প্ৰকৃতিক তথা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিলে আপোনাৰ অথবা আমাৰেই যে কল্যাণ সাধন হয় এই কথা আপুনি নিশ্চয়কৈ জানে। এইবোৰ জানিও সংৰক্ষণ অথবা সুৰক্ষাৰ দিশে অগ্ৰসৰ হয় জানো! বহুতে আলোচনাচক্ৰ অথবা ৰাজপথত শ্লোগানেৰে কঁপায় কিন্তু কিমানজনে প্ৰকৃতিক সংৰক্ষণ তথা সুৰক্ষা দিয়ে? বিশেষ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নহ’লেও যোৰহাট জিলা ককিলামুখৰ যাদৱ পায়েঙে গঢ়ি তুলিছে অটব্য অৰণ্য। সংৰক্ষণ তথা সুৰক্ষাত কৰিছে অসংখ্য গছগছনি আৰু জীৱ জন্তুৰ । সেয়েহে যাদৱ পায়েঙক আজি জনা যায় অৰণ্য মানৱ ৰূপে। তেওঁৰ নাম নুশুনা মানুহ বোধকৰোঁ আজি অসমত কোনো নোলাব।

নিমাতিৰ সমীপৰ ককিলামুখৰ ১ নং মিচিংগাৱঁৰ বাসিন্দা যাদৱ পায়েঙ। দেউতাকৰ নাম আছিল লক্ষীৰাম পায়েঙ আৰু মাক আছিল আফুলী পায়েঙ। সৰুৰে পৰা প্ৰকৃতিক লগত যাদৱ পায়েঙৰ নিবিড় সম্পৰ্ক আছিল । কিয়নো প্ৰকৃতিৰ লগত উমলি জামলি, প্ৰকৃতিৰ লগত এক প্ৰকাৰে বন্ধুত্ব স্থাপন কৰি ডাঙৰ হৈছিল । আটাইতকৈ ডাঙৰ কথা যে তেখেতৰ ঘৰৰ চুবৰীয়া কৃষিবিজ্ঞান বিভাগৰ বৈজ্ঞানিক যদুনাথ বেজবৰুৱা নামৰ ব্যক্তিজনে, পৰিবেশ আৰু জীৱকুলৰ সমন্ধে কৰা মন্তব্যই সৰুৰে পৰা পায়েঙক আৰ্কষণ কৰিছিল, যাৰ ফলশ্ৰুতিত, পৰিবেশ, প্ৰকৃতিক, জীৱজন্তু সংৰক্ষণ তথা সংৰক্ষাত ব্ৰতী হৈছিল ।

প্ৰকৃতিৰ, জীৱজন্তুৰ সংৰক্ষণৰ আঁত বিচাৰি

পোন প্ৰথমে কেনেকৈ নো প্ৰকৃতি আৰু জীৱ জন্তু সংৰক্ষণৰ কথা মনলৈ আহিল? জানিব বিচৰাত যাদৱ পায়েঙে এনেদৰে কয়- ১৯৬৫ চনত ব্ৰহ্মপুত্ৰৰ খহনীয়াই আমাৰ গাওখন নিশ্চিন্ন প্ৰায় কৰিছিল ইয়াৰ উপৰিও গাৱৰ নিকতবৰ্ত্তী অঞ্চলৰ হাবিখন খহনীয়াত জাহ গ’ল। ব্ৰহ্মপুত্ৰৰ বানৰ বিভিষীকা যেতিয়া মাৰ গৈছিল, তেতিয়া দেখা পাইছিলো যে প্ৰায় ১০ কি. মিটাৰ অঞ্চল জুৰি এক বালিস্তৰ সৃষ্টি হৈছে আৰু বালিস্তৰত দেখিছিলো অসংখ্য সাপ আধা মৰা আধা জীয়াকে পৰি ৰৈছে আৰু বহুতো সাপে মৃত্যুৰ ক্ষণ গণিছে । এনেদৰে হোৱা সাপৰ অকাল মৃত্যুৰ বেদনাই বাৰুকৈয়ে মানসিক ভাবে আঘাত হানিলে । মোৰ সহ্য নহ’ল । এনে দৃশ্য দেখিও একো কৰিব নোৱাৰাত উপায়ন্তৰ হৈ গাৱৰ জেষ্ঠ কেইজন মান কাষ চাপো আৰু সোধো যে সাপৰ এনেদৰে ঘটা অকাল মৃত্যু কিদৰে ৰোধিব পাৰি। তেতিয়া গাৱৰ গঞা কেইজনে ক'লে যে আটাইতকৈ ওখ ঘাহঁ ৰোপন কৰ । মাই হতবাক হ’লো আৰু ভাবিলো আটাইতকৈ ওখ ঘাহঁ বিধ কি? ক’ত পায়? পুনৰাই প্ৰশ্ন কৰাত তেতিয়া মোক কলে যে ওখ ঘাহ হ’ল – বাঁহ গছ । বাঁহ গছ ৰোপন কৰিলে সাপৰ বাবে উত্তম ঠাই হয় আৰু তেতিয়া লগে লগে সেই আধা মৰা অথবা মৰি যোৱা সাপৰ শৱদেহ কেইটাৰ ওপৰতে অৰ্থাৎ বালিস্তৰতে ৫০ টা বাঁহৰ মুঢ়া আৰু ২৫টা বাঁহ ৰোপন কৰোঁ আৰু সেই মোৰ অৰণ্যত গছ ৰোপন কৰা শুভ আৰম্ভণী।

দ্বিতীয় পদক্ষেপ

তেতিয়া আছিল ১৯৭৯ চনৰ কথা । বাঁহ গছ ৰোপন কৰা সমান্তৰাল ভাবে পায়েঙে বিভিন্ন গছ ৰোপন কৰাত মনোনিবেশ কৰিলে । প্ৰতিদিনে বিভিন্ন ঠাইৰ পৰা বিভিন্ন গছৰ পুলি আনি ৰোপন কৰিলে । সেই সমুহৰ ভিতৰত শিমলু, চেচু গছ, অৰ্জুন গছ, ডিমৌ গছ বগৰী গছকে আদি কৰি বহুতো গছ ৰুলে । উল্লেখযোগ্য যে গছ বিলাকৰ ৰোপনৰ সমান্তৰাল কৈ এইকথাত গুৰুত্ব দিছিল যে কোন জোপা গছ ৰুলে কোনবিধ প্ৰাণীৰ খাদ্যৰ বাবে উপযোগী হ’ব আৰু পৰিবেশৰ ভাৰসাম্য ৰক্ষা হ’ৱ । এইক্ষেত্ৰত তেখেতৰ গুৰু বৈজ্ঞানিক যদুনাথ বেজবৰুৱাই বিশেষ ভাবে সহায় কৰিছিল। ১৯৭৯ চনৰ পৰা আজি ৩৫ বছৰে লাখৰোধিক গছৰ ৰোপন কৰিছে । ফলস্বৰূপে গঢি উঠিল এখন অটব্য কাঠনিবাৰী । যাদৱ পায়েঙক গাৱৰ মানুহে মোলাই নামেৰে মাতে আৰু সেই নামৰ লগত ৰজিতা খুৱাই কাঠনিবাৰী নাম গাঁৱৰ মানুহে ৰাখিলে মোলাই কাঠনিবাৰী ।

মোলাইৰ কাঠনিবাৰীত কি আছে?

এখন কাঠনিবাৰীত কি কি থাকে, আপুনি চাগে নিশ্চয়কৈ জানে? মোলাইৰ কাঠনিবাৰীতো বহুতো গছ আৰু ঔষধি গুণসম্পন্ন উদ্ভিদ আছে । আটাইবোৰ গছ বা উদ্ভিদ নাম প্ৰকাশ কৰাও সম্ভৱ নহয় । এই মোলাই কাঠনিবাৰী খনত বিশ্বৰ ৫০ খন দেশৰ বিজ্ঞানীয়ে আয়ুৰ্বেদিক (Ayurvedic) ঔষধৰ সন্ধান পাইছে । উল্লেখ্য যে আৰু মোলাই কাঠনিবাৰীত পোৱা কিছুমান ঔষধি গছ বিশ্বৰ কোনো ঠাইতে পোৱা নাযায় বুলি যাদৱ পায়েঙে দাবী কৰে। ইয়াৰ উপৰিও জীৱ জন্তুৰ ভিতৰত ঢেকীয়াপতীয়া বাঘ, গড়, বনৰীয়া হাতী, বনৰীয়া ম’হ, বনৰীয়া গাহৰি, হৰিণ আদিবোৰ আছে । লগতে আছে বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী চৰাইৰ লগতে সৰীসৃপ প্ৰাণীও। শেহতীয়া কৈ যাদৱ পায়েঙে ২০০০ হেজাৰ হেক্টৰ মাটিত মেকাই চাপৰি নামেৰে এক অঞ্চলত হাতীৰ বাবে গছ ৰোপন কৰিছে । মেকাই চাপৰিত খাদ্যৰ বাবে ৰোপন কৰা গছ সমূহৰ ভিতৰত কল গছ, তৰা গছ , ডিমৰু গছ, আদিবোৰ অন্যতম । মোলাই কাঠনিবাৰীয়ে সংবাদ শীৰ্ষ দখল কৰিছিল ২০০৮ চনত । এজাক বনৰীয়া হাতী বাসস্থানৰ সৰ্ম্পকে সন্ধান চলাওঁতে মোলাই কাঠনিবাৰীৰ কথা পোহৰলৈ আহে । প্ৰকৃতি প্ৰেমী যাদৱ পায়েঙ আৰু তেওঁৰ মোলাই কাঠনিবাৰী সৰ্ম্পকে প্ৰথম লেখা ২০১০ চনৰ ২৫ জানুৱাৰীত দৈনিক জনমভূমিত প্ৰকাশ পাইছিল । এই লেখাৰ আঁত ধৰিয়ে বিভিন্ন দেশী- বিদেশী সংবাদ মাধ্যম দল সংগঠনে কাঠনিবাৰী চাবলৈ আহিছিল আৰু গবেষণা কৰিছিল। বৰ্ত্তমানেও বহু স্কুল কলেজ ছাত্ৰ-ছাত্ৰী, বিদেশী পৰ্যটক গবেষণাৰ কামত মোলাই কাঠনিবাৰীলৈ আহে ।

'২০১২ চনত পোন প্ৰথম বাৰৰ বাবে পৰিবেশ, জীৱ জগতৰ সুৰক্ষাৰ সৰ্ম্পকে লক্ষীমপুৰ গাৰ্লচ একাডেমীত পৰিবেশ সুৰক্ষা সম্পৰ্কে বক্তব্য ৰাখিছিলো আৰু বৰ্ত্তমানেও বিভিন্ন ঠাইৰ কৰ্মশালা, আলোচনা চক্ৰ, কোনো সামাজিক অনুষ্ঠানত বক্তব্য ৰাখিবলৈ সময়ে সময়ে নিমন্ত্ৰিত হওঁ ' যাদৱ পায়েঙ কয়।

পায়েঙে কয় প্ৰথম বাৰৰ বাবে “Jawaharlal Nehru University” য়ে “Forest Man of India” উপাধি প্ৰধান কৰে। উল্লেখযোগ্য এই উপাধি লাভ কৰা যাদৱ পায়েঙ প্ৰথম জন অসমীয়া। আন হাতে ২০১৫চনত গৃহমন্ত্ৰালয়ে পদ্মশ্ৰী বটাৰে সন্মানিত কৰে । এই বোৰৰ উপৰিও স্কটলেণ্ডৰ ৰিজাৰ্ভ বেংক, মহাত্মাগান্ধী ট্ৰাষ্ট কমিটি, চন্দ মুখানন্দ সংগীতাসভাই বিশেষ ভাবে সহায়ৰ লগতে সন্মান আগবঢায়।

পায়েঙৰ মতে গছে আমাক কাপোৰ পিন্ধাবলৈ শিকালে, চৰাইয়ে উৰিব শিকালে আৰু এই প্ৰকৃতিৰ ওপৰত যেতিয়াৰ পৰা জীৱ শ্ৰেষ্ঠই ৰাজত্ব চলালে, তেতিয়াৰ পৰা গোলকীয়া উষ্ণতাৰ তাৰতাম্য ঘটি জীৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহিল । আমি এজোপা গছ কাটিলে দহজোপা গছ ৰোপন কৰা উচিত । প্ৰকৃতিয়ে পৰিবেশ তথা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাটো উচিত। প্ৰকৃতিয়ে আমাক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে। সেয়েহে আমি প্ৰকৃতি আৰু জীৱ সংৰক্ষণ কৰাটো উচিত । প্ৰাথমিক বিদ্যালয়ৰ পৰা পৰিবেশ বিজ্ঞান বিষয়টো পাঠ্যপুথিৰ অন্তৰ্গত কৰাৰ আহ্বান কৰে। ভবিষ্যত প্ৰজন্মৰ বাবে বিভিন্ন গছ গছনি উদ্ভিদ আৰু ৰোপন সংৰক্ষণ কৰি যোৱাৰ পৰিকল্পনা আছে।

উৎস : ইন্টাৰনেট