অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হিচাপৰ বিৱৰণৰ প্রক্রিয়া আৰু ‘ইনপুট টেক্স ক্রেডিট’ৰ সাদৃশ্য

হিচাপৰ বিৱৰণ(return)ৰ উদ্দেশ্য কি?

উত্তৰ : (ক) কৰা প্রশাসনলৈ তথ্য হস্তান্তৰৰ বাবে এটা পদ্ধতি-

(খ) কৰা প্রশাসনৰ সন্মতি পৰীক্ষা কৰা কার্যক্রম;

(গ) নির্দিষ্ট সীমাবদ্ধ সময়ৰ ভিতৰত কৰদাতাৰ কৰ দায়ৱদ্ধতাৰ চূড়ান্তকৰণ, নির্ধাৰিত সময়ৰ বাবে কৰাৰ দায়বদ্ধতা ঘোষণা কৰা;

(ঘ) নীতি নিৰ্ধাৰণ কৰা (taking policy decision)ৰ বাবে আৱশ্যকীয় ‘ইনপুট’ প্রদান কৰা;

(ঙ) কৰা প্রশাসনৰ হিচাপ-নিকাচ আৰু ফাকি বিৰোধী কার্যক্রম পৰিচালনা।

জি এছ টিৰ আমোলত কোনে হিচাপৰ বিৱৰণ দাখিল কৰিব লাগে ?

উত্তৰ: প্ৰতিজন পঞ্জীভুক্ত কৰযোগ্য লোক –যি কৰ পৰিশোধৰ অন্তিম সীমা (threshold) অতিক্রম কৰে। এজন যোগনীয়াৰৰ যেতিয়া মুঠ উপার্জন ন লাখ টকাৰ অধিক হয় তেতিয়া তেওঁ পঞ্জীভুক্ত হ’ব লাগে; কিন্তু দহ লাখ টকাৰ অতিক্রম কৰিলেহে তেওঁ কৰযোগ্য লোক হয়। সেয়ে যেতিয়া তেওঁ দহ লাখ টকাৰ অন্তিম সীমা অতিক্রম কৰে তেতিয়া তেওঁ হিচাপৰ বিৱৰণ দাখিল কৰিব লাগে। আন কেতবোৰ শ্ৰেণীৰ লোকো আছে যি পঞ্জীভুক্ত হ’ব লাগে আৰু তেতিয়া তেওঁলোকে হিচাপৰ বিৱৰণ দাখিল কৰিব লাগে, এনে লোকৰ শ্রেণীত আছে আন্তঃৰাজ্যিক যোগনীয়াৰ, টি ডি এছ কর্তনকাৰী, ই-কমার্চ অপাৰেটৰসকল, ই-কমার্চ অপাৰেটৰৰ জৰিয়তে পণ্য-সামগ্ৰীৰ যোগান ধৰা যোগনীয়াৰ ইত্যাদি।(অনুসূচী ৩ আৰু ৰেজিষ্ট্ৰেচন চেণ্টাৰৰ

হিচাপৰ বিৱৰণত কেনে ধৰণৰ বাহিৰা (outward) যোগানৰ সবিশেষ দাখিল কৰিব লাগে ?

উত্তৰ: একোজন সাধাৰণ কৰদাতাই একোটা মাহত সম্পন্ন কৰা বিভিন্ন ধৰণৰ যোগান, যেনে পঞ্জীভুক্ত লোকক কৰা বাহিৰা যোগান, পঞ্জীভুক্ত নোহোৱা লোকক (উপভোক্তা) কৰা বাহিৰা যোগান, ক্রেডিট/ডেবিট নোটৰ (Credit/Debit Note) সবিশেষ, শূন্য নিৰিখৰ, কর্তন হোৱা আৰু জি এছ টি নোহোৱা (non-GST) যোগান, ৰপ্তানি আৰু ভৱিষ্যতৰ যোগান সন্দৰ্ভত গ্রহণ কৰা আগাধনৰ ক্ষেত্ৰত জি এছ টি আৰ ১ত বাহিৰা যোগানৰ সবিশেষ দাখিল কৰিব লাগে

জি এছ টি আৰ-১ৰ সৈতে চালান (invoice)ৰ স্কেন কৰা কপি আপলোড কৰিব লাগেনে ?

উত্তৰ: নহয়, চালানৰ স্কেন কৰা কপি আপলোড কৰিব নালাগে। কেৱল চালানৰ পৰা কেতবোৰ নির্ধাৰিত ক্ষেত্ৰৰ তথ্যহে আপলোড কৰিব লাগে।

সকলো চালান আপলোড কৰিব লাগেনে ?

উত্তৰঃ নহয়, এইটো নিৰ্ভৰ কৰে। B2B নে B2C লগতে ৰাজ্যৰ ভিতৰুৱা (Intrastate) নে আন্তঃৰাজ্যিক (Inter-state) যোগান তাৰ ওপৰত।

B2B যোগানৰ ক্ষেত্ৰত, ৰাজ্যৰ ভিতৰুৱাই হওক বা আন্তঃৰাজ্যিক যোগানেই হওক, সকলো চালান আপলোড কৰিব লাগিব। কিয় তেনে কৰিব লাগে ? কাৰণ গ্রহণ কৰোতাই আই টি চি ল’ব, চালানৰ সাদৃশ্য ৰক্ষা কৰিব লাগিব। B2C যোগানৰ ক্ষেত্ৰত সাধাৰণতে আপলোডিঙৰ প্রয়োজন নহ’ব পাৰে যিহেতু ক্রেতাই আই টি চি নল'ব। অৱশ্যে তথাপি স্থানভিত্তিক নীতি বজাই ৰাখিবলৈ আন্তঃৰাজ্যিক B2B যোগানত ২.৫ লাখ টকাৰ অধিক মূল্যৰ চালান আপলোড কৰিব লাগিব। ২.৫ লাখ টকাৰ তলৰ ৰাজ্যৰ আভ্যন্তৰীণ যোগানৰ বাবে আৰু সকলো ৰাজ্যৰ ভিতৰুৱা চালানৰ বাবে ৰাজ্যভিত্তিক সাৰাংশই (summary) যথেষ্ট।

চালানত থকা প্ৰতিটো সামগ্ৰীৰ বিৱৰণ আপলোড কৰিব লাগিবনে ?

উত্তৰঃ নালাগে, দৰাচলতে বিৱৰণ আপলোড কৰিব নালাগে। পণ্য-সামগ্ৰী যোগানৰ ক্ষেত্ৰত কেৱল HSN Code আৰু সেৱাৰ যোগানৰ ক্ষেত্ৰত Accounting Code

সন্নিৱিষ্ট কৰিব লাগিব। দাখিল কৰোতাই আপলোড কৰিব লগা ডিজিটৰ (অংক) ন্যূনতম সংখ্যা নির্ভৰ কৰিব অন্তিম বছৰত হোৱা তেওঁৰ উপাৰ্জনৰ (turnover) ওপৰত |

প্ৰতিটো লেনদেনৰ মূল্য সন্নিৱিষ্ট কৰিব লাগেনে? এই ক্ষেত্ৰত বিবেচনাৰ কি ব্যৱস্থা আছে?

উত্তৰ: হয়, কেৱল মূল্যই নহয়, বৰঞ্চ কৰযোগ্য মূল্যও সন্নিৱিষ্ট কৰিব লাগিব। কিছুমান ক্ষেত্ৰত দুয়োটা বেলেগ বেলেগ হ’ব পাৰে।

এই ক্ষেত্ৰত বিবেচনাৰ ব্যৱস্থা নাই, কিন্তু অনুসূচী ১ৰ মতে যোগান, কৰযোগ্য মূল্য আপলোড কৰিব লাগিব।

এজন গ্ৰহণ কৰোতাই তেওঁৰ জি এছ টি আৰ-২ত তেনে তথ্য সন্নিৱিষ্ট কৰিব পাৰেনে যিটো যোগনীয়াৰে নকৰিলে ?

উত্তৰঃ হয়, গ্রহণ কৰোতাৰ যোগনীয়াৰে আপলোড নকৰা চালানবিলাক তেওঁ নিজে সন্নিৱিষ্ট কৰিব পাৰে। এনে চালানবিলাকৰ ‘ক্রেডিট’ও ব্যৱস্থা অনুসৰি দিয়া হ’ব কিন্তু সাদৃশ্য থাকিব লাগিব। বৈসাদৃশ্য প্রতিস্থা হ’লে, যদিও যোগনীয়াৰে চালানবিলাক আপলোড কৰা নাই, তেওঁলোকৰ দুয়োজনকে অৱগত কৰোৱা হ’ব। যদি বৈসাদৃশ্য শুধৰোৱা হয়, ব্যৱস্থাগত ‘ক্রেডিট’ নিশ্চিত কৰা হ’ব। অৱগত কৰোৱাৰ পিছতো যদি বৈসাদৃশ্য অব্যাহত থাকে, ব্যৱস্থা অনুসৰি প্ৰদান কৰা ‘ক্রেডিট’ ওভতাই লোৱা হ’ব।

কৰযোগ্য লোকজনে জি এছ টি আৰ —২ত যিকোনো তথ্য সন্নিৱিষ্ট কৰিব লাগে নে সকলো জি এছ টি আৰ ১ৰ পৰা স্বয়ংক্রিয়ভাৱে সন্নিৱিষ্ট হয় ?

উত্তৰ: যিহেতু জি এছ টি আৰ-২ৰ এটা বৃহৎ অংশ স্বয়ংক্রিয়ভাৱে সন্নিৱিষ্ট হ’ব, সেয়ে আমদানিৰ সবিশেষ, অপঞ্জীভুক্ত বা সংযোজন (composition) যোগনীয়াৰৰ পৰা কৰা ক্ৰয়ৰ সবিশেষ আৰু কৰ্তন/অ-জি এছ টি (non-GST)/ জি এছ টিবিহীন (nil-GST) যোগান ইত্যাদিৰ সবিশেষৰ দৰে তথ্য কেৱল গ্রহণ

কৰোতাই ভৰাব পাৰে।

যদি চালানবিলাক নিমিলে তেতিয়া কি হ’ব ? আই টি চি দিয়া হ’ব নে নহয়? যদি দিয়া নহয়, যোগনীয়াৰৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ’ব ?

উত্তৰ : যদি বিপৰীত পক্ষৰ জি এছ টি আৰ-১ ত থকা চালানৰ সৈতে জি এছ টি আৰ-২ত থকা চালান নিমিলে, এই বিষয়ে দুয়োকে জনোৱাৰ পিছতো যদি শুধৰণি কৰা নহয় আৰু বৈসাদৃশ্য অব্যাহত থাকে, তেন্তে আই টি চি ওভতাই লোৱা হ’ব। বৈসাদৃশ্য দুটা কাৰণত হ’ব পাৰে। প্রথমতে, গ্রহণ কৰোতাৰ ফালে হোৱা ভুলৰ বাবে এনে হ’ব পাৰে, আৰু তেতিয়া পৰৱতী পদক্ষেপৰ প্রয়োজন নহয়। দ্বিতীয়তে, তেতিয়াও এনে হোৱাটো সম্ভৱ যেতিয়া উল্লিখিত চালান যোগনীয়াৰে জাৰি কৰিলে যদিও তেওঁ ইয়াক আপলোড নকৰে আৰু ইয়াৰ ওপৰত কৰ পৰিশোধ কৰে। এনে পৰিস্থিতিত যোগনীয়াৰৰ বিৰুদ্ধে পুনৰুদ্ধৰ (recovery) পদক্ষেপ লোৱা হ’ব। চমুকৈ ক’বলৈ গ’লে সকলো বৈসাদৃশ্য তেতিয়াই হয়, যেতিয়া যোগনীয়াৰে একোটা যোগান সম্পন্ন কৰি ইয়াৰ ওপৰত কৰ পৰিশোধ নকৰে।

যোগনীয়াৰে পিছত ভুলটো বুজি পালে আৰু তথ্য সন্নিৱিষ্ট কৰিলে বিপৰীত ‘ইনপুট টেক্স ক্রেডিট’ৰ ক্ষেত্ৰত আইনগত ব্যৱস্থা কি হ’ব ?

উত্তৰঃ যিকোনো পর্যায়ত, কিন্তু পৰৱতী বিত্তীয় বছৰৰ ছেপ্টেম্বৰৰ পূর্বে যোগনীয়াৰে চালান আপলোড কৰিব পাৰে আৰু যি মাহত তেওঁ চালান আপলোড কৰে সেই মাহৰ তেওঁৰ জি এছ টি আৰত এনে ভুল হোৱা চালানৰ ওপৰত কৰ আৰু সুত পৰিশোধ কৰা সুতো জি এছ টি এনত থকা এক স্বয়ংক্রিয় পদ্ধতিৰ জৰিয়তে গ্রহণ কৰোতাক ওভোতাই দিয়া হ’ব।

জি এছ টি আৰ-২ৰ বিশেষত্ব কি ?

উত্তৰ: জি এছ টি আৰ ২ৰ বিশেষত্ব হৈছে যে এজন গ্রহণ কৰোতাই গ্রহণ কৰা যোগানৰ সবিশেষ বিপৰীত পক্ষৰ যোগনীয়াৰে তেওঁৰ জি এছ টি আৰ ১ত দাখিল

কৰা সবিশেষৰ ভিত্তিত স্বয়ংক্রিয়ভাৱে সন্নিৱিষ্ট হ’ব পাৰে।

অস্বীকাৰ কৰা আই টি চি পুনৰ সংস্থাপিত কৰিব পাৰিনে?

উত্তৰ: Reversalৰ পিছত অথচ পৰৱৰ্তী বিত্তীয় বৰ্ষৰ ছেপ্টেম্বৰৰ ভিতৰত যদি যোগনীয়াৰে চালান আপলোড কৰে, আগতীয়াকৈ reverse কৰা ‘ক্রেডিট’, reversalৰ সময়ত পৰিশোধ কৰা সুতৰ ওৱাপোছ (refund)সহ পুনৰ সংস্থাপিত হ’ব।

সংযোজন আঁচনিৰ(composition scheme) অধীনস্থ কৰদাতায়ো জি এছ টি আৰ-১ আৰু জি এছ টি আৰ-২ দাখিল কৰিব লাগেনে?

উত্তৰ: নালাগে। সংযোগ কৰদাতাই কোনো বাহিৰা বা ভিতৰুৱা যোগানৰ বিৱৰণ দাখিল কৰিব নালাগে। বছৰৰ এক চতুর্থাংশ (quartery)ৰ সমাপ্তিৰ পিছৰ মাহৰ প্রথম দিনাৰ ভিতৰত জি এছ টি আৰ ৪ ফর্মত তেওঁলোকে এটা তিনিমহীয়া (quarterly) হিচাপৰ বিৱৰণ দাখিল কৰিব লাগে। যিহেতু তেওঁলোক কোনো ‘ইনপুট টেক্স ক্রেডিট’ৰ বাবে অৰ্হতাসম্পন্ন নহয়, তেওঁলোকৰ বাবে জি এছ টি আৰ-২ৰ প্রাসংগিকতা নাই আৰু যিহেতু তেওঁলোকে তেওঁলোকৰ গ্ৰহণ কৰোতালৈ কোনো ক্রেডিট ঠেলি নিদিয়ে, সেয়ে তেওঁলোকৰ বাবে জি এছ টি আৰ ১ৰ কোনো প্ৰাসংগিকতা নাই। তেওঁলোকৰ হিচাপৰ বিৱৰণত তেওঁলোকে কৰ পৰিশোধৰ সবিশেষৰ লগতে বাহিৰা যোগানৰ সবিশেষ সাৰাংশ ঘোষণা কৰিব লাগে। তেওঁলোকে তেওঁলোকৰ তিনিদফীয়া হিচাপৰ বিৱৰণত ক্ৰয়ৰ সবিশেষো দিব লাগে, যাৰ বেছিভাগ স্বয়ংক্রিয়ভাৱে সন্নিৱিষ্ট হ’ব।

ইনপুট ছাৰ্ভিচ ডিষ্ট্ৰিবিউটৰে (ISD) তেওঁলোকৰ হিচাপৰ বিৱৰণত বাহিৰা আৰু ভিতৰুৱা যোগানৰ পৃথক বর্ণনা দাখিল কৰিব লাগেনে?

উত্তৰ: নালাগে, আই এছ ডিসকলে কেৱল জি এছ টি-৬ত এটা হিচাপৰ বিৱৰণ দাখিল কৰিব লাগে আৰু সেয়া প্রদানকাৰীৰ পৰা তেওঁলোকে লাভ কৰা ক্রেডিটৰসবিশেষ আৰু প্রতিপোষকসকলক (subsidiaries) তেওঁলোকে বিতৰণ কৰা ‘ক্রেডিট’ৰ সবিশেষ বিৱৰণত থাকিব লাগে। যিহেতু তেওঁলোকৰ বিৱৰণত এইদিশবোৰ সামৰি লোৱা হয়, সেয়ে ভিতৰুৱা আৰু বাহিৰা যোগানৰ বৰ্ণনা পৃথকে দাখিল কৰিব নালাগে।

এজন কৰদাতাই তেওঁৰ হৈ উৎসতে কর্তন কৰা কৰৰ নিৰিখ কেনেকৈ পায় ? ‘ক্রেডিট’ পাবলৈ তেওঁ যাৰ পৰা কর্তন কৰা হৈছে তেওঁৰ (diductee) পৰা টি ডি এছ প্ৰমাণপত্ৰ দাখিল কৰিব লাগেনে?

উত্তৰ: জি এছ টিৰ অধীনত কর্তন কৰোতা (diductor)ই যি মাহত কর্তন কৰা হয়। সেই মাহৰ পৰৱৰ্তী মাহৰ দহ দিনৰ ভিতৰতে দাখিল কৰিবলগীয়া জি এছ টি আৰ ৭ প্ৰপত্ৰত তেওঁৰ হিচাপৰ বিৱৰণত সকলো কর্তনৰ diducteeভিত্তিক সবিশেষ দাখিল কৰিব। কর্তন কৰোতাই আপলোড কৰা কৰ্তনৰ সবিশেষ যাৰ পৰা কর্তন কৰা হয়। তেওঁৰ (diductee) জি এছ টি আৰ ২ত স্বয়ংক্রিয়ভাৱে সন্নিৱিষ্ট হ’ব | কৰদাতাই তেওঁৰ হৈ কৰা কৰ্তনৰ বাবে ‘ক্রেডিট’ পাবলৈ তেওঁৰ জি এছ টি আৰ ২ত এইসবিশেষ নিশ্চিত কৰিব লাগিব। এই ‘ক্রেডিট’ পাবলৈ তেওঁ বস্তুগত বা বৈদ্যুতিন ৰূপত কোনো প্রমাণ পত্র দাখিল কৰিব নালাগে। এই প্রমাণ পত্ৰ কৰদাতাৰ তথ্য সংৰক্ষণৰ বাবেহে আৰু উমৈহতীয়া প’ৰ্টেলৰ পৰা ডাউনল’ড কৰিব পাৰিব।

বার্ষিক হিচাপৰ বিৱৰণ কোনসকলে দাখিল কৰিব লাগে?

উত্তৰ: অস্থায়ী কৰদাতা আৰু সংযোজন আঁচনিৰ (composition scheme) অধীনস্থ কৰদাতাসকলৰ বাহিৰে জি এছ টি আৰ-১ৰ পৰা ৩লৈ হিচাপৰ বিৱৰণ দাখিল কৰা সকলো কৰদাতাই একোটা বার্ষিক হিচাপৰ বিৱৰণ দাখিল কৰিব লাগে। অস্থায়ী কৰদাতা, অনা-আবাসিক কৰদাতা, আই.এছডিসকল আৰু উৎসতে কৰ কর্তন কৰিবলৈ কর্তৃত্বপ্রাপ্ত লোকসকলে বার্ষিক হিচাপৰ বিৱৰণ দাখিল কৰিব নালাগে।

একোটা বার্ষিক হিচাপৰ বিৱৰণ আৰু একোটা চূড়ান্ত বিৱৰণ (finalreturn) এটাই আৰু একে হয়নে ?

উত্তৰ: নহয়, বার্ষিক হিচাপৰ বিৱৰণ (annual return) এজন সাধাৰণ বা এজন মিশ্রণ (compounding) কৰদাতা হিচাপে কৰ পৰিশোধ কৰি থকা প্ৰতিজন পঞ্জীভুক্ত কৰযোগ্য লোকে দাখিল কৰিব লাগে। চূড়ান্ত হিচাপৰ বিৱৰণ কেৱল সেইসকল পঞ্জীভুক্ত কৰযোগ্য লোকে দাখিল কৰিব লাগে, যি পঞ্জীয়ন বাতিলকৰণৰ বাবে আবেদন কৰিছে। বাতিলকৰণৰ তাৰিখ বা বাতিলকৰণৰ নির্দেশৰ তাৰিখৰ পৰা তিনি মাহৰ ভিতৰত ইয়াক দাখিল কৰিব লাগে।

যদি কিবা পৰিৱর্তন সাধন কৰিবলগীয়া হয়, দাখিল কৰা হিচাপৰ বিৱৰণ কেনেকৈ সংশোধন কৰিব পাৰি ?

উত্তৰ: জি এছ টিত যিহেতু ব্যক্তিগত লেনদেনৰ সবিশেষৰ পৰা হিচাপৰ বিৱৰণ প্রস্তুত কৰা হয়, সেয়ে একোটা সংশোধিত বিৱৰণ থকাৰ আৱশ্যক নহয়। এলানি চালান বা ডেবিট/ক্রেডিট নোটত পৰিৱর্তন সাধন কৰিবলগীয়া হ’লেহে একোটা হিচাপৰ বিৱৰণ সংশোধনৰ আৱশ্যক হয়। ইতিমধ্যে দাখিল কৰা হিচাপৰ বিৱৰণ সংশোধন কৰাৰ পৰিৱর্তে সংশোধিত হ’বলগীয়া সেই লেনদেনৰ সবিশেষ (চালান বা ডেবিট/ক্রেডিটৰ পৰিৱর্তন সাধন কৰিবলৈ পদ্ধতিয়ে (system) অনুমতি দিব। পূৰ্বতে ঘোষিত সবিশেষ সংশোধনৰ উদ্দেশ্যে বিশেষভাৱে ব্যৱস্থা কৰা টেবুলবিলাকত যিকোনো ভৱিষ্যৎ জি এছ টি আৰ ১/২ত সেইবিলাক সংশোধন কৰিব পাৰি।

কৰদাতাই কেনেকৈ তেওঁলোকৰ হিচাপৰ বিৱৰণ দাখিল কৰিব পাৰে ?

উত্তৰঃ কৰদাতাই বৰ্ণনা (statements) আৰু হিচাপৰ বিৱৰণ (returns) দাখিল কৰিবৰ বাবে বিভিন্ন ধৰণৰ পদ্ধতি থাকিব। প্ৰথমতে, তেওঁলোকে উমৈহতীয়া প’ৰ্টেলত অনলাইনত পোনপটীয়াকৈ বৰ্ণনা আৰু হিচাপৰ বিৱৰণ দাখিল কৰিব পাৰে। অৱশ্যে ই আমনিদায়ক হ’ব পাৰে আৰু বৃহৎসংখ্যক চালান থকা কৰদাতাক দীর্ঘ সময় লাগিব পাৰে। প্ৰতিজন কৰদাতাৰ বাবে, একোটা ‘অফলাইন’ (offline) ব্যৱস্থা প্ৰদান কৰাহ’ব আৰু স্বয়ংক্রিয়ভাৱে সন্নিৱিষ্ট সবিশেষ ডাউনলোড আৰু উমৈহতীয়া প’ৰ্টেলত সিবিলাক আপলোড কৰাৰ পিছত অফলাইনত বৰ্ণনা প্রস্তুত কৰিবৰ বাবে তাক ব্যৱহাৰ কৰিব পাৰিব। জি এছ টি এনে ‘জি এছ টি সুবিধা প্রভাইডাৰ্ছ’ৰ এটা ইক’ছীষ্টেমৰো বিকাশ ঘটাইছে যিটোৱে উমৈহতীয়া প’ৰ্টেলৰ সৈতে সমন্বয় সাধন কৰিব।

জি এছ টিৰ অধীনত এক সুচল সন্মতিৰ বাবে এজন নিষ্ঠাবান কৰদাতাই কোনবোৰ কথা নিশ্চিত কৰিব লাগে ?

উত্তৰঃ জি এছ টিৰ অধীনত সবাতোকৈ গুৰুত্বপূর্ণ কথাবোৰৰ অন্যতম হৈছে পৰৱতী মাহৰ ১০ দিনৰ ভিতৰত জি এছ টি আৰ ১ত বাহিৰা যোগানৰ সবিশেষ সময়মতে আপলোড কৰা। এই কথা কিমান উত্তম ৰূপত নিশ্চিত কৰিব পাৰি। সেয়া নিৰ্ভৰ কৰিব কৰদাতাই জাৰি কৰা বিটুবি চালানৰ সংখ্যাৰ ওপৰত। যদি সংখ্যাটো সৰু হয়, তেতিয়া কৰদাতাই এবাৰ গৈয়ে সকলো তথ্য আপলোড কৰিব পাৰে। অৱশ্যে যদি চালানৰ সংখ্যা ডাঙৰ হয়, তেতিয়া চালানবিলাক (বা ডেবিট/ক্রেডিট নোটছ) নিয়মীয়াকৈ আপলোড কৰিব লাগে। আনকি এক প্রকৃত সময়ৰ ভিত্তিত জি এছ টিয়ে এনে চালানৰ নিয়মীয়া আপলোডিঙৰ অনুমতি দিব। বর্ণনাটো প্রকৃতাৰ্থত দাখিল কৰালৈকে, পদ্ধতিটোৱে কৰদাতাক আপলোড কৰা চালানবিলাক আপলোড কৰিলে কৰদাতাৰ বাবে সদায়ে লাভদায়ক হ’ব। অন্তিম মুহূর্তত কৰা দৌৰা-দৌৰিয়ে আপলোডিং জটিল কৰি তুলিব আৰু সম্ভাব্য ব্যর্থতা আৰু বেমেজালিৰ আশংকা বৃদ্ধি পাব। দ্বিতীয়তে নিশ্চিত কৰিবলগীয়া কথাটো হৈছে কৰদাতাই তেওঁলোকৰ যোগনীয়াৰে কৰা ভিতৰুৱা যোগানৰ চালানবিলাক আপলোডিং কৰাৰ ওপৰত চকু ৰাখিব লাগিব। কোনো ধৰণৰ বিশৃংখলতা আৰু বিলম্ব নোহোৱাকৈ ‘ইনপুট টেক্স ক্রেডিট’ৰ পৰ্যাপ্ততা নিশ্চিত কৰাত ই সহায়ক হ’ব। গ্রহণ কৰোতাই যোগনীয়াৰক নির্ধাৰিত তাৰিখত বা অন্তিম সময়ত কৰাৰ পৰিৱর্তে  নিয়মীয়াকৈ  তেওঁলোকৰ চালানবিলাক আপলোড কৰিবলৈ উৎসাহ দিব পাৰে। এই পদ্ধতিয়েগ্রহণ কৰোতাক তেওঁলোকৰ সৈতে সম্পর্কযুক্ত চালানবিলাক যোগনীয়াৰে আপলোড কৰিছেনে নাই সেয়া চোৱাৰ সুযোগ দিব। জি এছ টিএন পদ্ধতিয়ে একোজন কৰদাতাৰ সন্মতিৰ স্তৰৰ বিষয়ে পূৰ্বৰ অভিলেখ, বিশেষকৈ একোজন যোগনীয়াৰে জাৰি কৰা চালানৰ বাবে হোৱা স্বয়ংক্রিয় বৈপৰীত্য (auto reversals)ৰ বিষয়ে সবিশেষ সম্বলিত তেওঁৰ যোগান চালানবিলাক সময় মতে আপলোড কৰাৰ পূৰ্বৰ অভিলেখ প্রদান কৰিব। জি এছ টিৰ উমৈহতীয়া প’ৰ্টেলৰ জৰিয়তে সমগ্ৰ ভাৰতৰে তথ্য এঠাইতউপলব্ধ হ’ব যি কৰদাতাসকলক মূল্যৱান সেৱা আগবঢ়াব পাৰিব। চালানৰ নিয়মীয়া আপলোডিং যিমান পাৰি সিমান সহজ কৰি তুলিবলৈ চেষ্টা চলাই থকা হৈছে আৰু আশা কৰা হৈছে যে এক সক্ষম ইক’-ছীষ্টেমে এই উদ্দেশ্যত বিকাশ লাভ কৰিব। জি এছ টিৰ অধীনত সহজ আৰু সুবিধাজনক সন্মতিৰ বাবে কৰদাতাসকলে এই ইক'- ছীষ্টেমৰ যথার্থ ব্যৱহাৰ কৰা দৰকাৰ।

কৰদাতাৰ বাবে নিজে হিচাপৰ বিৱৰণ দাখিল কৰাটো বাধ্যতামূলক নেকি?

উত্তৰ: নহয়, এজন পঞ্জীভুক্ত কৰদাতা লোকে কেন্দ্রীয় বা ৰাজ্যিক কৰ প্রশাসনৰ দ্বাৰা বিধিগতভাৱে অনুমোদিত একোজন কৰ বিৱৰণ প্রস্তুত কর্তা (Tax Return Preparer)ৰ জৰিয়তেও তেওঁৰ হিচাপৰ বিৱৰণ দাখিল কৰিব পাৰে।

নির্ধাৰিত তাৰিখৰ ভিতৰত হিচাপৰ বিৱৰণ দাখিল নকৰিলে পৰিণতি কি হ’ব ?

উত্তৰ: নির্ধাৰিত তাৰিখৰ ভিতৰত হিচাপৰ বিৱৰণ দাখিল কৰা একোজন পঞ্জীভুক্ত কৰদাতাই সর্বাধিক পাঁচ হাজাৰ টকা প্রযোজ্য হোৱাকৈ বিলম্ব হোৱা প্রতিদিনৰ বাবে এশ টকাৰ বিলম্ব মাচুল (Late fees) আদায় দিব লাগিব।

উৎস : চেন্ট্ৰেল ব’ৰ্ড অৱ এক্সাইজ এণ্ড কাষ্টমছ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate