<p style="text-align: justify; ">অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি উৎপাদন<img class="image-right" src="https://static.vikaspedia.in/media_vikaspedia/as/images/agriculture/9869ae9be9f0-9959c39b7995-9869ae9be9f0-9979f09f1/copy_of_greentealeaves.jpg" /> কৰা সুত্ৰে অসমত উৎপাদিত চাহে আন্ত:ৰাষ্ট্ৰীয় বজাৰত সমাদৰ লাভ কৰাত ব্যাপক প্ৰত্যাহ্বানৰ সম্মুখীন হৈ আহিছে| এনে সময়তে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে চাহ উৎপাদন কৰি চাহৰ বজাৰত এক সফলতাৰ পথৰ সন্ধান দিবলৈ সক্ষম হৈছে চৰাইদেউ জিলাৰ মাইবেলা অঞ্চলৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে| সম্পুৰ্ণ জৈৱিক পদ্ধতিৰে নিজ গৃহত হাতেৰে চাহ উৎপাদনত ব্যস্ত হৈ পৰা এইগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কৰ নাম বলদেৱ সোণাৰ|</p> <p style="text-align: justify; ">উল্লেখযোগ্য যে কনফেডাৰেচন অৱ্ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী চমুকৈ চি আই আয়ে ভাৰতীয় চাহ পৰিষদ অসম চৰকাৰৰ চাহ সঞ্চালকালয়ৰ সহযোগত যোৱা ২৬ আগষ্টত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ তাজ ভিৱাণ্টাত অনুষ্ঠিত কৰিছিল উত্তৰ-পূৱ চাহ সন্মিলন আৰু এক্সপ’ ২০১৬| এই অনুষ্ঠানত বলদেৱ সোণাৰে ঘৰুৱাভাৱে উৎপাদন কৰা জৈৱিক চাহৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে|<img class="image-right" height="114" src="https://static.vikaspedia.in/media_vikaspedia/as/images/agriculture/9869ae9be9f0-9959c39b7995-9869ae9be9f0-9979f09f1/copy_of_greentea1.jpg" width="183" /> উক্ত সন্মিলনত উত্তৰ- পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ লগতে ছিকিমৰ জৈৱিক চাহ উৎপাদনকাৰী মুঠ ২৭০ গৰাকী খেতিয়কে অংশগ্ৰহণ কৰিছিল| ভাৰতীয় চাহ ব’ৰ্ডৰ উপাধ্যক্ষ বিদ্যানন্দ বৰকাকতী আৰু অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থকা সন্মিলন খনিত দেশী-বিদেশী চাহ পৰীক্ষকে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম জৈৱিক চাহ উৎপাদানকাৰী বুলি সোণাৰক স্বীকৃতি দিয়াৰ বাতৰিয়ে স্থানীয় জনসাধাৰণক উৎফুল্ল কৰি তুলিছে|</p> <p style="text-align: justify; ">মন কৰিবলগীয়া এয়ে যে ২০০৮ চনৰ পৰা জৈৱিকভাৱে চাহ উৎপাদন কৰা ক্ষুদ্ৰ চাহ খেতিয়ক জনে বৰ্তমানে তেওঁ কৰি অহা ১৮ বিঘা চাহ খেতিত জৈৱিক পদ্ধতিৰে চাহ উৎপাদনত গুৰুত্ব দি আহিছে| ইতিমধ্যে খেতিয়ক জনে Innate Green Tea বুলি নিজা ব্ৰেণ্ড নামেৰে <img class="image-right" height="110" src="https://static.vikaspedia.in/media_vikaspedia/as/images/agriculture/9869ae9be9f0-9959c39b7995-9869ae9be9f0-9979f09f1/copy_of_greenteae1429210531847.jpg" width="174" />ঘৰুৱাভাৱে উৎপাদন কৰা চাহ বজাৰত উলিয়াই দিছে| উল্লেখ্য যে খেতিয়ক জনে ব্লেক আৰু হোৱাইট টী ঘৰুৱা ভাৱে উৎপাদন কৰি আহিছে| কঠোৰ পৰিশ্ৰম, চেষ্টাৰ লগতে বৈজ্ঞানিক ভিত্তিত জৈৱিক চাহ উৎপাদনত গুৰুত্ব দিয়া সোণাৰৰ এনে সফলতাই স্থানীয় ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ লগতে শিক্ষিত নিৱনুৱাযুৱক-যুৱতীৰ মাজলৈ এক আশাব্যঞ্জক বাতৰি কঢ়িয়াই আনিছে|</p> <p style="text-align: justify; "><b>উৎস:- দৈনিক অসম</b></p>