অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুৰক্ষিতভাৱে সঞ্চয় কৰিব পাৰি

সুৰক্ষিতভাৱে সঞ্চয় কৰিব পাৰি

সঞ্চয় কৰাটো এটা ভাল অভ্যাস। বৰ্তমান কৰা সঞ্চয়ে ভৱিষ্যতৰ বিপদৰ সময়ত মহৌষধৰ কাম কৰে। সঞ্চয়ৰ এই গুৰুত্বুপূৰ্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই নিম্নবিত্ত লোকৰ পৰা আৰম্ভ কৰি মধ্যবিত্ত আৰু সম্পদশালী ধনী লোকেও নিজৰ আৰ্জিত ধনৰ কিছু অংশ ভৱিষ্যতৰ কাৰণে জমা কৰি ৰাখে। এই জমা ধনেৰেই নিম্নবিত্ত আৰু মধ্যবিত্ত পৰিয়ালে নিজৰ সন্তানৰ পঢ়া-শুনা, বিয়া-বাৰুকে আদি কৰি ঘৰ এখন সজোৱালৈকে পৰিকল্পনা কৰে।

কিন্তু সঞ্চয় কৰিব ক’ত ? অকল সঞ্চয় কৰিলেইতো নহ’ব, সুৰক্ষিতভাৱে সঞ্চয় কৰিব লাগিব। কাৰণ, কষ্টোপাৰ্জিত ধনখিনি কোনেও হেৰুৱাব নোখোজে। সুৰক্ষিতভাৱে সঞ্চয় কৰিবলৈ ৰাষ্ট্ৰীয়কৃত বেংক, ব্যক্তিগত খণ্ডৰ বেংক, ডাকঘৰ, ব্যক্তিগত খণ্ডৰ জীৱন বীমাৰ কোম্পানী আদি আছে। কিন্তু সহজ-সৰল নিম্নবিত্ত আৰু মধ্যবিত্ত গাঁৱলীয়া লোকসকল(বহুতো নগৰীয়া লোকো)আগ্ৰহী নহয়। ইয়াৰ কাৰণস্বৰূপে ক’ব পাৰি- এই বিত্তীয় প্ৰতিষ্ঠানত নিজৰ নামত জমাবহী খুলিবলৈ যথেষ্ট প্ৰয়োজনীয় নথি-পত্ৰৰ দৰকাৰ হয় আৰু সহজ-সৰল তথা নিৰক্ষৰ আৰু অল্পশিক্ষিত লোকসকলে বিত্তীয় প্ৰতিষ্ঠানলৈ গৈ নথি-পত্ৰ পূৰণ কৰি জমা বহী খুলিবলৈ আগ্ৰহী নহয়। ইয়াৰে সুবিধা গ্ৰহণ কৰে বিভিন্ন চিট-ফাণ্ড কোম্পানীবোৰে। এই কোম্পানীবোৰৰ এজেণ্টে লোভনীয় সুত তথা কম সময়তে জমা ধন দুগুণ হোৱাৰ লোভ দেখুৱাই ন্যূনতম নথি-পত্ৰেৰে ঘৰলৈ আহি জমাবহী খুলি দিয়ে। তদুপৰি দৈনিক, সাপ্তাহিক বা মাহে মাহে ঘৰলৈ আহি টকা সংগ্ৰহ কৰি লৈ যায়। এজেণ্টজন চিনাকী হোৱাৰ সুবাদতে গ্ৰাহকসকলে নিশ্চিন্তমনে টকা জমা থয়। শেষত জমা ধন দুগুণ পোৱাৰ পৰিৱৰ্তে জমা কৰা মূলধনো হেৰুৱাবলগীয়া হয়। এনে কোম্পানীবোৰৰ হাতোৰাৰ পৰা সহজ-সৰল লোকসকলক ৰক্ষা কৰাটো আমাৰ দায়িত্ব হোৱা উচিত।

শেহতীয়াভাৱে প্ৰধানমন্ত্ৰীয়ে ‘ধন-জন যোজনা’ৰ অধীনত বেংক একাউণ্ট নথকা সকলক ন্যূনতম নথি-পত্ৰৰ বিনিময়ত বেংকত জমাবহী খুলি দিয়াৰ ব্যৱস্থাটো সঁচাকৈয়ে প্ৰশংসনীয় পদক্ষেপ। ইয়াৰ জৰিয়তে জনসাধাৰণৰ সঞ্চয়ৰ অভ্যাস গঢ়ি উঠাৰ লগতে ধন সুৰক্ষিত স্থানত জমা হ’ব।

আমি সদায় ২০-২৫ শতাংশ লাভ দিব পৰা সঞ্চয় আঁচনিসমূহৰ প্ৰতি মোহান্ধ হ’ব নালাগে। কিয়নো সেয়া সদায় সুৰক্ষিত নহ’বও পাৰে। ৰাষ্ট্ৰীয় বেংক বা ডাকঘৰে সদায় ৯-১০ শতাংশ সুতৰ হাৰত জমা কৰাৰ সুযোগ দিয়ে আৰু এই সুযোগ আমি গ্ৰহণ কৰা উচিত। সুৰক্ষিত সঞ্চয়ে আমাক ভৱিষ্যতৰ নিৰাপত্তা দিয়ে।

যিকোনো বেংকে সাধাৰণ জমাৰ উপৰি মাহেকীয়া জমা আৰু এককালীন বিনিয়োগৰ সুবিধা দিয়ে। যিকোনো নিম্নবিত্ত আৰু মধ্যবিত্ত লোকৰ কাৰণে মাহেকীয়া ৰেকাৰিং জমাই ভৱিষ্যতে কামত অহাকৈ বৃহত্ মূলধন গঠনত সহায় কৰে। মাহে এহাজাৰ টকাকৈ পাঁচ বছৰ অথবা দহ বছৰৰ কাৰণে যিকোনো বেংকত বিনিয়োগ কৰি পাঁচ বা দহ বছৰৰ পাছত সত্তৰ হাজাৰোধিক বা দুই লক্ষাধিক নগদ ধন পাবলৈ সক্ষম হ’ব পাৰি। মাহে বিনিয়োগৰ পৰিমাণ বঢ়াব পাৰিলে অধিক ঘূৰাই পাব পাৰি।

একেদৰে ডাকঘৰত বিভিন্ন সঞ্চয় আঁচনিৰ সুবিধা গ্ৰহণ কৰিও আমি কষ্টোপাৰ্জিত ধনখিনি নিৰাপদে জমা কৰিব পাৰো। বেংকৰ দৰে ডাকঘৰতো মাহেকীয়া জমা কৰিব পাৰি। সুতৰ হাৰ বেংকৰ সৈতে প্ৰায় একেই বা সামান্য পৃথক। ডাকঘৰত মাহেকীয়াকৈ, নিৰ্দ্দিষ্ট সময়ৰ কাৰণে ফিক্সড্ ডিপ’জিট অথবা ৰাষ্ট্ৰীয় সঞ্চয় পত্ৰ-ৰ মাধ্যমত সঞ্চয় কৰিব পাৰি। সুতৰ হাৰ শতকৰা আঠ টকাৰ ওপৰত। একেদৰে ৰাষ্ট্ৰীয় সঞ্চয় পত্ৰৰ জৰিয়তে পাঁচ বছৰ আৰু দহ বছৰৰ কাৰণে বিনিয়োগ কৰিব পাৰি। সুতৰ হাৰ ৮.৫০ শতাংশ। পাঁচ বছৰৰ কাৰণে বিনিয়োগ কৰিলে ১০ হাজাৰ টকাত প্ৰায় ১৫,১০০-ৰ ওচৰা-ওচৰি আৰু দহ বছৰৰ কাৰণে বিনিয়োগ কৰিলে ১০ হাজাৰ টকাত প্ৰায় ২৩,৪০০-ৰ ওচৰা-ওচৰি পৰিমাণৰ ধন পোৱা যায়। এই বিনিয়োগত আয়কৰ ৰেহাইৰো ব্যৱস্থা আছে। অনুৰূপ জ্যেষ্ঠ নাগৰিকৰ বাবেও বিশেষ সঞ্চয়ৰ সুবিধা আছে। ডাকঘৰৰ যোগেদি জীৱন বীমা কৰাৰ সুবিধাও গ্ৰহণ কৰিব পাৰি।

নিজৰ কষ্টোপাৰ্জিত ধন অথলে যোৱাটো কাৰোৰে কাম্য নহয়। সেয়ে সঞ্চয় কৰোতেই সকলো চাই-চিতি লোৱা ভাল। বিভিন্ন চিট-ফাণ্ড কোম্পানীবোৰৰ প্ৰলোভনৰ পৰা সাৱধান হোৱা ভাল। শিক্ষিত, জনা-বুজা লোকসকলে সহজ-সৰল লোকসকলক সঞ্চয়ৰ বিভিন্ন আঁচনিৰ বিষয়ে বুজাব লাগে। আৰু সুৰক্ষিত সঞ্চয় সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব লাগে। কোনো বিত্তীয় প্ৰতিষ্ঠানেই দুই-তিনি বছৰত জমা ধনৰ দুই-তিনিগুণ দিব নোৱাৰে এই কথা জনসাধাৰণে বুজিব লাগিব। সঞ্চয় এটি ভাল অভ্যাস আৰু সুৰক্ষিতভাৱে সঞ্চয় কৰাটো আৰু ভাল অভ্যাস। বৰ্তমানৰ সঞ্চয়ে ভৱিষ্যতৰ সপোন পূৰণত সহায় কৰিব আৰু গঢ়ি তুলিব সোণোৱালী ভৱিষ্যত্।

লেখকঃ গৌতম বৰা

 

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate