দক্ষিণ কামৰূপৰ বকো, ছয়গাঁও আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ কৃষক ৰাইজক চৰকাৰী আঁচনি, কৃষিঋণ, কৃষি বীমা, বীজ, সাৰ, বৰ্ণসংকৰ পদ্ধতি আদি বিভিন্ন বিষয়ত সজাগ আৰু প্ৰশিক্ষিত কৰি তোলাৰ উদ্দেশ্যে স্বেচ্ছাসেৱী সংগঠনে ‘সমলয়’ এ প্ৰায় ডেৰমাহ ধৰি অঞ্চলটোৰ বিভিন্ন গ্ৰামাঞ্চলত কৃষক সজাগতা অভিযান আৰু প্ৰশিক্ষণ অব্যাহত ৰাখিছে। দক্ষিণ কামৰূপৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন সমলয়ে ইতিমধ্যে পলাশবাৰী বিধানসভা সমষ্টিৰ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ এলেকাধীন ৰাজাপাৰ বাগান আৰু লোহাৰঘাট অঞ্চলত এনে কেইবাটাও কৃষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ পিছত শেহতীয়াভাৱে এই কৃষক সজাগতা অভিযান আৰম্ভ কৰিছে ছয়গাঁও বিধানসভা সমষ্টিৰ গ্ৰামাঞ্চলসমূহত। ‘সমলয়’ৰ সভাপতি কৌশিক দাস আৰু সম্পাদকদ্বয় উৎপলজ্যোতি দাস আৰু দ্বীপেন মহন্তই তেওঁলোকৰ এনে কৃষক সজাগতা অভিযানে কৃষক ৰাইজকে যথেষ্ট লাভান্বিত কৰা বুলি জানিবলৈ দি এইক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰ (কাঁহিকুছি)ৰ অৱদান গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছে। প্ৰণিধানযোগ্য যে সমলয়ে আৰম্ভ কৰা কৃষক সজাগতা অভিযানৰ প্ৰায় প্ৰতিটো কাৰ্য্যসূচীতে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি আহিছে আজাৰাৰ কাঁহিকুছিস্থিত কৃষি বিজ্ঞানকেন্দ্ৰৰ প্ৰশিক্ষণ সঞ্চালক হেমচন্দ্ৰ শইকীয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিশেষজ্ঞ ডা: সুভাষ কলিতা প্ৰমুখ্যে কৃষি বিজ্ঞানী আৰু পশু চিকিৎসকৰ এটা দল। ছয়গাঁৱৰ বামুণীগাঁও অঞ্চলৰ আন্ধেৰীটাৰীত অলপতে অনুষ্ঠিত কৃষি বিপণন প্ৰশিক্ষণ শিবিৰত কৃষিপ্ৰধান অঞ্চলটোৰ খেতিয়কসকলক ‘মধ্যভোগী’ আৰু ‘দালাল’ শ্ৰেণী সন্দৰ্ভত জ্ঞান দিয়াৰ লগতে বিপণনৰ যাৱতীয় পদ্ধতিৰ বিষয়ে সজাগ কৰিবলৈ প্ৰয়াস কৰা হয়। ইফালে, বামুণীগাঁৱৰ কৃষক ৰাইজৰ জীৱনীশক্তি স্বৰূপ মৃতপ্ৰায় খৰখৰী নৈখন পুনৰুজ্জীৱিত কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে সমলয়ৰ সভাপতি কৌশিক দাসে। লিখক: বিশ্বজিত কলিতা।