অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৬.২ পৰামৰ্শৰ উৎসসমূহ

৬.২ পৰামৰ্শৰ উৎসসমূহ

উৎসসমূহৰ পৰিসীমা

 

যিকোনো বিনিয়োগ কৰাৰ পূৰ্বে ৰঘুৱে কৰাৰ দৰে আমিও সকলোবোৰ তথ্যৰ উৎসসমূহ পৰীক্ষা কৰি চাব লাগে। কিয়নো প্ৰতিটো উৎসই একোটা বিত্তীয় সামগ্ৰীত তেওঁলোকৰ নিজা দৃষ্টিভংগীৰে চায়। কেৱল এটা উৎসৰ পৰা লোৱা তথ্য একোটা সামগ্ৰীৰ ক্ষেত্ৰত আধৰুৱা হ’ব পাৰে। সেইবাবেই সদায় একাধিক উৎসৰ তথ্যসমূহ জানিব লাগে আৰু আপোনাৰ বাবে কোনটো সামগ্ৰী খাপ খাব সেইটো নিজৰ মতামতেৰে বিচাৰ কৰি চাব লাগে। তলত এনেদৰে তথ্য উপলব্ধ হোৱা কেইটামান উৎস দিয়া হ’ল:

  • টেলিভিছনৰ কাৰ্য্যসূচী: আজিকালি টেলিভিছনত বহুতো ব্যৱসায়ীক চেনেল আছে। এই চেনেলৰ কাৰ্য্যসূচীসমূহ ইংৰাজী, হিন্দী আৰু আনকি অসমীয়া ভাষাতো সম্প্ৰচাৰণ কৰা হয়। কিছুমানে বিত্ত সম্পৰ্কীয় আৰু বিত্তীয় সামগ্ৰীসমূহৰ অতি প্ৰাথমিক কথা আৰু বৰ্ণনা প্ৰদান কৰে আৰু আন কিছুমানে অধিক উন্নত তথ্য প্ৰদান কৰে। কিছুমানে সাধাৰণ ব্যৱসায়িক আৰু অৰ্থনৈতিক বাতৰি প্ৰদান কৰে। আমি ইয়াৰ ভিতৰত শিক্ষা, বাতৰি আৰু বিশ্লেষণৰ ভাল ভাল কাৰ্য্যসূচীবোৰ চাব লাগে।
  • বাতৰি কাকত আৰু আলোচনীসমূহ: যিমান সম্ভৱ হয় আমি এই সম্পৰ্কীয় লেখা উপলব্ধ আলোচনী আৰু বাতৰি-কাকত পঢ়ি আমি শিক্ষা, বাতৰি আৰু বিশ্লেষণসমূহ জানিব পাৰো। এইবোৰ পঢ়োতে টেলিভিছন চোৱাতকৈ সময় অধিক লাগে কাৰণ এইবোৰে আমাক অতি গভীৰভাৱে তথ্য প্ৰদান কৰে। যিটো টেলিভিছনত সম্ভৱ নহয়। চপা উৎসসমূহে প্ৰয়োজনসাপেক্ষে নিশ্চিত হ’ব পৰাকৈ পুনৰবাৰ পঢ়ি চোৱাৰ সুযোগ প্ৰদান কৰে আৰু একাধিক বাৰ পঢ়ি ভালদৰে বুজি পোৱাত সহায় কৰে।
  • বাৰ্ষিক প্ৰতিবেদন: যদি আমি শ্বেয়াৰত বিনিয়োগ কৰো, আমি উক্ত কোম্পানীৰ বাৰ্ষিক প্ৰতিবেদনৰ জড়িয়তে কোম্পানীটোৰ কৃতিত্বত লক্ষ্য ৰাখিব লাগে। এই বাৰ্ষিক প্ৰতিবেদনৰ যোগেৰে বিগত এটা বা দুটা বছৰৰ কোম্পানীটোৰ বিত্তীয় কৃতিত্বৰ লগতে কোম্পানীৰ ভৱিষ্যতৰ বাবে পৰিচালক মণ্ডলীৰ কি পৰিকল্পনা আছে সেইটো জানিব পৰা যায়।
  • কোম্পানী/বেংকৰ ৱেৱচাইটসমূহ: কোনো এটা প্ৰতিষ্ঠানৰ ৱেবচাইটত তেওঁলোকৰ কৃতিত্ব, সফলতা, ব্যৱসায় আগবঢ়ায় নিয়াৰ প্ৰতি মনোভাৱ আৰু ভৱিষ্যতৰ পৰিকল্পনাসমূহ থাকে। যদিহে আমি ইন্টাৰনেটৰ প্ৰাথমিক জ্ঞানখিনি শিকি লওঁ, তেন্তে আমি সহজেই কোনো এটা কোম্পানীৰ জানিব বিচৰা তথ্যখিনি বিচাৰি উলিয়াব পাৰিম।
  • ইন্টাৰনেটত বিচৰা আৰু আলোচনাসমূহ: কেতিয়াবা আমি কোনোৱাটো দ্যোগ বা কোনোবাটো বিষয় সম্পৰ্কে আৰু অধিক জানিবলৈ বিচাৰিব পাৰো। এই তথ্যসমূহ কোম্পানীসমূহৰ ৱেবচাইটত উপলব্ধ নহবও পাৰে। যদিহে আমি অন্বেষণ কৰা আহিলাসমূহ যেনে, গুগুল বা য়াহু আদিৰ সহায়ত তথ্যৰ অন্বেষণ কৰিব জানো তেন্তে আমি আমাৰ মনত উদয় হোৱা বহুবোৰ প্ৰশ্নৰ উত্তৰ পাব পাৰি। যদি ইয়াৰ পিছতো আমি সন্তষ্ট নহওঁ, তেন্তে আমি ব্লগ চাইটসমূহ দৰ্শন কৰিব পাৰো। এইবোৰত বিভিন্ন লোকে বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোকৰ মতামতসমূহ দাঙি ধৰে। আমি আমাৰ জানিব লগা প্ৰশ্নসমূহো ইয়াত উপস্থাপন কৰিব পাৰো। অৱশ্যে মনত ৰাখিব লগা কথা এইটোৱেই যে ইন্টাৰনেটৰ ব্লগসমূহৰ পৰা পোৱা তথ্যসমূহ আমি সদায় আন উৎসসমূহৰ পৰা পোৱা আন তথ্যসমূহৰ লগত পৰীক্ষা কৰি চাব লাগে।
  • দালাল আৰু বিত্তীয় বিশেষজ্ঞ: বিত্তীয় বিষয়ত অভিজ্ঞতা থকা লোকসকলো কেতিয়াবা মূল্যৱান তথ্যৰ উৎস হ’ব পাৰে। আন উৎসসমূহতকৈ আপোনাৰ প্ৰশ্নৰ নিৰ্দিষ্ট উত্তৰ দিয়াৰ লগতে এই সকলে আপোনাৰ প্ৰশ্নটো সোনকালে বুজি পাব পাৰে। এই ক্ষেত্ৰত আকৌ নিশ্চিত হব লাগে যে আপুনি এজন বা দুজন ব্যক্তিৰ পৰামৰ্শ মতে কাম কৰিব নালাগে। বিভিন্ন উৎসৰ পৰা পোৱা তথ্যসমূহ ভালদৰে বুজি পোৱাৰ ওপৰত ভিত্তি কৰিহে আপুনি বিনিয়োগৰ সিদ্ধান্ত লোৱা উচিত।

কিছুমান ব্যক্তিৰ পৰা আপুনি পৰামৰ্শ ল’ব পাৰে:

  • স্বীকৃতিপ্ৰাপ্ত বিত্তীয় পৰামৰ্শদাতা।
  • অনুজ্ঞাপত্ৰ থকা দালাল।
  • কৰ্তৃত্বশীল বীমা এজেন্ট।
  • বিত্তীয় সাক্ষৰতা আৰু ঋণ পৰামৰ্শ প্ৰদান কেন্দ্ৰ।
  • কৰ্তৃত্বশীল ব্যৱসায়িক যোগাযোগকাৰী।

এওঁলোকৰ পৰা পৰামৰ্শ লাভ কৰাৰ উপৰিও আপোনাৰ বিত্তীয় পৰিকল্পনাৰ প্ৰস্তত কৰাতো এওঁলোকে সহায় আগবঢ়াব পাৰে।

  • পৰিয়াল আৰু বন্ধু-বান্ধৱ: আপোনাৰ পৰিয়ালবৰ্গ আৰু বন্ধু বান্ধৱৰ মাজতো আলোচনা আৰু যুক্তি তৰ্কৰ যোগেৰে বিভিন্ন তথ্যৰ লগতে পৰামৰ্শ আদিও সংগ্ৰহ কৰিব পৰা যায়। বিত্তীয় সামগ্ৰী আৰু বিষয়সমূহৰ ওপৰতো যুক্তি তৰ্ক আৰু আলোচনা হোৱাতো অতি গুৰুত্বপূৰ্ণ। আপোনাৰ মতামত নিশ্চিত কৰিবলৈ আৰু আপোনাৰ ক্ষেত্ৰত উদয় নোহোৱা প্ৰশ্নসমূহ ওলাই অহাত ই সহায় কৰে।

সাৰাংশ

  • আমি বিভিন্ন উৎসৰ পৰা তথ্যসমূহ লাভ কৰিব পাৰো। এই উৎসসমূহে আমাক বিভিন্ন বিত্তীয় সামগ্ৰী আৰু বিষয়সমূহৰ ওপৰত শিক্ষা, বাতৰি/তথ্য আৰু বিশ্লেষণ আগবঢ়ায়।
  • তথ্যসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত মূল কথা হ’ল যে কেতিয়াও কেৱল এটা উৎসৰ তথ্য ব্যৱহাৰ কৰিব নালাগে। বিনিয়োগৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ উৎসৰ পৰা অহা তথ্যসমূহ ব্যৱহাৰ কৰাটোহে উত্তম।
  • টেলিভিছনৰ কাৰ্য্যসূচীয়ে আমাক সহজভাৱে তথ্য আগবঢ়ায় যদিও অতি সীমিত তথ্যহে আগবঢ়ায়। পঠন সামগ্ৰীত যথেষ্ট সময়ৰ প্ৰয়োজন হয় যদিও ইয়াত সকলোবোৰ কথা পুংখানুপুংখভাৱে থাকে। আমাৰ স্পষ্ট ধাৰণা নোহোৱালৈকে এই তথ্যসমূহ পঢ়িব পাৰো।
  • বৰ্তমান দিনত ইন্টাৰনেটৰ যোগেৰে তথ্য বিচাৰি উলিওৱাটো অতি সহজ হৈ পৰিছে। অৱশ্যে ইন্টাৰনেটত পোৱা সকলো তথ্যই সত্য বুলি ভাবি ন’লৈ আমি আন তথ্যসমূহৰ লগত মিলাই চাব লাগে।

ব্যক্তিবিশেষৰ পৰা পৰামৰ্শ লওঁতে মনত ৰাখিব লাগে যে ব্যক্তিজন যাতে ভীষণভাৱে অভিজ্ঞতাপুষ্ট আৰু পেশাদাৰী হয় আনহাতে বিভিন্ন ধৰণৰ লোকৰ লগত কৰা আলোচনাই আমাৰ দৃষ্টিভংগী অধিক স্পষ্ট কৰি তোলাত সহায় কৰে।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate