ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য মানে অতি দুখীয়া লোকৰ ক্ষুদ্ৰ ঘৰুৱা উৎপাদিত সামগ্ৰীৰ ব্যৱসায়ত লাগি থাকিবলৈ অতি কম ঋণেৰে সহায় কৰা। ‘ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য’ৰ সুবিধা দিওঁতে আমি দুখীয়া আৰু অতি দুখীয়া শ্ৰেণীটোৰ বিত্তীয় উৎপাদনৰ প্ৰতি চকু দিব লাগিব।
‘ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য’ প্ৰচলিত হৈছিল ১৯৮০ চনৰ পৰা। ৩০ বছৰৰ আগতে বাংলাদেশ, ব্ৰাজিল আৰু আন কিছুমান দেশত ইয়াৰ পৰীক্ষা নিৰীক্ষা চলিছিল। কিন্তু ক্ষুদ্ৰ অৰ্থসাহাৰ্য্যৰ সৈতে ইয়াৰ মূল পাৰ্থক্য নিৰ্ভৰ কৰিছিল ইয়াৰ ঋণ দিয়া পদ্ধতি, পৰিশোধ পদ্ধতি, উচ্চ সুতৰ হাৰ আদিত। কৃষি খণ্ড নাইবা উদ্যোগ খণ্ডৰ লগত জড়িত নথকা গোটক ঋণ দিয়াত প্ৰাধান্য দিয়া হৈছিল। খৰতকীয়া গতিত চৰকাৰী সাহাৰ্য্যকৃত ঋণ দিয়াত গুৰুত্ব দিয়া হৈছিল। বিভিন্ন খণ্ডৰ স্থানীয় উদ্যোগ গঢ়ি তোলাৰ বাবে (দুখীয়া সকলক সহায় কৰাৰ উদ্দেশ্যে)। ক্ষুদ্ৰ ঋণ (Credit) মূলতঃ ব্যক্তিগত খণ্ডৰ অলাভজনক উদ্যোগকৰহে দিয়া হৈছিল। ফলস্বৰূপে ই আন আন ঋণ দিয়া কাৰ্য্যক নোহোৱা কৰিছিল।
পৰাম্পৰাগতভাৱে ক্ষুদ্ৰ অৰ্থসাহাৰ্য্যই উচ্চ মানদণ্ডযুক্ত সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰতহে গুৰুত্ব দিছিল। দুখীয়া উৎপাদনকাৰীসকলে আনৰ নিচিনাকৈ নিজৰ উদ্যোগৰ স্থায়ীকৰণ আৰু সম্পদ, সামগ্ৰীৰ স্থায়ীকৰণ আৰু নিজৰো নিৰাপত্তাৰ বাবে বিভিন্ন ধৰণৰ ঔদ্যোগিক আহিলা-পাতি বিচাৰে। ‘ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য’ৰ ধাৰণাটোৱে উদ্যোগবিলাকৰো বিভিন্ন ধৰণৰ উন্নতি সাধিছে। অৰ্থাৎ উন্নত মানদণ্ডৰ ভিন ভিন সামগ্ৰী উৎপাদিত কৰিছে।
‘ক্ষুদ্ৰ ঋণ’ হৈছে অতি কম হাৰৰ বিত্তীয় সাহাৰ্য্য। যিয়ে গাওঁ, চহৰ আৰু চহৰৰ উপকন্ঠ অঞ্চলৰ লোকৰ আয়ৰ স্তৰ আৰু জীৱনধাৰণৰ মান উন্নত কৰিব পাৰে। এই সুবিধাসমূহ যিয়ে প্ৰদান কৰে সেইবোৰেই ‘ক্ষুদ্ৰ ঋণ’ৰ প্ৰতিষ্ঠান।
বেংকে তেওঁলোকৰ নিজৰ কিছুমান চুক্তি আৰু চৰ্ত সাপেক্ষে ঋণ দিয়ে। ঋণৰ পৰিমাণ, খৰছ, সময়ৰ নিৰিখ, অতিৰিক্ত সময়, ৰাহি আদিৰ ওপৰত ভিত্তি কৰি ঋণ লব পাৰে। এনে ঋণে কেৱল উদ্যোগৰ উৎপাদন খৰছৰ বাবেই ধাৰ নিদিয়ে, মানুহৰ প্ৰয়োজনীয় ধাৰ, গৃহ আদিৰ উন্নীতকৰণৰ বাবেও ঋণ দিয়ে।
‘ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য’ ই গ্ৰাহকৰ ঋণ, সঞ্চয়, জীৱন বীমা, বদলি, চাকৰি আৰু নিম্ন আয়ৰ ওপৰত ভিত্তি কৰে। ‘ক্ষুদ্ৰ ঋণে’ গ্ৰাহ্কৰ কম পৰিমাণৰ ঋণ বুজায় যিটো বেংক নাইবা আন অনুষ্ঠানে দিয়ে। ‘ক্ষুদ্ৰ ঋণ’ কোনো ‘বন্ধক’ নোহোৱাকৈ এজন বা গোটক দিয়া হয়।
যিজন কোনো আনুষ্ঠানিক বিত্তীয় প্ৰতিষ্ঠানৰ লগত জড়িত নহয়। তেওঁ ‘ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য’ পাব পাৰে। ‘ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য’ লোৱা ব্যক্তি ঘৰুৱা ব্যৱসায়ত স্ব-নিয়োজিত ব্যক্তি হ’ব লাগিব। গাওঁ অঞ্চলত তেওঁলোক ক্ষুদ্ৰ খেতিয়ক আৰু আন কিছুমান বংশানুক্ৰমে কৰি অহা কাম যেনে- খাদ্য উৎপাদন আৰু ক্ষুদ্ৰ ব্যৱসায়। নগৰ অঞ্চলত দোকানী, মিষ্ট্ৰি, বাঢ়ৈ, ৰাস্তাৰ কাষৰ দোকান আদি। ‘ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য’ পোৱা সকলৰ স্থিৰ আয়ৰ উৎস থাকিব লাগিব। আৰু তেওঁলোক দুখীয়া আৰু সহনশীল হ’ব লাগিব।
তথাকথিত বিত্তীয় অনুষ্ঠানসমূহৰ লগত যোগাযোগ স্থাপন কৰাৰ মূল প্ৰশ্ন হৈছে আয়। ব্যক্তি যিমানেই দুখীয়া হয়, বিত্তীয় অনুষ্ঠান লগত যোগাযোগ কৰাটো সিমানেই কঠিন। আৰু খৰছীও হৈ পৰে। তথাকথিত বিত্তীয় অনুষ্ঠানৰ ঋণৰ পৰা বঞ্চিত হোৱাসকলে ‘ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য’ ৰ ওচৰ চাপে।
‘ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য’ৰ পৰা পোৱা সেৱা যিমানেই বহল বুলি জনা গৈছে, তাৰ ওচৰলৈ ঋণ বিচাৰি যোৱা গ্ৰাহকৰ সংখ্যাও সিমানেই বেছি হৈছে। যেনে- ‘ক্ষুদ্ৰ ঋণ’ৰ বজাৰখন সীমিত আছিল কিন্তু ‘ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য’ৰ সহায়ত বিত্তীয় বজাৰত বহুত ধৰণৰ উৎপাদিত সামগ্ৰী, বিভিন্ন সেৱা, বিভিন্ন বীমা আঁচনি আদি প্ৰচলিত হৈছে। ফলত দুখীয়া খেতিয়কসকলে ব্যক্তিগত খণ্ডৰ পৰা ঋণ নলয়, ধাৰ নকৰে। অথচ তেওঁলোকৰ উৎপাদিত ফচল/ সামগ্ৰীসমূহ বছৰটোৰ বাকী থকা দিনবোৰৰ বাবে সাঁচি ৰখাটোৰ ওপৰতেই গুৰুত্ব দিয়ে।
অভিজ্ঞতাৰ পৰা দেখা গৈছে যে ‘ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য’ই দুখীয়াৰ আয় বঢ়োৱাত, ব্যৱসায়ত, বাহিৰা হেঁচা কমোৱাত সহায় কৰে। স্ব-ক্ষমতাৰ শক্তিশালী আহিলা হিচাবে ই দুখীয়াৰ বিশেষকৈ মহিলাৰ অৰ্থনৈতিক পৰিবৰ্তন ঘটাব পাৰে।
দৰিদ্ৰতাৰ বহুমুখী দিশ থাকে। বিত্তীয় সহায়ক হিচাবে ‘ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য’ই নানা বিষয়ত দৰিদ্ৰতাৰ বিৰূদ্ধে যুঁজ দি এটা ডাঙৰ ভূমিকা পালন কৰিব পাৰে। ই আয় কৰোঁতাসকলক কেৱল ব্যৱসায়তে সহায় নকৰে, ঘৰুৱা আয়, খাদ্যৱস্থা, শিশুৰ শিক্ষা-ব্যৱস্থা টনকিয়াল কৰিব পাৰে। বিশেষকৈ মহিলাসকলে, যিয়ে পুৰুষৰ পৰা পৃথক হৈ নিজকে স্বাৱলম্বী কৰি আচুতীয়াকৈ উদ্যোগ গঢ়ি নিজকে সৱলীকৃত কৰিব পাৰে আৰু আত্ম-নিৰ্ভৰশীল হ’ব পাৰে।
সাময়িক গবেষণাৰ পৰা দেখা গৈছে যে অতি দুখীয়া যিবোৰ উৎপাদনকাৰী ব্যৱসায়ী, তেওঁলোক গভীৰ বিপদত পৰে কাৰণ বেয়া বতৰ, প্ৰাকৃতিক দুৰ্য্যোগ, চুৰি, কম আয়- এইবোৰৰ বাবেও বিভিন্ন পৰিয়াল বিপদৰ সন্মুখীন হৈছে। গতিকে বিত্তীয় সংস্থাবোৰে যদি বিত্তীয় সুবিধা নিদিয়ে, তেন্তে দৰিদ্ৰতা দূৰীকৰণ কৰাত বহুত বছৰ লাগিব।
১৫ ৰ পৰা ২০ জন সদস্যই স্ব-ইচ্ছাই এটা গোট গঠন কৰি একে ধৰণৰ কাম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সেই গোটকে আত্মসহায়ক গোট বোলা হয়। এই গোটে ধন জমা ৰাখে আনক ঋণ দিয়ে আৰু তেওঁলোকৰ শক্তি অনুযায়ী সামাজিক সমস্যা সমাধান কৰে।
এজন আৰ্থিকভাৱে দুৰ্বল ব্যক্তিয়ে গোটৰ অংশ হিচাবে বল পাব পাৰে। তাৰ উপৰিও ঋণ দিওঁতা আৰু লওঁতা উভয়ৰে খৰছ পাতি কমে। কাৰণ ব্যক্তিগতভাৱে বহুত লোকক ঋণ দিয়াৰ পৰিবৰ্তে সমূহীয়াকৈ এটা গোটক ঋণ দিয়া কাৰ্য্য সহজ হৈ পৰে।
১৯৯১-৯২ চনত নাৱাৰ্ডে আন আন বেংকৰ যোগেদি আত্ম-সহায়ক গোট বিলাকক সহায় কৰিবলৈ যিবিধ মুখ্য কাৰ্য্য পন্থা হাতত লয়, সেইবিধ হৈছে ‘ক্ষুদ্ৰ ঋণ’। ভাৰতীয় ৰিজাৰ্ভ বেংকে সেই উদ্দেশ্যে বাণিজ্যিক ক্ষেত্ৰৰ বেংক সমূহক এই বিষয়ে মুখ্য ভূমিকা লবলৈ নিৰ্দেশনা দিয়ে। এই আঁচনিখন সময়ৰ মূৰকত আঞ্চলিক গ্ৰামীন বেংক আৰু সমবায় বেংকলৈ আগবঢ়াই দিলে।
ই হৈছে এনে এটি সংস্থা বা উমৈহতীয়া গোট, যিয়ে সাধাৰণ কামৰ বাবে অথচ নিজাববীয়া লাভৰ বাবে সন্মিলিত হৈ কাম কৰিবলৈ প্ৰতিজ্ঞাৱদ্ধ হয়।
এই সংস্থাটো হৈছে এটা প্ৰাথমিক সংস্থা। এই গোটৰ সদস্যসকলে অৰ্থনৈতিক সমতা, লাভ-লোকচান জানিবলৈ বিচাৰে। সমবায় পদ্ধতিত চলা এই সংস্থা বহুত পুৰণি কালৰ পৰা চলি আহিছে।
ইহঁতৰ কেবাটাও গোট মিলি এটা উমৈহতীয়া গোট হয়। য’ত প্ৰত্যেকটো উমৈহতীয়া গোটৰ এজনকৈ সদস্য থাকে। উদ্দেশ্যে হ’ল প্ৰত্যেকটো গোটৰ মহিলাসকলে যাতে অৰ্থনৈতিক, সামাজিক সৱলীকৰণ লাভ কৰিব পাৰে। নিজকে কাৰ্য্যদক্ষ কৰি তুলিব পাৰে।
অন্য অৰ্থত এইটো এটা বেলেগ মহিলা সংস্থা, য’ত প্ৰত্যেকজনী সদস্যই সমূহীয়াকৈ কৰা কাৰ্য্যৰ লাভ্যাংশ পায়। ই এটা গণতান্ত্ৰিক পদ্ধতিত গঢ়ি উঠা সংস্থা। ইয়াৰ সদস্যসকলক নিৰ্বাচিত কৰা হয়। যি এলেকাতেই স্থাপিত হয়, তাৰ ওচৰ চুবুৰীয়া এলেকাৰ আত্ম সহায়ক গোটবিলাকৰ লগতো সম্পৰ্ক ৰাখি চলে। আলোচনা বিলোচনাৰ মাজেৰে সামাজিক কামত আগবাঢ়ে। সমূহীয়া স্বাৰ্থৰ হকে কাম কৰিবলৈ আগবাঢ়ে, যিটো অকলে এটা গোটে কৰা সম্ভৱ নহয়। গতিকে আত্মসহায়ক গোটৰ সংস্থাটোৱে সকলোকে সংঘবদ্ধ কৰি আত্মসহায়ক গোটৰ বাবেই কাম কৰি যায়।
অভিজ্ঞতা আৰু সাহিত্যৰ ফালৰ পৰা চাবলৈ গ’লে যিকোনো সংস্থাই তলত ব্যাখ্যা কৰা উদ্দেশ্যৰ বাবে স্থাপিত হয়-
গুণগত পৰীক্ষা এটা পৰামৰ্শৰ নাম। এইটো এটা পৰীক্ষা, য’ত এটা সংস্থাৰ পাৰদৰ্শিতাৰ গুণগত মানৰ বিচাৰ কৰা হয়। ‘ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য’ত আমি নিজে পৰিচালনা কৰা ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য দিয়া প্ৰতিষ্ঠানৰ বিষয়ে উল্লেখ কৰিছো। নিজে পৰিচালনা কৰা ‘ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য’ প্ৰতিষ্ঠানৰ গুণগত পৰীক্ষাৰ মান নিৰ্ভৰ কৰে ইয়াৰ আকৃতি, গঠন আৰু পাৰদৰ্শিতাৰ ওপৰত।
বৰ্দ্ধিত/ক্ষুদ্ৰ আত্ম পৰিচালিত ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য দিয়া প্ৰতিষ্ঠানসমূহৰ গুণগত পৰীক্ষা প্ৰয়োজনীয়নে?
ক্ষুদ্ৰ আত্ম পৰিচালিত অৰ্থসাহাৰ্য্য দিয়া প্ৰতিষ্ঠানসমূহৰ তাৎক্ষণিক গুণগত পৰীক্ষা প্ৰয়োজনীয়। তাৎক্ষণিক গুণগত পৰীক্ষাই দৈনিক কাৰ্য্যতালিকাৰ, সা-সঁজুলীৰ মৰ্য্যদা, জোখৰ ধাৰ্য্য আৰু গঠনৰ দক্ষতা চিনাক্তকৰণত সহায় কৰে।
গুণগত পৰীক্ষা তলত দিয়া উদ্দেশ্যৰে কৰিব পাৰি-
(১) ঋণৰ যোগ্যতাৰ পৰীক্ষা।
(২) শক্তি আৰু উন্নতি কৰিবলগীয়া ক্ষেত্ৰ চিনাক্তকৰণ।
(৩) সাংগঠনিক ক্ষমতাৰ প্ৰয়োজনীয়তাৰ চিনাক্তকৰণ।
(৪) গুণগত বিবেচনা শক্তি বৃদ্ধিকৰণ আৰু উত্তম অভ্যাসৰ বাবে অস্থায়ী কৰ্মচাৰীসকলৰ পদোন্নতিৰ আসন চিনাক্তকৰণ।
(৫) অন্ধ্ৰ প্ৰদেশৰ আত্ম পৰিচালিত ক্ষুদ্ৰ অৰ্থ সাহাৰ্য্য দিয়া প্ৰতিষ্ঠানসমূহৰ ক্ৰমোন্নতি, ভিতৰৰ সাংগঠনিক ক্ষমতাই আনকি ক্ষুদ্ৰ পৰ্য্যায়তো গুণগত পৰীক্ষাই আত্মসহায়ক গোট সংস্থাৰ পাৰদৰ্শিতাৰ উন্নতিকৰণ কৰে।
কোনে গুণগত পৰীক্ষাৰ ব্যৱহাৰ কৰিব পাৰে ?
চৰকাৰী চাকৰিয়াল, বেংক, আত্মসহায়ক গোট সংস্থা/আদিয়ে গুণগত পৰীক্ষাৰ ব্যৱহাৰ কৰিব পাৰে।
বিস্তৃতভাৱে প্ৰমাণ সংগ্ৰহ কৰাত গুণগত পৰীক্ষা জড়িত থাকে। যিয়ে সভা-সমিতি, সংগঠনৰ উন্নতি, পৰিদৰ্শন আৰু ক্ষুদ্ৰ আত্ম পৰিচালিত অৰ্থ সাহাৰ্য্য দিয়া প্ৰতিষ্ঠানসমূহৰ বিভিন্ন নথি-পত্ৰৰ পুণঃনিৰীক্ষণ কৰে। উন্নতিকৃত সংস্থাসমূহৰ অংশীদাৰ আৰু তাৰ লগত জড়িত কৰ্মচাৰীসকলৰ বাবে পৰীক্ষাৰ প্ৰয়োজন। পৰীক্ষা জড়িত হৈ থাকে- আত্মসহায়ক গোট সংস্থাৰ সাংগঠনিক পৰিষদ, সৰু গোটৰ লগত মিলিত হৈ কাৰ্য্যালয়ৰ পৰিষদৰ সদস্য আৰু কৰ্মচাৰী লগ হৈ সংস্থাৰ কাৰ্য্যকলাপৰ আলোচনাত মিলিত হ’ব লাগে। শেহতীয়া দিনৰ ক্ষেত্ৰভিত্তিক পৰীক্ষাৰ বিষয়ে সংস্থাৰ পৰিষদ সদস্যৰ লগত সভা-সমিতি পাতিব লাগে। য’ত আত্মসহায়ক গোট সংস্থা তিনিখলপীয়া গাঁঠনিৰ, সংস্থাৰ লগ-লগোৱাটো, দুটা জোটৰ/গাওঁ সংগঠনৰ পৰীক্ষাৰ প্ৰয়োজন।
আত্ম গ্ৰহণযোগ্য কাৰ্য্য কি ?
আত্ম গ্ৰহণযোগ্য কাৰ্য্যত সংগঠনৰ দক্ষতাৰ জোখ, কাৰ্য্যৰ খৰছ, ওভোটাই পোৱা অৰ্থৰ খৰছৰ স্পষ্ট ৰূপ আৰু ঋণ ক্ষতিত সুবিধা পৰীক্ষকৰ দলে সংস্থাৰ অৰ্থৰ বিৱৰণী দাঙি ধৰিব লাগে। খৰছ যেনে- দৰমহাৰ লগত জড়িত, যাতায়ত, পৰিচালনা, মূল্যৰ হ্ৰাস, সুতৰ দেনা আৰু ধৰ্মঘটৰ সময়ৰ ঋণৰ লোকচান। আত্ম গ্ৰহণযোগ্য কাৰ্য্যৰ সংগঠনৰ হিচাব কাৰ্য্যৰ খৰছৰ পৰা কাৰ্য্যৰ আয় ভাগ কৰা হয়।
এফ, এচ, এচ য়ে পুজিৰ খৰছ সুচল কৰে আৰু সুতৰ বজাৰ দৰৰ কাৰণে সংস্থাক যিমান সঞ্চিত ধনৰ আৱশ্যক একেলগ কৰে। এফ, এচ, এচ য়ে হিচাব নিকাচৰ দ্বাৰা মুঠ কামৰ খৰছক কামৰ আয়ৰ পৰা পৃথকভাৱে দেখুৱাব পাৰে। মুঠ ধনৰ খৰছ হিচাব কৰি ঠিক কৰিব পাৰে, নগদ ধন আৰু আন পনীয়া সামগ্ৰীৰ সমতাৰ বাবে আগৰ বছৰ আৰু সুতৰ বজাৰ দামৰ বাবে ধাৰ কৰাৰ বিবেচনা কৰে।
কাৰ্য্যৰ মূল্যৰ পৰিমাণৰ হাৰ কি? (অ চি আৰ)
সংস্থাৰ কাৰ্য্যদক্ষতাৰ মূল্যৰ পৰিমাণৰ হাৰৰ মূল্য নিৰূপণ কৰে। এটা উচ্চ কাৰ্য্যৰ পৰিমাণৰ হাৰে দেখুৱায় যে সংস্থাই ধাৰৰ অপৰিমিত খৰছ আৰু বহলাবলৈ ইয়াৰ পদবী উপযুক্তভাৱে সক্ষম নহয়। নিম্ন পৰিমাণৰ হাৰে উনুকিয়াই যে সংস্থা নিম্ন গঠনৰ খৰছ সম্বন্ধীয় বহলভিত্তিক ব্যৱসায়ৰ কাৰবাৰত উপযুক্ত। সংস্থাৰ কাৰ্য্যৰ মূল্যৰ পৰিমাণৰ হাৰ ৫-১০ শতাংশৰ ভিতৰত হব পাৰে, তাতোকৈ বেছি নহয়। কাৰ্য্যৰ খৰছৰ ভিতৰত দৰমহা, বেচা-কিনাৰ বাবে পুৰস্কাৰ, মূল্যৰ হ্ৰাস, যাতায়ত, কাৰ্য্যালয় খৰছ, বীমা, হিচাব পৰিদৰ্শনৰ খৰছ যেনে সুতৰ দেনা আৰু ঋণ হেৰুৱাৰ সুবিধাখিনি ইয়াৰ পৰা বাহিৰ কৰা হয়। কাৰ্য্যৰ খৰছৰ হাৰে হিচাব-নিকাচৰ ভাগ কৰে। শেষৰ বছৰৰ কাৰণে গড় ঋণৰ হিচাব, শেষৰ বছৰত মুঠ কামৰ খৰছ।
ক্ষতি স্বীকাৰৰ পদবী (পি, এ, আৰ) কাৰ্য্যপন্থাৰ হিচাব নিকাচৰ সৈতে জড়িত। উচ্চ পৰ্য্যায়ৰ ‘পাৰ’ সাধাৰণ হিচাবৰ গুণ আৰু ভৱিষ্যতত বেছি ক্ষতিৰ প্ৰকাৰান্তৰে দেখুৱায় ‘পাৰ’ সাধাৰণভাৱে বাকী থকা অৱশিষ্ট ৯০ দিনৰ বাবে হিচাব-নিকাচ কৰে। সংস্থাৰ সকলো উৎপাদিত ঋণৰ মুঠ বাকীৰ পৰা মতামতৰ বাবে পঠিয়াই দিয়ে। এইটো হৈছে ক্ষুদ্ৰ অৰ্থ-সাহাৰ্য্য সংস্থাৰ কামৰ ফলৰ এটা প্ৰয়োজনীয় জমা ৯০ দিনৰ ‘পাৰ’ৰ হিচাব কৰা হয়- ঋণৰ মূল জমাৰ সৈতে ৯০ দিনৰ বাকী পৰা ধনৰ হিচাবেৰে হৰণ কৰি।
মূল সমুচিত ৰাশিয়ে (কাৰ) দেখুৱায় যে ইয়াৰ কাৰ্য্যদক্ষতা যদি প্ৰয়োজন হয় সংস্থাৰ নিজৰ জমাৰ পৰা ধাৰ সুজিব পৰা ক্ষমতা।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 3/4/2020
ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে আদৰ্শ
কোঠাৰ পৰিৱেশ বিশ্লেষণ কৰিব স্মাৰ্ট ফোনে
মণিপুৰ
ক্ষুদ্ৰ বিত্ত সাহাৰ্য্যৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছ...