কথাশিল্পী শীলভদ্ৰৰ ‘মধুপুৰ বহু দূৰ’ক ৰিঙিয়াই জৈৱিক চাহ উৎপাদনেৰে অনুকৰণীয় চানেকি দাঙি ধৰিছে নামনি লখিমপুৰৰ অসম-অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া মধুপুৰ গাঁৱৰ ‘মীন মোহন জৈৱিক চাহ বাগিচাই’।

গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় ৩৫০ কিলোমিটাৰ নিলগত ভোগপুৰ চাৰিআলি। তাৰ পৰা পশ্চিমে ৮ কিলোমিটাৰমান গ’লেই মধুপুৰ গাঁৱৰ গোৱিন হাজৰিকাৰ অতি দৃষ্টিনন্দন ‘মীন মোহন জৈৱিক চাহ বাগিচা’।

চাহ বাগিচাৰ চিৰসেউজ পৰিৱেশৰ নৈসৰ্গিক শোভাই মনত পেলাই দিয়ে আমাৰ স্বাভিমান, মৰ্যাদা আৰু অনন্য পৰিচয়ৰ বাৰ্তাবাহক ‘অসম উদ্যোগ ৰত্ন’ বঁটা প্ৰাপক গোৱিক হাজৰিকাৰ ঢেঁকীত খুন্দি প্ৰস্তুত কৰা জৈৱিক চাহ Meen Mohan Madhupur Village Tea।

উদ্যমী চাহ খেতিয়ক গোৱিন হাজৰিকাৰ ঢেঁকীত খুন্দিব প্ৰস্তুত কৰা এই জৈৱিক চাহে দেশীয় ক্ৰেতাৰ উপৰি বিদেশৰ বজাৰতো সবল উপস্থিতি প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ কানাডা, আমেৰিকা, জাপান, ইজিপ্ত আদি দেশত বহুল জনপ্ৰিয় মধুপুৰৰ জৈৱিক চাহ।

বিভিন্ন ঘাত-প্ৰতিঘাত আৰু সমস্যাক জীৱন যাত্ৰাৰ সহচৰ হিচাপে গ্ৰহণ কৰাৰ লগতে ন্যূনতম মূলধন আৰু কঠোৰ পৰিশ্ৰমক সাৰথি কৰি মনলৈ অহা সিদ্ধান্তক ৰূপ দি ১৯৯৫ চনত গোবিন হাজৰিকাই আৰম্ভ কৰে মীন মোহন জৈৱিক চাহ বাগিচা। প্ৰয়াত পিতৃ-মাতৃ মোহন চন্দ্ৰ হাজৰিকা আৰু মীনপ্ৰভা হাজৰিকাৰ পৱিত্ৰ স্মৃতিত উৎসৰ্গীকৃত বাগিচাখনৰ ঢেঁকীত খুন্দি প্ৰস্তুত কৰা চাহৰ সুঘ্ৰাণে বিদেশতো জিলিকাই তুলিছে মধুপুৰ গাঁৱৰ নাম।

অধিক উৎপাদনৰ বাবে ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ ব্যৱহাৰ কৰিলে মাটিৰ প্ৰকৃতিপ্ৰদত্ত উৰ্বৰা শক্তি আৰু কৃষক বন্ধু কীট-পতংগসমূহ হ্ৰাস পায়। ই বায়ুমণ্ডল প্ৰদূষিত কৰাৰ লগতে মানৱ দেহৰো ক্ষতি কৰে। তদুপৰি এইবোৰ ব্যৱস্থা ব্যয়বহুল। এনে এক পটভূমিত ৰাসায়নিক সাৰ, কীট নিয়ন্ত্ৰক আৰু উৎপাদন বৰ্ধকৰ পৰিৱৰ্তে গোৱিন হাজৰিকাই ব্যৱহাৰ কৰে জৈৱিক সাৰ, তৰু-তৃণেৰে প্ৰস্তুত কৰা কীট নিয়ন্ত্ৰক আৰু সম্পূৰ্ণ জৈৱিক উৎপাদনৰ বৰ্ধক।

কীট নিয়ন্ত্ৰণৰ বাবে হাজৰিকাই যোগাৰ কৰে বিভিন্ন ধৰণৰ বনৌষধি তৰু-তৃণ। যেনে নেফাফু, নিম, ভেদাইলতা, বাম বিহলঙনি, বগা বাহক, নৰসিংহ, ধেপাই তিতা, দ্ৰোণ, মচন্দৰি, পদিনা, ৰাম তুলসী, চিৰতা, আদা, নহৰু আৰু খলিহৈ।

শেষৰ তিনিবিধ বাদ দি বাকীখিনি পোনতে খুন্দি পাঁচদিন ড্ৰামত পানী দি থয়। পাঁচদিনৰ পাছত এটি সুগন্ধি আহিলে তাত খলিহৈ মিহলাই পৰৱৰ্তী দিনা পুৱা আদা-নহৰুৰ ৰস মিহলি কৰি স্প্ৰে কৰা খয়। তদুপৰি বাগিচাৰ বাবে প্ৰয়োজন হোৱা জৈৱিক সাৰখিনিও কেইবাতৰপীয়া গোৱৰৰ প্ৰলেপৰ মাজে মাজে মাহজাতীয় শস্যৰ কটালি আদি পচিবলৈ দি নিজে প্ৰস্তুত কৰি লয়। এই সকলোখিনিতে আছে হাজৰিকাৰ উদ্ভাৱনী চিন্তাৰ সুবাস।

হাজৰিকাই জানিবলৈ দিয়া মতে তেওঁৰ উদ্ভাৱনী চিন্তা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহকোষ, টোকলাই চাহ গৱেষণা কেন্দ্ৰ আদিৰ কাৰিকৰী সহযোগিতাই প্ৰশস্ত কৰিছে আজিৰ উত্তৰণ।

১৯৯৫ চনত আৰম্ভ কৰা চাহ খেতিৰ পাত ছিঙিব পৰা হয় ১৯৯৭ চনত। উৎপাদিত কেঁচাপাত বিক্ৰীৰ সমস্যাত গোৱিনে অভাৱেই আৰ্বিভাৱৰ মূল- এই আপ্তবাক্যশাৰী সৰোগত কৰি ৰ’দত শুকুৱাই, কেৰাহিত ভাজি আৰু ঢেঁকীত খুন্দি ঘৰতে চাহপাত প্ৰস্তুত কৰিব ল’লে। চাহপাত হ’ল যদিও কেঁচা কেঁচা গোন্ধৰ বাবে ক্ৰেতাই কিনিবলৈ বৰ ইচ্ছা নকৰে।

আদাৰ ৰস, তেজপাতৰ গুড়ি, পকা জলকীয়াৰ গুড়ি, লং-ডালচেনিৰ গুড়ি আদি বিভিন্ন অনুপাতত মিহলাই পৰীক্ষা-নিৰীক্ষা চলাই গ’ল গোৱিনে। Bio Tea নাম দি গাঁৱে-ভূঞে চাইকেল লৈ বিপণন কৰিব ল’লে। পোনতে কেজিত ৪০-৫০ টকাৰ পৰা পাছলৈ ৮০-১০০ টকালৈ দিয়া হ’ল ক্ৰেতাই। ২০০১ চনত আৰম্ভ হ’ল হাজৰিকাৰ যোগাত্মক ঘূৰ্ণন। কানাডাৰ ৱৰ্লড কমিউনিষ্ট ডেভেলমেন্ট এডুকেচন ছ’চাইটীৰ দৃষ্টিগোচৰ হ’ল গোৱিন হাজৰিকাৰ জৈৱিক চাহ।

সংগঠনটিৰ প্ৰতিনিধি পেগি কাৰ্চুৱেলে জৈৱিক চাহৰ অনুসন্ধানত আহি গোৱিন হাজৰিকাৰ ঘৰত উপস্থিত হ’ল। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম ১০০ শতাংশই জৈৱিক চাহ বাগিচা হিচাপে প্ৰকাশিত হ’ল ‘মীন মোহন জৈৱিক চাহ বাগিচা’। কাৰ্চুৱেলে বিশ্বত প্ৰতিষ্ঠা কৰিলে গোৱিন হাজৰিকাৰ জৈৱিক চাহ। তাৰ পাছত আহিল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন স্বীকৃতি।

২০০৭ চনত গোৱিন হাজৰিকাৰ চাহ কানাডা পায়গৈ। ঢেঁকীত খুন্দি কেৰাহীত ভজা চাহপাত তাত সৰ্বোৎকৃষ্ট বুলি পৰিগণিত হ’ল। কানাডাৰ The small tea Co-operative নামৰ সংস্থাটিয়ে ফুলাম গামোচাৰ ছবিসম্বলিত পেকেটত গোৱিন হাজৰিকাৰ ফটোসহ চাহ পেকেজিং কৰি বিক্ৰীৰ ব্যৱস্থা কৰে। সোনকালেই ‘মধুপূৰ ভিলেইজ টি’ কানাডাৰ অতিকৈ জনপ্ৰিয় হৈ পৰিল।

পৰৱৰ্তী সময়ত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ আন্তৰ্জাতিক বাণিজ্য মেলাত অংশ গ্ৰহণৰ সুযোগ পায় গোৱিন হাজৰিকাই। অংশগ্ৰহণ কৰে বিদেশৰ কেইবাখনো চাহ সম্পৰ্কীয় কৰ্মশালা আৰু আলোচনা-চক্ৰত। কানাডাৰ উপৰি আমেৰিকা, জাপান, ইজিপ্ত, অষ্ট্ৰিয়া, হাংগেৰী, যুগোশ্লভিয়া আদি দেশতো জনপ্ৰিয় এই জৈৱিক চাহ।

গোৱিন হাজৰিকাৰ চাহ প্ৰস্তুত প্ৰণালীও অভিনৱ। গ্ৰীণ টিৰ ক্ষেত্ৰত প্ৰথমতে বিশেষ কৌশলত পাতখিনি ভাপত দি কেৰাহিত ভাজে আৰু ব্লেক টিৰ ক্ষেত্ৰত পাতখিনি ২৪ ঘন্টা ফেনৰ বতাহত মেলি থৈ পৰৱৰ্তী সময়ত ঢেঁকীত খুন্দি ভাজি প্ৰস্তুত কৰে। চলিত বৰ্ষৰ পৰা হাজৰিকাই Orthodox চাহো প্ৰস্তুত কৰিছে।

এইক্ষেত্ৰত পাতখিনি পোনতে মেলি থৈ হাতেৰে মোহাৰি কেৰাহিত ভাজে। এই সকলোখিনি অৱশ্যে নিৰ্দিষ্ট সময়, ভাপ, জলবায়ু আৰু পৰিৱেশ সাপেক্ষ। হাজৰিকাই সকলোখিনি অনুকূল ৰাখি সৰ্বোৎকৃষ্ট চাহ প্ৰস্তুত কৰাৰ কিটিপ ভালদৰেই জানে।

হাজৰিকাৰ এই উত্তৰণত পৰিয়ালৰ সহযোগিতা অনস্বীকাৰ্য। পৰিয়ালৰ সকলো সদস্যৰ হৃদয়ৰ বান্ধোন মীন মোহন জৈৱিক চাহ বাগিচাৰ লগত জড়িত। গাওঁবাসীও হাজৰিকাৰ কাম-কাজক লৈ গৌৰৱান্বিত। গোৱিন হাজৰিকাৰ বাবে মধুপুৰে আজি দেশৰ পৰিধি ভেদি বিদেশতো নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে।

মীন মোহন জৈৱিক চাহ বাগিচাৰে পিতৃ-মাতৃৰ স্মৃতি যুগমীয়া কৰাৰ সমান্তৰালভাৱে সমাজৰ উন্নয়নমূলক কামো কৰি গৈছে গোৱিন হাজৰিকাই। অৰ্থনৈতিক অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীৰ আৰ্থিক সহযোগিতা, দুখীয়া, ৰোগাগ্ৰস্তক চিকিৎসা সাহায্য, ৰাজহুৱা স্থান তথা বিদ্যালয়-শিক্ষানুষ্ঠাত প্ৰস্ৰাৱগাৰ নিৰ্মাণ আদি তাৰ অনন্য উদাহৰণ।

সময়ে সময়ে গাওঁবাসীৰ লগত মত বিনিময় কৰি উন্নয়নৰ বাবে যৎপৰোনাস্তি কাঠামো প্ৰস্তুত কৰাটো হাজৰিকাৰ এক নিত্য-নৈমিত্তিক অভ্যাস।

গোৱিন হাজৰিকাৰ কাম-কাজৰ পৌণিক ক্ৰিয়াৰ সুবাসে বিভিন্নজনক চাহ খেতিলৈ আকৰ্ষিত কৰাটো শুভ লক্ষণ। বিভিন্নজনক জৈৱিক পদ্ধতিৰে চাহখেতি কৰিবলৈ উৎসাহিত কৰাৰ লগতে এইক্ষেত্ৰত যাৱতীয় সহায়-সহযোগিতা কৰাত হাজৰিকাই কাহানিও চেষ্টাৰ ক্ৰুটি কৰা নাই। বহুজনে হাজৰিকাৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰশস্ত কৰিছে নিয়োগ সম্ভাৱনীয়তা।

আজিৰ নিবনুৱা যুৱক-যুৱতীসকলক চাহ খেতিৰে স্ব-নিয়োজনৰ পোষকতা কৰে হাজৰিকাই। তেওঁৰ মতে এবিঘা ভূমিত সুপৰিচালনাৰে চাহ খেতি কৰি এটা পৰিয়াল স্বচ্ছলভাৱে চলিব পাৰে। গোৱিন হাজৰিকা নিশ্চিতভাৱে এক অনুকৰণীয় চানেকি। মাত্ৰ দুকঠা মাটিত আৰম্ভ কৰা মীন মোহন জৈৱিক চাহ বাগিচা আজি ৯ বিঘা ভূমিৰে বিস্তৃত হৈ অসমবাসীৰ মৰ্যাদা আৰু পৰিচয়ৰ অন্যতম প্ৰতীক হিচাপে প্ৰতিষ্ঠিত হৈছে।

গোৱিন হাজৰিকাই প্ৰমাণ কৰিছে নিষ্ঠা, সততা, একাগ্ৰতা, কৰ্মোদ্যম আৰু দুৰন্ত অভিলাস থাকিলে প্ৰাপ্তিৰ পথত একোৱেই হেঙাৰ হ’ব নোৱাৰে। হাজৰিকাৰ কৰ্মৰাজিয়ে মধুপুৰলৈ আকৰ্ষিত কৰি আহিছে বহু দেশী-বিদেশী বিজ্ঞানী, আমোলা, গৱেষক, প্ৰশাসক, নীতি-নিৰ্ধাৰক আৰু অন্যান্যসকলক। সকলোৱে একে মুখে উচ্চ প্ৰশংসা কৰিছে হাজৰিকাৰ কাম-কাজক। লগে লগে আহিছে দেশ-বিদেশৰ বঁটা, সন্মান আৰু স্বীকৃতি।

শেহতীয়াকৈ হাজৰিকাৰ জৈৱিক চাহৰ মান সংযোজনত ব্যস্ত আছেফ কেইবাজনো বিজ্ঞানী। হাজৰিকাই জানিবলৈ দিয়া মতে টোকলাই চাহ গৱেষণা কেন্দ্ৰই প্ৰস্তুত কৰিছে হাজৰিকাৰ চাহৰ পৰা এবিধ বিশেষ সুৰা।

গোৱিন হাজৰিকা আমাৰ সকলোৰে বাবে এক জীয়া আদৰ্শ। হাজৰিকাৰ মাৰ্গদৰ্শনৰে বাট বুলি স্ব-নিয়োজিত হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ আমূল পৰিৱৰ্তন তেনেই সম্ভৱ।

আপুনিও হাজৰিকাৰ বাগিচা পৰিদৰ্শন কৰি বা হাজৰিকাৰ লগত বাৰ্তালাপ কৰি(৯৮৫৪৪১১১০২/৯৮৬৪৫৬১০২৮) উপকৃত হ’ব পাৰে। আপোনৰ যাৱতীয় সহযোগিতা আগবঢ়াবলৈ গোৱিন হাজৰিকা আৰু অতিথিপৰায়ণ পৰিয়ালটি সদাপ্ৰস্তুত।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(ৰাইজৰ বাতৰি)