পৰিচয়

ৰাজ্যখনৰ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীসকলে সংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ ঢাপলি মেলাৰ সময়তে গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত ধনুভঙাৰ সাদাং গাঁৱৰ এজন শিক্ষিত যুৱকে কৃষিৰ বৰ্ণিল ক্ষেত্ৰ খনত জড়িত হৈ স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে| চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খোৱাৰ পৰিৱৰ্তে কৃষিকাৰ্যৰে লাখ লাখ টকা উপাৰ্জন কৰা স্নাতক উত্তীৰ্ণ এই কৃষি উদ্যমী যুৱকজন হৈছে দেৱব্ৰ্ত ৰাভা|

বিৱৰণ

দেৱব্ৰত ৰাভাই স্বাৱলম্বী হোৱাৰ উপৰি গাঁৱৰে আন ২০ জন লোককো সংস্থাপন দি আন এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে| সৰুৰে পৰা কৃষিৰ প্ৰতি ধাউতি থকা দেৱব্ৰত ৰাভাই ২০০৮ চনৰ পৰাই কৃষিকৰ্মত জড়িত হৈ পৰিছিল| প্ৰথম অৱস্থাত কোনো ধৰণৰ মূলধন বিনিয়োগ নকৰাকৈয়ে তেওঁ ঘৰৰে দুবিঘা পতিত মাটিত কুঁহিয়াৰৰ খেতি কৰিবলৈ লৈছিল| প্ৰায় দুবছৰৰ পিছত কুঁহিয়াৰ খেতিৰ পৰা লাভ কৰা টকাৰে তেওঁ চাৰি বিঘা মাটিত মালভোগ কলৰ খেতি কৰিবলৈ আৰম্ভ কৰিছিল| ইয়াৰ পিছত আৰু ৰাভাই পিছলৈ উভতি চাবলগীয়া নহ’ল| এটাৰ পিছত আন এটা খেতিৰে সফলতা অৰ্জন কৰি তেওঁ জিলাখনৰ এজন আদৰ্শ খেতিয়ক হিচাপে চিহ্নিত হবলৈ সক্ষম হয়| নিজস্ব পৰিকল্পনা তথা বুদ্ধিমত্তাৰে দেৱব্ৰত ৰাভাই কলখেতিৰ উপৰি ইতিমধ্যে মীনপালন, গো-পালন, অমিতা আৰু মাটিকঁঠালৰ খেতি কৰিছে| ইফালে, ২০১৪ চনত দেৱব্ৰত ৰাভাই গাঁৱৰে হীৰেন ৰাভা, দীপাংকৰ ৰাভা, দীপজ্যোতি ৰাভা, দুৰ্গেশ্বৰ ৰাভা আৰু প্ৰাণ ৰাভাক লগত লৈ ‘নৱজাগৰণ যুটীয়া দায়বদ্ধ গোট’ নামেৰে এখন সমিতি গঠন কৰি কলখেতিত উঠিপৰি লাগিছে| গোটটোৱে প্ৰথমে ৫০ বিঘা মাটিত বিভিন্ন জাতৰ কলপুলি ৰোপণ কৰাৰ পিছত এইবেলি মুঠ ১২০ বিঘা মাটিত প্ৰায় ৩০ হাজাৰটা কলপুলি ৰোপণ কৰিছে|

কৃষি উদ্যমী যুৱক দেৱব্ৰত ৰাভাই জানিবলৈ দিয়া মতে, চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি নাখাই কৃষিৰ জৰিয়তে নিজৰ ভৰিত নিজে থিয় দিব পাৰি| সেয়ে তেওঁ মূলধন নোহোৱাকৈয়ে শ্ৰমদান আৰু বুদ্ধিমত্তাৰে কৃষিৰ বৰ্ণিল ক্ষেত্ৰখনত জড়িত হৈ পৰিছিল| ২০১৩ চনত দেৱব্ৰত ৰাভাই নিজাববীয়াকৈ ১৫ বিঘা মাটিত কল, ৬ বিঘা মাটিকালিৰ দুটা পুখুৰীত মীন পালন, ২ বিঘা মাটিত অমিতা আদি খেতি কৰিবলৈ লয়| ইফালে, ৰাভাৰ নেতৃত্বত গঠিত ‘নৱজাগৰণ যুটীয়া দায়বদ্ধ গোট’ এ ১২০ বিঘা মাটিত ৰোপণ কৰা কলখেতি সম্প্ৰতি লহপহকৈ বাঢ়ি আহিছে| গোটৰ সদস্য সকলে জানিবলৈ দিয়া মতে, কলৰ বাগিচাখনত কল উৎপাদন হ’লে বছৰি গড় হিচাপত অতিকমেও ৯০ হাজাৰ টকা উপাৰ্জন হ’ব| আনহাতে, কলপুলি বিক্ৰী কৰিও ভালেখিনি ধন উপাৰ্জন কৰিবলৈ সক্ষম হব| সম্প্ৰতি দেৱব্ৰত ৰাভা সমগ্ৰ জিলাখনৰ লগতে নামনি অসমৰ এজন আদৰ্শ খেতিয়ক হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছে| ৰাভাৰ বুদ্ধিমত্তা, কৰ্মস্পৃহাৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজৰ অঞ্চলটোৰ লগতে জিলাখনৰ বহু যুৱকে ইতিমধ্যে কৃষিৰ বৰ্ণিল ক্ষেত্ৰখনত জড়িত হৈ পৰা পৰিলক্ষিত হৈছে|

লেখক-খগেন্দ্ৰ ৰাভা

উৎস-দৈনিক অসম