অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঠিকা কাম (Job Work)

ঠিকা কাম বা জব ৱৰ্ক কি?

উত্তৰ : ঠিক কাম (job work)মানে হৈছে এজন পঞ্জীভুক্ত কৰযোগ্য লোকৰ সামগ্ৰীৰ যিকোনো ধৰণৰ ব্যৱস্থা কৰা (treatment) বা প্রক্রিয়া (process) কৰাৰ বাবে অন্য এজনে লোৱা কাম আৰু সেই মতেই লোকজনক “জব-ৱৰ্কাৰ’ বা ঠিকাকমী বুলি কোৱা হয় আৰু সামগ্ৰীখিনি যিজন লোকৰ তেওঁক কোৱা হয় ‘প্রধান’(principal) |

এই সংজ্ঞা অধিসূচনা নং ২১৪/৮৬চি ই তাৰিখ ২৩ মার্চ, ১৯৮৬ত দিয়া সংজ্ঞাতকৈ যথেষ্ট ব্যাপক, ইয়াক সংশোধন কৰা হৈছে, য’ত ঠিক কাম বা জব ৱৰ্কৰ সংজ্ঞা এনেদৰে দিয়া আছে যে জব-ৱৰ্ককক উৎপাদন (manufacture)ৰ পৰিমাণ হিচাপে নিশ্চিত কৰিব বিচৰা হৈছিল। এনেদৰে জব-ৱৰ্কৰ সংজ্ঞাই নিজে এই কথা প্রতিপন্ন কৰিছে যে প্রস্তাৱিত জি এছ টি আমোলত জব-ৱৰ্কৰো সম্পর্কযুক্ত কৰাৰোপণৰ প্রাথমিক আঁচনিত পৰিৱর্তন সাধিত হৈছে।

এজন জব ৱৰ্কাৰলৈ এজন কৰযোগ্য লোকে প্ৰেৰণ কৰা সামগ্ৰী যোগান হিচাপে গণ্য হ’বনে আৰু জি এছ টি প্রযোজ্য হ’বনে ? কিয় ?

উত্তৰ :ইয়াক যোগান হিচাপে গণ্য কৰা নহয় যিহেতু যোগান বোলোতে সকলো ধৰণৰ যোগান যেনে বিক্ৰী, হস্তান্তৰ ইত্যাদিক বুজায়। অৱশ্যে পঞ্জীভুক্ত কৰযোগ্য লোকজনে (প্রধান), বুজাবুজিৰ অধীনত আৰু উল্লেখযোগ্য এনে ব্যৱস্থাৱলী সাপেক্ষে যিকোনো ধৰণৰ অর্জন (inputs) আৰু/অথবা মূলধনী সামগ্ৰী কৰ পৰিশোধন নকৰাকৈ একোজন ঠিক কর্মীলৈ ঠিক কামৰ বাবে আৰু তেওঁলোকৰ পৰৱর্তী অন্য ঠিক কর্মীলৈ প্ৰেৰণ কৰিব পাৰে আৰু এনে ধৰণৰ অর্জন/মূলধনী সামগ্ৰী ঠিক কাম শেষ হোৱাৰ পিছত বা সেইবিলাক অর্জন/মূলধনী সামগ্ৰী প্ৰেৰণ কৰাৰ এবছৰ/তিনি বছৰৰ পিছত ওভতাই আনিবপাৰে, একোজন ঠিক কমীৰ ব্যৱসায়ৰ স্থানৰ পৰাভাৰতৰ ভিতৰতে বা ৰপ্তানিৰ বাবে কৰ পৰিশোধ কৰি বানকৰাকৈ ওভতাই আনিব পাৰে।

একোজন ঠিক কমীয়ে পঞ্জীয়ন ল’ব লাগেনে ?

উত্তৰ : হয়। যিহেতু ঠিক কাম এটা সেৱা, সেয়ে ঠিক কর্মীয়ে পঞ্জীয়ন ল’ব লাগে যদিহে তেওঁৰ বার্ষিক উপার্জন উল্লিখিত সীমাৰ অধিক হয়।

যদি প্রধান(principal)ৰ পণ্য-সামগ্ৰী জব-ৱৰ্কাৰৰ চৌহদৰ পৰা পোনপটীয়াকৈ যোগান ধৰা হয়, তেতিয়া জব-ৱৰ্কাৰৰ মুঠ উপার্জনত অন্তৰ্ভুক্ত হ’বনে ?

উত্তৰ : নহয়, ই প্রধানজনৰ মুঠ উপার্জনত অন্তৰ্ভুক্ত হ’ব। অৱশ্যে, ঠিক কাম কৰিবৰ বাবে ঠিক কর্মীয়ে ব্যৱহাৰ কৰা সামগ্ৰী অথবা সেৱাৰ মূল্য ঠিক কর্মীয়ে যোগান ধৰা সেৱাৰ মূল্যত অন্তৰ্ভুক্ত হ’ব।

এজন প্রধান (principal)য়ে অর্জন আৰু মূলধনী সামগ্ৰী তেওঁৰ চৌহদলৈ ননাকৈ পোনে পোনে ঠিক কমীৰ চৌহদলৈ পঠিয়াব পাৰেনে ?

উত্তৰঃ হয়, প্রধানজনক তেনে কৰিবলৈ অনুমতি দিয়া হয়। অর্জন বা মূলধনী সামগ্ৰীৰ ওপৰত পৰিশোধ কৰা ইনপুট টেক্স ক্রেডিট”-ও এনে পৰিস্থিতিত প্রধানজনে আহৰণ কৰিব পাৰে। অর্জন বা মূলধনী সামগ্ৰী এবছৰ বা তিনি বছৰৰ পাছত একাদিক্ৰমে ওভতাই ল’বই লাগিব অন্যথা মূল লেনদেনটো যোগান হিচাপে পৰিগণিত হ’ব আৰু প্রধানজনে সেই অনুসৰি কৰ দিব লাগিব।

নিজৰ চৌহদলৈ ওভোতাই নানি জব-ৱৰ্কাৰৰ চৌহদৰ পৰাই পোনপটীয়াকৈ সামগ্ৰী প্ৰধানজনে যোগান ধৰিব পাৰেনে ?

উত্তৰ : হয়, কিন্তু এনে ক্ষেত্ৰত প্ৰধানজনে এনে জব-ৱৰ্কাৰৰ চৌহদক তেওঁৰ ব্যৱসায়ৰ অতিৰিক্ত স্থান হিচাপে ঘোষণা কৰা থাকিব লাগিব। যদি ঠিক কর্মী এজন পঞ্জীভুক্ত লোক হয় তেতিয়া ঠিক কর্মীজনৰ চৌহদৰ পৰা পোনপটীয়াকৈ সামগ্ৰী

যোগান ধৰিব পাৰিব। আয়ুক্তই সামগ্ৰীৰ জননীও দিব পাৰে য’ত ঠিক কামৰ বাবে প্ৰেৰণ কৰা সামগ্ৰী ঠিক কর্মীৰ চৌহদৰ পৰা পোনপটীয়াকৈ যোগান ধৰিব পাৰে।

কি পৰিস্থিতিত ঠিক কমীৰ চৌহদক তেওঁৰ ব্যৱসায়ৰ অতিৰিক্ত স্থান হিচাপে ঘোষণা নকৰাকৈ ঠিক কমী বা জব ৱৰ্কাৰৰ চৌহদৰ পৰা প্ৰধানজনে পোনপটীয়াকৈ সামগ্ৰীৰ যোগান ধৰিব পাৰে ?

উত্তৰ : জব-ৱৰ্কাৰৰ ব্যৱসায়ৰ স্থানৰ পৰা ইয়াক এক অতিৰিক্ত ব্যৱসায়ৰ স্থান হিচাপে ঘোষণা নকৰাকৈ পোনপটীয়াকৈ সামগ্ৰী দুটা পৰিস্থিতিত যোগান ধৰিব পাৰে, সেয়া হৈছে যিক্ষেত্ৰত জব ৱৰ্কাৰজন এজন পঞ্জীভুক্ত কৰযোগ্য লোক বা য’ত প্ৰধানজনে যোগান ধৰিব লগীয়া এনে সামগ্ৰীৰ বিষয়ে আয়ুক্তই জাননী দিব পাৰে।

একোজন জব-ৱৰ্কাৰলৈ প্ৰেৰণ কৰা ইনপুট/মূলধনী সামগ্ৰী (capital goods)ৰ ক্ষেত্ৰত আই টি চি লোৱাৰ ব্যৱস্থাৱলী কি কি ?

উত্তৰ : প্রধানজনে একোজন জব ৱৰ্কাৰলৈ প্ৰেৰণ কৰা ইনপুট বা মূলধনী সামগ্ৰীৰ ক্রেডিট ল’বলৈ অহঁত লাভ কৰিব যদিহে তেওঁৰ ব্যৱসায়ৰ স্থানত গ্রহণ কৰাৰ পিছত সেইবিলাক প্ৰেৰণ কৰা হয় বা এনে ইনপুট অথবা মূলধনী সামগ্ৰী তেওঁৰ ব্যৱসায়ৰ স্থানলৈ প্রথমে ননাকৈ পোনপটীয়াকৈ একোজন ঠিক কর্মীলৈ প্ৰেৰণ কৰা হয়। অৱশ্যে, ইনপুট বা মূলধনী সামগ্ৰীসমূহ, কাম সম্পন্ন হোৱাৰ পাছত ওভতাই ল’বলগীয়া হয় বা ঠিক কর্মীৰ চৌহদৰ পৰা যোগান ধৰা হয়, এনেক্ষেত্ৰত সেইবিলাক পঠিয়াই দিয়াৰ এবছৰ বা তিনি বছৰৰ ভিতৰত ওভতাই ল’ব লাগে।

ঠিক কমীৰ ব্যৱসায়ৰ স্থানৰ পৰা ওভতাই দিয়া বা যোগান ধৰা ইনপুট বা মূলধনী সামগ্ৰী নির্ধাৰিত সময় মতে গ্ৰহণ নকৰিলে কি হ’ব ?

উত্তৰ : প্রধানজনে উভতি অহা সামগ্ৰী গ্ৰহণ নকৰিলে বা নির্ধাৰিত সময় সীমাৰ ভিতৰত ঠিক কর্মীৰ ব্যৱসায়ৰ স্থানৰ পৰা যোগান নধৰিলে, এনে ইনপুট বা মূলধনী সামগ্ৰী প্রধানজনে ঠিক কর্মীক যোগান ধৰা বুলি গণ্য কৰা হ'ব। উল্লিখিত ইনপুট বা

মূলধনী সামগ্ৰী ব্যৱসায়ৰ স্থানলৈ প্ৰেৰণ কৰাৰ দিনাই (বা যলৈ ইনপুট বা মূলধনী সামগ্ৰীবিলাক পোনপটীয়াকৈ প্ৰেৰণ কৰা হৈছিল সেই স্থানত ঠিক কর্মীয়ে গ্রহণ কৰাৰ তাৰিখকে) যোগান ধৰা বুলি গণ্য কৰা হ’ব। এনেদৰেই প্রধানজনকৰ পৰিশোধৰ যোগ্য হ’ব।

সঘনে ব্যৱহাৰ হোৱা আৰু স্থায়ীভাৱে ব্যৱহাৰ হোৱা কিছুমান মূলধনী সামগ্ৰী এবাৰ ব্যৱহাৰৰ পিছত সাধাৰণতে দুনাই ব্যৱহাৰ নহয়। ঠিক কামৰ ব্যৱস্থাৱলী এনে ধৰণৰ সামগ্ৰীৰ ক্ষেত্ৰত কি ব্যৱস্থা আছে?

উত্তৰ: Mould, Dies, Jigs আৰু Fixtures  বা Tools ক্ষেত্ৰত ভিতৰত মূলধনী সামগ্ৰী ওভতাই অনাৰ বিধি প্রযোজ্য নহয়।

ঠিক কামৰ সময়ত সৃষ্টি  হোৱা পেলনীয়া আৰু আৱৰ্জনাৰ ক্ষেত্ৰত কি কৰা হ’ব ?

উত্তৰ : ঠিক কামৰ সময়ত সৃষ্টি হোৱা পেলনীয়া আৰু আৱৰ্জনা ঠিক কর্মীয়ে তেওঁৰ ব্যৱসায়ৰ স্থানৰ পৰা, কৰ পৰিশোধ কৰি পোনপটীয়াকৈ যোগান ধৰিব পাৰে,যদিহে তেওঁ পঞ্জীভুক্ত হয়। তেওঁ পঞ্জীভুক্ত নহ’লে, প্রধানজনে কৰ পৰিশোধ কৰি সেয়া যোগান ধৰিব পাৰিব।

ঠিক কামৰ বাবে মধ্যৱতী সামগ্ৰীও প্ৰেৰণ কৰিব পাৰিনে ?

উত্তৰ : হয়, ঠিক কামৰ ক্ষেত্ৰত ইনপুট’ বুলি কওঁতে প্রধানজনে বা ঠিক কর্মীয়ে ইনপুট ব্যৱহাৰ কৰাৰ সময়ত যিকহ্নো ব্যৱস্থাপনা প্রক্রিয়াত উৎপন্ন হোৱা মধ্যৱৰ্তী সামগ্ৰীকো ধৰা হয়।

সঠিক হিচাপ-নিকাচৰ ক্ষেত্ৰত জড়িত হৈ থকা কাম-কাজ পৰিচালনাৰ বাবে কোন দায়বদ্ধ ?

উত্তৰ :ইনপুট আৰু মূলধনী সামগ্ৰী প্রয়োগ হোৱা ঠিক কামৰ সঠিক হিচাপ-নিকাচ পৰিচালনাৰ দায়বদ্ধতা সম্পূৰ্ণৰূপে প্রধানজনৰ।

সকলো শাখাৰ সামগ্ৰীতে ঠিকা কামৰ ব্যৱস্থাৱলী প্রযোজ্যনে?

উত্তৰঃ নহয়, ঠিক কামৰ সৈতে সম্পর্কযুক্ত ব্যৱস্থাৱলী কেৱল তেতিয়াহে প্রযোজ্য হয় যেতিয়া পঞ্জীভুক্ত কৰযোগ্য লোকজনে কৰযোগ্য সামগ্ৰী প্ৰেৰণ কৰিব বিচাৰে। আন কথাত ক’বলৈ গ’লে, এই ব্যৱস্থাৱলী কৰ ৰেহাই দিয়া বা কৰৰ অযোগ্য সামগ্ৰীৰ ক্ষেত্ৰত প্রযোজ্য নহয় বা প্ৰেৰণ কৰা ব্যক্তিজন পঞ্জীভুক্ত কৰযোগ্য লোক নহ’লেও এই ব্যৱস্থাৱলী প্রযোজ্য নহয়।

প্রধানজনে ঠিকা কামৰ ব্যৱস্থাৱলী অনুসৰণ কৰাটো বাধ্যতামূলকনে ?

উত্তৰঃ নহয়, প্রধানজনে বিশেষ ব্যৱস্থাৱলী অনুসৰণ নকৰাকৈয়ে জি এছ টি পৰিশোধ কৰি ইনপুট বা মূলধনী সামগ্ৰী প্ৰেৰণ কৰিব পাৰে। এনে ক্ষেত্ৰত, ঠিক কর্মীজনে ইনপুট টেক্স ক্রেডিট’ ল’ব আৰু জি এছ টি পৰিশোধ কৰি প্রক্রিয়াকৃত সামগ্ৰী ওভতাই যোগান ধৰিব (ঠিক কাম সম্পূর্ণ  হোৱাৰ পিছত)।

ঠিক কমী আৰু প্ৰধানজন একেখন ৰাজ্য বা কেন্দ্রীয় শাসিত অঞ্চলৰ হ’ব লাগেনে ?

উত্তৰ : নালাগে, আই জি এছ টি আইন আৰু একেদৰে ইউ টি জি এছ টি আইনত ঠিক কাম সম্পৰ্কীয় ব্যৱস্থাৱলী উল্লেখ কৰা আছে, সেয়ে ই আৱশ্যকীয় নহয় আৰু সেয়ে ঠিক কর্মী আৰু প্ৰধানজন একেখন ৰাজ্যৰ হ’ব পাৰে বা একেখন কেন্দ্রীয় শাসিত অঞ্চলৰ হ’ব পাৰে বা বেলেগ ৰাজ্যৰ আৰু বেলেগ কেন্দ্রীয় শাসিত অঞ্চলৰ হ’ব পাৰে।

উৎস : চেন্ট্ৰেল ব’ৰ্ড অৱ এক্সাইজ এণ্ড কাষ্টমছ

শেহতীয়া উন্নীতকৰণ: : 1/24/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate