অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৪.১ এখন ঘৰ পৰিচালনা কৰা আৰু পৰিয়ালৰ উন্নয়ন

৪.১ এখন ঘৰ পৰিচালনা কৰা আৰু পৰিয়ালৰ উন্নয়ন

লক্ষ্য

 

সূচাংক-৪

 

এখন ঘৰ পৰিচালনা কৰা আৰু পৰিয়ালৰ উন্নয়ন

শিক্ষণৰ উদ্দেশ্য

এই সূচাংকৰ অন্তত পঢ়ুৱৈয়ে তলত উল্লেখিতখিনি কৰিবলৈ সক্ষমতা অৰ্জন কৰিব লাগে।

  • ঘৰ এটা কিনিব নে ভাড়াত ল’ব সেইটো নিৰ্ণয় কৰিব পৰাকৈ কাৰকসমূহৰ এখন তালিকা প্ৰস্তুত কৰিব পাৰিব।
  • শক্তি সঞ্চয়ৰ গুৰুত্বতা আৰু ইয়াৰ যোগেৰে ধন সঞ্চয়ৰ কথাটো ভালদৰে উপলব্ধি কৰিব পাৰিব।
  • সময়মতে বিলৰ ধন পৰিশোধ কৰি কেনেদৰে ধন ৰাহি কৰিব পাৰি তাৰ পথবোৰ চিনাক্ত কৰিব পাৰিব।
  • গৃহ বীমা ক্ৰয় কৰাৰ গুৰুত্বতা আৰু ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেইটো উপলব্ধি কৰিব।
  • শিশুসকলক ধন পৰিচালনাৰ দক্ষতা বৃদ্ধি কৰি তুলিব পৰাকৈ প্ৰয়োজনীয়তা আৰু পথৰ তালিকা প্ৰস্তুত কৰা।

 

পাতনি

ৰাজেন আৰু লীলাৰ বিয়া হোৱা এবছৰ হ’ল। তেওঁলোকে ৰাজেনৰ পৈতৃক ঘৰত বাস কৰে। তিনিটা শোৱা কোঠাসহ সেইটো এটা ডাঙৰ ঘৰ। কিন্তু এতিয়া ঘৰটোত পৰিয়ালৰ সংখ্যা বহু বেছি হৈ পৰিছে। কিয়নো চাৰিটা প্ৰজন্মই তাত বাস কৰে। মালতী আইতা (৭২ বছৰীয়া) বিধৱা আৰু তেঁৱেই এতিয়া ঘৰখনৰ মুৰব্বী। তেওঁৰ পুত্ৰ আৰু বোৱাৰী বিশাল আৰু ৰাণীও সেই ঘৰতে থাকে। তেওঁলোকৰ দুটি সন্তান দৰ্শন আৰু ৰাজেন। দৰ্শনৰ পত্নী মীনা আৰু তেওঁলোকৰ দুটি সন্তান স্নেহা আৰু প্ৰিয়াও সেই ঘৰতে থাকে।

পৰিয়ালৰ ডাঙৰসকলে অনুভৱ কৰে যে, কোনোৱাটো পৰিয়ালে পৃথককৈ বাসগৃহৰ ব্যৱস্থা কৰা প্ৰয়োজন। তেওঁলোকে এনে পৰিৱৰ্তন মসৃণ প্ৰক্ৰিয়া এটাৰ মাজেৰে হোৱাটো আশা কৰে। দৰ্শন আৰু মিনাই বেলেগ ঘৰত থকাৰ ইচ্ছা প্ৰকাশ কৰিলে। কিন্তু তেওঁলোকৰ দুটি সৰু শিশুৰ বাবেই মালতীয়ে ক’লে যে সিহঁতৰ বাবেই এই পৰিয়ালতে থকাটো বেছি ব্যৱহাৰিক হ’ব। যিহেতু ৰাজেন আৰু লীলাৰ কোনো সন্তান নাই, সেয়েহে মালতীয়ে তেওঁলোকক নতুন ঘৰলৈ যোৱাত বেছি অনুচিত নহয় বুলি উপলব্ধি কৰিলে। ৰাজেন আৰু লীলাই নতুন ঘৰ এখন কৰাৰ সুবিধা দেখি উৎসাহিত হৈ পৰিল। কিন্তু লগতে এই বিষয়েও সচেতন হ’ল যে, ভাবিবলৈ যিমান সহজ-প্ৰকৃততে কিন্তু কথাতো ইমান সহজ নহয়।

এই ক্ষেত্ৰত আমি বুজি পালো-

  • কোনো এজন ব্যক্তিয়ে ঘৰ এটা ভাড়া ল’ব নে কিনিব/সাজি ল’ব সেই কথাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে কাৰকবোৰৰ কথা মনত ৰখা উচিত।
  • ঘৰখন পৰিচালনা কৰোতে হ’ব পৰা ব্যয় সাপেক্ষ কাৰকসমূহ আৰু কিমান সহজ, ভাল অভ্যাসেৰে পৰিয়ালক সমৃদ্ধিৰ পিনে আগবঢ়াই নিব পাৰি।
  • এটা স্বাধীন পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহতহে বিনিয়োগ কৰিব লাগে।

 

ভাড়া বা ক্ৰয়

 

পাতনি

এদিন নিশা আহাৰ গ্ৰহণৰ পাছত ঘৰৰ প্ৰায়খিনি সদস্য লগ হ’ল আৰু ঘৰ এটা সাজিলে/কিনিলে লাভজনক হ’বনে ভাড়াত ল’লে লাভজনক হ’ব সেই কথা আলোচনা কৰিবলৈ ধৰিলে।

পৰিয়ালৰ বয়োজ্যেষ্ঠ আইতা মালতীয়ে ঘৰ এটা ভাড়ালৈ লোৱাৰ বিৰুদ্ধে বক্তব্য আগবঢ়ালে। তেওঁৰ মতে যদিহে ধন জমা নাই তেতিয়াহে ঘৰ ভাড়ালৈ ল’ব লগা হ’ব পাৰে। “আমাৰ এখন ডাঙৰ গেলামালৰ দোকান আছে, তেনে ক্ষেত্ৰত আমাৰ সন্তানবোৰ কিয় ভাড়াঘৰত থাকিব লাগে?” বিশালে মাকৰ কথাত তপৰাই মাত লগালে-“এনে ধৰণে থকাৰ কথা ভবাটো অনুচিত মা। বৰ্তমান আমি কথাবোৰ ব্যৱহাৰিকভাৱে চাব লাগিব। আমি কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভাবি চাব লাগিব।”-তেওঁ ভদ্ৰতাৰে ক’লে।

ৰাজেনেও আলোচনাত ভাগ ল’লে, “এটা ঘৰ সদাই এটা সম্পত্তি। সেয়ে এটা ঘৰ সঁজা বা কিনাটো কেতিয়াও ভুল সিদ্ধান্ত হ’ব নোৱাৰে”।

“কিন্তু ভাইটি! ধৰা এজন ব্যক্তিয়ে এটা ঘৰ সম্পত্তি হিচাপে কিনিলে, কিন্তু যেতিয়া টকাৰ প্ৰয়োজনত ঘৰটো বিক্ৰী কৰিবলৈ বিচাৰে তেতিয়া ভাল দাম নাপাবও পাৰে। তেতিয়া সম্পত্তিৰ কি ব্যৱহাৰিতা থাকিল! তাতোকৈ ঘৰ কিনা টকাখিনি ক’ৰবাত বিনিয়োগ কৰি তাৰ সুতৰ কিছু অংশ খৰছ কৰি ঘৰৰ ভাড়া দিব পৰা যায়।–মোৰ বন্ধু এজনৰ দেউতাকে সম্পত্তি বুলি এটা ঘৰত বিনিয়োগ কৰিলে। কিন্তু এবছৰৰ পিছত তেওঁৰ খেতি বেয়া হোৱাৰ বাবে খেতিৰ বাবে লোৱা ঋণ পৰিশোধ কৰিবলৈ ঘৰটো বেচিব লগা হ’ল। তেওঁ প্ৰকৃততে বহু লোকচানত ঘৰটো বিক্ৰী কৰিব লগা হ’ল”।

বিশালে উত্তৰ দিলে “অ’ তেনেকুৱা হ’বও পাৰে। সম্পত্তিৰ দৰ দাম উঠা-নমা কৰি থাকে। বছৰে প্ৰতি এইবোৰৰ দাম কমিব বা বৃদ্ধি পাব পাৰে। তথাপিও দীৰ্ঘসময়ৰ ক্ষেত্ৰত বিশেষকৈ ভালদৰে ৰক্ষণাবেক্ষণ কৰা আৰু ভাল স্থানত থকা ঘৰৰ মূল্য বৃদ্ধি হোৱা দেখা যায়। তোমাৰ বন্ধুৰ পিতৃয়ে আৰ্থিক দন্যতাৰ বাবে ঘৰ বিক্ৰী কৰিব লগা হ’ল। অৰ্থাৎ তেওঁক জৰুৰীভাৱে ধনৰ প্ৰয়োজন হোৱাত যি দাম পালে তাকেই ল’ব লগা হ’ল।”

“ভাড়া ঘৰত থাকিলে বহুবোৰ সমস্যাও আছে বোপাইহত!” মালতীয়ে ক’বলৈ ধৰিলে “ওচৰৰ এখন চহৰত থকা এটা পৰিয়ালৰ কথা শুনিছিলো-তেওঁলোকে হেনো চুক্তিপত্ৰৰ ম্যাদ উকলাৰ লগে লগে প্ৰতিবাৰেই বেলেগ ঘৰলৈ বগাই ফুৰিব লগা হয়। ঘৰৰ সকলো আচবাব, পাকঘৰৰ সামগ্ৰী, ল’ৰা-ছোৱালীৰ সামগ্ৰী আৰু বছৰেপ্ৰতি ঘৰখনত জমা হোৱা লাগতিয়াল বস্তুবোৰ বান্ধি মেলি ঘৰ সলাই থকাটো কম কষ্টকৰ কামনে! আকৌ সেইবোৰ নতুন ঘৰত ঠান-ঠিক লগোৱা, আকৌ এবছৰ বা দুবছৰৰ পাছত বান্ধি মেলি ঘৰ সলনি কৰা-উস্ কম কষ্টনে সেইখন।” দৰ্শনে ক’লে, “মা, ঘৰৰ মালিকৰ লগত পাছ বছৰ ঘৰ ভাড়াৰ বাবে চুক্তিপত্ৰ কৰিব পৰা যায়। যদিহে পাছ বছৰ ভালদৰে থাকিব পৰা যায় তেন্তে সময় উকলাৰ পূৰ্বে পুনৰ ৫ বছৰৰ বাবে চুক্তি কৰাটো সম্ভৱ হ’বও পাৰে”।

“তেন্তেতো ভালেই কথা। তথাপিও মই ভাবো যে তোমালোকৰ নিজাকৈ একোটা ঘৰ হ’লে বেছি সুবিধাজনক কথা হয়। তুমি নিজে বিছৰামতে ইয়াৰ সা-সজ্জা কৰি ল’ব পাৰা”। ৰাজেন আৰু লীলাই দুয়ো দুয়োৰে ফালে চাবলৈ ধৰিলে। আলোচনাৰ শেষ সিদ্ধান্তনো কি হ’ব তাকে ভাবি তেওঁলোক চিন্তিত হ’ল। তেওঁলোকে নিজা ঘৰলৈ যাব নে ভাড়া ঘৰলৈ যাব? যদিও নিজৰ ঘৰ বুলি কওঁতে কথাটো বৰ আকৰ্ষণীয় যেন লাগিছে-ব্যৱহাৰিক ক্ষেত্ৰত অধিক পৰিমাণৰ ধন প্ৰদানৰ কথা আহিব পাৰে। কিন্তু তেতিয়া আকৌ ভাড়া ঘৰৰ কথা আহিলে ভাবিবলৈ সুযোগ ওলাব যে, তেওঁলোকে পুনৰ গাঁৱৰ ঘৰলৈ উভতি যাব নে চহৰৰ ঘৰত থাকিব......যিবোৰ কথা প্ৰায়ে আলোচনা হৈ থাকে। “সকলোৱে ক’লে কিন্তু মই এতিয়াও ভাবো আমি ৰাজেনক এটা ঘৰ সাঁজি দিয়া উচিত। আমাৰ মাটিও আছে, ধনো আছে গতিকে ওচৰতে এটা ঘৰ সাঁজি দিয়াটো ভাল হ’ব। মই মোৰ চকুৰ আগত তেওঁলোকৰ সন্তান ডাঙৰ হোৱাটো চাবলৈ বিছাৰো”। মালতীয়ে আলোচনাৰ মুখনী মাৰি ক’লে।

শেষত এইটো সিদ্ধান্ত হ’ল যে, ৰাজেন আৰু লীলাৰ বাবে তেওঁলোকৰ নিজাকৈ এটা ঘৰ সাঁজি দিয়া হ’ব।

এই সকলোবোৰ তলত উল্লেখ কৰা কাৰকবোৰৰ ওপৰত প্ৰতিষ্ঠিত।

  • পৈতৃক গৃহৰ কাষত থকা পৰিয়ালৰ ভূমি নতুন ঘৰ সজাৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়।
  • উক্ত মাটিত দুটা শোঁৱনী কোঠাৰ সুবিধাজনক ঘৰ এটা সাঁজিবলৈ পৰিয়ালটোৰ পৰ্য্যাপ্ত ধন আছে।

ৰাজেনক তেওঁলোকে ওচৰতে থকাটো বিছাৰে, যাতে পৰিয়ালৰ সম্পৰ্কত ভাঙোন নাহে। ৰাজেনেও ওচৰতে থাকিলে তেওঁলোকৰ

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate