আধাৰৰ বাবে শিশুৰ নামভৰ্তিৰ তথ্য উন্নীতকৃত বায়’মেট্ৰিক থকা আধাৰে জীৱন-যাপনৰ সুবিধা প্ৰদান কৰে আৰু যতেই প্ৰযোজ্য হয় তাতেই বিদ্যালয়ত নামভৰ্তি, প্ৰৱেশ পৰীক্ষাৰ বাবে পঞ্জীয়ন, বৃত্তি, ডিবিটি (ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ) আঁচনি আদিৰ সুবিধা লাভ কৰাত আধাৰৰ নিৰৱচ্ছিন্ন ব্যৱহাৰ নিশ্চিত কৰে। অভিভাৱক/ অভিভাৱকসকলক আধাৰত থকা সন্তান/ৱাৰ্ডৰ বায়’মেট্ৰিক্স আপডেট কৰিবলৈ পৰামৰ্শ দিয়া হৈছে, অগ্ৰাধিকাৰ সাপেক্ষে। আধাৰৰ বাবে শিশুৰ নামভৰ্তি পাঁচ বছৰৰ তলৰ শিশুৱে ফটোগ্ৰাফ, নাম, জন্ম তাৰিখ, লিংগ, ঠিকনা আৰু জন্মৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি আধাৰৰ বাবে নামভৰ্তি কৰে। পাঁচ বছৰৰ তলৰ আধাৰ নামভৰ্তিৰ বাবে শিশুৰ আঙুলিৰ ছাপ আৰু আইৰিছ বায়’মেট্ৰিক্স ধৰা নপৰে কাৰণ এইবোৰ সেই বয়সত পৰিপক্ক নহয়। শিশুৰ বাবে বাধ্যতামূলক বায়মেট্ৰিক আপডেট বৰ্তমানৰ নিয়ম অনুসৰি শিশুৰ পাঁচ বছৰ বয়স হ’লে তেওঁৰ আধাৰত আঙুলিৰ ছাপ, আইৰিছ আৰু ফটো আপডেট কৰাটো বাধ্যতামূলক। ইয়াক প্ৰথম বাধ্যতামূলক বায়’মেট্ৰিক আপডেট (MBU) বুলি কোৱা হয়। একেদৰে এজন শিশুৱে ১৫ বছৰ বয়সত বায়’মেট্ৰিক্স আকৌ এবাৰ আপডেট কৰিব লাগিব, যাক দ্বিতীয় এম বি ইউ বুলি কোৱা হয়। শিশুৰ বাবে বায়মেট্ৰিক্স কেনেকৈ আপডেট কৰিব আধাৰ নম্বৰধাৰীয়ে আধাৰ নামভৰ্তি কেন্দ্ৰলৈ যাব লাগিব, বাধ্যতামূলক বায়’মেট্ৰিক আপডেটৰ বাবে আধাৰ নম্বৰৰ সৈতে। আধাৰ নামভৰ্তি কেন্দ্ৰৰ ঠিকনা ভুৱন আধাৰ পৰ্টেলত উপলব্ধ শিশুৰ বাবে বাধ্যতামূলক বায়’মেট্ৰিক আপডেটৰ বাবে মাচুল প্ৰথম আৰু দ্বিতীয় এম বি ইউ, যদি ক্ৰমে ৫-৭ আৰু ১৫-১৭ বছৰৰ ভিতৰত কৰা হয়, সম্পূৰ্ণ বিনামূলীয়া । যদি এম বি ইইউ সময়ৰ ভিতৰত সম্পূৰ্ণ নহয় তেতিয়া ১২৫ (Rs.125)টকা লোৱা হ’ব জনসাধাৰণৰ পক্ষপাতী পদক্ষেপ হিচাপে ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ কৰ্তৃপক্ষই বাধ্যতামূলক বায়’মেট্ৰিক আপডেট (এমবিইউ-১)ৰ বাবে সকলো চাৰ্জ ৰেহাই দিছে, যিটো পদক্ষেপে প্ৰায় ৬ কোটি শিশুক উপকৃত কৰিব বুলি আশা কৰা হৈছে। উক্ত বয়সৰ গোটটোৰ বাবে এম বি ইউৰ চাৰ্জ ৰেহাই ইতিমধ্যে ২০২৫ চনৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰম্ভ হৈছে আৰু এবছৰৰ বাবে বলবৎ হ’ব। এই সিদ্ধান্তৰ জৰিয়তে এতিয়া ৫-১৭ বছৰ বয়সৰ সকলো শিশুৰ বাবে এম বি ইউ ফলপ্ৰসূভাৱে বিনামূলীয়া। উৎস : ইউআইডিএআই