অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সঞ্চয় বা বিনিয়োগ কৰিবলৈ যোৱাৰ পূৰ্বে…

সঞ্চয় বা বিনিয়োগ কৰিবলৈ যোৱাৰ পূৰ্বে…

মাহটো শলিবলৈ নোজোৰা বুলি আক্ষেপ কৰা মানুহজনেও অলপ নহয় অলপ টকা জমা কৰে ভৱিষ্যতৰ অনিশ্চিয়তাৰ লগত মোকাবিলা কৰিবলৈ। কিন্তু বৰ্তমানক বঞ্চিত কৰি ভৱিষ্যতৰ সপোন পূৰণৰ বাবে জমা কৰা টকাকেইটা সঠিক ঠাইলৈ গতি কৰেনে? এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। সৰ্বাধিক লাভৰ আশাই বহু সময়ত মানুহক বিপথে পৰিচালিত কৰে। সেয়ে অলপ আমনিদায়ক হ’লেও সঞ্চয় আৰু বিনিয়োগ সম্পৰ্কে কিছু কথা জানিবলৈ আপুনি খৰচ কৰা সময়কণক অপব্যৱহাৰ বুলি গণ্য নকৰিব। ক’ৰবাত টকা জমা কৰাৰ পূৰ্বে কিছু প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ এলাহ নকৰিব।

প্ৰথমে নিশ্চিত কৰক যে আপোনাৰ উপাৰ্জনৰ এটা অংশ জমাৰ ফালে ধাৰাবাহিকভাৱে গৈ থাকে। কিমান পৰিমাণৰ টকা, সেয়া বেলেগ উপাৰ্জনৰ মানুহৰ বাবে ভিন্ন হ’ব পাৰে। কিন্তু পৰাপক্ষত এয়া উপাৰ্জনৰ ২০-৩০ শতাংশতকৈ কম হোৱা উচিত নহয়। কিন্তু এই সম্ভাৱনাৰ বিপক্ষে যে আপোনাৰ অজস্ৰ যুক্তি আছে সেয়া মই জানো। আপুনি শুনি ভাল পাব যে গৰিষ্ঠসংখ্যক মানুহৰ উত্তৰো আপোনাৰ দৰেই। কিন্তু মই যদি প্ৰশ্ন কৰো আপোনাৰ উপাৰ্জন যদি বৰ্তমানতকৈ ২০-৩০ শতাংশ কম হ’লহেঁতেন, তেতিয়া কি আপোনাৰ জীৱন নিৰ্বাহ অসম্ভৱ হৈ উঠিলহেঁতেন নেকি? বা কথাটো এনেকেও ভাবিব পাৰে যে এতিয়া এই ২০-৩০ শতাংশ টকা কম হ’লেই যদি চলিব নোৱাৰো, উপাৰ্জন বন্ধ হৈ গ’লে কি হ’ব? ক্ষমা কৰিব, মই আপোনাক ভয় খুৱাব বিচৰা নাই। কিন্তু সহায় কৰিব বিচাৰিছো যাতে সঞ্চয়ৰ সপক্ষে এটা শক্তিশালী যুক্তি বিচাৰি পায়।

প্ৰকৃততে টকা জমা কৰি কোনো মানুহেই সুখী হ’ব নোৱাৰে। কাৰণ উপাৰ্জনৰ এটা অংশ জমা কৰা মানেই আপুনি বৰ্তমান হাতলৈ অহা এক শক্তিক সংকুচিত কৰিলে। হয়, মই সামগ্ৰী বা সেৱা কিনিব পৰা টকাৰ অন্ত:নিহিত শক্তিৰ কথা কৈছোঁ। সেয়ে কোৱা হয় সঞ্চয় বা বিনিয়োগ হৈছে আনন্দক পিছলৈ ঠেলা কাৰ্য, হাতলৈ অহা শক্তিক ভৱিষ্যতৰ বাবে সংৰক্ষণ। দৃষ্টিকোণ হৈছে- আয়-ব্যয়=সঞ্চয়ৰ পৰিৱৰ্তে আয়-সঞ্চয়=ব্যয় হিচাপে ধাৰণাটো গ্ৰহণ কৰা। অৰ্থাৎ নিৰ্দিষ্ট পৰিমাণৰ টকা জমাৰ পাছতহে খৰচৰ পৰিকল্পনা কৰক।

অভিনন্দন! আপুনি সঞ্চয়ৰ গুৰুত্ব বুজি উপাৰ্জনৰ এক নিৰ্দিষ্ট অংশ একাষৰীয়া কৰিব পৰাকৈ বৰ্তমান সক্ষম। এতিয়া কথা হ’ল সেইখিনি ক’ত থ’ব? বেংকৰ ব্যৱস্থাটোৰ লগত আপোনাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে বিকল্প নাই। আপুনি ডাকঘৰত উপলব্ধ আঁচনিসমূহৰ বিষয়ে জনাটো একান্ত প্ৰয়োজন। কাৰণ কোনোবাই যদি বেংক আৰু ডাকঘৰৰ বাহিৰৰ বিত্তীয় দ্ৰব্যৰ বিষয়ে আপোনাক আগ্ৰহী কৰি তুলিবলৈ যত্ন কৰে, তেনে অৱস্থাত বেংক আৰু ডাকঘৰৰ আঁচনিৰ লগত তুলনা কৰিবলৈ আপোনাৰ হাতত যাতে তথ্যৰ অভাৱ নঘটে। সেয়ে পৰৱৰ্তী মোৰ লেখাবোৰত এই সম্পৰ্কে আলোচনা কৰিম। ইচ্ছাকৃতভাৱেই মই ইকুইটি বিনিয়োগ কৰাৰ আগতে আপুনি বহুখিনি সচেতনতা প্ৰদৰ্শন কৰাৰ আৱশ্যক হ’ব।

এটা সৰু কাহিনী শুনক- মানুহজন বৃত্তিত এজন দৰ্জী। ডেকা ল’ৰা এজনে আহি গধূলি বিত্তীয় প্ৰতিষ্ঠান এটাৰ হৈ তেওঁৰ দোকানৰ পৰা অলপ টকা লৈ যায় আঁচনি এখনৰ নামত। প্ৰায় পাঁচ বছৰ ধৰি তেওঁ জমা কৰি আহিছে আৰু নিৰ্দিষ্ট দিনৰ অন্তৰালত আঁচনি একোখনৰ ম্যাদ সম্পূৰ্ণ হ’লে টকা ঘূৰাই পাইছে সুতে-মূলে। তেওঁ সুখী। কিন্তু এদিন তেওঁ আৱিষ্কাৰ কৰে যে টকা নিবলৈ অহা ডেকাজনে দোকানলৈ অহা বন্ধ কৰিছে। খবৰ লৈ গম পালে প্ৰতিষ্ঠানটো কেতিয়াবাই বন্ধ হৈ গৈছে।ল যিহেতু প্ৰতিষ্ঠানটোৰ লগত যোগসূত্ৰ মাত্ৰ টকা উঠোৱা ডেকাজন, সেয়ে এই বিষয়ে তেওঁ একো গম নাপালে। ডেকা পলাতক। প্ৰতিষ্ঠানটোৰ পূৰ্বৰ কৰ্ণধাৰসকলে আমাৰ দায়িত্ব নাই বুলি গা এৰা দিছে। মোৰ চিনাকি দৰ্জীজন, যাক মই দেৱনাথ দা বুলি সম্বোধন কৰো, এতিয়া অথাই সাগৰত। কেতিয়াবা ভাগ্যৰ দোষ বুলি নিজকে বুজনি দি কথাবোৰ পাহৰিব খোজে। আন কেতিয়াবা ঘটনাটোক সুঁৱৰি ক্ষোভত ফাটি পৰে। শুনি আচৰিত হ’ব তেওঁৰ দোকানৰ পৰা ডাকঘৰলৈ মাত্ৰ এশ খোজ মানৰ বাট। এদিন তেওঁ প্ৰসংগটো মোৰ ওচৰত উলিওৱাত মই প্ৰশ্ন কৰিছিলো-

  • প'ষ্ট অফিচৰ ৰেকাৰিং ডিপ’জিট আঁচনিত টকা নথৈ এনে আঁচনিত কিয় টকা থৈছিল?
  • ল’ৰাটো মোক দোকানলৈ আহিছিল। টাইম নাই না নিজেই দোকান এৰি যাবলৈ। দেৱনাথ দাৰ উত্তৰ।
  • অকণমানহে সময় খৰচ হ’লহেঁতেন। দুপৰীয়া কাষ্টমাৰ নথকা সময়ততো প’ষ্ট অফিচলৈ যাব পাৰিলে হয়। মই কলোঁ।
  • এহ! প’ষ্টমাষ্টৰজনৰ কথাবোৰ ভাল নালাগে। পাত্তাই দিব নোখোজে। ভালদৰে কথাবোৰ নকয়। যুক্তিৰ খুঁটিটো সলাই অলপ বিৰক্তিৰে দেৱনাথ দাই উত্তৰ দিলে।
  • কিন্তু এনেধৰণৰ পৰিস্থিতিত পৰিব বুলি আগতেই জনা হ’লে কি কৰিলেহেঁতেন? মই আকৌ প্ৰশ্ন কৰিলো।
  • তেতিয়া নিশ্চয় গ’লো হয়। অকণমান কথা সহ্য কৰিলেই যদি কষ্টৰ টকাকেইটা বাচিলহেঁতেন সেয়া হাজাৰ গুণে ভাল এতিয়া মই পাই থকা টেনচনতকৈ। শেঁতা হাঁহিৰে উত্তৰ দিলে দেৱনাথ দায়ে।

কাহিনীটো শুনোৱাৰ মোৰ উদ্দেশ্য দুটা। প্ৰথম- আপোনাৰ অগ্ৰাধিকাৰ ক’ত সেইটো নিশ্চিত কৰিবলৈ আপোনাক আহ্বান জনোৱা। দ্বিতীয় যদি বেংক বা ডাকঘৰ বাদে বেলেগত টকা থ’ব লগা হয় আপুনি কি কথালৈ লক্ষ্য কৰিব সেই প্ৰসংগ টানি অনা। প্ৰথমটোৰ বাবে আপুনি নিজে অলপ ভাবক। ধৰি লওক, মোৰ ফালৰ পৰা এয়া হোমৱৰ্ক। দ্বিতীয়টোৰ প্ৰসংগত অন্তত: তলৰ দুটা কথালৈ মন নকৰাকৈ নাথাকিব।

১)টকা থ’ব খোজা প্ৰতিষ্ঠানটো কোন বিত্তীয় নিয়ন্ত্ৰকৰ অধীনত সেই বিষয়ে নিশ্চিত হওক প্ৰথমে। উদাহৰণস্বৰূপে বেংকবোৰৰ নিয়ন্ত্ৰক হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক। বীমা কোম্পানীবোৰৰ নিয়ন্ত্ৰক হৈছে আই আৰ ডি এ। মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰত ছেবি। আপোনাৰ পৰা টকা খুজিবলৈ অহা প্ৰতিষ্ঠানটোৱে যদি প্ৰতিশ্ৰুতি অনুযায়ী কাম নকৰে আপুনি কাৰ ওচৰত অভিযোগ দাখিল কৰিলে সুফল পাব সেয়া প্ৰথমেই নিশ্চিত হ’বলৈ যত্ন কৰক।

২)আপোনাৰ যি পৰিমাণৰ সুদ বা ফল দিয়াৰ প্ৰতিশ্ৰুতি দিছে সেয়া যুক্তিসংগত নে? এবাৰ ভাবক। বেংক, ডাকঘৰ আঁচনিসমূহৰ লগত তুলনা কৰক। অতিৰিক্ত ফলৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে থকা বিপদ-শংকাখিনিও বুজিবলৈ চেষ্টা কৰক।

শেষত মই অসম চৰকাৰকো এক আবেদন কৰিবলৈ ভাল পাম যে সাধাৰণ ৰাইজে ব্যক্তিগত বিত্ত বিষয়ক তথ্যৰ বাবে যোগাযোগ কৰিব পৰাকৈ চৰকাৰে এটা ঠিকনা গঢ়ি তোলক। মোৰ বোধেৰে প্ৰতিটো খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত এজন ব্যক্তিয়ে এই দায়িত্ব ল’লে ৰাইজৰ বহুখিনি উপকাৰ হ’ব। চৰকাৰেও ৰাইজে পোৱা অসুবিধাবোৰৰ সম্পৰ্কে অৱগত হৈ থাকিব পাৰিব। একোটা নিৰ্দিষ্ট দিনৰ অন্তৰে অন্তৰে কিছুমান সজাগতা সভা পতাৰো কাৰ্যসূচী চৰকাৰে ল’লে ৰাইজ নিশ্চিতভাৱে উপকৃত হ’ব।

উৎস-ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate