যি সময়ত সমগ্ৰ বিশ্বজুৰি জৈৱিক কৃষিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে, সেই সময়তে নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰয়ো যোৰহাটত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত জিলাখনৰ কৃষকসকলক জৈৱিক কৃষিৰ প্ৰতি অগ্ৰহী কৰি তোলাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক দ্ৰব্যসমূহ কৃষকৰ বাবে বজাৰত সহজলভ্য নোহোৱাৰ ফলত জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী হৈয়ো কৃষকসকল বহু সময়ত থমকি ৰ’বলগা হয়। কৃষকৰ এনে অভাৱ আঁতৰ কৰাৰ বাবে কৃষি বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তি কেন্দ্ৰৰ পৃষ্ঠপোষকতাত নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত ইতিমধ্যে এটি জৈৱিক পৰীক্ষাগাৰ আৰম্ভ কৰিছে। এই জৈৱিক পৰীক্ষাগাৰত ইতিমধ্যে জীৱাণুসাৰ এজ’ট’ বেক্টাৰ, এজ’স্পাইৰিলাম, ফছফৰাছ দ্ৰ্ৱণকাৰী জীৱাণুসাৰৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। একেদৰে বায়’ভিৰ নামৰ এবিধ জৈৱিক কীটনাশকো নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰই কৃষকৰ বাবে উপলব্ধ কৰিছে। এই জীৱাণুসাৰবোৰৰ ভিতৰত এজ’ট’ বেক্টাৰ এজ’স্পাইৰিলামে শস্যত নাইট্ৰ’জেন মৌলৰ পৰিপুষ্টি যোগানত গুৰুত্বপূৰ্ণ ভূমিকা লয় আৰু সকলো ধৰণৰ শস্যত ইয়াক প্ৰয়োগ কৰিব পৰা যায়। আনহাতে, বায়’ভিৰ নামৰ জৈৱিক কীটনাশকবিধ হ’ল ট্ৰাইকডামা ভিৰিডি নামৰ এবিধ ভেঁকুৰৰপৰা প্ৰস্তুত কৰা এবিধ ঔষধ, যিয়ে বিলাহী, বেঙেনা, আদা, হালধী, পাণ, জালুক আৰু অন্যান্য শাক-পাচলিৰ গুৰি ৰোগ নিয়ন্ত্ৰণ কৰি শস্য ৰক্ষা কৰে। নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক তথা কৃষি বিজ্ঞানী ড০ মৃদুল ডেকাই ‘দৈনিক অসম’ৰ আগত প্ৰকাশ কৰা মতে, নলবাৰী জিলাৰ কৃষকসকলৰ জৈৱিক কৃষিৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে কেন্দ্ৰটোৰ বিজ্ঞানীসকলে বিভিন্ন গাঁৱলৈ গৈ কৃষকসকলক প্ৰশিক্ষণ দি আহিছে। যোৱা ৰবি শস্যৰ বতৰত দহগৰাকী কৃষকে সম্পূৰ্ণ জৈৱিক পদ্ধতিত খেতি কৰি সুফল পাবলৈ সক্ষম হৈছিল। ড০ ডেকাই জানিবলৈ দিয়া মতে, এইবোৰ ৰবি শস্যৰ বতৰত কৃষি বিজ্ঞান কেন্দ্ৰৰ তত্ত্বাৱধানত জিলাখনৰ ৩০ গৰাকী আগশাৰীৰ কৃষকৰদ্বাৰা জৈৱিক কৃষি কৰোৱাৰ পৰিকল্পনা লোৱা হৈছে। লিখকঃ ৰমেন কলিতা, দৈনিক অসম