পাঁচ বছৰৰ তলৰ শিশুৰ আঙুলিৰ ছাপ আৰু আইৰিছ বায়োমেট্রিক্স আধাৰ পঞ্জীয়নৰ বাবে ধৰা নহয় কাৰণ এইবোৰ সেই বয়সত পৰিপক্ক নহয়। বৰ্তমানৰ নিয়ম অনুসৰি, সেয়েহে, শিশুটিৰ পাঁচ বছৰ বয়সত উপনীত হোৱাৰ পিছত আৰু পুনৰ ১৫ বছৰ বয়সত উপনীত হোৱাৰ পিছত তেওঁৰ আধাৰত আঙুলিৰ ছাপ, আইৰিছ আৰু ফটো আপডেট কৰাটো বাধ্যতামূলক। ইয়াক বাধ্যতামূলক বায়োমেট্রিক আপডেট (এম. বি. ইউ.) বুলি কোৱা হয়। ৫ৰ পৰা ১৭ বছৰৰ ভিতৰৰ শিশুৰ বাবে ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে বিনামূলীয়া। আপডেট কৰা বায়'মেট্ৰিকৰ সৈতে আধাৰে জীৱন-যাপনৰ সুবিধা প্ৰদান কৰে আৰু সেৱাসমূহ লাভ কৰাত আধাৰৰ নিৰৱচ্ছিন্ন ব্যৱহাৰ নিশ্চিত কৰে যেনেঃ বিভিন্ন প্ৰতিষ্ঠানত প্ৰৱেশ প্ৰৱেশ পৰীক্ষাৰ বাবে পঞ্জীয়ন চৰকাৰী কল্যাণ আঁচনিসমূহ বৃত্তি ইন্টার্নশ্বিপ আৰু ফেল 'শ্বিপ