অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেলেন্স্‌ড ফাণ্ডত বিনিয়োগ

বেলেন্স্‌ড ফাণ্ডত বিনিয়োগ

মোৰ বয়স ৫৫ বছৰ। পাঁচ বছৰ পিচতেই অৱসৰৰ কাল আহি পৰিব। তেতিয়া মই কেনেকৈ চলিম? এজন উচ্চ পদস্থ চাকৰিয়ালে মোক টেলিফোন কৰি সুধিলে।

কথাটো ভাবিবলগীয়া। অৱসৰ মানেই দুঃচিন্তা। প্ৰথম চিন্তা- বেছিভাগ মানুহেই আজিকালি অকলশৰে থাকে। ল’ৰা-ছোৱালী কম। দুটাতকৈ বেছি ল’ৰা-ছোৱালী নহয়। ছোৱালী জনী বিয়াৰ পিছত আনৰ ঘৰৰ লখিমী হৈ পৰে। ল’ৰা-বোৱাৰীয়ে পুনে, হায়দৰাবাদ নাইবা বাংগালুৰত থাকে। একাকীত্ব ডাঙৰ সমস্যা, বয়সিয়াল মানুহৰ। তাতোকৈ ডাঙৰ সমস্যা হ’ল- ‘স্বাস্থ্য ৰক্ষা’। যাৰ স্বাস্থ্য অসুস্থ, তেওঁলোকৰ চিন্তা সিমানেই বেছি।

অৱসৰৰ পিচত খোৱা খৰচ কমে। চিনেমা চোৱা, ফুৰিবলৈ যোৱা, বাহিৰত খোৱা আৰু বিজুলীৰ খৰচ কিছু কমে। কিন্ত খৰচ বাঢ়ে ঔষধৰ। ‘হাস্পতাল’ত থাকিবলগীয়া হ’লেতো- মৰণকাল যেনেই হয়।

‘বৰুৱা ডাঙৰীয়া, ডেকা কালত ‘মেডিকেল ভাত্ত’ৰ প্ৰয়োজন নাছিলেই। এতিয়া ‘ৰক্তচাপ’ৰ ঔষধ, মধুমেহৰ ঔষধ আৰু হৃদয় দুৰ্বলতাৰ ঔষধ মিলি প্ৰায় ২৫০০ টকা খৰচ হয়। ড্ৰাইভাৰৰ খৰচ ১০ হেজাৰ টকা পেট্ৰ’লকে ধৰি। সঞ্চয়ৰ টকাৰে চলিব লাগে। ক’ত কেনেকৈ সাঁচিব লাগিব? এবাৰ কওক….’ শ্ৰীমন্ত হাজৰিকা ইসুধিলে।

শ্ৰীমন্ত হাজৰিকা এজন বেচৰকাৰী প্ৰতিষ্ঠানৰ বিষয়া। চাকৰিৰ সময়ত সকলো খৰচ কোম্পানীয়েই দিছিল। অৱসৰত সকলো নিজেই চম্ভালিব লাগে। মই তেওঁক প্ৰশ্ন কৰিলো।

: আপুনি পেন্সন পায় নেকি?

: নাই নাপাওঁ। আমাৰ বেচৰকাৰী প্ৰতিষ্ঠানৰ পেন্সনৰ ব্যৱস্থা নাই।

: নিশ্চয় প্ৰভিডেণ্ট ফাণ্ডৰ ব্যৱস্থা ভাল?

: ভাল। কোম্পানীয়ে দিয়ে, ময়ো দিওঁ সমানে। সুদ ভাল। আয়কৰৰ ৰেহাইৰ ব্যৱস্থা আছে। এই প্ৰভিডেণ্ট ফাণ্ডৰ টকাখিনিৰ ওপৰতেই ভাৰসা। এতিয়া আন ক’ত টকা থোৱা উচিত হ’ব?

৫০ বছৰৰ মানুহে টকা সাঁচিব লাগে দুবিধ ফাণ্ডত। এটা কথা মনত ৰাখিব- এই বয়সত ‘শ্বেয়াৰ’ বজাৰ আৰু ‘ডেব্‌ট’ ফাণ্ডত সমানে টকা ৰাখিব পৰা যায়। শ্বেয়াৰ বজাৰত ভাগ লোৱাৰ আগতে ‘পি পি এফ’ত টকা জমোৱা উচিত। কাৰণ- আয়কৰ ৰেহাই আৰু আয়কৰ দিব নালাগে পি পি এফৰ পৰা পোৱা ধনৰাশিৰ ওপৰত।

মধ্য বয়সত পি পি এফ আৰু বেংকত থোৱা টকা বাদ দিয়াৰ পিচত- বিনিয়োগ কৰক- ‘ই এল এছ এছ’ত(ELSS)। অৰ্থাৎ ‘ইকুইটি লিংকড ছেভিং স্কীম’ত। ইয়াৰ প্ৰধান কাৰণ হ’ল, এই ফাণ্ডত ৮০ চিৰ আয়কৰ ৰেহাই পোৱা যায়। অভিজ্ঞতাৰ পৰা দেখা যায়- এই ফাণ্ডত সাধাৰণতে ১০ বছৰত ১৫% ৰিটাৰ্ন পোৱা যায়। ‘এক্সিছ বেংক’ৰ ই এল এছ এছ সকলোতকৈ আজিৰ দিনত বেছি। এই ফাণ্ডত তিনি বছৰ টকা থ’ব লাগে। ৫০ বছৰীয়া মানুহে প্ৰথমে- এনে ধৰণৰ ফাণ্ডত টকা জমোৱা উচিত। যিহেতু এই ফাণ্ডত টকা বিনিয়োগ কৰিলে আয়কৰ দীৰ্ঘম্যাদত নালাগে গতিকে এই ফাণ্ডত টকা খটুওৱা উচিত। মুদ্ৰাস্‌ফীতিক এই ফাণ্ডে পৰাস্ত কৰিব পাৰে।

এই ফাণ্ডত জমা হোৱা অৱসৰ কালত উলিয়াই ‘বেলেন্সড ফাণ্ড’ত থওক। ‘ই এল এছ’ত থোৱা টকা বিনিয়োগ কৰক ‘ছিপ’ পদ্ধতিৰে।

যদি ‘বেলেন্সড ফাণ্ড’ত থোৱা টকা ‘ঘৰ খৰচৰ বাবে’ প্ৰয়োজন হয়- তেনেহ’লে সেই টকা উলিয়াব পাৰে-

মাহে এবাৰ বা তিনি মাহত এবাৰ বা এবছৰত এবাৰ। বেলেন্সড ফাণ্ডৰ ৰিটাৰ্ন যোৱা দহ বছৰে ১০% শতকৰা হিচাপে পোৱা গৈছে। বেংকত এই টকা খটুৱালে সুদ পোৱা যাব ৮% ৰ পৰা ৯% ৰ ভিতৰত। বেংকৰ ৰিটাৰ্নত আয়কৰ লাগে। কিন্ত এবছৰ পিচত ‘বেলেন্সড ফাণ্ড’ৰ ৰিটাৰ্নত কোনো আয়কৰ নালাগে। গতিকে মধ্য বয়সত ‘ই এল এছ এছ’ত আৰু অৱসৰ কালত বেলেন্সড ফাণ্ডত বিনিয়োগ কৰা উচিত।

বেলেঞ্চ ফাণ্ডত- ‘ইকুইটি’ আৰু ‘ডেব্‌ট’ দুয়ো ধৰণৰ ফাণ্ডৰে পৰিপূৰ্ণ হয়। প্ৰায়ে ৬৫% ভাগ ইকুইটি আৰু ৩৫% ভাগ ডেবট্‌ ফাণ্ড থাকে।

অতি উৎকৃষ্ট ‘নেলেন্সড ফাণ্ড’ হ’ল- ‘টাটা বেলেন্সড ফাণ্ড’, ‘আই চি আই চি আই বেলেন্সড ফাণ্ড’ আৰু ‘ফেংকলিন টেম্পেলটন বেলেন্সড’ ফাণ্ড। বেলেন্সড ফাণ্ড বয়স্ক মানুহৰ বাবে ভাল। ৮০ বছৰৰ পিচত সকলো টকা বেংকত থোৱা যুগুত।

লেখক: গৌতম প্ৰসাদ বৰুৱা, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate