বজাৰৰ সকলো তথ্যৰ উমান পাব পাৰি। ইয়াক ষ্টকপুঞ্জীৰ দ্বাৰা নিৰ্মাণ কৰা হয় যাৰ দ্বাৰা গোটেই বজাৰ অথবা নিৰ্দিষ্ট ক্ষেত্ৰ অথবা বজাৰৰ কিছু অংশৰ উমান পাব পাৰি। যিকোনো সূচ্যাংক এক মূল সময় আৰু মূল সূচক মানেৰে হিচাপ কৰা হয়।

সূচ্যাংক ক’ত ব্যৱহৃত হয়?

পৰম্পৰাগত ব্যৱহাৰ

  • বজাৰৰ গতিবিধি/ৰিটাৰ্ণ নিৰ্দেশ কৰিবলৈ
  • সূচ্যাংকই অতি শেহতীয়া তথ্য প্ৰদান কৰে
  • অৰ্থনীতিৰ গতিৰ নিৰ্দেশক

উচ্চতৰ প্ৰয়োগ

  • ইনডেক্স ফাণ্ড-নিস্ক্ৰিয় পুঁজি ব্যৱস্থাপন
  • সূচ্যাংক ডিৰাইভেটিভ- ভৱিষ্যৎ সূচ্যাংক আৰু সূচ্যাংক বিচাৰ

সূচ্যাংক প্ৰয়োগকৰণ কি?

কোনো ষ্টক বজাৰৰ তলচিহ্নৰ প্ৰবিৱৰণ অথবা সূচ্যাংক সাপেক্ষে বিনিয়োগৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ সূচ্যাংক প্ৰয়োগকৰণ হয়। সূচ্যাংক ব্যৱহাৰেৰে একোজন বিনিয়োগ ব্যৱস্থাপনাকাৰীয়ে বিনিয়োগৰ ফলাফলৰ প্ৰতিলিপি নিৰ্ধাৰণৰ চেষ্টা কৰে, অথবা বৃহৎ বিনিয়োগৰ বাবে প্ৰতিনিধিত্বমূলক নমুনা সৃষ্টিৰ চেষ্টা কৰে। পৰম্পৰাগত ‘সক্ৰিয়’ ধন ব্যৱস্থাপনা অথবা ব্যক্তিগত ষ্টকৰ ‘বেট’ অথবা ক্ষুদ্ৰ উদ্যোগ ক্ষেত্ৰত সূচ্যাংকৰ বৃদ্ধিৰ চেষ্টা নকৰে। এইবাৰে, সূচ্যাংক প্ৰয়োগকৰণ বৃহৎ ডাইভাৰছিফিকেশ্যন আৰু নিম্ন প’ৰ্টফলিঅ’ বাণিজ্যিক কৰ্মৰে ‘গৌণ’ বিনিয়োগৰ বাবে উদ্বুদ্ধকৰণ প্ৰক্ৰিয়া।

এক সূচক পুঁজি হ’ল সম অংশৰ অথবা আয়তনৰ লক্ষ্য সূচ্যাংকৰ সুৰক্ষাত বিনিয়োগ হোৱা এক ধৰণৰ মিউচুৱেল ফাণ্ড। এইবোৰ তলবিম্ব সূচ্যাংক, ইনডেক্স ফাণ্ড সাপেক্ষে ৰিটাৰ্ণত ওপৰত দৃষ্টি ৰাখি কৰা হৈছে। পুঁজিৰ সম্পদৰ সৈতে ইয়াৰ ৰিস্ক জড়িত। যেতিয়া সামগ্ৰিকভাৱে ষ্টক মাৰ্কেটৰ পতন আৰম্ভ হয়, ষ্টক সুচ্যাংকৰ পুঁজিৰো পতন আৰম্ভ হয়। চমুকৈ ক’বলৈ হ’লে- ইনডেক্স ফাণ্ডয়ে বজাৰৰ ৰিস্ক লঘু কৰিব নোৱাৰে, সমগ্ৰ বজাৰৰ চুক্তি বা ষ্টক কমিব।

সূচ্যাংক ব্যৱস্থাপনাৰ সাধাৰণ ধাৰণা অৰ্থাৎ বিত্তীয় বাণিজ্য দীৰ্ষ সময়ৰ বাবে উপযুক্ত হিচাপে বিবেচিত হৈ আহিছে। ই সক্ৰিয় প্ৰবন্ধকসকলক সুস্থিৰ দক্ষতা প্ৰদৰ্শনত একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই আহিছে। এই কাৰণতেই, কৰ্প’ৰেট পেঞ্চন পুঁজিৰ ক্ষেত্ৰত সুচাংক প্ৰয়োগকৰণ সমাদৃত হৈছে। কাৰণ ই সুৰক্ষিত, দীৰ্ঘকালীন, কম ৰিস্কৰ বিনিয়োগ নীতি।

ইনডেক্স ফাণ্ডৰ বিৱৰ্তন

ইকুইটি বজাৰ আমেৰিকাত বিৱৰ্তিত আৰু অধিক কৃত্ৰিমতাৰ স্পৰ্শ পাইছে।পুঁজি প্ৰবন্ধকসকল বাণিজ্যিক ব্যয়ৰ ইনডেক্স নেট আউটপাৰফৰ্মত, দালালৰ কমিচন, ব্যৱসায় বৃদ্ধি আৰু কৰৰ ক্ষেত্ৰত যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। প্ৰায় যোৱা দুটা দশক ধৰি ৮৫ শতাংশ সক্ৰিয় পুঁজি প্ৰবন্ধকে এছএণ্ডপি ৫০০ত আউটপাৰফৰ্ম কৰিছে। মিউছুৱেল ফাণ্ডৰ প্ৰসাৰতা বৃদ্ধি হৈ অহাৰ লগে লগে বজাৰত এবাৰ ভাল ফল প্ৰদৰ্শন কৰিলে পৰৱৰ্তী সময়ত ভাল ফল দেখুৱাব পাৰিব নে নাই তাৰ নিশ্চয়তা নোহোৱা হৈ আহিছে। ইয়াৰ পৰা ধাৰণা কৰা হৈছিল সূচ্যাংকত স্থায়ীভাৱে সফল হোৱাটো ইমান সহজ কথা নহয়।

এইদৰে বিভিন্ন বিনিয়োগ প্ৰবন্ধকে সূচ্যাংকৰ অনুপাতত ষ্টক ক্ৰয় আৰম্ভ কৰিলে। এই প্ৰক্ৰিয়াটোক ক্ল’ছেট ইণ্ডেক্সেচন হিচাপে চিনাকি হৈ পৰিল। ইয়াৰ পাছত নিম্ন বাণিজ্যিক ব্যয়েৰে আৰু সুন্দৰ প’ৰ্টফলিঅ’ ৰিস্ক নিয়ন্ত্ৰণ ব্যৱস্থাৰে গৌণ বাই এণ্ড হ’ল্ড প’ৰ্টফলিঅ’ৰ ধাৰণা এটাৰ জন্ম হ’ল। এই কাৰকসমূহৰ উপৰি লাহে লাহে প্ৰযুক্তিবিদ্যাৰ বিকাশৰ ফলত ইনডেক্স ফাণ্ডৰ ভেটি আৰু বিকাশৰ প্ৰক্ৰিয়া গঢ় লৈ উঠিছে।

ৱেল ফাৰ্গ’ বেংকে ইনডেক্স ফাণ্ডৰ নেতৃত্ব দিছিল। তেওঁলোকৰ প্ৰথম প্ৰ’ডাক্ট ছেমছ’নাইট পেঞ্চন ফাণ্ডৰ বাবে ১৯৭১ চনত ৬ নিযুত আমেৰিকান ডলাৰ বৰঙণি সংগ্ৰহ কৰিছিল। ইয়াৰ পাছত ইনডেক্স ফাণ্ডৰ পৰিমাণ বৃদ্ধি হৈ আহিছে। অৱশ্যে মাৰ্কিন বজাৰত ১৯৯৬ চনৰ পৰাহে ইনডেক্স ফাণ্ড আৰু ইণডেক্স প্ৰডাক্টে গতি লাভ কৰিছে।

সূচক প্ৰয়োগকৰণ কিয়?

নিম্নোক্ত প্ৰয়োগৰ বাবে প্ৰত্যক্ষ পুঁজি ব্যৱস্থাপনাৰ তুলনাত ইনডেক্স ফাণ্ড সুসংহত

১. ব্যয়ৰ পৰিমাণ হ্ৰাসকৰণ

২. লেনদেনৰ ব্যয় হ্ৰাসকৰণ

৩. বৃহৎ ডাইভাৰছিফিকেচনৰ দ্বাৰা ৰিস্কৰ সুনিয়ন্ত্ৰণ

৪. স্থায়ীভাৱে বজাৰ দখল কৰাটো অতি কঠিন

৫. পুঁজি প্ৰবন্ধনৰ দক্ষতাৰ ৰিস্ক উপসম কৰা।

  1. ব্যয় হ্ৰাসকৰণ: বিনিয়োগৰ ক্ষেত্ৰত প্ৰত্যক্ষ পুঁজি ব্যৱস্থাপনাৰ তুলনাত ইনডেক্স ফাণ্ড কম ব্যয়সাপেক্ষ। ইনডেক্স ফাণ্ডৰ ক্ষেত্ৰত বৃহৎ ব্যয়সাপেক্ষে পোৰ্টফলিঅ’ প্ৰবন্ধক, বিশ্লেষণৰ কাম, সুৰক্ষা বিশ্লেষক আদিৰ কোনো প্ৰয়োজন নহয়। প্ৰত্যক্ষ পুঁজি ব্যৱস্থাপনাৰ তুলনাত ইনডেক্স ফাণ্ড যথেষ্ট কম কষ্টসাপেক্ষ।

  2. লেনদেনৰ ব্যয়: সুৰক্ষা বিপণনৰ বাবে বজাৰত প্ৰৱেশৰ সময়ত প্ৰযুক্ত হোৱা ব্যয়। লেনদেনৰ ব্যয়ৰ ভাৰ দুটা কাৰকৰ ওপৰত নিৰ্ভৰশীল:

    • প্ৰতিটো লেনদেনৰ ক্ষেত্ৰত হোৱা গড় ব্যয় : ইয়াত দালালৰ কমিচন আৰু গোপন খৰচ, যি একপ্ৰকাৰ ইমপেক্ট ব্যয়, উভয়ে অন্তৰ্ভুক্ত হয়। ইমপেক্ট ব্যয় আদৰ্শ ব্যয় সাপেক্ষে শতকৰা পতন। লিকুইড সুৰক্ষাৰ বাবে ব্যয় কম কিন্তু লিকুইডৰ বাবে ব্যয় বেছি।

    • প’ৰ্টফলিঅ’ টাৰ্ণঅ’ভাৰ: এটা ইনডেক্স ফাণ্ডৰ মূল লক্ষ্য হ’ল সূচ্যাংকৰ প্ৰতিবিম্ব সৃষ্টি, সেইবাবে এজন পুঁজি প্ৰবন্ধকে সক্ৰিয় পুঁজি প্ৰবন্ধনৰ দৰে তেওঁৰ প’ৰ্টফলিঅ’ সলনি কৰি থকাৰ প্ৰয়োজন নাই। সূচ্যাংকৰ কাৰকৰ পৰিৱৰ্তন হ’লেহে তেওঁ তেওঁৰ প’ৰ্টফলিঅ’ পৰিৱৰ্তন কৰাৰ প্ৰয়োজন হ’ব।

    এইদৰেই, ইনডেক্স ফাণ্ড এক কম খৰচী ধাৰণা। দীৰ্ঘকালৰ বাবে ব্যয় হ্ৰাসকৰণৰ দ্বাৰা বিনিয়োগকাৰীয়ে পৰ্যাপ্ত পৰিমাণে লাভ অৰ্জন কৰে।

  3. উত্পাদিত সামগ্রীৰ প্রকাৰ বৃদ্ধিকৰণৰ যোগেদি ৰিক্স কমোৱা: সামগ্রিকভাৱে ষ্টক বজাৰৰ ফলাফলৰ প্রতিনিধিত্ব কৰিবলৈ বজাৰ সূচ্যাংকৰ গঠন কৰা হয় I কোনো এটা সূচ্যাংকৰ গঠনকাৰী উপাদানবোৰে অর্থনীতিৰ বিভিন্ন শাখাৰ পৰা অহা আটাইতকৈ তৰল আৰু ডাঙৰ কোম্পানী বোৰৰ প্রতিনিধিত্ব কৰে I উত্পাদিত সামগ্রীৰ প্রকাৰ বৃদ্ধিৰ যোগেদি কোম্পানীৰ সুনির্দিষ্ট ৰিক্স যথেষ্ট কমি যায় I

  4. নিৰবিচ্ছিন্নভাৱে বজাৰ দখল কৰাৰ অসুবিধা: সক্ৰিয় পুঁজিৰ দ্বাৰা প্ৰবন্ধকসকলে কেইবাবছৰ ধৰি বজাৰ দখল কৰাত সমৰ্থ হৈছিল, কিন্তু এয়া নিৰবিচ্ছিন্নভাৱে এয়া সম্ভৱ হয়নে কোৱা জটিল। ইয়াৰ উপৰি, দীৰ্ঘকালীন সময়ৰ বাবে বাণিজ্যিক বজাৰৰ সূচ্যাংক প্ৰবন্ধনৰ ধাৰণাসঠিক, কিন্তু প্ৰত্যক্ষ ধন ব্যৱস্থাপনা বজাৰ দখল কৰিবনে কোৱাটো প্ৰায় অসম্ভৱ। বিগত দুটা দশকৰ মাৰ্কিন বজাৰৰ অভিজ্ঞতাই দেখুৱাইছে, এছ এণ্ড পি ৫০০ তলবিম্বত ৮০ শতাংশ সক্ৰিয় ব্যৱস্থাপনাৰ পুঁজি বাণিজ্যিকভাৱে বিফল।

  5. পুঁজি প্ৰবন্ধনত দক্ষতাৰ আশংকা হ্ৰাসকৰণ: এজন ইনডেক্স ফাণ্ড প্ৰবন্ধকৰ মূল কাৰ্যাৱলী প্ৰায় সূচ্যাংক বিচাৰৰ মাজতে সীমাবদ্ধ। এটা সক্ৰিয় ব্যৱস্থাপনাপুঁজিত বিনিয়োগ পুঁজি প্ৰবন্ধৰক দক্ষতাৰ ওপৰত নিৰ্ভৰশীল। সেইদৰে, এটা সক্ৰিয় ব্যৱস্থাপনা পুঁজিৰ আশংকা পুঁজি প্ৰবন্ধকৰ দক্ষতাৰ ওপৰতেই নিৰ্ভৰ কৰে।

ইনডেক্স ফাণ্ডৰ প্ৰকাৰ

a)সম্পূৰ্ণ প্ৰতিলিপি পুঁজি: সম্পূৰ্ণ প্ৰতিলিপি পুঁজি: সম্পূৰ্ণ প্ৰতিলিপি পুঁজি নিৰ্বাচিত সূচ্যাংকৰ সকলো উপাদান সাপেক্ষ। এই ধৰণৰ পুঁজিত ট্ৰেকিং ত্ৰুতি অতি কম।

b) নমুনা পুঁজি: যদিহে তলচিহ্ন সূচ্যাংকত বৃহৎ আয়তনৰ (উপাদানৰ সংখ্যা) তেন্তে সম্পূৰ্ণ প্ৰতিলিপি পুঁজিত বাৰ্ষিক প্ৰবন্ধন ব্যয় আৰু বৃহৎ স্থিতি বৃহৎ হয়। এই ক্ষেত্ৰত হিতাধিকাৰীৰ বাবে সম্পূৰ্ণ পুঁজিৰ উমান পাবলৈ নমুনা সংগ্ৰহ সহজ হ’ব পাৰে। নমুনাই লেনদেন ব্যয় হ্ৰাস কৰে কিন্তু অন্যহাতে ইয়াক ট্ৰেকিং ত্ৰুতি যথেষ্ট হোৱাৰ সম্ভাৱনা।

ইনডেক্স ফাণ্ড বনাম নন ইনডেক্স ফাণ্ড

ইনডেক্স ফাণ্ড

নন-ইনডেক্স ফাণ্ড

১.

এই পুঁজি কেৱল টাৰ্গেট সূচ্যাংক সাপেক্ষ।

এই পুঁজি নিৰ্দিষ্ট সূচ্যাংক সাপেক্ষ।

২.

ইয়াক পৰোক্ষভাৱে প্ৰবন্ধন কৰা পুঁজি বুলিও অভিহিত কৰা হয়। এটা ইনডেক্স ফাণ্ড প্ৰবন্ধনৰ সময়ত সাধাৰণ গৱেষণাত গুৰুত্ব দিয়া নহয়। এয়া এক অতি নিম্ন পৰ্যায়ৰ বাণিজ্য জড়িত পুঁজি।

ইয়াক প্ৰত্যক্ষভাৱে প্ৰবন্ধন কৰা পুঁজি বুলি অভিহিত কৰা হয়। সুৰক্ষা নিৰ্ণয়ৰ বাবচ নন-ইনডেক্স ফাণ্ড প্ৰবন্ধনৰ বাবে সাধাৰণ অধ্যয়ন আৰু পাৰিসাংখ্যিক বিশ্লেষণত গুৰুত্ব দিয়া হয়, সঠিক সময়ত সঠিক বিপণনৰ বাবে।

৩.

ইয়াত টাৰ্গেট সূচ্যাংক নিৰ্ণয় কৰাত যথেষ্ট দক্ষ হোৱা প্ৰয়োজন, লগতে নিৰ্বাচিত সূচ্যাংকৰ চৰিত্ৰৰ উমান পোৱাৰ বাবে সূচ্যাংক সম্পৰ্কে সঠিক সিদ্ধান্ত লোৱাটো প্ৰয়োজন।

কোন সময়ত কি সুৰক্ষাৰ বিপণন কৰিব লাগে সেয়া নিৰ্ধাৰণৰ বাবে এই পুঁজিৰ বাবে অতি উচ্চ ক্ষমতাসম্পন্ন ভৱিষ্যৎ নিৰ্ধাৰণৰ দক্ষতাৰ প্ৰয়োজন।

৪.

ইনডেক্স ফাণ্ডত বিনিয়োগকাৰীয়ে কম ৰিস্ক প্ৰ’ফাইল বিচাৰে। যিহেতু সূচ্যাংকত ডাইভাৰছিফিকেচন প’ৰ্টফলিঅ’ যায় আৰু ইনডেক্স ফাণ্ডত সম পৰিমাণৰ ষ্টকৰ উল্লেখ পোৱা যায়, সেয়ে ইয়াত ৰিস্কৰ পৰিমাণ কম।

নন-ইনডেক্স ফাণ্ডৰ প’ৰ্টফলিঅ’ বিষয়নিষ্ঠ আৰু ইয়াৰ প’ৰ্টফলিঅ’ৰ পৰিৱৰ্তন পুঁজি প্ৰবন্ধকৰ ইচ্ছামতেই চলে। ইয়াৰ সাফল্য পুঁজি প্ৰবন্ধকৰ দক্ষতাৰ ওপৰতেই নিৰ্ভৰ কৰে।

৫.

এজন ইনডেক্স ফাণ্ডৰ প্ৰবন্ধকে সূচ্যাংক সম্পৰ্কে সকলো তথ্য আহৰণ কৰা। তেওঁলোকে সূচ্যাংকত সঠিক সময়ত সঠিক সিদ্ধান্তৰে প’ৰ্টফলিঅ’ৰ প্ৰবন্ধন কৰিব লাগে।

অইনডেক্স ফাণ্ডৰ প্ৰবন্ধকে তেওঁ ভাল হ’ব বুলি ভবা যিকোনো ষ্টক নিৰ্বাচন কৰে ইয়াত তুলনাত্মক সূচ্যাংকত বিশেষ গুৰুত্ব দিয়া নহয়।

৬.

ইনডেক্স ফাণ্ডৰ ব্যয়ৰ অনুপাত কম। যিহেতু ইনডেক্স ফাণ্ডয়ে ক্ৰয়, হ’ল্ড ষ্ট্ৰেটেজী, ষ্টকৰ আয় সাপেক্ষ, সেইবাবে ইয়াত লেনদেনৰ খৰচ নূনন দেখা যায়।

এই ক্ষেত্ৰত ব্যয়ৰ অনুপাত বেছি হয়। এই প’ৰ্টফলিঅ’ত প্ৰায়ে আয় আৰু লেনদেনৰ ব্যয়ৰ মাজত সামঞ্জস্য নাথাকে।

৭.

পুঁজিৰ প্ৰবিৱৰণ সমগ্ৰ ইকুইটি বজাৰৰ দক্ষতাৰ ওপৰত নিৰ্ভৰশীল।

পুঁজিৰ প্ৰবিৱৰণ পুঁজি প্ৰবন্ধকৰ দক্ষতাৰ ওপৰত নিৰ্ভৰশীল।

ত্ৰুতি বিচাৰ

ত্ৰুতি বিচাৰ হ’ল ইনডেক্স ফাণ্ড আৰু ইয়াৰ লক্ষ্য সূচ্যাংকৰ প্ৰবিবৰণৰ মাজৰ অন্তৰালৰ উপাদানসমূহ বছৰ সাপেক্ষ বৰ্গমূল। সাধাৰণভাৱে ক’বলৈ হ’লে সূচ্যাংক সাপেক্ষে ইনডেক্স ফাণ্ডৰ মাজৰ প্ৰবিৱৰণৰ অন্তৰ। ইনডেক্স ফাণ্ডৰ প্ৰবন্ধকে দৈনিক ত্ৰুতি বিচাৰৰ গণনা কৰিব লাগে যদিহে সেয়া অ’পেন-এণ্ডেড ফাণ্ড।ত্ৰুতি বিচাৰৰ বাবে সদায় পূৰ্ণ প্ৰবিবৰণ সুচীৰ বিপৰীতে ভাজকসহ সূচ্যাংক প’ৰ্টফলিঅ’ প্ৰবিৱৰণৰ গণনা।

ত্ৰুতি বিচাৰ নিৰ্দেশনা

১.২.নিয়মিতভাৱে পুঁজি প্ৰবিৱৰণৰ পৰা হোৱা ব্যয়: দালালৰ কমিচন, নিলাম ব্যৱস্থা আদিত হোৱা ব্যয় পুঁজিৰ প্ৰবিৱৰণৰ পৰা কৰা হয়। এই ব্যয় বৃদ্ধিৰ লগে লগে ত্ৰুতিৰ পৰিমাণ বৃদ্ধি হৈ আহে।

ত্ৰুতি বিচাৰৰ গণনা

প্ৰথম পৰ্যায়:

প্ৰয়োজনীয় মুঠসময়ৰ বাবে এনএভিৰ মান আৰু টিআৰ সূচ্যাংকৰ মান উলিয়াই ল’ব লাগে।

দ্বিতীয় পৰ্যায়:

আগদিনাৰ সৈতে তুলনা কৰি আটাইকেইদিনৰ এনএভি আৰু টিআৰ সূচ্যাংক গণনা কৰিব লাগে।

এনএভিত শতাংশৰ পৰিৱৰ্তন

(t)দিনৰ এনএভি-(t-1)দিনৰ এনএভি
= ----------------------------------------
(t-1)দিনৰ এনএভি

তৃতীয় পৰ্যায়:

আটাইকেইদিনৰ বাবে এনএভিত শতাংশৰ পৰিৱৰ্তন আৰু টিআৰ সূচ্যাংকত শতাংশৰ পৰিৱৰ্তন হিচাপ কৰি ল’ব লাগে।

চতুৰ্থ পৰ্যায় : তৃতীয় পৰ্যায় অনুসৰি প্ৰথম দিনৰ পৰা (n) দিনলৈ পোৱা পৰিৱৰ্তিত মানবোৰৰ বৰ্গমূল উলিয়াই ল’ব লাগে। পঞ্চম পৰ্যায় : নিম্নলিখিত সুত্ৰ অনুসৰি বছৰৰ ত্ৰুতি বিচাৰৰ গণনা কৰা হয়।

বছৰৰ ত্ৰুতি বিচাৰ = প্ৰাপ্ত মানৰ বৰ্গমূল (চতুৰ্থ পৰ্যায় অনুসৰি)* বৰ্গমূল (২৫০)

শুদ্ধ সূচ্যাংক নিৰ্ণয়

ইনডেক্স ফাণ্ডৰ মূল লক্ষ্য যথাসম্ভৱ লক্ষ সূচ্যাংকৰ প্ৰবিৱৰণৰ ওচৰ চপাটো।এইবাবে শুদ্ধ সূচ্যাংক নিৰ্ণয় অতি প্ৰয়োজনীয়। বহু সময়ত দেখা যায়, বিশ্বৰ বিভিন্ন প্ৰান্তত কম তথ্যৰে, বিত্তীয় বাণিজ্যৰ সীমিত জ্ঞানেৰে ভুল গণনাৰে কেইবাবছৰো আগতে প্ৰস্তুত কৰা বজাৰ সূচ্যাংক দেখিবলৈ পোৱা যায়। কিন্তু এই তিনিটা কাৰকৰ ওপৰত আজিকালি যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। যোৱা প্ৰায় দুটা দশক ধৰি, প্ৰযুক্তিবিদ্যাৰ বিকাশ আৰু ইনডেক্স ফাণ্ড আৰু সূচ্যাংক ভাজক সম্পৰ্কীয় গৱেষণাৰ ফলত সূচ্যাংক নিৰ্মাণ পদ্ধতিত নতুন ৰূপৰ সমাৱেশ ঘটিছে।

ষ্টক বজাৰৰ সকলো সূচ্যাংক ডাইভাৰছিফিকেচন আৰু লিকুইডিটিৰ মাজৰ ট্ৰেড অফ। সুক্ষ্ম বজাৰৰ সূচ্যাংক লিকুইড, ডাইভাৰছিফাইড কিন্তু বৃহৎবজাৰৰ সূচ্যাংক ভালদৰে ডাইভাৰছিফাইডৰ দৰে কিন্তু লিকুইড। গতিকে দুয়োটা উপাদান সুসংহত হ’লে ভাল সূচ্যাংক পোৱা যাব। ভাল সূচ্যাংকৰ উপাদানসমূহ

  • বজাৰৰ প্ৰতিনিধিত্ব
  • ভাল ডাইভাৰছিফিকেচন
  • অত্যন্ত লিকুইড
  • সকলো প্ৰবিবৰণৰ গণনা
  • ব্যৱসায়িক ব্যৱস্থাপনা

এছ এণ্ড পি নিফটী

ভাৰততএছ এণ্ড পি নিফটীয়েই সৰ্বাধিক বিজ্ঞানসন্মত সূচ্যাংক, যাক ইনডেক্স ফাণ্ড আৰু সূচ্যাংক ভাজকৰ কথা মনত ৰাখি প্ৰস্তুত কৰা হৈছে।

এছ এণ্ড পি নিফটী এক বজাৰ কেপিটেলাইজেচন-আয়তন আধাৰিত সূচ্যাংক, য’ত ০৩ নৱেম্বৰ, ১৯৯৫ক মূল বৰ্ষ হিচাপে ধৰা হয়। ইয়াৰ মূল দৰ ১০০০ হিচাপে ধৰা হৈছে। এছ এণ্ড পি নিফ্টী এক পৰিস্থিতি-পৰিচালিত সূচ্যাংক, যেনে-যিকোনো সূচ্যাংক সুৰক্ষাৰ পৰিৱৰ্তন হ’লে সূচ্যাংকৰ পৰিৱৰ্তন হয়। সূচ্যাংক মানত প্ৰভাৱ নেপেলোৱাকৈ ষ্টক স্প্লিট, অধিকাৰ আদি তথা সূচ্যাংক ছেটত ই পৰিপূৰকক অনুমোদন জনায়। সূচ্যাংক প্ৰস্তুতৰ বাবে, বজাৰ সুৰক্ষা আয়তন সূচ্যাংকই দিনে দিনে পুঁজি ব্যৱস্থাপনা সৰলীকৰণ কৰি আহিছে। বজাৰ মূল্য বৃদ্ধি আৰু হ্ৰাসৰ লগে লগে, ইনডেক্স ফাণ্ডৰ উত্থান-পতন লক্ষ্য সূচ্যাংক সাপেক্ষ।

যিহেতু বজাৰ দৰৰ পৰিৱৰ্তনৰ বাবে কোনো সমতুলৰ প্ৰয়োজন নহয়, সেইবাবে লেনদেন ব্যয়ো হ্ৰাস হয়।সূচ্যাংক প্ৰস্তুতৰ নিম্নোক্ত চাৰিটা বিষয় ভালদৰে উপস্থাপন কৰিবলৈ এছ এণ্ড পি চিএনএক্স নিফ্টী প্ৰস্তুতৰ বাবে চিন্তা চৰ্চা কৰা হৈছিল।

এটা সূচ্যাংক ছেটৰ বিৱৰ্তন
ভাৰতৰ কৰ্প’ৰেট খণ্ড অতি গতিশীল। ইয়াত পুৰণি কোম্পানীবোৰ অচল হৈ আহিছে আৰু আইপিঅ’সমূহ (লগতে নৱবিনিয়োগ ৰহিত ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহে) দেশৰ অন্যতম বৃহৎ কোম্পানী হিচাপে ঠিয় দিছে।

সুপ্ত দৰৰ অসুবিধা
বজাৰ সূচ্যাংকই কোনো সময়ৰ বজাৰৰ অৱস্থাৰ কথা প্ৰতিফলিত কৰিব লাগে- য’ত কিছুমান কোম্পানীয়ে কেতিয়াবাহে বাণিজ্যত অংশ লয়, তেওঁলোক লক্ষ্যৰ পৰা আঁতৰি আহে। ইয়াৰ বাবে শক্তিশালী লিকুইডিটী ব্যৱস্থা প্ৰয়োগ কৰিল লাগে যাতে মাজে সময়ে বাণিজ্যত অংশগ্ৰহণ অথবা তাৰো ওপৰলৈ গৈ বাণিজ্যত অংশ নোলোৱাৰ সমস্যা লঘুতৰ হয়।

সূচ্যাংক ছেটৰ আকাৰ সূচ্যাংক ছেটত ৩০ টা, ৫০টা ১০০টা নে ৩০০০ ষ্টকৰ অন্তৰ্ভুক্তি হ’ব লাগে? ছেটৰ আকাৰৰ বাবে আমাক এটা স্পষ্ট সাংখ্যিক ধাৰণাৰ প্ৰয়োজন।

আধুনিক প্ৰয়োগ সূচ্যাংকত এক প্ৰকাৰ লিকুইডিটিৰ প্ৰয়োজন, যি সূচ্যাংক ছেটৰ বাবে প্ৰয়োজনীয় আৰু সূচ্যাংক প’ৰ্টফলিঅ’ হিচাপে গ্ৰহণ কৰা ইনডেক্স ফাণ্ড আৰু সূচ্যাংকভাজক আদি আধুনিক প্ৰয়োগৰ সৈতে সুন্দৰভাৱে খাপ খাই পৰে।

বাণিজ্যিক ক্ষেত্ৰত বিশেষ দখল থকা মিউছুৱেল ফাণ্ডৰ প্ৰবন্ধক, বাণিজ্যিক সদস্য, শিক্ষাবিদ আৰু ভৱিষ্যত আৰু আন্তৰ্জাতিক সূচ্যাংক বিচাৰ আদিৰ সৈতে বিশেষভাৱে জড়িত ব্যক্তিৰ দ্বাৰা সূচ্যাংক কমিটী গঠন কৰা হয়।যাৰ বাবে এছ এণ্ড পি চিএনএক্স নিফটীয়ে বজাৰক বেছিকৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে আৰু লেনদেনৰ ব্যয় সংকোচিত কৰিছে।

এই কমিটীখনে বিচাৰি পোৱা সৰ্বাধিক উল্লেখযোগ্য হৈছে ৫০ সংখ্যাটো, যাক সূচ্যাংকৰ বাবে আদৰ্শ হিচাপে গ্ৰহণ কৰা হৈছে আৰু লিকুইডিটিক ইমপেক্ট ব্যয়েৰে বিচাৰ কৰাটো প্ৰয়োজনীয়।সূচ্যাংকত বেছি পৰিমাণে ষ্টকৰ তথ্য অন্তৰ্ভুক্ত কৰিলে বেছি ডাইভাৰছিফিকেচনৰ কথা গম পোৱা যাব। নিম্মোক্ত কাৰ্য সঘনে কৰি গ’লে ভুল কৰা হ’ব। প্ৰথমতে, ডাইভাৰচিফিকেচনৰ ফলত লাভ হ্ৰাস হয়। ১০টা ষ্টকৰ পৰা ২০টা ষ্টকলৈ গ’লে ৰিস্ক যথেষ্ট কমে, ৫০ৰ পৰা ১০০ ষ্টকলৈ গ’লে ৰিস্ক হ্ৰাসৰ পৰিমাণ অতি নগণ্য। ১০০ ষ্টকৰ ওপৰত ৰিস্ক হ্ৰাসৰ সম্ভাৱনা প্ৰায় শূণ্য। গতিকে এই সীমাৰ ওপৰত ডাইভাৰছিফিকেচনৰ ফলত লাভৰ পৰিমাণো নগন্য। ইয়াতকৈয়ো ডাঙৰ সমস্য হ’ল ডাইভাৰছিফিকেনচনৰ ফলত ইললিকুইড ষ্টকৰ অৰ্ন্তৰ্ভুক্তি।

এজন বিনিয়োগকাৰীৰ বাবে সম্পদক লিকুইডিটি যথেষ্ট গুৰুত্বপূৰ্ণ। ভাজক বজাৰৰ ক্ষেত্ৰত, বিনিয়োগকাৰীসকল ক্ষীপ্ৰতাৰ লিকুইডিতি সম্পৰ্কে অতি উদ্বিগ্ন হৈ থাকে। এছ এণ্ড পি চিএনএক্স নিফটীৰ সকলো সুৰক্ষা উচ্চ লিকুইডিটি আছে। এছ এণ্ড পি চিএনএক্স নিফটীৰ লিকুইডিটী সুপ্ত দৰৰ প্ৰকাশ আৰু বৰ্তমানৰ পৰা ভৱিষ্যতৰ মধ্যস্থতাৰ বাবে অতি ফলপ্ৰসু।

লিকুইডিটী নিৰ্ণয়ৰ বাবে বাণিজ্যৰ আয়তন, বাণিজ্যৰ ঘনত্ব আদি বিভিন্ন কাৰকৰ সহায় লোৱা হয়। নিফটীৰ সুৰক্ষা লিকুইডিটী নিৰ্ণয়ৰ বাবে ইমপেক্ট ব্যয় গণনা কৰা হয়।

নিৰ্বাচনৰ পৰিসৰ

সূচ্যাংকত অন্তৰ্ভুক্তিৰ বাবে কোম্পানীসমূহৰ বজাৰ কেপিটেলাইজেচন ৫ বিলিয়ন অথবা ততোধিক হ’ব লাগিব।

প্ৰৱেশ কৰা কোম্পানীৰ বজাৰ কেপিটেলাইজেচনৰ তুলনাত প্ৰস্থান কৰা কোম্পানীৰ বজাৰ কেপিটেলাইজেচন দুগুণ হ’ব লাগে।

লিকুইডিটি (ইমপেক্ট ব্যয়)
সকলো সুৰক্ষা বিগত ছমাহৰ প্ৰয়োজনীয় কাৰ্যকৰণৰ ৯০ শতাংশ বাণিজ্যিক দিনৰ বাবে ০.৭৫ শতাংশতকৈয়ো নিম্নতম ইমপেক্ট ব্যয় সাপেক্ষ।

পূৰ্ণ প্ৰবিৱৰণ সূচ্যাংক

পূৰ্ণ প্ৰবিৱৰণ (টিআৰ) সুচাংক এছ এণ্ড পি চিএনএক্স নিফটীৰ আধাৰত গণনা কৰা হয়। এই সূচ্যাংকই ভাজকসহ, সুচাংক প’ৰ্টফলিঅ’ৰ প্ৰবিৱৰণ প্ৰতিফনিত কৰে। যিকোনো প্ৰদত্ত সময়ৰ বাবে দুটা নিফটী সুচাংক আৰু টিআৰ সুচাংকৰ মাজৰ ব্যৱধানে সম্পূৰ্ণ বিনিয়োজনকালৰভাজকৰ পুনৰবিনিয়োজনৰ প্ৰবিৱৰণ প্ৰকাশ কৰে। সেইবাবেই ই ইনডেক্স ফাণ্ডৰ আদৰ্শ তলচিহ্ন, যিয়ে ভাজক অৰ্জন আৰু শৃংখলিত পুনৰবিনিয়োজনত অৰিহনা যোগায়।

এছ এণ্ড পি চিএনএক্স নিফটী গণনাৰ পদ্ধতি

১৯৯৫ চনৰ ৩ নৱেম্বৰক মূল সময় হিচাপে ধৰি বজাৰ কেপিটেলাইজেচনৰ আয়তন পদ্ধতিৰে,য’ত সূচকৰ সীমাই ষ্টকৰ পূৰ্ণ বজাৰৰ মান প্ৰতিফলিত কৰে, ছ এণ্ড পি চিএনএক্স নিফটী গণনা কৰা হয়।

বজাৰ কেপিটেলাইজেছন = অৱশিষ্ট ইকুইটি মূলধন * দাম

এই পদ্ধতিত আয়তন নিৰ্দিষ্ট নহয়, এটা ষ্টক দৰৰ পৰিৱৰ্তনৰ লগে লগে আৰু অৱশিষ্ট শ্বেয়াৰৰ পৰিৱৰ্তনৰ ফলত পৰিৱৰ্তিত হয়। নিফটীৰ সকলোবোৰ নিৰ্ধাৰিত সুৰক্ষা বজাৰ কেপিটেলাইজেচনৰ অনুপাত সাপেক্ষ।

সাধাৰণ সূচ্যাংক সূত্ৰ গণনা

মূল কেপিটেলাইজেচনৰ নিয়ম

সূচ্যাংক মান
সুচাংক মান = ------------------------ * মূল সূচ্যাংক মান (১০০০)

মূল বজাৰৰ মূলধন

সূচ্যাংকৰ মূল বজাৰৰ মূলধন মূল সময়ৰ মুঠ বজাৰৰ প্ৰতিটো স্ক্ৰিপৰ কেপিটেলাইজেচনৰ সূচ্যাংক। মূল সময়ৰ বজাৰ সুৰক্ষাৰ সূচ্যাংক মান ১০০০ হিচাপে নিৰ্ধাৰণ কৰা হয়, যাত মূল সূচ্যাংক মান হিচাপে জনা যায়।

বৰ্তমান বজাৰৰ মূল্য বৰ্তমানৰ সূচ্যাংকৰ প্ৰতিটো স্ক্ৰিপৰ এগ্ৰিগেট বজাৰ কেপিটেলাইজেচন। প্ৰতিটো ষ্টকৰ বৰ্তমান মূল্য অৱশিষ্ট শ্বেয়াৰৰ সংখ্যা আৰু সূচ্যাংকত বৰ্তমানৰ বজাৰ সুৰক্ষাৰ এগ্ৰিগেট।

যিকোনো প্ৰদত্ত সময়ৰ বাবে, প’ৰ্টফলিঅ’ৰ সম্পূৰ্ণ বজাৰ মূল্যৰ সমমানৰ সূচ্যাংক সীমাক মূল বজাৰৰ মানেৰে হৰণ কৰি মূল সময়ৰ সূচক মানেৰে পূৰণ কৰা হয়। নিফটীৰ সূচ্যাংক সীমা ১৫০০ মানে মূল সময়ৰ তুননাত প’ৰ্টফনিঅ’ৰ এগ্ৰিগেট দাম ৫০ শতাংশ বৃদ্ধি হৈছে।
ইনডেক্স ফাণ্ডৰ সংৰক্ষণ
এটা ইনডেক্স ফাণ্ডয়ে সূচ্যাংকৰ সুৰক্ষা সম্পৰ্কে লক্ষ ৰাখে। নিম্নোক্ত দুটা কাৰণত ইনডেক্স ফাণ্ডৰ সুৰক্ষাৰ আয়তন পুনৰ সমতুল কৰাৰ প্ৰয়োজন হয়।

১.  সূচ্যাংক ছেটত কৰ্প’ৰেট কাৰ্যাৱলী আৰু সলনি

২.  পুঁজিৰ আগমন অথবা নিৰ্গমন

প্ৰথমতে আমি চাও আহক কিদৰে সূচাংক আৰু কৰ্প’ৰেট কাৰ্যাৱলী প্ৰতিষ্ঠাপিত কৰা হয়, এটা ইনডেক্স ফাণ্ড কিদৰে পুনৰ সমতুল কৰা হয় পিছলৈ আমি পৰীক্ষা কৰিম

কৰ্প’ৰেট কাৰ্যাৱলী

সম্প্ৰতি কোম্পানী এটাক বজাৰৰ সুৰক্ষা প্ৰদান কৰে অৱশিষ্ট শ্বেয়াৰৰ সংখ্যা আৰু বৰ্তমানৰ বজাৰ দৰৰ গুণফলে। কোম্পানী এটাৰ বজাৰৰ সুৰক্ষা সলনি হয় যদিহে

  • দাম (অথবা)
  • অৱশিষ্ট শ্বেয়াৰৰ সংখ্যা সলনি হয়।

অৱশ্যে, কোম্পানী এটাৰ বজাৰ সুৰক্ষাৰ বাবে ইকুইটি সূচ্যাংকৰ সলনি হ’ব পাৰে কেৱল স্ক্ৰাইপৰ দৰৰ সলনি হ’লেহে, কোম্পানীৰ অৱশিষ্ট শ্বেয়াৰৰ সংখ্যা পৰিৱৰ্তনৰ বাবে নহয়। অৱশিষ্ট শ্বেয়াৰ সংখ্যাৰ সলনিৰ বাবে কোম্পানীৰ বজাৰ সুৰক্ষা সূচ্যাংক মূলধন/ভাজক প্ৰতিষ্ঠাপনৰ প্ৰয়োজন হ’লে যিকোনো কৰ্প’ৰেট কাৰ্যাৱলী সলনিৰ দিশে আগবাঢ়ে।বিশেষ কাৰণত সূচ্যাংকৰ পৰিৱৰ্তন হয়, য’ত সূচ্যাংকৰ মান ধ্ৰুৱক। ষ্টকত সূচ্যাংকৰ আয়তন সাপেক্ষে কৰ্প’ৰেট কাৰ্যাৱলী পৰিৱৰ্তন সাপেক্ষ।

জনস্বাৰ্থ, মিত্ৰতা, ঋণ পৰিৱৰ্তন আদি কৰ্প’ৰেট কাৰ্যাৱলী কোম্পানীৰ অৱশিষ্ট শ্বেয়াৰৰ সংখ্যা অনুপাতে পৰিৱৰ্তন হয়। সূচ্যাংকৰ স্থায়িত্বত প্ৰভাৱ নেপেলোৱাকৈ বজাৰ সুৰক্ষা পদ্ধতিয়ে এই কৰ্প’ৰেট কাৰ্যাৱলী প্ৰতিষ্ঠাপনৰ অনুমতি দিয়ে।

যেতিয়া কোনো সূচ্যাংক সুৰক্ষাত এনে ধৰণৰ কাৰ্যাৱলী সংঘটিত হয়, তেতিয়া ই সূচ্যাংক গণনাত প্ৰয়োজন হোৱা সূচ্যাংক ভাজক/মূল পুঁজিৰ বিক্ৰয়ত প্ৰতিফলিত হয়। বজাৰ মূল্য পৰিৱৰ্তনৰ বাবে সূচ্যাংক ভাজক/মূলধনৰ বিক্ৰয়ৰ প্ৰতিষ্ঠাপনৰ সলনি হয়, য’ত সূচ্যাংকৰ মান ধ্ৰুৱক।

সূচ্যাংকৰ নিম্নোক্ত পৰিৱৰ্তনসমূহ আইআইএছএল-এ প্ৰয়োগ কৰে-

কৰ্প’ৰেট কাৰ্যাৱলী সাপেক্ষে অৱশিষ্ট শ্বেয়াৰৰ পৰিৱৰ্তনত প্ৰতিষ্ঠাপনত সূচ্যাংকৰ বজাৰত মূলৰ কেপিটেলাইজেচন/ভাজক পুনৰীক্ষণ কৰে।

সুস্থিৰ বজাৰ ঘোষণাৰ প্ৰাকমূহূৰ্তত মূলৰ কেপিটেলাইজেচন/ভাজক পুনৰীক্ষণ কৰা হয়।

পুনৰীক্ষণ হোৱা মূল কেপিটেলাইচন অথবা পুৰীক্ষণ হোৱা ভাজক ব্যৱহাৰ কৰি পৰৱৰ্তী সূচ্যাংক মান গণনা কৰা হয়।

কৰ্প’ৰেট কাৰ্যৰ প্ৰকাৰসমূহ

ক্ৰমাংক

কৰ্প’ৰেট কাৰ্যৰ ধৰণাসমূহ

বেছ কেপিটেলাইজেছন /

ভাজক সংযোজন

5 / 6 বেছ কেপিটেলাইজেচনত

৫/৬ /

ভাজক

অধিকাৰ

হয়

ভাট্টা

নহয়

শ্বেয়াৰ বিভংগন

নহয়

ঋণ পৰিৱৰ্তন

হয়

ৱাৰেণ্টী পৰিৱৰ্তন

হয়

জনস্বাৰ্থ জৰিত বিষয় (আভ্যন্তৰীণ)

হয়

জনস্বাৰ্থ জৰিত বিষয় (আন্তৰ্জাতিক-জিডিআৰ/এডিআৰ)

হয়

শ্বেয়াৰ ঘাটি

হয়

কৰ্প’ৰেট পুননিৰ্মাণ

হয়

৫ / ৬

১০

বাণিজ্যিক প্ৰতিষ্ঠানৰ মিত্ৰতা

হয়

৫ / ৬

সূচ্যাংকত প্ৰভাৱ পেলোৱা বাণিজ্যিক কাৰ্যাৱলীৰ বাহিৰে অন্যান্য কাৰক

ক্ৰমিক নং

কৰ্প’ৰেট কাৰ্যৰ ধৰণ

বেছ কেপিটেলাইজেছন/ ভাজক সংযোজন

5 / 6 বেছ কেপিটেলাইজেচনত ৫/৬ / ভাজক

সূচ্যাংক কোম্পানীৰ অন্তৰ্ভুক্তি/বাতিলকৰণ

হয়

৫ / ৬

ইকুইটি অধিকাৰ বিষয়:

অধিকাৰ প্ৰস্তাৱ:

অধিকাৰ প্ৰস্তাৱেৰে এটা কোম্পানীয়ে তেওঁলোকৰঅন্তৰ্ভুক্ত শ্বেয়াৰ হ’ল্ডাৰসকলৰ বাবেহে নতুন বিষয়ৰ অৱতাৰণা কৰে। কোম্পানীসমুহে তেওঁলোকৰ অন্তৰ্ভুক্ত শ্বেয়াৰ হ’ল্ডাৰসকলৰ নতুন বিনিয়োগৰ বাবে আহ্বান জনায়। অতিৰিক্ত ইকুইটিৰ বাবে

এক্সন

প্ৰথম ঢাপ:অধিকাৰ প্ৰস্তাৱ প্ৰযোজ্য হোৱা অনুপাত নিৰ্ণয় কৰি লওক, যেনে- কোম্পানী এটাৰ কিমানবোৰ শ্বেয়াৰলৈ অধিকাৰ শ্বেয়াৰ প্ৰদান কৰিব পৰা যাব?.

দ্বিতীয় ঢাপ:কোম্পানীৰ অধিকাৰ প্ৰস্তাৱৰ প্ৰস্তাৱ মূল্য নিৰূপণ কৰক

তৃতীয় ঢাপ:অধিকাৰ বিষয়ত অতিৰিক্ত বজাৰ সুৰক্ষা গণনা কৰক (অতিৰিক্ত অধিকাৰ শ্বেয়াৰ * অধিকাৰ মূল্য)

চতুৰ্থ ঢাপ:সূচ্যাংকত বৰ্তমানৰ বজাৰ সুৰক্ষা অন্তৰ্ভুক্ত কৰক

চতুৰ্থ ঢাপ:তলত দিয়া সূত্ৰ অনুসৰি অধিকাৰ বিষয়েৰে সূচ্যাংকৰ নতুন মূলধন গণনা কৰক

মূলধনৰ পৰিৱৰ্তন গণনা কৰক

নতুন বজাৰ সুৰক্ষা
পুনৰীক্ষিত মূলধন = ------------------ * ১০০০
সুৰক্ষা মান

নতুন বজাৰ সুৰক্ষা = ( N * P ) + সূচ্যাংক সাপেক্ষে পুৰণি বজাৰ সুৰক্ষা

N = অধিকাৰ বিষয় সাপেক্ষে প্ৰস্তাবিত নতুন শ্বেয়াৰ
P = প্ৰস্তাৱ মূল্য

সংযোজনৰ পূৰ্বে পুৰণি বজাৰ সুৰক্ষা সূচ্যাংকৰ ক্লজিং বজাৰ সুৰক্ষা

একছেঞ্জ(এনএছই)য়ে এক্স-ডেট সাপেক্ষে পৰিৱৰ্তন প্ৰয়োগ কৰে। সুস্থিৰ বজাৰৰ ঘোষণা অনুসৰি সকলো পৰিৱৰ্তন সাব্যস্ত হয়। বজাৰ মুকলি হোৱাৰ পাছত পূনৰীক্ষিত বেছ কেপিটেলাইজেচন সাপেক্ষেছাবছিকুৱেণ্ট সূচ্যাংকৰ মান গণনা কৰা হয়।

অধিকাৰ বিষয়ত সম্পূৰ্ণ ছাবস্ক্ৰাইব কৰাৰ পাছত ধাৰণাৰ ওপৰত ভিত্তি কৰিহে উপৰি উক্ত সকলো পৰিৱৰ্তন কৰা হয়, কোম্পানীৰ শ্বেয়াৰ মূলধন লাভ কৰা ছাবস্ক্ৰিপচনৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠাপন কৰা হয়।

৫৫ টকা প্ৰস্তাৱ দৰত ১:৪ অনুপাতত (কোম্পানী এটাৰ প্ৰতি চাৰিটা শ্বেয়াৰৰ এটা অধিকাৰ শ্বেয়াৰ হিচাপে) এচিচিৰ দ্বাৰা অধিকাৰ বিষয় বিবেচনা কৰা হয়।

এক্স ডেট ১৯ মে’, ২০০৯

১৮ মে’, ২০০৯ত এছ এণ্ড পি চিএনএক্স নিফ্টীত বজাৰ সুৰক্ষা

২,৫৫৩.৬ বিলিয়ন টকা

১৮ মে’, ২০০৯ত এছএণ্ডপি চিএনএক্সৰ ক্ল’জিং সূচ্যাংক মান

১,১৬০.১৫

এচিচিত থকা ইকুইটি শ্বেয়াৰৰ সংখ্যা

১৩৭,০১২,৩২০

১৮ মে’, ২০০৯ত এচিচিৰ মূল্য

১৮১.৪৫ টকা

১৮ মে’, ২০০৯ত এচিচিৰ বজাৰ সুৰক্ষা (১৩৭,০১২,৩২০*১৮১.৪৫)

২৪.৯ বিলিয়ন টকা

এচিচিৰ অধিকাৰ সাপেক্ষ অতিৰিক্ত শ্বেয়াৰ (১৩৭,০১২,৩২০/৪)

৩৪,২৫৩,০৮০

অধিকাৰ দৰ

৫৫ টকা

সংযোজিত শ্বেয়াৰৰবজাৰ সুৰক্ষা (৩৪,২৫৩,০৮০ * ৫৫)

১.৯ বিলিয়ন টকা

এচিচিৰ নতুন বজাৰ সুৰক্ষা (২৪.৯ বিলিয়ন + ১.৯ বিলিয়ন)

২৬.৮ বিলিয়ন টকা

তাত্ত্বিক দৰ (২৬.৮ বিলিয়ন/১৭১,২৬৫,৪০০)

১৫৬.১৬ টকা

এছএণ্ডপি চিএনএক্স নিফ্টীৰ নতুন বজাৰ সুৰক্ষা (২৫৫৩.৬ বিলিয়ন + ১.৯ বিলিয়ন)

২,৫৫৫.৫ বিলিয়ন

পুৰণি মূল সুৰক্ষা সূচ্যাংক (পুৰণি বজাৰ সুৰক্ষা* ১০০০/সূচ্যাংক মূল্য)

২,২০১ বিলিয়ন টকা

নতুন মূল সুৰক্ষা সূচ্যাংক (নতুন বজাৰ সুৰক্ষা* ১০০০/সূচ্যাংক মূল্য)

২,২০২.৭ বিলিয়ন টকা

ব’নাছ ইছ্যু আৰু শ্বেয়াৰ স্প্লিট

অতিৰিক্ত ইচু: ব’নাছ ইছ্যু: ৰিজাৰ্ভৰ কেপিটেলাইজেচন সাপেক্ষে বৰ্তমানে থকা শ্বেয়াৰহ’ল্ডাৰক আৱণ্টন দিয়া শ্বেয়াৰেই ব’নাছ। ই কোম্পানীৰ অৱশিষ্ট শ্বেয়াৰৰ সংখ্যা বৃদ্ধি কৰে। ব’নাছৰ ফলত সূচ্যাংকত কোনো পৰিৱৰ্তন নঘটে,যাৰ বাবে মাৰ্কেট কেপিটেলাইজেচনৰ সূত্ৰত কোনো পৰিৱৰ্তন সংঘতিত নহয়।

এক্সন:

প্ৰথম ঢাপ:Fব’নাছ ইছ্যু প্ৰযোজ্য হোৱা অনুপাত নিৰ্ণয় কৰি লওক, যেনে- কোম্পানী এটাৰ কিমানবোৰ শ্বেয়াৰলৈ ব’নাচ ইছ্যু প্ৰদান কৰিব পৰা যাব?

দ্বিতীয় ঢাপ: ব’নাছ ইছ্যুৰ ফলাফল হিচাপে কোম্পানীৰ শ্বেয়াৰৰ সংখ্যা বৃদ্ধি কৰক।

শ্বেয়াৰ স্প্লীট: ষ্টকৰ ফেচ ভেল্যুৰ পৰিৱৰ্তনেই শ্বেয়াৰ স্প্লিট। শ্বেয়াৰ স্প্লিটত কোম্পানীৰ শ্বেয়াৰৰ সংখ্যা বৃদ্ধি হয় আৰু সমানুপাতত প্ৰতিটো শ্বেয়াৰৰ মূল্য হ্ৰাস হয়, ইয়াৰ ফলত শ্বেয়াৰ মূলধনত কোনো পৰিৱৰ্তন সংঘটিত নহয়।

ব’নাছ ইছ্যুৰ দৰে ইয়াৰো বিহিত ব্যৱস্থা একে। অনুপাত ছেটত পৰিৱৰ্তন কোম্পানীয়ে কাৰ্যকৰী কৰে আনহাতে এক্স-ডেট ছেটৰ পৰিৱৰ্তন কাৰ্যকৰী কৰে এনএছইয়ে। সকলো পৰিৱৰ্তন সুস্থিৰ বজাৰত কৰা আহ্বানৰ ভিত্তিত হয়।

৩ মাৰ্চ, ২০০৯ এক্স-ডেটত এনআইআইটিৰ ব’নাছ ইছ্যু ১:২ অনুপাতত (দুটা শ্বেয়াৰৰ বাবে এটা ব’নাচ শ্বেয়াৰ হিচাপে) ধৰা হ’ল

২ মাৰ্চত এছএণ্ডপি চিএনএক্স নিফ্টীত বজাৰ সুৰক্ষা

2,227 বিলিয়ন টকা

২ মাৰ্চ, ২০০৯ত এছএণ্ডপি চিএনএক্স নিফটীত ক্ল’জিং সূচ্যাংক মান

1,015.80

এনআইআইটিত থকা ইকুইটি শ্বেয়াৰৰ সংখ্যা

25,768,086

২মাৰ্চ, ২০০৯ত এনআইআইটিৰ দৰ

2,862.00 টকা

২ মাৰ্চ, ১৯৯৯ত এনআইআইটিৰ বজাৰ সুৰক্ষা (২৫,৭৮৬,০৮৬ * ২,৮৬২)

73.75 বিলিয়ন টকা

ব’নাছ সাপেক্ষে অন্তৰ্ভুক্ত কৰা শ্বেয়াৰৰ সংখ্যা (২৫,৭৮৬,০৮৬/২)

12,884,043

ব’নাছ ইছ্যুৰ ফলত এনআইআইটিত শ্বেয়াৰৰ সম্পূৰ্ণ সংখ্যা (২৫,৭৮৬,০৮৬ + ১২,৮৮৪,০৪৩)

38,652,129

এনআইআইটিৰ তাত্ত্বিক এক্স-ব’নাছ দৰ (২,৮৬২ * ২/৩)

1,908.00 টকা

এনআইআইটিৰ নতুন বজাৰ সুৰক্ষা (৩৮,৬৫২,১২৯ * ১৯০৮)

73.75 বিলিয়ন টকা

যিহেতু এনআইআইটিৰ বজাৰ মূলধনত কোনো পৰিৱৰ্তন হোৱা নাই, গতিকে প্ৰকৃত মূলধনত কোনো সংযোজনৰ প্ৰয়োজন নাই

ঋণ পৰিৱৰ্তন, ৱাৰেণ্ট পৰিৱৰ্তন/জনস্বাৰ্থজড়িত বিষয় (আভ্যন্তৰিণ/বৈদেশিক), ব্যক্তিগত নিয়োজন, ফৰফেইচাৰ

ঋণ পৰিৱৰ্তন : যেতিয়া এটা কোম্পানীয়ে আংশিক অথবা পূৰ্ণ পৰিৱৰ্তনযোগ্য ঋণ-পত্ৰ ঘোষণা কৰে, এক নিৰ্দিষ্ট সময়ৰ বাবে এই ঋণ-পত্ৰক ইকুইটি শ্বেয়াৰ হিচাপে পৰিৱৰ্তন কৰিব পাৰি।

ৱাৰেণ্ট পৰিৱৰ্তন: এক নিৰ্দিষ্ট সময়ৰ বাবে ৱাৰেণ্টে হ’ল্ডাৰক কোম্পানীয়ে নিৰ্ধাৰণ কৰা দৰ অনুসৰি ইকুইটি শ্বেয়াৰ ছাবস্ক্ৰাইব কৰাৰ ইচ্ছা প্ৰকাশৰ সুবিধা দিয়া। ৱাৰেণ্ট সাধাৰণতে ঋণৰ সৈতে ঘোষণা কৰ্ এক প্ৰকাৰৰ ইনচেণ্টিভ, যিয়ে হ’ল্ডাৰক ইকুইটি শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ অধিকাৰ প্ৰদান কৰে।

ব্যক্তিগত বিনিয়োজন: ব্যক্তিগত বিনিয়োজন কোম্পানীৰ এক বা একাধিক বিনিয়োগকাৰীক শ্বেয়াৰ বিক্ৰীৰ ফলাফলেই ব্যক্তিগত বিনিয়োজন। ঋণ পৰিৱৰ্তন, ৱাৰেণ্ট পৰিৱৰ্তন, জনস্বাৰ্থজড়িত বিষয় আৰু ব্যক্তিগত বিনিয়োজন এই সকলো কৰ্প’ৰেট কাৰ্যাৱলী কোম্পানীৰ শ্বেয়াৰ মূলধনৰ বৃদ্ধিত সম্পাদিত হয়।

এক্সন:

প্ৰথম পৰ্যায়: ঋণ পৰিৱৰ্তন অথবা ৱাৰেণ্ট পৰিৱৰ্তনৰ ফল হিচাপে এনএছই ইছ্যুত তালিকাকৰণৰ বাবে অহা শ্বেয়াৰৰ সংখ্যা নিৰ্ধাৰণ কৰি লোৱা হয় প্ৰথম পৰ্যায়ত।

দ্বিতীয় পৰ্যায়: সংযোজনৰ পূৰ্বে শ্বেয়াৰৰ বজ্ৰ মূল্য জানি লওক।

তৃতীয় পৰ্যায়: উপৰি উক্ত কৰ্প’ৰেট কাৰ্যৰ বাবে বৰ্তমানৰ বজাৰ সুৰক্ষাৰ বৃদ্ধি সম্পৰ্কে জানি লওক।

চতুৰ্থ পৰ্যায়:তলত উল্লেখ কৰা সূত্ৰ অনুসৰি নতুন মূলধন গণনা কৰক।

মনত ৰাখিব: তালিকাৰকৰণ দিনৰ পৰা নেচনেল ষ্টক এক্সেঞ্জ(এনএছই)ত কোম্পানীৰ শ্বেয়াৰ মূলধন বৃদ্ধি হ’ব। এয়া বজাৰ সুস্থিৰ হোৱাৰ আগতে ঘোষণা কৰা হয়। বজাৰ মুকলিৰ পাছত সকলো অৱশিষ্ট সূচাংক মান পুনৰীক্ষিত বেছ কেপিটেলাইজেচন সাপেক্ষে গণনা কৰা হয়।

পুনৰীক্ষিত মূলধনৰ গণনা

নতুন বজাৰ সুৰক্ষা
পুনৰীক্ষিত মূলধন = ------------------- * ১০০০
সূচাংক সূচ্যাংক মান

নতুন বজাৰ সুৰক্ষা = ( N * P ) + পুৰণি বজাৰ সুৰক্ষা
N = নতুন শ্বেয়াৰ প্ৰস্তাৱৰ সংখ্যা
P = পূৰ্বৰ ক্ল’জিং দৰ

পুৰণি বজাৰ সুৰক্ষা এডজাষ্টমেণ্টৰ পূৰ্বে সূচ্যাংকৰ ক্ল’জিং বজাৰ সুৰক্ষা

ধৰা হওক ২৩ ছেপ্তেম্বৰ, ২০০৯ত ৰিলায়েন্স পেট্ৰ’লিয়ামৰ এক ঋণপত্ৰ পৰিৱৰ্তন ২৩৬,৪৬২,৮০০ শ্বেয়াৰত

২২ ছেপ্তেম্বৰ, ২০০৯ত এছএণ্ডপি চিএনএক্স নিফ্টীৰ বজাৰ সুৰক্ষা

১,৮৫২.২ বিলিয়ন টকা

২২ ছেপ্তেম্বৰ ২০০৯তএছএণ্ডপি চিএনএক্স নিফটীত ক্ল’জিং সূচ্যাংক মান

897.25 ৮৯৭.২৫

পৰিৱৰ্তনৰ বাবে প্ৰস্তাৱিত শ্বেয়াৰৰ সংখ্যা

২৩৬,৪৬২,৮০০

২২ ছেপ্তেম্বৰ, ২০০৯ত ৰিলায়েন্স পেট্ৰ’ৰ শ্বেয়াৰ দৰ

১৭.৮০ টকা

ৰিলায়েন্স পেট্ৰ’ৰ বৰ্তমানৰ ইকুইটি শ্বেয়াৰ

৯০৩,১৫৬,১০০

পৰিৱৰ্তনৰ পাছত ৰিলায়েন্স পেট্ৰ’ৰ সৰ্বমূঠ অ’/এছ ইকুইটি শ্বেয়াৰ (৯০৩,১৫৬,১০০ + ২৩৬,৪৬২,৮০০)

১,১৩৯,৬১৮,৯০০

ৰিলায়েন্স পেৰ্ট’ৰ অতিৰিক্ত বজাৰ সুৰক্ষা (২৩৬,৪৬২,৮০০ * ১৭.৮০)

৪.২ বিলিয়ন টকা

ৰিলায়েন্স পেট্ৰ’ৰ নতুন বজাৰ সুৰক্ষা (১,১৩৯,৬১৮,৯০০ * ১৭.৮০)

২০.৩ বিলিয়ন টকা

এছএণ্ডপি চিএনএক্স নিফটীত নতুন বজাৰ সুৰক্ষা (১,৮৫২.২ + ৪.২)

১,৮৫৬.৪ বিলিয়ন টকা

এছএণ্ডপি চিনএক্স নিফ্টীত পুৰণি বেছ কেপ (১,৮৫২.২ * ১,০০০/৮৯৭.২৫)

২,০৬৪ বিলিয়ন টকা

এচপি চিএনএক্স নিফটীত নতুন বেছ কেপ (১৮৫৬.৪ বিলিয়ন * ১০০০/৮৯৭.২৫)

২,০৬৯ বিলিয়ন টকা

শ্বেয়াৰৰ নিস্ক্ৰীয়কৰণ
শ্বেয়াৰৰ নিস্ক্ৰিয়কৰণ কল মানি আৰু অন্যান্য ক্ষেত্ৰত শ্বেয়াৰহ’ল্ডাৰৰ ত্ৰুটীৰ বাবে কোম্পানীয়ে সেই বিশেষ শ্বেয়াৰ নিস্ক্ৰিয় কাৰৰ অধিকাৰ আছে।যদিহে শ্বেয়াৰ নিস্ক্ৰিয় কৰা হয় তেন্তে অৱশিষ্ট শ্বেয়াৰেৰে কোম্পানীটোৰ বজাৰ সুৰক্ষা হ্ৰাস পাব। প্ৰাৰম্ভিক মূলধন ব্যৱস্থাপনা তেতিয়াহে কৰা হ’ব, যেতিয়া এক্সেঞ্জে তালিকাৰ পৰা বহিস্কৃত শ্বেয়াৰৰ তথ্য লাভ কৰিব।

সংযুক্ত আৰু অধিগ্ৰহণ

এয়া দুটা বা ততোধিক কোম্পানী এটা কোম্পানীলৈ পৰিৱৰ্তিত হোৱা পদ্ধতি। সংযুক্ত হোৱা কোম্পানীটোৰ শ্বেয়াৰহ’ল্ডাৰে অধিগ্ৰহণ কৰা কোম্পানীৰ শ্বেয়াৰ লাভ কৰে। ইয়াৰ ফলত অধিগ্ৰহণ কৰা কোম্পানীটোৰ অৰ্থনৈতিক পৰিকাঠামো সলনি হয় আনহাতে সংযুক্ত হোৱা কোম্পানীটোৰ অস্ত্বিত্ব নোহোৱা হৈ পৰে।

আমাৰ তলত দিয়া কাৰকসমূহ আছে :

১. এটা ইনডেক্স কোম্পানীৰে তালিকাভুক্ত কোম্পানীৰ বিলীন
এইক্ষেত্ৰত ষ্টক এক্সেঞ্জত থকা কোম্পানীৰ তালিকা অনুসৰি গ্ৰহণ কৰা কোম্পানীটো এটা ইনডেক্স কোম্পানী আৰু বিলীন হৈ যোৱা কোম্পানীটো নন-ইনডেক্স কোম্পানী।

এক্সন

প্ৰথম ঢাপ-বিলীন হোৱা কোম্পানীৰ বাবে অনুপাত বিচাৰ অৰ্থাৎ বিলীন হোৱা কোম্পানীৰ কিমানখন শ্বেয়াৰৰ বিপৰীতে এখন শ্বেয়াৰ গ্ৰহণ কৰা কোম্পানীয়ে দিব ।

দ্বিতীয় ঢাপ-বিলীন প্ৰক্ৰিয়াৰ আধাৰত কিমান অতিৰিক্ত শ্বেয়াৰ গ্ৰহণ কৰা কোম্পানীৰ পৰা জাৰী কৰা হ’ল তাৰ হিচাপ

তৃতীয় ঢাপ -নতুন শ্বেয়াৰ জাৰী কৰা বাবে বৰ্তমানৰ বজাৰত বৃদ্ধিৰ খতিয়ান

চুতুৰ্থ ঢাপ -ঋণ ৰূপান্তৰণৰ বাবে কৰা ধৰণে নতুন পুঁজি আধাৰৰ হিচাপ(ওপৰত বাখ্যা আছে)

গ্ৰাহক কোম্পানীৰ শ্বেয়াৰ পুঁজি আৰু পুঁজিৰ আধাৰ তালিকাৰ বাহিৰ হোৱা সময়/কোম্পানীৰ বিলীন হোৱাৰ দিনৰ পৰা হিচাপ কৰা হ’ব । যেতিয়া বজাৰ খুলিব শুধৰণি কৰা পুঁজিৰ আধাৰৰ ভিত্তিত সকলো আহিবলগীয়া ইনডেক্স মূল্য গণনা কৰা হ’ব।

২. তালিকা বৰ্হিভূত কোম্পানীৰ ইনডেক্স কোম্পানীৰ বিলীন প্ৰক্ৰিয়া- এই ক্ষেত্ৰত ষ্টক এক্সেঞ্জত তালিকাভুক্ত নোহোৱা অন্য এটা কোম্পানীও ইনডেক্স কোম্পানীয়ে গ্ৰহণ কৰিব পাৰে ।

এক্সন-বিলীন হোৱা কোম্পানীৰ শ্বেয়াৰহল্ডাৰসকলক গ্ৰাহক কোম্পানীৰ অতিৰিক্ত শ্বেয়াৰ যোগান ধৰা হ’ব। তালিকাত উল্লেখ কৰা দিনৰ পৰা গ্ৰাহক কোম্পানীৰ পূৰ্বৰ শ্বেয়াৰ পুঁজিৰ সৈতে অতিৰিক্ত শ্বেয়াৰখিনিও যোগ কৰা হ’ব ।

প্ৰথম ঢাপ: বিলীন প্ৰক্ৰিয়াৰ আধাৰত গ্ৰাহক কোম্পানীয়ে জাৰী কৰা অতিৰিক্ত শ্বেয়াৰৰ হিচাপ

দ্বিতীয় ঢাপ: বৰ্তমানৰ বজাৰত নতুন শ্বেয়াৰ জাৰী কৰা বাবে অতিৰিক্ত দেয়ৰ হিচাপ

তৃতীয় ঢাপ: ঋণ ৰূপান্তৰণৰ বাবে কৰাৰ দৰে একেধৰণে নতুন পুঁজি আধাৰৰ হিচাপ( ওপৰত বাখ্যা আছে)

৩. দুটা ইনডেক্স কোম্পানীৰ বিলীন প্ৰক্ৰিয়া-
এইক্ষেত্ৰত গ্ৰহণ কৰা আৰু বিলীন হোৱা দুয়োটা কোম্পানীয়ে ইনডেক্স কোম্পানী। অন্য ভাষাত দুটা কোম্পানী বিলীন হৈ এটা কোম্পানীত পৰিণত হ’ব আৰু সেইদৰে এটা কোম্পানীত আৰু অধিক সূচ্যাংক যোগ হ’ব।

এক্সন :

প্ৰথম ঢাপ: বিলীন হোৱাৰ অনুপাত বিশ্লেষণ কৰক আৰু সেইদৰে গ্ৰাহক কোম্পানীয়ে বিলীন হোৱা কোম্পানীৰ শ্বেয়াৰ হল্ডাৰসকলৰ বিপৰীতে জাৰী কৰা শ্বেয়াৰৰ সংখ্যা বিশ্লেষণ কৰক।

দ্বিতীয় ঢাপ : বিলীন হোৱাৰ ফলশ্ৰুতিত গ্ৰাহক কোম্পানীৰ বজাৰ পুঁজি গণনা কৰক।

তৃতীয় ঢাপ :তলত দিয়া সূত্ৰ অনুসৰি বিলীন হোৱাৰ ফলত বজাৰ পুঁজিত সম্পূৰ্ণ বৃদ্ধি অথবা ঘাটি গণনা কৰক।

চতুৰ্থ ঢাপ :তলত দিয়া সূত্ৰ অনুসৰি ইনডেক্সৰ নতুন বজাৰ পুঁজিৰ আধাৰ গণনা কৰক।

আৰু এটা গুৰুত্বপূৰ্ণ ঢাপ হ’ল এখন আদালতে সন্মতি দিয়াৰ পিছত ওপৰোক্ত ছাপৰ অতিৰিক্তভাৱে বিলীন হোৱাৰ দুটা কোম্পানীৰ লগতে সালসনিৰ বিচাৰ কৰা । বিলীন হোৱাৰ পিছত ই এটা অস্তিত্বহীন সত্বাত পৰিণত হয় আৰু সেইবাবেই ইনডেক্সৰ পৰাও উঠাই দিয়া হয়। আৰু নতুন কোম্পানীটোৰ ইনডেক্স ৰূপান্তৰৰ প্ৰচলিত বিধিয়েই বাচনি কৰা হ’ব । এখন প্ৰেছ বাৰ্তাৰ জৰিয়তে বাচনি কৰা কোম্পানীৰ বাবে আগতীয়া যোগাযোগ সাপেক্ষে পাঁচ সপ্তাহৰ ভিতৰত ইনডেক্স প্ৰদান কৰা হ’ব । সাধাৰণ বজাৰ বহাৰ পূৰ্বে সকলো সালসলনিৰ দিহা কৰা হ’ব ।

সংশোধিত মূল পুঁজিৰ গণনা

নতুন বজাৰ পুঁজি
সংশোধিত মূল পুঁজি = -------------------- * ১০০০
ইনডেক্স মূল্য

নতুন বজাৰ পুঁজি = ( এনএডি ) + পুৰণি বজাৰ পুঁজিৰ সূচাংক

এনএডি = নেট বৃদ্ধি / বজাৰ পুঁজিৰ বিলোপ

এনএডি = (বিলীন হোৱাৰ পিছত কোম্পানীৰ বজাৰ পুঁজি বৃদ্ধিৰ পৰিমাণ )
– – ( বিলীন হোৱা কোম্পানীৰ বজাৰ পুঁজি)

পুৰণি বজাৰ পুঁজি হৈছে সালসলনি ঘটোৱাৰ আগৰ সমাপ্তিৰ পূৰ্বৰ বজাৰ পুঁজিৰ ইনডেক্স

বিলীন হোৱা কোম্পানীৰ বজাৰ পুঁজিতকৈ যদি নতুন শ্বেয়াৰবোৰৰ বজাৰ পুঁজি কমকৈ দিয়া হয়, তেনেহ’লে এনএডি ঋণাত্মক হ’ব পাৰে ।

বিলীন হোৱা কোম্পানী যিহেতু অস্তিত্বহীন হৈ পৰে গতিকে ইয়াৰ পিছত ইনডেক্সত নতুন কোম্পানীৰ অন্তৰ্ভূক্তিৰ বাবেও অন্য এক শুধৰণিৰ প্ৰয়োজন হৈ পৰে । এই শুধৰণিৰ বাখ্যা ইনডেক্সৰ কোম্পানীৰ অন্তৰ্ভূক্তি আৰু বিলুপ্তি শীৰ্ষত দিয়া হৈছে ।

২০০৯ বৰ্ষৰ ২০ জানুৱাৰীত পণ্ডচৰ এইচ এল এলৰ সৈতে বিলীন হোৱা ঘটনাটোকে ধৰা হওক, বিলীনৰ অনুপাত আছিল এইচএলএলৰ তিনিখন ইকুইটি শ্বেয়াৰৰ বিপৰীতে পণ্ডচৰ চাৰিখন ইকুইটি শ্বেয়াৰ ।

এছ এণ্ড পি চিএনএক্স আৰু নিফ্টিৰ ২০০৯ বৰ্ষৰ ১৯ জানুৱাৰীত বজাৰ পুঁজি

১, ৯৯০ বিলিয়ন টকা

এছ এণ্ড পি চিএনএক্স আৰু নিফটিৰ ২০০৯ বৰ্ষৰ ১৯ জানুৱাৰীত অন্তিম ইনডেক্স

৯২৪.১০

২০০৯ বৰ্ষৰ ১৯ জানুৱাৰীত পণ্ডচৰ বজাৰ পুঁজি

৩৭.১ বিলিয়ন টকা

এইচএলএলৰ ইকুইটি শ্বেয়াৰৰ স্থিতি

১৯৯,১৬৭,২৮৭

২০০৯ বৰ্ষৰ ১৯ জানুৱাৰীত এইচএলএলৰ মূল্য

১,৭০৪.২০ টকা

২০০৯ বৰ্ষৰ ১৯ জানুৱাৰীত এইচএলএলৰ বজাৰ পুঁজি(১৯৯,১৬৭,২৮৭ * ১,৭০৪.২০ )

৩৩৯.৪ বিলিয়ন টকা

পণ্ডচৰ সৈতে বিলীন প্ৰক্ৰিয়াৰ বাবে এইচএলএলৰ অতিৰিক্ত O/S ইকুইটি পুঁজি

২০,৪০২,২০৯

পণ্ডচৰ সৈতে বিলীন প্ৰক্ৰিয়াৰ বাবে এইচএলএলৰ অতিৰিক্ত বজাৰ পুঁজি (২০,৪০২,২০৯*১,৭০৪.২০)

৩৪.৮ বিলিয়ন টকা

এইচএলএলৰ নতুন বজাৰ পুঁজি ( ৩৩৯.৪ + ৩৪.৮ )

৩৭৪.২ বিলিয়ন টকা

বিলীন প্ৰক্ৰিয়াৰ বাবে ইনডেক্সত বজাৰ পুঁজিৰ সঠিক অন্তৰ্ভূক্তি/বিলুপ্তি (৩৪.৮ বিলিয়ন– Rs. ৩৭.১ বিলিয়ন)

(২.৩ বিলিয়ন )

এছ এণ্ড পি চিএনএক্স আৰু নিফ্টিৰ নতুন বজাৰ পুঁজি( ১,৯৯০ বিলিয়ন + ( ২.৩ বিলিয়ন))

১,৯৮৭.৭ বিলিয়ন

এছ এণ্ড পি চিএনএক্স আৰু নিফ্টিৰ পুৰণি বজাৰ পুঁজি

২,১৫৩.৫ বিলিয়ন

এছ এণ্ড পি চিএনএক্স আৰু নিফ্টিৰ নতুন মূল পুঁজি (১,৯৮৭.৭* ১০০০ / ৯২৪.১০ )

২,১৫১ বিলিয়ন

৪. সূচ্যাংকটোৰ বাহিৰৰ এটা কোম্পানীৰ সৈতে এটা সূচ্যাংক কোম্পানীৰ একত্রীকৰণ এই ক্ষেত্রত এটা সূচ্যাংক এটা কোম্পানীৰ লগত একত্রীত হয় যিটো ,সূচ্যাংকটোত নাই I ইয়াত গ্রহনকৰা কোম্পানীটো সূচ্যাংকটোৰ বাহিৰৰ কোম্পানী আৰু একত্রীত হোৱাখিনি সূচ্যাংকটোৰ ভিতৰৰ কোম্পানী Iভৱিষ্যতে একত্রীত হোৱাৰ পিছত সূচ্যাংক কোম্পানীটো কোনো অৱস্থিতি নথকা হৈ পৰিব I এই ক্ষেত্রত একাউন্ট বা একত্রীতকৰণ আঁতৰোৱা আৰু এটা নতুন কোম্পানীৰ সৈতে স্থানসলনিৰ এক বুজাবুজিৰ কৰাৰ প্রয়োজন হব I

কার্য : চেট নির্বাচন গাইডলাইন ব্যৱহাৰ কৰি সূচ্যাংক কোম্পানীটোৰ এটা স্থান সলনিকৰণ পোৱা গৈছিল Iসূচ্যাংকটোত নির্বাচিত কোম্পানী অন্তভূক্ত হব আৰু একত্রীত হোৱা খিনি প্রেচ বিবৃতিৰ দ্বাৰা পাঁচটা সপ্তাহৰ আগতীয়াকৈ জনাই আঁতৰোৱা হব I স্বাভাৱিক বজাৰ আৰম্ভ হোৱাৰ আগতেই সকলো ধৰণৰ পৰিৱর্তন কৰা হব I

সূচ্যাংক চেট-টোৰ পৰা সংযোজন /বিযোজন
বিভিন্ন কাৰকৰ কাৰণে যেনে একত্রীত কৰোতা /অর্জন /দেউলীয়া হোৱা /পূনউথাপনৰ অভাৱ /সূচ্যাংক শাখাৰ যোগ্যতা সম্পূর্ণ নকৰা ইত্যাদিৰ বাবে সময়ে সময়ে সূচ্যাংক এটাৰ উপাদানসমূহ সলনি হৈ থাকিব পাৰে I

প্রত্যেক সূচ্যাংকতে সূচ্যাংকটোৰ প্রার্থী হবৰ বাবে পোৱা সকলো যোগ্যতা সামৰি লোৱা এটা স্থানসলনি কৰা পোল থাকে I সূচ্যাংক এটাত সকলো ধৰণৰ স্থানচ্যুতি এই পোল-টোৰ পৰা ঘটে I

কার্য :

প্রচেষ্টা ১:বুজা-বুজিটো কৰাৰ আগতে সামৰণি পৰা বজাৰ মূল্যৰ সৈতে মূলধন অর্জনৰ গণনা নাইকীয়া কৰা হব I

প্রচেষ্টা ২:তেনেদৰে কোম্পানীটোৰ বজাৰ কেপ সূচ্যাংকটোত অন্তভূক্ত কৰা হবI

প্রচেষ্টা ৩:কোম্পানীসমূহৰ সংযোগ কৰা বজাৰ কেপ-ৰ পৰা নাইকীয়া কৰি কোম্পানীৰ বজাৰ কেপ হ্রাস কৰাৰ দ্বাৰা সূচ্যাংকটোৰ মুঠ বজাৰ কেপৰ অৱস্থিত পৰিৱর্তন গণনা কৰা হবI

প্রচেষ্টা ৪: সূচ্যাংকটোৰ নতুন মূলধন ভিত্তি গণনা কৰা I

সূচ্যাংকটোৰ পৰা নাইকীয়া হোৱা আৰু সংযোগ হোৱাটোৰ পাঁচটা সপ্তাহৰ আগতীয়াকৈ প্রেচ বিবৃতিৰ দ্বাৰা জনোৱা হব I বৃহস্পতিবাৰৰ স্বাভাৱিক বজাৰ আৰম্ভ হোৱাৰ আগতেই পৰিৱর্তন সমূহ ঘটোৱা হব I বজাৰ খোলাৰ পিছত পৰৱর্তী সূচ্যাংক মূল্য মূলধন অর্জনৰ পূনৰীক্ষন আৰু উপাদানসমূহৰ পূনৰীক্ষনৰ ভিত্তিত গণনা কৰা হব I

সংশোধিত বেছ কেপিটেল গণনা

নতুন বজাৰ সুৰক্ষা
সংশোধিত বেছ কেপিটেল = ------------------- * ১000
সূচ্যাংক মান

নতুন বজাৰ সুৰক্ষা = মুঠ সলনি + সূচ্যাংকত পূৰণি বজাৰ সুৰক্ষা

মুঠ সলনি = ((সূচ্যাংক অন্তৰ্ভুক্ত হোৱা কোম্পানীৰ বজাৰ মূলধন)
-(সূচ্যাংকৰ পৰা নাম প্ৰত্যাহাৰ অন্তৰ্ভুক্ত হোৱা কোম্পানীৰ বজাৰ মূলধন)

পুৰণি বজাৰ সুৰক্ষা সংশোধনৰ পূৰ্বে সূচ্যাংকৰ ক্লজিং বজাৰ সুৰক্ষা

এইটো বিবেচনা কৰা হব যেতিয়া সাতটা আমানত সংযোজন ঘটোৱা হব আৰু ১৯৯৮ চনৰ ৭ অক্টোবৰ এচ &পি চি এন এক্স নিফটিত নাইকীয়া কৰা হব I

অন্তৰ্ভুক্ত হোৱা কোম্পানী

১৯৯৮ চনৰ ০৬ অক্টোবৰত বজাৰ মূলধন

১. ইনফোছিছ টেকন’লজিছ লিমিটেড

৩৬.২ বিলিয়ন টকা

২. এনআইআইটি মিলিটেড

৩৩.৪ বিলিয়ন টকা

৩. বেংক অব ইণ্ডিয়া

১৫.৮ বিলিয়ন টকা

৪. স্মিথক্লাইন বীচম কনজুমান হেলথকেয়াৰ

২১.৬ বিলিয়ন টকা

৬. হিৰো হোণ্ডা মটৰছ লিমিটেড

২৩.৫ বিলিয়ন টকা

৬. প্ৰোকটাৰ এণ্ড গেম্বল লিমিটেড

১৬ বিলিয়ন টকা

৭. চিপলা লিমিটেড

১৫.৯ বিলিয়ন টকা

সৰ্বমুঠ

১৬২.৪ বিলিয়ন টকা

কৰ্তন হোৱা কোম্পানী

১৯৯৮ চনৰ ৬ অক্টোবৰত বজাৰ মূলধন

১. বিপিচিএল

৩৩.৮ বিলিয়ন টকা

২. অশোক লেলেণ্ড লিমিটেড

২.৭ বিলিয়ন টকা

৩. ইণ্ডো গালফ ফাৰ্টিলাইজাৰ

৫.৮ বিলিয়ন টকা

৪. অন্ধ্ৰ ভেলী পাৱাৰ ছাপ্লাই লিমিটেড

৪.৬ বিলিয়ন টকা

৫. থাৰ্মেক্স লিমিটেড

৩.৮ বিলিয়ন টকা

৬. এমআৰপিএল

৫.৪ বিলিয়ন টকা

৭. পণ্ডছ ইণ্ডিয়া লিমিটেড

৩৫.৩ বিলিয়ন টকা

মুঠ

৯১.৪ বিলিয়ন টকা

৬ অক্টোব, ১৯৯৮ত এছএণ্ডপি চিএনএক্স নিফটীত বজাৰ মূলধন

১৭৫০ বিলিয়ন টকা

৬ অক্টোবৰ, ১৯৯৮ত এছএণ্ডপি নিফটীত ক্লজিং সূচ্যাংক মান

৮৪৫.৭৫

এছএণ্ডপি চিএনএক্স নিফটীৰ যোগ/বাতিল কাৰকৰ বাবে বজাৰ মূলধনত মুঠ যোগ/বাতিল (১৬২.৪ বিলিয়ন টকা – ৯১.৪ বিলিয়ন টকা)

৭১ বিলিয়ন টকা

এছএণ্ডপি চিএনএক্সৰ যোগ/বাতিলৰ বাবে নতুন বজাৰ মূলধন (১৭৫০ বিলিয়ন টকা – ৭১ বিলিয়ন টকা)

১৮২১ বিলিয়ন টকা

এছএণ্ডপি চিএনএক্সত মূল বজাৰ মূলধন

২০৬৯ বিলিয়ন টকা

এছএণ্ডপি চিএনএক্সত নতুন বজাৰ মূলধন (২০৬৯ বিলিয়ন টকা * ১০০০/৮৪৫.৭৫)

২৪৪৬ বিলিয়ন টকা

ভাজক ঘোষণা
ভাজক ঘোষণাৰ দৰে কৰ্প’ৰেট কাৰ্যাৱলীৰ বাবে সাধাৰণ দৰ সূচ্যাংকত কোনো ব্যৱস্থাপনাৰ প্ৰয়োজন নহয়। এক সুকীয়া মুঠ প্ৰবিৱৰণ সূচ্যাংক (টিআৰ) গণনা কৰা হয়, য’ত ভাজকসহ সূচ্যাংক প’ৰ্টফলিঅ’ৰ প্ৰবিৱৰণৰ তথ্য পোৱা যায়। মুঠ প্ৰবিৱৰণ সূচ্যাংক সদায় সক্ৰিয় বজাৰ কেপিটেলাইজেচন সূচ্যাংক সাপেক্ষে গণনা কৰা হয়।

একচন :

প্ৰথম পৰ্যায় : কোম্পানীয়ে ঘোষণা কৰা প্ৰতি শ্বেয়াৰত ভাজক সম্পৰ্কে জানি ল’ব লাগে।

দ্বিতীয় পৰ্যায় : কোম্পানী এটাৰ শ্বেয়াৰৰ অৱশিষ্ট সংখ্যা জানি ল’ব লাগে।

তৃতীয় পৰ্যায় :কোম্পানী এটাক দিবলগীয়া ভাজকৰ পৰিমাণ গণনা কৰিব লাগে। এয়া প্ৰতিটো শ্বেয়াৰৰ বিপৰীতে ভাজকৰ সংখ্যা আৰু কোম্পানী এটাৰ অৱশিষ্ট শ্বেয়াৰৰ সংখ্যাৰ পূৰণফল।

চতুৰ্থ পৰ্যায় :তলত দিয়া সূত্ৰ অনুসৰি সূচ্যাংক ভাজক গণনা কৰিব লাগে।

পঞ্চম পৰ্যায় :তলত উল্লেখ কৰা সূত্ৰ অনুসৰি নতুন টি আৰ সূচ্যাংক গণনা কৰিব লাগে।

কেৱল ভাজক কাৰকৰ বাবেহে পূৰ্ণ প্ৰবিৱৰণ সূচ্যাংক পৰিৱৰ্তন কৰা হয়। এনএছইৰ দ্বাৰা এক্স-ডেটত ভাজক কাৰক ঘোষণা কৰা হয়।

টিআৰ সূচ্যাংকৰ গণনা

টিআৰ সূচ্যাংক

= পূৰণি টিআৰ সূচ্যাংকৰ মান * (এমপি সূচ্যাংকৰ মান) + (দিনটোৰ সূচ্যাংক ভাজক)
--------------------------------------------------
পূৰণি এমচি সূচ্যাংকৰ মান

সূচাংকত স্ক্ৰাইপছৰ পূৰ্ণ ভাজক
দিনটোক সূচ্যাংক ভাজক = -------------------------------------------
এমচি সূচ্যাংকৰ সূচ্যাংক ভাজক

এমচি সূচ্যাংক = বজাৰ মূলধন ভিত্তিক সূচ্যাংক যি সূচ্যাংকৰ পূৰ্ণ প্ৰবিৱৰণ সাপেক্ষে গণনা কৰা হয়

সূচ্যাংকত স্ক্ৰাইপছৰ পূৰ্ণ ভাজক = প্ৰতি শ্বেয়াৰত ভাজক * অৱশিষ্ট শ্বেয়াৰ

দুটা কোম্পানীৰ ৮ মাৰ্চ, ২০০০ত নিফটী সূচ্যাংকসহ ঘোষণা কৰা ভাজক কাৰক ভাজক কাৰক ধৰা হওক

১. হিন্দুস্তান লিভাৰে ঘোষণা কৰিলে প্ৰতিটো শ্বেয়াৰৰ বাবে ১৭ টকা ভাজক
২. গ্লাক্স’ ইণ্ডিয়াই প্ৰতি শ্বেয়াৰৰ বিপৰীতে ভাজক ঘোষণা কৰিলে ৬ টকা

৮ মাৰ্চ, ২০০০ৰ বাবে পূৰ্ণ প্ৰবিৱৰণ সূচ্যাংক
নিফটী বজাৰ মূলধন ভিত্তিক সূচ্যাংক যাৰ সাপেক্ষত টিআৰ সূচ্যাংক গণনা কৰা হয়

৮মাৰ্চ, ২০০০ত ক্ল’জিং নিফ্টী সূচ্যাংকৰ মান

১৬৬৬.৩৫

৭মাৰ্চ, ২০০০ত ক্ল’জিং নিফ্টী সূচ্যাংকৰ মান

১৭০২.৭৫

৭মাৰ্চ, ২০০৮ত ক্ল’জিং টিআৰ সূচ্যাংকৰ মান

১৮০৬.৩১

নিফটী সূচক ভাজ্য

২,৪২৭,৪৮৩,৭০২

এইচ এল এলৰ অৱশিষ্ট ইকুইটি শ্বেয়াৰৰ সংখ্যা

২১৯,৫৬৯,৪৯৫

এইচ এল এল-এ পাবলগীয়া সম্পূৰ্ণ ভাজকৰ পৰিমাণ (২১৯,৫৬৯,৪৯৫*১৭)

৩.৭৩ বিলিয়ন টকা

গ্লাক্স’ৰ অৱশিষ্ট ইকুইটি শ্বেয়াৰৰ সংখ্যা

৫৯,৭৭৫,০০০

গ্লাক্স’ই পাবলগীয়া সম্পূৰ্ণ ভাজকৰ পৰিমাণ (৫৯,৭৭৫,০০০*৬)

৩৫৯ নিযুত টকা

সূচ্যাংক ভাজক ((৩.৭৩ বিলিয়ন টকা + ৩৫৯ নিযুত টকা)/২,৪২৭,৪৮৩,৭০২)

১.৬৮৫৪২

নতুন টিআৰ সূচ্যাংকৰ মান (১৮০৬.৩১*(১৬৬৬.৩৫+১.৬৮৫৪২)
---------------------------
১৭০২.৭৫

১৭৬৯.৪৮

ইনডেক্স ফাণ্ড আৰু কৰ্প’ৰেট কাৰ্যাৱলী ব্যৱস্থাপনা

অধিকাৰ বিষয়ত
অধিকাৰ বিষয়ত প’ৰ্টফলিঅ’ৰ আয়তন সাপেক্ষে ইনডেক্স ফাণ্ড ব্যৱস্থাপনাৰ প্ৰয়োজন হয়।

অধিকাৰ বিষয়ত প’ৰ্টফলিঅ’ৰ আয়তন সাপেক্ষে ইনডেক্স ফাণ্ড ব্যৱস্থাপনাৰ প্ৰয়োজন হয়

লিকুইডিটীৰ বাবে সকলো পুঁজিয়ে প’ৰ্টফলিঅ’ৰ কিছু অংশ প্ৰবন্ধন কৰে, সেয়ে ইয়াক অধিকাৰ বিষয়ক ছাবস্ক্ৰাইবত ব্যৱহাৰ কৰিব পাৰি।

পুঁজিয়ে এক্স-ডেটত অধিকাৰ বিষয় সামৰণিত অৰিহণা যোগাই প’ৰ্টফলিঅ’ পুনৰ সমতুল কৰিব পাৰে।

ভাট্টা বিষয়
আণ্ডাৰলেয়িং সুৰক্ষাৰ বজাৰ মূলধনত ভাট্টা বিষয়ত তাত্ত্বিকভাৱে কোনো পৰিৱৰ্তন নহয়, সেয়ে প্ৰাৰম্ভিক মূলধনত কোনো ব্যৱস্থাপনাৰ প্ৰয়োজন নহয়। যিহেতু প্ৰাৰম্ভিক মূলধনক কোনো ব্যৱস্থাপনাৰ প্ৰয়োজন নহয়, সেয়ে ইনডেক্স ফাণ্ডতো কোনো ব্যৱস্থাপনাৰ প্ৰয়োজন নহয়।

ঋণ পৰিৱৰ্তন/ৱাৰেণ্ট পৰিৱৰ্তন/জনস্বাৰ্থ বিষয়/ব্যক্তিগত বিনিয়োজন
ঋণ পৰিৱৰ্তন/ৱাৰেণ্ট পৰিৱৰ্তন/জনস্বাৰ্থ বিষয়/ব্যক্তিগত বিনিয়োজনে সূচাংকত সুৰক্ষাৰ আয়তন বৃদ্ধিত অৰিহনা যোগায়। সেইদৰে, প’ৰ্টফলিঅ’ত ইনডেক্স ফাণ্ডৰ সুৰক্ষাৰ আয়তন বৃদ্ধিৰ প্ৰয়োজন হয়। ইয়াৰ বাবে ব্যৱস্থাপনৰ সময়ত সূচাংকৰ বাবে মুকলি বজাৰৰ পৰা অতিৰিক্ত শ্বেয়াৰ ক্ৰয় কৰাৰ প্ৰয়োজন হয়। এই ক্ৰয়ৰ বাবে সুৰক্ষাৰ বিক্ৰী অথবা সক্ৰিয় ষ্টক বাস্কেট অথবা কেছ বাফাৰৰ পৰা মূল্য আহৰণ সুনিশ্চিত কৰা হয়।

বিলীন আৰু অধিগ্ৰহণ
বিলীন আৰু অধিগ্ৰহণ প্ৰক্ৰিয়াৰ বিভিন্ন সম্ভাৱনাসমূহ—

১. এটা ইনডেক্স কোম্পানীত তালিকাভূক্ত কোম্পানীৰ বিলীন প্ৰক্ৰিয়াঃ যিহেতু গ্ৰাহক কোম্পানীৰ শ্বেয়াৰসমূহ বিলীন হোৱা কোম্পানীৰ শ্বেয়াৰহল্ডাৰ সকলৰ মাজত বিতৰণ কৰা হ’ব । গ্ৰাহক কোম্পানীৰ বজাৰ পুঁজি বৃদ্ধিৰ প্ৰক্ৰিয়াই ইনডেক্সতো গ্ৰাহক কোম্পানীৰ মহত্ত বৃদ্ধি কৰিব । এই ক্ষেত্ৰত একমাত্ৰ শুধৰণিৰ প্ৰয়োজন হ’ব গ্ৰাহক কোম্পানীৰ মহত্ব বৃদ্ধিৰ ক্ষেত্ৰত । সেইবাবে যেতিয়া ইনডেক্সৰ শুধৰণি কৰা হ’ব, পূৰ্বৰ তাৰিখতে পুঁজিৰ মহত্তত সমতাস্থাপনৰ বাবে শ্বেয়াৰ ক্ৰয় কৰা দৰকাৰ। এই ক্ৰয়ৰ বাবে ছিকিউৰিটি বিক্ৰী অথবা ষ্টক বাস্কেট বা কেছ বাফাৰৰ পৰাই নগদ ধন ল’ব পাৰি ।

২.এটা তালিকা বৰ্হিভূত কোম্পানীৰ ইনডেক্স কোম্পানীত বিলীন প্ৰক্ৰিয়া- এই সংশোধনী প্ৰক্ৰিয়াও ওপৰত উল্লেখ কৰা ধৰণৰ । শ্বেয়াৰৰ বৰ্ধিত সংখ্যাৰ বাবে ইনডেক্সত মহত্ত আনিবলৈকৈ গ্ৰাহক কোম্পানীৰ পৰাই শ্বেয়াৰ ক্ৰয় কৰিব লাগে ।

৩. দুটা ইনডেক্স কোম্পানীৰ বিলীন প্ৰক্ৰিয়া- এই ক্ষেত্ৰত যদি দুটা ইনডেক্স কোম্পানীৰ মাজত সমযোজন হয়,

(ক)গ্ৰাহক কোম্পানীৰ বজাৰ পুঁজি বৃদ্ধি পাব- এইটো এটা উদ্বেগৰ বিষয় নহ’ব কাৰণ বিলীন হোৱা কোম্পানীত থকাৰ দৰেই স্বয়ংক্ৰিয়ভাৱে গ্ৰাহক কোম্পানীতো শ্বেয়াৰ লাভ কৰিব।

(খ)ইনডেক্সত এটা নতুন কোম্পানীৰ অন্তৰ্ভূক্তি হ’ব- ইনডেক্সত সোমাবলগীয়া নতুন ষ্টক ক্ৰয়ৰ বাবে যথেষ্ট পৰিমাণে ধন উৎপন্ন কৰাৰ বাবে ইনডেক্সত থকা সকলো ষ্টকৰ কিছু অংশ বিক্ৰী কৰি পুঁজিত সমতা স্থাপন কৰা উচিত ।

৪)ইনডেক্সৰ বাহিৰত থকা এটা কোম্পানীৰ ইনডেক্স কোম্পানীৰ সৈতে বিলীন প্ৰক্ৰিয়া- এই ক্ষেত্ৰত পৰ্টফলিঅ’ত সমতাস্থাপনৰ বাবে নতুন ইনডেক্স কোম্পানীত মহত্ব আনিবলৈ বিলীন হোৱা ইনডেক্স কোম্পানীৰ সকলো শ্বেয়াৰ বিক্ৰী কৰিব লাগে। যদি দুটা কোম্পানীৰ বজাৰ পাৰ্থক্য থাকে, তেতিয়া নতুন কোম্পানীৰ শ্বেয়াৰ ক্ৰয়ৰ বাবে বৰ্তমানৰ পৰ্টফলিঅ’ৰ এটা অংশ বিক্ৰী কৰি প্ৰচুৰ পুঁজি গোটাব লগীয়া হ’ব পাৰে ।

ইনডেক্সত কোম্পানীৰ অন্তৰ্ভূক্তি আৰু বিলুপ্তিঃ ইনডেক্সৰ পৰা বিলুপ্ত হোৱা কোম্পানীৰ শ্বেয়াৰবোৰ বিক্ৰীৰ জৰিয়তে পুঁজি গঠন হোৱা উচিত । যদি আহিবলগীয়া কোম্পানীৰ বজাৰ পুঁজি বাহিৰ হ’বলগীয়া কোম্পানীতকৈ বেছি হয়, তেতিয়া ইনডেক্সত থকা সকলো অন্য ছিকিউৰিটিৰ এটা অংশ বিক্ৰী কৰিব লাগে ।

নগদ ধনৰ লভ্যাংশঃ যদিহে পোনপটীয়াকৈ বিনিয়োগকাৰীলৈ যায়, তেনেহ’লে নগদ ধনৰ লাভাংশৰ বাবে শীঘ্ৰে পুনৰ বিনিয়োগৰ প্ৰয়োজন হ’ব । এটা সৰল বিকল্প হৈছে এটা সৰু সময়সীমাৰ পুঁজিত নগদ লভ্যাংশৰ জমা। এটা বিশেষ সময়সীমাৰ ভিতৰত ফাণ্ড মেনেজাৰে পুঁজি ষ্টক মাৰ্কেটলৈ স্থানান্তৰ কৰিব পাৰে ।

ইনডেক্স পুঁজি পৰিচালনাত সন্মুখীন হোৱা বাস্তৱ সমস্যাঃ
প্ৰথম দৃষ্টিত যদিও ইনডেক্স ফাণ্ড পৰোক্ষভাৱে পৰিচালিত ফাণ্ড, এইক্ষেত্ৰত অনডেক্স ফাণ্ড চলোৱাত কেতবোৰ ব্যৱহাৰিক সমস্যা আছে যিবোৰৰ ভুল ট্ৰেকিঙত প্ৰভাৱ আছে।

সেইবোৰ তলত দিয়াধৰণৰ—

১.এটা ইনডেক্স ফাণ্ড কেতিয়াও সকলো সময়তে সম্পূৰ্ণৰূপে বিনিয়োগ কৰা নহয়। ইয়াৰ তৰল আৱশ্যকতা ধৰি ৰাখিবলৈ যথেষ্ট পৰিমাণৰ কেছ বাফাৰৰ আৱশ্যক হয়। সেইবাবেই এই ধন যি হিচাপ নিকাচ লৈ খটোৱা হৈছিল তাৰ তুলনাত ইনডেক্সৰ প্ৰতিদানত পাৰ্থক্য পৰিলক্ষিত হয়।

২.যিটো মূল্যত ইনডেক্সত অন্তৰ্ভূক্ত হৈছিল, সেই হিচাপত পুঁজিয়ে নতুন বিষয় আহৰণ কৰাত সক্ষম নহ’ব পাৰে ।

৩.এটা ইনডেক্স ফাণ্ডে পৰ্টফলিঅ’ত সমতা স্থাপনত ব্যৰ্থ হ’ব পাৰে যদিহে ডেলিভাৰী পিৰিয়দৰ ভিতৰত প্ৰয়োজনীয় ছিকিউৰিটি নাথাকে ।

৪.কৰ্প’ৰেট এক্সনৰ ক্ষেত্ৰত ইনডেক্সৰ সমতা যেনে অধিকাৰ বিষয়ক, বনাছ বিষয়ক, নগদ লভ্যাংশ আদি নিৰ্দিষ্ট তাৰিথত কিন্তু পুঁজিয়ে প্ৰকৃত শ্বেয়াৰ অথবা লাভাংশৰ ধন এটা নিৰ্দিষ্ট সময়ৰ পিছতহে পাব । তেতিয়ালৈকে, ই ভুল ট্ৰেকঙত ইয়াৰ প্ৰভাৱ দেখুৱাই থাকিব।

হিচাপ নিকাচ আৰু ধনৰ প্ৰবাহ পৰিচালনা
এটা ইনডেক্স ফাণ্ডৰ বাবে সকলো সময়তে এশ শতাংশই বিনিয়োগ অসম্ভৱ। এটা পৰ্টফলিঅ’ৰ কিছু অংশ ঋণমুক্তিৰ উদ্দেশ্যৰে বচাই ৰখাৰ প্ৰয়োজন । এটা ইনডেক্স ফাণ্ডলৈ ধনৰ প্ৰবাহৰ গতি অব্যাহত ৰাখিবলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰা হয়। ধনৰ প্ৰবাহ কেনেদৰে এটা ইনডেক্সত বিনিয়োগ হ’ব তাৰো বিভিন্ন পন্থা আছে ।

১.ইনডেক্স ফিউচাৰ ব্যৱহাৰ কৰি
ইনডেক্সৰ ফাণ্ড মেনেজাৰে পুঁজিৰ সম্পূৰ্ণ বিনিয়োগৰ বাবে ফিউচাৰ কণ্ট্ৰাক্ট ব্যৱহাৰ কৰিব পাৰে । ইনডেক্স ফিউচাৰবোৰ হ’ল বৰ্তমানৰ তাৰিখত এটা নিৰ্ধাৰিত মূল্য নিৰ্ধাৰণ কৰি ভৱিষ্যতৰ এটা বিশেষ দিনত ইনডেক্সৰ ক্ৰয় বা বিক্ৰয়ৰ বাবে কৰা ঠিকাভিত্তিক চুক্তি । ফিউচাৰ কণ্ট্ৰেক্টৰ বাবে আবণ্টিত সম্পত্তিয়ে অতি কম খৰচত ভৱিষ্যতৰ বজাৰত ইনডেক্সৰ প্ৰবেশ আৰু বাহিৰ হোৱাৰ ক্ষেত্ৰত একেই নিৰিখত ৰিটাৰ্ণ লাভ কৰে ।

ষ্টকত যদি পুৰ্নবিনিয়োগ অব্যাহত থাকে তেনেহ’লে লভ্যাংশৰ পৰা উপাৰ্জিত ধন আৰু অন্য ধন কম সময়সীমাৰ বাবে ফিউচাৰ কনণ্ট্ৰেক্টত বিনিয়োগ কৰিব পাৰি। যেতিয়া নগদ ধন বিনিয়োগ কৰিব পৰাকৈ পৰ্যাপ্ত হৈ পৰে, তেতিয়া ফিউচাৰ পজিশ্যনত বন্ধ ৰাখি ব্যৱহাৰিক সম্পত্তিৰ বাবে পুঁজি বিনিয়োগ কৰিব পাৰি।

২.অস্থায়ী ৰূপত ফিক্সড ইনকাম ছিকিউৰিটিত বিনিয়োগ কৰি
নগদ ধন কম সময়ৰ বাবে মুদ্ৰাৰ বজাৰত বিনিয়োগ কৰিব পাৰি যাৰ দ্বাৰা নিৰ্ধাৰিতহাৰত আয় অথবা মুদ্ৰাৰ বজাৰ প্ৰভূত্ব আনিব পাৰি। সেইবাবে হিচাপ নিকাচৰ উদ্দেশ্য আগত ৰাখি জমা কৰা নগদ ধনো ট্ৰেকিং ভূলৰ বাবে সৃষ্টি হ’ব পৰা বিপদৰ সম্ভাৱনা কম কৰিবলৈ উপাৰ্জনৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

ইনডেক্স ফাণ্ডৰ পাৰদৰ্শিতাৰ জোখ
পূৰ্ব নিৰ্ধাৰিত ইনডেক্স অনুসৰি উপাৰ্জনৰ স্বাৰ্থত ইনডেক্স ফাণ্ড সজোৱা হয়। ইনডেক্সৰ মুঠ ৰিটাৰ্ণৰ সৈতে তুলনা কৰি ইনডেক্স ফাণ্ডৰ ৰিটাৰ্ণ এনএভিৰ দ্বাৰা জোখা হয়(পৃষ্ঠা নম্বৰ ২৫ত বাখ্যা কৰা ধৰণে)। কাৰণটো হ’ল- ইনডেক্স ফাণ্ডে লাভ্যাংশ পুনৰ বিনিয়োগ কৰে আৰু মুঠ ৰিটাৰ্ণ ইনডেক্সে লভ্যাংশকে ধৰি মুঠ ৰিটাৰ্ণ ইনডেক্স দেখুৱায়।

অন্য আনুসংগিক ধাৰণা-

ছিন্থেথিক ইনডেক্স ফাণ্ড : ইনডেক্স ফাণ্ড বাস্তৱ সম্পত্তি আৰু ষ্টকইনডেক্স ফিউচাৰৰ উৎপন্ন উপকৰণ হিচাপেও পাব পাৰি । উৎপন্ন উপকৰণৰ আধাৰত ভিত্তি কৰা পুঁজিক ছিন্থেথিক ইনডেক্স ফাণ্ড বুলি কোৱা হয় আৰু তাৰ পৰাও ইনডেক্সে দিয়া ধৰণে কোনো অন্তৰ্নিহিত ছিকিউৰিটি নোহোৱাকৈ একেই ৰিটাৰ্ণ দিব পাৰে । লেনদেনৰ ক্ষেত্ৰত ছিন্থেথিক ইনডেক্স ফাণ্ডে সাধাৰণ ইনডেক্স ফাণ্ডৰ তুলনাত অতি কম খৰচ দেখুৱায় যদিহে ইনডেক্সৰ ভৱিষ্যতৰ বজাৰ স্পষ্ট হয়। কৰ্প’ৰেট এক্সনৰ বাবে কোনো সামঞ্জস্য নিবিচাৰে অথবা ইনডেক্স ঘটকতো কোনো পৰিৱৰ্তন নহয়। ঋণাত্মক দৃষ্টিভংগীত কোম্পানীৰ ষ্টকৰ ঋণৰ পৰা পোৱা লাভ আৰু নগদ লাভ্যাংশৰ লাভালাভৰ পৰা বঞ্চিত হয়।

দ্বিতীয়তে, যদিহে ইনডেক্স ফিউচাৰ কণ্ট্ৰাক্টৰ ম্যাদ উকলি যায়, তেতিয়া পৰৱৰ্তী কণ্ট্ৰাক্ট সুলভ হ’লে পুনৰ সংস্থাপনৰ প্ৰয়োজন হ’ব পাৰে যিটোক কোৱা হয় ৰোলঅভাৰ বুলি । বৃহৎ ইনডেক্স ফাণ্ডে এইক্ষেত্ৰত বহন কৰিব পৰা ধৰণে ৰোলঅভাৰৰ বাবে লেনদেনৰ খৰচ ভৰিবলগীয়া হ’ব পাৰে আৰু যদিহে বজাৰ যদি যথেষ্ট পৰিমাণে স্পষ্ট নহয়, তেনেহ’লে ই বৃহৎ লেন দেনত সমৰ্থন নজনায়।

ষ্টক লেণ্ডিং : মাছুল সাপেভে এগৰাকী বিনিয়োগকাৰীয়ে এক বিশেষ ছিকিউৰিটি অন্য এগৰাকীৰ পৰা ধাৰ লোৱা বিশেষ পদ্ধতিকে কোৱা হয় ষ্টক লেণ্ডিং বুলি । দীৰ্ঘম্যাদী সম্পত্তিৰ বাবেই ইনডেক্স ফাণ্ড ষ্টক ধাৰলৈ লোৱা প্ৰক্ৰিয়াৰ বাবে যথেষ্ট সুবিধাজনক ।

টাইটলড ফাণ্ডঃ: এক নিশ্চিত কাৰকৰ সৈতে ইনডেক্সৰ দৰেই পৰ্টফলিঅ’ক লৈ ইয়াক গঠন কৰা হয়। এই ফাণ্ডৰ উদ্দেশ্য হৈছে নিৰবিচ্ছিন্নভাৱে ইনডেক্সৰ মাত্ৰা বৃদ্ধি। ই ক্ষেত্ৰ বিশিষ্ট ষ্টক, ছেক্টৰ বিশেষ ষ্টক, উচ্চ সম্বন্ধীয় ষ্টক আদিৰ ক্ষেত্ৰত পক্ষপাতী হ’ব পাৰে । কিছুমান ফাণ্ডে ঘূৰ্ণীয়মান দৃষ্টিকোণেৰেও চালিত হয়, সেইটো হ’ল বজাৰৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি পুঁজিৰ বিনিয়োগৰ দৰ্শন বিভিন্ন সময়ত বিভিন্ন কাৰকে ক্ৰিয়া কৰা বিধৰ হ’ব পাৰে ।

বিদেশৰ বজাৰ
১৯৭০ চনৰ শেষৰ ফালে ইনডেক্স ফাণ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰত ভালকৈ প্ৰতিষ্ঠা লাভ কৰে । এইটো দেখা গৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰত ২৫ শতাংশতকৈ বেছি ঘৰুৱা ইকুইটি পৰোক্ষ বিনিয়োগৰ দ্বাৰা আনুষ্ঠানিক বিনিয়োগকাৰীয়েই আয়োজন কৰে। বিদেশী ৰাষ্ট্ৰত ইনডেক্স ফাণ্ড পেণ্সন উদ্যোগৰ বিকাশৰ ৰূপত থন ধৰি উঠিছে ।ইনডেক্স ফাণ্ডত আনুষ্ঠানিক বিনিয়োগকাৰীৰ বিনিয়োগ(ৰিটায়াৰমেণ্ট প্লেন আৰু বৰঙণি পুঁজি ) ১৯৮০ চনত ১০ বিলিয়ন ডলাৰ আছিল যদিও ২০০৮ বৰ্ষৰ শেষলৈ ইয়াৰ পৰিমাণ ১.৩ ত্ৰিলিয়নলৈ বৃদ্ধি পাইছিল । সমগ্ৰ বিশ্বতে ভেনগাৰ্ড গ্ৰূপেই হৈছে ইনডেক্স ফাণ্ডৰ নেতা । গেলেক্সী, ফিডালিটি, মেৰিল লিয়াণ্স আদি হৈছে সূচকাংক আগবঢোৱা অন্য মিউচুৱেল ফাণ্ড ।

ইনডেক্স ফাণ্ডৰ সূঁত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰৰ পৰা গ্ৰেট ব্ৰিটেইনলৈ বৈ গৈছে । আকৌ এবাৰ, ই হৈছে পেণ্সন ফাণ্ড, যিটোৱে আনুষ্ঠানিক সম্পত্তিৰ অধিকাংশই প্ৰতিনিধিত্ব কৰি গ্ৰেট ব্ৰিটেইনৰ বজাৰত সূচকাংক দখল কৰিছে । সূচকাংকৰ ঢৌ ইউৰোপ, মধ্য প্ৰাচ্য সকলোলৈ বৈ গৈছে । যিয়েই নহওক কিয়, জাপানক বাদ দি এছিয়াত সূচীকৰণ এতিয়াও শৈশৱতে আছে।

ভাৰতত পেণ্সন ফাণ্ডৰ সম্ভাৱনাঃ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ
বজাৰত পেণ্সন ফাণ্ডৰ ফালৰ পৰা ইনডেক্স ফাণ্ডৰ ব্যৱহাৰত যথেষ্ট সমৰ্থন পাইছে। পেণ্সন ফাণ্ডত কৰা বিনিয়োগৰ বাবেই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু গ্ৰেট ব্ৰিটেইনত ইনডেক্স ফাণ্ডৰ প্ৰসাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে । ভাৰতীয় পটভূমিত চৰকাৰে ইকুইটি বজাৰত বিনিয়োগৰ বাবে আগন্তুক বৰ্ষবোৰত পেণ্সন ফাণ্ডৰ ক্ষেত্ৰত যথেষ্ট স্বাধীনতা প্ৰদান কৰিব । যিয়েই নহওক কিয়, ইনডেক্স ফাণ্ডৰ পথেৰই এই বিনিয়োগবোৰৰ অধিকাংশই ইকুইটি বজাৰলৈ আহিব । আৰু, বেংক প্ৰতিষ্ঠানেও বৰ্তমান সম্পত্তিৰ কিছু অংশ ইকুইটি বজাৰত বিনিয়োগৰ সন্মতি প্ৰদান কৰে, যাৰ বাবে ইনডেক্স ফাণ্ড এনে বিনিয়োগৰ ক্ষেত্ৰত উত্তম পথ হ’ব পাৰে ।

ইনডেক্স ফাণ্ডৰ বাবে ছেবিৰ নিৰ্দেশনা-

তলত দিয়া এটা মাত্ৰ বিষয়ক বাদ দি ভাৰতৰ মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নিৰ্দেশনাই ইনডেক্স ফাণ্ডৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়ঃ

‘‘প্ৰস্তাৱ তথ্যত উল্লেখ থকা অনুসৰিয়ে এটা বিশেষ ইনডেক্সৰ শ্বেয়াৰৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰি ইনডেক্স ফাণ্ডৰ বিনিয়োগ হ’ব । ছেক্টৰ/উদ্যোগৰ বিশেষ আঁচনি হ’লে প্ৰস্তাৱ তথ্য অথবা আঁচনিৰ এনএবিৰ ১০ শতাংশ যিটোৱেই অধিক হয়, ছেক্টৰেল ইনডেক্স বা ছাব ইনডেক্সৰ প্ৰতিনিধিত্ব শ্বেয়াৰৰ ভৰ অনুসৰি বিনিয়োগৰ উচ্চ সীমা হ’ব ।’’

(২০০০ চনৰ ৫ জানুৱাৰীত প্ৰকাশিত ছেবি(মিউচুৱেল ফাণ্ড)ৰ নিয়ামকৰ সাত অনুসূচীৰ ১০ খণ্ডৰ নিয়ম অনুসৰি)

ছেবি(মিউচুৱেল ফাণ্ড) সংশোধিত নিয়ামক,১৯৯৯ৰ সাত অনুসূচীৰ নতুন খণ্ড ১০ অনুসৰি-

‘‘কোনো মিউচুৱেল ফাণ্ডৰ আঁচনিয়ে ইয়াৰ ১০ শতাংশ এনএভিতকৈ বেছি কোনো এটা কোম্পানীৰ ইকুইটি শ্বেয়াৰ অথবা ইকুইটি সংক্ৰান্তীয় ক্ষেত্ৰত বিনিয়োগ কৰিব নোৱাৰে।’’ ইয়াৰ বাহিৰেও ১০ শতাংশৰ সীমা ইনডেক্স ফাণ্ড বা ছেক্টৰ বা বিশেষ ঔদ্যোগিক আঁচনিৰ বিনিয়োগৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব ।

উৎস: বিনিয়োগকাৰীৰ শিক্ষা আৰু সুৰক্ষা নিধি, ভাৰত চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate