উত্তৰ: জি এছ টিৰ প্ৰাথমিক নীতিয়েই হৈছে একোটা যোগান সম্পন্ন হোৱা ঠাইৰ উপভোগৰ ওপৰত বা উপভোগ সম্পন্ন হোৱা ঠাইত উদ্ভৱ হোৱা কৰ আৰোপ কৰা। সেয়ে আইনৰ ব্যৱস্থাৱলীৰ জৰিয়তে যোগানৰ স্থান নির্ণয় কৰা হয়। অর্থাৎ কৰি গৈপাবলগীয়া ন্যায়িক স্থান নিৰূপণ কৰা হয়। একোটা লেনদেন ৰাজ্যৰ ভিতৰুৱা নে আন্তঃৰাজ্যিক সেই কথা যোগানৰ স্থানে নির্ণয় কৰে। আন কথাত ক’বলৈ গ’লে, পণ্য সামগ্ৰীৰ যোগানৰ স্থান এইবাবেই আৱশ্যকীয়া হয়, ইয়াৰ জৰিয়তে একোটা যোগান এছ জি এছ টি যোগ চি জি এছ টিৰ আঁওতাত পৰিব নে ই এটা আন্তঃৰাজ্যিক যোগান আৰু সেয়ে আই জি এছ টি আকর্ষণ কৰিব, সেই কথা নিৰূপণ কৰা হয়।
উত্তৰ: স্পর্শযোগ্য পণ্য-সামগ্ৰীৰ ক্ষেত্ৰত সিবিলাকৰ উপভোগৰ স্থান নির্ণয় কৰাত কোনো লেখত ল’বলগীয়া সমস্যাৰ সৃষ্টি নহয়। স্পৰ্শৰ অযোগ্য পণ্য-সামগ্ৰীৰ ক্ষেত্ৰত তলত দিয়া কাৰকবিলাকৰ বাবে যোগানৰ স্থান নির্ণয় কৰাটো সমস্যাজনক হৈ পৰে:
(১) সেৱাৰ প্ৰদানৰ ধৰণ সহজে সলনি কৰিব পাৰি। উদাহৰণ স্বৰূপে টেলিকম সেৱাক ‘পোষ্ট-পেইড’ৰ পৰা ‘প্রি-পেইড’লৈ সলনি কৰিব পাৰি, বিলৰ ঠিকনা সলনি কৰিব পাৰি, ‘বিলাৰ' (biller)ৰ ঠিকনা সলনি কৰিব পাৰি, ছফটৱেৰৰ মেৰামতি বা চোৱা-চিতা ‘অনছাইটৰ পৰা ‘অনলাইন’লৈ সলনি কৰিব পাৰি, আগতে বেংক সেৱাৰ বাবে গ্রাহক বেংকলৈ যাবলগীয়া হৈছিল। কিন্তু বর্তমান গ্রাহকে যিকোনো
ঠাইৰ পৰা বেংকৰ সেৱা লাভ কৰিব পাৰে।
(২) যিহেতু কোনো ধৰণৰ স্পর্শযোগ্য গতিবিধি নাথাকে আৰু কাচিৎ একোটা আদান-প্ৰদানৰ পথ (trail) থাকে বাবে সেৱা প্রদানকাৰী, সেৱা গ্রহণকাৰী আৰু প্রদান কৰা সেৱা নির্দিষ্ট কৰিব নোৱাৰি বা এইবিলাক সহজে লুকাই থাকিব পাৰে।
(৩) একোটা সেৱাৰ যোগান ধৰিবৰ বাবে সেৱা প্রদানকাৰীৰ এটা নির্দিষ্ট স্থান থকাটো আৱশ্যকীয় নহয় আৰু সেৱা গ্রহণ কৰোতায়ো আনকি চলাচলৰ অৱস্থাতে সেৱা গ্রহণ কৰিব পাৰে। ‘বিলিং’ৰ স্থান ৰাতাৰাতি সলনি কৰিব পাৰি।
(৪) কেতিয়াবা একেটা উপাদানে একাধিক স্থানলৈ গতি কৰিব পাৰে, উদাহৰণস্বৰূপে, ৰেলপথ নির্মাণৰ ক্ষেত্ৰত নির্মাণ বা অন্যান্য সেৱা, একোটা ৰাষ্ট্রীয় ঘাইপথ বা নদীৰ ওপৰত থকা একোখন দলং এখন ৰাজ্যত আৰম্ভ হৈ অন্য এখন ৰাজ্যত শেষ হ’ব পাৰে। একেদৰে চলচ্চিত্র বিতৰণ আৰু প্ৰদৰ্শনৰ বাবে হোৱা একোটা ‘কপি ৰাইট’ একে সময়তে একাধিক ৰাজ্যত প্রযোজ্য হ’ব পাৰে বা সমগ্ৰ দেশতে সম্প্রচাৰিত একোটা কার্যক্রম বা একোটা বিজ্ঞাপনৰ লেনদেনৰ ক্ষেত্ৰত এনে হ’ব পাৰে। একোটা বিমান সংস্থাই বতৰীয়া টিকট জাৰি কৰিব পাৰে, ধৰা হ’ল দহটা পাত থকা, এনে টিকট দেশৰ যিকোনো দুখন স্থানৰ মাজত ব্যৱহৃত হ’ব পাৰে। দিল্লী মেট্ৰ’ই দিয়া কার্ড একোজন লোকে নয়দা, দিল্লী বা ফৰিদাবাদত থাকিও ব্যৱহাৰ কৰিব পাৰে আৰু এনে ক্ষেত্ৰত ধনাদায় গ্রহণ কৰাৰ সময়ত স্থান বা ভ্ৰমণ নির্দিষ্ট কৰিব পৰা নাযায়।
(৫) সেৱাসমূহ ধাৰাবাহিকভাৱে সম্পন্ন হৈ থাকে আৰু এনেদৰে নতুন নতুন প্রত্যাহ্বানৰ সৃষ্টি হৈ থাকিব। উদাহৰণস্বৰূপে ১৫-২০ বছৰৰ আগতে কোনেও ডি টি এইচ, অনলাইন তথ্য-পাতি, অনলাইন বেকিং, টিকটৰ অনলাইন বুকিং, ইণ্টাৰনেট, মোবাইল দূৰ সংযোগ ইত্যাদিৰ বিষয়ে কোনেও ভবা নাছিল।
উত্তৰ: যোগানৰ স্থান নির্ণয় কৰিবৰ বাবে সেৱাৰ লেনদেনত জড়িত হৈ থকা বিভিন্ন উপাদান ব্যৱহাৰ কৰিব পাৰি। যোগানৰ স্থান নির্ণয় কৰাৰ ক্ষেত্ৰত অন্য সকলোতকৈ যি ধাৰণাই অধিক সঠিক ফল দিয়ে, তেনে ধাৰণা যোগানৰ স্থান নির্ণয়ৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এইবিলাক এনে ধৰণৰ:
(ক) সেৱা প্রদানকাৰীৰ স্থান;
(খ) সেৱা গ্রহণ কৰোতাৰ স্থান;
(গ) কার্য সম্পন্ন হোৱা স্থান;
(ঘ) ইয়াক উপভোগ কৰাৰ স্থান; আৰু
(ঙ) প্রকৃত মুনাফা যি স্থান / লোকলৈ যায়।
B2B (পঞ্জীভুক্ত লোকলৈ কৰা যোগান) আৰু B2C (পঞ্জীভুক্ত নোহোৱা লোকলৈ কৰা যোগান) লেনদেনৰ ক্ষেত্ৰত যোগানৰ স্থান নিৰূপণৰ বাবে পৃথক নিয়মাৱলী থকাৰ প্ৰয়োজন কি?
উত্তৰ: B2B লেনদেনৰ ক্ষেত্ৰত, পৰিশোধ কৰা কৰ গ্ৰহণ কৰোতাৰ দ্বাৰা ‘ক্রেডিট’ হিচাপে লোৱা হয় আৰু সেয়ে এনে ধৰণৰ লেনদেনবিলাক ইজনৰ পৰা সিজনলৈ অতিক্ৰম হৈ যায়। B2B যোগানৰ ওপৰত সংগৃহীত জি এছ টিয়ে চৰকাৰৰ বাবে ফলদায়কভাৱে এক দায়বদ্ধতা সৃষ্টি কৰে আৰু গ্রহণ কৰোতাৰ বাবে ই এক সম্পত্তি হৈ পৰে। যিহেতু গ্রহণ কৰোতাই যিমানেই বেছি ইনপুট টেক্স ক্রেডিট’ লাভ কৰিব ভৱিষ্যতৰ কৰ পৰিশোধৰ বাবে সিমানে তেওঁ সক্ষম হ’ব। B2B লেনদেনৰ ক্ষেত্ৰত গ্রহণ কৰোতাৰ স্থান সন্দৰ্ভত সকলো ক্ষেত্ৰতে সতর্কতা অৱলম্বন কৰা হয় যিহেতু গ্রহণ কৰোতাই পৰৱতী পর্যায়ত ‘ক্রেডিট’ আহৰণ কৰিব। সাধাৰণতে গ্রহণ কৰোতাই
অন্য এজন উপভোক্তাক পৰৱর্তী সময়ত যোগান ধৰে। পিছত একোটা B2B লেনদেন B2C লেনদেনলৈ পৰিৱর্তিত হোৱাৰ পিছতহে যোগান উপভোগ কৰা হয়। B2C লেনদেনৰ ক্ষেত্ৰত যোগানৰ অৱশেষত উপভোগ সম্পন্ন হয় আৰু পৰিশোধ কৰা কৰ প্ৰকৃতাৰ্থত চৰকাৰৰ ঘৰলৈ যায়।
উত্তৰ: গ্রহণ কৰোতাক প্রদান কৰোতে যি স্থানত পণ্য-সামগ্ৰীৰ চলাচল সমাপ্ত হয়, সেই স্থানেই হ’ব পণ্য-সামগ্ৰীৰ যোগানৰ স্থান। (আই জি এছ টি আইনৰ অনুচ্ছেদ ৫(২)
এজন তৃতীয় ব্যক্তিৰ নির্দেশনা অনুসৰি যোগনীয়াৰে অন্য এজন লোকক পণ্য-সামগ্ৰী প্ৰদান কৰিলে যোগানৰ স্থান কি হ’ব ?
উত্তৰ: তেতিয়া তৃতীয় ব্যক্তিজনে উক্ত পণ্য-সামগ্ৰী গ্রহণ কৰা বুজাব আৰু এনে পণ্য-সামগ্ৰীৰ যোগানৰ স্থান হ’ব এনে লোকৰ ব্যৱসায়ৰ প্ৰধান ঠাইখিনি। (আই জি এছ টি আইনৰ অনুচ্ছেদ ৫(২এ)
যদি কোনো বাহনত যেনে নাও, বিমান, ট্রেইন বা মটৰ গাড়ীত পণ্য সামগ্ৰী অথবা সেৱাৰ যোগান সম্পন্ন হ’লে যোগানৰ স্থান কি হ’ব ?
উত্তৰ: এনে পণ্য সামগ্ৰীৰ ক্ষেত্ৰত যোগানৰ স্থান হ’ব যি স্থানত পণ্য-সামগ্ৰী বাহনত উঠোৱা হয়। (আই জি এছ টি আইনৰ অনুচ্ছেদ ৫(৫)
অৱশ্যে, সেৱাৰ ক্ষেত্ৰত, যোগানৰ স্থান হ’ব উক্ত বাহনৰ প্ৰস্থানৰ প্ৰথম নির্ধাৰিত সময়। (আই জি এছ টি আইনৰ অনুচ্ছেদ ৬(১১)
সেৱাৰ বি টু বি যোগানৰ ক্ষেত্ৰত স্থানৰ ধাৰণা কি হ’ব ?
উত্তৰ : আই জি এছ টি আইনত উল্লেখ কৰা অনুসৰি পঞ্জীভুক্ত কৰদাতা আৰু অ
পঞ্জীভুক্ত কৰদাতাৰ ক্ষেত্ৰত এই শব্দ ব্যৱহাৰ কৰা হৈছে। পঞ্জীভুক্ত লোকক কৰা যোগানৰ ক্ষেত্ৰত যোগানৰ স্থান হ’ব এনে লোকৰ স্থান। যদিহে গ্ৰহণ কৰোতাজন পঞ্জীভুক্ত হয়, তেনে ক্ষেত্ৰত গ্রহণ কৰোতাৰ ঠিকনা সদায় তাত থাকিব আৰু তাক যোগানৰ স্থান হিচাপে ধৰি ল’ব পাৰিব।
অ-পঞ্জীভুক্ত গ্রহণকাৰীৰ ক্ষেত্ৰত যোগানৰ স্থানৰ ধাৰণা কি হ’ব ?
উত্তৰঃ অ-পঞ্জীভুক্ত গ্রহণকাৰীৰ ক্ষেত্ৰত সাধাৰণতে যোগানৰ স্থান হ’ব গ্রহণকাৰীৰ স্থান। অৱশ্যে বহু ক্ষেত্ৰত গ্রহণকাৰীৰ ঠিকনা পর্যাপ্ত নহয়, এনে ক্ষেত্ৰত সেৱাৰ যোগনীয়াৰৰ স্থানক যোগানৰ স্থান হিচাপে ধৰি লোৱা হ’ব।
স্থাৱৰ সম্পত্তিৰ ক্ষেত্ৰত যোগানৰ স্থান স্থাৱৰ সম্পত্তি থকা ঠাইখন। ধৰা হ’ল এটা পথ দিল্লীৰ পৰা মুম্বাইলৈ কেইবাখনো ৰাজ্যক সামৰি নিৰ্মাণ কৰা হ’ল। ইয়াৰ যোগানৰ স্থান কি হ’ব ?
উত্তৰ: যদি অস্থাৱৰ সম্পত্তি একাধিক ৰাজ্যত থাকে, তেতিয়া সেৱাৰ যোগানৰ স্থান হিচাপে প্ৰতিখন ৰাজ্যকে আংশিকভাৱে গণ্য কৰা হ’ব, এই অংশ এই ক্ষেত্ৰত সম্পাদিত হোৱা চুক্তি অনুসৰি পৃথকভাৱে সংগৃহীত বা নিৰ্ণীত সেৱাৰ মূল্য অনুসৰি হ’ব বা,এনে ব্যৱস্থাপনাৰ চুক্তি নাথাকিলে এই ক্ষেত্ৰত নির্ধাৰণ কৰিব পৰা অন্য যুক্তিসংগতে কাৰণৰ ওপৰত ভিত্তি কৰি হ’ব। (আই জি এছ টি আইনৰ অনুচ্ছেদ ৬ (৫)ৰ ব্যাখ্যা অনুসৰি)
কেইবাখনো ৰাজ্যত হৈ থকা একোটা কার্যক্রম, ধৰা হওক আই পি এল ক্রিকেট, ইয়াৰ ক্ষেত্ৰত যোগানৰ স্থান কি হ’ব ?
উত্তৰ: এনে ধৰণৰ কার্যক্ৰমৰ ক্ষেত্ৰত, যদি গ্রহণ কৰোতাজন পঞ্জীভুক্ত হয়, এনে কার্যক্রম অনুষ্ঠিত কৰাৰ বাবে সেৱাৰ যোগানৰ স্থান হ’ব এনে লোকৰ থকা ঠাইখিনি।অৱশ্যে, যদি গ্রহণ কৰোতাজন পঞ্জীভুক্ত নহয়, যোগানৰ স্থান হিচাপে সেই স্থানকে গণ্য কৰা হ’ব য’ত উক্ত কার্যক্রম অনুষ্ঠিত হয়। যদিহে উক্ত কার্যক্রম একাধিক ৰাজ্যত অনুষ্ঠিত হয় আৰু এক সর্বমুঠ পৰিমাণৰ মাচুল এনে সেৱাৰ বাবে আৰোপিত হয়, তেতিয়া যোগানৰ স্থান হ’ব প্ৰতিখন ৰাজ্যত প্রদান কৰা সেৱাৰ মূল্যৰ অংশ অনুসৰি। (আই জি এছ টি আইনৰ অনুচ্ছেদ ৬ (৮)ৰ ব্যাখ্যা অনুসৰি)
কুৰিয়াৰৰ জৰিয়তে পণ্য সামগ্ৰী পৰিৱহণৰ ক্ষেত্ৰত যোগানৰ স্থান কি হ’ব?
উত্তৰ: গ্রহণ কৰোতাজন পঞ্জীভুক্ত হ’লে এনে লোকৰ থকা ঠাইখিনিয়েই হ’ব যোগানৰ স্থান।অৱশ্যে, গ্রহণ কৰোতাজন যদি পঞ্জীভুক্ত নহয়, তেতিয়া যোগানৰ স্থান হিচাপে য’ত পণ্য সামগ্ৰীখিনি পৰিবহণৰ বাবে হস্তান্তৰ কৰা হয়, সেই স্থানকে ধৰি লোৱা হ’ব।
যদি এজন লোক মুম্বাইৰ পৰা দিল্লীলৈ যায় আৰু মুম্বাইলৈ উভতি যায় তেতিয়া যোগানৰ স্থান কি হ’ব ?
উত্তৰঃ যদি লোকজন পঞ্জীভুক্ত হয়, তেতিয়া যোগানৰ স্থান হ’ব গ্রহণ কৰোতাজনৰ থকা ঠাইখিনি।
যদি লোকজন পঞ্জীভুক্ত নহয়, তেতিয়া মুম্বাইৰ পৰা দিল্লীলৈ কৰা আগৰটো ভ্ৰমণত য’ত গৈ তেওঁ নামে, অর্থাৎ মুম্বাই হ’ব যোগানৰ স্থান।অৱশ্যে, ওভতনি যাত্ৰাৰ বাবে যোগানৰ স্থান হ’ব দিল্লী, যিহেতু ওভতনি যাত্রাক এটা পৃথক যাত্রা হিচাপে গণ্য কৰা হ’ব। (আই জি এছ টি আইনৰ অনুচ্ছেদ ৬ (১১)ৰ ব্যাখ্যা অনুসৰি)
ধৰা হ’ল ভাৰতৰ যিকোনো ঠাইত ভ্ৰমণ কৰিবৰ বাবে মেছাৰ্ছ এয়াৰইণ্ডিয়াই এজন লোকক টিকট/পাছ দিলে। যোগানৰ স্থান কি হ’ব ?
উত্তৰঃ ওপৰৰ ঘটনাটোত, যিহেতু বিভিন্ন স্থানলৈ যোৱাৰ অধিকাৰ ভৱিষ্যতে সম্পন্ন কৰা হ’ব, সেয়ে চালান জাৰি কৰাৰ সময়ত গন্তব্য স্থানৰ কথা উল্লেখ নাথাকে। সেয়ে তেনে ক্ষেত্ৰত গন্তব্য স্থান যোগানৰ স্থান হ’ব নোৱাৰে। এনেকুৱা ঘটনাত এক তৰফা (default) নিয়ম প্রযোজ্য হ’ব। (আই জি এছ টি আইনৰ অনুচ্ছেদ ৬ (১০) (বি)ৰ ব্যৱস্থা অনুসৰি)
মোবাইল সংযোগৰ বাবে যোগানৰ স্থান কি হ’ব? ই যোগনীয়াৰৰ থকা ঠাইখন হ’ব পাৰেনে?
উত্তৰ: মোবাইল সেৱাৰ যোগনীয়াৰৰ থকা ঠাই যোগানৰ স্থান হ’ব নোৱাৰে, যিহেতু মোবাইল কোম্পানীবিলাকে একাধিক ৰাজ্যত সেৱা প্ৰদান কৰি আছে আৰু এইবিলাক সেৱাৰ বহুতেই আন্তঃৰাজ্যিক। যদি যোগনীয়াৰৰ থকা ঠাইকে যোগানৰ স্থান হিচাপে ধৰা হয়। তেন্তে উপভোগৰ নীতি (consumption principle) ভংগ কৰা হ’ব আৰু যোগনীয়াৰসকল থকা কেইখনমান ৰাজ্যলৈ সকলো ৰাজহ যাব পাৰে।মোবাইল সংযোগৰ বাবে যোগানৰ স্থান নিৰ্ভৰ কৰিব এই সংযোগ ‘পোষ্টপেইড’ নে ‘প্রি-পেইড’ তাৰ ওপৰত। ‘পোষ্টপেইড’ সংযোগৰ ক্ষেত্ৰত যোগানৰ স্থান হ’ব সেৱা গ্রহণ কৰোতাৰ ‘বিলিং এড্রেছ’‘প্রি-পেইড’ সংযোগৰ ক্ষেত্ৰত যোগানৰ স্থান হ’ব সেই ঠাই, য’ত এনে সংযোগৰ বাবে কৰা পৰিশোধ গ্রহণ কৰা হয় বা য’ত এনে ‘প্রি-পেইড ভাউচাৰ’ বিক্ৰী কৰা হয়। অৱশ্যে, যদি ইণ্টাৰনেট/ই-পেমেণ্টৰ জৰিয়তে ‘ৰিচাৰ্জ’ কৰা হয় তেতিয়া তথ্য বা নথিত থকা সেৱা গ্রহণ কৰোতাৰ স্থানেই হ’ব সেৱাৰ স্থান।
গোৱাত থকা এজন লোকে দিল্লীত থকা এজন ফালেংগী/দালাল (broker)ৰ পৰা এন এছ ইত (মুম্বাইত) অংশ ক্রয় কৰিলে। যোগানৰ স্থান কি হ’ব
উত্তৰ: যোগানৰ স্থান হ’ব সেৱাৰ যোগনীয়াৰৰ নথি বা তথ্যত থকা গ্রহণকাৰীৰ থকা ঠাইখন। সেয়ে, গোৱা হ’ব যোগানৰ স্থান।
এজন লোক মুম্বাইৰ পৰা কুল্লু-মানালিলৈ গ’ল আৰু মানালিত আই চি আই চি আই বেংকৰ পৰা কিছু সেৱা গ্ৰহণ কৰিলে। যোগানৰ স্থান কি হ’ব ?
উত্তৰ: যদি এই সেৱা লোকজনৰ হিচাপ-নিকাচ বা ‘একাউণ্ট’ত সম্পূক্ত নহয়, তেতিয়া যোগানৰ স্থান হ’ব কুল্লু অর্থাৎ উক্ত সেৱাৰ যোগনীয়াৰৰ স্থান। অৱশ্যে, যদি উক্ত সেৱা লোকজনৰ 'একাউণ্টে'ৰে সম্পূক্ত হয়, তেতিয়া যোগানৰ স্থান হ’ব মুম্বাই, যোগনীয়াৰৰ তথ্য বা নথিত থকা গ্রহণ কৰোতাৰ ঠাইখন।
গুৰগাঁৱৰ পৰা এজন লোকে এয়াৰ ইণ্ডিয়াৰ বিমানেৰে মুম্বাইৰ পৰা দিল্লীলৈ যায় আৰু মুম্বাইত সম্পন্ন কৰা তেওঁৰ ভ্ৰমণ বীমা লাভ কৰে। যোগানৰ স্থান কি হ’ব ?
উত্তৰঃ বীমা সেৱাৰ যোগনীয়াৰৰ তথ্য-নথিত থকা সেৱা গ্রহণ কৰোতাৰ থকা ঠাইখন হ’ব যোগানৰ স্থান। সেয়ে এই ক্ষেত্ৰত গুৰগাঁও হ’ব যোগানৰ স্থান। (আই জি এছ টি আইনৰ অনুচ্ছেদ ৬(১৪)ৰ ব্যৱস্থা অনুসৰি)