অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চৰকাৰী চাকৰিয়াল আৰু সৰ্বসাধাৰণৰ বাবে ডাক জীৱন বীমা আঁচনি

চৰকাৰী চাকৰিয়াল আৰু সৰ্বসাধাৰণৰ বাবে ডাক জীৱন বীমা আঁচনি

  1. ভূমিকা
  2. ডাক জীৱন বীমা আঁচনিৰ বিষয়ে
  3. গ্ৰাম্য ডাক জীৱন বীমা আঁচনি
  4. ডাক জীৱন বীমা আঁচনি (চৰকাৰী চাকৰিয়ালৰ বাবে)
  5. সন্তোষ-দান বীমাপত্ৰ আঁচনি
  6. সুৰক্ষা- আজীৱন বীমাপত্ৰ আঁচনি
  7. সুবিধা- পৰিবৰ্তনীয় আজীৱন বীমাপত্ৰ আঁচনি
  8. যুগল সুৰক্ষা- ডাক জীৱন বীমা আঁচনি
  9. গ্ৰাম সন্তোষ- গ্ৰাম্য ডাক জীৱন বীমা আঁচনি- দান বীমাপত্ৰ আঁচনি
  10. গ্ৰাম সুৰক্ষা- গ্ৰাম্য ডাক জীৱন বীমা আঁচনি- এইটো আজীৱন বীমাপত্ৰ আঁচনি
  11. গ্ৰাম সুবিধা- গ্ৰাম্য ডাক জীৱন বীমা আঁচনি- পৰিবৰ্তনীয় আজীৱন বীমাপত্ৰ আঁচনি
  12. শিশু জীৱন চুক্তি- গ্ৰাম্য ডাক জীৱন আঁচনি (স্পষ্ট ৰূপ)
  13. শিশু চুক্তি শোধাবলগীয়া মুঠ বীমা ১০০০/- টকা
  14. ‘মোৰ শিশু প্ৰথম’- গ্ৰাম্য ডাক জীৱন বীমা আঁচনি

ভূমিকা

ভাৰতীয় ডাকে বিভাগে গ্ৰাম্য জনসাধাৰণৰ বাবে বিভিন্ন সেৱা আগবঢ়াইছে। যেনে- দ্ৰুত ডাক, লজিচষ্টিক ডাক, প্ৰত্যক্ষ ডাক, ই-পৰিশোধ, ডাক ব্যৱসায়, ই-ডাক, আই এম অ’, ডব্লিউ ইউ আই এম টি, মাধ্যম ডাক আৰু বহুতো আৰ্থিক, ওপৰঞ্চি আৰু ডাকাযোগে উৎপাদন আৰু সেৱা। এইবোৰ সেৱাৰ উপৰিও ভাৰতীয় ডাকে দুই ধৰণৰ ডাক জীৱন বীমা আঁচনি আগবঢ়াইছে। কিছুমান ডাক জীৱন বীমা আঁচনি চৰকাৰী চাকৰিয়ালৰ বাবে আৰু গ্ৰাম্য ডাক জীৱন বীমা আঁচনি সৰ্বসাধাৰণৰ বাবে।

ডাক জীৱন বীমা আঁচনিৰ বিষয়ে

ডাক জীৱন বীমা আঁচনি ১৮৮৪ চনত আৰম্ভ হৈছিল। ভাৰত চৰকাৰৰ অধীনত ডাক আৰু ডাক-তাঁৰ বিভাগৰ কৰ্মচাৰীসকলৰ মঙ্গঁলৰ বাবে (আদেশ পত্ৰ নং ২৯৯, তাৰিখ ১৮-১০-১৮৮২ ৰাজ্যৰ চেক্ৰেটেৰীলৈ)। এই আঁচনিৰ জনপ্ৰিয়তা দেখি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কিছুমান বিভাগে ইয়াৰ লাভ লবলৈ ধৰিলে। এতিয়া ডাক জীৱন বীমা আঁচনি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ কৰ্মচাৰী, ৰাষ্ট্ৰীয়কৃত বেংক, আংশিক জনসাধাৰণৰ উদ্যোগ, অৰ্থ সাহাৰ্য্যৰ অনুষ্ঠানসমূহ, স্থানীয় নিগম যেনে- পৌৰ নিগম আৰু জিলা পৰিষদ, চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত শিক্ষানুষ্ঠান আদিৰ কৰ্মচাৰীসকলৰ বাবে মুকলি।

গ্ৰাম্য ডাক জীৱন বীমা আঁচনি

১৯৯৫ চনৰ ২৪ মাৰ্চ তাৰিখে ডাক জীৱন বীমা আঁচনি অধীনত গ্ৰাম্য ডাক জীৱন বীমা আঁচনি গ্ৰাম্য জনসাধাৰণৰ লাভৰ বাবে আৰম্ভ কৰা হয়।

দৰ্শন

  • বীমাৰ দ্বাৰা আংশিক বজাৰ পৰিচালনা কৰা।
  • ইয়াৰ উৎপাদন আৰু সেৱাৰ উৎকৃষ্টতা আৰু উচ্চ গুণৰ বিষয়ে জনাবলৈ এটা ‘মাৰ্কা’ মৰা নামৰ সৃষ্টি কৰা।

নিয়োগ কৰা লোক

ডাক জীৱন বীমা আঁচনিত বীমাকাৰীৰ আশা আৰু দাবী পূৰণ কৰাৰ বাবে আমি যত্ন কৰো। ১.৫ লাখ ডাক কাৰ্য্যালয়ৰ জৰিয়তে ২ লাখ কৰ্মচাৰীয়ে কাম কৰো। ভাৰতীয় ডাকে আগেয়ে ঠিক কৰি থয়-

  • বীমা জীৱনৰ বিপদসমূহ সাঁমৰি লয়।
  • জীৱনৰ বিপদসমূহ সাঁমৰি লোৱাৰ উপৰিও বহুদৰ্শী ধন লাভৰ সুবিধা দিয়ে।
  • ভাৰতীয় ডাক বীমাকাৰীৰ জীৱনৰ মানদণ্ডৰ উন্নীতকৰণ আৰু লাভ।
  • ভাৰতীয় ডাকে তেওঁলোকৰ বীমাকাৰীক মূল্য দিয়ে, সহায় কৰে আৰু বীমাকাৰীৰ সৈতে শ্ৰদ্ধাশীল সম্পৰ্ক ৰাখে।

আঁচনিৰ প্ৰকাৰ

  • ডাক জীৱন বীমা আঁচনি (চৰকাৰী চাকৰিয়ালৰ বাবে)।
  • গ্ৰাম্য ডাক জীৱন বীমা আঁচনি (জনসাধাৰণৰ বাবে)।

ডাক জীৱন বীমা আঁচনিৰ বাবে যোগ্যতা

  • বয়স: ১৯ বছৰ বয়সৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত।
  • কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চাকৰিয়াল, সামৰিক সেৱা।
  • ডাক আৰু ডাক-তাঁৰৰ কৰ্মচাৰী, অতিৰিক্ত বিভাগীয় প্ৰতিনিধি আৰু শ্ৰম বিষয়ক কামৰ তত্বাৱধানত থকা কৰ্মচাৰী। চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত শিক্ষানুষ্ঠান, চৰকাৰী বিশ্ববিদ্যালয়, স্থানীয় নিগম যেনে- পৌৰ নিগম, জিলা পৰিষদ, মহানগৰ পালিকা।
  • সকলো ৰাষ্ট্ৰীয়কৃত বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংক, ভাৰতীয় ষ্টেট বেংক।
  • ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ নিগম, পৰিষদ, সংস্থা আৰু আৰ্থিক সাহাৰ্য্যৰ প্ৰতিষ্ঠান যেনে- ইউ টি আই, আই ডি বি আই, আই এচ আৰ অ’, কেপী টি চি এল, কে এচ আৰ টি চি , এচ এ আই এল, ভি এচ এন এল, বি এচ এন এল, এম টি এন এল আদি।

ডাক জীৱন বীমা আঁচনিৰ লাভ-

  • ভাৰত চৰকাৰৰ ১০০ শতাংশ সুৰক্ষা।
  • ৮৮ ধাৰাৰ অধীনত আয় কৰ ৰেহাই ।
  • কম দেনা ।
  • বেছি লাভ।
  • ঋণৰ ইচ্ছাধীনতা, হস্তান্তৰ পত্ৰ, শুধোৱা, পৰিৱৰ্তন, মূল্যৰ দেনা।
  • ঋণ ঘূৰাই দিয়াৰ ইচ্ছাধীনতা, প্ৰতি ছমাহত ঋণ পৰিশোধকৰণ।
  • বিনা খৰছত ভাৰতত যিকোনো ঠাইলৈ বদলি কৰিব পাৰি।
  • শোধাবলগীয়া ধন আৰু আন আন দেনাৰ বাবে ‘পাছবুক’ৰ সুবিধা যেনে যিকোনো বিভাগীয় ডাক অফিচে দিয়া ঋণ, সুত।
  • ২০ খনতকৈ বেছি বীমা কৰা প্ৰতিষ্ঠান আৰু সংস্থাসমূহৰ বাবে দেনা ঘূৰাই পোৱাৰ সুবিধা।
  • শোধাবলগীয়া ধন মাহেকত, ছমাহত আৰু বছৰত কাৰ্য্যালয় খোলা দিনত দিব পাৰি।
  • ছমাহৰ শোধাবলগীয়া ধন আগতীয়াকৈ দিলে ১ শতাংশ ৰেহাই পায়।
  • ১২ মাহৰ শোধাবলগীয়া ধন আগতীয়াকৈ দিলে ২ শতাংশ ৰেহাই পায়।
  • মনোনীতকৰণৰ সুবিধা।
  • পৰিশোধ নকৰা ধনৰ বীমা বাতিল হ’লে পুনৰ আৰম্ভণিৰ সুবিধা।
  • ভাৰতত যিকোনো ঠাইৰ যিকোনো ডাক অফিচৰ জৰিয়তে বীমাৰ ধন শোধাব পাৰিব।
  • সম্পূৰ্ণ কম্পিউটাৰৰ যোগেদি অফিছৰ কাম চলোৱা হয় বাবে হিচাব-নিকাচ তাৎক্ষণিক আৰু সহজ হয়।

বিকলাঙ্গ ব্যক্তিৰ বাবে

নূন্যতম মুঠ জমা ১০,০০০/- টকা।

উৰ্দ্ধতম মুঠ জমা ১,০০,০০০/- টকা

পৰিশোধ কৰিবলগীয়া টকা বাকীবোৰ আঁচনিৰ সৈতে একে।

গ্ৰাহকৰ পথ প্ৰদৰ্শক

এইটো দফাই গ্ৰাহকক সম্ভেদ দিয়ে আৰু পথ প্ৰদৰ্শন কৰে।

(১) বীমা বন্ধক জাৰীকৰণ

ৰাজ্যৰ ডাক জীৱন বীমা কাৰ্য্যালয়ে বীমা বন্ধক জাৰী গ্ৰহনযোগ্য কৰে। যদি স্থগিত কৰে তেন্তে ৰাজ্যৰ ডি ডি এম (পি এল আই)/এ ডি এম (পি এল আই) সৈতে যোগাযোগ কৰিব লাগে।

(২) বীমা ধনৰ পৰিশোধ

যিটো মাহত ধন পৰিশোধ কৰিব লাগে। সেই মাহত নিয়মীয়াকৈ পৰিশোধ কৰি বীমা চালু কৰি ৰাখিব লাগে। আপুনি পৰিশোধৰ ধন পূৰ্ব নিৰ্দ্ধাৰিত যিকোনো ডাক অফিচত জমা দিব পাৰে।

(৩) কেনেকৈ বীমা পুনৰ প্ৰচলন কৰিব?

বীমা যদি ৩ বছৰৰ হয় আৰু দেনা মাহটোকে ধৰি যদি ছয়মাহতকৈ কম মাহৰ ধন পৰিশোধ কৰিবলৈ অপাৰগ হয়, তেন্তে পূৰ্বৰ অনুমতি নোহোৱাকৈ ইয়াকেই সুতৰ সৈতে পৰিশোধ কৰিব পাৰি। ছয় মাহতকৈ বেছি দিনৰ ধন পৰিশোধ কৰিবলৈ অপাৰগ হ’লে তলৰ ধৰণে পূৰ্বৰ অনুমতিৰ প্ৰয়োজন হয়, -

যদি বীমা তিনি বছৰৰ বেছি হয়, ১২ মাহতকৈ কম মাহৰ ধন পৰিশোধ কৰিবলৈ থাকে। তেন্তে অনুমতি নোহোৱাকৈ সুতৰ সৈতে একে পৰিমাণৰ ধন ডাকঘৰত পৰিশোধ কৰিব পাৰিব। যদি পৰিশোধৰ ধন ১২ মাহতকৈ বেছি হয়, তেন্তে তলত দিয়া ধৰণৰ আগতীয়া অনুমতিৰ প্ৰয়োজন হয়। ৰাজ্যৰ ডাক জীৱন বীমা অফিচৰ লগত টকা ঘূৰাই পোৱা বাবে যোগাযোগ কৰিব লাগে। অফিচে দৰকাৰী প্ৰ-পত্ৰ দিব। প্ৰয়োজনীয় ডাক্তৰৰ প্ৰমান পত্ৰ, নিজ স্বত্ব সাব্যস্ত, চাকৰিয়ালৰ প্ৰমাণ পত্ৰ যোগান ধৰিব, এই প্ৰ-পত্ৰ পূৰণ কৰি দেনা পৰিশোধ কৰা প্ৰমাণ পত্ৰৰ সৈতে ডাক জীৱন বীমা কাৰ্য্যালয়লৈ পঠাব লাগিব। ধন পৰিশোধৰ ৰছিদ বহী নাইবা ইয়াৰ ‘জেৰক্স’ কপি গাঁঠি দিব লাগিব। যদিহে পৰিশোধৰ ধন নগদ দিয়া হয় আৰু যদি এইটো দৰমহাৰ পৰা দিয়া হয়। তেন্তে ‘ড্ৰইং অফিচাৰৰ’ এখন প্ৰমাণ পত্ৰ গাঁঠি দিব লাগিব।

(৪) চেকৰ দ্বাৰা ধন পৰিশোধ

পৰিশোধৰ ধন কেৱল স্থানীয় ‘চেকৰ’ দ্বাৰা লোৱা হব।

(৫) পৰিশোধৰ ধন আগতীয়াকৈ দিব পাৰে

পৰিশোধৰ ধন যদি আগতীয়াকৈ ছমাহৰ দিয়া হয় তেন্তে ১ শতাংশ ৰেহাই দিয়া হয়। আৰু যদি ১২ মাহৰ দিয়া হয় তেন্তে ২ শতাংশ ৰেহাই দিয়া হয়।

(৬) ডাকঘৰত পৰিশোধৰ ধন শোধাব পাৰে

ধন পৰিশোধ কৰিবলৈ নিজে যিকোনো এটা ডাকঘৰ বাছি ল’ব পাৰে। এই ক্ষেত্ৰত উপদেশ-

পৰিশোধৰ ধন যেতিয়া কোনো এজন নতুন মানুহে ডাকঘৰত পৰিশোধ কৰে, তেতিয়া মুখ্য ডাকঘৰৰ লগত সম্পৰ্ক থাকিব লাগিব। যদি কিবা কাৰণত পৰিশোধৰ ধন এখন নতুন ৰাজ্যৰ ডাকঘৰত দিয়া হয়। তেন্তে ডাক জীৱন বীমাৰ কাৰ্য্যালয়ত নতুন আৰু পুৰণি দুয়োখন ৰাজ্যৰ কেন্দ্ৰৰ বিষয়ে সম্ভেদ দিব লাগে।

(৭) কেনেকৈ ঋণ পাব পাৰি

ঋণৰ সুবিধা কেৱল দান বীমাপত্ৰ আৰু আজীৱন বীমাপত্ৰ (পৰিৱৰ্তনীয় আজীৱন বীমাৰ ভিতৰত)ত আছে। এইটো হস্তান্তৰ নহ্য়।

ঋণ পাবলৈ হ’লে ডাক জীৱন বীমা কাৰ্য্যালয়লৈ আবেদন পঠাব লাগিব। বীমাৰ নথি পত্ৰ আৰু পৰিশোধৰ ধন যে বৰ্তমানলৈকে দি থকা হৈছে তাৰ প্ৰমান পত্ৰ লগতে দিব লাগিব। (পৰিশোধৰ ৰছিদবহী নাইবা ‘ড্ৰইং অফিচাৰৰ শেষৰ ৬ মাহৰ প্ৰমান পত্ৰ)। য’ত পৰিশোধৰ ধন দিয়া হয় তালৈ ডাকঘৰৰ জৰিয়তে বিনা খৰছত পঠিওৱা হয়। ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুগ্ৰহৰ জৰিয়তে লাভ কৰা এইটো এটা বাধ্যতামূলক হস্তান্তৰিত বীমা। বন্ধক পৰিশোধৰ সময়ৰ ঋণৰ চলিত সুতৰ হাৰ ১০ শতাংশ (সন্মিলিত ছয়মাহৰ)। যদি বিচাৰে ঋণ ঘূৰাই দিয়াৰ ৰছিদ বহী, য’ত ঋণ পালে আধা বছৰত সুত ঘূৰাই দিব লাগে। পৰিশোধ কৰিবলগীয়া তাৰিখত অনুগ্ৰহ কৰি সুত পৰিশোধ কৰক আৰু সুত জমা কৰি নথৈ পৰিশোধ কৰিব লাগে। কিস্তি কিস্তিকৈ ঋণ দিয়া হ’ব। যিকোনো এটা সংখ্যাত ১০০/ টকাতকৈ কম নহয়। যেতিয়া ঋণ সুতেৰে সৈতে সম্পূৰ্ণকৈ ঘূৰাই দিয়া হয়, তেতিয়া নিজৰ সপক্ষে বীমা বন্ধক ঘূৰাই দিবলৈ ডাক জীৱন বীমা কাৰ্য্যালয়লৈ তৎক্ষণাত লিখিব লাগে। নিৰ্দ্দিষ্ট চৰ্তমতে দ্বিতীয়টো আৰু শেষৰ ঋণটো পাব পাৰে। প্ৰথম ঋণ ঘূৰাই দিয়াৰ কমেও এবছৰ পাৰ হব লাগিব। ৰাজ্যৰ যিকোনো ডাকঘৰত ঋণ পুণৰ ঘূৰাই দিব পাৰে।

(৮) বীমা বন্ধকৰ প্ৰতিলিপি জাৰীকৰণ

অনুগ্ৰহ কৰি বীমা বন্ধক সুৰক্ষিত কৰি ৰাখক। এইখন প্ৰয়োজনীয় নথি। কিবা কাৰণত যদি এইখন হেৰাই, বেয়া হয় নাইবা ফালিলে, প্ৰয়োজনীয় আপত্তি দেখুৱালে, এখন বীমাৰ প্ৰতিলিপি পোৱা যাব। দুটা নিশ্চয়তাৰ সৈতে দলিল পত্ৰ লেখাত ব্যৱহাৰ হোৱা ষ্টাম্প কাগজত ৰাজ্যৰ বীমা সেৱাৰ যোগেদি আবেদন কৰিব লাগিব। এখন ক্ষতি নোহোৱা বন্ধক যোগান ধৰিব।

এখন বীমা বন্ধকৰ প্ৰতিলিপি দিলে ৫ টকা দিব লাগিব।

যদিহে মুঠ বীমা ২৫,০০০/ টকাৰ বেছি হয়, তেন্তে হেৰুওঁৱা বীমাৰ আৱশ্যক হ’লে বীমা হেৰুৱাৰ খবৰ এখন আগশাৰীৰ বাতৰি কাকতৰ যোগেদি জনাব লাগিব।

(৯) বীমা বন্ধক নিৰ্দ্দেশ পত্ৰ

বীমাকাৰীয়ে বীমা আঁচনি মূল্যৱান ক্ষতি পূৰণেৰে নাইবা উপহাৰৰ মাজেৰে নিৰ্দ্দেশপত্ৰলৈ সলনি কৰিব পাৰে।

(১০) মনোনীতকৰণৰ সলনি

মনোনীত সদস্য সলনিৰ সুবিধা।

(১১) কেনেকৈ দাবী দাখিল কৰিব?

অনুগ্ৰহ কৰি পৰিশোধ কৰিবলগীয়া দিনটো লিখি থওঁক। অনুগ্ৰহ কৰি এনেকুৱা ধৰণৰ মোকৰ্দমাত ভালদৰে দাবী কৰক। পৰিশোধৰ পিছত শেহতীয়াকৈ দিয়া কিস্তি দাখিল কৰক-

(১) বীমা বন্ধক।

(২) শোধাবলগীয়া ধন শোধোৱাৰ ৰছিদ বহী।

(৩) আপুনি যদি ঋণ লৈছিল, তেন্তে ঋণ ঘূৰাই দিয়াৰ ৰছিদ বহী।

(৪) শেষৰ ছয়মাহৰ লগতে পৰিশোধ কৰিবলগীয়া শেষ কিস্তিৰ প্ৰমাণ পত্ৰ ড্ৰইং বিষয়াৰ পৰা লওঁক।

(৫) ডাক জীৱন বীমা কাৰ্য্যালয়ৰ পৰা কোনো জাননী বা তাগিদালৈ অপেক্ষা নকৰি দাবী দাখিল কৰক।

(৬) অনুগ্ৰহ কৰি এইটো মন কৰক যে, যদি ঠিক সময়ত দাবী কৰা নহয়, তেন্তে পাৰ হৈ যোৱা পৰিশোধৰ সুত পোৱা নাযাব।

ডাক জীৱন বীমা আঁচনি (চৰকাৰী চাকৰিয়ালৰ বাবে)

সন্তোষ (দান বীমাপত্ৰ)

সুৰক্ষা (আজীৱন বীমাপত্ৰ)

সুবিধা (পৰিৱৰ্ত্তনীয় আজীৱন বীমাপত্ৰ)

সুমঙ্গল (অনুমেয় দান বীমাপত্ৰ)

যুগল সুৰক্ষা (যুগ্ম জীৱন দান বীমাপত্ৰ)

গ্ৰাম্য ডাক জীৱন বীমা আঁচনি (জনসাধাৰণৰ বাবে)

  • গ্ৰাম সন্তোষ (দান বীমাপত্ৰ)
  • গ্ৰাম সুৰক্ষা (আজীৱন বীমাপত্ৰ)
  • গ্ৰাম সুবিধা (পৰিৱৰ্ত্তনীয় আজীৱন বীমাপত্ৰ)
  • গ্ৰাম সুমঙ্গল (অনুমেয় দান বীমাপত্ৰ)
  • গ্ৰাম প্ৰিয়া (১০ বছৰীয়া গ্ৰাম্য ডাক জীৱন বীমা)
  • শিশু জীৱন চুক্তি (স্পষ্ট ৰূপ)
  • ‘মোৰ শিশু প্ৰথম’

সন্তোষ-দান বীমাপত্ৰ আঁচনি

এই আঁচনিৰ অধীনত ম্যাদ পূৰ্ণ হোৱালৈকে বনাচ পাব। কিবা কাৰণত যদি বীমা কৰোতা গৰাকীৰ মৃত্যু হয় তেন্তে যাৰ ওপৰত স্বত্ব দিয়া হয়, মনোনীত লোক বা প্ৰকৃত উত্তৰাধিকাৰীয়ে সুতে সৈতে বনাচ পাব।

  • ভৰ্ত্তিৰ নূন্যতম বয়স ১৯ বছৰ।
  • ভৰ্ত্তিৰ উৰ্দ্ধতম বয়স ৫০ বছৰ।
  • শোধাবলগীয়া ধন ৩৫,৪০,৪৫,৫০,৫৫,৫৮ আৰু ৬০ বছৰ বয়সত (কমেও ৫ বছৰত) ধন শোধাব লাগে।
  • উৰ্দ্ধতম মুঠ বীমা ১০ লাখ টকা।
  • বীমা কৰা তাৰিখৰ পৰা আঁচনি আৰম্ভ হ’ব।
  • ৩৬ মাহৰ শোধাবলগীয়া ধন দিয়াৰ পাছতহে ঋণৰ বাবে উপযুক্ত বিবেচিত হ’ব।
  • দিবলগীয়া সুত লোণৰ ১০ শতাংশ।
  • ৩৬ মাহৰ শোধাবলগীয়া ধন দিয়াৰ পাছতহে বীমা উঠাই লব পাৰিব।
  • হস্তান্তৰ পত্ৰৰ সুবিধা।
  • সুৰক্ষালৈ বদলি কৰিব পাৰি (আজীৱন বীমা)।
  • বয়স ৩৫ বছৰ অথবা কম হ’লে কোনো মেডিকেল পৰীক্ষাৰ দৰকাৰ নহয় আৰু মুঠ বীমা ৫ লাখ টকাৰ বেছি নহয়।
  • মনোনীতকৰণৰ সুবিধা।

সুৰক্ষা- আজীৱন বীমাপত্ৰ আঁচনি

  • ভৰ্ত্তিৰ নূন্যতম বয়স ১৯ বছৰ।
  • ভৰ্ত্তিৰ উৰ্দ্ধতম বয়স ৫০ বছৰ।
  • শোধাবলগীয়া ধন ৫৫,৫৮, ৬০ বছৰ বয়সত শোধাব লাগে। (নূন্যতম ৫ বছৰৰ বাবে)
  • বীমাৰ ম্যাদ পূৰ্ণ হওঁতে পাবলগীয়া ধন বীমা কৰোতাৰ মৃত্যুৰ পাছত স্বত্ব থকা ব্যক্তিৰ মনোনীত লোক, বা প্ৰকৃত উত্তৰাধিকাৰীয়ে পাব। উৰ্দ্ধতম মুঠ বীমা ৫ লাখ টকা।
  • বীমা কৰা তাৰিখৰ পৰা আঁচনি আৰম্ভ হ’ব বৰ্দ্ধিত মুঠ বীমাৰ সৈতে বনাচ পাব।
  • বীমাৰ ম্যাদ পূৰ্ণ হোৱালৈকে সুতৰ সৈতে বনাচ পাব।
  • বেছি ওপৰঞ্চি ধন, কম শোধাবলগীয়া ধন পিছত দান বীমাপত্ৰ।
  • ৪৮ মাহৰ শোধাবলগীয়া ধন দিয়াৰ পাছতহে লোণ পোৱাৰ বাবে যোগ্য বিবেচিত হ’ব।
  • ৩৬ মাহৰ শোধাবলগীয়া ধন দিয়াৰ পাছতহে বীমা উঠাই লব পাৰিব।
  • হস্তান্তৰ পত্ৰৰ সুবিধা।
  • বীমাৰ এবছৰ পূৰ্ণ হোৱাৰ পাছত আৰু বীমাকাৰীৰ ৫৭ বছৰ হোৱাৰ আগতে এই বীমা দান বীমাপত্ৰলৈ (সন্তোষ) পৰিৱৰ্তন কৰিব পাৰে।
  • মনোনীতকৰণৰ সুবিধা।

সুবিধা- পৰিবৰ্তনীয় আজীৱন বীমাপত্ৰ আঁচনি

  • ভৰ্ত্তিৰ নূন্যতম বয়স ১৯ বছৰ।
  • ভৰ্ত্তিৰ উৰ্দ্ধতম বয়স ৫০ বছৰ।
  • বীমা কৰা তাৰিখৰ পৰা আঁচনি আৰম্ভ হ’ব।
  • পাঁচ বছৰৰ পাছত সুবিধা সন্তোষলৈ সলনি কৰিব পাৰিব।
  • উৰ্দ্ধতম মুঠ বীমা ৫ লাখ টকা।
  • বীমাৰ ম্যাদ পূৰ্ণ হোৱাৰ সময় ৫০,৫৫ বা ৫৮ বছৰ বয়সত।
  • শোধাবলগীয়া ধন আৰু সময় সীমাৰ সংশোধন হ’ব পাৰে।
  • সন্তোষ বীমালৈ পৰিবৰ্ত্তিত হোৱাৰ লগে লগে এই বীমাৰ ওপৰঞ্চি ধনৰো সলনি হ’ব পাৰে।
  • চাৰি বছৰৰ পাছত লোনৰ সুবিধা পাব।
  • ৩ বছৰৰ পাছত বীমা উঠাই ল’ব পাৰিব।
  • হস্তান্তৰ পত্ৰৰ সুবিধা।
  • মনোনীতকৰণৰ সুবিধা।
  • আয়কৰ দিওঁতা আৰু নতুনকৈ চাকৰিত সোমোৱাসকলৰ বাবে বেছি সুবিধাজনক, তেওঁলোকে কৰ দি সঞ্চয় কৰিব পাৰে আৰু ৫ বছৰৰ ভিতৰত তেওঁলোকৰ আয় বঢ়াব পাৰে।

সুমঙ্গল- অনুমেয় দান বীমাপত্ৰ আঁচনি যিটোক টকা ঘূৰাই পোৱা উপায় বুলিও জনা যায়।

  • প্ৰস্তাৱ লোৱা দিনাৰ পৰা আঁচনি আৰম্ভ হয়।
  • জীৱিত থাকিলে বীমা কৰোঁতাই নিয়মতে লাভ পাই থাকিব (বীমা কৰোতাৰ হঠাতে মৃত্যু হ’লে এনে টকা পৰিশোধ কৰিব নালাগে আৰু সম্পূৰ্ণ বীমা ওপৰঞ্চি ধনেৰে সৈতে স্বত্ব থকা ব্যক্তি, মনোনীত লোক বা প্ৰকৃত উত্তৰাধিকাৰীয়ে পাব)।
  • ১৫ বছৰ আৰু ২০ বছৰৰ- দুই ধৰণৰ চুক্তি আছে।
  • উৰ্দ্ধতম মুঠ বীমা ৫ লাখ টকা।
  • ঋণৰ সুবিধা নাই।
  • বীমা ঘূৰাই দিলে মূল্য ঘূৰাই দিয়া নহয়।
  • নিৰ্দেশ পত্ৰৰ সুবিধা আছে।
  • মনোনীতকৰণৰ সুবিধা আছে।

বাকী থকা লাভ তলত দিয়া ধৰণে দিয়া হয়

১৫ বছৰ

২০ বছৰ

টকা ওভটাই পাব

৬ বছৰৰ অন্তত

৮ বছৰৰ অন্তত

মুঠ বীমাৰ ২০ শতাংশ

৯ বছৰৰ অন্তত

১২ বছৰৰ অন্তত

মুঠ বীমাৰ ২০ শতাংশ

১২ বছৰৰ অন্তত

১৬ বছৰৰ অন্তত

মুঠ বীমাৰ ২০ শতাংশ

১৫ বছৰৰ অন্তত

২০ বছৰৰ অন্তত

ওপৰঞ্চি ধনৰ সৈতে মুঠ বীমাৰ ৪০ শতাংশ

যুগল সুৰক্ষা- ডাক জীৱন বীমা আঁচনি

  • এইটো যুগ্ম-জীৱন ডাক বীমা পত্ৰ, য’ত স্বামী বা স্ত্ৰী যিকোনো এজন ডাক জীৱন বীমা আঁচনিৰ যোগ্য হ’ব।
  • জীৱন বীমাই সামৰি লোৱাকৈ দুয়োজন স্বামী- স্ত্ৰীয়ে মুঠ বীমা আৰু ওপৰঞ্চি লাভ বীমা কাৰ্য্যকৰী হোৱা তাৰিখৰ পৰা পাব।
  • কাৰ্য্যকৰী হোৱা তাৰিখৰ পৰা বীমাই সাঁমৰি ল’ব।
  • এইটো ৫ ৰ পৰা ২০ বছৰৰ ভিতৰৰ নিৰ্দ্ধাৰিত আঁচনি।
  • এই আঁচনিয়ে যাৰ নামত বীমা কৰা হয় আৰু স্বামী বা স্ত্ৰী দুয়োকে সুবিধা দিব।
  • ভৰ্ত্তিৰ নূন্যতম বয়স ২১ বছৰ।
  • ভৰ্ত্তিৰ উৰ্দ্ধতম বয়স ৪৫ বছৰ।
  • উৰ্দ্ধতম মুঠ বীমা ৫ লাখ টকা।
  • পাবলগীয়া টকা ৩ বছৰৰ পিছত পাব ।
  • হস্তান্তৰ পত্ৰৰ সুবিধা।
  • মনোনীতকৰণৰ সুবিধা।

গ্ৰাম সন্তোষ- গ্ৰাম্য ডাক জীৱন বীমা আঁচনি- দান বীমাপত্ৰ আঁচনি

এই আঁচনিৰ অধীনত বীমাকাৰীয়ে মুঠ বীমা বঢ়াব পাৰে আৰু ওপৰঞ্চি ধন (সুত) নিৰ্দিষ্ট সময়সীমাৰ আগতে পাব পাৰে।  বীমাকাৰীৰ হঠাতে মৃত্যু হ’লে স্বত্ব থকা ব্যক্তি, মনোনীত ব্যক্তি বা প্ৰকৃত উত্তৰাধিকাৰীয়ে সম্পূৰ্ণ মুঠ বীমাৰ ধন ওপৰঞ্চি সুতেৰে সৈতে পাব।

  • ভৰ্ত্তিৰ নূন্যতম বয়স ১৯ বছৰ।
  • ভৰ্ত্তিৰ উৰ্দ্ধতম বয়স ৫৫ বছৰ আৰু অতিৰিক্ত ১ লাখ টকাৰ বাবে ভৰ্ত্তিৰ উৰ্দ্ধতম বয়স ৪৫ বছৰ।
  • শোধাবলগীয়া ধন ৩৫,৪০,৪৫,৫০,৫৫,৫৮ আৰু ৬০ বছৰ বয়সত শোধাব লাগে। (নূন্যতম ৫ বছৰৰ বাবে) ।
  • উৰ্দ্ধতম মুঠ বীমা ২লাখ টকা।
  • বীমা কাৰ্য্যকৰী হোৱা তাৰিখৰ পৰা আঁচনিয়ে সামৰি লব।
  • ৩৬ মাহৰ শোধাবলগীয়া ধন দিয়াৰ পাছতহে ঋণৰ বাবে যোগ্য বিবেচিত হ’ব।
  • ঋণৰ সুতৰ হাৰ ১০ শতাংশ।
  • ৩৬ মাহৰ শোধাবলগীয়া ধন দিয়াৰ পাছতহে টকা উঠাই লব পাৰিব।
  • হস্তান্তৰ পত্ৰৰ সুবিধা।
  • সুৰক্ষালৈ সলনি কৰিব পাৰি (আজীৱন বীমা)।
  • ৩৫ বছৰ বা তাৰ কম হ’লে কোনো চিকিৎসা পৰীক্ষাৰ প্ৰয়োজন নহয় আৰু মুঠ বীমা ২৫০০০/ টকাৰ বেছি নহয়।
  • মনোনীতকৰণৰ সুবিধা।

গ্ৰাম সুৰক্ষা- গ্ৰাম্য ডাক জীৱন বীমা আঁচনি- এইটো আজীৱন বীমাপত্ৰ আঁচনি

এই আঁচনিৰ অধীনত বীমাকাৰীয়ে মুঠ বীমা বঢ়াব পাৰে। আৰু ওপৰঞ্চি সুত বীমাকাৰীৰ মৃত্যুৰ পাছত স্বত্ব থকা ব্যক্তি, মনোনীত ব্যক্তি বা প্ৰকৃত উত্তৰাধিকাৰীয়ে পাব।

  • বীমা কাৰ্য্যকৰী হোৱা তাৰিখৰ পৰা আঁচনিয়ে সাঁমৰি লব।
  • ভৰ্ত্তিৰ নূন্যতম বয়স ১৯ বছৰ।
  • ভৰ্ত্তিৰ উৰ্দ্ধতম বয়স ৫৫ বছৰ আৰু বীমাৰ মুঠ টকাৰ অতিৰিক্ত ১ লাখ টকাৰ বাবে ভৰ্ত্তিৰ উৰ্দ্ধতম বয়স ৪৫ বছৰ।
  • শোধাবলগীয়া ধন ৫৫,৫৮ আৰু ৬০ বছৰ বয়সত।
  • উৰ্দ্ধতম মুঠ বীমা ২লাখ টকা।
  • ৪৮ মাহৰ শোধাবলগীয়া ধন দিয়াৰ পাছতহে ঋণৰ বাবে যোগ্য বিবেচিত হ’ব।
  • ঋণৰ সুতৰ হাৰ ১০ শতাংশ।
  • ৩৬ মাহৰ শোধাবলগীয়া ধন দিয়াৰ আদায় দিয়াৰ পাছতহে বীমা উঠাই ল’ব পাৰিব।
  • হস্তান্তৰ পত্ৰৰ সুবিধা।
  • গ্ৰাম সন্তোষ (দান বীমাপত্ৰ) লৈ বদলি কৰিব পাৰে।
  • মনোনীতকৰণৰ সুবিধা।

গ্ৰাম সুবিধা- গ্ৰাম্য ডাক জীৱন বীমা আঁচনি- পৰিবৰ্তনীয় আজীৱন বীমাপত্ৰ আঁচনি

  • বীমা কাৰ্য্যকৰী হোৱা তাৰিখৰ পৰা আঁচনিয়ে সামৰি লব।
  • ভৰ্ত্তিৰ নূন্যতম বয়স ১৯ বছৰ।
  • ভৰ্ত্তিৰ উৰ্দ্ধতম বয়স ৪৫বছৰ।
  • শোধাবলগীয়া ধন ৫৫,৫৮ আৰু ৬০ বছৰ বয়সত ।
  • (নূন্যতম ৫ বছৰৰ বাবে ধন আদায় দিব লাগে)
  • উৰ্দ্ধতম মুঠ বীমা ১ লাখ টকা।
  • ৪৮ মাহৰ শোধাবলগীয়া ধন আদায় দিয়াৰ পাছতহে ঋণৰ বাবে যোগ্য বিবেচিত হ’ব।
  • ঋণৰ সুতৰ হাৰ ১০ শতাংশ।
  • ৩৬ মাহৰ শোধাবলগীয়া ধন দিয়াৰ আদায় দিয়াৰ পাছতহে বীমা উঠাই লব পাৰিব।
  • হস্তান্তৰ পত্ৰৰ সুবিধা।
  • গ্ৰাম সন্তোষলৈ কৰিব পাৰে। (দান বীমাপত্ৰ আঁচনিৰ অধীনত ৫ বছৰৰ পাছত ধন আদায়ৰ অন্তত পাব)।
  • মনোনীতকৰণৰ সুবিধা।

গ্ৰাম সুমঙ্গঁল-  গ্ৰাম্য ডাক জীৱন বীমা আঁচনি- অনুমেয় দান বীমাপত্ৰ আঁচনি যিটোক টকা ঘূৰাই পোৱা আঁচনি বুলিও জনা যায়।

  • বীমা কাৰ্য্যকৰী হোৱা তাৰিখৰ পৰা আঁচনিয়ে সাঁমৰি লব।
  • বীমাকাৰীয়ে পাবলগীয়া ধন (লাভ) নিৰ্দ্ধাৰিত সময়ৰ মূৰে মূৰে পাব। (বীমাকাৰীৰ হঠাতে মৃত্যু হ’লে এনে ধন নাপায় আৰু তেতিয়া ওপৰঞ্চি লাভৰ সৈতে মুঠ বীমাৰ ধন মনোনীত ব্যক্তিয়ে পাব)।
  • ১৫ বছৰীয়া আৰু ২০ বছৰীয়া দুইধৰণৰ সময়সীমাৰ আঁচনি (বীমা) আছে।
  • ভৰ্ত্তিৰ নূন্যতম বয়স ১৯ বছৰ আৰু উৰ্দ্ধতম বয়স ৪৫বছৰ।
  • উৰ্দ্ধতম মুঠ বীমা ১ লাখ টকা।
  • ঋণৰ সুবিধা নাই।
  • বীমা উঠাই ল’লে ধন আদায় দিয়া নহয়।
  • মনোনীতকৰণৰ সুবিধা আছে।
  • হস্তান্তৰ পত্ৰত সুবিধা আছে।
  • বাকী লাভ তলত দিয়া ধৰণে দিয়া হয়-

 

১৫ বছৰ

২০ বছৰ

টকা ওভটাই পাব

৬ বছৰৰ অন্তত

৮ বছৰৰ অন্তত

মুঠ বীমাৰ ২০ শতাংশ

৯ বছৰৰ অন্তত

১২ বছৰৰ অন্তত

মুঠ বীমাৰ ২০ শতাংশ

১২ বছৰৰ অন্তত

১৬ বছৰৰ অন্তত

মুঠ বীমাৰ ২০ শতাংশ

১৫ বছৰৰ অন্তত

২০ বছৰৰ অন্তত

মুঠ বীমাৰ ৪০ শতাংশ ওপৰঞ্চি ধনৰ সৈতে

গ্ৰাম প্ৰিয়া- গ্ৰাম্য ডাক জীৱন বীমা আঁচনি- অনুমেয় দান বীমা আঁচনি দহ বছৰৰ বাবে

-বীমা কাৰ্য্যকৰী হোৱা তাৰিখৰ পৰা আঁচনিয়ে সাঁমৰি লব।

  • ১০ বছৰৰ নিৰ্দ্ধাৰিত সময় শেষ হোৱালৈকে বীমাকাৰীয়ে মুঠ জমা টকা ওপৰঞ্চি সুতৰ সৈতে পাব।
  • ভৰ্ত্তিৰ নূন্যতম বয়স ১৯ বছৰ।
  • ভৰ্ত্তিৰ উৰ্দ্ধতম বয়স ৪৫বছৰ।
  • যদিহে প্ৰাকৃতিক দুৰ্য্যোগ যেনে- বানপানী, খৰাং, ভূমিকম্প, ঘূৰ্ণীবতাহ আদি হয় তেন্তে বাকী লাভৰ এবছৰলৈ কোনো সুত নাপাব।
  • বাকী লাভ তলত দিয়া ধৰণে দিয়া হয়-
  • ৪ বছৰৰ অন্তত- ২০ শতাংশ।
  • ৭ বছৰৰ অন্তত- ২০ শতাংশ।
  • ১০ বছৰৰ অন্তত ৬০ শতাংশ ওপৰঞ্চি লাভৰ সৈতে পাব।
  • মনোনীতকৰণৰ সুবিধা।
  • অসময়ত শোধোৱা ধনৰ মূল্য দিয়া নহব।
  • হস্তান্তৰ পত্ৰৰ সুবিধা।

শিশু জীৱন চুক্তি- গ্ৰাম্য ডাক জীৱন আঁচনি (স্পষ্ট ৰূপ)

  • ডাক জীৱন বীমা / গ্ৰাম্য ডাক জীৱন আঁচনিৰ অন্তৰ্গত আজীৱন বীমাপত্ৰ নাইবা দান বীমাপত্ৰৰ গৰাকীয়ে তেওঁলোকৰ বীমাৰ বিপৰীতে তেওঁলোকৰ শিশুৰ বাবে এই বীমা কৰাব পাৰিব।
  • নূন্যতম বয়স ৫ বছৰ।
  • উৰ্দ্ধতম বয়স ২০ বছৰ (প্ৰকৃত বীমাকাৰীৰ বয়স ৪৫ বছৰৰ কম হব লাগিব)
  • নূন্যতম মুঠ বীমা ২০,০০০/ টকা - উৰ্দ্ধতম ১,০০,০০০/ টকা শিশু জীৱন চুক্তিৰ মুঠ বীমা প্ৰকৃত চুক্তিৰ মুঠ বীমাতকৈ বেছি হ’ব নোৱাৰিব।
  • বীমা কাৰ্য্যকৰী হোৱা তাৰিখৰ পৰা আঁচনিয়ে সাঁমৰি লব নহ’লে প্ৰথম শোধাবলগীয়া ধন সম্পূৰ্ণ আদায় দিব লাগিব।
  • সম্পূৰ্ণ লাভৰ সৈতে অ-চিকিৎসা চুক্তি।
  • হস্তান্তৰ পত্ৰ আৰু মনোনীতকৰণৰ সুবিধা আছে।
  • এই বীমা আঁচনিত ঋণৰ সুবিধা নাই, কিন্তু কিবা বিশেষ কাৰণত প্ৰকৃত বীমাকাৰীয়ে কমেও ৫ বছৰৰ ধন আদায় পাব পাৰে।
  • শিশুৰ মৃত্যু হ’লে নিৰ্দ্ধাৰিত সময়ত বা তাৰ আগতেই ওপৰঞ্চি লাভৰ সৈতে মুঠ টকা আদায় পাব।
  • শিশু বীমা চুক্তি সম্পূৰ্ণ হোৱাৰ নিৰ্দ্ধাৰিত সময়ৰ আগতে যদি প্ৰকৃত বীমাকাৰীৰ মৃত্যু হয় তেন্তে বাকী আদায় অংশ দিব নালাগে।

শিশু চুক্তি শোধাবলগীয়া মুঠ বীমা ১০০০/- টকা

ভৰ্ত্তিৰ সীমা

পূৰ্ণ অৱস্থাৰ বয়স

১৮

১৯

২০

২১

২২

২৩

২৪

২৫

৮.১৩

৭.৬৭

৭.২৭

৬.৯৩

৬.৬৩

৬.৩৬

৬.১৩

৫.৯২

৮.৬৮

৮.১৩

৭.৬৭

৭.২৭

৬.৯৩

৬.৬৩

৬.৩৬

৬.১৩

৯.৩৩

৮.৬৮

৮.১৩

৭.৬৭

৭.২৭

৬.৯৩

৬.৬৩

৬.৩৬

১০.১১

৯.৩৩

৮.৬৮

৮.১৩

৭.৬৭

৭.২৭

৬.৯৩

৬.৬৩

১১.০৭

১০.১১

৯.৩৩

৮.৬৮

৮.১৩

৭.৬৭

৭.২৮

৬.৯৩

১০

১২.২৮

১১.০৭

১০.১১

৯.৩৩

৮.৬৮

৮.১৩

৭.৬৭

৭.২৮

১১

১৩.৮৫

১২.২৮

১১.০৭

১০.১১

৯.৩৩

৮.৬৮

৮.১৩

৭.৬৭

১২

১৫.৯৪

১৩.৮৫

১২.২৮

১১.০৭

১০.১১

৯.৩৩

৮.৬৮

৮.১৩

১৩

১৮.৮৮

১৫.৯৪

১৩.৮৫

১২.২৮

১১.০৭

১০.১১

৯.৩৩

৮.৬৮

১৪

১৮.৮৮

১৫.৯৪

১৩.৮৫

১২.২৮

১১.০৭

১০.১১

৯.৩৩

১৫

১৮.৮৮

১৫.৯৪

১৩.৮৫

১২.২৮

১১.০৭

১০.১১

১৬

১৮.৮৮

১৫.৯৪

১৩.৮৫

১২.২৮

১১.০৭

১৭

১৮.৮৮

১৫.৯৪

১৩.৮৫

১২.২৮

১৮

১৮.৮৮

১৫.৯৪

১৩.৮৫

১৯

১৮.৮৮

১৫.৯৪

২০

১৮.৮৮

‘মোৰ শিশু প্ৰথম’- গ্ৰাম্য ডাক জীৱন বীমা আঁচনি

গ্ৰাম্য ডাক জীৱন বীমা আঁচনিৰ ভাৰতীয় ডাক অবিনাশৰ অধীনত ‘কমিউনিকেশ্বন আৰু ইনফৰমেশ্বন টেকন’লজি’ ৰ ইউনিয়ন মন্ত্ৰী এ, ৰাজা লাঞ্চডয়ে ‘মোৰ শিশু প্ৰথম’ আঁচনিৰ আৰম্ভণি কৰে।

গ্ৰাম্য অঞ্চলৰ পৰিয়ালৰ মাজত নিৰাপত্তা আৰু তেওঁলোকৰ সন্তানৰ উচ্চ শিক্ষাৰ বাবে এই বীমা আঁচনিত ধন লগোৱা এই ধাৰণাটোৰ অভ্যাস গঢ়ি উঠে।

স্পষ্ট ৰূপ

বীমাকাৰীৰ শিশুৰ শিক্ষাৰ ক্ষেত্ৰত সহায় হ’ব পৰাকৈ ১৫ বছৰৰ পিছত পৈণত বয়সত আগেয়ে ঠিক কৰা চুক্তি মতে উপযুক্ত সঞ্চিত ধনৰ সৈতে ৫০,০০০ টকাৰ পৰা ৩ লাখ টকা এই বীমাই সাঁমৰি লয়। বীমাকাৰীয়ে পৰিশোধ কৰা টকা সমুদায় উপাৰ্জিত ধন লাভৰ সৈতে ঘূৰাই দিয়া হয়। “মুঠ বীমা ১৫ বছৰত দুগুণ হয়”।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate